পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
অসমীয়া আদি পাঠ ।

( ৬ )

গছ-বন, জল-থল, সৃষ্টি যি জনৰ,
দিলে মােক হাঁহি সেই জগত-ঈশ্বৰ ।

( ৭ )

চৰাই, পখিলা, ফুল ধন্য তােমালােক,
শিকালা কত নাে সজ কথা আজি মােক ।
সকলােৰে প্রতি ভাই, এনে স্নেহ যাৰ,
তেওঁৰ পদত আহাঁ, কৰোঁ নমস্কাৰ ।

* সমাপ্ত *