ৰূপালীম/ষষ্ঠ অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

ষষ্ঠ অঙ্ক
মণিমুগ্ধৰ প্ৰাসাদৰ এটা সুসজ্জিত কোঠা

সময় :- নিশা


            [কোঠাটো দীঘল... বহুদূৰলৈকে গৈছে। তাৰ সিফালে গোটেই দেৱাল ঘূৰি এখন বিৰাট গবাক্ষ। সেইফালেদি বহু-দূৰলৈকে বিস্তৃত সুন্দৰ ফুলনি দেখা গৈছে। ৰাতি জোঠাটোতে গছাই গছাই শ শ প্ৰদীপ জ্বলোৱা হৈছে। মঞ্চৰ সমুখ ভাগত এখন সুন্দৰ পালঙ্ক পতা আছে।মণিমুগ্ধই অতিকৈ শুভ্ৰ শুৱনি সাজ-পাৰ পিন্ধি শয্যাত আৰামকৈ বহি ফটিকা খাব লাগিছে। শয্যাৰ একাষে দহজনীমান ছোৱালীয়ে হাতত বীণা কৰতাল আৰু বাঁহী লৈ ঐক্যতানত বাজনা বজাব লাগিছে। এজনী লিগিৰীয়ে ফটিকা বাকি খুৱাব লাগিছে।]
মণিমুগ্ধ :- লিগিৰী ! ৰেণথিয়াং...
            [এজনী লিগিৰী সেৱা জনাই ওলাই যায় আৰু অলপ পৰৰ পিছতে ৰেণথিয়াঙৰ সৈতে সোমাই আহে।]
ৰেণথিয়াং :- প্ৰভু !
মণিমুগ্ধ :- বন্দীবোৰক প্ৰাণদণ্ডৰ কাৰণে সাজু কৰা হৈছেনে ?
ৰেণথিয়াং :- হয় প্ৰভু। ঘাতকনোৰ সাজু হব ধৰিছে। মাজনিশা এটা এটাকৈ প্ৰাণদণ্ড পোৱা বন্দীবোৰক হত্যা কৰা হব আৰু তাৰ পিছতে বাকী থকা ৰূকমী গাঁওবোৰ সমূলঞ্চে ধ্বংস কৰি ৰূকমী কাৰেংটোতে জুই দিয়া হব।
মণিমুগ্ধ :- বাৰু। আৰু গাঁও-ভুঁই পুৰিব নালাগে। কাৰেঙো একো নকৰিবি। ৰূপালীমক এই আদেশৰ কথা জনোৱা হৈছে নে নাই।
ৰেণথিয়াং :- হৈছে প্ৰভু !
মণিমুগ্ধ :- তাই এই বাতৰি কেনেভাৱে গ্ৰহণ কৰিছে ?
ৰেণথিয়াং :- শুনি তাই মূৰ্চ্ছাপ্ৰায়। তাৰ পিছত অবিকল কান্দিব লাগিছে। সেই কান্দোন এতিয়াও মাৰ যোৱা নাই।
মণিমুগ্ধ :- সুন্দৰ হৈছে। চকুপানীৰ বাৰিষাৰে কোমল হোৱা অন্তৰৰ মাটিত মই চাহ কৰি মোৰ বাসনাৰ কঠীয়া পেলাবৰ উপযুক্ত সময় হৈছে। লৈ আহ ৰূপালীমক... সুন্দৰকৈ সজাই ফুল-চন্দনেৰে।
            [ৰেণথিয়াং ওলাই যায়।মণিমুগ্ধই দীঘলকৈ হুমুনিয়াহপেলাই এঢোকা ফটিকা খাই, দাৰ্শনিক কলা, বিশাৰদৰ সৌন্দৰ্য্যপিপাসু দৃষ্টিৰে চাৰিওফালে চাই লয়, আপোন মনে নিজেই অলপ হাঁহি হাঁহি কয়।]
