ৰূপালীম/চতুৰ্থ অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

চতুৰ্থ অঙ্ক
মণিমুগ্ধৰ কাৰেং

সময়:- দুপৰ নিশা


[মণিমুগ্ধৰ কাৰেঙৰ এটা সুৱৰ্ণময় ব্ৰহ্মদেশীয় কাৰুকাৰ্য্য-খটোৱা কোঠা। কোঠা গোটেইটো সোণৰ পাতেৰে ছটা। সোণৰ ওপৰত ৰঙা-নীলা-কজলা নানান পাথৰ আৰু মণি-মুকুতাৰে বাখৰপতোৱা।কোঠাটোৰ সোঁমাজতে এখন ডাঙৰ খিৰিকী। খিৰিকীয়েদি দূৰত ছাঁৰ দৰে পেগোদাৰ আকৃতি দেখা গৈছে। আকাশত জোন আৰু তৰা। খিৰিকীয়েদি এছাটি জোনৰ পোহৰ সোমাই আহিছে। খিৰিকীৰ তলত এখন চাপৰ শয্যা পৰা আছে। তলত ৰূপালীম্‌ বহি বাহিৰৰ আকাশলৈ চাই বেজাৰমুৱা। কোঠাটোৰ বাঁওফালে এখন সৰু দুৱাৰ জাপ খাই আছে। ওচৰতে মাটিত বহি এজনী লিগিৰী। তাই হাতত এখন অদ্ভূত আকাৰৰ বীণা লৈ বহি ঠুং-ঠুংকৈ বজাই আছিল...গীত গাইছিল। ]

গীত :-

অ’ সখি আজি যৌৱন বন জুৰি

          বন-বসন্ত মুঞ্জৰি

                   পাতে বৰণৰে মেলা,

হাঁহা সখী মোৰ হাঁহা সখী মোৰ

          হাঁহিৰে ফাকু খেলা।

তোমাৰ ৰূপৰ ফুলনিতে

          শেৱালি নেৱালি কতনো ফুল...

দশোদিশ আমোলাই কৰিছে আকুল

ফুল বাটিৰে মৌৰে নিজৰা বাকি দিয়া

          বিয়াকুল ৰূপ মৌ পিয়া।

আজি অভিনৱ তৰালি পোহৰৰ

                   চঞ্চল গীতি শুনা...

তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ

                   জোনাকী কাৰেঙত বাজে বীণা।

তাতে বাসনা-উৰ্ব্বশী

                   বিবসনা....

          নৃত্যতে আকুল

                   অ’ সখী ! যায় যে বেলা...

হাঁহা সখী মোৰ হাঁহা সখী মোৰ

          হাঁহিৰে ফাকু খালে।


[বীণ বজাই গীত গাই থাকোঁতে মাজে মাজে ৰূপালীম্ তাইৰ ফালে পৰি থকা হাতখন চোৱে, কিন্তু ৰূপালীমে আজোৰ মাৰি লৈ যায়। তাতে লিগিৰীজনীয়ে আনফালে মুখ ঘূৰাই দুষ্টালিৰে হাঁহে। তাই আকৌ গীতৰ এফাকি আওৰাব খোজোঁতেই ৰূপালীম্‌ ঘূৰি লিগিৰীজনীক সোধে। ]

