ৰূপালীম/তৃতীয় অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

তৃতীয় অঙ্ক
ৰূকমী ৰজাৰ ৰাজধানী

সময় :- পূৰ্ণিমাৰ নিশা


            [ৰজাৰ কাৰেঙৰ মুকলি ফুলনিত ৰজাৰ পূৰ্ণিমা উৎসৱ। পূৰ্ণিমা নিশা। ফুলনিখন আহল-বহল। তাত নানা বিধৰ ফুল ফুলি আছে।ফুলনিৰ মাজে মাজে চীন দেশীয় ফানুছবোৰৰ ভিতৰত চাকি জ্বলাই ওলোমাই থৈছে। মাজে মাজে বহা আসন পতা আছে। ফুলনিৰ এমূৰত ৰজাৰ কাৰেং।দুমহলীয়া কাৰেং ... চীন দেশীয় স্থাপত্য কাঠেৰে সজা। কাৰেঙৰ সৰু সৰু খিৰিকী আৰু দুৱাৰবোৰেদি পোহৰ বিৰিঙি বিৰিঙি ওলাইছে। এখন কেবাখলপীয়া নানা বৰণেৰে চিত্ৰ-বিচিত্ৰ কৰা খাটোলাত ৰূকমী ৰজাই সাজসজ্জাৰ পূৰণ পয়োভৰেৰে বহি ফটিকা খাব লাগিছে। ৰজাজন ডেকা, আমোদপ্ৰিয় আৰু সুৰাসেৱী। ৰজাৰ ওচৰত খলপে খলপে ৰজাৰ বিষয়া লগৰীয়াবিলাক আয়ামেৰে আৰু আয়াসেৰে বহি আছে। চাৰিওফালে জুমে জুমে ডেকা-গাভৰু বহি হাঁহি-খিকিন্দালি কৰি আছে আৰু ফটিকা যোগাব লাগিছে।চামে চামে ডেকা-ডেকেৰীবিলাক উঠি নাচিছে... বজোৱাই বজাইছে, গোৱাই গাইছে, মতলীয়া হৈ অনাই-বনাই ফুৰিছে। এজুম ডেকেৰীয়ে নাচি নাচি ৰজাৰ ওচৰ পাইছেহি। এনে সময়তে এজনী লিগিৰীয়ে সোণৰ বান-বাটিৰে ফটিকা পিবলৈ দিয়ে। ৰজাই সেই ফটিকা বাটি পি তাৰ এৰাখিনি ডেকেৰীবোৰৰ গালৈ ছটিয়াই দিয়ে আৰু খিল্‌খিল্‌কৈ হাঁহিবলৈ ধৰে। ]

ৰূকমী ৰজা :- [ৰাগীত বিভোৰ হৈ ] ফটিকা... তাৰ ৰাগী... জোনৰ পোহৰবোৰে যেনেকৈ নৈ গছ-গছনিত পৰি ৰূপহ কৰে, সেইদৰে ফটিকাৰ ৰাগী লগা চকুৰ চাৱনিয়ে এই সুন্দৰীবিলাকৰ ৰূপত জেউতি ঢালি দিয়ে।ফটিকাই স্ফূৰ্তিৰ ৰস।লিগিৰী ! আৰু এবাটি... ডাঙৰ বাটি... ডাঙৰ বাটি...
            [লিগিৰীয়ে ফটিকা যাচে আৰু ৰজাই পিবলৈ ধৰে। নাচনীয়াৰবিলাকে আনন্দত কিৰীলি পাৰি নানা বাংকৰা-বিংকৰা কথা চিঞৰে। গীতৰ ৰোলত আৰু মতলীয়াবোৰৰ কোঢ়ালৰ প্ৰতাপত কাৰো মাত কেৱে নুশুনা হয়। সিহঁতেনো কোঢ়ালত কি গীত গাইছে... তাক বুজিবৰ সাধ্য নাই। জুনাফা আৰু মায়াব’ দুয়ো ডাঙিত ধৰাধৰিকৈ হেলাই-হেপাই আহি তাত ওলায়।সেইখিনি পায়েই জুনাফাই হাওহাওকৈ কান্দি তাতে ধাঁচকৈ লুটি খাই পৰে। গীত নিমাত হয় আৰু মতলীয়াবোৰৰ কোঢ়াল মাৰ যায়। ]

ৰজা :- [তিপাত বিৰক্তিৰে ] এইটো আকৌ কি ?হেৰ’ এই গীত-মাতৰ মাজত হাউৰিয়াই মৰিছহি কিয়?