মণিমুগ্ধ :- কি সুন্দৰ ৰূপালীম্‌... কেনে কোমল তাইৰ মাংস-পেশীবোৰ,... কেনে গোলাপৰ পাহিৰ দৰে নিমজ তাইৰ গাৰ ছাল।বিদ্যাধৰীসকল ! বজোৱা... সুন্দৰ সুৱদি বেহাগ.... মোৰ প্ৰাণ বিৰহত ব্যাকুল হৈ পৰক। আকৌ বজোৱা কামোদ... মোৰ বাসনাৰ ৰঙা গোলাপ এপাহ এপাহকৈ ফুলি উঠক। তাৰ তীব্ৰ সুৰভিৰ মাদকতাত মই মতলীয়া হৈ ৰূপালীমক দুগুণ সুন্দৰী দেখোঁ। আৰু মোক আনি দিয়া মিছৰী হাছিছ... তাৰ অলপ সেৱন কৰি... সকলোকে সপোনৰ মায়াবী কোঠালিলৈ লৈ যাওঁ।
            [এজনী লিগিৰীয়ে সৰু টেমাত হাছিছ দিয়ে। মণিমুগ্ধই মুখত লৈ এবাটি ফটিকা হাতত লয়। লাহে লাহে সপোনবলিয়া হৈ আহে। শয্যাত বহি বাদিকাবোৰক ইঙ্গিত দিয়াত সিহঁতে ঝঙ্কাৰি ঝঙ্কাৰি বীণাত মূৰ্চ্ছনা দিবলৈ ধৰে।]
মণিমুগ্ধ :- বজোৱা, মূৰ্চ্ছনা আৰু মূৰ্চ্ছনাৰ লগে লগে মোৰো ৰূপৰ পিয়াহ তাৰ ছন্দেৰে সমন্বয় ৰাখি বাঢ়ি বাঢ়ি তন্দ্ৰালোকৰ তাৰাগ্ৰামলৈ উঠি যাওক আৰু তাৰা স্বৰৰ দৰে তীব্ৰ হৈ পৰক যাতে ৰূপালীমৰ ৰূপৰ সূক্ষ্মাতিসূক্ষ্ম সৌন্দৰ্য্যও মোৰ অনুভূতিত ধৰা পৰে। ৰূপালীমৰ ৰূপৰ সোৱাদৰ সূক্ষ্মতৰ মৌখিনি যাতে মোৰ ওঁঠে উপলব্ধি কৰিব পাৰে। খাতে মোৰ চুলিৰ আগে, ভৰিৰ আঙুলিৰ নখে, হাড়ৰ ভিতৰত থকা হিমজুৱেও ৰূপালীমৰ ৰূপৰ পৰশত শিয়ঁৰি সুখ পায়। মোক লাগে ৰূপালীমৰ ৰূপৰ পূৰ্ণ উপভোগ.... ৰূপালীম্‌...
            [এনেতে ৰেণথিয়াংএ ৰূপালীমক লৈ সোমাই আহিল। ৰূপালীম্‌ ফুল-পাতেৰে সুশোভিতা মানুহৰ হাতত বন্দিনী হোৱা বনদেৱীৰ দৰে ৰ’ লাগি ৰ’ল। ৰূপালীমৰ ৰূপৰ জমকত মণিমুগ্ধ অভিভূত হ’ল। অথিৰ অবিৰ অসংযতভাৱে ৰূপালীমলৈ চাবলৈ ধৰিলে।তাৰ পিচত নিজক সংযত কৰি কঠোৰ হৈ ৰূপালীমৰ ফালে কিছুপৰ একে থৰে চাই থাকি প্ৰশ্ন কৰিলে ]
মণিমুগ্ধ :- ৰূপালীম্‌ ! তোমাৰ মায়াব’ আৰু বুঢ়া বাপেৰাক চাবানে ?
ৰূপালীম্‌ :- [বৰ উদ্বিগ্ন হৈ ] ক’তা ? ক’তা ? মোক নিয়া... টানি নিয়া.... নিয়া... নিয়া...
মণিমুগ্ধ :- নহয়... তুমি সিবিলাকক চাব নোৱাৰা।
ৰূপালীম্‌ :- [উত্ৰাৱল হৈ] কিয়... কিয়... কেলৈ ?
