ৰূপালীম/প্ৰথম অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ৰূপালীম
প্ৰথম অঙ্ক


     [দুই পৰ্ব্বতৰ মাজৰ এখন পৰ্ব্বতীয়া নৈ... সিপাৰৰ পৰ্ব্বতৰবোৰৰ গাত ৰূকমী গাঁওবোৰ। ৰূকমী অসমৰ পূব সীমান্তৰ পৰ্ব্বতীয়া সভ্য বৌদ্ধ জাতি, ইহঁতৰ সভ্যতা মণিপুৰৰ লগত ৰিজা পাৰি। পৰ্ব্বতৰ গাৰ গাঁৱৰ সৰু সৰু টুপ লগোৱা চাংঘৰবোৰৰ দুৱাৰেদি জুইৰ পোহৰ বিৰিঙি ওলাইছে।জোন-তৰাই আকাশত ভূমুকি মাৰিছে।আকাশখনৰ পৰা বিয়পি পৰা জোনৰ পোহৰে নৈ, বিল, পৰ্ব্বত-বন সকলোকে ৰূপোৱালী কৰি বোলাইছে। নৈৰ কলকলনিয়ে আৰু বতাহৰ ফুৰফুৰণিয়ে ঠাইডোখৰত মিহলি শব্দৰ ঢৌৰ সৃষ্টি কৰিছে।ইপাৰে ওখ ওখ শিলনি। তাতে পানী-যুঁৱলিৰ শিল এটাত...

মায়াব’ এটা বলিষ্ঠ পীত বৰণীয়া, কুৰি বছৰীয়া, দেখিলে মোহলগা চিত্ৰ-বিচিত্ৰ কাপোৰ পিন্ধা গাঁৱলীয়া ৰূকমী ডেকা.... অকলশৰে বহি আছে। তাৰ হাতত এটা পেঁপা, সি সেই পেঁপাত কিবা তিনিসুৰীয়া এসুৰীয়া সুৰ বজাই আছে। পেঁপাটো বজাবলৈ এৰি নৈৰ পিনে দূৰণিলৈ চাই উচ্‌পিচাই আকৌ পেঁপাত আঙুলি বুলাইছে।
     এনেতে বহু দূৰণিত নৈৰ বুকুত এটা বিনাই গোৱা গীত শুনা গ’ল ....

গীত :-


জিৰ জিৰ জিৰ জিৰ
জিৰ জিৰ তাতে নিজৰি জিৰ জিৰ নিজৰি অ’
টুলবুল টুলবুল
কৈ
হালধীয়া
সৰাপাতৰ
নাও...
খনি
গৈ
গৈ
গৈ
আমাৰ মৰম এ ভৰা

লৈ।


মায়াব’ৰ বাঁহী বন্ধ হয়। গীত আকৌ নাইকীয়া হয়। মায়াব’ৰ বাঁহী বাজি উঠে।গীত আৰু স্পষ্ট হৈ আহি আকৌ ৰয়। মায়াব’ৰ বাঁহী আকৌ বাজে। গীত এইবাৰ আৰু স্পষ্ট হৈ আহে। গীত ৰয়।মায়াব’ৰ বাঁহী বাজে। গীত এইবাৰ ওচৰত শুনা যায় স্পষ্টকৈ। মায়াব’ই বৰ হেপাহেৰে ডিঙি মেলি মেলি চাই সেই গীতৰ স্পষ্টতাত আনন্দ পাবলৈ ধৰিলে।

গীত :-


ভৈয়ামৰ ধাননি
বোলালে ঐ
সোণালী
কৈ
জিৰ জিৰ         নিজৰি ঐ!
মৰমৰ    বতৰা
লৈ
বৈ থাক
বৈ থাক
ৰৈ
ৰৈ

