পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া আদি পাঠ ।

৩ পাঠ ।

 অবুজনক বুজোৱা, ঢেৰুৱাৰ ঠাৰি সিজোৱা। এতেকে মূৰ্খৰ লগত তর্ক কৰাৰ সকাম নাই। দুৰ্জন মানুহে গর্হিত কাম কৰি বিমর্ষ নহয়। কাৰণ, সি দুর্ণাম বা দুৰ্যশলৈ ভয় নকৰে।

 সৰ্পক আমি সাপ বােলাে। সৰ্পৰ হাত ভৰি নাই। সি বুকুত ভৰ দি চলে।

ল ফলা । ল =
ক্    ক্ল  শুক্ল   ল্    ল্ল  প্ৰফুল্ল
গ্    গ্ল  গ্লানি   শ্    শ্ল  শ্লাঘা
প্    প্ল  বিপ্লব   হ্    হ্ল  আহ্লাদ
ম্    ম্ল  অম্লান।         

৪ পাঠ ।

 অবাবত কাকো ক্লেশ নিদিবা। পৰৰ গ্লানিত কাণ নেপাতিবা। মনক সদায়