ৰূপালীম/দ্বিতীয় অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দ্বিতীয় অঙ্ক


[গাঁৱত জুনাফাৰ চাংঘৰৰ আগচোতাল। সোঁফালে চোতাললৈ মুখকৈ আৰু পাছৰ সোঁফালে চোতাললৈ মুখকৈ দুটা চাংঘৰ। বাওঁফালে মুকলি আকাশ আৰু অলপ দূৰৈত পৰ্ব্বতবোৰ। আবেলি তিনি চাৰিজনীমান ৰূকমী ছোৱালী। কোনোজনীয়ে উৰালত ধান খুন্দিছে। কোনোজনীয়ে কুলাত জাৰিছে আৰু কোনোজনীয়ে চালিছে আৰু মুখেৰে গীত গাব লাগিছে। ৰূপালীমে এঠাইত বহি কঁকালত লোৱা তাঁত বৈছে আৰু মাজে মাজে আন ছোৱালীবোৰৰ সৈতে কথা পাতি হাঁহি-ধেমালিকৈ আছে। ]

গীত :-

ৰূকমী ছোৱালী:-      জিলিকা পাখিৰে
                                      অ’ সোণ ম’ৰা চৰাই!
                             ৰঙা সেউজীয়া তৰাফুটুকীয়া
                                      তোৰ গোট গাৱতে
                                                অ’ সোণ ম’ৰা চৰাই!
                             জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি
                                      তোৰ মৰমতে মৰো
                                                অ’ সোণ ম’ৰা চৰাই!


          [গীত চলি থকাৰ মাজতে জুনাফাই পিঠিত খৰি এবোজা লৈ তালৈ সোমাই আহি খৰিবোজা মাজতে থয়। ছোৱালীবোৰলৈ চাই সন্তোষেৰে হাঁহি চাংঘৰৰ ভিতৰলৈ সোমাই যায়। এনেতে ছোৱালীবোৰৰ মাজতে বাঘৰ মূৰ এটা ধুম্‌কৈ পৰে। ছোৱালীবোৰে ভয় খাই চিঞৰি তাৰপৰা ফাঁহি চিটিকা দিয়ে। মাথোন ৰূপালীমে বহাৰপৰা উঠি বিস্ময়েৰে বাঘটোৰ মূৰটোলৈ চাই “আপু” “আপু”কৈ চিঞৰে। তাতে জুনাফা চাংঘৰৰপৰা ওলাই আহে। মায়াব’ হাতত ধনু-কাঁৰ লৈ ওলাই আহে।সোঁহাতত তাৰ মিত, তেজেৰে ৰাঙলী। সোমাই আহি জুনাফা আৰু ৰূপালীমৰ ফালে চাই নমতা নোবোলাকৈ থাকে।জুনাফাই মায়াব’লৈ চাই ভৰিৰপৰা মূৰলৈকে পৰ্য্যবেক্ষণ কৰি হাতেৰে বাঘৰ মূৰটো কাণত ধৰি দাঙে আৰু তাক ভালকৈ চাই, এবাৰ বাঘৰ ফালে এবাৰ মায়াব’লৈ চাই সন্তোষেৰে মূৰ জোকাৰে। ৰেণথিয়াঙে লৰালৰিকৈ তালৈ সোমাই আহি থাপ মাৰি জুনাফাৰ হাতৰপৰা বাঘৰ মূৰটো আনি মায়াব’ক কয়। ৰূপালীম্‌ ভয় খাই কেখোজমান পাছলৈ গৈ ঘৰৰ দুৱাৰ মুখত ৰয়গৈ। ]
ৰেণথিয়াং :- [মায়াব’ক ] কাপুৰুষ! লোকৰ চিকাৰ আনি বীৰ বোলাইছ?
            [তাচ্ছিল্যৰ হাঁহি মাৰি তাৰপৰা যাবলৈ ধৰোঁতেই মায়াব’ই হাতত থাপ মাৰি ধৰে। ]
মায়াব’ :- তাৰ মানে?
