পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া আদি পাঠ ।

নাট্যশালা   পৰিত্যাগ
অধ্যাপক   ব্যৱহাৰ
ভবিষ্যৎ   অমাবস্যা
বাল্যকাল   আৱশ্যক

১ পাঠ ।

 বাক্যৰ দুখীয়া কেওঁ নাই। কুবাক্য কাৰো সহ্য নহয়। সুবাক্যে সকলোৰে মনত ৰং লগায়। বুঢ়া লোকে কয়, ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা সহিব নোৱাৰি। এই কথা সত্য জানি তোমালোকে কাকো কুবাক্য নুবুলিবা। সকলোৰে লগত সজ ব্যৱহাৰ কৰিবা। বাল্যকাল বিদ্যাশিক্ষাৰ সময়। এই কালত মন দি লিখা-পঢ়া শিকিলে ভবিষ্যতে সুখেৰে দিন নিয়াব পাৰিবা।