পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৯]

লাগে। বোৱাৰী ঘৰলৈ আহিলে শাহ আই তো চাঙ্গত উঠেই, বান্দী বেটীয়েও তাইৰ হাঙ্গি নধৰাকৈ কুটাগছ নিছিঙ্গে।

 শাহুৰ বিবেচনাত বোৱাৰী শিলৰ মানুহ। তাইৰ বনতো ভাগৰ নাই, গালিতো বেজাৰ নাই, পেটতো ভোক নাই। পুৱাৰ পৰা দুপৰীয়ালৈ, আৰু দুপৰীয়াৰ পৰা নিশালৈ তাইৰ দুখন হাতৰ আজৰি নাই; তেও শাহু আইৰ সন্তোষ নাই। বোৱাৰী উঠিব সবাৰ আগত, নিশা শুব সবাৰ পাচত। খাওতে পূবৰ বেলি পচিমে যায়। আগেয়ে ডাঙ্গৰীয়াই খাই ওলাব, তাৰ পাচত বোপাহঁতে খাই ঘাব (চাপৰি) তাৰ পাচত আইটীহঁতে খাব, তাৰ পাচতহে বোৱাৰী আৰু বেটীৰ সকলোৰে পাত চোছা খোৱা পাল পৰে।

 শাহু আয়ে নিজৰ সোঁ হাত বাওঁ হাত নিচিনে, কিন্তু বোৰাৰীৰ ওপৰত চোকা অধ্যাপক। মাছে গচকা আঞ্জা খাবা, শাহুৱে গচকা বোৱাৰী বাবা। সেই দেখি শাহুৱেকে ভালকৈ গচকি দিয়ে (চাপৰি)। আইটী ১৬ বছৰীয়া হলেও আলৌ লৌৱা, আতোল্, তোল্ অজলা পোনা। কিন্তু বোৱাৰী ১২ বছৰতে পেট টেঙ্গৰী হয়। আইটীয়ে কথা কলে নন্দনকাননত বীন বাজে বোৱাৰীয়ে কথা কলে ভগা ঢোলত কোব মাৰে। (চাপৰি)

 অসমত অনেক বোৱাৰীৰ এই অৱস্থা। ৰাওমুঈ শাহুৰ অত্যাচাৰত বোৱাৰীয়ে চকুৰ লো টুকি ভাত খায়; এনেকুৱা শাহুৰ প্ৰতি (চাপৰি) বোৱাৰীৰ কিমান ভক্তি হব পাৰে তাক আপোনালোকে বিবেচনা কৰি চাব পাৰে! ন বোৱাৰীয়ে কিছু-