ৰেণথিয়াং :- তাৰ মানে আৰুনো কি? লোকৰ শৰত পৰা বাঘৰ মূৰটো নিজৰ বুলিবলৈ অলপো সঙ্কোচ লগা নাইনে?
মায়াব’ :- তুমি মিছা কৈছা।
ৰেণথিয়াং :- সাৱধানে কথা কবি। মই কোন নেজান হবলা?
মায়াব’ :- তুমি যিয়েই হোৱা নেলাগে, মূৰটো কেতিয়াও তোমাৰ হ’ব নোৱাৰে।
            [মায়াব’ই তাৰ হাতৰপৰা মূৰটো কাঢ়ি আনে। ৰেণথিয়াঙেও তাৰপৰা কাঢ়ি আনিবলৈ যায়। ইয়াৰপৰাই দুয়োৰে মাজত মৰামৰি লাগে। ৰেণথিয়াং আহত হৈ মাটিত পৰি যায়। সেহাই সেহাই উঠি মায়াব’ৰ ফালে খাওঁ খাওঁ মূৰ্তিৰে চাই তাৰপৰা ওলাই যায়। ]
জুনাফা :- [আচৰিত হৈ মায়াব’ৰ ওচৰলৈ আহি ] মায়াব’! এইবোৰৰ মানে কি?
মায়াব’ :- [সেহাই সেহাই ] আজি তিনিদিন এই বাঘটোৰ পাছে পাছে ফুৰিছোঁ। আজি কিন্তু সি মোৰ শৰৰপৰা সাৰিব নোৱাৰিলে। ঘাইল হৈ বাঘটোৱে হাবি-বন মহটিয়াবলৈ ধৰিলে।আৰু এডাল কৰবাৰ কাঁৰ সোঁ-সোঁকৈ আহিল। বাঘৰ গাৰপৰা দূৰেদি গৈ গছ এজোপাত বিন্ধ খাই ৰ’লগৈ। মই ছল চাই গৈ বাঘৰ মূৰত ঘাপ শোধালোঁগৈ। মূৰটো হাতত লৈয়ে দেখিলোঁ এই মানুহটোৱে হাতত ধনু-কাঁৰেৰে অলপ দূৰতে ৰৈ আছে। মূৰ হাতত লৈ গুচি আহিলোঁ। তাৰ পিছত এই ঘটনা।
            [এনেতে ৰূপালীম্‌ লৰ মাৰি মায়াব’ৰ ওচৰলৈ আহে। ]
ৰূপালীম্‌:- মায়াব’! মায়াব’! তুমি বাঘটোৰ মূৰটো কেলৈ কাটিলা?
মায়াব’ :- এনেয়ে।
ৰূপালীম্‌ :- পিছে, তাৰ পোৱালিবোৰক কোনে খুৱাব? সিহঁত মৰি যাব নহয়?
মায়াব’ :- যোৱাচোন ৰূপালীম্‌, পানী অলপমান আনাগৈ। মোৰ বৰ পিয়াহ লাগিছে।
ৰূপালীম্‌ :- বাৰু মায়াব’। পিছে বাঘৰ পোৱালিকিটাও তুমি আনিবা দেই। মই সিহঁতক খাবলৈ দিম, নহ’লে সিহঁতে অকলে অকলে হাবিত কান্দি কান্দি ঘূৰি ফুৰিব।আনিবা দেই।
                 [ভিতৰলৈ পানী আনিবলৈ যায়। ]
জুনাফা :- মায়াব’! সঁচাকৈয়ে তই চিকাৰ কৰিব পাৰ! ৰূপালীমক তই পোহপাল দিব পাৰিবি।
মায়াব’ :- তেন্তে তুমি মোৰ লগত ৰূপালীমক বিয়া দিবা?
