সমললৈ যাওক

ৰোমিৱ-জুলিয়েট

ৱিকিউৎসৰ পৰা
 

ৰোমিৱ-জুলিয়েট

 

 

ৰোমিৱ-জুলিয়েট

 

শ্ৰীকমলানন্দ ভট্টাচাৰ্য্যৰ দ্বাৰা
অনুবাদিত

⸻⸻

 

প্ৰকাশক
বৰকটকী কোম্পানী
যোৰহাট।

 

সৰ্বস্বত্ব সংৰক্ষিত।

বেচ—৸৹ অনা।

 
 

অন্নদা প্রিন্টিং হাউচত,
শ্ৰীগৌৰীচৰণ বৰকটকীৰ দ্বাৰা ছাপা কৰা হল |
যোৰহাট।


নিবেদন,

লেমচ্ টেলচ্ ফ্ৰম চেক্সপিয়েৰ

 কিতাপটিৰ অসমীয়া ভাঙনি এখনি উলিয়াবৰ স্থিৰ কৰি ভালেমান দিন হল নগাওঁ গবৰ্ণমেণ্ট হাইস্কুলৰ ভূতপূৰ্ব্ব শিক্ষক শ্ৰীমান কমলানন্দ ভট্টাচাৰ্য্য ( এল, টি ) বাপাক প্ৰথমতে এই গল্পটিৰ ভাঙনি কৰি দিবলৈ কৈছিলোঁ। শ্ৰীমান কমলানন্দ এজন সুশিক্ষক আছিল আৰু যোৰহাটত প্ৰায় মোৰ লগতে থকাত তেওঁৰ হতুৱাই কৰাই মই চাই-চিন্তি প্ৰকাশ কৰিম বুলি ভাবিছিলোঁ। আজৰি নোপোৱাত পেলাই থৈছিলোঁ; কিন্তু ভাবিলোঁ যে শ্ৰীমান কমলানন্দ বাপাই মনত বেয়া পাব আৰু ভবিষ্যতলৈ মই কোনো কামত আৰু সহায় খুজিব নোৱাৰিম। গতিকে কিতাপখনি ছপাই থলোঁ। অলপ পৰিবৰ্ত্তন কৰিবলৈ ধৰিছিলোঁ; কিন্তু ভাবি-চিন্তি তাকো এৰিলোঁ। ক্ৰমশঃ সময় পালে গোটেই গল্পখিনি উলিয়াবৰ মন থাকিল।

১ জুন, ১৯২৬।
শ্ৰীদুৰ্গাধৰ বৰকটকী
 

 

ৰোমিৱ-জুলিয়েট

 ভেৰোণা নগৰৰ ধনে-মানে প্ৰসিদ্ধ দুটা পৰিয়ালৰ এটাৰ নাম আছিল কেপুলেট্ আৰু ইটোৰ নাম আছিল মণ্টেগ্। এই পৰিয়াল দুটাৰ ভিতৰত বহুত দিনৰেপৰা এখন কাজিয়া চলি আহিছিল। এই কাজিয়া ইমানদূৰ পাইছিলগৈ আৰু তেওঁলোকৰ মাজত শত্ৰুতা ইমান বাঢ়িছিল যে দুয়ো পক্ষৰ দূৰসম্পৰ্কীয় বন্ধু-বান্ধৱ—আন কি চাকৰ-নাকৰকো ই চুই- ছিলগৈ। এঘৰৰ চাকৰৰ লগত ইঘৰৰ চাকৰৰ বাটত দেখা- দেখি হলেও গলিয়া-গলি, হাই-কাজিয়া বা ৰক্তা-ৰক্তি এটা ঘটনা নোহোৱাকৈ নগৈছিল। এনেকুৱা একোটা ঘটনাই শান্তিপূৰ্ণ ভেৰোণা নগৰ প্ৰায়েই শান্তিভঙ্গ কৰিছিল।

 কেপুলেট্ পৰিয়ালৰ গিৰিহঁত বুঢ়া লৰ্ড কেপুলেটে এদিন এটা ডাঙৰ ভোজৰ আয়োজন কৰি তালৈ বহুতো সম্ভ্ৰান্ত ভদ্ৰমহিলা আৰু গণ্য-মান্য ভদ্ৰলোকক নিমন্ত্ৰণ কৰিলে। ভেৰোণা নগৰৰ প্ৰায় সকলোবিলাক ৰূপৱতী গাভৰু এই ভোজত উপস্থিত আছিল। মন্টেগ্ পৰিয়ালৰ নহলে, সেই ভোজলৈ যোৱা সকলোকে সাদৰেৰে অভ্যৰ্থনা কৰা হৈছিল। এই ভোজত বুঢ়া লৰ্ড মণ্টেগৰ পুতেক ৰোমিৱৰ প্ৰেমিকা ৰজেলিন উপস্থিত আছিল। যদিও মণ্টেগ্ পৰিয়ালৰ কোনোবা তাত উপস্থিত থকাতো ভয়ানক বিপদজনক আছিল, তথাপি ৰোমিৱৰ বিশ্বাসী বন্ধু বেন‌্ভলিৱৰ কথাত তেওঁৰ প্ৰেমৰ পাত্ৰী ৰজেলিনক চাবলৈ ভেশছন কৰি ৰোমিৱ সেই সমাজত উপস্থিত আছিল। বেন‌্ভলিৱৰ উদ্দেশ্য আছিল ভেৰোণা নগৰৰ অতি ৰূপৱতী গাভৰু কেইগৰাকীক ৰোমিৱই তাত দেখি ৰজেলিনৰ লগত তুলনা কৰিব আৰু তেওঁৰ প্ৰণয়-পাত্ৰী, যাক তেওঁ ৰাজহংস জ্ঞান কৰি আছে, ইবিলাকৰ ৰূপৰ আগত যে কেৱল কাউৰী তাকে প্ৰতিপন্ন কৰাব। ৰোমিৱই কিন্তু বেনভলিৱৰ কথাত অলপো বিশ্বাস কৰা নাছিল, তথাপি ৰজেলিনৰ মৰমৰ তেওঁক এবাৰ দেখা পাম বুলিয়েই তালৈ গৈছিল। ৰোমিৱই অন্তৰেৰে সৈতে ৰজেলিনক ভাল পাইছিল। তেওঁৰ প্ৰেমত অকণমানো কপটতা নাছিল। ৰজেলিনৰ কথা ভাবি তেওঁ আহাৰ-নিদ্ৰা আন কি বন্ধুবান্ধৱৰ সংসৰ্গকো এৰি অকলে থাকিবলৈকে ভাল পাইছিল। বজেলিনে কিন্তু এআষাৰ মুখৰ কথাৰে কিম্বা এটি মৰমৰ চিনেৰে প্ৰতিদান দিয়াতো দূৰৰ কথা, ৰোমিৱক ঘিণহে কৰিছিল। ৰোমিৱৰ আকুল প্ৰেমক উপেক্ষা কৰা দেখি তেওঁৰ অন্তৰঙ্গ বন্ধু বেন‌্ভলিৱই ৰোমিৱক অন্যান্য ৰূপৱতী গাভৰুৰ সংসৰ্গলৈ আনি তেওঁক সেই ৰোগৰ পৰা মুক্ত কৰিবলৈ চাইছিল।

 কেপুলেট পৰিয়ালৰ এই ভোজলৈ মুখা পিন্ধি ভেশছন কৰি ৰমিৱ আৰু বেনভলিৱ তেওঁলোকৰ বন্ধু মাৰকুচিয়ই সৈতে গৈছিল। বুঢ়া লৰ্ড কেপুলেটে তেওঁলোকক সাদৰে অভ্যৰ্থনা কৰিছিল আৰু কৈছিল যে তেওঁলোকৰ লগত অলপতে ভাগৰ নলগা কেগৰাকীমান ৰূপৱতী গাভৰুৱেই নাচিব। বুঢ়া মানুহজনৰো সেইদিনা মন বৰ প্ৰফুল্ল দেখা গৈছিল। তেখেতে কৈছিল যে ডেকা কালত তেৱোঁ ভেশছন কৰিছিল, মুখা পিন্ধিছিল আৰু প্ৰেমত পৰি কাৰ কাণত কিটো চেগতে একোষাৰ ৰসৰ কথা কৈ কাৰ্য্যোদ্ধাৰ কৰিব লাগে তাকো বঢ়িয়াকৈ জানিছিল।

