পৃষ্ঠা:গাওঁবুঢ়া.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১৯
গাওঁবুঢ়া

 চিপাহী।— (মণ্ডললৈ চাই) এ কেইচা বাত হেঁই? হামলোককো চাৰ আডমিকো দৰ্কাৰ থা, চব পূৰা হো গিয়াৰাহা; লেকিন তোম্ আপ্‌না মতলবচে একঠো চোৰ দিয়া; আওৰ একঠো আভি ভাগ যাতাহেঁই। হামলোক আওৰ ডেৰি কৰ্ণে নাহি চেক্তাহে। তব আভি ক্যা কৰেগা? হামকো মালুম হোৱা, এ চব তোমালোককা কায়দা হেঁই। (খঙেৰে) আওৰ ডেৰি নাহি কৰেগা। তোমালোক দুনো আপনে কুলী যানে পৰেগা।

 বাপু।— (ভয়েৰে) নাহি নাহি, চিপাহী জি! আপ খং নাই কৰেগা। হামি এতিয়াই দোচোৰা কুলী ধৰি দেঙ্গা।

(ফোঁপাই ফোঁপাই কচুখোৱাৰ পুনঃ প্ৰৱেশ)

 কচু।— (বাপুলৈ চাই) নেপালোঁগৈ; নোৱাৰিলো ধৰিব! সি গোটেই ফিৰিঙ্গতি ওফৰাদি উফৰিল!

 চিপাহী।—(খঙেৰে) চুৱাৰ, পাজী, তব তোম কাহে হামকো যানে মানা কিয়া? আভি তোম আপনে কুলী যানে পৰেগা। (কচুখোৱাৰ গলধনত হেচি ধৰি) চলও আভি!

(এটা মানুহৰ সৈতে ভোগমন আহি আছে)

 কচু।— (কাওবাওকৈ) কনিষ্ট বাবু! আপুনি খং নাই কৰেগা। আপুনি অলপ চবুল কৰেগা; ঐ দুটা আড্‌মি আহাতাহে। ঐ দুটাকে ধৰি দেঙ্গা। এতিয়া হামিলোক চুপ্‌ কৰি ৰহেগা।

 মানুহটো।—(নিলগৰ পৰা বেঙা মেলি চাই) বোপাই ভোগমন, মোক ভাল বাঘৰ মুখত পেলাহিলি! সৌ জাক নেদেখিছ? লগতে ৰঙাপাগুৰি মৰা এটাও! তোক যেনিবা ভাল মানুহৰ ল'ৰা বুলিয়েই এৰিব বোপাই, মই ইমানতে পলোৱাহে ভাল। (উলটি লৰ ধৰে)

 ভোগমন।— (কচুখোৱাৰ কাষ চাপি গহীনাই) কি গাওঁবুঢ়া ককাই, কুলী ধৰা হৈছে নে? কলৈ নো যাব লাগে?

 কচু।— এৰা, যেনিবা কুলীকে ধৰা হৈছে। তুমিও লগত লগ নধৰা নে?