ৰূপালীম্‌ :- মোক তোমালোকে কেলৈ ইয়াত থৈছা?
লিগিৰী :-মণিমুগ্ধই কৈছে দেখি... তোমাক ইয়াত থৈ আদৰ-যতন কৰি, গীত শুনাই মন ভাল কৰিবলৈ কৈছে।
ৰূপালীম্‌ :- মোৰ যে মন ভাল নহয়। মোৰ যে বৰ বেজাৰ।
লিগিৰী :- বেজাৰ? [হাঁহি ] তোমাৰ বেজাৰ নাইকীয়া হ’ব। ইয়াত তুমি কিমান সুখত... কিমান আনন্দত থাকিবলৈ পাবা। এই সুন্দৰ সোণখটোৱা কাৰেঙৰ কোঠালিত তুমি থাকিবা।কৰচন চৰাইৰ কোমলকৈও কুমলীয়া পাখি ভৰোৱা গাৰুৰ তলিছা পৰা... পাৰস্যদেশৰ ফুলৰ পাহিতকৈও নিমজ দলিচাত ফৰিবলৈ পাবা... জোন-বেলি বৰণীয়া ...এন্ধাৰত জিলিকা মেজাংকৰী, কিংখাপ চাতোনৰ মাজত সদায় শুৱনী হৈ থাকিবা। ছাঁতে শুকুৱা মচলিনৰ ওৰণী আৰু মনোময় অলঙ্কাৰ পাবা... সোণ, ৰূপ, হীৰা, পোৱাল, নানা মকৰত পদ্মৰাগ মণিৰ গহণা শৰায়ে শৰায়ে পিন্ধিবলৈ পাবা। দিনে-ৰাতিয়ে কত লিগিৰীয়ে তোমাৰ আলপৈচান ধৰিব। তাৰ উপৰি সুন্দৰ লনি ডেকা কোঁৱৰ মণিমুগ্ধৰ চেনেহ, ধাউতি আৰু মৰমে তোমাক আতোলতোলাই ৰাখি থব... তেতিয়া আৰু তোমাৰ বেজাৰ নেথাকিব।হাঁহিৰে থাকিব মুখত... বুকত.. তুমি কিমান সুখত থাকিবলৈ পাবা। সঁচাকৈয়ে মই মিছা কোৱা নাই। তুমি এতিয়া হাঁহি-মাতি ভালকৈ থাকা। এতিয়া মণিমুগ্ধ ইয়ালৈ আহিব নহয়। তুমি এনেকৈ থকা দেখিলে মণিমুগ্ধই কি বুলি ভাবিব?
ৰূপালীম্‌ :- মণিমুগ্ধ কেলৈ আহিব? ইয়ালৈ এতিয়া কেলৈ আহিব?
লিগিৰী :- চোৱাচোন বাৰু আকৰীজনীলৈ... বোলে আকৌ কেলৈ আহিব! আহিলে গম পাবা নহয়...
            [কাণে কাণে কিবা কয়। ]
ৰূপালীম্‌ :- [কান্দি উত্ৰাৱল হৈ ] নহয়। নহয়... নোৱাৰে... নোৱাৰে। [লিগিৰীৰ গাত ধৰি ] মই কি কৰিম... কি কৰিম? মই মৰি যাম, মই মৰি... যাম। মায়াব’! মায়াব’! মই মৰি যাম। মই মৰি... যাম। [নিজৰ বুকুত মুখ সুমাই কান্দিবলৈ ধৰে। ]
            [সোঁফালৰ দুৱাৰ মুকলি হয়। মণিমুগ্ধ হাতত এটা সোণৰ গিলাচ লৈ সোমাই আহি থমকি ৰৈ... আধা চকু মেলি খিৰিকীৰ দুৱাৰমুখৰ ৰূপালীমলৈ চাই থাকে। লিগিৰীজনীয়ে থিয় দিয়ে আৰু অলপ পৰ ৰৈ মণিমুগ্ধ তেনেকৈ থিয় হৈ থকা দেখি লাহেকৈ দুৱাৰেদি ওলাই যায়গৈ। ]
মণিমুগ্ধ :- [এখোজ আগবাঢ়ি আহি ] ৰুপালীম্‌! এনে জোনাক সুৱদী নিশালৈ আবতৰীয়া বেজাৰৰ ডাৱৰ কিয় মাতিছা?
            [ৰূপালীমে একো নামাতে। ]
            [মণিমুগ্ধ লাহেকৈ গৈ ৰূপালীম্‌ বহা শয্যাত বহি ৰূপালীমৰ গাত হাত দিব খোজোঁতেই ৰূপালীমে তাৰপৰা একেছাটেই উঠি গৈ কোঠাৰ এচুকত থিয় হৈ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰে। ]
ৰূপালীম্‌ :- [কান্দি ] মোক... মোক মায়াব’ ওচৰত থৈ আহাঁগৈ... মোৰ বুঢ়া বোপাইৰ ওচৰত।
মণিমুগ্ধ :- ৰূপালীম্‌। তুমি... ইমান অকৰুণ নহবা।
ৰূপালীম্‌ :- বাৰু নেলাগে থাকিব। মই তোমাক ইয়াৰপৰা লৈ যাম... সৌ দূৰণিলৈ। সৌৱা নীলা আকাশৰপৰা নিজৰি তৰাৰ হীৰাফুলীয়া পোহৰবোৰ আহিছে... জোণৰ জোনাকে য’ত জোনোৱালী সপোনৰ ৰাজ্য পাতিছে... তালৈ আমি দুয়ো ওলাই যাওঁ ব’লা। তুমি মোৰ কোলাত বহি তোমাৰ বুকুৰ মৰমৰ কথা ক’বা। মই কাণ পাতি শুনিম মিলনপিয়াসী বুকুৰ কম্পন ৰূপালীম্‌।
