পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ভোগ।— (কাওঁবাওঁকৈ) হেৰ, বধ লাগে দেউতাটি সকল ঐ! কাবৌটি কৰিছোঁ, মোক এৰি দিয়াহঁক ঐ। হেৰা, মোৰ ঈশ্বৰহঁত, দিনটো ভাত-পানী নাই, গা আচন্দ্ৰাই কৰি আছে; আৰু টনাটনিকৈ মোক নধৰিবাহঁক ঔ!

 আৰ্দ্দলি।— এতিয়া আৰু দেউতা-বিধতা কৰিলে এৰণ নাই। ব'ল, চেলা, ব'ল। (দুয়ো টানি অলপ বাট লৈ যায়)।

 ভোগ।— (বৰকৈ চিয়ঁৰি) ঐ, সঁচাকৈয়ে নিয়ে দেখোন ঔ! হেৰৌ, মহাৰাণীৰ দোহাই! দেউতাসকলঔ! এনে ক'ত দেখিছ বোপাহঁত ঔ! ইহঁত মানুহ নহয়, যমদূত ঔ! (গোলমাল শুনি বৰচাহাব ওলাই আহে)

 বৰ চা:।— ইয়াটে কোন্‌ মানুহ হালা কৰিছে?

 আৰ্দ্দলি।— হজুৰ, এই মানুহটোৱে।

 ভোগ।— (কঁপি কঁপি) হুজুৰ, হুজুৰ খোদাবেণ্ডা, গৰিপৰ মা-বাপ!

 বৰ চা:।— টুমি হাই কৰিছে? টোমাৰ কি হৈছে? কব লাগে আমি ডেকিব কোন আডমি টোমাকে জুলুম কৰিছে।

 ভোগ।— হুজুৰ, একো হোৱা নাই। গোলামৰ একো হোৱা নাই। এই কেইটাই হে—

 আৰ্দ্দলি।— হুজুৰ, এইটো বৰা লাঠুৱা মানুহ আছে। ই নতুনকৈ গাওঁবুঢ়া হৈছে; আমি সিবছৰত আহোঁতে শুনি গৈছোঁ। ই আজি দিনটো হজুৰৰ নাম কৰি ৰায়তৰ পৰা ৰচত গোটাই তাৰ ঘৰত লুকুৱাই থৈ আহি, ইয়াত মুঠে কুকুৰা এটা আৰু কণী চাইটা উলিয়াইছেহি।

 বৰ চা:।— (চকু পকাই ভোগমনক) টুমি টিক ৰচত লুকাই ৰাকিছে? টেনেহলে মই তোমাক ফাটক ডিবে! টুমি টিক টিক কঠা কব লাগে।

 ভোগ।— (ভয়ত চূৰ্ত্তি হেৰুৱাই) হজুৰ, গোলামৰ অপৰাধ খেমা কৰক। মোক এৰি দিয়ক, মই ৰাতিয়েই আৰু ৰচত বিচাৰি আনি হজুৰত শোধাই দি যামহি।