ৰৈ।


     ৰূকমী ছোৱালীৰ কণ্ঠ সুৱদিৰে সানমিহলি হৈ সাঙ্গীতিক স্বৰবোৰ শুৱলা বোকোচাত উঠি সেই ঠাইডোখৰৰ চাৰিওফালে উৰি ফুৰিবলৈ ধৰিলে। লাহে লাহে সৰু টুলুঙা নাও এখনত এজনী দীপলিপ বসন্তৰ কুঁহিপাতৰ দৰে কুমলীয়া ৰূকমী ছোৱালী... ওঁঠ দুটা মিচিকি হাঁহিৰে বোলাই, সেই শিলটোৰ ওচৰতে নাও চপালেহি। আঁঠুমূৰীয়া চিত্ৰ-বিচিত্ৰ মেখেলা।বুকত চিত্ৰ-বিচিত্ৰ মেৰণি। গাত এখন বগা পাতল সুঁতাৰ কাপোৰ। মায়াব’ই আথেবেথে আগবাঢ়ি গৈ সুধিলে...]

মায়াব’ :- [সুৰীয়া মাতেৰে ] ৰুপালীম্‌ ! আজি ইমান বেলি কিয় ? মোৰ পেঁপা বজাওঁতে ওঁঠ বিষালে।
ৰূপালীম :- [নাৱৰপৰা নামি হাঁহি ] তোমাৰ পেঁপাৰ মাতবোৰে উৰি উৰি গৈ মোক আগভেতি ধৰি আহিবলৈ নিদিয়ে... সিহঁতৰ মাজে মাজে বাট ফালি আহোঁতে বেলি হ’ল আকৌ।[হাঁহে]
মায়াব’ :- তেন্তে মই আৰু পেঁপা নবজাওঁ।
            [মনটো বৰ বেজাৰ কৰে। ]
ৰূপালীম্‌ :- বজাবা মায়াব’.... বাৰু মায়াব’! তুমি পেঁপাটোক কিমান মৰম কৰা ?
মায়াব’ :- খুব ভাল পাওঁ... পেঁপাটো নহ’লে মই এখন্তেকো থাকিব নোৱাৰোঁ।
ৰূপালীম্‌ :- তেনে পেঁপাটোৰ সতে তুমি থাকা। মই যাওঁগৈ।
           [ওফোন্দ পাতি যাব ধৰে। ]
মায়াব’ :- [ৰূপালীম্‌ৰ বাউসীত ধৰি] কেলেই যাবাগৈ ৰূপালীম্‌।
ৰূপালীম্‌ :- কেলৈ নেযাম ? মই নহ’লে তুমি গোটেই দিনটো অকলে থাকিব পাৰা, গোটেই নিশাটেও পাৰা, কিন্তু তুমি মোক পেঁপাটোৰ সমানকে মৰম নকৰা ?
মায়াব’' :- পেঁপাটোনো কি, তাতোকৈ তোমাক কতগুণে মৰম কৰোঁ!
ৰূপালীম্‌ :- তেন্তে পেঁপাটো দিয়াচোন।
             [পেঁপাটো মায়াব’ৰ হাতৰপৰা নি শিলৰ ওপৰত থৈ ভৰিৰে গচকি ভাঙি দিয়ে। মায়াব’ই থাপ মাৰি ৰূপালীম্‌ৰ ভৰিটো আঁতৰাই ভগা পেঁপাটো হাতৰ তলুৱাত আলফুলকৈ তুলি ব্যাধৰ শৰত মৰা ৰঙা ধুনীয়া চৰাইটোৰ দৰে লৈ তালৈ বৰ বেজাৰেৰে চায়। ৰূপালীমে খিলখিল্‌কৈ হাঁহি দিয়ে। ]
ৰূপালীম্‌ :- এতিয়া কেনে ?
মায়াব’ :- তুমি বৰ অকৰুণ ৰূপালীম্‌! তুমি নিৰ্দয়া...
