পৃষ্ঠা:এজন সঁচা মানুহ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
এজন সঁচা মানুহ

জন্তু জানোৱাৰকো আওঁকান কৰি দেশৰ কামত মাজনিশাও ঘূৰি ফুৰিলে। গুৱাহাটী, ধুবুৰী, কলিকতা আদিলৈ গৈ ‘সদৌ অসম শান্তি বাহিনী’ৰ বাবে টকা সংগ্ৰহ কৰাৰ কামতো আগভাগ ল’লে। সত্যাগ্ৰহী সকলক লৈ দুটা ভাগ কৰা হৈছিল, এটা ‘মৃত্যু বাহিনী’ আনটো ‘শান্তি বাহিনী’। ধনী ঘৰৰ ল'ৰা হৈয়ো অশেষ কষ্ট কান্ধ পাতি লৈ স্বাধীনতা সংগ্ৰামত নামি পৰাৰ জ্যোতি প্ৰসাদৰ এটাই উদ্দেশ্য আছিল দেশ স্বাধীন হোৱাৰ পিছত যেন দুখীয়া জনতাৰ দুখ দূৰ হয়।

 ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত দৰঙ জিলাত বিভিন্ন থানা, কেছাৰী ঘৰ আদিৰ সমুখত জাতীয় পতাকা উত্তোলন কৰা কাৰ্য্যত জ্যোতি প্ৰসাদৰ সহযোগ অতি মনত ৰাখিব লগীয়া। এই পতাকা উত্তোলনতেই অসমৰ বীৰাঙ্গনা জীয়ৰী কনকলতা আইদেউ শ্বহীদ হয়। গাঁৱে গাঁৱে গৈ উৎসাহিত কণ্ঠে জ্যোতি প্ৰসাদে দেশৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাইজক আহ্বান দিছিল৷

 ‘জননীৰ সন্তান জাগা, জাগা শক্তিমান’ ‘সাজু’ সাজু’হ ন জোৱান’ আদি গীত ৰচি সকলোকে আকৰ্ষণ কৰি তুলিছিল। জ্যোতি প্ৰসাদৰ আহ্বান পিছদিয়া শক্তি কাৰো নাছিল। পুলিচৰ অশেষ বাধা নেওচি নিৰ্দিষ্ট দিনত পতাকা উত্তোলন কৰাই সেই দিনটো ইতিহাসৰ পাতত চিৰযুগমীয়া কৰি তুলিলে।

 অধিক পৰিশ্ৰমৰ কাৰণে জ্যোতি প্ৰসাদ পুনৰ অসুখীয়া হৈ পৰিল। বাধ্য হৈ তেওঁ বিচনাত পৰি থাকিব লগীয়া হ’ল। কিন্তু এনেয়ে বহি নেথাকি হাতত কলম তুলি ল'লে। অসংখ্য দেশপ্ৰেমমূলক গীত, কবিতা, প্ৰৱন্ধ আদি লিখি উলিয়ালে।

 ১৯৪৩ চন। মহাত্মা গান্ধীক জেলৰ পৰা মুক্তি দিয়া হ'ল। তেওঁ জেইলৰ বাহিৰলৈ ওলাই আহি গম পালে বহুতো দেশ সেৱকে আত্ম গোপন কৰি ফুৰিছে। তেওঁ মনত বৰ আঘাট পালে৷ কিয়নো তেওঁৰ আদৰ্শত আছিল নিৰ্ভীক আৰু সৎসাহ। সেই কাৰণে মহাত্মা গান্ধীয়ে জনাই দিলে আত্ম গোপন কৰি থকাতো কংগ্ৰেছ নীতিৰ