পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নে? চুয়ঁৰ বদমাছ! মই জানিছোঁ, এইবোৰ তহঁতৰে ফাঁকতি। পাচত বেচি খাবলৈ কৰবাত লুকুৱাই থৈ আহিছ, নহয় নে?

 ভোগ।— এ, দেও হে, তুমি অসমীয়া মানুহ হৈয়ো এনে কথা কিয় কোৱাঁ? আজি দুপৰীয়া মাথোন মৌজাদাৰে ৰচতৰ কথা কৈছে। ময়ো দিনটো বিচাৰি এই কেটা হে পালোঁগৈ।

 আৰ্দ্দলি।— দগাবাজ! এতিয়াই কলি, বোলে, দুপৰীয়া হে খৱৰ পাইছ, আকৌ নো দিনটো কেনেকৈ বিচাৰিলি? মই জানো, এইবোৰ চব তহঁতৰ ফাঁকতি। বাৰু, এতিয়াই মই তাৰ পোটক দিম, অলপ ৰবি।

 ভোগ।— (কাওঁবাওঁকৈ) হেৰা দেও! কেলৈ নো এইখন কৰাঁ। মই শপত খাই কৈছোঁ, ইয়াতকৈ আৰু আজি সৰহ গোটাব পৰা নাই।

 আৰ্দ্দলি।— চুপ্‌, চেলা হেৰামজাত! এতিয়াই মই তোক চেহাবৰ ওচৰত হাজিৰ কৰি দিম নি। (অলপ লাহেকৈ) বাৰু, কুকুৰা আনিছ চেহাব আৰু মছলমানকেটালৈ; আমালৈ কি আনিছ? তই কুকুৰা খাৱ হ'ৱলা? নেজান নে চেহাবৰ লগত হিন্দু মানুহো আহে?

 চৰ্দ্দাৰ।— চুৱাৰকা বাচ্ছা, হামিভি জানিছে তুমি বৰা পাঁজি আড্‌মি আছে। আচ্ছা, হামি হিন্দুলোক খাবলৈ কি আনিছে?

 ভোগ।— এহ তোমালোকে ভাল ক'ব পাৰাহঁকদেও! হাকিমে যাক যি কাম বটাই দিছে, আমি তাকেহে কৰিব পাৰোঁ। মোক মৰিয়া গাওঁৰ পৰা কুকুৰা আৰু কণী বিচাৰি আনিবলৈ হে হুকুম কৰিছিল।

 আৰ্দ্দলি।— কোন্‌ তোৰ হাকিম অ? কোনে তোক এনে হুকুম দিছিল? তই মৰিয়া নে কি, তোক যে কুকুৰালৈ হে পঠাইছিল? বাৰু, আজি সেই কুকুৰা আৰু কণী তোকে খুৱাম, ৰ। (চৰ্দ্দাৰলৈ চকু টিপ মাৰি) চৰ্দ্দাৰ, ধৰও, ইস্কু খানচামাৰ পাচ লৈ যাইগা; হুঁৱা ইস্কু কুকুৰা কণী খিলাই দেগা ( দুয়ো ভিতৰলৈ নিয়াৰ ভাবুকি দেখুৱাই ভোগমনক টনাঢোঁহা কৰে)।