মণিমুগ্ধ :- সিহঁতে মোৰ ৰাজ্য আক্ৰমণ কৰাৰ বাবে মই সিহঁতৰ প্ৰাণদণ্ডৰ হুকুম দিছোঁ। ৰাতি পুউৱাৰ আগতেই আটাইবোৰকে মাৰি পেলোৱা হ’ব।
       [ৰূপলীমে থৰ লাগি মণিমুগ্ধৰ চকুলৈ চাবলৈ ধৰে। তাৰ পিছত ‘আপু’ বুলি চিঞৰ এটা মাৰি হুক্‌ হুক্‌কৈ কান্দিবলৈ ধৰে। কান্দি কান্দি মণিমুগ্ধৰ ফালে চুচৰি চুচৰি আহে। বৰ কৰুণভাৱে মণিমুগ্ধক কয়...]
ৰূপালীম্‌ :- তেনে নকৰিবা। কেলৈ মাৰি পেলোৱাবা ? তোমাক মোৰ বুঢ়া আপুৱে একো কৰা নাই... নামাৰিবা... মায়াব’ বৰ ভাল... আপু বৰ বুঢ়া মানুহ....
মণিমুগ্ধ :- ৰূপালীম্‌। তুমি মোক কৈছা, কিন্তু মই কিয় তোমাৰ কথা ৰাখিম ? তুমি মোৰ এটা সামান্য কথাকে ৰাখিবলৈ মান্তি নোহোৱা...
ৰূপালীম্‌ :- কি... ? কি... ? কি কথা ? কোৱা...।
মণিমুগ্ধ :- কি কথা ? তোমাৰ এই সোণাময় শৰীৰটো মোক নিজ মনেৰে দান কৰিবলৈ.... তোমাৰ ৰূপ উপভোগ....
            [ৰূপালীমে মণিমুগ্ধৰ ফালে তীব্ৰভাৱে চাবলৈ ধৰে।]
মণিমুগ্ধ :- বুজিছা ?... যদি এই শৰীৰ মোক দান কৰা, তেতিয়াহলে তোমাৰ মায়াব’ক এৰি দিম...
            [ৰূপালীম্‌ উঠি মণিমুগ্ধৰ ওচৰলৈ আহি]
ৰূপালীম্‌ :- সঁচাকৈয়ে ? সঁচাকৈয়ে... এৰি দিবা... ? মোৰ... বুঢ়া আপুকো ?
মণিমুগ্ধ :- সকলোকে... তোমাৰ দেশৰ সকলো মানুহক।
ৰূপালীম্‌ :- তেনে তাকে কৰা, তাকে কৰা। তুমি মোক যি কৰিবলৈ কোৱা মই তাকে কৰিম। মই তাকে কৰিম। সিহঁতক এৰি দিয়া। সিহঁতক এতিয়াই এৰি দিয়া।
মণিমুগ্ধ :- সঁচাকৈয়ে কৈছানে ?
ৰূপালীম্‌ :- সঁচাকৈয়ে... সঁচাকৈয়ে... মই শপত খাইছোঁ। মায়াব’ৰ শপত। সিহঁতক এৰি দিয়া.... এৰি দিয়া।
মণিমুগ্ধ :- বাৰু, তেন্তে কোনো কথা নাই। সিহঁত সকলোৱে মুক্তি পাব। ৰেণথিয়াং ! যোৱা, বন্দীবোৰক ইয়ালৈ লৈ আহাঁগৈ।
            [ৰেনংইয়াং সাউৎকৈ ওলাই খায়। ৰূপালীমে কি কৰোঁ কি নকৰোঁকৈ তাতে জলকা লাগি ৰৈ থাকে আৰু মণিমুগ্ধই এঢোক দুঢোককৈ ফটিকা পিবলৈ ধৰে।]
ৰেণথিয়াং :- [বাহিৰৰপৰা ] প্ৰভু ! বন্দীসকল উপস্থিত।
মণিমুগ্ধ :- উপস্থিত কৰাহি।
            [ৰেণথিয়াঙে বন্দী জুনাফা, মায়াব’, ইতিভেনক তালৈ লৈ আহে।]