 নাচ আৰম্ভ আৰু তেওঁলোকেও নাচিবলৈ আৰম্ভ কৰিলে। সেই নাচত মগ্ন থকা এগৰাকী গাভৰুৰ অপৰূপ ৰূপ-লাৱণ্যই হঠাৎ ৰোমিৱৰ দৃষ্টি আকৰ্ষণ কৰিলে। ৰোমিৱৰ মানত সেই ৰূপ, সেই সৌন্দৰ্য্য, সেই লাবণ্য অপাৰ্থিৱ—অব্যক্ত—অচিন্তনীয় আৰু মনুষ্যস্পৰ্শৰ অযোগ্য অনুমতি হৈছিল। সেই ৰূপৰ জ্যোতিয়ে সেই সমাজত যেন নতুন জ্যোতি বিকিৰণ কৰিছিল। ৰোমিৱৰ চকুত সেই সমাজত সেই ৰূপহী গাভৰু কাউৰীৰ মাজত ময়ুৰী আৰু মানৱীৰ মাজত স্বৰ্গৰ অপেশ্বৰী যেন লাগিছিল। ৰোমিৱই তন্ময় হৈ নিজকে পাহৰি মনৰ আবেগত অস্ফুটস্বৰে সেই গাভৰুৰ গুণ বৰ্ণনা কৰোঁতে—টাইবল্ট নামে কেপুলেটৰ এজন ভাগিনিয়েকে মনে মনে শুনি আছিল। টাইবল্টে ৰোমিৱৰ মাত শুনি বুজিব পাৰিলে যে তেওঁ কেপুলেট পৰিয়ালৰ মহা শত্ৰু মণ্টেগৰ পুতেক ৰোমিৱ। টাইবল্ট বৰ খঙাল আৰু কোপন স্বভাৱৰ মানুহ আছিল। মণ্টেগ পৰিয়ালৰ কোনোবা আহি মুখা পিন্ধি তেওঁলোকৰ সমাজত সোমাই আৰু তেওঁলোকক ইতিকিং কৰিব, এইটো তেওঁৰ অসহ্য হৈ উঠিল। টাইবল্ট্ খঙত জকি উঠিল আৰু নানান ৰকমৰ গালি-গালাজ কৰি ৰোমিৱক মাৰিবৰ উপক্ৰম কৰিছিল আৰু যেনেভাবে আক্ৰমণ কৰিছিল মোমায়েক কেপুলেটে বাধা নিদিয়াহেঁতেন ৰোমিৱক সেই সমাজতে একেবাৰে মাৰি পেলালেহেঁতেন। নিমন্ত্ৰিত ভদ্ৰলোকসকললৈ শ্ৰদ্ধা ৰাখি আৰু ৰোমিৱৰ ভদ্ৰোচিত ব্যৱহাৰ দেখি আৰু আগে-পাচেও ভেৰোণা নগৰৰ লৰা-বুঢ়া সকলোৰে মুখত সৎচৰিত্ৰৱান, প্ৰিয়দৰ্শন, নম্ৰ আৰু ভদ্ৰ বুলি ৰোমিৱৰ প্ৰশংসা শুনি উপস্থিত ক্ষেত্ৰত এনে এটা দুৰ্ঘটনা হবলৈ নিদিলে। টাইবল্টে বাধা পাই মনে মনে প্ৰতিজ্ঞা কৰিলে যে এই অনধিকাৰ চৰ্চ্চাৰ প্ৰতিফল সি ৰোমিৱক এসময়ত নহয় এসময়ত দিবই দিব। নাচ শেষ হল। ৰোমিৱই লক্ষ্য কৰি আছিল নাচৰ পিছত কʼত সেই গাভৰু গৰাকী বিশ্ৰাম কৰে। সাহসেই সিদ্ধি ভাবি ৰোমিৱই লাহে লাহে সেই গাভৰু গৰাকীৰ ওচৰ চাপিল। অতি নম্ৰ ভাবে গৈ তেওঁ গাভৰু গৰাকীৰ হাতখনিত ধৰি কʼলে, "দেৱমন্দিৰত সোমালে অভিশপ্ত পাপীয়েও দেৱী প্ৰতিমাৰ আগত নিৰ্ভয়ে থিয় হব পাৰে। আজিও এই নাট্যমন্দিৰ মোৰ মানত দেৱমন্দিৰ আৰু মোৰ সম্মুখৰ দেৱীপ্ৰতিমাৰ কৰস্পৰ্শ কৰোঁতে যদি মোৰ কিবা অপৰাধ হৈ থাকে, তেন্তে এটি চুমাৰে মই তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ প্ৰস্তুত"। গাভৰু গৰাকীয়ে কʼলে, "বিনয়ী যুৱক, আপোনাৰ দেৱভক্তি সঁচাকৈয়ে শলাগিবলগীয়া; কিন্তু এটি কথা আপোনাক কওঁ—"দেৱমন্দিৰত সোমাই দেৱপ্ৰতিমাৰ কৰ স্পৰ্শ কৰিবৰ আপোনাৰ অধিকাৰ থাকিব পাৰে; কিন্তু চুমা খাবৰ আপোনাৰ কি অধিকাৰ আছে?"

 ৰোমিৱই কʼলে—"কিয়, দেৱতা ভক্ত উভয়ৰেইতো ঈশ্বৰে দিয়া দুটি ওঁঠ আছে?”

 গাভৰুৱে উত্তৰ দিলে—"ওঁঠ আছে সঁচা; কিন্তু দেৱতাক প্ৰাৰ্থনা জনাবলৈ।" ৰোমিৱই কʼলে- "তেন্তে হে মোৰ আৰাধ্য দেৱতা, মোৰ প্ৰাৰ্থনা শুনা আৰু পূৰ্ণ কৰা! মোক নিৰাশ নকৰিবা।"

 এনেকুৱা ধৰণৰ ৰসৰ আলাপ চলি থাকোঁতেই গাভৰু গৰাকীৰ মাকে তেওঁক মতাই নিলে। গাভৰুৰ পৰিচয় বিচাৰি ৰোমিৱই জানিব পাৰিলে যে যাৰ ৰূপ-লাৱণ্যত তেওঁ ইমান মুগ্ধ—যাৰ এবাৰৰ দৰশনতে তেওঁ মন-প্ৰাণ সমৰ্পণ কৰিছে—সেই দেৱী- প্ৰতিমা মণ্টেগ্ পৰিয়ালৰ পৰম শত্ৰু লৰ্ড কেপুলেটৰ একমাত্ৰ কন্যা জুলিয়েট। এই ভাবে ৰোমিৱৰ মনলৈ অলপ শঙ্কা আনিলে; কিন্তু শত্ৰুকন্যা বুলিও তেওঁৰ ভাল পোৱাৰ হ্ৰাস নহল। জুলিয়েটৰ মনো সেই যুৱকলৈ আকৃষ্ট হল। তেৱোঁ যেতিয়া জানিলে যে তেওঁ যাক ভাল পাইছে সেই যুৱক তেওঁ- লোকৰ শত্ৰু মণ্টেগৰ পুতেক ৰোমিৱ। তেতিয়া জুলিয়েটৰ মনতো শান্তি নোহোৱা হʼল। পাৰিবাৰিক শত্ৰু, যাক তেওঁ ঘিণহে কৰিব লাগে, তেনে এজনলৈ এনে ভালপোৱাৰ ভাব সোমাল যে তেওঁ ইচ্ছা কৰিলেও সেই যুৱকৰ মূৰ্ত্তি পাহৰিব নোৱাৰা হʼল। ৰাতি দুপৰ হল। ৰোমিৱই তেওঁৰ বন্ধু কেইজনৰে সৈতে সেই ভোজৰপৰা বিদায় ললে; কিন্তু অলপ দূৰ যোৱাৰ পিছতে ৰোমিৱই মনে মনে তেওঁলোকৰ লগ এৰা দিলে। তেওঁৰ হিয়াৰ এফাল সেই ঘৰত এৰি থৈ তেওঁ যাব নোৱাৰা হʼল। তেওঁ মনে মনে গৈ জুলিয়েট থকা ঘৰটোৰ পিছ ফালে থকা এখন বাগিচাৰ দেৱাল পাৰ হল। দেৱাল পাৰ হৈ বেছিপৰ নৌ ৰওঁতেই তেওঁৰ ধ্যানৰ মূৰ্ত্তি জুলিয়েটক খিড়িকীৰ মুখত দেখা পালে। ফুলনি বাগিচাৰ ফুলগছৰ মাজেদি ভুমুকি মৰা পূৰ্ণিমাৰ জোনটিকো ৰোমিৱৰ মানত খিড়িকী মুখৰ সেই জোনটিয়ে জ্যোতিহীন কৰিছিল।

 সেই মূৰ্ত্তিটিয়ে খিড়িকী মুখত গালত হাত দি অকলে পূৰ্ণিমাৰ জোনটিৰ ফালে চাই চাই এটি দীঘল হুমুনিয়া পেলালে। ৰোমিৱ তন্ময় চিত্তে ৰল আৰু অস্পষ্ট ভাষাত কলে, "কথা কোৱা, দেৱী-প্ৰতিমা, মাতা—তোমাৰ স্বৰে মোৰ কাণত সৰগৰ সঙ্গীত সুধা বৰ্ষণ কৰোক।" জুলিয়েতো নিজৰ ভাবত তন্ময়। তেওঁ সেই ৰাতিৰ ঘটনা আৰু তেওঁৰ নতুন প্ৰেমিকৰ কথা ভাবি বিভোল। তেওঁ মনত ধাৰণাও কথা নাছিল যে তেওঁৰ হৃদয়ৰ আৰাধ্য দেৱতা ৰোমিৱ সেই খিড়িকীৰ তলত ৰৈ থাকিবহি পাৰে। নিজক অকলশৰীয়া ভাবি আৰু কোনো জন-প্ৰাণীয়ে তেওঁৰ কথা শুনিবহি পাৰে তালৈ অলপো আশঙ্কা নকবি জুলিয়েটে মনৰ আবেগত আপোনাআপুনি কলে- "ৰোমিৱ ৰোমিৱ! কিয় তুমি ৰোমিৱ হʼলা! কিয় তুমি ৰোমিৱ নাম লʼলা। ৰোমিৱ! যতে আছা শুনি যোৱা, ৰোমিৱ নাম পাহৰি পেলোৱা! পাহৰি যোৱা তুমি যে মণ্টেগ। যদি নোৱাৰা কোৱাঁ, কোৱাঁ, ৰোমিৱ! কোৱাঁ, তুমি মোক ভাল পোৱা আৰু চিৰকাল ভাল পাবা। যদি কোৱাঁ জীৰনে-মৰণে জুলিয়েট তোমাৰ, তেন্তে ৰোমিৱ! শুনা আহি! জুলিয়েট আজিৰ পৰা কেপুলেট নহয়!" ৰোমিৱই আৰু আত্ম সম্বৰণ কৰিব নোৱাৰিলে। সেই মূহুৰ্ততে তেওঁ চিঞৰি কʼলে, "ৰোমিৱ আৰু ৰোমিৱ নহয়—মাতা, যি নামেৰে ইচ্ছা সেই নামকে তুমি ৰোমিৱক দি লোৱা। ৰোমিৱ তোমাৰ!" মানুহৰ মাত শুনি জুলিয়েট প্ৰথমতে চমকি উঠিল। যদিও ৰোমিৱৰ মুখৰ মাত তেওঁ সেই ৰাতি মাথোন শুনিছিল তথাপিও দ্বিতীয় মাততে চিনি পালে। জুলিয়েটে ৰোমিৱই দেৱাল পাৰ হৈ আহি কি বিপদজনক কাম কৰিছে তাৰ কথা কলে। ৰোমিৱ মণ্টেগ পৰিয়ালৰ মানুহ আৰু তেওঁক তাত দেখা পালে যে তেওঁৰ মৃত্যু নিশ্চয় তাকো কʼলে। ৰোমিৱই উত্তৰ দিলে, "হায় জুলিয়েট! ৰোমিৱই শত যোদ্ধাৰ তৰোৱালতকৈ তোমাৰ চকুৰ এটি কটাক্ষলৈহে বেছি ভয় কৰে। তুমি কেৱল মোৰ ফালে এবাৰ প্ৰণয়ৰ চকুৰে চোৱা। মই কোনো শত্ৰুলৈ শঙ্কা নকৰোঁ। তোমাৰ ওচৰত বিমুখ হৈ মোৰ এই ঘৃণিত জীৱন বহন কৰাতকৈ মই মৃত্যুকেই কামনা কৰোঁ।"

 জুলিয়েট—"কেনেকৈ তুমি ইয়ালৈ আহিলা? বাটকেইবা তোমাক কোনে দেখুৱালে?"  ৰোমিৱ—"তোমাৰ আকুল প্ৰেমেই মোক ইয়ালৈ টানি আনিলে। তোমাৰে মোৰে মাজত যদি সীমাহীন মহা সমুদ্ৰৰ ব্যৱধান থাকিলহেঁতেন তথাপিও তোমাক পাবলৈ মই সেই মহাসমুদ্ৰত জাঁপ দিলোঁহেঁতেন।"

