ভোগ।— (মূৰ দাঙ্গি বেজাৰেৰে) যি কৰিব লাগে কৰাঁ; টেকেলা ককাই, মই নিৰুপায়, কি কৰিম? মোৰ নো কি সুধিব লাগিছে আৰু!
টেকেলা।— এতিয়া ভালৰি বোলালে কাম নচলে। খাজনাৰ জোখাৰে ধন উঠাকৈ বস্তু উলিয়াই দে।
ভোগ।— ককাই, ঘৰ গোটেইখন বেচিলেও খেজেনাৰ জোখাৰে টকা নোলাব। মই নো কি বস্তু দিম, তুমি নিজেই যি পোৱা বিচাৰি নিয়াঁ।
টেকেলা।— নোলাব যদি নো কিবা উপায়-বুধি নকৰ কিয়? নাই, একেবাৰে উদং হ'ব খুজিছ হ'বলা?
ৰংদৈ।— (টেকেলাৰ মনৰ ভাব বুজিব পাৰি, সাউত্কৰে বটাত তামোল-পাণ আৰু সিকি এটা থৈ আঁঠুকাঢ়ি আগত দি) শক্তি চাই হে ভক্তি! দুখীয়াৰ খুদকণতো দেৱতা তুষ্ট হয়।
টেকেলা।— (বটালৈ চাই) ৰোগ চাই ঔষধ নপৰিলে, কেনেকৈ তাৰ বিকাৰ গুচিব? আৰু⸺(টেপেৰা গাওঁবুঢ়াৰ হঠাৎ প্ৰৱেশ; টেকেলাই মনত শঙ্কা কৰি, খং দেখুৱাই) কি তহঁতৰ এইখন! চাপৰিলে মেঘ নেৰায়; মোক হাতী এটাৰ লোভ দেখুৱালেও মই চৰ্কাৰী কাম নকৰাকৈ নেৰোঁ।
টেপেৰা।— এ, টেকেলা বোপা, ইয়াতে আছাঁহি! মই আকৌ বিচাৰি বিচাৰি হাইৰাণ; তুমি ইফালে আহি এইখিনি পালাহি, মই সিফালে তোমাৰ ঘৰ পালোঁগৈ। পিচে, এতিয়া নো কি হৈছে?
টেকেলা।— কি হ'ব, সৌ বটালৈ চোৱাঁচোন, মোক তুষ্ট কৰি গা সৰাবলৈ কেনে ফিকিৰখন পাতিছে! মই আকৌ কেনে ভকত তুমি জানাই নহয়!
টেপেৰা।— এৰা, বোপা, আজিকালি মৌজাদাৰে আমাক কথাইপতি চোভা কৰা হৈছে। এইখন শুনিলে আৰু আমাৰ ফালে যে আধ্যা পেলাবই, তোমাকো লটি-ঘটি কৰাব। (চাত্কৰে মনত পেলাই) অ, এতিয়া আৰু পলম কৰিবৰ সকাম নাই; আজি বোলে নৰাগাওঁৱে সৈতে গোটেইখন কুৰুক্ হ'ব লাগে। মৌজাদাৰ হাকিমে বাটলৈকে দঢ়াই দঢ়াই কৈ পঠিয়াইছে।