ৰূপালীম/পঞ্চম অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

পঞ্চম অঙ্ক
প্ৰান্ত-দেশৰ সীমাৰ ওচৰৰ অগাধ জাৰণি

সময়:- দিনৰ ভৰ দুপৰ


          [জাৰণিৰ মাজৰ এজোপা বৰ গছৰ তলৰ এডোখৰ মুকলি ঠাই। বৰ ডাঠ হাবি দেখি তালৈ ৰ’দৰ পোহৰ বৰকৈ সৰকিব পৰা নাই।সেয়েহে ঠাইডোখৰ এন্ধাৰ-পোহৰুৱা। কিছু দূৰত জাৰণিৰ মাজে মাজে দুই এঠাইত চকামকা ৰ’দৰ চিক্‌মিকনি দেখা গৈছিল। বৰ গছৰ তলত ক্ষীণাই শুকাই বৌদ্ধ ভিক্ষুৰ সাজেৰে ৰূকমী ৰজা গছৰ গাত আউজি বহি আছে। তেওঁৰ দুয়োকাষে লেৰেলা চেপেটা বৌদ্ধ সন্ন্যাসীৰ সাজে চাৰিজন ৰূকমী বিষয়া।সিহঁতে ভোক-পিয়াহত কলমটিয়াব লাগিছে। ]
ৰূকমী ৰজা :- [বৰ কাতৰ আৰু হতাশ হৈ] ৰাজ্য গ’ল.... ৰাজভোগ গ’ল।বনখাৰধিও নিমিলা হ’ল... লাওপানী ফটিকাতো দূৰৰ কথা শেষত এতিয়া প্ৰাণ যায় যায়। কি উপায় ?
প্ৰথম বিষয়া :- নিৰূপায় প্ৰভু ! মোৰ কণ্ঠটো শুকালেই, এতিয়া অণ্ঠ শুকালে বিপদ।দেখাদেখিকৈয়ে গছৰ পাত আৰু শিপা চোবাই কিমান দিন ?
ৰজা :- বিদ্ৰোহ... বিদ্ৰোহ... এতিয়া দেখিছোঁ... শৰীৰৰ অঙ্গ প্ৰত্যঙ্গও বিদ্ৰোহী হবগৈ।
দ্বিতীয় বিষয়া :- প্ৰভু ! মোৰ মনেৰে ওচৰৰ কোনো বৌদ্ধ মঠত আশ্ৰয় লোৱাৰ বাহিৰে আন একো উপায় নাই।
তৃতীয় বিষয়া :- সেয়ে হলে মণিমুগ্ধৰ সৈন্যৰ হাতত পৰিব লাগিব। তেতিয়া প্ৰাণৰ সংশয়।
ৰজা :- অৱশ্যে তেনে কাম কৰিব নোৱাৰি। মণিমুগ্ধই আমাক জীয়াই জীয়াই পুতি থব।
চতুৰ্থ বিষয়া :- তেন্তে প্ৰভু ! এইদৰে আৰু কিমান দিন অৰণ্যত বাস কৰিব লাগিব ? যি এটা মানুহ আহাৰ আৰু ফটিকাৰ কাৰণে পঠোৱা হৈছিল সিও...
ৰজা :- ফটিকা...ফটিকা... উস্‌ এটোপা পালেই প্ৰাণ ৰক্ষা হয়। ক’তা ৰিমু দেখোন উভতি নাহিল।
প্ৰথম বিষয়া :- প্ৰভু ! ৰিমুলৈ বাট চাই বহি থকাৰ সকাম নাই। তাৰ বহুতো বিপদ হোৱা সম্ভৱ আছে।
ৰজা :- আছেতো। আমাৰ ফটিকা বিচাৰি যাওঁতে কোনোবা তিৰোতাই তাক বশ কৰিবও পাৰে।
দ্বিতীয় বিষয়া :- প্ৰভু ! সি তিৰোতা দেখি ভোল যোৱা বিধৰ মানুহ নহয়।
ৰজা :- হে: ! সি ভোল নগলে কি হ’ল ? তিৰোতাতো তাক দেখি ভোল যাব পাৰে আৰু এবাৰ এজনী তিৰোতাৰ চকুত যদি সি পৰিল...