জুনাফা :- ওঁ... [এই বুলি জুনাফাই মনতে অলপ চিন্তা কৰে। ]
মায়াব’ :- [বুঢ়াৰ মুখলৈ অলপ পৰ চাই ] জুনাফা! ক’তা? তুমি দেখোন মুকলি মনেৰে কব পৰা নাই।
জুনাফা :- মায়াব’! তই যে পুহিব পাৰিবি সেই বিষয়ে মোৰ অলপো সন্দেহ নাই। পিছে... মই কেনেকৈ থাকিম মায়াব’? মই আজি এই পোন্ধৰ বছৰ তাইক বুকুত বান্ধি লৈ ফুৰাইছোঁ।মোৰ এজনী জী। তাই মৰিবৰ সময়ত তাইৰো একেজনী জীয়েক ৰূপালীমক মোক গতাই দি গৈছে। তাইক মই মোৰ জীৱটোৰ দৰে ৰাখি আছোঁ।
                 [এনেতে ৰূপালীমে বাটি এটাত পানী আনি মায়াব’ক দিয়ে আৰু মায়াব’ই লৈ খাবলৈ ধৰে। ৰূপালীমে পৰি থকা বাঘৰ মূৰটোৰ ওচৰলৈ গৈ তালৈ এবাৰ আচৰিত হৈ আৰু এবাৰ বেজাৰকৈ চাই হাতেৰে চুব খোজে। হাত কোচাই আনে। ]
ৰূপালীম্‌ :- বাঘৰ মূৰটো তুমি কেলৈ কাটিলা মায়াব’?
মায়াব’ :- [অলপ হাঁহি ] তোমাক বিয়া কৰাবলৈ। ৰূপালীম্‌ [লাজ কৰি জুনাফাৰ ফালে কেৰাহিকৈ চায়। ]
জুনাফা :- [গহীনকৈ তাইলৈ মৰম বেজাৰেৰে চাই মূৰ জোকাৰি ] ওঁ !
               [ৰূপালীমে অলপ লাজ কৰি আনফালে মূৰ কৰে। ]
               [জুনাফাই তাইৰ মুখৰ ফালে ৰৈ চাই থাকে। এনেতে দূৰৈত চিকাৰ কুকুৰৰ ভুক্‌ভুকনি শুনা যায় আৰু আটাইবোৰ আচৰিত হয়। মায়াব’ই সেইফালে ডিঙি মেলি মেলি চাই কিছু উদ্বিগ্ন হয় আৰু ৰূপালীমক হাতত ধৰে। ]
মায়ব’ :- ৰূপালীম্‌ ! তুমি ঘৰৰ ভিতৰলৈ যোৱাচোন। এইবোৰ কোনোবা শত্ৰু আহিছে। তুমি নোলাবা।
               [তাইক ঘৰৰ ফালে হেঁচোকা মাৰি দিয়ে আৰু তায়ো কোনো প্ৰতিবাদ নকৰি সোমাই যায়। ]
          জুনাফা! এই পাষণ্ড কেইটা আকৌ কাজিয়া কৰিবৰ মনেৰে আহিছে।
               [মায়াব’ আগন্তুক বিপদৰ কাৰণে সষ্টম হৈ থাকে। জুনাফাক কিছু সশঙ্কিত যেন দেখা যায়।ৰেণথিয়াং দম্ভেৰে তালৈ হাতত কাঁৰ এপাত লৈ সোমাই আহে। আহি মায়াব’ আৰু জুনাফাৰ আগতে সগৰ্ব্বে থিয় হৈ হাতৰ কাঁৰপাতেৰে মায়াব’ক দেখুৱাই সি অহা ফালে ভিতৰলৈ চাই কয়। ]
ৰেণথিয়াং :- প্ৰভু! এই দুৰাচাৰ কাপুৰুষেই মোৰ চিকাৰৰ মূৰ কাটি ইয়াত তাৰ মইমতালি দেখুৱাইছেহি। আৰু তাকে মই দাবী কৰিলত সি মোক অপমান কৰি আপোনাৰো অপমান কৰিছে।
               [মায়াব’ ৰেণথিয়াঙৰ ফালে জোখৰ খোজেৰে আগবাঢ়ি আহি তাৰ ওচৰ নৌ পাওঁতেই মণিমুগ্ধ আহি তালৈ কুকুৰলৈ চোৱাৰ দৰে চাই কয়। ]
মণিমুগ্ধ :- মূৰ্খ! নিলাজ! খন্তেকতে বাঘৰ মূৰ উলিয়াই ওভোতাই দে, চোৰ!
