পৃষ্ঠা:এজন সঁচা মানুহ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
এজন সঁচা মানুহ

কৰিব লগা হৈ পৰিছিল। ল’ৰা ৰজা বহা সিংহাখনখনৰ সিংহ কেইটা নগাঁও জিলাৰ পুৰণি গুদামৰ লেৰেলা নামৰ খনিকৰ এজনৰ হতুৱাই সজাইছিল। নগাঁৱৰে আমগুৰি সত্ৰৰ পৰা ১৫ শতাব্দীৰে এখন পিতলৰ শৰাই সংগ্ৰহ কৰিছিল। শৰাইখন ইমান ডাঙৰ আছিল যে তাত অনায়াসে চাৰিজন ডাঙৰ মানুহ বহিব পাৰিছিল৷ সেইদৰে ৰজাদিনীয়া হেংদাং, আৰোৱান চমতা, কেকোৰা দোলাত আৰি দিয়া দাপোন, শৰাই, জাপি, যাঠি, ৰুপৰ হোকা, সোণ ৰূপৰ অসমীয়া অলংকাৰ বাৰ্মিজ জাপি আদি সংগ্ৰহ কৰি আনিছিল। ইয়াৰ বাহিৰেও সেই সময়ৰ ঘৰ বাৰী, সাজ-পোছাক, কাঁহি-বাতি আদিও প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিছিল। তাৰ কাৰণে পুৰণি পুথি-পাজি আদি পঢ়ি, প্ৰত্নতত্ববিদ, সাহিত্যিক সকলক লগ ধৰি আলোচনা কৰি লৈছিল৷ বোলছবি খনৰ সংগীত পৰিচালনা,নৃত্য-পৰিচালনা জ্যোতি প্ৰসাদে নিজেই কৰিছিল। তেওঁ নিজেই নৃত্য প্ৰদৰ্শেেনা কৰিছিল৷ ভাৰতৰ ভিতৰত প্ৰথম আৱহ সংগীত দিয়া বোলছবি ‘জয়মতী’য়ে প্ৰথম। ই সঁচাকৈয়ে গৌৰৱৰ কথা।

 জয়মতীৰ কাম চলি থাকোতেই জ্যোতি প্ৰসাদৰ মাতৃৰ ১৯৩৩ চনৰ ‘দেৱালী’ ৰ দিনা মৃত্যু হয়। মাতৃৰ বিয়োগত জ্যোতি প্ৰসাদৰ অন্তৰ ভাগি পৰিল। বহুদিন তেওঁ মনৰ দুখত কাকো নমতা নোবোলাকৈ অকলে অকলে নীৰৱে থাকিল। তেওঁ আছিল মাকৰ আশাৰ ৰত্ন। মাকৰ কাৰনেই তেওঁ বিদেশত গৈ শিক্ষা লব পাৰিছিল৷ তেওঁ গীতৰ আধাৰ আছিল মাকৰ সুৰীয়া কণ্ঠৰ অৱদান। মাক আছিল তেওঁৰ বাবে মহিমাময়ী দেৱী স্বৰূপা।

 ১৯৩৪ চনৰ ১৮ অক্টোবৰৰ দিনা মাকৰ মৃত্যুৰ নবছৰৰ পিছতেই জ্যোতি প্ৰসাদৰ পিতৃৰো বিয়োগ ঘটে। মৃত্যুৰ আগমুহূৰ্তত জ্যোতি প্ৰসাদক ওচৰলৈ মাতি দেউতাকে ক্ষীণ স্বৰে কলে –“জয়মতী উলিয়াবি ”। চিৰদিনে উদগনি দি অহা দেউতাকে শেষ সময়তো উদগনি দিয়েই চিৰ বিদায় ল’লে।