 ৰোমিৱৰ কথা শুনি লাজতে জুলিয়েটৰ মুখখনি ৰঙা পৰিল তেওঁ আপোনাআপুনি কোৱা কথাবিলাক ৰোমিৱই শুনিলে বুলি ভাবি লাজত মূৰ দোৱাই আছিল। তেওঁ কি কৰিব, ৰোমিৱক কি কʼব একো ঠিক কৰিব নোৱাৰা হল। ৰূপৰ গৰ্ব্বত গৰ্ব্বী। তিৰোতাই প্ৰেমপ্ৰাৰ্থী যুৱকক টান কথাৰে বিদায় দিয়াৰ কথাও তেওঁৰ মনত পৰিল। একোবাৰ ভাবিলে, মন খুলি তেওঁৰ প্ৰাণৰ কথা আকৌ এবাৰ ৰোমিৱক কৈ দিয়ে। ৰোমিৱই যে তেওঁৰ প্ৰাণৰ কথা শুনিলেই! হয়তো কি ভাবিছে! ইমান সহজে যি প্ৰাণ ঢালি দিব পাৰে সেই প্ৰেমতেই বাঃ কি বিশ্বাস! ইত্যাদি নানা ভাবে মুহূৰ্ত্ততে জুলিয়েটৰ মন চাতি পেলালে। অৱশেষত কʼলে-"প্ৰাণৰ ৰোমিৱ, প্ৰাণৰ আবেগত যি কৈছিলোঁ তাক শুনি হয়তো দুৰ্ব্বল চিতীয়া ৰমণী জ্ঞান কৰিছা। ক্ষমা কৰিবা, ৰোমিৱ, যি কৈছিলোঁ সি অন্তৰৰ কথা। তোমাৰ প্ৰতি যদি মোৰ কিবা অসঙ্গত বা অনিষ্ট ব্যৱহাৰ কৰা হৈছে তাকো ক্ষমা কৰিবা। জুলিয়েটে নাজানি কিবা অপৰাধ কৰিলেও তাৰ বাবে ক্ষমা মাগিছে। জুলিয়েটৰ প্ৰেমত সন্দেহ নকৰিবা। জুলিয়েট তোমাৰ।"

 জুলিয়েটৰ কথাত ৰোমিৱই ঈশ্বৰক সাক্ষী কৰি শপত খালে আৰু কʼলে যে জুলিয়েটৰ ব্যৱহাৰে অসন্তোষৰ ছাঁয়া মাত্ৰও তেওঁৰ মনত অনা নাই। জুলিয়েটে তেওঁৰ গুৰিত ক্ষমা ভিক্ষা কৰিহে বৰঞ্চ তেওঁক অপৰাধী কৰিছে। ৰোমিৱৰ কথা শুনি জুলিয়েটৰ মন আনন্দত নাচি উঠিছিল; কিন্তু ৰোমিৱৰ সেই দুঃসাহসিক চেষ্টাত বিপদ আশঙ্কা কৰিহে মনে মনে দুখ পাইছিল। ৰোমিৱই ঈশ্বৰৰ নামে শপত খাই কʼলে, যে জুলিয়েট তেওঁৰ হৃদয়ৰাজ্যৰ অধিশ্বৰী। জুলিয়েটৰ পৰাও যে তেওঁৰ অন্তৰৰ কথা—ৰোমিৱলৈ তেওঁৰ ভাল পোৱাৰ কথা শুনিবলৈ কিমান উদ্‌গ্ৰীৱ তাকো জনালে। ৰোমিৱকো জুলিয়েটে বাৰে বাৰে তেওঁৰ প্ৰতি প্ৰগাঢ় ভালপোৱা জনাবলৈ, ঈশ্বৰৰ নামে শপত খাবলৈ মানা কৰিলে। তেওঁ কলে যে ৰোমিৱই তেওঁক অনুৰোধ কৰাৰ পূৰ্ব্বেই তেওঁক অন্তৰৰ কথা জনাইছে। জুলিয়েটৰ হৃদয়ৰ আকুল আকাঙ্খাৰ কথা ৰোমিৱই নিজ কাণে মনে মনে শুনিয়েই যে জুলিয়েটৰ অন্তৰ চিনিব পাৰিব লাগে, ৰোমিৱলৈ তেওঁৰ আকুল প্ৰেমৰ কথা বুজিব লাগে তাকো কʼলে। জুলিয়েটে আৰু কʼলে যে তেওঁ ৰোমিৱক দিয়া প্ৰেম ভালপোৱা ঘূৰাই লʼলে তাকে আকৌ দুগুণ কৰি ঢালি দিয়াৰ সুখ আশা কৰে। এইৰকমে দুয়োৰ ভিতৰত নানা ৰকমৰ প্ৰেম আলাপ চলি থাকোতে জুলিয়েটক ধাইমাকে মাতি নিলে। ধাইমাকে ৰাতি পুৱাবলৈ বেছি পৰ নাই বুলি জুলিয়েটক শুবলৈ কʼলে। জুলিয়েটে তাৰ পিছতো আকৌ এবাৰ ঘূৰি আহি ৰোমিৱক কেআষাৰমান কথা কʼলেহি। তাৰ মৰ্ম্ম এয়ে যে তেওঁলোকৰ বিবাহবন্ধনৰ বাবে সোনকালে দিন আৰু ঠাই ঠিক কৰিবলৈ পিছদিনা জুলিয়েটে ৰোমিৱৰ গুৰিলৈ মানুহ পঠিয়াব। বিয়া হৈ গলেই ৰোমিৱক তেওঁৰ আশা-ভাৰসা, জীৱন-মৰণ সকলো সপি দি তেওঁকেই তেওঁৰ সংসাৰ পথৰ ধ্ৰুবতৰা আৰু হৃদয়ৰাজ্যৰ অধীশ্বৰ কৰি লব। এই কথা চলি থাকোতেও জুলিয়েটৰ ধাইমাকে বাৰে বাৰে তেওঁক মাতি নিছিল। জুলিয়েটেও বাবে বাবে সোমাই গৈ আকৌ পলাই আহিছিল। ৰোমিৱক এৰি আহিবলৈ তেওঁৰ প্ৰাণে কোনোমতেই নসহিছিল। ৰোমিৱৰো জুলিয়েটক এৰি যাবলৈ খোজ নচলিছিল। প্ৰণয়ীৰ ওচৰত প্ৰণয়ৰ প্ৰেম- সম্ভাষণতকৈ আৰু সুমধুৰ কিবা সঙ্গীত আছেনে? শেহত দুয়ো দুয়োৰ মঙ্গল আৰু ৰাতিটোলৈ সুনিদ্ৰা কামনা কৰি বিদায় ললে।

 তেতিয়া ৰাতি প্ৰায় পুৱাই আহিছিল। ৰোমিৱই সেই সুখৰ ৰাতিৰ কথা ভাবি বিভোল হৈ ঘৰৰ ফালে নগৈ ওচৰৰে এজন সাধুৰ আশ্ৰমৰ ফালে খোজ ললে। তাত থকা সাধুজনৰ নাম লৰেঞ্চ। সাধুজনে তেতিয়া উঠি উপাসনা কৰিছিল ৰোমিৱক সিমান ৰাতিপুৱাই অহা দেখি ভাবিলে যে তেওঁ সেই ৰাতি শোৱা নাই। ৰোজেলিনৰ এটিবাৰ দৰশন লাভৰ আশাত হয়তো ৰাতি নোশোৱাকৈ কটাইছে। সাধুজনৰ ধাৰণা কিন্তু ভুল হল। ৰোমিৱই তেওঁক জুলিয়েটৰ কথা কলে আৰু সেই দিনাই তেওঁলোকৰ বিয়াপাতি দিবলৈ অনুৰোধ কৰিলে। সাধুজন আচৰিত হল। ৰোমিৱৰ কথা শুনি তেওঁ অবাক হৈ ৰোমিৱৰ প্ৰেমৰ কথা সকলো শুনিছিল। ৰোমিৱই নিজে তেওঁৰ ওচৰত ৰোজেলিনে ঘিণ কৰাৰ কথা কৈছিলহি। আজি হঠাৎ ৰোমিৱৰ মনত ইমান পৰিবৰ্ত্তন দেখি তেওঁ আচৰিত হল।

 সাধুৱে কলে- "যুৱকৰ প্ৰেম অন্তৰৰ বস্তু নহয়, কেৱল মাত্ৰ চকুৰ মোহ।"

 ৰোমিৱ—"অপাত্ৰত প্ৰেম অৰ্পন কৰি ভাল পোৱাৰ পৰিবৰ্ত্তে ঘিণহে পোৱাৰ কাৰণে কতদিন আপুনিয়েইতো মোক খং কৰিছে। সেই প্ৰেম পাহৰি যাবলৈ কৈছে। আজি আপোনাৰ কথা ৰাখিছোঁ জুলিয়েটক মোৰ হৃদয় অধিশ্বৰী কৰিছোঁ। জুলিয়েটেও মোক ভাল পায়, ময়ো তেওঁক ভাল পাওঁ।"

 সাধুজন লাহে লাহে ৰোমিৱৰ মতলৈ আহিল। তেওঁ মণ্টেগ আৰু কেপুলেট দুয়ো পৰিয়ালৰে বন্ধু আছিল। এই দুটা পৰিয়ালৰ বিবাদত তেওঁৰ দৰে দুখ পোৱা আৰু কোনো নাছিল। এই বিবাহবন্ধনে দুয়ো পক্ষৰ বিবাদৰ অন্ত পেলাব বুলি তেওঁৰ মনলৈ অলপ শান্তি আহিল। ৰোমিৱক তেওঁ বৰ ভাল পাইছিল। তেওঁ কোনো কথা সাধুৱে পেলাব নোৱাৰিছিল। এতিয়াও ৰোমিৱৰ কথাত সাধুজনে তেওঁলোকৰ বিবাহবন্ধনত সহায় কৰিবলৈ গাত ললে।

 ৰোমিৱৰ আনন্দ কোনে চায়। জুলিয়েটে কোৱা মতে পিছদিনা ৰাতিপুৱাই সাধুৰ আশ্ৰমলৈ মানুহ পঠালে। সেই দূতৰ মুখেই ৰোমিৱৰ চেষ্টা আৰু সফলতাৰ কথা জুলিয়েটে শুনিলে। জুলিয়েটৰ আনন্দত প্ৰাণ নাচি উঠিল। তেৱোঁ সাধু লৰেঞ্চৰ তালৈ আহিল। সাধু লৰেঞ্চে ৰোমিৱ-জুলিয়েটৰ বিবাহকাৰ্য্য সমাধা কৰিলে। এই বিবাহবন্ধনেই মণ্টেগ্-কেপুলেটৰ বিবাদৰ অন্ত পেলাবলৈ তেওঁ বাৰে বাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে। ৰোমিৱ জুলিয়েটৰ বন্ধন দৃঢ়তৰ কৰিবলৈ আৰু নৱ পৰিণীতা যুবক-যুৱতীৰ মঙ্গল আৰু দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাথনা কৰিলে।