ৰূপালীম্‌ :- পেঁপা বলিয়া... বাঁহৰ পেঁপাটো ভাঙিলত বোলে আকৌ মই অকৰুণ হলোঁ। ভাল হ’ল, এতিয়া সেই সময়ত মোলৈ মনত পৰি থাকিবহে তেও!
মায়াব’ :- এতিয়া তুমি নহা সময়ত কোনে তোমাৰ মাত মাতিব ? কোনে তোমাৰ মিঠা মিঠা গীত মোক শুনাব ?
ৰূপালীম্‌ :- [আচৰিত হৈ মায়াব’ৰ কথাবোৰৰ ভালকৈ মৰ্ম বুজিব নোৱাৰি ] কিয় ? কেনেকৈ বাৰু সি মোৰ মাত মাতিছিলে ?
মায়াব’ :- মোৰ হিয়াৰ মাজত সোমাই থকা ৰূপালীমৰ মাতটিয়ে এই পেঁপাৰ বিন্ধাই বিন্ধাই ওলাই আহি তোমাৰেই দৰে এই পেঁপাটিয়ে তোমাৰ গীতকে মোক গাই শুনাইছিলে। ৰূপালীম্‌ ! তুমি কিয় ইমান নিমৰমিয়াল বাৰু ? তুমি অকলৈ এৰি থৈ গ’লে তুমিয়ে হৈ পেঁপাটিয়ে মোক কতনো ইননি-বিননিৰে বিয়াকুল কৰি থৈছিলে।
ৰূপালীম্‌ :- তেন্তে তুমি মোক নকলে কিয় মায়াব’ ? নকলা কিয় ? [পেঁপাটো নিজৰ হাতলৈ আনি তাক চুমা খাই হুক্‌-হুক্‌কৈ কান্দি ] তেন্তে মোক নকলা কিয় ? নকলা কিয় ?
মায়াব’ :- তুমিনো বাৰু ভাঙিলা কিয় ?
ৰূপালীম্‌ :- মোৰ খং উঠিলে আকৌ!
মায়াব’ :- তোমাৰ খং কত উঠে ?
ৰূপালীম্‌ :- [উত্তৰ দিব নোৱাৰি ৰৈ থাকি ] জানো ক’ত উঠে। ভৰিতো উঠে, মূৰতো উঠে।
মায়াব’ :- বুকুত উঠে নে নুঠে ?
ৰূপালীম্‌ :- নুঠে।
মায়াব’ :- কিয় ?
ৰূপালীম্‌ :- বুকুত মৰমহে থাকে।তালৈ খং গ’লে মৰমবোৰ পমি যাব নহয়।
মায়াব’ :- তেন্তে মোলৈ মৰম লগা মনটো মূৰত থাকে নহয়নে ? সেইটো খঙত পুৰি গ’ল।
ৰূপালীম্‌ :- ইহ্‌ নাই যোৱা আকৌ। মই ভৰিৰেহে খং কৰি পেঁপাটোৰ পেটু উলিয়ালোঁ। হিঃ হিঃ হিঃ।
              [মায়াব’ই ভগা পেঁপাটো নিজৰ হাতলৈ আনি বেজাৰ মনেৰে চাই থাকে। ৰূপালীমে মায়াব’ক ভাল লগাবলৈ চাই মূৰে গায়ে হাত ফুৰায়। ]
ৰূপালীম্‌ :- বাৰু মায়াব’! মই তোমাক এটা পেঁপা সাজি দিম দেই!
মায়াব’ :- বাৰু দিবা!
ৰূপালীম্‌ :- বাৰু মায়াব’! জোনটোৱে ইমানবোৰ পোহৰ দি থাকে, তাৰ পোহৰবোৰ বাৰু ঢুকাই নেযায় কিয়?
মায়াব’ :- সি পৃথিৱীখন খুব ভাল পায় সেই গুণে। সেই পোহৰবোৰ জোনৰ মৰম। পৃথিৱীখনলৈ জোনৰ ইমান মৰম আছে... সি কেতিয়াও নুঢুকায়। বাৰু ৰূপালীম্‌! তোমাৰো মোলৈ তিমান মৰম আছেনে?