            [ৰূপালীম্‌ এটা অব্যক্ত বেদনাৰ হেঁচা সহিব নোৱাৰি ৰুদ্ধশ্বাস হৈ কান্দিবলৈ ব্যৰ্থ প্ৰয়াস কৰি ভাগৰি পৰে আৰু অলপ আঁতৰি যায়। ]
মণিমুগ্ধ :- ভয় কৰিছা? আকৌ আঁতৰিছা। তোমাক হৰণ কৰা কঠোৰতা দেখি মোক শুঙাল বিছা বুলি ভয় খাইছা? নেযাবা। সেই বিছাৰপৰা আজি পখিলা উপজিল। সেই বিছা আৰু তোমাৰ ওচৰলৈ অহা নাই ... সি ধ্বংস পালে। তাৰপৰা সুষমা প্ৰণয়ৰ ফুটুকী-পখিলাহে আহিছে ৰেণু আলসুৱা গাটি লৈ.. মৌ বিচাৰি ফুলৰ ওচৰলৈ। ৰূপালীম্‌! এই পখিলাৰ জনম মৌ পিবলৈ... ফুলৰ বুকত সোমাই ফুলৰ পাহিতে পৰি জহি যাবলৈ। ফুলো ফুলিছে পখিলালৈ। মৌও যাচিছে পখিলালৈ। পখিলাক মৌ পিয়াবলৈকে ফুলৰ জনম। ফুলৰ জীৱন মৌ উজাৰি পখিলাক দিয়েই ফুলৰ জীৱন সমাপন। মৌ নেপালে মৰহি যোৱা... মৌ-হাবিয়াসী, মৌৰে জীৱন ৰোৱা পখিলাটি তুমি কোন সতে আঁতৰাব খুজিছা? ৰূপালীম্‌।তুমি ফুল হৈ জনমি ফুলৰ জীৱন সামৰি থব খুজিছা। ফুলৰ জীৱনৰ নিৰ্ব্বন্ধ উলঙ্ঘা কৰিছা। ৰূপালীম্‌! জীৱলগা ভাষালগা হাঁহিসনা ফুল তুমি আঁতৰি নেযাবা। ৰূপালীম্‌! তোমাৰ ফুলকলি হেন কোমল বুকুখনি মোলৈ শিল-কঠুৱা নকৰিবা।
            [ৰূপালীম্‌ নিমাতীৰ দৰে নিমাত হৈ বেৰত আউজি থাকিল। মুখত মাথোন উদ্বিগ্নতা। ৰূপালীম্‌ মাটিৰ গোসাঁনীৰ দৰে ৰৈ থাকিল আৰু মণিমুগ্ধই মাটিৰ গোসাঁনীক বোধন কৰি জীৱন্ত কৰিবলৈ পূজাৰীয়ে প্ৰয়াস কৰাৰ দৰে মন্ত্ৰ মতাদি ৰূপালীমক কথা কবলৈ ধৰিলে। ]
মণিমুগ্ধ :- ৰূপালীম্‌! নেমাতা? নেহাঁহা? তুমি মোৰ অন্তৰৰ কথাখিনি শুনিবই লাগিব। তুমি সমিধান দিবই লাগিব। ৰূপালীম্‌! তুমি ৰূপ-সাগৰৰ মণি জীৱন্ধৰী। ৰূপ-সাগৰৰ দিকশূন্য প্ৰসাৰত তুমি প্ৰণয়ৰ ধ্ৰুৱজ্যোতি। তোমাকে উদ্দেশ্যি .. তোমাকে ধিয়াই মোৰ হিয়াই তোমাক বিচাৰি আহিছে। তুমি মায়া-মৰীচিকাৰ দৰে কিয় আঁতৰি আঁতৰি যাব ধৰিছা? নীলা সাগৰখন মন কৰা। মহাসাগৰৰ চাৰিফালে পানী। থল নাই... এটি অকলশৰীয়া নাৱৰীয়া উটি-বুৰি ভাহি গৈছে। থল নেপালে সি আৰু সৌ সাগৰৰ পানীতে লয় পাব। তাৰ জীৱনে থল নেপাই,... ফুলিবলৈ নেপাই অঙ্কুৰতে এটা অনন্তকালৰ বিৰাট বেদনা লৈ মুখৰ পিয়াহ, বুকুৰ আশা, মনৰ আবেগ, প্ৰাণৰ হেঁপাহ হৈ নাইকীয়া হৈ যাব। তুমি আজি সেই আতুৰৰ থল হৈ সাগৰত দেখা দিছা। তুমি তাক বুকুত ঠাই নিদি মহা জলাহত জহি যাবলৈ কি সতেনো এৰি দিবা? ৰূপালীম্‌! তোমাৰ বুকুৰ থলত মোক ঠাই দিয়া। মোক জীৱলৈ এটুপি মৌ দিয়া। পিবলৈ এটুপি মৰম দিয়া। হাঁহিবলৈ, মোক ফুলিবলৈ তোমাৰ কোলাত মৰণ লভিবলৈ একণি জিৰাবলৈকো ঠাই নিদিবানে? ৰূপালীম্‌! তোমাৰ ওচৰলৈ মোক এখন্তেক যাবলৈ দিয়া ৰূপালীম্‌!
           [মণিমুগ্ধ ৰূপালীমৰ ওচৰলৈ যাব খোজে আৰু বৰ নিমাখিত হৈ ৰৈ থাকে। ৰূপালীমৰ মুখৰপৰা ভয় আৰু উদ্বিগ্নতাৰ ভাব পাতলি নাইকীয়া হয়। ৰূপালীম্‌ৰ মুখ গহীন হৈ পৰে। ]