জুনাফা :- প্ৰভু! প্ৰভু! মোৰ সৰ্ব্বনাশ হ’ল। ৰাখক মোক! মোক...ৰাখক!!
ৰজা :- [আগতকৈয়ো বিৰক্তিৰে ] ৰাখিব লাগে... এতিয়া এই সময়তহে তোক ৰাখিবলগীয়া হ’ল? ইহঁত ইয়ালৈ আহিবলৈ পালে কেনেকৈ চন্তৰীবোৰেও ফটিকা খাইছে নেকি সৰহকৈ?
জুনাফা :- আপুনি আমাৰ ৰজা ... আমাৰ সকলো ভৰসা। আপোনাৰ ওচৰলৈ আহিছোঁ, ৰাখক।
ৰজা :- হেৰ’! ৰজা হলোঁ বুলিয়েইনো ফটিকাটোপাও শাঁতিৰে খাব নিদিয়নে? ৰজা হলোঁ বুলিয়েইনো ৰং-তমচাও নকৰিমনে? মই ৰজা নহৈ যেনিবা প্ৰজাৰ কিনা গোলামহে! বাৰু... তোৰনো কি ৰাখিব লাগে? তোৰ হ’ল কি? ফটিকাৰ কলহৰ তলি ফুটিল নেকি?
জুনাফা :- প্ৰভু! মোৰ একেজনী ছোৱালী... তাইক মোৰ হাতৰপৰা কাঢ়ি লৈ গ’ল।
ৰজা :- [মূৰ্তি সলাই ] ছোৱালী? ছোৱালী নিলে? কোনে?
জুনাফা :- ক’ব নোৱাৰোঁ... চিনি নেপাওঁ।
ৰজা :- হেৰ’! তয়ে চিনি নেপালি, মইনো পাওঁ কেনেকৈ? মোৰ চকুকেইটা সোলোকাই জানো তোৰ চাংঘৰত আঁৰি থৈছিলোঁ... সিহঁতক দেখি চিন্‌ ৰাখি থবলৈ?
            [আটিবোৰে হাঁহিবলৈ ধৰে ]
জুনাফা :- চিনি নেপাওঁ যদিও শুনিবলৈ পাইছোঁ তেওঁ হেনো প্ৰান্তদেশ অধিপতি মণিমুগ্ধ কোঁৱৰ।
ৰজা :- আচৰিত ... !
            [সকলো আচৰিত হয় ]
            বুঢ়া তই কিবা সপোন দেখি ধৰফৰাই উঠি আহিছ নেকি? প্ৰন্তদেশ-অধিপতি মণিমুগ্ধ? সিদিনাহে তেওঁ ইয়াত আলহী খাই মোৰ ভনী ইতিভেনক বিয়া কৰাবলৈ থিৰ কৰি গৈছে আৰু তই কৈছহি তেওঁ তোৰ ছোৱালী নিলে। বুঢ়া, ফটিকা খালি নেকি সৰহকৈ?
            [আটাইবোৰে বৰকৈ হাঁহে ]
জুনাফা :- সঁচাই মণিমুগ্ধ! তেওঁ চিকাৰলৈ আহি মোৰ ৰূপালীমক দেখি... মোক নিজ ইচ্ছাৰে তাইক দিবলৈ ক’লত মই অসন্মতি প্ৰকাশ কৰাত মোৰ ওপৰত অত্যাচাৰ কৰি তাইক বলেৰে...
ৰজা :- মিছা কথা, মিছা কথা। আৰু সঁচা হলেও তাৰ কোনো প্ৰতিকাৰ নাই... হব নোৱাৰে। বুঢ়া, তোৰ এজনী সামান্য ছোৱালীৰ কাৰণে এতিয়া মই মহাপ্ৰতাপী মণিমুগ্ধক জোকাই লৈ ৰাজ্যলৈ বিপদ চপাবলৈ কৱনে ?
