পৃষ্ঠা:গাওঁবুঢ়া.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ভোগ।— কেনে দেখিম; পাৰিলে বৰ ভাল কথা। পিছে, সিহঁতৰ দৰে আমাৰ নো কেইখন এৰি কাপোৰ আৰু কেইযোৰ মুগাৰ ৰিহা-মেখেলা আছে? নিজলৈকেচোন নাটনি!

 ৰংদৈ।— যি আছে তাৰেই এটা দিহা নকৰিলে হ'ব নে? সামৰণত থকা এৰি কাপোৰখন, আৰু সিদিনা শালৰপৰা কটা তিতাকৰীয়া মেখেলাখনকে লৈ গৈ ধৰোঁগৈচোন। তহঁতে কাপোৰখন লৈ মৌজাৰীৰ ওচৰলৈ যাবি। মই মেখেলাখন লৈ ভিতৰত হাকিমনীৰ ওচৰলৈ যাম। মৌজাৰীতকৈও হাকিমনীক পোনাব পাৰিলে যে কথাই নাই।

 ভোগ।— (দীঘলকৈ হুমুনিয়া কাঢ়ি) হে হৰি! বাৰু, যেনে ভাল দেখিছ, তাকে কৰ। ভাত ৰান্ধগৈ যা এতিয়া; মই পথাৰৰ পৰা আহোঁগৈ। চাওঁ, আই, নামচোন, মাৰৰ লগত ভাত ৰান্ধগৈ যা। মই যাওঁ। (জেতুকীক কোলাৰপৰা নমাই থৈ, চুমা দিয়ে)

(সকলোৰে প্ৰস্থান)