চতুৰ্থ বিষয়া :- হয়, হয়। পৰা মাত্ৰকেই তিৰোতাই যে তাক ডিঙিত গছক মাৰি ধৰিব, ইও ধুৰুপ।
ৰজা :- আৰু সি বেটিহঁতৰ কোমল তলুৱা চেলেকিবলৈ পাই আমাৰ টেকেলি কাতি কৰি থৈ তিৰোতাৰ মৰমৰ বাঁতি জ্বলাব। হা: হা: হা: ! কিন্তু মই ফটিকা এটোপা নেপালেহে এতিয়া শৰীৰৰ সতে সম্বন্ধ ছিঙিব লাগিব। কি উপায় ? উস্‌ ! মোৰ মূৰটো ঘূৰাইছে আৰু গাৰ যোৰাবোৰ সোলোকা সোলাকা লাগিছে।
            [ৰূকমী ৰজা লাহে লাহে কলমটিয়াই কলমটিয়াই ঢলি পৰি যায় আৰু গছৰ গাতে চেপেটা দি লালকাল দি থাকে। বাকী বিষয়া কেইজনেও হামি হুমুনিয়াহ চাৰি হামিয়াই-হেকটিয়াই বহি বাৰে বাৰে ডিঙি মেলি মেলি দূৰলৈ চাবলৈ ধৰে। এনেতে কোনোবাই শুকান পাত গছকা শুনা যায়। বিষয়া কেইটাই উচপ খাই উঠি ভয় খাই চুচুক-চামাককৈ পলোৱাৰ দিহা কৰিব খোজোঁতেই ৰিমুৱে কাষলতিত এটা চুঙা ওলোমাই দুখ মনেৰে তাত ওলায়হি। ৰিমুক দেখি বিষয়া কেইটাৰ মনত আনন্দ আৰু আশাৰ ৰেখা বিৰিঙি উঠে। আটাইকেইটাই ‘ৰিমু’ বুলি দীঘল উশাহ লয়। ৰিমুৰ নাম ৰজাৰ কাণত পৰা মাত্ৰকে তেওঁ জাপ মাৰি উঠে।]
ৰজা :- এয়া ৰিমু... দে ফটিকা।
            [একে চোঁচাই ৰিমুৰ ওচৰ পাই ৰিমুৰ কাষলতিৰপৰা চুঙাটো সোলোকাই নি গছৰ তলত ঠেকেচ কৰে পাছ হুহকি বহে আৰু চুঙাৰ মুখেৰে মুখত ফটিকা বাবে। গোটেইটো চুঙা উবুৰিয়াই দিলতো এটোপাও ফটিকা নসৰাত খঙত উগ্ৰমূৰ্ত্তি হৈ পৰে। ]
ৰজা :- মহাপাপী... বিশ্বাসঘাটক... ফটিকা নাই ! যা .... ৰসাতলে।
            [ফটিকাৰ চুঙা ৰিমুৰ গালৈ মাৰি পঠিয়ায় আৰু চুঙাটো ভাঙি চুৰমাৰ হয়। বিষয়া কেইটাও থানবান হৈ ফাঁহি চিটিকা দি দূৰে দূৰে ৰয়গৈ।]
ৰজা :- [গৰ্জ্জি ] নোম-নেগুৰ নোহোৱা বান্দৰ ! এটোপা ফটিকাও আনিব নোৱাৰিলি ? অকামিলা.... অপদাৰ্থ !
            [ৰূকমী ৰজাই খঙত ফোপাউৰিয়াই ঘোঙটোৰ দৰে খঙত মহতিয়াবলৈ ধৰে আৰু এবাৰ ৰিমুৰ ওচৰলৈ চোঁচা মাৰি তাৰ গাত হাত দিওঁ নিদিওঁকৈ উভতি আহি হাত ভৰি এচাৰি আকৌ এবাৰ গৈ তাৰ বাহুত ধৰি জয়ঘণ্টা লৰায়।]
ৰজা :- কটা ! এই সামান্য কাম এটাকে যদি সংসাৰলৈ আহি কৰিব নোৱাৰিলি, তেন্তে সংসাৰলৈ আহিছিলি কিয় ? মাৰৰ পেটতে সোমাই নেথাকিলি কিয় ? আৰু আহিলিয়েই যদি হাত-ভৰি লগা মঙহৰ টোপোলাটো যেন হৈ থাকিলি কিয় ? নানিলি কিয় ? নানিলি কিয় ?
ৰিমু :- শুনক ৰজা ! নুশুনাকৈয়ে কিয় খং খায় ? ৰূকমী-ৰাজ্য আৰু ৰাজধানী নাই। ৰূকমী ৰাজ্য আৰু নাই [হাও-হাওকৈ কান্দি ] পুৰি ছাই কৰিলে... ছাই কৰিলে।
ৰজা :- ছাই কৰিলে কেনেকৈ ?