জুনাফা :- প্ৰভু ! তোমাৰপৰাও আজি এনে কথা শুনিব লাগিবনে ? তোমাৰ ৰাজ্যৰ দুখীয়া প্ৰজাৰ ঘৰৰপৰা ডকাইতৰ দৰে আন মানুহে বুকুৰ ছোৱালী কাঢ়ি নিবহি.... তুমি আমাৰ ৰজা হৈ... ৰক্ষক হৈ... আমাক ৰাখিব নোৱাৰা ?
ৰজা :- বুঢ়া! সাৱধানে কথা কবি। এতিয়াও মোৰ ভাবিব পৰা... বিবেচনা কৰিব পৰা শক্তি আছে। এতিয়াই ইয়াৰপৰা আঁতৰ হ।
জুনাফা :- তেন্তে মই বিমুখ হৈ উভতি যান লাগিব? তেন্তে মই মোৰ ৰজাৰপৰা একো বিচাৰ নাপাওঁ?
ৰজা :- নাপাৱ। একো নাপাৱ। এই চন্তৰী! এই বুঢ়াক ইয়াৰপৰা দূৰ কৰি থৈ আহগৈ।
জুনাফা :- তেনহলৈ আৰু কাৰ ওচৰলৈ যাম? ৰূকমী ৰাজ্যত আজি বিচাৰ নাই! বিচাৰ নাই!!
            [ভিতৰৰপৰা হঠাৎ ইতিভেনৰ প্ৰৱেশ ]
ইতিভেন :- বুঢ়া ! ৰূকমী ৰাজ্যত এতিয়াও বিচাৰ আছে। ৰ’বা।
            [ইতিভেনক দেখি সকলো বৰ আচৰিত হয়। ৰূকমী ৰজাই বিস্ময়েৰে ইতিভেনৰ মুখলৈ কিছু পৰ চাই থাকে ... ৰূকমী ৰজাৰ ৰাগী কৰবালৈ যায়। ]
ৰজা :- ইতিভেন। ইনো তোৰ কেনে আচৰণ?
ইতিভেন :- [অবিচলিত মাতেৰে ] একো আচৰিত হবলগীয়া নহয়।
ৰজা :- একো নহয়? ইতিভেন?
ইতিভেন :- [একো নামাতি ৰৈ থাকে। ]
ৰজা :- ইতিভেন! তই ওলাই অহাৰ কি আৱশ্যক?
ইতিভেন :- হৈছে দেখিহে ওলাই আহিছোঁ।
ৰজা :- তোৰ একো আৱশয়ক নাই। ভিতৰৰ মানুহ ভিতৰলৈ যা।
ইতিভেন :- তুমি বুঢ়াৰ বিষয়ে বিচাৰ নকৰামানে মই ভিতৰলৈ নেযাওঁ।
ৰজা :- বিচাৰ কৰোঁ নকৰোঁ... সেইটো মোৰ কথা। মই ৰজা। তই আকৌ এইবোৰত হাত দিবলৈ আহিছ কিয়? তোৰ কাম... অন্তেষপুৰৰ কাম চোৱা।
ইতিভেন :- সেইবোৰ মোৰ কাম বুলি মই জানো। কিন্তু তোমাৰ কৰ্তব্য যেতিয়া তুমি পাহৰিবা, তাক মই সোঁৱৰাই দিবলৈ আহিবই লাগিব।
ৰজা :- বাৰু তেন্তে ভাল কথা। এতিয়া মোৰ মনত পৰিল। তই ভিতৰলৈ যা।
ইতিভেন :- তুমি আগতে বুঢ়াৰ বিষয়ে মীমাংসা কৰা, তেহে মই যাম।