ৰূপালীম্‌ :- আপু ! আপু !
            [জুনাফাক সাৱট মাৰি ধৰেগৈ আৰু জুনাফায়ো সাৱটি ধৰি চুমা খায়। ৰূপালীমে জুনাফাৰ বুকুত মূৰটো গুজি সোমাই থাকে।]
ইতিভেন :- কিয় ?
মণিমুগ্ধ :- [ইতিভেনলৈ কটাক্ষ কৰি ] ৰূপালীমে তোমালোকৰ মুক্তিৰ সলনি মোক নিজৰ দেহা উপহাৰ দিছে।
            [আটাইবিলাক বন্দীয়ে ‘কি ?’ বুলি গৰ্জ্জি উঠে। ]
জুনাফা :- ৰূপালীম ! সঁচানে ?
ৰূপালীম্‌ :- [আনন্দেৰে ] সঁচা।
জুনাফা :- [খঙত ] অসতী !
            [ৰূপালীমক নিজৰ গাৰপৰা আচাৰ মাৰি দূৰলৈ মাৰি পঠিয়ায়। ৰূপালীমে দূৰত উফৰি পৰেগৈ। জুনাফাৰ আচৰণৰ অৰ্থ বুজিব নোৱাৰি ৰূপালীম্‌ অবাক হৈ থাকে।]
মণিমুগ্ধ :- ৰেণথিয়াং ! তুৰন্তে এই বন্দীবোৰক ইয়াৰপৰা আঁতৰাই নে।
            [ৰেণথিয়াঙে তিনিওকো আজোৰ মাৰি লৈ যায়। ইতিভেনে আঙুলি দাঙি কিবা কবলৈ প্ৰয়াস পায়, কিন্তু ৰাণথিয়াঙে মুখত হাতেৰে সোপা দি আজুৰি তাৰপৰা লৈ যায়। বন্দীবোৰক তাৰপৰা আঁতৰাই নিয়াৰ পিছতে ৰূপালীম্‌ উধাতু খাই আহে।]
ৰূপালীম্‌ :- সিহঁতক ক’লৈ লৈ গ’লগৈ ?
মণিমুগ্ধ :- এৰি দিবলৈ। সিহঁত সকলোকে আকৌ ঘৰলৈ পঠাই দিব।
ৰূপালীম্‌ :- তেন্তে আৰু কাকো নামাৰা ?
মণিমুগ্ধ :- অৱশ্যে নামাৰোঁ। মোৰ কথা এটাৰ বাহিৰে দুটা নহয়।
            [মণিমুগ্ধ ৰূপালীমৰ ফালে উঠি আহিল আৰু ৰূপালীমে মণিমুগ্ধৰ মুখলৈ ভয়ে ভয়ে চাই পাছ হুহকি আঁতৰি গৈ দূৰত থিয় হৈ ৰ’লগৈ। বৰ সশঙ্কিত হৈ আসন্ন কিবা বিপদৰ আশঙ্কাত শেঁতা পৰি গৈছে।মণিমুগ্ধই হাঁহি হাঁহি পাছ হুহকি আহি নিজৰ আসনত বহি, ভালকৈ আউজি ৰূপালীমৰ ফালে ৰ’ লাগি চাবলৈ ধৰে। একেবাৰে তন্ময়... যেনিবা এজন শিল্পীয়ে নিজে গঢ়া মূৰ্ত্তিটোলৈ চাইহে ভোল গৈ আছে।লিগিৰী এজনীয়ে ফটিকা আনি দিয়ে।মণিমুগ্ধই সেইদৰেই অন্যমনস্ক হৈ ৰয় আৰু মন্ত্ৰৰ দৰে নিজৰ মুখলৈ নি ফুলৰ মৌ চোহাদি... চুহি চহি বাটিৰে ফটিকা খাবলৈ ধৰে।