ৰিমু :- মণিমুগ্ধই আমাৰ ৰূকমী-ৰাজ্য জুই লগাই পোৰাই দিলে... একো নাই। হাবিয়ে বননিয়ে পৰ্ব্বতে-পাষণ্ডে ৰূকমীবোৰ খাবলৈ নাপাই ঘৰ-বাৰীহীন হৈ ঘূৰি ফুৰিছে।
ৰজা :- সিহঁতৰ ফটিকাৰ টেকেলি লগত লৈ যোৱা নাই নেকি ?
ৰিমু :- মুখত দি প্ৰাণ ৰাখিবলৈ এটা ধানৰ সঁচো নাই।
ৰজা :- [হাঁহি ] দেখিছা বিষয়াসকল ! ঈশ্বৰ কেনে ধাৰ্ম্মিক ! দেখিলা ঈশ্বৰৰ কেনে ধৰ্ম্মলৈ মতি। তেওঁ কেনে ন্যায়পৰায়ণ, সাধু আৰু হাতে হাতে ফল-দিওঁতা ভকত। আমি ৰজা হৈছোঁ ঈশ্বৰৰ অংশ। তেওঁৰ নিৰ্দ্দেশমতে আমি প্ৰজা পালি আছোঁ। সেয়ে তেনে ৰজাৰ ওপৰত বিদ্ৰোহ তুলি, তিৰোতা মানুহৰ কথাত সিংহপীৰাৰপৰা নমাই দিয়া মহা পাপ আচৰাৰ ফলত থিতাতে হাতে হাতে অচিৰেই কেনে ফল মিলালে। হে ঈশ্বৰ ! ধন্য তোমাৰ বিচাৰ।তোমাৰ বিচাৰৰ বিষয়ে মানুহে কি বিচাৰ কৰিব।
প্ৰথম বিষয়া :- প্ৰভু ! ঈশ্বৰ যে এজন ভাল মানুহ সেই বিষয়ে মই সদায় বিশ্বাস কৰি আহিছোঁ।পিছে, আমাক ৰাজ্যৰপৰা খেদোৱাৰ সময়ত তেখেতে সম্ভৱ ৰং-তামচা কৰি আছিল, সেই কাৰণেহ তেতিয়াই মন কৰিব নোৱাৰিলে।
দ্বিতীয় বিষয়া :- অৱশ্যে, অৱশ্যে। তেওঁক বোধকৰোঁ সেই সময়ত বেছিকৈ নিচাই ধৰিছিল, তথাপি যে তেওঁ দুষ্টক দমি বেলিকৈ হলেও কৰ্ত্তব্য কৰিলে তাতে আমি তেওঁৰ ওপৰত সন্তুষ্ট নহৈ নোৱাৰোঁ।
ৰজা :- লাওপানী... লাওপানী যে নাই কি উপায় ? তেন্তে বিষয়াসকল ! লাহে লাহে আমি আৰু এই ঠাইৰপৰা গতিহে কৰিব লাগিব।
প্ৰথম বিষয়া :- নকৰিলে নহব। যেনেতেনে প্ৰাণ ৰাখিবই লাগিব।
ৰিমু :- ৰজা, মোক এৰি দিব লাগে।
ৰজা :- কিয় ?
ৰিমু :- ৰজা ! মোৰ আৰু নিজৰ প্ৰাণ ৰাখি ৰাইজৰ পৰা আঁতৰি থাকিবৰ ইচ্ছা নাই। মোৰ মানুহ, মোৰ দেশৰ যি দুৰ্দ্দশা হৈছে, মই তাৰ ভাগ লওঁগৈ।
ৰজা :- [গৰ্ভৰ ভিতৰৰপৰা ঢেক্‌ঢেকাই হাঁহি ] হে: হে: হে: ! দুৰ্দ্দশাৰেই ইমান ভাগ লবলগীয়া হ’ল তেন্তে আমাৰ এই দশা সুদশা হৈছে জানো ? নিধক ! তলগুজৰীয়া পাপিষ্ঠ ! হে:... তোৰ কথা হবলা নুবুজেঁ ? আমাৰ ডেকা ছোৱালী নাই দেখি আমাৰ দুৰ্দ্দশা দুৰ্দ্দশাই নহয়... সেই দেখি সিহঁতৰ দুৰ্দ্দশাৰ ভাগ লবৰ মন গ’ল !... হে: হে:... অ’ তোক উকা দুৰ্দ্দশা নালাগে, ছোৱালীৰ মিচিকি হাঁহি সনা দুৰ্দ্দশা লাগে।
ৰিমু :- নহয় ৰজা ! দেশ স্বজাতিৰ কথা সকলোৰে ওপৰত।
ৰূকমী ৰজা :- ওপৰততো... অৱশ্যে ওপৰত। সেই ডাঙৰ কথাৰ ডাঙৰ জাপিটো তৰি লৈ তাৰ ছাঁৰ তলত বহি মদে-ভাতে, হাঁহে-কুকুৰাই, গাভৰুৰে গা পিটিকুৱাই শুই থকাৰ মতলব ! হে: হে: হে: ! তহঁতৰ বুদ্ধিবোৰৰ চুঙাটোত হবলা মই আঙুলি ভৰাই ঘুলকিব নোৱাৰোঁ বুলি ভাবিছ ?
