পৃষ্ঠা:গাওঁবুঢ়া.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(ভোগমনৰ সৈতে মৌজাদাৰৰ প্ৰৱেশ)

 (মেল আৰম্ভ; মৌজাদাৰে মৌজাৰ কাকত লিখিবলৈ ধৰি আওকণীয়া হৈ বহে; মেলুৱৈবিলাক কাৰো কথালৈ কোনেও কাণ নিদিয়াকৈ একে সময়তে অসংলগ্ন কথাৰে নিজ নিজ মত প্ৰকাশ কৰি মেল মাৰিবলৈ ধৰে):—

 ১ম, মে।— মই, কিনোৰূপেসৈতে, তেতিয়াই কৈছিলোঁ বোলোঁ, তহঁতৰ ভাব-গতি, কিনোৰূপেসৈতে, কিবাহে দেখিছোঁ, ভালে ভালে থাকোঁতেই, কিনোৰূপেসৈতে মানুহ-দুনুহ চপাই ভিতৰুৱা বস্তুৰ, কিনোৰূপেসৈতে ভাগ কৰি লহঁক।

 ১ম, মে।— তোৰ যদি মনে মনে তেনে ভাব আছিলেই, তেন্তে তই ককায়েৰক ক'ব হে পাৱ, বাপুৰে একেলগে থবলৈ মোৰ মন নাই, আমাৰ বস্তুৰ ভাগ হ'ব লাগে। পোনেই নো গোচৰখন কৰিবলৈ ওলাব লাগে নে?

 ৩য়, মে।— বাপেৰ কিন্তু ঢুকাবৰ নৌ-চাইদিন হওঁতেই কিন্তু তহঁতৰ ভিতৰত কিন্তু এনে খোঁচা খুঁচিখন কিন্তু হ'ব পায় নেঁ? এনে কথাৰ মূৰত হে কিন্তু হেৰিয়াৰ ঘৰৰ কিন্তু ভেঁটি উচন্ হ'ব লগাত কিন্তু পৰিছে।

 গুচৰীয়া।— মই বৰলা মানুহ, বোলোঁ মোৰ নো কি ঘৰ আছে, ককাইৰ হাতত থাকিলে নো মোৰ ভাগ-বস্তু কলৈ যাব। অ, এতিয়া তেওঁ চল পাই পাই বনমালী কৰিব খোজে!

 ৪ৰ্থ মে।— ইহঁতে আৰু, তাৰপৰিণামে, গাঁৱৰ-বুঢ়া-মেথাকো, তাৰপৰিণামে গণিতা নকৰা হ'ল। এইখন কৰাৰ আগেয়ে, তাৰপৰিণামে, আমাক এটায়ো যদি, তাৰপৰিণামে, এটা কথা সুধিলে! ইও, তাৰপৰিণামে, মেনে-মেনেই ফন্দীখন, তাৰপৰিণামে, পাতিলে, সিয়ো মেনে-মেনেই, তাৰপৰিণামে, কেছাৰি ঘৰ উঠিলগৈ।

 পদ।— দেখাদেখি যি বস্তু আছিল, সেইবোৰ এতিয়াও আছে। ভিতৰুৱা বস্তু কেতিয়াবাই দুয়ো আপোছতে ভাগ কৰি ললোঁ। এতিয়া সি তাৰ ভাগ