ৰূপালীম্‌ :- আছে মায়াব’, আছে। তোমালৈ মোৰ খুব মৰম আছে মায়াব’!
            [মায়াব’ কিছুপৰ নিস্তব্ধ হৈ থাকে ]
মায়াব’ :- [লাহে লাহে অমনোযোগী হৈ ] ৰূপালীম্‌!...
ৰূপালীম্‌ :- কি হ’ল মায়াব’?
মায়াব’ :- আমিতো আৰু ইয়াত সৰহ পৰ বহি থাকিব নোৱাৰিম।
ৰূপালীম্‌ :- নোৱাৰিলে কি হ’ব ?
মায়াব’ :- মোৰ তেতিয়া তোমাক পঠিয়াই দিবলৈ বেয়া লাগিব নহয়!
ৰূপালীম্‌ :- ন’গলে মোক মোৰ বুঢ়া বোপায়ে খং কৰিব নহয়... মোৰ বুঢ়া বোপাইক কোনে খুৱাব? কোনে ৰান্ধি-বাঢ়ি দিব?
মায়াব’ :- [অলপ পৰ গুণি-গাথি থাকি ] তেন্তে ৰূপালীম্‌! তুমি আৰু মোৰ নোহোৱা নেকি?
ৰূপালীম্‌ :- কেলৈ, সদায় দেখোন মই তোমাৰ হৈয়ে আছোঁ... আৰুনো কেনেকৈ হ’ব লাগে?
মায়াব’ :- তুমি মোক বিয়া কৰাই মোৰ ঘৰত পুৱতিৰপৰা গধূলিলৈ, গধূলিৰপৰা পুৱালৈ থাকিব লাগিব।
ৰূপালীম্‌ :- সেইদৰে থাকিলে মোৰ বুঢ়া বোপায়ে কেনেকৈ খাব? কেনেকৈ জীৱ? মায়াব’! তুমি জানো মোক সদায় দেখি দেখি আমনি নেপাবা?
            [ৰূপালীমে কেৰাহিকৈ চাই মায়াব’ৰ ভাব লক্ষ্য কৰে। ]
মায়াব’ :- কেলৈ আমনি পাম? তোমাক দেখোঁতে দেখোঁতে সদায় নতুন নতুন দেখিহে থাকিম।
ৰূপালীম্‌ :- তুমি মোক সদায় বোপাইৰ ঘৰত চাই আহিবা। ময়ো তোমাক চাই থাকিবলৈ পাম।
মায়াব’ :- এইদৰে কিমান দিন থাকিবা।
ৰূপালীম্‌ :- সদায় থাকিম। সদায় তুমি মোক চাই থাকিবা। ময়ো তোমাক চাই থাকিম।
            [ৰূপালীমে মায়াব’ৰ মুখলৈ ৰ লাগি চাই থাকে। মায়াব’ই দূৰণিৰ পৰ্ব্বতলৈ চায়। ৰূপালীমে মায়াব’ৰ কথাত তেওঁৰ আন্তৰিকতা উপলব্ধি কৰি মায়াব’ক আৰু উদিগ্ন কৰিবলৈ বুলি কয়। ]
ৰূপালীম্‌ :- মায়াব’ ! আজি মই ঘৰলৈ সোনকালে যাম দেই।
মায়াব’ :- কিয় ?
ৰূপালীম্‌ :- আমাৰ বাই আহিছে আজি। বাইৰ লগত এটা অকণমান ল’ৰা আনিছে। সি কোলাত ল’লে কান্দে। সি কান্দিলে মই তাৰ মুখত আঙুলিটো সুমাই দিওঁ। হিঃ হিঃ .... মায়াব’! তাক মোৰ বৰ লবৰ মন গৈছে। মই এইবাৰ আহোঁতে তাক হোৰাত ভৰাই লৈ আহিম দেই!