 কাৰ্য্য শেষ হʼল। জুলিয়েতো লৰালৰিকৈ ঘৰলৈ গলগৈ। ঘৰতো তেওঁৰ মন উগুল-থুগুল, আনন্দত মতলীয়া। ৰোমিৱই আগৰাতিৰ দৰে সেইদিনাও বাগিছাত জুলিয়েটক লগ পাবলৈ আহিম বুলি কৈছিল। উৎসৱৰ আগদিনা লৰা-ছোৱালীৰ মন যেনেকুৱা উগুল-থুগুল, জুলিয়েটৰো সেইদিনা কেতিয়া ৰাতি হয়, কেতিয়া তেওঁৰ প্ৰিয়তমৰ দৰশন পায় তাৰ চিন্তাত মন উৎকণ্ঠা। আকুল ৰোমিৱৰ মনৰ ভাবো অবিকল তেনেকুৱা।

 সেইদিনা দুপৰীয়া ৰোমিৱৰ বন্ধু বেন্‌ভলিৱ আৰু মাৰকুচিয় ভেৰোণা নগৰৰ এটা বাটেদি ফুৰিবলৈ গৈছিল। সেই বাটেদি ৰোমিৱৰ ভোজৰ দিন। গালিপৰা অহঙ্কাৰী টাইবল্টো ফুৰিবলৈ গৈছিল। টাইবল্টৰ লগত তাৰ কেইবাটাও দুষ্কৰ্ম্মৰ সহচৰ আছিল। বাটত দুয়োপক্ষৰ ভেটা-ভেটি হল। টাইবল্টে মাৰকুচিয়ক ৰোমিৱৰ লগত ফুৰাৰ কথা কৈ গালি পাৰিলে। মাৰ্‌কুচিয়ৰ গাতো ডেকা তেজ উতলি উঠিল। তেৱোঁ টাইবল্টক গালি পাৰি প্ৰত্যুত্তৰ দিলে। বেনভলিৱই দুয়োৰে খং দমাবৰ চেষ্টা কৰিও ব্যৰ্থ হল। দুয়োৰো কাজিয়া চলি থাকোঁতে ৰোমিৱ সেইপিনে আহি তাত উপস্থিত হল। ৰোমিৱক দেখা পাই টাইবল্টে মাৰকুচিয়ক এৰি তেওঁক ধৰিলে। অকথ্য কথাৰে পিশাচ নাৰকী বুলি গালি পাৰিবলৈ ধৰিলে। ৰোমিৱ স্বভাৱতে বৰ ধীৰ আৰু নম্ৰ আছিল। পাৰিবাৰিক কাজিয়াতো তেওঁ সোমোৱা নাছিল। তেওঁ টাইবল্টৰ লগত কাজিয়া লগাবলৈ সম্পূৰ্ণ অনিচ্ছুক আছিল। বিশেষকৈ সেই টাইবল্ট তেওঁৰ জুলিয়েটৰ সম্বন্ধীয়া। সেইকাৰণে তেওঁ কাজিয়া নলগাকৈ থাকিব পাৰিলেই ভাল পায়। তাকে কৰিবলৈ তেওঁ টাইবল্টক নম্ৰভাৱে চালাম দিলে আৰু সৰল যুক্তিৰে তেওঁৰ কথাৰ উত্তৰ দিবলৈ ওলাল। টাইবল্টে যুক্তি-তৰ্ক একো নামানে। সি মণ্টেগ্ পৰিয়ালৰ সকলোকে ঘিণ কৰে। ৰোমিৱৰ নম্ৰ ব্যৱহাৰ দেখি তাৰ খং আৰু বেছি হল। সি তাৰ তৰোৱাল উলিয়ালে। ৰোমিৱক অকথ্য কথাৰে গালি পৰা মাৰকুচিয়ই সহিব নোৱাৰিলে। তেওঁ আগবাঢ়ি আহিল। তেওঁৰ লগতে প্ৰথমেই কাজিয়া আৰম্ভ হৈছিল আৰু এতিয়াও তেওঁলৈ ভয় কৰি ৰোমিৱৰ লগত লগাত টাইবল্টক ভীৰু কাপুৰুষ পিশাচ বুলি নানা ৰকমে গালি পাৰিবলৈ ধৰিলে। ৰোমিৱব নম্ৰতা তেওঁ অপমানজনক বোধ কৰিছিল। সেইদেখি তেওঁ নিজে আগবাঢ়ি টাইবল্টৰ লগত যুজিবলৈ ওলাল। টাইবল্ট আৰু মাৰকুচিয়ৰ কাজিয়া চৰম পালেগৈ। দুয়ো দুয়োক তৰোৱালৰ আঘাতেৰে ব্যতিব্যস্ত কৰি তুলিলে। ৰোমিৱ আৰু বেনভৱই কাজিয়া ভাঙিবলৈ ব্যৰ্থ চেষ্টা কৰিলে। মাৰকুচিয়ই এটা বৰ বেয়া ৰকমৰ আঘাত পালে আৰু পৰি গল। সেই আঘাত মাৰকুচিয়ৰ পক্ষে মাৰাত্মক হল। তেওঁ পৰিয়েই বেন‌্ভলিয়ৰ কোলাত চকু মুদিলে। ৰোমিৱই আৰু খং দমন কৰিব নোৱাৰিলে। মাৰকুচিয়ৰ মৃত্যুত তেওঁৰ প্ৰতিশোধৰ তৃষ্ণা প্ৰবল হৈ উঠিল। তেৱোঁ তৰোৱাল উলিয়ালে আৰু নৰকাৰ কীট বুলি টাইবল্টক আক্ৰমণ কৰিলে। অলপ পৰ যুজাৰ পিছতে টাইবল্টৰ ছিন্ন শিৰ মাটিত বাগৰি পৰিল।

 দিন দুপৰৰ এই দুৰ্ঘটনাৰ কথা মুহূৰ্ত্ততে গোটেই ৰাষ্ট্ৰ হল। ভেৰোণাবাসী লৰা, ডেকা, বুঢ়া বহুতো আহি সেই ঘটনাস্থলত উপস্থিত হলহি। বুঢ়া লৰ্ড কেপুলেট আৰু মণ্টেগ তেওঁলোকৰ পৰিবাৰে সৈতে তাত উপস্থিত হলহি। অলপ পিছতে যুৱৰাজ নিজেই ওলালহি। মাৰকুচিয় এই যুৱৰাজৰ সম্বন্ধীয়া আছিল। মণ্টেগ আৰু কেপুলেটৰ এনেকুৱা ধৰণৰ একো একোটা ঘটনাই ভেৰোণা নগৰ প্ৰায়েই শান্তি ভঙ্গ কৰাত তেওঁ আগৰে পৰা মনে মনে বৰ অশান্তি অনুভৱ কৰিছিল। এই ঘটনাত দোষীক কঠোৰ শাস্তি দি আগলৈকো এটা দৃষ্টান্ত ৰাখিবলৈ তেওঁ নিজেই ঘটনাস্থললৈ আহিছিল। সম্পূৰ্ণ ঘটনা বৰ্ণনা কৰিবলৈ যুৱৰাজে বেনভলিৱকে আজ্ঞা কৰিলে। সম্পূৰ্ণ ঘটনা তেওঁ যথাযথ বৰ্ণনা কৰিলে। ৰোমিৱৰ গাত তেওঁৰ বৰ্ণনাত অপৰাধ ছাঁয়ামাত্ৰ পৰিবলৈ দিয়া নাছিল। লৰ্ড কেপুলেটে তেওঁৰ কুটুম্বৰ মৃত্যুত মৰণান্তিক বেজাৰ পাইছিল। টাইবল্টৰ হত্যা- কাৰীৰ প্ৰতি প্ৰতিহিংসাবহ্নি তেওঁৰ দপ্ দপ্ কৰে জ্বলি উঠিছিল। হত্যাকাৰীৰ প্ৰতি কঠোৰ শাস্তি বিধান কৰিবলৈ তেওঁ যুৱৰাজক সোঁৱৰাই দি আছিল। ইয়াকো তেওঁ বুজাইছিল যে বেনভলিৱ ৰোমিৱৰ বন্ধু—তেওঁ স্বভাৱতে সেই পক্ষৰ দোষ ঢাকিবলৈ চেষ্টা কৰিব। সেইকাৰণে তেওঁৰ কথাত একো বিশ্বাস নাই। তেওঁ জনা নাছিল যে যাৰ বিপক্ষে তেওঁ যুৱৰাজক লাগিছে তেওঁ যে তেওঁৰেই জোৱায়েক, তেওঁৰ একমাত্ৰ কন্যা জুলিয়েটৰ প্ৰাণৰ প্ৰাণ। ইফালে লোড মণ্টেগেও তেওঁৰ পুতেকক নিৰপৰাধী সাব্যস্ত কৰাবলৈ যুৱৰাজক কৈছিল। মাৰকুচিয়ক বধ কৰাত ভেৰোণাৰ আইন মতে টাইবল্টৰ প্ৰাণদণ্ড এনেয়ে হলহেঁতেন। সেইকাৰণে টাইবল্টক বধ কৰাত ৰোমিৱৰ একো দোষ হব নোৱাৰে। ইত্যাদি নানা ৰকম কথা দুয়ো পক্ষই যুৱৰাজক শুনাইছিল। যুৱৰাজ কাৰো কথাত বিচলিত নহল। তেওঁ ঘটনাৰ কথা ভালকৈ দুয়ো পক্ষৰ মানুহৰ পৰা শুনিলে। গভীৰ গৱেষণাৰ পিছ শাস্তি বিধান কৰিলে—"ভেৰোণা নগৰৰপৰা ৰোমিৱৰ নিৰ্ব্বাসন"!