ৰজা :- [খঙেৰে ] ইতিভেন! কথা শুন... মই বিচাৰ কৰি খতম কৰি থৈছোঁ! মণিমুগ্ধৰ বিৰুদ্ধে আমাৰ একো কৰিবলৈ নাই। বুঢ়া গৈ ঘৰৰ জুইশালত জুই ফুৱাই ফটিকা খাই থাককগৈ।
 ইতিভেন :- অ’, এয়া তোমাৰ বিচাৰৰ ৰায় হ’ল ! ই ৰজাৰ বিচাৰ হোৱা নাই। মদপী, তিৰোতাসেৱী কাপুৰুষৰহে উপযুক্ত আচৰণ হৈছে।
ৰজা :- [খঙতে গৰ্জি উঠি ] ইতিভেন! ইতিভেন! তই মোৰ ভনী হৈ মোক এনে কথা কৱ? মোৰ আদেশ, এতিয়াই ভিতৰ সোমা। চন্তৰী! এই বুঢ়াক এতিয়াই ইয়াৰপৰা গুৰিয়াই গুৰিয়াই খেদি দে।
ইতিভেন :- সাৱধান চন্তৰী! বুঢ়াৰ গাত কোনেও আঙুলি নলগাবি। তুমিও ৰজাৰ কাৰণে অনুপযুক্ত।
ৰজা :- মই ৰজাৰ কাৰণে অনুপযুক্ত! তেন্তে উপযুক্ত কোন? তই? ইতিভেন! তই বিদ্ৰোহ কৰিছ।
ইতিভেন :- অৱশ্যে বিদ্ৰোহ।
ৰজা :- [অলপ কুমলি ] ইতিভেন ভনীটি! তোৰ ভুল হৈছে। ভাবি চাচোন... মণিমুগ্ধক আমি কি কৰিব পাৰোঁ আৰু বিশেষতে যেতিয়া মণিমুগ্ধ আমাৰ মিত্ৰ। তাৰ উপৰি তোক বিয়া কৰাবলৈ বিচাৰিছে....
ইতিভেন :- তেনে স্বামী মই নবহোঁ। মোক বিয়া কৰাবলৈ ওলাই মোৰ জাতিৰ এজনী সামান্য দৰিদ্ৰ ছোৱালীৰ সোণ যেন গাৰ বৰণ দেখিয়েই যি এনে নীচ আচৰণ কৰিবলৈকো সঙ্কোচ নকৰিলে, তেনে পুৰুষক মই ঘিণ কৰোঁ। হাঁহি উঠা কথা নকবা।
ৰজা :- বাৰু পিছে আমিনো কি কৰিব পাৰোঁ ? এনে প্ৰতাপী ৰজাক আমি এই নিশকতীয়া প্ৰাণী কেইটাই কি কৰিব পাৰোঁ?
ইতিভেন :- একো কৰিব নোৱাৰিলেও মণিমুগ্ধৰ শিলৰ দুৰ্গৰ লোহাৰ দুৱাৰত মূৰ খুন্দিয়াই মৰিবগৈতো পাৰিম?
ৰজা :- ‘স্ত্ৰীবুদ্ধিপ্ৰলয়ঙ্কৰী’... শাস্ত্ৰৰ বচন। ইতিভেন ! তহঁতৰ বুদ্ধিয়ে ৰান্ধনীঘৰৰ মাৰলী কেইডালকে ঢুকি নেপায়গৈ। এতিয়া তেনে কটীয়া বুদ্ধিৰে ৰজাৰ বৰচ’ৰাৰ মূধচ চুবলৈ আহিছ!
ইতিভেন :- ককাই!
ৰজা :- [খঙত মুখ বিকটাই ] ককাই! কিহৰ ককাই একাই? সোমা ভিতৰ
[আঙুলিৰে নিৰ্দেশ দিয়ে। ]
ইতিভেন :- নোসোমাওঁ! [গোঙোৰা মাৰি ৰৈ থাকে ]
ৰজা :- নোসোমাৱ?
