ৱিকিউৎস:GLAM/GLAM Project with Jagannath Barooah College, Jorhat
জগন্নাথ বৰুৱা মহাবিদ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয়। এই মহাবিদ্যালয়ৰ পুথিভঁৰালটো কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় পুথিভঁৰাল নামে জনা যায় আৰু ইয়াত অসমীয়া, ইংৰাজী, বঙালী আদি ভাষাৰ বহুসংখ্যক দুষ্প্ৰাপ্য কিতাপ তথা আলোচনীৰ লগতে পুৰণি অসমীয়া বহুখিনি পুথিচিত্ৰ উপলব্ধ ।
এই গ্লেম প্ৰকল্পত মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালৰ কপিৰাইটমুক্ত অসমীয়া স্কেন কিতাপসমূহ ৱিকিমিডিয়া কমন্সত অন্তৰ্ভুক্ত কৰাৰ লগতে অসমীয়া ৱিকিউৎসত এই কিতাপসমূহৰ সূচী পৃষ্ঠা তৈয়াৰ কৰা হ’ব। ভৱিষ্যতে কিতাপসমূহ মুদ্ৰণ সংশোধন কৰি ইউনিকোডলৈ ৰূপান্তৰ কৰা হ'ব।
ৱিকিপিডিয়াত:
- এই প্ৰকল্পৰ বিষয়ে প্ৰবন্ধ সৃষ্টি বা সমৃদ্ধ কৰক।
- জগন্নাথ বৰুৱা মহাবিদ্যালয় গ্লেম প্ৰকল্পত আপলোড কৰা ছবি উপযুক্ত প্ৰবন্ধত যোগ কৰক।
ৱিকিমিডিয়া কমন্সত:
- এই প্ৰকল্পত আপলোড কৰা ফাইলসমূহ সঠিকভাৱে শ্ৰেণীভুক্ত কৰক।
ৱিকিউৎসত:
- এই প্ৰকল্পত আপলোড কৰা গ্ৰন্থসমূহৰ মুদ্ৰণ সংশোধন কৰক।
- মুদ্ৰণ সংশোধন হোৱাৰ পাছত বৈধকৰণ কৰক।
ৱিকিতথ্যত:
- এই প্ৰকল্পৰ সৈতে জড়িত তথ্যৰ তথ্যকোষ সৃষ্টি আৰু সমৃদ্ধ কৰক।
- সমাজ শক্তি (১ম খণ্ড).pdf [২৩০ টা পৃষ্ঠা]
- চন্দ্ৰ মল্লিকা.pdf [১৯২ টা পৃষ্ঠা]
- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা.pdf [১২৯ টা পৃষ্ঠা]
- জোনাকী.pdf [১১৩ টা পৃষ্ঠা]
- বুদ্ধদেৱ (নাট).pdf [১০৮ টা পৃষ্ঠা]
- অসম-গৌৰৱ চৰিত-মালা.pdf [৯২ টা পৃষ্ঠা]
- গল্প.pdf [৯০ টা পৃষ্ঠা]
- শকুনিৰ প্ৰতিশোধ.pdf [৮৩ টা পৃষ্ঠা]
- নলদময়ন্তী নাটক.pdf [৬৮ টা পৃষ্ঠা]
- গুৰু-ভকত.pdf [৬৬ টা পৃষ্ঠা]
- কবিতা-পুথি.pdf [৬২ টা পৃষ্ঠা]
- লাইটু বা লাওফলা.pdf [৬১ টা পৃষ্ঠা]
- অসমীয়া আলোচনীত প্ৰকাশিত বুৰঞ্জীমূলক প্ৰৱন্ধাৱলীৰ তালিকা.pdf [৫৬ টা পৃষ্ঠা]
- কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf [৫৪ টা পৃষ্ঠা]
- বীণ-বৰাগী আৰু প্ৰপঞ্চ আদি কবিতাৱলী.pdf [৫২ টা পৃষ্ঠা]
- ঘুনুচা-কীৰ্ত্তন.pdf [৫০ টা পৃষ্ঠা]
- গাৱঁলীয়া স্বাস্থ্য.pdf [৪৫ টা পৃষ্ঠা]
- লৰাকবিতা.pdf [৪৫ টা পৃষ্ঠা]
- চিন্তানল.pdf [৪০ টা পৃষ্ঠা]
- নোমল (ধেমেলীয়া নাট).pdf [৩২ টা পৃষ্ঠা]
- ২৪ নৱেম্বৰ, ২০২৪ তাৰিখে, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় পুথিভঁৰালৰ কপিৰাইট মুক্ত অসমীয়া কিতাপসমূহ অসমীয়া ৱিকিউৎসলৈ প্ৰদান কৰিবলৈ অনুৰোধ জনাই যোৰহাটৰ এগৰাকী সক্ৰিয় সমাজ কৰ্মী তথা উদ্যোগী গোপাল দত্ত আৰু অসমীয়া ৱিকিমিডিয়া সমাজৰ সেচ্ছাসেৱী প্ৰাণজ্যোতি নাথে মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ উৎপল জ্যোতি মহন্তৰ সৈতে সাক্ষাৎ কৰি এখন আবেদন পত্ৰ দাখিল কৰে।