মায়াব’ :- উহুঁ, লোকৰ ল’ৰা কি লৈ থাকিবা ? নিজৰ এটা হ’লহে সদায় লৈ থাকিব পাৰিবা।
ৰূপালীম্‌ :- নিজৰনো ক’ত পাবা আকৌ?
মায়াব’ :- [দুষ্টালিৰে ] ক’ত পাবা? মোক বিয়া কৰিলেই পাবা।
ৰূপালীম্‌ :- [খং ভাও জুৰি মায়াব’ক ভুকু মাৰি ] লকৰাওঁ।
মায়াব’ :- কৰাবা, কৰাবা... মোক বিয়া কৰালে যিহে এটা নোদোকা শকত ল’ৰা পাবা! নোদোকা নোদোকা তাৰ হাত-ভৰি, জিলিকা জিলিকা তাৰ চকু, তেতিয়া কিমান লবৰ মন যায় লৈ থাকিবা। [হাঁহে ]
ৰূপালীম্‌ :- [­খং দেখুৱাই ] মায়াব’! তুমি মোক তেনেকৈ জোকাই থাকিলে মই হ’লে এতিয়াই গুচি যাম।
মায়াব’ :- [হাঁহি ] বাৰু , বাৰু, নেলাগে যাব। বাৰু, মোক বিয়া কৰাব নেলাগে। মই এনেয়ে এটা ল’ৰা আনি দিম।তুমি ধেমালি কৰি থাকিবা।
ৰূপালীম্‌ :- ক’ত পাবা?
মায়াব’ :- আমাৰ গাঁৱত এটা আছে। যিহে সুন্দৰ, তুমি দেখিলে তাক এখন্তেলৈকো এৰি নিদিবা।
ৰূপালীম্‌ :- [উৎসুক হৈ ] সঁচানে? সঁচানে? পিছে তাৰ মাক-বাপেকে কেলৈ এৰি দিব?
মায়াব’ :- মই আনিহে দিব লাগে।
ৰূপালীম্‌ :- তেন্তে মায়াব’, আনিবাচোন দেই। মই তাক খুব মৰম কৰিম। তাক মই সদায় লগত লৈ ফুৰাম। মোৰ লগতে খুৱাম। মোৰ লগতে শুৱাম। তাক মই কেতিয়াও লগৰপৰা এৰি নিদিওঁ।
মায়াব’ :- ৰূপালীম্‌। ল’ৰাটো আনিলে তুমি আৰু মোক ক’ত বিচাৰিবা? ক’ত মৰম কৰিবা? তুমি ল’ৰাটোৰ সৈতে উমলি থাকিবা।
ৰূপালীম্‌ :- কেলৈ? ল’ৰাটো মই বুকুত সুমাই থ’ম আৰু তাক মৰম কৰি কৰি তোমাৰে সৈতে কথা পাতি থাকিম।
মায়াব’ :- ৰূপালীম্‌... [গভীৰ প্ৰণয়ৰ ভাবেৰে চাই থাকে। ]
ৰূপালীম্‌ :- [বৰ মৰমেৰে মায়াব’লৈ চায় ] মায়াব’ ! এতিয়া ৰাতি হ’ল। জোন বহুতো উঠিলে। মই আৰু যাওঁগৈ দেই ! নহলে বুঢ়া আপুৱে বিচাৰি আহিব। মোক তোমাৰ সৈতে ইয়াত দেখিলে বৰ খং কৰিব।
মায়াব’ :- [অলপ আচৰিত হৈ ] কিয় ?
ৰূপালীম্‌ :- বুঢ়া বোপায়ে মোক তোমাৰ ওচৰলৈ আহিবলৈ হাক দিছিল।
মায়াব’ :- কিয়?