ৰূপালীম্‌ :- [চকুকেইটা খিৰিকীৰ ফালে ৰাখি ] মণিমুগ্ধ কোঁৱৰ! তুমি মোক ইয়াত অকলে থাকিবলৈ দিয়া মণিমুগ্ধ কোঁৱৰ! মায়াব’ই মোৰ জীৱন জুৰি আছে। মণিমুগ্ধ! মোক মায়াব’ৰ ওচৰত থৈ আহাঁগৈ।
            [মণিমুগ্ধ ক্ষুব্ধ হৈ হতাশ প্ৰেমিকৰ দৰে এখোজ দোখোজকৈ আহি শয্যাত বহে। ]
মণিমুগ্ধ :- [ভ্ৰু-সঙ্কুচিত কৰি ] ৰূপালীম্‌! মায়াব’ক তুমি ভাল পোৱা?
ৰূপালীম্‌ :- [একে উশাহতে ] পাওঁ।
মণিমুগ্ধ :- কিমান?
ৰূপালীম্‌ :- মই কব নোৱাৰোঁ। খুব ভাল পাওঁ। গছত যিমান ফুল আছে, ডালত যিমান পাত আছে, নৈত যিমান পানী আছে, শূইনত যিমান বতাহ আছে, নিশাৰ আকাশত যিমান তৰা আছে... তিমান।
মণিমুগ্ধ :- [হঠাৎ উঠি ] ৰূপালীম্‌।
            [ৰূপালীমে চকুৰ পানী নেপেলোৱাকৈ মণিমুগ্ধক চাই থাকে। মণিমুগ্ধই আত্মসম্বৰণ কৰি বহি আকৌ এঢোক মদ খায়। ]
মণিমুগ্ধ :- ৰূপালীম্‌!
ৰূপালীম্‌ :- তুমি মোৰ দুখ নুবুজা কিয়? তুমি জানো মানুহ নোহোৱা?
মণিমুগ্ধ :- মানুহ! নহয়... তোমাৰ ৰূপে আৰু মোক মানুহ কৰি থোৱা নাই। মই এটা অদম্য-বাসনা। মই তোমাৰ ৰূপৰ, তোমাৰ সৌন্দৰ্য্যৰ এটা ৰূপ ধৰা পিয়াহ। মই তোমাৰ সুন্দৰ অবয়বৰ অন্তৰালত থকা সুশুভ্ৰ আতমালৈ হোৱা এটা চিৰদিনীয়া হাবিয়াষ। ৰূপালীম্‌! তুমি মোক ঘিণ কৰিছা! কিন্তু মই তোমাক ভাল পাওঁ। অতিকৈয়ে ভাল পাওঁ। তোমাৰ কাৰণে মই বহুত তললৈ নামি গলোঁ... মানুহৰ শাৰীৰপৰা হিংস্ৰ পশুৰ শাৰীলৈ তোমাক পাবলৈ।
ৰূপালীম্‌ :- মোক নোপোৱা... মই নাথাকোঁ।
মণিমুগ্ধ :- [ভ্ৰুকুটি কৰি ] ৰূপালীম্‌! তোমাৰ এই পঙ্কজকান্তিৰ সুন্দৰ দেহাত এতিয়াই মোৰ বাসনাৰ ৰঙা গোলাপ-গুৰি সানি দিব পাৰোঁ। তোমাৰ সোণ-সেন্দুৰীয়া কপালত মোৰ তপত নিশাহ বোৱাব পাৰোঁ! তোমাৰ ওঠৰপৰা বৈ অহা ৰূপৰ ফটিকা মই এতিয়াই বাটিয়ে বাটিয়ে পি... তোমাৰ লৱনুকোমল বুকুৰ পৰশত ৰোমাঞ্চিত হৈ কামনাৰ সকলো পিয়াহ গুচাব পাৰোঁ... হেলাৰঙে-অনায়াসে...
ৰূপালীম্‌ :- তোমাৰ কথা মই বুজিব নোৱাৰোঁ। তোমালৈ মোৰ ভয় লাগিছে! মোক ঘৰলৈ....
মণিমুগ্ধ :- মোৰ কথা বুজিব নোৱাৰোঁ ! [হাঁহি ] মোৰ কথাৰ মানে হৈছে... [অলপ কৰ্কশভাৱে ] তুমি মোৰ হাতৰ মুঠিত। মই তোমাক যি ইচ্ছা তাকে কৰিব পাৰোঁ।
            [এনেতে দুৰ্গৰ তলত মানুহৰ কোঢ়াল হয়। অলপ পৰৰ পিছত চিঞৰ- বাখৰ বাঢ়ি আহে। মণিমুগ্ধ এবাৰ খিৰিকীৰ ওচৰলৈ গৈ আকৌ এগিলাছ মদ বাকি খাবলৈ লয়। মদ খোৱা শেষ কৰি মণিমুগ্ধ আকৌ ৰূপালীমৰ ওচৰলৈ এখোজ দুখোজকৈ আহে। ]
মণিমুগ্ধ :- ৰূপালীম্‌! তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মণিমুগ্ধই একো নকৰে! ৰূপালীম্‌! আহাঁ। তুমি এই শয্যাত বহাঁহি আৰু মই তোমাৰ চৰণৰ তলত বহি মোৰ অন্তৰৰ কথা কওঁ। মোৰ হিয়াৰ তলিৰ সকলো উবুৰিয়াই তোমাৰ আগত নিবেদন কৰোঁ। তেতিয়া তুমি বুজিবা ... সমিধান নিদিয়াকৈ কেনেকৈ থাকিব পাৰিবা। ৰূপালীম্‌! আহাঁ... আহাঁ ....
