পৃষ্ঠা:গাওঁবুঢ়া.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ইয়ং।—আচ্ছা, টেনেহ'লে কিজানি টুমি এতিয়া যাব ফাৰে। (ভোগমনলৈ চাই) হেইটো কোন মানুহ টাকিছে? হেইটো কি আনিছে? কি কি কৰিব মাঙিছে।

 ভোগ।— (কঁপি কঁপি) দেউতা, দেউতা, কওক, কওক, মোৰ কথাকে সুধিছে দেখোন!

 ৰত্ন।— হুজুৰ, সেইটো মোৰ মৌজাৰে মানুহ। তাৰ ঘৰত এই মইনা চৰাইটি আছিল; ভালকৈয়ে মাত-কথাও ফুটিছে। মই সিদিনা দেখি ক'লোঁ বোলোঁ, এইটো হুজুৰৰ বঙলাত থবলৈ হে ভাল হৈছে। ইয়ো বৰ ৰং মনেৰে হুজুৰলৈ চৰাইটো আগ বঢ়ালে। আৰু তাৰ বাৰীতে নতুনকৈ সুমথিৰা টেঙ্গা জোপাদিয়েক আগতীয়াকৈ পকিছে। সি বোলে জয়ে জয়ে হুজুৰতে লগাব। সেই মনেৰে তাৰে গোটাচাৰেক সি লৈ আহিছে।

 ভোগ।— হয় হজিৰ, খোদাবেণ্ডা, দেউতাই যি কৈছে, সেয়ে।

 ইয়ং।— চৰাই ডেকি হামি কুব্‌ বাল ফাইছে। আচ্ছা, হেইটো মোৰ চৰ্দ্দাৰৰ হাটতে ডিব ফাৰে। (ভোগমনলৈ চাই) হেইটো মানুহ কৈ হৈছে? হি কেলে কাঁপিছে? (চৰ্দ্দাৰে আহি চৰাই আৰু টেঙ্গা নিয়ে)

 ৰত্ন।— এৰা, হুজুৰ, গাঁৱলীয়া মানুহ, হজুৰক দেখি ভয় কৰিছে!

 ইয়ং।—(ভোগমনৰ ওচৰ চাপি) টুমি কেলে বয় কৰিছে? হামি বাগ টাকিছে নে বালুক টাকিছে? (গা-চাপি গৈ ধেমালিকৈ) হামি কি জানি এটিয়া টোমাকে কাব ফাৰে!

 ভোগ।— (বৰকৈ কঁপি কঁপি) দেউতা, দেউতা, কি হয় এটা কওক। মোক বেয়াকৈ লাগিল দেখোন!

 ইয়ং।—আচ্ছা, মৌজদাৰ! মই হলে টোমাৰ ওপৰ খুছি ফাইছে। এটিয়া টুমিলোক যাব ফাৰে। (ঘুৰিবলৈ ধৰে)

 ৰত্ন।— হজুৰ, এই মানুহটোৰ কিবা এফেৰি খাটনি আছিল।