ৰূপালীমে শিলামূৰ্ত্তি দৰে নামাতি-নুবুলি নাহাঁহি-নাকান্দি মণিমুগ্ধলৈ ৰ’ লাগি চাই আছিল। তাইৰ মুখত কোনোভাৱেই প্ৰকাশ পোৱা নাছিল। মণিমুগ্ধই লাহে লাহে তাৰপৰা উঠি ৰূপালীমলৈ চাই চাই এবাৰ উঠি সপোনৰ কিবা ছবি ধৰিবলৈ যোৱাদি ৰূপালীমৰ ওচৰলৈ যাব খোজে... আৰু অলপ ৰৈ ৰূপালীমৰ গাত হাত দিব খোজে। ৰূপালীমে জিকাৰ মাৰি উঠে। ৰূপালীমৰ মুখ আৰু বিবৰ্ণ হৈ যায়। মণিমুগ্ধই হাঁহি আকৌ বহেহি আৰু কয়- ]
মণিমুগ্ধ :- ৰূপালীম্‌ ! পখিলা নপৰা ফুলৰ পাহিৰ দৰে ভোমোৰাৰ পাখিৰ বা-তেই তুমি শিয়ৰি উঠিছা ?
            [এনেতে লিগিৰীয়ে ফটিকা যাচে। মণিমুগ্ধই আমনি পোৱা যেন হয়।]
মণিমুগ্ধ :- লিগিৰী ! থৈ দে সকলো যতনাই ইয়াতে, থৈ তহঁত যাগৈ। মোক আৰু সঙ্গীত নালাগে। মই এতিয়া সঙ্গীততকৈও সুৱলা ৰূপালীমৰ মাত শুনিম। সকলোবোৰ বন্তি নুমাই দে।ৰূপালীমৰ ৰূপেই.... মোৰ কোঠা... জোনালীকৈ ৰাখিব। যাগৈ।
            [লাহে লাহে আটাইবিলাক ওলাই যায়। এটা এটাকৈ গছাবোৰ লিগিৰীবিলাকে নুমাই যায়।মাথোঁ এটা গছা ৰূপালীম্‌ থিয় হৈ থকা ঠাইত জ্বলি থাকে।তাৰ পোহৰে ৰূপালীমক প্ৰতিভাত কৰি ৰাখে। মণিমুগ্ধই ছায়ামূৰ্ত্তিৰ দৰে তাতে বহি থাকে। ভিতৰৰপৰা বীণাৰ মৃদু গুঞ্জন ধ্বনি আহিবলৈ ধৰে।]
মণিমুগ্ধ :- ৰূপালীম্‌ ! ৰূপালীম ! মৰ্ম্মৰ মূৰ্ত্তিৰ আঁৰত নিশাৰ জীৱলগা ৰূপ লুকাই নথবা। আন্ধাৰ নিশাৰ হিম-চেঁচা সৰোবৰৰ পানীত স্পন্দন আৰু পুলকবিহীন পদুমৰ দৰে নৰবা।আহাঁ ! তোমাৰ ৰূপৰ লহৰ তুলি তোমাৰ সৌন্দৰ্য্যৰ নিজৰাটি তোমাৰ শুৱলা অমৃতোপম কণ্ঠৰ শুৱদিৰে সানমিহলি কৰি মোৰ ওপৰেদি বোৱাই দি মোক ৰূপৰ ধলেৰে ঢৌৱাই নিয়া। আহাঁ... ৰূপালীম্‌ !
            [ৰূপালীম্‌ মণিমুগ্ধৰ ফালে লাহে লাহে আগবাঢ়ি আহে। কিন্তু যন্ত্ৰৰ দৰে বাহ্যিক জ্ঞানশূন্য হৈ আগবাঢ়ি অহাৰ লগে লগে শেঁতা হৈ যাবলৈ ধৰে।এটা ত্ৰাসত ৰূপালীমৰ মুখ বিকৃত হৈ যায়।]
মণিমুগ্ধ :- ৰূপালীম্‌ !
ৰূপালীম্‌ :- [মাতিব নোৱাৰে, ওঠখন মাথোন কঁপে ]