            [মনিমুগ্ধ ৰূপালীমৰ ফালে যায় আৰু ৰূপালীমে বৰ সশঙ্কিতা হৈ আতুৰৰ দৰে চাৰিওফালে চাবলৈ ধৰে। মণিমুগ্ধই তেনেই ওচৰ চাপি হাতত ধৰোঁ ধৰোঁ কৰোঁতেই ৰূপালীমে নিৰুপায় অসহায় হৈ এটা চিঞৰ মাৰি.... “মায়াব’ মায়াব’” বুলি মুকলি খিৰিকীখনেদি ল’ৰি গৈ আগ-পাছ নুগুণি জাপ মাৰি দিয়ে। মণিমুগ্ধ হতবুদ্ধি হৈ অলপপৰ স্তব্ধ হৈ ৰৈ থাকে। এনেতে খিৰিকীৰ তলৰপৰা কোঢ়াল বাঢ়ি আহে। তাৰ মাজৰ জনতাৰপৰা “ৰূপালীম্‌... ৰূপালীম্‌” বুলি ওলোৱা চিঞৰ কোঢ়ালৰ মাজে মাজে স্পষ্টকৈ শুনা যায়। মণিমুগ্ধ গৈ খিৰিকী দুৱাৰত থিয় হৈ পিছত আচৰিত হৈ উভতি আহি “ৰেণথিয়াং! ৰেণথিয়াং!” বুলি বুলি চিঞৰে। কিন্তু কোনেও সঁহাৰি নিদিয়ে। এনেতে এজনী লিগিৰী ল’ৰি সোমাই আহি ফোপাই-ফোপাই কয়। ]
লিগিৰী :- কোঁৱৰ! কোনোবা শত্ৰুৱে মনে মনে আহি আমাৰ কাৰেং আক্ৰমণ কৰিছে। পালি পহৰীয়া...
মণিমুগ্ধ :- [উত্তেজিত হৈ ] কি? ৰেণথিয়াং! ৰেথিয়াং!
            [মণিমুগ্ধ দুৱাৰৰ ফালে লৰ মাৰি যায় আৰু দুৱাৰ মুখতে অস্ত্ৰে-শস্ত্ৰে সুসজ্জিত ‘ইতিভেন’ আহি মণিমুগ্ধক আগভেটি ধৰে। ইতিভেনৰ পাছতে বহু সশস্ত্ৰ ৰূকমী-সৈন্য হাতত মুক্ত তৰোৱালেৰে। মণিমুগ্ধ পাছ হুহকি আহে। এনেতে তুমুল শব্দ কৰি নগৰৰ জয়ঢোল আৰু বৰকাঁহ বাজিবলৈ ধৰে। বাহিৰত এটা বিৰাট গোলমাল আৰম্ভ হয়। মণিমুগ্ধই নিজকে চম্ভালি নিৰ্ব্বিকাৰ হৈ ফটিকাৰ বাটিটো লৈ গৈ শয্যাত বহি এঢোক ফটিকা খাই আৰু ইতিভেনলৈ ভ্ৰকুটি কৰি চাই কুটিল হাঁহি মাৰি হাত বাউল দি ইতিভেনক শয্যালৈ মাতে। জয়ঢোল বৰকাঁহ জিম পৰে কিন্তু বাহিৰত গোলমাল চলি থাকে। ]
মণিমুগ্ধ :- ইতিভেন! তোমাক স্বাগত-সম্ভাষণ জনাইছোঁ। ইমান নিশাৰ অতিথি তুমি। বাটত বোধকৰোঁ তোমাৰ একো অসুবিধা হোৱা নাই? লিগিৰী! যা সোনকালে অতিথিসকলৰ শুশ্ৰষাৰ দিহা কৰগৈ। আহাঁ ইতিভেন! আসন লোৱাহি। তোমাৰ মোৰ প্ৰতি আগ্ৰহত মই বৰ মুগ্ধ হৈছোঁ। আহাঁ...
ইতিভেন :- মণিমুগ্ধ! পৰিহাস থোৱা! মনত ৰাখিবা এতিয়া তুমি মোৰ বন্দী...
মণিমুগ্ধ :- এতিয়াহে নে? যিদিনাই তোমাৰ সতে মোৰ প্ৰথম সাক্ষাৎ সেই দিনাৰপৰাই মই তোমাৰ চিৰবন্দী। অ’ আকৌ এপাক শিকলি মেৰাই তুমি নিঃসন্দহ হবলৈ আহিছা?
ইতিভেন :- মণিমুগ্ধ! ধৈৰ্য্যৰ সীমা আছে।
মণিমুগ্ধ :- অৱশ্যে.. অৱশ্যে। মোৰ বুজাৰ ভুল হ’ল। প্ৰণয়ত পৰা সুন্দৰীসকলে মিলনৰ কাৰণে যে ধৈৰ্য্য বেলি ধৰিব নোৱাৰে তাক মই জানো। ইতিভেন! মোৰ সতে মিলন হবলৈ তোমাৰ ইমান হেপাহ! কিন্তু ইতিভেন! মই ভাবিছিলোঁ যে সামজিক ৰীতিমতে বিয়া পতালৈকে তুমি এখন্তেক ধৈৰ্য্য ধৰিব পাৰিবা বুলি...
মণিমুগ্ধ :- মণিমুগ্ধ! আৰু বেছি কথা নকবা। ফটিকাৰ ৰাগীত তুমি এতিয়াও যে মোৰ হাতত বন্দী তাক উপলব্ধি কৰিব পৰা নাই আৰু তোমাৰ কথাত সঁচাকৈয়ে ভোল নেযাওঁ বুলিও নিশ্চয়কৈয়ে জানিবা।
