পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
অসমীয়া আদি পাঠ ।

১৫ পাঠ ।

 আমি যাৰ ওপৰত ঘৰ সাজি বাস কৰিছোঁ, তাৰ নাম পৃথিবী। পৃথিবীৰ ওপৰত আমি খোজ কাঢ়ি ফুৰিছোঁ, ৰংধেমালি কৰিছোঁ। আমাৰ উৰ্দ্ধ্ৱত অনন্ত আকাশ।

 আকাশত সূৰ্য্য ওলায়, চন্দ্ৰ ওলায়, আৰু অসংখ্য তৰা ওলায়। সূৰ্য্য উদয় হলে দিন হয়, আৰু অস্ত গলে ৰাতি হয়।

 নিতৌ পূব ফালে সূৰ্য্য ওলায়, আৰু পশ্চিম ফালে মাৰ যায়। পূব ফালে মুখ কৰি তোমাৰ হাত দুটা মেলি দিয়াঁ। যি ফালে তোমাৰ বাওঁ হাত সেই ফালক উত্তৰ, আৰু যি ফালে তোমাৰ সোঁ হাত সেই ফালক দক্ষিণ বোলে।

 দিনৰ প্ৰথম ছোৱাক ৰাতিপুৱা,