            [ৰিমু তাৰপৰা বেজাৰ মনেৰে যায়গৈ ]
তৃতীয় বিষয়া :- জৰুল এই ৰিমু কোনোবা তিৰোতাৰ বুদ্ধিত পৰিছে। সিহঁতে আমাক ৰাজ্যৰপৰা খেদিলে। আজি সাতপুৰুষীয়া সিংহাসনৰপৰা ৰজাক নমোৱালে। তিৰোতাৰ বাজী বুদ্ধিৰে মণিমুগ্ধক জোকাই এই হেন সোণৰ ৰূকমী ৰাজ্য ধ্বংস কৰালে। এতিয়া শেষত ৰজাৰ একমাত্ৰ ভৰসাৰ স্থল কণাৰ লাখুটি... এই ৰিমু ডেকাকো বেকা কৰি বিহ খুৱায়। দেখিছে প্ৰভু ! কেনে দুষ্ট বুদ্ধি তিৰীৰ !
ৰজা :- নাই, আৰু একো বাকী ৰখা নাই। পাপিনী, শাখিনী, যখিনীহঁতে সকলোৰে মুদা মাৰিলে। সকলোৰে গুৰি এই তিৰোতাবোৰেই। বিষয়াসকল ! এইবাৰ মই ৰাজ্য পালেই সকলো তিৰোতাকে চাঙত তুলি ধোঁৱা দি দি মাছ শুকুৱাদি শুকুৱাই চিৰা-চেপেটা কৰিম। এজনী তিৰোতাৰো সঁচকে নাৰাখোঁ।
দ্বিতীয় বিষয়া :- অৱশ্যে তেনে কৰিলে... সকলো ৰাজ্য তিৰোতাৰ হাতলৈ যাব। আজি আমাৰখন, .... কাইলৈ কাৰোবাৰখন,... এইদৰে গোটেই পৃথিৱী জুৰি সিহঁতৰ ৰাজ্য বহিব।
            [এনেতে বাহিৰত শুকান পাতৰ ওপৰত খৰখৰণি উঠে ]
ৰজা :- [বৰকৈ উচপ খাই চকু টেলেকাকৈ বিষয়াবোৰৰ চকুলৈ চায় আৰু সিহঁতকো ভয় খোৱা যেন দেখি নিজেই বৰ বিহ্বল হয়।]
            বিপদে দেখোন ঘেৰি আনি গাৰ ওপৰতে তুলিছেহি। তেন্তে... তেন্তে...
            [বিষয়া কেইজনে ইটোৰে সিটোৰ চকুলৈ চাই আৰু ৰূকমী ৰজাক তাতে এৰি থৈ লাহে লাহে চুচুক-চামাককৈ হুহকি ওলাই সায়গৈ। ৰূকমী ৰজাই কি কৰোঁ কি নকৰোঁকৈ থাকোঁতেই বাহিৰত আকৌ ডাঙৰকৈ ঘৰঘৰণি শুনা যায়। শুনা মাত্ৰেই ৰূকমী ৰজাই ‘ধৰিলে ঔ’ বুলি চিঞৰ শোধাই একে দীঘল জাপে তাৰপৰা পত্ৰং দিয়ে আৰু অলপ পিছতে হেলাই-হেফাই ইটোৰ গাত সিটো আউজি মায়াব’ আৰু ৰূপালীম্‌ আহি তাত ওলায়।]
ৰূপালীম্‌ :- [সেহাই সেহাই ] মায়াব’... মায়াব’... মই আৰু খোজ কাঢ়িব নোৱাৰোঁ। মোৰ গাটো সুলকি পৰিব খুজিছে। মায়াব’ ! মোৰ বৰ পিয়াহ লাগিছে... মায়াব’...
