সমললৈ যাওক

ৱিকিউৎস:মুদ্ৰণ সংশোধন মেলা, ডিচেম্বৰ ২০২৫

ৱিকিউৎসৰ পৰা
মুদ্ৰণ সংশোধন মেলা, ডিচেম্বৰ ২০২৫

ডিজিটাইজেন আৰু উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা
অৱস্থা সমাপ্ত
ধৰণ অনলাইন মুদ্ৰণ সংশোধন মেলা
আৰম্ভ ১৫ ডিচেম্বৰ ২০২৫
সমাপ্তি ১৫ জানুৱাৰী ২০২৬
পুনৰাবৃত্তি এমহীয়া
অৱস্থান (সমূহ) অনলাইন
দেশ অসম, ভাৰত
অংশগ্ৰহণকাৰী অসমীয়া ৱিকিউৎস
আয়োজক অসমীয়া ৱিকিউৎস
উদ্যোক্তা Through India Rapid Project

ডিজিটাইজেছন আৰু উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা প্ৰকল্প ২০২৫-২৬ৰ লগত সংগতি ৰাখি অসমীয়া ৱিকিউৎসত ডিচেম্বৰ মাহৰপৰা এখনি এমহীয়া মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আয়োজন কৰিবলৈ লোৱা হৈছে। এই সম্পাদনা মেলাখনিত প্ৰায় ৩০খন ন-পুৰণি অসমীয়া গ্ৰন্থ মুদ্ৰণ সংশোধন কৰাৰ পৰিকল্পনা কৰা হৈছে। আশাকৰোঁ অসমীয়া ৱিকিমিডিয়াৰ অক্লান্ত, অভিজ্ঞ কৰ্মীসকলৰ উপৰিও কিছু নতুন মুখ আমি এই প্ৰতিযোগিতাত দেখিবলৈ পাম।

লক্ষ্য আৰু উদ্দেশ্য

[সম্পাদনা কৰক]
  • অসমীয়া ৱিকিউৎসত অসমীয়া গ্ৰন্থৰ ডিজিটেলাইজেচন দ্ৰুততৰ কৰা।
  • ন-পুৰণি অসমীয়া গ্ৰন্থৰে অসমীয়া ৱিকিউৎসত সমল বৃদ্ধি কৰা।
  • নতুন ৱিকিমিডিয়ানসকলৰ কৰ্মদক্ষতা আৰু কাৰ্যকৰিতাৰ উত্তৰণ ঘটোৱা।
  • অসমীয়া ৱিকিমিডিয়ানসকলৰ জৰিয়তে সন্মিলিত কাৰ্যকলাপ কৰা।
  • অসমীয়া গ্ৰন্থৰ ইউনিকোড ৰূপান্তৰেৰে অসমীয়া ভাষা আৰু ঐতিহ্যৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰচাৰ কৰা।
  • এই প্ৰতিযোগিতাৰ সময়সীমা: ১৫ ডিচেম্বৰ ২০২৫ ০০:০০ বজাৰ পৰা ১৫ জানুৱাৰী ২০২৫ ২৩:৫৯ বজা পৰ্যন্ত।

নিয়মাৱলী

[সম্পাদনা কৰক]
  • প্ৰতিযোগিতাত কেৱল মুদ্ৰণ সংশোধনহে সামৰা হৈছে। বৈধকৰণৰ বাবে প্ৰতিযোগীক কোনো নম্বৰ প্ৰদান কৰা নহ’ব। একোটি পৃষ্ঠা মুদ্ৰণ সংশোধনৰ বাবে ৩ নম্বৰকৈ থাকিব।
  • এগৰাকী প্ৰতিযোগীয়ে নিজৰ সুবিধা অনুসৰি একোখন কিতাপ বাছনি কৰিব আৰু সেই কিতাপখন সম্পূৰ্ণ কৰিহে অন্য এখন কিতাপৰ সম্পাদনা আৰম্ভ কৰিব।

অধিক সৱিশেষৰ বাবে নিয়মাৱলীৰ এই লিংক অনুসৰণ কৰক নিয়ম

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • প্ৰথম পুৰস্কাৰ - ৩,০০০ টকা
  • দ্বিতীয় পুৰস্কাৰ - ২,০০০ টকা
  • তৃতীয় পুৰস্কাৰ - ১,০০০ টকা
  • প্ৰেৰণাদায়ী বঁটা (পৰৱৰ্তী ৪ টা স্থানপ্ৰাপ্তলৈ) - ৫০০ টকাকৈ
  • বিচাৰকৰ বাবে - ১০০০ টকাৰ বিশেষ মাননি৷
  • তিনিওগৰাকী বিজয়ী সদস্যক ২০২৬ চনৰ মাৰ্চ মাহত অনুষ্ঠিত উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালাত পুৰস্কাৰ প্ৰদান কৰা হ’ব।
  • প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে একোখনকৈ ডিজিটেল মানপত্ৰ প্ৰদান কৰা হ’ব।

কিতাপৰ তালিকা

[সম্পাদনা কৰক]

মুদ্ৰণ সংশোধনৰ বাবে নিৰ্বাচিত কিতাপৰ তালিকা

গ্ৰন্থ-বাছনি আৰু গ্ৰন্থ-তালিকাৰ প্ৰস্তুতকৰণ

[সম্পাদনা কৰক]

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]

অংশগ্ৰহণ কৰক

[সম্পাদনা কৰক]
ফলাফল
স্থান সদস্য বৰঙণি প্ৰাপ্ত নম্বৰ
প্ৰথম স্থান Babulbaishya ৭৬৯ ২৩০৭
দ্বিতীয় স্থান নৰুনা বৰুৱা ৭২৬ ২১৭৮
তৃতীয় স্থান হানিফ আলী ৩৪১ ১০২৩
প্ৰেৰণাদায়ী বঁটা Sushmita Lekharu ২৪৭ ৭৪১
Jyoti Chiring ১৪৬ ৪৩৮
নিপন নিয়ৰ শেনছোৱা ১৪০ ৪২০
পৱন বৰ্মন ১৪০ ৪২০