পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
অসমীয়া আদি পাঠ ।

৭ পাঠ ।

 ৰুক্মিণীয়ে সদায় পুখুৰীৰ পৰা পদ্ম ফুল লৈ আহে। পুখুৰীৰ পাৰত এজোপা শাল্মলি গছ আছে। তাৰ তলতে এজন ব্রাহ্মণৰ ঘৰ। ৰুক্মিণীৰ বাপেক ব্রাহ্মণৰ আত্মীয় হয়। সেই ব্রাহ্মণৰ লক্ষ্মী নামেৰে এজনী জীয়েক আছে। ৰুক্মিণী আৰু লক্ষ্মী দুয়ো সখী। দুইৰো একে মাহত জন্ম হৈছিল। দুয়াে মাক- বাপেকক বৰ সম্মান কৰে; সদায় তেওঁলােকৰ কথা মতে চলে; তেওঁলােকে কোনো কামলৈ পাচিলে কেতিয়াও পৰাঙ্মুখ নহয়। দুয়াে জনী ছােৱালীৰ ভিতৰত ইমান যে মিল দেখিলে বিস্ময় মানিব লাগে। গ্রীষ্ম- কালত যেতিয়া ৰদৰ ৰশ্মি বৰ চোকা হয়, তেতিয়া সেই ব্রাহ্মণে শাল্মলি গছৰ