পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুমি চৰকাৰলৈ মোৰ দাস, আৰু কেতিয়াও ওলাব নোৱাৰিবা, তেহেলৈ মই যিয়েই নকৰো লাগে।” কিন্তু কোনো কাকত-আলোচনীয়ে কথাবোৰ আমাক স্পষ্টভাৱে ক’বলৈ দিয়া নাই (বহুতো ক্ষেত্ৰত মূল বক্তব্য কাটিছে, বা কথাখিনি ঘূৰাই-পকাই ক’বলগীয়া হৈছে)। আমি এইটোও কৈছোঁ যে আমাৰ ‘স্বাধীন অসম'ৰ ধাৰণা ভুল হ’ব পাৰে, কিন্তু আমাৰ মনৰ ভাব ব্যক্ত কৰিবলৈ অধিকাৰ দিয়া হওক, এই লৈ মুকলি বিতৰ্ক হওক, যদি আমাৰ কথাবোৰ ভুল বুলি প্ৰতিপন্ন হয়, তথাস্তু। কিন্তু বৃথা— ‘স্বাধীন’ শব্দটো মুখত অনাটোৱেই আছিল যেন মহাপাপ, ‘বিচ্ছিন্নতাবাদ’ৰ আলোচনাত উদ্যত হোৱাটোও আছিল ৰাজদ্ৰোহ! স্বস্তিৰ বা, সেই শ্বাসৰুদ্ধকাৰী পৰিৱেশ আজি পৰিৱৰ্তিত, আলোচনা-বিলোচনা সম্ভৱ হৈছে।

 শ্ৰীবৰুৱাৰ বহুতো মন্তব্য আমি মানি ল’ব নোৱাৰিলো, যেনে— “কোনখন দেশৰ সংস্কৃতিৰ লগত অসমৰ সংস্কৃতিৰ সম্পৰ্ক বেছি? নিঃসন্দেহে ভাৰতবৰ্ষৰ।” আমি সংস্কৃতি বুৰঞ্জীবিদ নহওঁ, কিন্তু ভাৰতীয় কু-সংস্কাৰবোৰৰ বাহিৰে আন কোনো কোনো ভাৰতীয় (অৰ্থাৎ একেবাৰে স্বকীয় ভাৰতীয়) ‘সংস্কৃতি’ৰ লগত আমি অসমীয়া কৃষ্টি, সংস্কৃতি, আচাৰ-ৰীতি মনোবৃত্তিৰ মিল নেদেখোঁ― (চীন, শ্যাম আদিবোৰৰ লগতহে বেছি মিল থকা যেন লাগে) — কিন্তু আমি কোৱাৰ দৰে, এই বিষয়ত আমি প্ৰায় অজ্ঞ, গতিকে জনাজনে তাৰ বিচাৰ কৰক। তেনেদৰে তেখেতে কোৱা এইবোৰ কথাও আমি সম্পূৰ্ণ মানিব নোৱাৰোঁ : “(জনজাতীয় গোষ্ঠীসমূহে) ভাৰতৰ লগতে থাকিবলৈ বিচাৰে, কেৱল অসমৰ লগত থকাতহে তেওঁলোকৰ আপত্তি.... তেওঁলোকৰ মতে তেওঁলোকৰ অনুন্নত অৱস্থাৰ বাবে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱেই দায়ী.....” ইত্যাদি। অসমৰ জনজাতীয় গোষ্ঠীসকলক অনা-অসমীয়া ভাৰতীয়সকলে খুব “প্যাৰ” কৰে? অসমীয়া মধ্যবিত্তহে তেওঁলোকৰ শত্ৰু? এইবোৰ ধাৰণাও আমাৰ

২৮ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা