পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমি স্বাধীন অসমৰ প্ৰয়াসী

 সম্পাদক
 আজিৰ অসম, গুৱাহাটী

 আপোনাৰ ৩০ জুলাই তাৰিখৰ কাকতত শ্ৰীসমিৰণ বৰুৱাই লেখা ‘স্বাধীন অসমৰ চিন্তা বাস্তৱসন্মত হৈছেনে?’ শীৰ্ষক প্ৰবন্ধ সন্দৰ্ভত এষাৰ লিখিবলগীয়া হ’ল। শিতানৰ প্ৰশ্নটোৰ উত্তৰত আমি ক’ব লাগিব যে নাই, স্বাধীন অসমৰ চিন্তা এতিয়াই বাস্তৱসন্মত হোৱা নাই, কিয়নো শ্ৰীবৰুৱাৰ দৰে পঢ়া-শুনা কৰা মানুহেই যদি কয় (উক্ত প্ৰবন্ধ) যে “নিৰাপত্তাক নিশ্চিত কৰিবৰ বাবে অসমে চুবুৰীয়া কোনোবা এখন শক্তিশালী দেশৰ ছত্ৰছায়াত আশ্ৰয় ল’ব লাগিবই”, তেন্তে বুজিব লাগিব যে স্বাধীন মনোবৃত্তি আমাৰ এতিয়াও অহা নাই, তালৈ দেৰি আছে (নেপাল কাৰ ছত্ৰছায়াত আছে? পৃথিৱীৰ আৰু বহুতো অসমতকৈয়ো সৰু স্বাধীন দেশ?)। কাৰোবাৰ ছত্ৰছায়াত থাকিলেহে বৰ্তি থাকিব পাৰি এই ধাৰণা বহুদিন ধৰি ভাৰতীয় শাসক তথা শোষক শ্ৰেণীয়ে আমাৰ মূৰত সুমুৱাই দি আছে, আমিও তাতেই ভোল গৈ আছোঁ; তেনেকুৱাবোৰ ধাৰণা মনৰ পৰা গুচাব নোৱাৰিলে স্বাধীন অসমৰ কথা কোৱাটো সঁচাকৈয়ে অবাস্তৱ। কিন্তু ‘লাহে লাহে’ৰ দেশতো আমাৰ হেৰাই যোৱা ‘স্বাধীন’ মনোবৃত্তি উভতি আহিব,

২৬ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা