ৰূপালীম/সপ্তম অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

সপ্তম অঙ্ক
ৰূকমী ৰাজ্যৰ পৰ্ব্বতৰ তলৰ মুকলি সমতল

সময়:- পুৱা


            [সোঁমাজতে ৰূপালীমক পুৰিবলৈ এখন প্ৰকাণ্ড কাঠৰ চিতা সজোৱা হৈছে। চিতাৰ ওপৰত ৰূপালীমক এটা খুটাত পাছলৈ হাত কৰি গোটেই গাতে জৰীৰে মেৰিয়াই খুটাৰে সৈতে বন্ধা হৈছে। চাৰিওফালে ৰূকমী সৈন্যই যাঠী-জোঙেৰে চিতাখন ঘেৰি থৈছে আৰু চিতাৰ দুই কাষত আগ ভাগ লৈ পাঁচোটা পাঁচোটাকৈ দহোটা কাঁড়ী।সিহঁতে হাতত ধনু আৰু কাঁড় লৈ আদেশৰ অপেক্ষাত আছে। চিতাৰ চাৰিওফালে ৰূকমী তিৰোতা উত্ৰাৱল। আটাইবিলাকে উত্তেজিত হৈ কথা কোৱা-মেলা কৰিব লাগিছে। চিতাৰ এফালে বুঢ়া জুনাফা অধোৰবদনে বহি আছে। সৈন্য আৰু কাঁড়ীবোৰৰ মুখ গহীন, আৰু কৰ্ত্তব্যকঠোৰ।এনেতে চাৰিওফালে ভেৰি, পেঁপা, কালী, জয়ঢোল বাজিবলৈ ধৰে। মানুহৰ কোঢ়াল আৰু বাদ্যযন্ত্ৰৰ শব্দত কোলাহল হৈ পৰে। ‘জয় ৰূকমী ৰাণীৰ জয়’ ! ‘জয় ৰূকমী ৰাণীৰ জয়’ বুলি চাৰিওফালৰপৰা সমস্বৰে নিনাদিত হয়। সৈন্য-সামন্ত লিগিৰীৰে বেৰ খাই ইতিভেন ৰাণিৰ সাজসজ্জাৰে তালৈ শিল-কঠুৱা হৈ সোমায় আহে। সকলোৱে আঠু লয়। ইতিভেন তালৈ আহি এদঁতীয়া হৈ এফালে থিয় দি সকলোলৈকে চাবলৈ ধৰে। তাৰ পিছত...]
ইতিভেন :- ৰূকমী-ৰাজ্যৰ প্ৰজাসকল ! আপোনাসকলে জানে মোৰ সহোদৰ ককাইকো ৰাজ্য ত্যাগ কৰাবলৈ কুণ্ঠিত হোৱা নাই। মোৰ প্ৰণয়ৰ থলি, মোৰ পাণি গ্ৰহণ কৰিবলৈ অতি ইচ্ছুক মোৰ প্ৰণয়প্ৰাৰ্থীকো মই উপেক্ষা কৰিলোঁ। কিহৰ কাৰণে ? একমাত্ৰ মোৰ দেশৰ গৌৰৱ অটুট ৰাখিবলৈ। আনকি এদিন নিজৰ প্ৰাণকো দেশৰ কাৰণে তুচ্ছ জ্ঞান কৰি মণিমুগ্ধৰ বিৰুদ্ধে অভিযান কৰিলোঁ। এই অত ক্ষতি... অত ত্যাগ... অত ৰূকমী জাতিৰ দুখ-কষ্ট... ৰূকমী জাতিৰ ঘৰবাৰী সকলো ধ্বংস কৰিও যি গৌৰৱ ৰাখিবলৈ সকলো জলাঞ্জলি দিলোঁহক... সেই সকলো ভ্ৰষ্ট কৰিলে কোনে ? ৰূকমী তিৰোতাৰ গাত খিলঞ্জীয়া কলঙ্ক সানিলে কোনে ? এই মহা পাপীয়সী অসতীয়ে নহয়নে ? নহয়নে ?
            [চাৰিওফালে ‘হয়’ ‘হয়’ ‘সঁচা’ ‘সঁচা’ ‘ৰূপালীম্‌ অসতী’ সকলো ভ্ৰষ্ট কৰিলে। ‘ৰূপালীম্‌ অসতী।’ ]
ইতিভেন :- ৰূকমী তিৰোতাৰ সতীত্ব এটা ডকাইতৰ চৰণত উপহাৰ দি তাই আকৌ ঘূৰি আহি দেশৰ সতীৰ আসনত বহিব খোজে। তাই আকৌ কব খোজে তাইৰ সতীত্বত বোলে চেকা পৰা নাই। মণিমুগ্ধই হৰণ কৰি তাইক পঠিয়াই দিছে। হাঁহি উঠা কথা ! অসতী... এশবাৰ অসতী... সহস্ৰবাৰ অসতী ! [জুনাফালৈ চাই ] কোৱা বুঢ়া মানুহ ! সঁচা কথা কোৱা, তোমাৰ এই কন্যা অসতী হয় নে নহয় ? তোমাৰ ৰূকমী জাতিৰ গৌৰৱৰ কথা... মনত ৰাখিবা। ৰূকমী নাৰীৰ সতীত্বৰ কথা কোৱা বুঢ়া মানুহ ! কোৱা ? অসতী হয় নে নহয় ? অসতীৰ কি শাস্তি ?
জুনাফা :- [কঁপি কঁপি থিয় হ’ল। তাৰ পিছত সকলোলৈকে চাই ঘৃণাৰে মুখ কোচাই আনি মুখ ঘূৰাই ] নাচাওঁ... নাচাওঁ... মোৰ কন্যাৰ প্ৰেত-মূৰ্ত্তিটো আৰু নাচাওঁ। অসতী... অসতী... ৰূকমী নাৰীৰ খিলঞ্জীয়া কলঙ্ক। হায় হায় ! মোৰ এই বুকু যাৰ কাৰণে এদিন কলি-কুমলীয়া আছিল... যাৰ মৰম মই বুকুত আথেবেথে সাঁচি থৈছিলোঁ, আজি সেই বুকুখন পাথৰ হ’ল... শিলা হ’ল। তাত জীয়ৰীৰ মৰমৰ কটাৰীখন ভেদি সোমাব নোৱাৰে। পাথৰ... পাথৰ হ’ল.... মোৰ বুকু আজি পাথৰ হ’ল [বুকু ভুকুৱাই কান্দি ] ৰাণী ! ৰূকমী জাতিৰ গৌৰৱৰ মুকুট পিন্ধা, শাস্তি...
            [জুনাফা মূৰ্চ্ছা যায়। ইতিভেনৰ ইঙ্গিত পাই কাঁড়ী কেইটাই ৰূপালীমলৈ কাঁড় মাৰে। কেইডালমান ৰূপালীমৰ গাত বিন্ধ খায়।মায়াব’ ধৰফৰাই বাগৰি পৰে আৰু চাৰিফালে ভীষণ গোলমাল আৰম্ভ হয়।ৰূপালীমো লাহে লাহে ঢলি পৰি যায়। কেইজনমান সৈন্যই মায়াব’ক ধৰি তাৰপৰা আঁতৰাই নিবলৈ প্ৰয়াস পায় যদিও মায়াব’ৰ ছটফটনিত আৰু ধৰফৰণিত বেগতে চম্ভালি ৰাখিব নোৱাৰে। ইতিভেনে ইঙ্গিত কৰে আৰু ওচৰত থকা যখ প্ৰহৰীবোৰে চিতাত জুই জ্বলাই দিয়ে। ধোঁৱাৰে মঞ্চটো ঢাক খাই যায় আৰু চাৰিওফালৰপৰা পেঁপা, জয়ঢোল বাজিবলৈ ধৰে। তাৰ বোলত মতলীয়া হৈ মানুহবিলাকে ‘জয় ৰূকমী ৰাণীৰ জয়’বুলি চিঞৰিবলৈ ধৰে। কোঢ়াল আৰু ধোঁৱা বাঢ়িবলৈ ধৰে। লাহে লাহে আঁৰ-কাপোৰ পৰি যায়। ]

আঁৰ-কাপোৰ