ইতিভেন :- নোসোমাও।
            [লাহে লাহে তালৈ ভালেমান প্ৰজাৰ সমাগম হবলৈ ধৰে।ৰূকমী ৰজা অলপ পৰ টলকা মাৰি তাৰ পিছত কেইবাটিমান ফটিকা খাই আগতকৈ একোব চৰে... ]
ৰজা :- [চিঞৰি ] নোসোমাৱ ? [অলপ আগবাঢ়ি ] সো... মা.. ভিতৰ, [খঙত কঁপি কঁপি ইতিভেনৰ ওচৰলৈ যাব খোজে। ]
ইতিভেন :- [ৰূকমী ৰজাৰ খং আৰু গেঙেৰিলৈ ভয় নকৰি সমূহ ৰাইজলৈ উদ্দেশ্য কৰি ]
            ৰাইজসকল আৰু বিষয়াসকল! কাপুৰুষ বিলাসি ৰজাৰ ছাঁত থাকি তোমালোকৰো বুদ্ধি ভ্ৰষ্ট হ’ল নেকি? নিজৰ বাহুবল পাহৰি গলা নেকি? তোমাৰ ঘৰতে ...তোমৰ চোতালতে আহি তোমাৰ বুকুত গোৰ মাৰি শত্ৰু গুচি গ’ল। তুমি গৰ্জি নুঠি সেই শত্ৰুৰ চৰণৰ ধূলি নিৰ্মালি বুলি ললা। ৰূকমী ডেকা! ৰূকমী পুৰুষ! তুমি ইমান তললৈ গলা?
            [প্ৰজাবোৰৰ মাজত কথা-বতৰা হবলৈ ধৰে। ]
জুনাফা :- ঠিক কৈছা, ঠিক কৈছা আই! পাহৰিলে, পাহৰিলে, সকলো পাহৰিলে।
এজন ডেকা :- [উত্তেজিত হৈ ] নাই... নাই পাহৰা, নাই পাহৰা।
ইতিভেন :- সৌৱা তোমাৰ দেশৰ ওখ পৰ্ব্বতৰ শিখৰ এতিয়াও উচ্চশিখৰ হৈ আছে। মাথোন তুমিহে মূৰ দোঁৱালা।
            [এনেতে কেইবাটাও ডেকাই মাতে। ]
ডেকাবোৰ :- নাই দোঁৱোৱা।
ইতিভেন :- সৌৱা তোমাৰ পৰ্ব্বতৰ মাজে মাজে আগৰ শক্তিৰেই হিলদল ভাঙি মহানদবোৰ পূৰ্ব্ব গৌৰৱ আৰু মহিমা ঘোষি আজিও বৈ গৈ আছে। মাথোন তুমিহে আপোন পাহৰি নিশ্চল নিবীৰ্য হৈ টোপনি গলা। সৌৱা... সৌৱা... তোমালোকৰ বীৰ পূৰ্ব্বপুৰুষসকলৰ মহান মৈদামবোৰে ... বুকুত ৰূকমী মহাবীৰসকলক লৈ... এতিয়াও মহাগৌৰৱেৰে মূৰ দাঙি ৰূকমী জাতিৰ গৌৰৱ ঘোষিব লাগিছে। কিন্তু তোমালোক ৰূকমী ডেকাৰ,... সজাগ জীৱন্ত, প্ৰাণৱন্ত বাহু থকাতো, ৰূকমীৰ তেজ সিৰত লৈও.... ৰূকমী জাতিয়ে বাস কৰি যোৱা, এই পুণ্য পৱিত্ৰভূমিত থিয় হৈ এতিয়াও... এতিয়াও হাত সাৱটি বহি আছা!! এই তোমাৰ সুন্দৰ দেশৰ ... এই সুন্দৰ ফলে-ফুলে জক্‌মকীয়া.. এই ঠায়ে বিলে ভৰপূৰ... এই ৰূপহ ৰূকমীৰ দেশখন আজি শত্ৰুৰ পদদলিত হ’ল। আজি ৰূকমী ৰূপহীৰ ৰূপ ফুল-মোহৰা শত্ৰুৱে পুৰুষসকলে, বুকুৰ তেজেৰে শলিতা তিয়াই জ্বলাই যোৱা ৰূকমী গৌৰৱৰ বন্তি শত্ৰুৱে ভৰিৰ ধূলাৰে ছাটি মাৰি নিমাই গ’ল।তোমাৰ তেজ থাকোঁতেও.. প্ৰাণ থাকোঁতেও ৰৈ চাই আছা।