পৃষ্ঠা:এজন সঁচা মানুহ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এজন সঁচা মানুহ

ভাবিলে। পােন প্রথমে সাত সাগৰ তেৰ নদীৰ সিপাৰে তেওঁক পঠিয়াবলৈ সকলােৱে আপত্তি কৰিলে। কিন্তু জ্যোতি প্ৰসাদ নিজৰ কথাত অলৰ অচৰ হৈ থাকিল।

 মাকে প্রথমে বাধা দিছিল যদিও পুতেকৰ উজ্বল ভৱিষ্যতৰ কামনা কৰি সন্তোষ মনেৰে যােৱাৰ অনুমতি দিলে। জ্যোতি প্ৰসাদৰ মন আনন্দেৰে ভৰি পৰিল।


বিদেশত জ্যোতি প্রসাদ

 ১৯২৬ চনৰ ছেপ্তেম্বৰ মাহত জ্যোতি প্ৰসাদ গৈ ইংলণ্ড পালেগৈ। তাত তেওঁ এডিনবার্গ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি ল’লে। তেওঁ পঢ়া-শুনাত মনপুতি লাগিল।

 ভাৰতবর্ষ তেতিয়া ইংৰাজৰ গােলাম। ইংৰাজৰ অত্যাচাৰত লাঞ্চিতা জন্মভূমিৰ দুখৰ কান্দোন যেন জ্যোতি প্রসাদে সূদূৰ দুৰণিতাে শুনা পালে। স্বদেশৰ মাটিৰ গােন্ধে তেওঁৰ মন বিচলিত কৰি তুলিলে। যিমানে দিনবােৰ আগবাঢ়িবলৈ ধৰিলে, সিমানেই তেওঁৰ হিয়া নিজদেশৰ কাৰণে হাহা‍ঁকাৰ কৰি উঠিল। সেয়ে জাতীয় ভাৱধাৰাৰে ভৰা বহুতাে গীতৰ সৃষ্টি কৰিলে৷ এই গীতবােৰ স্বদেশত থকা ভাতৃ কমলা প্রসাদ আগৰৱালা আৰু গুৱাহাটীৰ শ্ৰীলক্ষ্মীনাথ দাসলৈ প্ৰেৰণ কৰিলে৷ গীতবােৰৰ স্বৰ লিপিও লিখি দিছিল। গীতৰ কথাবােৰ আছিল মনত দেশপ্রেম জগাই তুলিব পৰা তেজাল আৰু অর্থপূর্ণ। স্বৰাজ আন্দোলনত এই গীতবিলাকে বিশেষ ঠাই অধিকাৰ কৰি ল’লে।

 এইদৰেই জ্যোতি প্ৰসাদৰ মন পুনৰ পঢ়াৰ পৰা ফালৰি কাটি আহিল। ফলস্বৰূপে তেওঁৰ প্রথম পৰীক্ষাটোৱেই বেয়া হ’ল। পিছে চৰ্ত অনুসৰি পুনৰ পঢ়াৰ সুযােগ এটা পালে। লাভ কিন্তু একো নহ’ল। গীত আৰু সুৰে আবৰি ৰখা তেওঁৰ মনে কিতাপৰ মাজত সােমাই থাকিব নােৱাৰিলে। তেওঁ মনে মনে ভাবিলে তেওঁ যি শিক্ষা গ্রহণ