ৰূপালীম্‌ :- বোপায়ে কৈছিল বোলে সি পেঁপা বজাই থকা ল’ৰাই কি ছোৱালী পোহপাল দিব?
মায়াব’ :- [অভিমান কৰি ঘপহকৈ উঠি ] অ’ বাৰু তেন্তে... যোৱা। মই আৰু ইয়ালৈ নাহোঁ। মই ক’ৰবালৈ গুচি যাম।
ৰূপালীম্‌ :- [বেজাৰকৈ ] কেলৈ গুচি যাবা ? তুমি গুচি গ’লে মই কাৰে সতে থাকিম ?
            [হঠাৎ জুনাফা হাবিৰ মাজৰপৰা ওলাই আহে। ]
জুনাফা :- মোৰ লগত থাকিবি।
            [জুনাফাক দেখি মায়াব’ আচৰিত হয় কিন্তু ৰূপালীম্‌ জাপ মাৰি জুনাফাৰ ওচৰলৈ যায়। ]
ৰূপালীম্‌ :- তুমি ইয়ালৈ কিয় আহিলা?
জুনাফা :- তোক বিচাৰি। মই তোক ওয়ালৈ আহিবলৈ হাক দিছিলোঁ নহয়?
ৰূপালীম্‌ :- আপু ! মায়াব’ই বৰ বেজাৰ পাইছে। তুমি মোক তাৰ ওচৰলৈ আহিবলৈ নিদিয়া দেখি।
জুনাফা :- এৰা, নিদিওঁ। [মায়াব’ক ] মায়াব’! ৰূপালীমক বিয়া কৰাবলৈ এনেয়ে নাপাৱ। নিজে এটা বাঘ মাৰি তাৰ মূৰটো মোৰ আগত দিবি, তেতিয়াহে তাইক তোলৈ দিম।
মায়াব’ :- [এবাৰ ৰূপালীমলৈ চাই, এবাৰ হুনাফালৈ চাই ] তেন্তে সেয়ে হব জুনাফা ! মই আহিলোঁ।
ৰূপালীম্‌ :- ময়ো যাম। মায়াব’ৰ সতে ময়ো যাম। বাঘ চিকাৰ কৰিম।
জুনাফা :- [কঠোৰভাৱে ] ওহোঁ, নোৱাৰ।
            [ৰূপালীমক হাতত ধৰি লৈ আহে। ৰূপলীমে বিয়াকুল হৈ মায়াব’লৈ চাই থাকে।জুনাফাই থিৰ চকুৰে মায়াব’লৈ চায়। মায়াব’ই জুনাফালৈ টানকৈ চায়। তাৰ তূণৰপৰা এডাল কাঁৰ উলিয়ায়। ]
মায়াব’ :- জুনাফা! এই কাঁৰে তুমি বিচৰা বাঘৰ মূৰ নিবিন্ধে মানে আৰু কাঁৰ চুঙাত নোসোমায়হি।
            [মায়াব’ গহীন আৰু দৃঢ়প্ৰতিজ্ঞ হৈ তাৰপৰা এখোজ দুখোজকৈ ওলাই যাব ধৰে। ৰূপালীমে কন্দনামুৱা হৈ এবাৰ জুনাফাৰ মুখলৈ, এবাৰ মায়াব’ৰ পিনে চাই যাবও খোজে আৰু জুনাফাৰ কঠোৰ চকুৰ শাসনত যাবলৈ সাহ নকৰি কান্দো কান্দো হৈ ঠুনঠুনাই উচপিচায়। ]
ৰূপালীম্‌ :- [বলেৰে মায়াব’ৰ ফালে আগবাঢ়ি ] ময়ো যাম। ময়ো চিকাৰলৈ যাম।
জুনাফা :- [কাপোৰ আজুৰি টানি আনি ] নোৱাৰ। নোৱাৰ।
ৰূপালীম্‌ :- আপু....
জুনাফা :- নো...ৱা...ৰ।

ঐক্যতান