মায়াব’ :- [ৰূপালীমৰ গাত হাত ফুৰাই ] ৰূপালীম্‌ ! আহাঁচোন। তুমি ইয়াতে অলপ বহা। মই তোমালৈ পানী বিচাৰি আনোগৈ।
            [এই বুলি মায়াব’ই ৰূপালীমক মাটিতে বহুৱায় ]
ৰূপালীম্‌ :- মায়াব’... মোৰ বৰ পিয়াহ লাগিছে। পিছে, তুমি পানী বিচাৰি গলে মই অকলে কেনেকৈ থাকিম ?
            [বৰ কৰুণ ভাবেৰে মায়াব’ৰ ফালে চায়।]
মায়াব’ :- [ভাবি ] কিহৰ ভয় ? সৌৱা নিজৰাৰ মাত শুনা নাইনে ? ওচৰতে আছে। তুমি এখন্তেক ৰবা। মই লৰ মাৰি পানী আনো।
            [মায়াব’ই নিজৰ হাতৰ কুঠাৰখন ৰূপালীমৰ হাতত দি পানী আনিবলৈ লৰ মাৰে। ৰূপালীম্‌ বৰ ব্যগ্ৰ হৈ অপেক্ষা কৰি থাকে। অলপ পিছতে মায়াব’ই কচুপাতত পানী আনি ৰূপালীমক দিয়ে আৰু ৰূপালীমে খায়। ]
মায়াব’ :- [ৰূপালীমৰ পানী খোৱা হলত ] এতিয়া ভাল পাইছানে ?
ৰূপালীম্‌ :- ওঁ... মই অলপ শোঁ, নহলে মই আৰু জীয়াই নাথাকোঁ। বৰ ভাগৰ...
মায়াব’ :- বাৰু শোৱা...
            [মায়াব’ই কোলা পাতি ৰূপালীমৰ মূৰটো কোলাত লয় আৰু গাৰ কাপোৰৰ আগেৰে বিছি দিয়ে আৰু ৰূপালীমৰ মূৰত হাত ফুৰাই। এনেতে কুকুৰৰ ভুক্‌ভুকনি শুনা যায়। দুয়ো চক্‌ খাই উঠে। মায়াব’ই ৰূপালীমৰ মূৰটো কোলাৰপৰা নমাই আৰু গিৰিপকৈ উঠি চায়।]
মায়াব’ :- ৰূপালীম্‌ ! আমি আৰু ইয়াত থাকিলে ভাল নহব। আমাক বিচাৰি বোধকৰোঁ কোনোবা নিশ্চয় আহিছে। সিহঁতৰ লগৰ কুকুৰে আমাৰ গমগতি পাই ভুকিছে। অ’ সৌৱা দূৰত মানুহ... সেনা... ব’লা, ব’লা উঠা।
ৰূপালীম :- মায়াব’... মোৰ আৰু শক্তি নাই। মোক ইয়াতে এৰি থৈ ... তুমি পলাই সাৰা।মই কেনেকৈ উঠিম ? মোৰ ককালৰপৰা তলচোৱা থৰ হ’ল।
            [মায়াব’ বৰ উদ্বিগ্ন হৈ কি কৰোঁ কি নকৰোঁ হৈ এবাৰ হঠাৎ ৰূপালীমক কোলাকৈ দাঙি লয় আৰু এফালে ওলাই যাবলৈ ধৰোঁতে... সেইফালৰপৰা কুকুৰৰ ভুক্‌গুকনি শুনি ওভোতা ফালে যাবলৈ ধৰোঁতে চাৰিটা সশস্ত্ৰ সৈনিকে মুক্ত তৰোৱালেৰে আগভেটি মায়াব’লৈ পোনাই আহি থিয় হয়। তাতে মায়াব’ই আকৌ প্ৰথমে যাব খোজা ফালেই ৰূপালীমক কোলাত লৈ লৰ মাৰিব খোজে, কিন্তু সেইফালৰপৰাও পাঁচটামান সশস্ত্ৰ সৈনিকে আগভেটি ধৰে আৰু ৰেণথিয়াং আহি আগত থিয় হয়। মায়াব’ বিমোৰ হৈ থৰ লাগি সেইদৰে ৰয়।]

আঁৰ-কাপোৰ