পৃষ্ঠা:এজন সঁচা মানুহ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
এজন সঁচা মানুহ


জেল কৰ্তৃপক্ষই তেওঁক চিকিৎসাৰ বাবে শ্বিলঙলৈ নিলে৷ সেই সময়ত অসমৰ গৱৰ্ণৰৰ আছিল চাৰ মাইকেল কীণ। তেওঁ কাৰাগাৰলৈ গৈ জ্যোতি প্ৰসাদক লগ ধৰিলে। তেওঁ ক’লে যদি জ্যোতি প্ৰসাদে ভৱিষ্যতে আন্দোলন নকৰো বুলি লিখি দিয়ে তেনেহ'লে তেওঁ জ্যোতি প্ৰসাদৰ চিকিৎসাৰ ভাৰ ল’ব। জ্যোতি প্ৰসাদ খঙত জ্বলি পকি উঠিল। তেওঁ স্পষ্টকৈ উত্তৰ দিলে— তেওঁ কেতিয়াও এইটো নকৰে। গৱৰ্ণই তৱধ মানিলে। তেওঁ জ্যোতি প্ৰসাদৰ বীৰত্বৰ কথা বুজি পালে৷

 পোন্ধৰ মাহ জেইল খটাৰ পিছত জ্যোতি প্ৰসাদক মুক্তি দিলে। তেওঁৰ অসুস্থ শৰীৰ দেখি ছয় মাহ জেইলৰ ৰেহাই দিলে।

 ১৯৪২ চন। দেশত বিপ্লৱৰ ঢৌৱে আকাশ চুলে। ৯ আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৪৫ তম অধিবেশন বহিল। এইবাৰ ‘বৃটিছৰ ভাৰত ত্যাগ’ প্ৰস্তাৱ লোৱা হ’ল। সেই দিনাই মহাত্মা গান্ধীক আৰু লগতে অনান্য আগশাৰীৰ নেতাসকলক ইংৰাজে বন্দী কৰি পেলালে। ইফালে পৃথিৱী জুৰি হয় মহাযুদ্ধ৷ অসমকো এই মহাযুদ্ধৰ ভয়াবহতাই ছানি ধৰিলে। বৃটিছ সৈন্যবোৰ আহি অসমত ভৰি পৰিল।

 অসমত ‘ভাৰত ত্যাগ’ আন্দোলন পূৰ্ণ গতিত আৰম্ভ হ'ল। ডাঙৰ— ডাঙৰ নেতা সকলক বিচাৰি পুলিচে পিয়াপি দিলে। বহুতকে বন্দীও কৰিলে। বহুতে আত্মগোপন কৰি থাকিল। জ্যোতি প্ৰসাদেও আত্মগোপন কৰি পূৰ্ণ গতিত কাম চলাই থাকিল। তেওঁ দুটা কাৰণত আত্মগোপন কৰি আছিল। প্ৰথম জেইলত অসুখীয়া শৰীৰৰ কষ্ট, দ্বিতীয়তে জেইলত সোমাই থাকিলে দেশৰ গুৰুত্ব পূৰ্ণ কামত বাধা আহি পৰে। সেয়ে প্ৰচণ্ড শক্তি আৰু নিৰ্ভীক মনোবল লৈ ৰাইজৰ মাজত মিলি গ’ল। তেওঁৰ তেজস্বী বক্তৃতা, উত্তাল সুৰৰ সঙ্গীতে সকলোকে অনুপ্ৰাণিত কৰি তুলিলে। বিভিন্ন ঠাইৰ বিভিন্ন সংগ্ৰামী নেতাসকলক লগ ধৰি ইংৰাজৰ বিৰুদ্ধে নানা আঁচনি তৈয়াৰ কৰিলে। অকল এখন চাইকেলকে সাৰথি কৰি অটব্য হাবিৰ মাজেৰে হিংস্ৰ