মণিমুগ্ধ :- ইতিভেন! চিৰকালেই মই তোমাৰ বন্দী। তুমিতো আগেয়ে মোত ভোল যোৱা নাছিলা। মইহে ভোল গৈছিলোঁ। এতিয়াও ভোল গৈয়েই আছোঁ।
ইতিভেন :- এতিয়া আৰু প্ৰণয়ৰ আখৰা কৰা প্ৰয়োজন নেদেখোঁ। মোৰ বন্দীশাললৈ যাবলৈ প্ৰস্তুত হোৱা।
মণিমুগ্ধ :- সেই স্বৰ্গলৈ যাবলৈ মোৰ বাসনা সদায়।
ইতিভেন :- ব্যঙ্গ নকৰিবা।
            [এনেতে ৰেণথিয়াং মুক্ত অস্ত৩এৰে জাপ মাৰি সোমাই আহি ইতিভেনক থাপ মাৰি ধৰি পেলায় আৰু ৰেণথিয়াঙৰ পাছত বহুত সৈন্য সোমাই বাকীবোৰৰ সতে যুঁজিবলৈ ধৰে। ইতিভেনৰ দলত সকলোবোৰ ঘাটি দুৱাৰেদি পাছ হুহকি ওলাই যায় আৰু ৰেণথিয়াঙৰ সৈন্যই সিহঁতক হেঁচুকি লৈ যায়গৈ। কোঠালিটোত থাকিল কেৱল মণিমুগ্ধ আৰু ৰেণথিয়াঙৰ হাতত বন্দী ইতিভেন। ৰেণথিয়াঙে ইতিভেনৰ গাৰপৰা সকলো অস্ত্ৰ-শস্ত্ৰ খুলি লয় আৰু নিজৰ কাষলতিৰ মোনাৰপৰা এডাল সোণৰ শিকলি উলিয়াই তাৰে এটা হাতত বান্ধি আনটো মূৰ মণিমুগ্ধৰ হাতত দি ৰেণথিয়াং দুৱাৰমুখলৈ যায়। ]
ৰেণথিয়াং :- প্ৰভু। দাসৰ দোষ ক্ষমা কৰিব। বন্ধু ভাবেৰে আপোনাৰ ভাবী পত্নী বুলি নগৰৰ দুৱৰীয়ে বাট এৰি দিলে... সসম্ভ্ৰমে। কিন্তু এওঁলোকে আমাৰ ৰাজ্য আক্ৰমণৰ উদ্দেশ্যেহে আহিছে।
মণিমুগ্ধ :- সেইটো মই ভালকৈ বুজিছোঁ। কিন্তু মোৰ বিনা আদেশত নগৰৰ দুৱাৰ কিয় মুকলি কৰি দিছিল?
ৰেণথিয়াং :- অতি গুপ্তভাৱে দুৰ্গ কেনেবাকৈ পাৰ হৈ দুৰ্গৰ দুৱাৰ মুকলি কৰিলে।
মণিমুগ্ধ :- গুপ্তভাৱে? অপদাৰ্থ! যোৱা দোষীবোৰক উপযুক্ত শাস্তি আৰু আক্ৰমণকাৰী সকলোকে বন্দী আৰু আকৃমণকাৰীৰ দেশলৈ গৈ সিহঁতৰ গাঁও-ভূঁই, নগৰ-চহৰ সকলো জুই লগাই দাহ কৰা।
            [ইতিভেন শিয়ঁৰি উঠে। ]
ৰেনথিয়াং :- প্ৰভু! তাৰ কাৰণে আপুনি নিশ্চিন্ত হৈ থাকক, আৰু আপোনাৰ প্ৰেয়সী ইতিভেনৰ সৈন্য আৰু দেশৰ বিষয়া মই সকলো দিহা লগাম।
            [ৰেণথিয়াং দুৱাৰখন জপাই ওলাই যায়।ইতিভেন যাব খোজে। মণিমুগ্ধই উঠি হাতত বন্ধা সোণৰ শিকলিডালত থাপ মাৰি ধৰি ৰাখে। ইতিভেনে ক্ষব্ধা বাঘিনীৰ দৰে ফোপাবলৈ ধৰে। ]
মণিমুগ্ধ :- ইতিভেন ! ইয়াৰ অৰ্থ?
ইতিভেন :- অৰ্থ? অৰ্থ এই যে তুমি মোৰ দেশৰ কুমাৰীৰ সতীত্ব হৰণ কৰিছা।
মণিমুগ্ধ :- অ’ সেই দেখি তুমি সতীত্ব ৰক্ষা কৰিবলৈ সৈন্য সামন্তৰে লৰি আহিছা? হাঃ হাঃ হাঃ !
ইতিভেন :- তুমি ৰূপালীমক হৰণ কৰি আমাৰ দেশক অপমান কৰিছা। নিৰাশ্ৰয়া অবলাৰ ওপৰত অত্যাচাৰ কৰিছা। মই দেশৰ মান, জাতিৰ মান ৰাখিবলৈ প্ৰাণ দিবলৈ আহিছোঁ।
মণিমুগ্ধ:- মিছা কথা।
ইতিভেন :- মিছা কথা?
মণিমুগ্ধ :- অৱশ্যে মিছা কথা। তুমি আহিছা তোমাৰ ঈৰ্ষাৰ সন্তুষ্টিৰ বাবে... মোৰ ওপৰত প্ৰতিশোধ লবলৈ।
            [ৰেংথিয়াং সোমাই আহে। ]
মণিমুগ্ধ:- বেছ্‌ কথা। অ’ ৰেণথিয়াং। ইয়াৰপৰা যা, আ...ৰু মোক দে এবাটি ডাঙৰ বাটিৰে চোকা ফটিকা .... আৰু ইতিভেনক দে এবাটি ফট্‌ফটীয়া পানী... দে.... আন... আ... ৰু.... শুন ৰেণথিয়াং!
