কচু।— এৰা, তেনেকুৱাইতো। আন এটা নলয়মানে নেৰে হেনো।
ভোগ।— (হাঁহি হাঁহি) হেৰ, মৰিব, নজনাহঁত, আছ? কি কৰিছহঁক?
কেৰ।— ওঁ, আছোঁ তো। তই মৰিব জনাটোওচোন আছ? কলৈ নো গৈছিলি? আজিচোন মন মুকলি?
ভোগ।— এৰা, গৈছিলোঁ এইফালে; হাকিমৰ ঘৰৰপৰা আহিলোঁগৈ।
টেপেৰা।— সকাম বা কি আছিল?
ভোগ।— সকাম আমাৰ বিষৈ খনৰ ভাৰখন শোধাই দিয়া।
কচু।— কি, কি, হেৰ, কেনেকৈ শোধালি কচোন?
ভোগ।— কাম নকৰোঁ বুলিলোঁ, আৰু হৈ গ'ল।
কচু।— কাম নকৰোঁ বোলাতে এৰি দিলে নে?
ভোগ।— হেঃ, ক'ত এৰে খেমেখা; কত টাংবাং কৰিহে এৰাইছোঁ।
কেৰ।— কিনো টাংবাং কৰিলি? কচোন আমাকো বুধিটো।
ভোগ।— সলনি নিদিলে নেৰে একোপধ্যে। পিচে, কছাৰী ল'ৰা ভদিয়াক ফুচুলাই নি সলনি দি পাকতে এৰাই গুচি আহিছোঁ।
কচু।— এৰা, মই নকৈছোঁ বোলোঁ, আন এটা নেপায়মানে নেৰে।
কেৰ।— ভাল হ'ল, শিকি ললোঁ। ময়ো সলনি বিচাৰিব হে লাগিল বোপাই! কোনোমতে এৰাব পাৰিলেই হয়।
টেপেৰা।— ময়ো, ময়ো। হেৰ, পাৰ যদি, মোলৈকো বিচাৰিবি এটা।
কচু।— কিন্তু, চাবিহঁক, এৰিলেও সুখ নাই। খেমেখা নেৰিবিহঁক। কুলী-ধৰা, ৰচদ-দিয়া এইবোৰ নিয়ম উঠিব, আৰু গাওঁবুঢ়াই বানচ পাব বুলি শুনিছোঁ। আমাৰ চেহাবে হেনো এই কথা চৰকাৰলৈ লিখিছে।
কেৰ।— এঃ, মেনে মেনে থাক। বোলে, "মোমাই মৰক, ভূতক পাচে পাওক।" চৰকাৰৰ হুকুম অহালৈ আমি জীয়াই নেথাকোঁ।