পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
অসমীয়া আদি পাঠ ।

কিছুমান অশোক—পুষ্প নৈত উটাই দিছিলোঁ; নিমিষতে ঢৌৰ কোবত কোনোবা খিনি পালেগৈ।

 লুইতৰ পানী বৰ চেঁচা; কিন্তু পৰিষ্কাৰ নহয়। আমি গা ধুই বালিত ভাত খাইছিলোঁ। বাইদেৱে ভাত ৰান্ধিছিল। আমি লগত চাউল, ডালি আদি খোৱাবস্তু নিছিলোঁ। তাৰে কিছুমান দুখীয়া মানুহক বিলাই দিলোঁ।

 আমি বালিত নাদ খানি, দৌল সাজি, ধেমালি কৰিছিলোঁ। কৃষ্ণই অনেক চেষ্টা কৰিও দৌল সাজিব নোৱাৰিলে। বাইদেৱে তাক এটা দৌল সাজি দিছিল।

 আমি বালি-ঘোঁৰা আৰু বালি-মাহী খেদি অস্থিৰ হৈ লৰি ফুৰিছিলোঁ। আমাৰ মনত বৰ আনন্দ লাগিছিল।