মণিমুগ্ধ :- ৰেণথিয়াং। তহঁতে আৰু নিশাটো কোনেও আহুকাল নকৰিবি। দুৱাৰত মাত্ৰ লিগিৰী থৈ দিবি... যি বিচাৰোঁ যতনাই দিবলৈ। তাৰ বাহিৰে সকলো প্ৰমোদ নিস্তব্ধ। বুজিছ? মাত্ৰ মোৰ খিৰিকী-দুৱাৰৰ তলৰপৰা নিশাৰ নিশাটো আহি থাকিব লাগিব... মৃদু সঙ্গীতৰ গুঞ্জন-ধ্বনি! বুজিলি? দে ফটিকা।
ৰেণথিয়াং :- [আচৰিত হৈ ] ৰূকমী সৈন্যই দেখোন নগৰ বেঢ়ি থৈছে।
মণিমুগ্ধ :- [ চিঞৰি দাবী দি ] মূৰ্খ! অপদাৰ্থ! মোৰ ইমান সৈন্য-সামন্ত থাকোঁতেও সেই চিন্তা মোক কৰিবলৈ দিছ? যা! এফালৰপৰা সকলোকে নিৰ্মূল কৰ। ধ্বংস কৰ। অৱশিষ্টক বন্দী কৰ.... ৰূকমীৰ ৰাজ্য ৰাতিৰ ভিতৰতে পুৰি ভস্ম কৰ। এখনো গাঁও যাতে বাকী নাথাকে। যা, মই খিৰিকীৰপৰা ৰূকমীৰ কাৰেং দাহ কৰা, জুইৰ ৰঙা, নীলা শিখাবোৰ দেখিব লাগিব।
            [ৰেণথিয়াং যাব ধৰে ]
অ’ আৰু শুন... ৰূপালীমক জীয়াই জীয়াই মোৰ আগত আনি দিব লাগিব, কোনো অঙ্গত ঘূণ নলগাকৈ ... যা।
            [আটাইবোৰ ওলাই যায়। ৰেণথিয়াং ওলাই গৈ দুৱাৰ জপাব খোজোঁতেই ইতিভেন বাঘিনীৰ দৰে হুজৰি গৈ দুৱাৰত বিচেষ্টা হৈ দুৱাৰত ভুকুৱাবলৈ ধৰে। মণিমুগ্ধই গহীন হৈ ইতিভেনক বান্ধি থোৱা শিকলিডালত ধৰি একে আজোৰে পেলাই দিয়ে।ইতিভেনে ততালিকে উঠি ফোপাবলৈ ধৰে। ]
ইতিভেন :- তোমাৰ অভিপ্ৰায়?
মণিমুগ্ধ :- তোমাক সাৱটি ধৰি খিৰিকীয়েদি তোমাৰ ৰূকমী গাঁও ধ্বংস কৰা জুইৰ শিখা চোৱা...
ইতিভেন :- তেন্তে সঁচাকৈয়ে.... আমাৰ গাঁওবোৰ পুৰিব নেকি?
মণিমুগ্ধ:- নুপুৰি ন’কৈ সাজিবলৈ মই ইমানবোৰ সৈন্য যাবলৈ কৈছোঁনে?
ইতিভেন :- কি অধিকাৰত পুৰিবা?
মণিমুগ্ধ:- যি অধিকাৰত তুমি মোৰ নগৰ অৱৰোধ কৰিছিলা।
ইতিভেন :- ৰূপালীমক কি কৰিলা?
মণিমুগ্ধ:- ৰূপালীম্‌ ইয়াৰপৰা পলাই গৈছে। আকৌ ধৰি আনি দিবলৈ কৈছোঁ।
ইতিভেন :- কিয়? ৰূপালীমক কি কৰিবা?
মণিমুগ্ধ:- মোৰ কুঁৱৰী....
ইতিভেন :- [শয্যাত ঠেকেচা খাই বহি ] কুঁৱৰী! তোমাৰ কুঁৱৰী ...
মণিমুগ্ধ :- অৱশ্যে মোৰ।
ইতিভেন :- তাইক তোমাৰ কুঁৱৰী কৰিব নোৱাৰা।
মণিমুগ্ধ :- কিয়?
ইতিভেন :- তাই মান্তি নহয়।
            [মণিমুগ্ধই খিলখিলাই হাঁহিবলৈ ধৰে আৰু এঢোক ফটিকা খাই আকৌ হাঁহিবলৈ ধৰে। এনেতে ৰূকমী আৰু প্ৰান্তদেশী সৈন্যবোৰৰ মহাসমৰ হয়।বিকট চিঞৰ আৰু কোলাহল হবলৈ ধৰে।ইতিভেন উত্তেজিত হয়। ]
মণিমুগ্ধ:- শুনিছা মোৰ সৈন্যই তোমাৰ ৰূকমী বীৰসকলক কেনেকৈ দংশি নিব লাগিছে? আৰু অলপ সময়। তাৰ পিছত সকলো নিতাল মাৰিব।নিস্তব্ধতা হলে মই মোৰ অন্তৰৰ কথা তোমাক কম ভাঙি-পাতি। তেতিয়া বুজিবা মই তোমাক কিমান ভাল পাওঁ।
            [ইতিভেন খঙত একো নাই হৈ নিজকে বন্ধা সোণৰ শিকলিডালেৰে মণিমুগ্ধক অতৰ্কিতে বৰ টানকৈ কোব মাৰে। সেই কোব মণিমুগ্ধৰ মূৰত লাগি হো-হোকৈ তেজ ববলৈ ধৰে। মণিমুগ্ধ শয্যাত বাগৰি পৰি যায়। লাহে লাহে মূৰ্চ্ছা যোৱা যেন হয়। ইতিভেনে থৰ লাগি চকু টেলেকা কৰি চাই থাকে। তাৰ পিছত মণিমুগ্ধক মূৰ্চ্ছা যোৱা যেন দেখি বিহ্বল হৈ মণিমুগ্ধৰ বাউসীত ধৰি জোকাৰি লৰালৰিকৈ পানী আনি মূৰত চকুত দিবলৈ ধৰে। বৰ উত্ৰাৱল আৰু বিচেষ্ট হৈ পৰে। তাৰ পিছত মণিমুগ্ধৰ মূৰটো নিজৰ কোলাৰ ওপৰত তুলি বৰ উদ্বিগ্ন হৈ মাজে মাজে জোকাৰে। মণিমুগ্ধ সংজ্ঞা উভতি আহে আৰু ইতিভেন বুলি সেহাই মাতে। ]
