পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২ ]

বেশন হৈ গল। সভাৰ জাননী পাই আমিও চাবলৈ গৈছিলোঁ। কেন্দ্ৰসভাৰ ৰীতি নীতি, নিয়ম প্ৰণালী, ডেকাসভাৰ নিচিনা নহয়। তাত মেজ মাচিয়া বা বেঞ্চ নাই। সভ্য ডাঙৰীয়া সকল খাটৰ ওপৰত বিছনা কৰি লেপেটা-পাৰি বহিছিল। ওচৰত পিকদান, ধোঁৱাখোৱা আদি লাগতিয়াল সকলো সামগ্ৰী যতোৱা আছিল। মুহূৰ্ত্তে মুহুৰ্ত্তে চাকৰে তামোল ধঁপাতৰ যোগান ধৰিছিল। যেতিয়া সভাৰ সভ্যবিলাক গোট খালে হাজৰিকা ডাঙ্গৰীয়াই খাটৰ পৰা নামি থিয় হল, আৰু প্ৰস্তাৱ কৰিলে যে বৰুৱা ডাঙ্গৰীয়াক আমাৰ যাউতি-যুগীয়া সভাপতি নিয়োজিত কৰা যাওক। সভ্য সকলৰ ভিতৰত বৰুৱা ডাঙ্গ- ৰীয়াই গণ্য মান্য লোক; বিদ্যাবুদ্ধিতো তত কম নহয়। সেই দেখি সভ্য এটাই বিলাক উৰ্দ্ধবাহু হৈ প্ৰস্তাৱত মান্তি হল। সভাপতিৰ আসন আগৰে পৰা বেলেগে যতনাই থোৱা হৈছিল, সভাৰ মাজত এখন বৰপিৰা, তাৰ ওপৰত কেপ্‌কৰা বানত। বৰুৱা ডাঙ্গৰীয়াই উঠি গৈ সেই আসন গ্ৰহণ কৰিলে। পিচত তাৰ পৰা নামি মাটিত থিয় হৈ, মেঘৰ গম্ভীৰ সুৰেৰে কবলৈ ধৰিলেঃ—হে সভ্য ডাঙ্গৰীয়া সকল! আপোনালোকে মোক এই সভাৰ সভাপতি বৰণ কৰি যেনে মান সৎকাৰ কৰিলে, তাৰ শোধ মই গোটেইটো জীৱনত দিব নোৱাৰিম। আপোনালোকৰ এই অনুগ্ৰহ মই চন্দ্ৰ দিৱাকৰ থাকে মানে নাপাহৰোঁ। মই অতি অভাজন, বয়সত প্ৰাচীন হলেও বিদ্যা- বুদ্ধিত পৈণত নহওঁ। তথাপি মই দেহ কেহ উচৰ্গি কেন্দ্ৰসভাৰ উন্নতি সাধিবলৈ পুৰুষাৰ্থ কৰিম। অসমত আজি কালি মহা-