 জুলিয়েটলৈ এই বাৰ্তা সঁচাকৈয়ে বুকুভঙা। মুহূৰ্ত্তৰ আগতে যাৰ অন্তৰ আনন্দত উপচি পৰা, বিধিৰ ইচ্ছাত সেই আনন্দ আকৌ পিছ মুহূৰ্ত্ততে সাং হবলগীয়া হল। মুহূৰ্ত্তৰ আগতে কি সুখৰ মিলন! আকৌ পিছ মুহূৰ্ত্ততে কি হিয়াভগা বিচ্ছেদ! এনেকুৱাই নিয়তিৰ লীলা! পোনপ্ৰথমেই এই বাতৰি পাই জুলিয়েট খঙত জ্বলি-পকি উঠিল। টাইবল্ট্ সম্বন্ধত তেওঁৰ ককায়েক। সেই ককায়েকৰ হত্যাকাৰী তেওঁৰ প্ৰণয়াস্পদ ৰোমিৱ! জুলিয়েটে মনতে কত কথা ভাবিলে। ৰোমিৱক নিষ্ঠুৰ প্ৰেমিক; ৰাক্ষস প্ৰকৃতিৰ প্ৰণয়ী—মুখত মধু, অথচ হৃদয় গৰল‌্ভৰ—ইত্যাদি কত ৰকমৰ আখ্যাৰে মনে মনে আখ্যায়িত কৰিলে। জুলিয়েটৰ কঠোৰ সমস্যা! এফালে বুকুভৰা ভালপোৱা আৰু আনফালে- আক স্মিক হত্যাকাণ্ডৰ বাবে হোৱা খং-বেজাৰ সকলো ৰোমিৱৰ প্ৰতি বুকুভৰা ভালপোৱাই নুমাই দিয়ে! সময়তে আকৌ ভাল পোৱা তল পৰে—ৰোমিৱৰ প্ৰতি বিজাতীয় ক্ৰোধৰ উদ্ৰেক হয়। এইদৰে ভাবিয়েই জুলিয়েটে বহুত সময় কটালে। অৱশেষত কিন্তু প্ৰেমেই জয়ী হলগৈ। মৰমৰ ককায়েকৰ মৃত্যুত যি চকুপানী টুকিছিল সি আনন্দ অশ্ৰুত পৰিণত হল। ঈশ্বৰক তেওঁ শত শত ধন্যবাদ দিলে যে আজি টাইবল্টৰ হাতত ৰোমিৱৰ সেই অৱস্থা নহল। টাইবল্ট্ নহলেতো ৰোমিৱ সেই যুদ্ধত মৰিলহেঁতেন। তাৰ পিছত চকুৰ পানী ধাৰাসাৰে আহিবলৈ ধৰিলে। সেই চকুপানী ৰোমিৱৰ দণ্ডাজ্ঞাৰ! যাৰ অদৰ্শনত একো একো মুহূৰ্তকে তেওঁৰ মনত যুগ যেন লাগি- ছিল তেওঁক কিজানি আৰু দেখাকে নাপাব। এই চিন্তাহে তেওঁৰ মনত বেছি প্ৰবল হৈ উঠিল। ৰোমিৱৰ নিৰ্বাসন! এই বাৰ্ত্তা যে জুলিয়েটলৈ এজন টাইবল্টহে নালাগে বহুতো টাইংল্টৰ মৃত্যু বাৰ্ত্তাতকৈও ভীষণ! ৰোমিৱ সেই ঘটনাৰ পিছত আকৌ আহি সাধু লৰেঞ্চৰ আশ্ৰমত আশ্ৰয় লৈছিলহি। তেওঁ তাতেই পোন প্ৰথমে দণ্ডাজ্ঞা শুনিবলৈ পায়। তেওঁলৈ সেই দণ্ড মৃত্যুদণ্ডতকৈও ভীষণ হল। ভেৰোণাত জুলিয়েট আছে, ভেৰোণা তেওঁৰ স্বৰ্গ। ভেৰোণাৰ চতুঃসীমাৰ বাহিৰৰ লোকালয় তেওঁৰ মানত শ্মশান। যʼত জুলিয়েট নাই সেই ঠাই অন্ধকাৰ—নৰক। সাধুজনে ধৰ্ম্মৰ কথাৰে তেওঁক প্ৰবোধ দিবৰ চেষ্টা কৰিছিল। ৰোমিৱই একোকে নুশুনে। বলিয়াৰ দৰে ৰোমিৱই মাটিত মূৰ খুন্দিয়াবলৈ ধৰিলে; নিজৰ চুলি নিজে আজুৰি চিঙিবলৈ ধৰিলে। ৰোমিৱই ভাবিলে সেই অৱস্থাতকৈ তেওঁৰ মৃত্যুৱেই মঙ্গল। ৰোমিৱৰ সেই অৱস্থাতে জুলিয়েটৰ পৰা অহা এটি বাৰ্ত্তাইহে তেওঁক অলপ প্ৰকৃতিস্থ কৰিলে। সাধুজনেও সেই সুবিধাতে ৰোমিৱৰ দুৰ্ব্বল চিত্তৰ বাবে দোষাৰোপ কৰিবলৈ ধৰিলে। তেওঁ কবলৈ ধৰিলে—'তুমি টাইবল্টক হত্যা কৰিছা, এতিয়া নিজকো হত্যা কৰিবানে আৰু লগে লগে তোমাৰ প্ৰণয়াস্পদ প্ৰফুল্ল কুসুমটিকো অকালতে নষ্ট কৰিবানে? জুলিয়েটেও তোমাৰ কাৰণেই প্ৰাণ ধৰিছে! তুমি অবিহনে তেৱেঁই বা জীয়াই থাকিব বুলি আশা কৰিছানে? সাহসেই সিদ্ধি। এই সাহসৰ অভাৱত মানুহৰ শৰীৰ কেৱল মাথোঁ ধূলিৰ মুঠি। মৃত্যুদণ্ড নহৈ যে কেৱল মাত্ৰ নিৰ্ব্বাসন হৈছে তাৰ বাবে তুমি বৰং ঈশ্বৰক ধন্যবাদ দিব লাগে।

 টাইবল্ট তোমাৰ হাতত নমৰি তুমিতো টাইবল্টৰ হাতত মৰিব পাৰিলাহেঁতেন; কিন্তু ঈশ্বৰৰ তেনে ইচ্ছা নহয়। এনে অৱস্থাত তোমাৰ এনে দুৰ্ব্বলতা নিচেই কাপুৰুষোচিত হৈছে। তোমাৰ চকুৰ মণি, দিঠকৰ সপোন জুলিয়েট এতিয়াও জীয়াই আছে। তাতোকৈ সুখৰ কথা আজি ঈশ্বৰৰ সন্মুখত তেওঁ তোমাৰ সহধৰ্ম্মিণী হৈছে। ইয়াতকৈ আৰু সুখৰ কথা তেওঁলৈ কি হব পাৰে। তোমাৰ দুৰ্ব্বলতা এৰি পেলোৱা। সাহসী বীৰৰ দৰে মূৰ দাঙি উঠা। নিৰাশ নহবা। যিবিলাক অলপতে নিৰাশ হয় তেওঁলোকৰ পৰিণাম বৰ শোচনীয় হয়।

 এইবিলাক কথা শুনি ৰোমিৱ অলপ প্ৰকৃতিষ্ঠ হল। তেতিয়া সেই সাধুজনে ৰোমিৱক সেইদিনা ৰাতিলৈ মনে মনে জুলিয়েটক দেখা কৰি তেওঁৰ পৰা বিদায় লৈ মণ্টুৱা নগৰলৈ যাবলৈ বুধি দিলে। মণ্টুৱাতে গৈ তেওঁ কিছু দিন থাকিব। সাধুৱেও ইফালে সুযোগ বিচাৰি থাকিব। সুবিধা যেন দেখিলেই তেওঁ তেওঁলোকৰ বিবাহৰ কথা লোকসমাজত প্ৰকাশ কৰি দিব। এই বাৰ্তাই হয়তো দুয়ো পৰিয়ালৰ ভিতৰত মিলন ঘটাব আৰু ৰজায়ো তেতিয়া তেওঁক ক্ষমা কৰি দণ্ডাজ্ঞা প্ৰত্যাহাৰ কৰিব। তেতিয়া তেওঁ ইয়াতকৈ শত গুণ সুখেৰে ভেৰোণালৈ উভতি আহি তেওঁৰ অমূল্য কণ্ঠহাৰ ডিঙিত পিন্ধি নতুন জীৱন যাপন কৰিবহি। মণ্টুৱাত থকা কালত সাধুৱে জুলিয়েটৰ আৰু ৰোমিৱৰ ঘৰৰ প্ৰয়োজনীয় বাৰ্ত্তাদি তেওঁক জনাই থাকিম বুলিও প্ৰতিশ্ৰুতি হল। এইবিলাক কথা শুনি ৰোমিৱই প্ৰাণত কিছু শান্তি পালে। তেওঁ তেতিয়া সাধুৰ কথা মতেই কাম কৰিম বুলি স্থিৰ কৰিলে। সেই ৰাতিলৈ জুলিয়েটৰ লগত দেখা কৰিবলৈ সুবিধা বিচাৰিবৰ কাৰণে তেওঁ উঠিল। জুলিয়েটৰ লগতে সেই ৰাতি কটাই তেওঁৰ ওচৰত বিদায় লৈ পিছদিনা ৰাতিপুৱাই অকলে মণ্টুৱা নগৰলৈ যাত্ৰা কৰিম। বুলি প্ৰতিশ্ৰুতি হৈ তেওঁ সাধুৰ পৰা বিদায় ললে।

 আগদিনা দেখা হোৱা বাগিচাত গৈ ৰোমিৱ সেই ৰাতি উপস্থিত হলগৈ। জুলিয়েটে তেওঁক তেওঁৰ নিজা কোঠালিলৈ লৈ গল। জুলিয়েটৰ লগতে ৰোমিৱই সেই নিশা কটালে। সেই ৰাতি তেওঁলোকৰ কি সুখৰ! ৰাতি পুৱালেই দাৰুণ যি বিচ্ছেদৰ আশঙ্কা তাৰ চিন্তাই সেই সুখৰ মাজতে তেওঁলোকক কাতৰ কৰিছিল। সেই অমঙ্গলীয়া ৰাতিপুৱা আহিল। তেওঁলোকৰ মানত চকুৰ পচাৰতে অহা যেন লাগিল! যেতিয়া ৰাতিপুৱা মতা ফেঁচু চৰাইৰ মাত জুলিয়েটৰ কাণত পৰিল, তেওঁ তাকো ৰাতি মতা কেতেকী চৰায়েহে মাতিছে বুলি ভাবিলে আৰু ৰোমিৱকো সেই বুলিয়েহে বুজালে; কিন্তু মাতিছিল সচাকৈয়ে ফেঁচু চৰায়ে! তন্ময়চিত্ত সেই দুটি প্ৰেমিক- প্ৰেমিকাই পুৱাৰ পোহৰ দেখিহে বুজিলে যে তেওঁলোকৰ বিচ্ছেদৰ সময় আহিল। ৰোমিৱই প্ৰণয়াস্পদৰ ওচৰত বিদায় ললে। ৰোমিৱ যেতিয়া নামি আহি মাটিত থিয় হলহি জুলিয়েটৰ চকুত সেই মূৰ্ত্তি এটি নিৰ্জীৱ নৰকঙ্কাল যেনহে অনুমান হল। ৰোমিৱৰ মানতো খিড়িকীমুখৰ সেই প্ৰতিমাটি এখনি নিৰ্জীৱ ছবি যেনহে বোধ হৈছিল; কিন্তু ৰোমিৱৰ যাবৰ সময় আহিল। তেওঁক ৰাতিপুৱালেই ভেৰোণা নগৰৰ চতুৰ্সীমাৰ ভিতৰত দেখা মানেই তেওঁৰ মৃত্যু।

 কুক্ষণত এই দুটি প্ৰাণৰ মিলন হৈছিল। এয়ে মাত্ৰ তেওঁলোকৰ বিপদৰ আৰম্ভ। ৰোমিৱ যোৱাৰ অলপ দিনৰ পিছতে লৰ্ড কেপুলেটে জুলিয়েটৰ বিয়াৰ বন্দৱস্ত কৰিলে। দৰা ঠিক হল কাউণ্ট পেৰী নামে এজন বীৰ; ধনে-মানে অৱস্থাপন্ন বীৰ বুলি খ্যাতি থকা ধুনীয়া ডেকা। ৰোমিৱক প্ৰাণ নসপা হলে এই ডেকাজনো জুলিয়েটৰ অনুপযুক্ত নহলহেঁতেন। জুলিয়েটৰ বাপেকেতো নাজানে যে জুলিয়েটে এজনক প্ৰাণ সপিছে আৰু তেওঁৰ লগত তেওঁৰ বিয়া হৈ গল।

 বাপেকৰ কথাত জুলিয়েট মহা সঙ্কটত পৰিল। তেওঁ কি কৰিব হতবুদ্ধি হল। অৱশেষত বাপেকক কলে যে তেওঁৰ তেতিয়াও বিবাহৰ উপযুক্ত বয়স হোৱা নাই। তাতে আকৌ টাইবল্টৰ মৃত্যুত তেওঁৰ মনৰ অৱস্থা একেবাৰেই বেয়া। এনে অৱস্থাত কি আনন্দত তেওঁ বিয়া কৰাব! কি আনন্দতেই বা টাইবল্টৰ অন্ত্যেষ্টি ক্ৰিয়া শেষ হওঁতে নহওঁতেই তেওঁৰ পিতাকে এনে এটা উৎসৱৰ আয়োজন কৰিব। এই বিয়া নাপাতিবৰ কাৰণে জুলিয়েটে বাপেকক নানাৰকমে বুজালে; কিন্তু তেওঁৰ যে বিয়া হৈ গল সেই কথা মাথো লুকালে। লৰ্ড কেপুলেটে তেওঁৰ একো যুক্তি নুশুনিলে। তাৰ পিছৰ বৃহস্পতিবাৰেই তেওঁলোকৰ বিয়া হব; তালৈ জুলিয়েট প্ৰস্তুত হবলৈ কলে। ক্ষন্তেকৰ চকুৰ লাজৰ নিমিত্তেই জুলিয়েট অমান্তি হৈছে বুলিহে লৰ্ড কেপুলেটৰ ধাৰণা আছিল তাৰ নিমিত্তেই এনে উপযুক্ত পাত্ৰত জুলিয়েটক সমৰ্পণ নকৰি তাইৰ সুখৰ জীৱনত অন্তৰায় হবলৈ ইচ্ছা নকৰিলে। তেওঁ কলে, “কাউণ্ট পেৰী জুলিয়েটৰ উপযুক্ত পাত্ৰ। ভেৰোণা নগৰৰ অতি ৰূপমদ-গৰ্ব্বীতা ৰমণীয়েই এওঁক হাঁহিমুখে প্ৰাণ সমৰ্পণ কৰিলেহেঁতেন। এনে প্ৰস্তাৱত আপত্তি কৰি জুলিয়েটে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে” বুলিহে তেওঁ বুজালে। সেই কাৰণেই তেওঁ জুলিয়েটৰ কথাত সম্মতি দিব নোৱাৰে বুলি কৈ তেওঁক প্ৰস্তুত হবলৈ কলে।

 এই সঙ্কটত জুলিয়েট তেওঁৰ বিপদৰবন্ধু সাধু লৰেঞ্চৰ পৰামৰ্শ লবলৈ গল। সাধুজনে সুধিলে, “ইয়াৰ প্ৰতিবিধান কৰিবলৈ তেওঁৰ কিমান মনৰ দৃঢ়তা আছে?” জুলিয়েটে কলে, “তেওঁৰ প্ৰাণৰ ৰোমিৱ জীয়াই থাকোতে কাউণ্ট পেৰীক বিয়া কৰাতকৈ তেওঁ জীৱন্তে কবৰলৈ যাবলৈকো প্ৰস্তুত।” সাধুৱে তেওঁক ঘৰলৈ যাবলৈ কলে। বাপেকৰ ইচ্ছাত বাধা নিদি কাউণ্ট পেৰীক বিয়া কৰিবলৈকো যে তেওঁ ৰাজী তেনে ইচ্ছা প্ৰকাশ কৰি ঘৰত আনন্দ মনেৰে থাকিবলৈ কলে। তেওঁ জুলিয়েটক অলপমান দৰবো তেতিয়াই দিলে। বিয়াৰ আগদিনা দিনা ৰাতি সেই দৰব জুলিয়েটক খাবলৈ কলে। তাৰ গুণত যি কোনো মানুহ ৪২ বিয়ালিছ ঘণ্টালৈকে মৃতপ্ৰায় হৈ থাকিব। তেওঁক পিচদিনা কাউণ্টে নিবলৈ আহি মৰাশহে দেখিব। জুলিয়েটক তেতিয়া মৰিল বুলি কবৰত থবগৈ। জুলিয়েটে তালৈ সাহ কৰিবনে সাধুজনে সুধিলে আৰু ইয়াকো তেওঁ কলে যে ইতিমধ্যে তেওঁ ৰোমিৱলৈ বাতৰি দিব। জুলিয়েটৰ টোপনি ভাগিলে সন্মুখত ৰোমিৱকে দেখা পাব আৰু তাৰ পৰা তেওঁক ৰোমিৱই মণ্টুৱালৈ লৈ যাব। ৰোমিৱৰ প্ৰতি তেওঁৰ প্ৰাণভৰা ভালপোৱা আৰু কাউণ্টক বিয়া কৰাৰ ভয়ত জুলিয়েট এই কঠোৰ পৰীক্ষালৈ প্ৰস্তুত হল। তেওঁ সাধুৰ পৰা দৰব লৈ ঠিক তেওঁ কোৱা মতে কবিধ বুলি কৈ তাৰপৰা বিদায় ললে।

 আশ্ৰমৰ পৰা উভতি যাওঁতে বাটত কাউণ্টক লগ পাই নম্ৰভাৱে তেওঁক বিয়া কৰাৰ বুলি সম্মতি জনালে। জুলিয়েটৰ বৃদ্ধ পিতাক আৰু মাকলৈ এই বাৰ্তা বৰ সুখৰ হৈছিল। জুলিয়েটে অসম্মতি জনাই তেওঁলোকৰ অবাধ্য হোৱাত, মনে মনে বৰ দুখ পাইছিল; কিন্তু আজি জুলিয়েটৰ সম্মতি পাই সেই সকলো পাহৰিলে। কেপুলেট পৰিয়ালৰ সকলোৰে মনত আনন্দৰ সীমা নাই। সকলোৱেই বিয়াৰ বন্দবস্তত ব্যস্ত, আনন্দত মতলীয়া।

 কালিলৈ বিয়া। বুধবাৰে ৰাতি জুলিয়েটে সাধুৱে দিয়া সেই দৰবটো খালে। খোৱাৰ আগত জুলিয়েটে কতবাৰ ভাবি- ছিল কিজানি সাধুৱে বিহকে দিছে! তেওঁৰে ৰোমিৱৰে বিবাহ সাধুৱেই যাজক হৈ পাতি দিছিল। লোকসমাজত তেওঁ নিন্দাৰ পাত্ৰ হব বুলি সাধুৱে কিজানি তেওঁক মাৰিবৰে ষড়যন্ত্ৰ কৰিছে! কিন্তু তেওঁ সাধুজনক ধৰ্ম্মভীৰু আৰু অকপত হৃদয়ৰ মানুহ বুলি জানে। সেই অমূলক সন্দেহে তেওঁৰ মনত ঠাই নাপালে। জুলিয়েটে আৰু ভাবিলে—যদি তেওঁ ৰোমিৱ অহাৰ পূৰ্ব্বেই সাৰ পাই! তেতিয়া সেই শ্মশানত নৰকঙ্কাল—মৃতকৰ প্ৰেতাদি ভীষণ ভীষণ প্ৰতিমূৰ্ত্তিবোৰ দেখি যদি ভয়ত আকৌ জ্ঞান হেৰুৱায়! প্ৰাণ ঘূৰাই পালেও যদি তেওঁ বলীয়া হয়! ইত্যাদি নানা আশঙ্কা তেওঁৰ মনলৈ আহিবলৈ ধৰিলে; কিন্তু ৰোমিৱৰ প্ৰতি বুকুভৰা ভালপোৱাই সেই সকলো সন্দেহ, সকলো আশঙ্কা উটুৱাই দিলে। জুলিয়েটে সেই দৰবৰ পাত্ৰটি হাতত লৈ মুহূৰ্ত্ততে খাই পেলালে। পিছ মুহূৰ্ত্ততে জুলিয়েটৰ শৰীৰ নিশ্চল নিষ্পন্দ প্ৰাণহীন হল।

 পিছদিনা ৰাতিপুৱা মাঙ্গলিক বাদ্য আদি বজাই জুলিয়েটৰ কোঠালিত সোমাই কাউণ্ট পেৰীয়ে কি দৃশ্য দেখিলে! জুলিয়েটৰ অসাৰ নিষ্পন্দ দেহ! কি নিদাৰুণ দৃশ্য! নিৰ্ম্মল আকাশ ধুমুহাৰ আগৰ কʼলা ডাৱৰেহে যেন ঢাকি পেলালে। অকল পেৰী কিয় গোটেই কেপুলেট পৰিয়ালত এটা হুলস্থুল পৰি গল। বিয়াৰ ধুমধাম কাঁহপৰি জীণ গল। লৰ্ড কেপুলেট আৰু লেডী কেপুলেটৰ কান্দোনৰ ৰোলে আকাশ বিদীৰ্ণ কৰিলে। জুলিয়েট যে তেওঁলোকৰ একমাত্ৰ সন্তান। তেওঁ- লোকৰ চকুৰ মণি—বুকুৰ কলিজা। জুলিয়েটৰ বিয়াঘৰ আজি জুলিয়েটৰ কবৰ! জুলিয়েটৰ বিয়াৰ আয়োজনেই মৃতকৰ প্ৰেতকৰ্ম্মৰো আয়োজন হল। কান্দোনৰ ৰোল বিয়াৰ উৰুলি হল। বিয়াৰ পুৰোহিত মৃতকৰ সৎকাৰৰ পুৰোহিত হল। যি গীৰ্জাত জুলিয়েটৰ বিয়া হলহেঁতেন তালৈকে এতিয়া জুলিয়েটৰ মৃতদেহো সৎকাৰৰ অৰ্থে নিয়া হল! যʼত সেই সময়ত সুখ সঙ্গীতে আনন্দাশ্ৰু বোৱালেহেঁতেন তাত কৰুন বিননিয়ে শোকৰ অশ্ৰুধাৰা বোৱালে।

 শোকৰ বাতৰি বতাহতে আহে। এই মৰ্মান্তিক মৃত্যু- সংবাদ ৰোমিৱৰ কাণত পৰিলগৈ। সাধু লৰেঞ্চে সময় মতেই দূত পঠাইছিল। ৰোমিৱক অলপো শঙ্কা কৰিবলৈ নিদিছিল। দূতে গৈ কব যে সেই সকলোবোৰ কেৱল ৰোমিৱ- জুলিয়েটৰ মিলন ঘটাবৰ উপায় মাথো; কিন্তু লৰেঞ্চৰ দূত পোৱাৰ আগেয়েই বোমিৰই সেই বাতৰি পালে। মুহূৰ্ত্তৰ আগতে ৰোমিৱৰ মন অতি প্ৰফুল্ল আছিল। যোৱা ৰাতি তেওঁ সপোনত দেখিছিল যেন তেওঁ মৰিল আৰু তেওঁৰ প্ৰাণপ্ৰতিমা জুলিয়েটে আহি সেই অৱস্থাত তেওঁক দেখা পাই মুখত মুখ লগাই তেওঁৰ কোমল স্পৰ্শৰে তেওঁক নতুন জীৱন দিলে। তাৰ পিছত তেওঁ কোনোবা এখন বিশাল—সদায় বসন্তপবন বৈ থকা সদানন্দ ৰাজ্যৰ সম্ৰাট হল। পিছদিনা ভেৰোণাৰপৰা অহা এজন মানুহ দেখা পাই তেওঁ ভাবিলে কিজানি সি কিবা শুভ বাতৰি লৈ তেওঁৰে যোৱা ৰাতিৰ সপোনৰ সাফল্য প্ৰমাণ কৰিবলৈ আহিছে; কিন্তু যেতিয়া তেওঁৰ আশাৰ অতীত, স্বপ্নৰ অগোচৰ সেই মৰ্ম্মান্তিক বাৰ্তা তেওঁৰ হৃদয়ৰ ৰাণী জুলিয়েটৰ মৃত্যুসংবাদ পালে—যেন তেওঁৰ মূৰৰ ওপৰত আকাশৰ শত- বজ্ৰ একেবাৰে আহি পৰিল। তেওঁৰ সেই সপোনৰ চুম্বনৰ কথা মনত পৰিল। তেওঁৰ চুম্বনতো জুলিয়েটে জীৱন ঘূৰাই পাবনে? যিটো অসম্ভৱ তাক আৰু ৰোমিৱই ধাৰণালৈ নানিলে; কিন্তু তেওঁ মনে মনে স্থিৰ কৰিলে যে তেওঁ ভেৰোণালৈ যাব। কৰৰত হলেও তেওঁৰ জুলিয়েটক এবাৰ চাবগৈ। এবাৰ সেই অসাৰ ওঁঠ দুটিত তেওঁৰ শেষ চুম্বন দিবগৈ। তেওঁ সেই মুহূৰ্ত্ততে তেওঁৰ ঘোঁৰা প্ৰস্তুত কৰিবলৈ আজ্ঞা দিলে। বিপদ কালত মানুহৰ ধৈৰ্য্যচ্যুতি হয়। ভাল- বেয়া বিচাৰৰ ক্ষমতা লুপ্ত হয়। বিপদ আৰু সঙ্গীন কৰা বিছুমান দুষ্ট বুদ্ধিতে মনত খেলিবলৈ ধৰে। ৰোমিৱৰো মনৰ অৱস্থা অবিকল সেইৰকম হল। তেওঁৰ তেতিয়া মনত পৰিল মণ্টুৱা নগৰৰ এটা আত নিঃকিন বেজৰ কথা। ৰোমিৱ এদিন ফুৰিবলৈ যাওঁতে এটা সৰু গলিৰ দাঁতিত ভগা-ছিগা আলমাৰি গোটাদিয়েকত তাৰ যথাসৰ্ব্বস্ব কেটামান দৰবৰ বটল চেদেলি-ভেদেলি হৈ থকা তেওঁৰ চকুত পৰিছিল। সি তাৰ দোকানৰ সন্মুখত হতাশ চিত্তে বহি এইদৰে কোৱা কথা- খিনি তেতিয়া তেওঁৰ মনত পৰিল। “মণ্টুৱা নগৰৰ আইনমতে বিহ বেচা যদিও প্ৰাণদণ্ড, তথাপিও এই হতভগীয়াই তালৈকে প্ৰস্তুত হৈ বেচিবলৈ ওলাইছে। বাৰেবাৰ প্ৰয়োজন থাকিলে, আহক নিয়কহি।” ৰোমিৱ সেই বেজৰ ঘৰ বিচাৰি গল। তাক আশাৰ অতীত দানেৰে সন্তুষ্ট কৰি অতি তীব্ৰ অলপ মান বিহ কিনি ললে। বেজটোৱে কৈছিল যে সাতোটা বলধৰ বল গাত থাকিলেও তাৰ অকণমানে মুহূৰ্ত্ততে শেষ কৰিব।

 এই বিহখিনি লৈ ৰোমিৱই ভেৰোণালৈ ঘোঁৰা মেলিলে। তেওঁ ইয়াকে মনত স্থিৰ কৰিছিল যে কবৰৰ ভিতৰতো এবাৰ তেওঁৰ জুলিয়েটক চাব। চাই শেষ হলে, সেই বিহ খাই জুলিয়েটৰ ওচৰতে তেৱোঁ সমাধিস্থ হব। মাজনিশা তেওঁ ভেৰোণা পালেগৈ আৰু কেপুলেটবিলাকৰ সমাধিস্থল পালেগৈ। ৰোমিৱই লগত এটা চাকি আৰু এখন কোৰ লৈছিল। সেই সমাধিস্থল পাই জুলিয়েটৰ কবৰটো ভাঙিবলৈ আগ বাঢ়োতে হঠাৎ কোনে তেওঁক বাধা দিলে আৰু কলে—“নাচ মণ্টেগ্, জীৱনৰ মমতা কৰ যদি এনে নীচকামলৈ আগ নাবাঢ়িবি।”

 কাউণ্ট পেৰীয়ে জুলিয়েটৰ কবৰত ফুল দিবলৈ আহি ৰোমিৱক দেখা পাই সেইদৰে কৈছিল। ৰোমিৱক তাত দেখা পাই কি কাৰণে তেওঁ তালৈ আহিছে একো ঠিক কৰিব নোৱাৰিলে। কেপুলেট আৰু মণ্টেগৰ শত্ৰুতাৰ কথা তেওঁ জানিছিল। সেই ৰাতি কেপুলেট পৰিয়ালৰ ওপৰত খঙৰ প্ৰতিশোধ লবলৈ, জুলিয়েটৰ মৃত দেহৰ অবমাননা কৰিবলৈ ৰোমিৱ তালৈ আহিছিল বুলি ভাবিলে। সেই কাৰণে খঙেৰে ৰোমিৱক বাধা দিলে আৰু ৰোমিৱ যে নিৰ্ব্বাসিত অপৰাধী তেওঁৰ পক্ষে ভেৰোণাত পদাৰ্পণ কৰাটো যে নীচ অপৰাধীৰ কাম তাকো সোঁৱৰাই দিলে। ৰোমিৱৰ চিত্তত এই কথাবোৰে তীব্ৰ শেলৰ দৰে বিন্ধিলে। তেওঁ আৰু নিজক দমাব নোৱাৰিলে। তথাপি তেওঁ তেওঁৰ বাধাকাৰীক তাৰ পৰা আঁতৰি যাবলৈ কলে। নহলে তেওঁকো টাইবল্টৰ লগতে থবলৈ কুণ্ঠিত নহওঁ বুলি কলে। কাউণ্টে খঙত তৰোৱাল উলিয়াই ৰোমিৱক আক্ৰমণ কৰিলে। দুয়োৰো যুদ্ধত কাউণ্ট ধাৰাশায়ী হল। ৰোমিৱই চাকিৰ পোহৰত দেখা পালে যে বাটত আহোতে যাব লগত জুলিয়েটৰ বিয়াৰ বন্দৱস্ত হৈছিল বুলি তেওঁ শুনিছিল তেৱেঁই সেই কাউণ্ট পেৰী ৰোমিৱই কাউণ্ট পেৰীকো জুলিয়েটৰ লগতে সমাধিস্থ কৰিবলৈ স্থিৰ কৰিলে। তেতিয়া তেওঁ জুলিয়েটৰ কবৰটো খান্দিলে আৰু দেখিলে তেওঁৰ প্ৰাণৰ প্ৰতিমাৰ অনিন্দ্য সুন্দৰ ৰূপৰ জ্যোতি তেতিয়াও ফুটি আছিল। মত্যুয়েও সেই ৰূপৰ ওপৰত অকণো কালিমা পেলাব পৰা নাই। ওচৰতে দেখা পালে টাইবল্টৰ মৃতদেহ। আজি টাইবল্টৰ কাৰণে ৰোমিৱৰ দুখ লাগিল। তেওঁ টাইবল্টৰ মৃতদেহকে সম্বোধন কৰি ক্ষমা ভিক্ষা কৰিলে। তেওঁৰ প্ৰাণৰ জুলিয়েটৰ কাৰণে এবাৰ ভাই বুলি মাতিলে। আজি তেওঁৰ শত্ৰু নিপাত কৰি প্ৰতিহিংসা বহ্নি নুমুৱাব বুলি টাইবল্টৰ মৃতদেহকে সম্বোধন কৰি ক্ষমা মাগিলে।

 তাৰ পাছত জুলিয়েটৰ অসাৰ ওঁঠত ওঁঠ লগাই—শেষ চুম্বন কৰি চিৰ বিদায় মাগিলে! তাৰ পিছত সেই বেজৰ পৰা অনা বিহখিনি একে সোহাই খাই পেলালে। তীব্ৰ বিহে মুহূৰ্ত্ততে ৰোমিৱৰ জীৱন লীলাৰ শেষ কৰিলে। ৰোমিৱৰ অসাৰ দেহ জুলিয়েটৰ দেহৰ ওচৰত পৰি ৰল।

 ইফালে সাধুৱে দিয়া দৰবৰ কাৰ্য্য শেষ হৈ আহিছিল। জুলিয়েটৰ টোপনি ভাগিবৰ সময় হৈ আহিছিল। সাধু লৰেঞ্চেও ইফালে শুনিবলৈ পালে যে ৰোমিৱলৈ পঠোৱা দূতৰ বাটত বহুত বেলি হল আৰু ঠিক সময়ত সেই খবৰ ৰোমিৱৰ ওচৰ নাপালেগৈ। সেই কাৰণে জুলিয়েটৰ দীঘলীয়া টোপনি ভাগিবৰ সময় হৈছে জানি নিজেই এটা লেম্প আৰু এখন কোৰ লৈ সেই সমাধি স্থললৈ আহিছিল। তেওঁৱেই জুলিয়েটক কবৰৰ পৰা উলিয়াবলৈ আহিছিল। সাধু লৰেঞ্চে তেওঁ অহাৰ পূৰ্ব্বেই সমাধিস্থলত চাকি জ্বলি থকা দেখি বৰ আচৰিত হল। তাতোকৈ আচৰিত হল যেতিয়া তেজৰ চিন আৰু দুখন তৰোৱাল পৰি থকা দেখা পালে। যেতিয়া আৰু ওচৰ চাপি আহি ৰোমিৱ আৰু কাউণ্ট পেৰীৰ মৃত দেহ মাটিত পৰি থকা দেখা পালে লৰেঞ্চৰ গা কঁপিবলৈ ধৰিলে।