ইতিভেন :- মণিমুগ্ধ! মণিমুগ্ধ। মই আছোঁ তোমাৰ ওচৰতে...
মণিমুগ্ধ:- ইতিভেন! এঢোক ফটিকা দিয়া।
            [ইতিভেনে ততাতৈয়াকৈ মুখত ফটিকা অলপ বাকি দিয়ে। ফটিকা খাই মণিমুগ্ধ কিছু সুস্থ হয়। ]
মণিমুগ্ধ:- ইতিভেন! বৰ দুখ দিলা। তুমি বৰ নিষ্ঠুৰা.... তুমি মোক ভাল নোপোৱা ইতিভেন?
ইতিভেন :- [হুকহুকাই কান্দিবলৈ ধৰে ] মণিমুগ্ধ! বৰ ভাল পাওঁ .... বৰ ভাল পাওঁ। তোমাক বৰ ভাল পাওঁ।
            [মণিমুগ্ধক সাৱটি ধৰি মূৰত চুমা খাই গালখন মূৰত লগাই কান্দি থাকে। ]
মণিমুগ্ধ:- ময়ো তোমাক বৰ ভাল পাওঁ।
ইতিভেন :- তেন্তে আৰু তুমি ৰূপালীমকৰ কথা নকবা। তাইক আৰু ইয়ালৈ নানিবা।
মণিমুগ্ধ:- কিন্তু ৰূপালীমৰ ৰূপ... ৰূপালীম্‌ সুন্দৰী....
ইতিভেন :- [মণিমুগ্ধৰ মূৰটো কোলাৰপৰা নমাই থৈ ] তুমি... তুমি.... তুমি ৰূপালীমক ইয়ালৈ আনিব নোৱাৰা।
মণিমুগ্ধ :- নহয়... ৰূপালীমৰ সৌন্দৰ্য্য উপভোগ কৰিব নোৱাৰিলে মোৰ জীৱন অসাৰ্থক। তোমাক মই ভাল পাওঁ।
ইতিভেন :- তোমাক মই এইবাৰ ৰূপালীমক লগ পোৱাৰ আগতে শেষ কৰিম।
            [ইতিভেনে আকৌ সোণৰ শিকলি আগটোৰে মণিমুগ্ধক মাৰিবলৈ উদ্যত হওঁতেই মণিমুগ্ধই থিতাতে উঠি ইতিভেনৰ হাতত থাপ মাৰি ধৰি দুই হাতেৰে ইতিভেনক চোচোৰাই টানি আনে আৰু ইতিভেনে হাত-ভৰি এচাৰিবলৈ ধৰে। মণিমুগ্ধই কোনো মতেৰে ধৰি ৰাখে। ]
মণিমুগ্ধ :- লিগিৰী। [লিগিৰী এজনী সোমাই আহে। ]
মণিমুগ্ধ :- চন্তৰী দুটা মাত।
            [লগিৰী ওলাই যায় আৰু চন্তৰী দুটা সোমাই আহে। ]
মণিমুগ্ধ :- চন্তৰী! এইক ভালকৈ বান্ধি.... মোৰ বন্দীশালত থৈ দেগৈ।
            [চন্তৰী আহি ইতিভেনক ধৰি বাহিৰলৈ উলিয়াই নিব খোজে। ]
ইতিভেন :- [চিঞৰি কয় ] তোক মই ঘিণ কৰোঁ। ঘিণ কৰোঁ ...
মণিমুগ্ধ:- ইতিভেন! মই তোক ভাল পাওঁ।
ইতিভেন :- বৰ্ব্বৰ! ঘিণ কৰোঁ... মই তোক ঘিণ কৰোঁ।
            [চন্তৰীয়ে টানি উলিয়াই নিয়ে। ]
মণিমুগ্ধ :- মই তোমাক ভাল পাওঁ। বৰ ভাল পাওঁ।
            [তাৰ পিছত মণিমুগ্ধই কোঠাটোৰ মাজতে জলকা লাগি ৰৈ থাকে। লিগিৰীয়ে দুৱাৰখন জপাই দিয়ে। লাহে লাহে মণিমুগ্ধ আহি এবাটি ফটিকা লৈ খায়। এনেতে দূৰৈত খিৰিকীয়েদি গাওঁও পোৰা জুইৰ শিখা উজ্জ্বল হৈ জ্বলি উঠে আৰু তলত কোঢ়াল হয়। মণিমুগ্ধই ফটিকাৰ বাটিৰপৰা আৰু এঢোক খায়গৈ। খিৰিকী দুৱাৰত ভৰি বহলকৈ মেলি কঁকালত হাত দি দূৰৰ জুই চাই ৰৈ এবাৰ পিশাচৰ দৰে হাঁহি কয়। ]
মণিমুগ্ধ:- [ডাঙৰকৈ কয় ] তিৰোতাৰ ঈৰ্ষাৰ জুইত এটা জাতি জহি যাব লাগিছে। [সাউৎকৈ ঘূৰি ] হাঃ হাঃ হাঃ!

ঐক্যতান