মায়াব’ :- আপুনি মোক বৰ বিমোৰত পেলাইছে। বোধকৰোঁ আপুনি নাই দেখা দেখিহে এনে কথা কৈছে। দৰাচলতে এই বাঘ মোৰ শৰত পৰিছে। আপোনাৰ ভ্ৰম।
ৰেণথিয়াং :- ভ্ৰম?
মায়াব’ :- অৱশ্যে।
মণিমুগ্ধ :- ৰূকমী ডেকা! মোৰ মানুহে মিছা কথা নকয়।
               [খঙেৰে আগবাঢ়ি যায়। হঠাৎ জুনাফা সোমাই আহে। ]
জুনাফা :- কোন তোমালোক? মোৰ চোতালত তোমালোকক এনে আচৰণ কৰিবলৈ কোনে অধিকাৰ দিছে।
মণিমুগ্ধ :- মোৰ শক্তিয়ে দিছে?
জুনাফা :- তোমালোকক সম্ভ্ৰন্ত লোক যেন দেখিছোঁ। পিছে ই কেনে বৰ্ব্বৰ আচৰণ? অচিনাকি! মোৰ আদেশ... তোমালোক মোৰ ঘৰৰ চোতালৰপৰা আঁতৰ হোৱা।
ৰেণথিয়াং :- [জুনাফাৰ ওচৰলৈ চোঁচা মাৰি আহি বুঢ়াৰ ডিঙিত ধৰি ] বৰ্ব্বৰ! নিশকতীয়া বুঢ়া! তোৰ কিহৰ ইমান তেজ? কাক এনে বাক্য বুলিছ?
                [জুনাফাৰ ডিঙিত চেপি জোকাৰিবলৈ ধৰে আৰু মায়াব’ই খন্তেকৰ ভিতৰতে কাঁৰপাত অহাদি আহি ৰেণথিয়াঙক ডিঙিত ধৰি মুখত ঘুচিয়াই মাটিত পেলাই দিয়ে। তাতে দুয়োটাৰ তুমুল সংগ্ৰাম আৰম্ভ হয়। জুনাফা কঁপি কঁপি মাটিত বহি যায়। মণিমুগ্ধই কঁকালৰপৰা উলিয়াই এটা পেঁপা বজায়। পাঁচোটামান বন্দী গৰখীয়া সেনা আহি তৎক্ষণাত ৰেণথিয়াঙক মায়াব’ৰ হাতৰপৰা মুক্ত কৰি আনে।মায়াব’ উঠিবলৈ ধৰোঁতে কেইবাটাও সেনাই ধৰি ধনঞ্জয় প্ৰহাৰ আৰম্ভ কৰিলত সি পৰি যায়। ৰেণথিয়াঙে তেতিয়া হাতৰ চাবুকেৰে তাক মূৰে-গায়ে একোনাই হৈ কোবাবলৈ ধৰে। মায়াব’ৰ মুখে-নাকে তেজ ববলৈ ধৰে। সি মাটিত পৰি মূৰ্চ্ছা যায়। মায়াব’ৰ অৱস্থা দেখি জুনাফাই থাকিব নোৱাৰি চিঞৰিবলৈ ধৰে। ]
জুনাফা :- কিন আছ? কোন আছ? ৰাখহি! ৰাখহি! গাঁৱৰ ডেকা বুঢ়া, কোন আছ চাহি।
                [চাৰিওফালে বলিয়াৰ দৰে লৰি-ঢাপৰি চিঞৰিবলৈ ধৰিলে। ]
               আহ অ’ ! কোন আছ ....
                [জুনাফাৰ চিঞৰোতে চিঞৰোতে মাত ক্ষীণ হৈ পৰে। ৰেণথিয়াঙে মায়াব’ক এৰি জুনাফাৰ ওচৰলৈ আহে। ]
ৰেণথিয়াং :- [মণিমুগ্ধক ] প্ৰভু! এই বুঢ়াই সকলোৰে গুৰি। আপোনাক ই অপমান কৰে... ই...ই... [চাবুক দাঙি ] ইয়াক.... ইয়াকহে ভালকৈ এসেকা দিব লাগে।
                [জুনাফাক কোবাবলৈ ধৰে। ]
জুনাফা :- [খঙত বলিয়া হৈ ককালৰ মিত উলিয়াই ] নহয়... নহয়... তহঁতকো শুদাই নেৰিছোঁ।
                [জুনাফাই মিত্‌ ঘূৰাবলৈ ধৰে। ৰেণথিয়াং আঁতৰ হয়। মণিমুগ্ধই ইঙ্গিত দিয়ে আৰু সেনাবোৰে মিত্‌ ইলিয়াই জুনাফাক বেঢ়ি ধৰে। এনেতে ৰূপালীমে উধাতু খাই আহি কয়। ]
ৰূপালীম্‌:- নামাৰিবি। নামাৰিবি।
                [চাংঘৰৰ ভিতৰৰপৰা ওলাই আহি সিহঁতৰ মাজত পৰেহি। আটাইবোৰ ক্ষান্ত হয়। ]
ৰূপালীম্‌ :- [হুক্‌-হুক্‌ কৰে কান্দি ] নামাৰিবা, নামাৰিবা। মোৰ আপুৱে তোমালোকৰ কি জগৰ কৰিলে বাৰু? [জুনাফাৰ মুখলৈ চাই হুক্‌-হুক্‌কৈ কান্দি ] আপু! আপু! অ’ আপু ! .... [মায়াব’লৈ চাই হুক্‌-হুক্‌কৈ কান্দি মায়াব’ৰ ওচৰলৈ গৈ তেজ দেখি ভয়ত চিঞৰি ] আপু!... আপু!... মায়াব’ৰ কি হ’ল?... মায়াব’... মায়াব’
                [ৰূপালীমে মায়াব’ৰ মুখৰ তেজ মচি দিবলৈ ধৰে। মায়াব’ পৰি থাকে। জুনাফাই অপমানত জৰ্জ্জৰিত হৈ কয় ]
জুনাফা :- শক্তিৰ অধিকাৰ! শক্তিৰ অধিকাৰ!! এৰা, শক্তিৰেই অধিকাৰ... বলীৰেই অখণ্ড প্ৰতাপ।
                [ইমান সময় মণিমুগ্ধ মন্ত্ৰমুগ্ধৰ দৰে ৰূপালীমৰ ফালে চাই আছিল। মণিমুগ্ধ তেনেকৈ তন্ময় হৈ চাই থাকোঁতে ৰেণথিয়াঙে কাণে কাণে কিবা কলেহি তাতে মণিমুগ্ধৰ টোপনি ভঙা যেন হ’ল। ]
মণিমুগ্ধ :- অৱশ্যে, অৱশ্যে, এই মুকুতা যদিও শামুকৰ পেটত উপজিছে, ইয়াত ইয়াৰ ঠাই নহয়। ই ৰাজকাৰেঙৰহে উপযোগী। এই ৰূপহীজনী কোন?
জুনাফা :- কোন? কেলৈ আমাক শাস্তি বিহি হেপাহ পলোৱা নাইনে? এতিয়া আজলী ছোৱালী...
মণিমুগ্ধ :-[কোমলাই ] নহয় নহয় বুঢ়ামানুহ! সেইবোৰ কথা আৰু নুলিয়াবা। যি হ’ল হ’ল। পাহৰি যোৱা। এইজনী সম্ভৱ তোমাৰেই জী নাইবা নাতিনী। তাইৰ ৰূপলৈ চাই তাই তোমাৰ জুপুৰীৰ কাৰণে নহয়, তাইৰ ৰূপৰ জেউতি আঢ্যৱন্তসকলৰ জোনাকী কাৰেঙৰ ভিতৰতহে দুগুণে চৰিব।
জুনাফা :- [নিজৰ মনতে ৰোষত জ্বলি ] এনে কথাও মই শুনি থাকিবলগীয়া হ’ল! এনে কথাও... মই সহিব লাগিব। কিয় তোৰ শক্তি নাই? তই কিয় দুৰ্ব্বল হৈ সংসাৰলৈ আহিছিলি? দুৰ্ব্বলৰ কিহৰ মান... কিহৰ অপমান? অপমানেৰে...ক্ষোভেৰে... নিজৰ গাৰ প্ৰতি তেজ টোপালেৰে তই তোৰ দুৰ্ব্বলতাক পুহিব লাগিব। এই পৃথিৱীৰ... নৈ-সাগৰ...বন উপবন... ভালৰো ভাল, সুন্দৰৰো সুন্দৰখিনি...ৰূপৰো ৰূপ... কাৰ ভোগ্য? বলীৰ ...শক্তিশালীৰ। আৰু তই.... বলীৰ পাদুকাৰ মলি মাথোন। পেলাই দিয়া চুৱা-পাতেৰে তোৰ ক্ষীণ আৰু দুৰ্ব্বল অঙ্গ ৰক্ষা কৰিব লাগিব আৰু যদি ভুলত, অদৃষ্টৰ পৰিহাসত তোলৈ কিবা ভাল বস্তু আহে... তাক তই বলীৰ হাতত দিব লাগিব। তোৰ পুষ্ট শৰীৰটো বলীৰ পদ-সেৱাত... তোৰ নিপোটল ল’ৰাটো বলীৰ হুকুমৰ আঙুলি মূৰত... তোৰ সুন্দৰী ছোৱালীজনী... বলীৰ... সিহঁতৰ কাৰেঙৰ লিগিৰীকৈ দিবগৈ লাগিব।
মণিমুগ্ধ :- বুঢ়া! অনৰ্থক অনুশোচনাৰপৰা একো ফল নাই।
ৰেণথিয়াং :- প্ৰভু! সন্ধিয়া হৈ আহিছে। আমি আৰু সৰহ বেলি ইয়াত ইহঁতৰ সৈতে ৰেপাৰেপি কৰি থাকিব নোৱাৰোঁ। ইহঁতৰ যথোচিত শাস্তি হ’ল। এতিয়া নেদেখাজনৰ কৃপাত আমাৰ ভাগ্যত এই মুকুতাটি মিলিছে যেতিয়া...
মণিমুগ্ধ :- বুঢ়া মানুহ! তুমি আপোন ইচ্ছাই এই ৰূপহীৰ কপাল মুকলি কৰি দিয়া। তুমি ৰূপহীক মোক সমৰ্পন কৰা। তাৰ সলনি... তোমাৰ এই জুপুৰিৰ সলনি... কাৰেং যেন ঘৰবাৰী আৰু সুন্দৰীৰ সলনি তাইৰ শৰীৰৰ জোখৰ সোণ...
জুনাফা :- সোণ! সোণ! সোণ নহয়... সোণ নেলাগে... ডকাইত... তোৰ প্ৰাণ....