            [মণিমুগ্ধই থৰ লাগি চাই লাহে লাহে উঠি ৰূপালীমৰ ওচৰলৈ যায় আৰু লাহে লাহে ধৰি বহি ৰূপালীমক তীব্ৰভাৱে চায়। ৰূপালীমে সেইদৰে চাই থাকে। এতিয়া ৰূপালীম্‌ একেবাৰে বিবৰ্ণ... থৰ্‌ থৰ্‌ কৰে কঁপিবলৈ ধৰে। ৰূপালীমৰ চকুযোৰ একেবাৰে মৰা মানুহৰ দৰে থৰ হয়। ৰূপালীম্‌ পৰি যাব ধৰে। মণিমুগ্ধই থাপ মাৰি ৰাখে। মণিমুগ্ধই শয্যাত বহুৱাই দি সতৃষ্ণ নয়নৰে ৰূপালীমলৈ চাই মুগ্ধ হৈ থাকে। এবাৰ হাতখন আগবঢ়াই বুকুৰ কাপোৰখন উদঙাবলৈ আঙুলিৰে কাপোৰখন চুই হাত কোচাই আনে।তাৰ পিছত বহুত পৰ থৰ হৈ চাই পাছ হুহকি তাৰপৰা আহি আসনত বহি থুতৰিত হাত দি ভাবিবলৈ ধৰে। এনেতে হঠাৎ জ্বলি থকা প্ৰদীপটো বতাহৰ ছাটিত নুমাই যায়।কেৱল আনটো খোটালিৰপৰা অহা কোমল পোহৰে কোঠাটো আন্ধাৰ-পোহৰুৱা কৰি থয়। মণিমুগ্ধ স্তব্ধ হৈ বহি থাকে।কিছুপৰৰ পিছত এজনী লিগিৰী আহি থিয় হয়। ]
মণিমুগ্ধ :- ৰাতি কিমান পৰ ?
লিগিৰী :- শেষ হ’ল.... পোহৰ হ’ল।
মণিমুগ্ধ :- [গম্ভীৰ হৈ দাৰ্শনিকতাৰে ] পোহৰ হ’ল... এৰা, পোহৰ হ’ল।
            [কোঠাটোৰপৰা লাহে লাহে উঠি যায়। লিগিৰীজনীয়ে মণিমুগ্ধৰ এনে আচৰণ চাই বিস্ময় মানি থাকে। কোঠাৰ বাহিৰৰপৰা খিৰিকীয়েদি পুৱতিৰ প্ৰথম কিৰণ সোমাই আহিছিল। সেই পূব গগণৰ পোহৰৰ ফালে মণিমুগ্ধ মুখৰ হৈ ৰ’ লাগি চাই আছিল।এটা বিমল আনন্দ অনুভৱ কৰিবলৈ ধৰে। এনেতে ৰূপালীম্‌ থিয় হয়।]
মণিমুগ্ধ :- ৰূপালীম্‌ ! ক্ষমা কৰিবা। যোৱা, তুমি মুক্ত।
            [ৰূপালীম তাৰপৰা লাহে লাহে এখুজি-দুখুজিকৈ ওলাই যায়। বাহিৰৰপৰা দূৰণিৰ বৌদ্ধ ভিক্ষুৰ পুৱতিৰ বন্দনা-গীত শুনা-নুশুনাকৈ উটি আহে।মণিমুগ্ধই গীত শুনি দুৱাৰেদি তলৰ খটখটীয়েদি নামি গুচি যায়গৈ। ]

গীত :-

জয় আলোকময়

            অনাদি-অনন্তপ্ৰসাৰী

                        বিশ্বজীৱন জ্যোতি।


জয় জয় সুন্দৰ

            সত্য সনাতন

                        চিৰ প্ৰসান্ত বিশ্বপতি।


কোটি বিশ্বব্যাপক

            হে মহামনাধীপ

                        বিশ্বজীৱন জ্যোতি।

                                    প্ৰণতি

                                    প্ৰণতি

                                    প্ৰণতি।।


আঁৰ-কাপোৰ