পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮২ ]


গৃহস্থালি একেবাৰে পানী হব। তেওচোন আকৌ ধাৰ কৰি ফাকুৱা কৰিবলৈ ওলাইছে।'

 মোৰ কথা শুনি কাকতী এইবাৰ একেবাৰে টিঙ্গিৰি তুলা যেন হল, আৰু চকু ৰঙ্গা কৰি মোৰ মুখৰ আগত সোঁ হাতৰ মুঠি জোকাৰি কবলৈ ধৰিলে, ‘তোৰ বৰ পীত বাঢ়ি গৈছে, তই আগতেই ইমানখিনি কথা শুনাৱ, তই মোৰ ওপৰত কিবা চৰদাৰ ওলাইছ নে কি? ( সাতোলাৰ ফাললৈ চাই ) ই মোৰ ঘৰতেই মোক অপমান কৰিলে। ই সদাই মোৰ বেয়াটোহে দেখে, বাটে ঘাটে যতে দেখে ততেই কেৱল মোৰ ধাৰৰ কথাহে উলিয়ায়। সিদিনা বৰুৱাৰে সৈতে ফুৰিবলৈ যাওঁতেও বাটত তেওঁৰ আগতেই ধাৰৰ কথা উলিয়াই ছিল। মই ই আদ্‌বলিয়া বুলি কথালৈ কাণ নকৰোঁ, কিন্তু ই মোক যতে ততে অপমান দিবলৈহে বিচাৰি ফুৰে।’ সাতোলাই কলে ‘হয় তো, এনেবোৰ কথা ভাল নহয়। ধাৰ নালাগে কাৰ? ডাঙ্গৰ মানুহ হলেই দোপোন দুকড়া ধাৰ থাকে; সিও এটা নিন্দাৰ কথানে? ইয়াৰ মুখ খনেই এনেকুৱা, ইয়াক ইয়ালৈ আহিব দিয়াই অযুগুত। এনেকুৱা মুখৰ যহত হে সিদিনা ফুকনৰ গতা খাই ওলাই আহিছে।'

 মই ভালকৈ জানো ধনীৰাম সাতোলা ৰান্ধনী উচটাই জোল খোৱা মানুহ। সিয়েই কুবুদ্ধি দি দি কাকতীৰ পুৰণি ঘৰখন খাস্তাং কৰিলে। সি যেতিয়াই এই দৰে মাত লগালে, মোৰ একেবাৰে জঁক উঠিল। মই কলোঁ, ফুকনে মোক নগতিয়াব কেলেই, মই হিতবুদ্ধি দিওঁ নহয়। তেওঁৰ টেঁটুৰ গুৰিলৈকে