ইমান দুৰ্ব্বল হৈ, ইমান জুৰুলা হৈ, ইমান নিশকতীয়া হৈ, ইমান অমানুহ হৈ জীয়াই নেথাকিবা। এই ৰাজ্যত তোমালোকৰ থাকিবৰ একো অধিকাৰ নাই। ৰূকমী বুলি চিনাকি নিদিবা! ডেকা বুলি নকবা। এই পৱিত্ৰ ভূমিত আৰু তোমালোকৰ জন্ম নুবুলিবা। ৰূকমী বীৰসকলে কোৱা ভাষা... ৰূকমী ভাষা... ৰূকমী বীৰপুত্ৰই মাতৃক মতা ভাষা-ৰূকমী বীৰ-সন্তানে জন্মভূমিক অৰ্চ্চনা কৰা ভাষা... ৰূকমী সতীয়ে স্বমীক ভক্তি জনোৱা ভাষা... ৰূকমী যুঁজাৰুৱে মৰণ জয় কৰিবলৈ শত্ৰু-সৈন্যক আহ্বান কৰা ভাষাৰ পৱিত্ৰ শব্দ তোমালোকৰ মুখেৰে উচ্চাৰণ নকৰিবা। তোমালোক ৰূকমী নোহোৱা... ৰূকমী সন্তান নোহোৱা।
সকলোৱে :- আমি ৰূকমী, আমি ৰূকমী। আমি প্ৰতিশোধ লম। আমি প্ৰাণ দিম।
ইতিভেন :- উপযুক্ত কথা কৈছা ৰাইজসকল। ৰূকমীৰ মুখৰ উপযুক্ত কথা।বুজিলোঁ.. ৰূকমী জাতি আজিও জীয়াই আছে। যুগ-যুগান্তৰ ধৰি মোৰ মাতৃসকলে সেৱাত নিমগন হৈ আছে। কিন্তু যুগে যুগে যেতিয়াই পুৰুষে কৰ্ত্তব্য পাহৰি দুৰ্ব্বলতাক আশ্ৰয় কৰি কৰ্ত্তব্যবিমুখ হৈছে... তেতিয়াই তিৰোতাই কৰ্ত্তব্য সোঁৱৰাই দিবলৈ ওলাই আহিছে। আজি ময়ো তাকে কৰিবলৈ ওলাই আহিছোঁ। পুৰুষৰ নেতাক আমাৰ ৰক্ষাৰ ভাৰ দি নিচিন্ত হৈ বহি আছিলোঁ। সেই পুৰুষ যেতিয়া আমাৰ সন্মান ৰাখিবলৈ অপাৰগ... অৱশ্যে ওলাই আহিম। কোৱাঁ ৰূকমী বীৰসকল! মোৰ ই উপযুক্ত হৈছে নে নাই?
সকলোৱে :- [একেবাক্যে ] উপযুক্ত হৈছে। উপযুক্ত হৈছে। অতি উপযুক্ত হৈছে!
ইতিভেন :- তেন্তে ৰূকমী বীৰসকল! ওলোৱা... ৰূকমী জাতিৰ অপমানৰ প্ৰতিশোধ লবলৈ... ৰূকমী জাতিৰ মান ৰাখিবলৈ... ৰূকমী ৰূপহীৰ সতীত্ব ৰাখিবলৈ। তোমালোকৰ ৰজা যদি অসমৰ্থ... তেন্তে মই তোমালোকক বাট দেখুৱাই নিম। ৰূকমী ৰাইজসকল! তোমালোক এই অভিযানৰ বাবে সাজুনে?
সকলো :- সাজু। সাজু।
কিছুমান :- আমি প্ৰতিশোধ লম।
ৰজা :- দেখিছোঁ... দেখিছোঁ... সকলো বিদ্ৰোহী। নিমিষতে ...চকুৰ পচাৰতে... তিৰোতাৰ ৰাজ্য-বিস্তাৰ। সকলো দেখিছোঁ উলটিল বুদ্ধিৰ ঠাইত মূৰ্খতাৰ প্ৰকোপ... বিবেচনাৰ ঠাইত... অবিবেচনাই বৰপাগ মাৰি বহিল। গিয়ানক টঙনিয়াই অগিয়ানে খুতি পুতিলেহি। নহয়... নহয়, এনে কাম হ’ব নোৱাৰে। ইতিভেন! ইতিভেন! মূৰ্খালি... মূৰ্খালি... যা ... যা... ভিতৰ সোমা!