                 [জুনাফাই বুঢ়া বাঘৰ দৰে মণিমুগ্ধৰ গাত জাপ মাৰি পৰেহি। মণিমুগ্ধই জুনাফাক হাতত ধৰি মাটিত বগৰাই পেলায়। আনফালে ৰেণথিয়াঙে ৰূপালীমক মায়াব’ৰ ওচৰৰপৰা কোলাত তুলি লৈ ওলাই যায়। ]
ৰূপালীম :- [কান্দি কান্দি চিঞৰি ] আপু! আপু! ৰাখ অ’ মোক... কোন আছ? কোন আছ? [ৰেণথিয়াঙে তাইক উলিয়াই লৈ যায়। ৰূপালীমে ৰেণথিয়াঙৰ কোলাত হাত ভৰি এচাৰি মূৰ আফালি কান্দি গছৰ পাত সৰুৱাই যায়। কিন্তু আন এটাই মুখত সোপা দিয়াত চিঞৰ নুশুনা হয়। ইফালে মণিমুগ্ধৰ ৰখীয়া সেনাৰ সৈতে জুনাফাৰ ভীষণ জুঁজ হয়। এইবোৰৰ মাজত ৰূপালীমৰ এবাৰ দুবাৰ “আপু...আপু” ক্ষীণ চিঞৰৰ শব্ধ শুনা যায়। মায়াব’ই তাৰপৰা উঠো উঠো কৰে কিন্তু উঠিব নোৱাৰি লুটি খাই খাই পৰি যায়। গৰখীয়া সেনা কেইটাক ইঙ্গিত দিয়াত সিহঁতে আহি জুনাফাক ধৰি ৰাখি থয়।মণিমুগ্ধ তাৰপৰা খৰকৈ ওলাই যায়। মণিমুগ্ধ ওলাই যোৱাৰ পিছতে সেনা কেইটাই জুনাফাক অতিপাতকৈ মৰিয়াই মৰিয়াই পেলাই থৈ গুচি যায়। জুনাফা আধা-মৰাৰ দৰে তাতে পৰি থাকে। মায়াব’ই কোনোমতে চুচৰি বাগৰি ইফালে সিফালে চাবলৈ প্ৰয়াস পায় আৰু সেহাই সেহাই “ৰূপালীম্‌, ৰূপালীম্‌” বুলি মাতিবলৈ চেষ্টা কৰে। কঁপি কঁপি জুনাফা উঠে। জুনাফাৰ মুখৰ আকৃতি দেখিলে ভয় লগা। বুঢ়া চকুৱেদি জুইৰ আঙনি বৰষিছে... সৰসৰাই চকুৰ পানী বৈছে। ]
জুনাফা :- [বলিয়াৰ দৰে ] ৰূকমী... ৰূকমী ডেকা-বুঢ়া আটাইবোৰ জহি গলি নেকি? উস্‌... মোৰ কি হ’ল ... কি হ’ল? [হাওঁহাওঁকৈ কান্দি ] ৰূপালীম্‌...ৰূপালীম্‌! নাই, নাই... ধৰম নাই... বিচাৰ নাই... ৰজা নাই... ঈশ্বৰ নাই... অৰাজক... অৰাজক... [হাওঁহাওঁকৈ কান্দি ] ৰূপালীম্‌... কলৈ গলি? কোনে নিলে তোক? ৰূপালীম্‌! ৰূপালীম্‌...
                 [জুনাফা অলিয়া-বলিয়া হৈ “ৰূপালীম্‌, ৰূপালীম্‌” বুলি চিঞৰি ওলাই যায় ... মায়াব’ই উঠিবলৈ চেষ্টা কৰি পৰি পৰি যায়। বাহিৰৰপৰা জুনাফাৰ “ৰূপালীম্‌” বোলা চিঞৰ কাণত পৰেহি।জুনাফাৰ চিঞৰৰ লগে লগে মায়াব’ই দুগুণে অস্থিৰ আৰু অধৈৰ্য হৈ ছাটিফুটি কৰিবলৈ ধৰে। ]
জুনাফা :- [বাহিৰত ] ৰূপালীম্‌! ৰূপালীম্‌.... কোনে ফালে? কোনফালে? কলৈ গলি অ’ ৰূপালীম্‌।
                                      অ’ মোৰ
                                          ৰূপালীম্‌
                                              ৰূপালীম্‌
                                                ৰূপালীম্‌
                                                   ৰূপালীম্‌
                                                      ৰূপালীম্‌

ঐক্যতান