- সন্মতি জনাই একেদিনাই অধ্যক্ষ শ্ৰীযুত উৎপল জ্যোতি মহন্তই আবেদন পত্ৰত চহী কৰে আৰু ভৱিষ্যত কাম-কাজ আগবঢ়াই নিবলৈ বিষয়টো মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ মূল গ্ৰন্থাগাৰিক দিগবিজয় দাসলৈ হস্তান্তৰ কৰে।
- ২৭ নৱেম্বৰ, ২০২৪ তাৰিখে কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় পুথিভঁৰালত উপলব্ধ কপিৰাইটমুক্ত অসমীয়া কিতাপসমূহৰ তালিকা প্ৰস্তুত কৰিবলৈ অনুমতি বিচাৰি পুনৰ মূল গ্ৰন্থাগাৰিক দিগবিজয় দাসক পত্ৰ দাখিল আৰু দাসৰ দ্বাৰা অনুমতি পত্ৰত চহী।
- ২৭ নৱেম্বৰ, ২০২৪ তাৰিখৰপৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহলৈকে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত প্ৰাণজ্যোতি নাথৰ দ্বাৰা প্ৰায় ২০০খন কপিৰাইট মুক্ত কিতাপৰ তালিকা প্ৰস্তুত।
- ২০২৫ চনৰ ৭ মে’ তাৰিখে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালৰ গ্ৰন্থাগাৰিক দিগবিজয় দাসৰ দ্বাৰা মহাবিদ্যালয়ে নিজাববীয়াকৈ সম্পন্ন কৰা ডিজিটাইজেচন প্ৰকল্পৰ স্কেন হৈ থকা কিতাপৰ পেন ড্ৰাইভ প্ৰদান।
- ২০২৫ চনৰ ২২ জুলাইৰপৰা কেন্দ্ৰীয় পুথিভঁৰালত কপিৰাইট মুক্ত কিতাপৰ স্কেনিঙৰ কাম আৰম্ভ।
এই গ্লেম প্ৰকল্পৰ জৰিয়তে বিভিন্ন ৱিকিমিডিয়া প্ৰকল্পলৈ অৱদান আগবঢ়াব পাৰি, যেনে:
- ৱিকিপিডিয়া
- ৱিকিমিডিয়া কমন্স
- ৱিকিতথ্য
- ৱিকিউৎস
- মূল দায়িত্বত
- কাৰিকৰী সহায়
- আগ্রহী
প্ৰকল্পৰ সৈতে জড়িত ব্যক্তি আৰু অনুষ্ঠানসমূহ
-
অধ্যক্ষ, ড° উৎপলজ্যোতি মহন্ত, জগন্নাথ বৰুৱা মহাবিদ্যালয়, ২০২৪
-
জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট
-
গ্ৰন্থাগাৰিক দিগবিজয় দাস, কেন্দ্ৰীয় গ্ৰন্থাগাৰ, জগন্নাথ বৰুৱা মহাবিদ্যালয়
মূল প্ৰকল্পৰ সৈতে জড়িত ৱিকিমিডিয়ান
-
প্ৰাণজ্যোতি নাথ (Project lead)
-
চাণক্য কুমাৰ দাস (Technical assistance)
পৰামৰ্শদাতা
-
সুবোধ কুলকাৰ্ণী (জেষ্ঠ প্ৰকল্প বিষয়া, অ’পেন নলেজ ইনিচিয়েটিভ, আইআইটি-হাইদৰাবাদ)
প্ৰকল্পৰ সাহাযাৰ্থে স্কেনাৰ প্ৰদান কৰা অনুষ্ঠান আৰু স্কেনাৰৰ ছবি
-
চিআইএছ-এটুকে
-
চিআইএছ-এটুকেই প্ৰদান কৰা স্কেনাৰৰ ছবি
প্ৰদানৰ তাৰিখ: ১৬ জুন, ২০২৫ আবেদন
প্ৰকল্পৰ কামৰ ছবি
-
কিতাপৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত গ্ৰন্থাগাৰত প্ৰাণজ্যোতি নাথ
-
কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় গ্ৰন্থাগাৰ, জে বি কলেজ, নৱেম্বৰ, ২০২৪
-
গ্ৰন্থাগাৰত স্কেনিং চলি থকা মুহুৰ্তত, আগষ্ট, ২০২৫