ইতিভেন :- ককাই! তুমি ৰজাৰ উপযুক্ত নোহোৱা। তুমি পিতৃ-পিতামহৰ এই সিংহাসন কলঙ্কিত কৰিছা। যোৱা... তুমি সিংহাসনৰপৰা নামি যোৱা।
ৰজা :- সিংহাসনৰপৰা নামি যাম? কিয়?
ইতিভেন :- অৱশ্যে... ৰূকমী ৰাইজসকল! কাক লাগে? মোৰ এই কাপুৰুষ ৰূকমী জাতিৰ কলঙ্ক ককাইক নে তোমালোকৰ মান-গৌৰৱৰ কাৰণে প্ৰাণ দিবলৈ ওলোৱা এই ইতিভেনক?
সকলোৱে :- ৰূকমী ৰাজকুঁৱৰীৰ জয়।
ৰজা :- তিৰোতাৰ কথাত যেতিয়া ৰাজ্য চলা হ’ল... ৰাইজ মতলীয়া হ’ল... কোনো জ্ঞানী পুৰুষসিংহই তাত থকা উচিত নহয়। আহাঁ... কোন কোন ৰূকমী বীৰ আছা... মোৰ লগত। এই তিৰোতাসেৰুৱা মতাৰ ৰাজ্য ত্যাগ কৰোঁ আহাঁ।
            [ৰূকমী ৰজাই নিজেই ফটিকাৰ সোণৰ গাগৰি এটা দাঙি লৈ আসনৰপৰা নামি যায়গৈ আৰু কেইটামান লেৰেলা দেপেটা মানুহো তাৰপৰা এটা এটা কলহ লৈ ৰজাৰ পাছ ধৰি যায়। ]
ইতিভেন :- ৰূকমী ডেকাসকল আৰু বিষয়াসমূহ! আপোনালোকৰ সাহ দেখি সঁচাকৈয়ে মোৰ বুকুলৈ আশা আহিছে। যদিও আমাৰ ৰাজ্যখন সৰু তথাপিও এটা এটা ৰূকমী দহোটা প্ৰান্তবাসিৰ সমানে যুঁজ দিব পৰা হ’ব লাগিব। আজি আমাৰ ঘোৰ সঙ্কটৰ দিন।আমাৰ মহাদুৰ্দিন। আমাৰ আগৰ প্ৰতাপ শৌৰ্য্য-বীৰ্য জঁয় পৰিছে। আমি আত্মৰক্ষা কৰিবলৈকো অপাৰগ হৈছোঁ। আমি আমাৰ ৰাজ্য আৰু প্ৰজাক শত্ৰুৰ আক্ৰমণৰপৰা ৰাখি নোৱৰা হৈছোঁ। আমাৰ দুৰ্ম্মদ ডেকা নিশকতীয়া হৈছে। আমাৰ গৌৰৱ ম্লান পৰি আমাৰ জাতি মৰণোন্মুখ হৈছে।সেয়েহে শত্ৰুৰ ইমান দম্ভ... ইমান অতপালি। আমাক ইমান অৱজ্ঞাৰ চকুৰে চাব পাৰিছে। মানুহ বুলিও নগণা হৈছে। বুকৰপৰা ছোৱালী কাঢ়ি নিছে। দুৰ্ব্বল বুঢ়ামানুহৰ ওপৰতপ অত্যাচাৰ কৰিবলৈ সাহ কৰিছে। সাজু হোৱা, সাজু হোৱা! সকলোৱে এবাৰ সতীত্বৰ, বীৰত্বৰ, শৌৰ্য্যৰ কাহিনী মনত পেলোৱাঁ। ডেকা-গাভৰু, ধনী-দুখীয়া, সকলো ওলোৱা। এই জাতিৰ সৰ্ব্বদলী মনোবলেৰে আৰু সাহৰ প্ৰচণ্ড আঘাতেৰে, মৰণ-বিজয়ী অভিযানেৰে মণিমুগ্ধৰ শিলৰ দুৰ্গ ভাঙি চূৰমাৰ কৰা। এবাৰ জ্বলি উঠা! এবাৰ জ্বলি উঠা!
সকলোৱে :- জয় ৰূকমীৰ জয়! জয় ৰূকমী ৰাজকুঁৱৰীৰ জয়!

ঐক্যতান