 ইতিমধ্যে জুলিয়েটে সাৰ পালে। তেওঁৰ অলপ অলপকৈ জ্ঞান সঞ্চাৰ হোৱাৰ লগে লগে মনে মনে ভাবিছিল ৰোমিৱই সময়মতে আহি নোপোৱাৰ বাবে তেওঁলৈ মৰম নাই বুলি কৈ ৰোমিৱৰ লাজত ৰঙা পৰা মুখখনি চাই লব; কিন্তু ৰোমিৱ এখন্তকৰ আগ বাঢ়িল। জুলিয়েটে চকু মেলিয়েই সম্মুখত লৰেঞ্চক দেখা পালে। সেই মুহূৰ্ত্ততে তেওঁ কʼত আছে সেই কথা মনত পৰিল। ৰোমিৱ কʼত বুলি, কিয় তেতিয়াও অহা নাই—সাধু লৰেঞ্চক চকু মেলিয়েই সুধিলে কিন্তু; সাধু লৰেঞ্চে ঠিক সেই সময়তে বাহিৰত মানুহৰ গোলমাল শুনি জুলিয়েটক তাৰ পৰা সোনকালে ওলাই গুচি আহিবলৈ কলে। ভয়ে ভয়ে লৰালৰিকৈ ইয়াকো জনালে যে কিবা এটা দৈৱ-বিড়ম্বনাত তেওঁলোকৰ সকলো উপায় নিষ্ফল হল। বাহিৰৰ গোলমাল আৰু ওচৰ চপা শুনি তাকে কৈ ভয়ত লৰেঞ্চে পলাবৰ উপক্ৰম কৰিলে; কিন্তু যেতিয়া জুলিয়েটে তেওঁৰ ওচৰতে ৰোমিৱৰ অসাৰ নিষ্পন্দ দেহ পৰি থকা দেখা পালে তেতিয়া তেওঁৰ মনৰ অৱস্থা কোনে চাই! ওচৰতে পৰি থকা বিহ পাত্ৰটো দেখি আৰু জুলিয়েটৰ বুজিবলৈ বাকী নাথাকিল যে ৰোমিৱই বিষ পান কৰি প্ৰাণ এৰিলে। সেই পাত্ৰটোত যদি আৰু এধানমানো বিহ থাকিলহেঁতেন! তেন্তে জুলিয়েটে তাকে পান কৰি তেওঁৰ প্ৰিয়তমৰ লগৰীয়া হল- হেঁতেন! পাত্ৰটো উবুৰিয়াই চালে তাত একো নাই! যদি ৰোমিৱৰ ওঁঠ দুটিত তেতিয়াও তীব্ৰ বিহৰ অলপমানো লাগি আছে। জুলিয়েটে সেই জঠৰ ওঁঠ দুটিত কত চুমা খালে। নাই, তাতো তেওঁলৈ অকণমান বিহ নাই। ইফালে শুনিলে মানুহৰ গোলমাল আৰু বাঢ়িল; তেওঁৰ নিচেই ওচৰ চপা যেন শুনিলে। তেতিয়া জুলিয়েটে তেওঁৰ কঁকালৰ চুৰী উলিয়াই আমূল নিজৰ বুকুত বহুৱাই দি তেওঁৰ ৰোমিৱৰ পথ অনুসৰণ কৰিলে।

 ৰখীয়া-প্ৰহৰী আৰু অন্যান্য মানুহ-দুনুহ লাহে লাহে আহি সেই ঠাই ওলালহি। কাউন্ট পেৰীৰ এজন ভৃত্য তেওঁৰে ৰোমিৱৰে মাজত হোৱা যুদ্ধখন মনে মনে দেখি আহিল। সিয়েই গৈ সেই ঘটনাৰ কথা চিঞৰি চিঞৰি মানুহক জনাই দিলেগৈ। পেৰী! ৰোমিৱ! জুলিয়েট! ইয়াকে মাথোঁ সি চিঞৰ চিঞৰি কবলৈ ধৰিলে। মানুহবিলাকে দুজন এজনকৈ সাৰ পাই কি হল বিস্তাৰিত ভাৱে কথাটো জানিবলৈ সোধাসুধি কৰিবলৈ ধৰিলে। লাহে লাহে কথা গৈ লৰ্ড কেপুলেট আৰু মণ্টেগৰ কাণত পৰিলগৈ! যুৱৰাজেও এই কথাৰ ভু পাই শয্যা এৰি ঘটন৷টো কি জানিবলৈ উৎসুক হল।

 সাধু লৰেঞ্চে কান্দি কান্দি কঁপি-জপি পলাই আহোঁতে এজন ৰখীয়াৰ চকুত পৰিল। তেওঁৰ সন্দেহজনক আচৰণ দেখি ৰখীয়াটোৱে তেওঁক ধৰিলে। লাহে লাহে সেই শ্মশান ভূমি মানুহৰে ভৰি পৰিল। লৰ্ড কেপুলেট, লৰ্ড মণ্টেগ আৰু যুৱৰাজ নিজেও সেই সমাধিস্থানত উপস্থিত হলহি। তেতিয়া যৱৰাজে লৰেঞ্চক সেই ঘটনা সম্বন্ধে কি জানে কবলৈ আজ্ঞা দিলে। সাধুৰেও যথাযথ বৰ্ণনা কৰি গল।

 ৰোমিৱ আক জুলিয়েটৰ প্ৰথম প্ৰণয়ৰ কথা; তাৰ পিছত বিবাহ কেনেকৈ তেওঁৰ সাহায্যতে সেই বিবাহ সংঘটিত হল; তাত পৰি থকা ৰোমিৱ যে জুলিয়েটৰ স্বামী আৰু জুলিয়েট যে ৰোমিৱৰ ধৰ্ম্মপত্নী; তাৰ পিছত পেৰীৰ লগত বিবাহৰ বন্দবস্ত ভাঙিবৰ সকলো বন্দৱন্ত; জুলিয়েটে সেই টোপনিৰ দৰব খোৱাৰ কথা; ৰোমিৱলৈ বাতৰি দিয়াৰ কথা আৰু দুতৰ কেনেকৈ বেলি হল—ইয়ালৈকে কৈ আৰু সাধুৱে কব নোৱাৰিলে। ইয়াকে মাথোঁ কলে যে উদ্ধাৰ কৰিবলৈ তালৈ আহি ৰোমিৱ আৰু কাউণ্ট পেৰীক তাত সেই অৱস্থাত পৰি থক! দেখা পাইছে। কাউন্ট পেৰীৰ চাকৰটোৱে, যি সেই যুদ্ধ হোৱা দেখিছিল —যিমানখিনি জানে, কলে। বাকী জানিবলগীয়া সকলো কথা মণ্টুৱাৰ পৰা অহ! ৰোমিৱৰ চাকৰটোৰে কলে। ইয়াৰ হাততে ৰোমিৱই মৰিম বুলি স্থিৰ কৰিয়েই বাপেক লৰ্ড মণ্টেগলৈ জুলিয়েটৰ লগত সাধুৰ সাহায্যত হোৱা বিয়া আদিৰ কথা আক অন্যান্য সকলো দোষৰ বাবে ক্ষমা ভিক্ষা কৰি এখনি চিঠি লেখি দিছিল। সেই চিঠি তেওঁৰ মৃত্যুৰ পিছত হে দিবৰ হুকুম আছিল। সেই চিঠিত বিহ কিনি অনাৰ কথা আৰু জুলিয়েটৰ সমাধি মহলত যে তেওঁ মৰিবলৈহে আহিছিল তাৰ উল্লেখ আছিল। এই বিলাক প্ৰমাণে সাধুৰ ওচৰত এই হত্যা বিলাকৰ বাবে অলপমানো দোষৰ ছাঁয়া নেপেলালে আৰু তেওঁৰ যে কোনো কু মৎলৱ নাছিল, তাৰে বিশিষ্ট প্ৰমাণ পোৱ| গল।

 তেতিয়া ৰজাই বুঢ়া লৰ্ড কেপুলেট আক মন্টেগৰ ফালে চাই তেওঁলোকৰ এনে নিষ্ঠুৰ শত্ৰুতাৰ বাবে ভৎসনা কৰিলে। আৰু কলে যে তেওঁলোকৰ সেই অস্বাভাৱিক আৰু অকিঞ্চিতকৰ ঘৃণাৰ বাবে ঈশ্বৰে তেওঁলোকৰ ওপৰত এনে কঠোৰ শান্তি বিধান কৰিছে। আদি পুত্ৰ-কন্যাৰ জীৱনৰ বিনিময়ত তেওঁলোকৰ কবৰতে দুয়ো পক্ষৰ দীৰ্ঘকালৰ বাদ-বিসম্বাদ, ঘৃণা, শত্ৰুতা সকলো কবৰ দিলে। দুয়োজন বুঢ়া লর্ডে তেতিয়া যেন নিজৰ জীয়েক-পুতেকৰ বিয়াৰ বাবেহে ভাই ভাই বুলি আলিঙ্গন কৰিলে। তেতিয়া বুঢ়া লৰ্ড মণ্টেগে সকলোৰে সম্মুখত প্রতিজ্ঞা কৰিলে যে তেওঁ অতুল ঐশ্বৰ্য্যৰ বিনিময়ত তেওঁৰ বোৱাৰীয়েক জুলিয়েটৰ নাম চিৰস্মৰণীয় কৰিবলৈ এনে এটা সোণৰ প্রতিমূৰ্ত্তি গঢ়ি ৰাখিব--যাৰ নিচিনা কাৰুকাৰ্য্য ভেৰোণাৰ ৰাইজে কেতিয়াও দেখা নাই। জৰ্জ কেপুলেটেও, তেওঁৰ সমস্ত সম্পত্তিৰ বিনিময়ত তেওঁৰ জোৱায়েক ৰোমিৱৰ অবিকল তেনেকুৱা এট! প্ৰতিমূৰ্ত্তি জুলিয়েটৰ ওচৰতে গঢ়ি ৰে৷মিৱ-জুলিয়েটৰ প্ৰণয়ৰ চিন চিৰকাললৈ অক্ষুন্ন ৰাখিব।


অন্ত

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )