ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত
যোৰহাট কলেজাৰ এন. এচ. এচ.
তৰুণ লইং
RASTRIYA PREKHYAPOTOT JORHAT COLLEGOR NSS : An Account of difference camps held across India with reference to the participation cum Leading by Jorhat College NSS Unit, written by Tarun Loying, Assistant Professor Department of Assamese, Jorhat College & Published by Sanskriti Publication, Jorhat - 785001 (Assam).
॥ মূল্য : ৩০০.০০ টকা॥
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ.
তৰুণ লইং
॥ প্ৰকাশক : সংস্কৃতি প্ৰকাশন॥
॥ প্ৰথম প্ৰকাশ : মে’, ২০২১ চন॥
॥ অলংকৰণ : পৰাগ বৰুৱা॥
॥ লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত॥
© Tarun Loying
ISBN: 978-93-94379-03-9
অৰ্পণ
উত্তৰ-পূব কেন্দ্ৰৰ (NSS-NER) ‘য়ুথ অফিচাৰ’
নকুল দেউৰীৰ হাতত
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ.এচ.
আন্তৰিকতাৰে পুথিখনি অৰ্পণ কৰিলো
ডঃ পৱিত্ৰপ্ৰাণ গোস্বামী,
প্ৰাক্তন অধ্যক্ষ, যোৰহাট কলেজ,
সাউদকুছি সত্ৰ, যোৰহাট- ৭৮৫০১০
শুভেচ্ছা বাণী
যোৰহাট কলেজৰ ৰাষ্ট্ৰীয় সেৱা আচনি (এন. এচ এচ্.)ৰ পৰিচালক তথা অসমীয়া বিভাগৰ শিক্ষক শ্ৰী তৰুণ লয়িঙৰ পৰা “ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.” শীৰ্ষক এখন পুথি প্ৰকাশৰ প্ৰস্তুতি সম্পৰ্কে জানিবলৈ পাই সন্তোষ পাইছোঁ। তৰুণ লয়িঙক প্ৰথমে মোৰ অধ্যক্ষতাৰ কাৰ্য্যকালতে এন. এচ এচ.ৰ পৰিচালকৰ দায়িত্ব দিছিলোঁ আৰু তেওঁ অতি দক্ষতাৰে স্থানীয়ভাৱে আয়োজিত শিৱিৰবোৰৰ উপৰি ভালেকেইটা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শিৱিৰতো আমাৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক নেতৃত্ব দি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেনে কিছু গৌৰৱোজ্জ্বল কৃতিত্বৰ ইতিহাসকে লিপিৱদ্ধ কৰি পুথিৰ আকাৰে প্ৰকাশ কৰাৰ এই প্ৰচেষ্টা নিসন্দেহে শলাগযোগ্য। প্ৰকৃততে অনুষ্ঠান একোটাই তাৰ জীৱন পৰিক্ৰমাত কৰি যোৱা সৰু-বৰ সকলো কামৰে ঐতিহাসিক গুৰুত্ব থাকে। বেছিভাগ ক্ষেত্ৰতে তেনে কামবোৰৰ খতিয়ান লিপিৱদ্ধ ৰূপত সংৰক্ষিত নোহোৱাৰ ফলত মানুহৰ স্মৃতিৰ পৰাও হেৰাই যায়। সেয়ে শ্ৰী তৰুণ লয়িঙৰ উদ্যোগত যোৰহাট কলেজে ৰাষ্ট্ৰীয় সেৱা আচনিৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়ালৈকে অৰ্জন কৰা কৃতিত্বৰ ইতিহাস পুথিৰ ৰূপত সংৰক্ষণৰ এই প্ৰচেষ্টাৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
| যোৰহাট। ১৪-১০-২০২০ |
-পৱিত্ৰপ্ৰাণ গোস্বামী। |
শুভেচ্ছাবাণী
ৰাষ্ট্ৰীয় সেৱা আঁচনি (National Service Scheme) হৈছে চৰকাৰৰ এখন অতি জনপ্ৰিয় আঁচনি, যিখন সকলোৰে মাজত NSS নামেৰে পৰিচিত। সমাজত বাস কৰা প্ৰতিজন মানুহৰেই সমাজৰ প্ৰতি দায়বদ্ধতা আছে। এই আঁচনিয়ে যুৱক-যুৱতীসকলক সামাজিক দায়বদ্ধতাৰ প্ৰতি সজাগ কৰি তোলাৰ লগতে সামূহিকভাৱে সামাজিক কাম-কাজ কৰি সমাজৰ উন্নতি সাধন কৰিব পাৰি সেই বিষয়ে শিকায়।
NSS ৰ লগত যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো জড়িত হৈ আছে। মই মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত থকাৰ সময়ত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত অনুষ্ঠিত তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিবিৰত অংশগ্ৰহণ কৰিছিল। সেইকেইটা ক্ৰমে ২০১৪ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ (কৰ্ণাটক বিশ্ববিদ্যালয়, ধাৰৱাদ), ২০১৪ চনৰ ১৩ জুনৰ পৰা ১৭ জুনলৈ উত্তৰ-পূৱ মহোৎসৱ (কোহিমা) আৰু ২০১৫ চনৰ ৮ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ উনবিংশতিতম্ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ (গুৱাহাটী)। যোৰহাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তৰুণ লইঙৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে উক্ত শিবিৰসমূহত অংশগ্ৰহণ কৰিছিল। অধ্যাপক লইঙে NSS ৰ ক্ষেত্ৰত থকা তেওঁৰ বহু বছৰীয়া অভিজ্ঞতাৰে যোৰহাট মহাবিদ্যালয়ৰ NSS ৰ ৰূপালী জয়ন্তী বৰ্ষত “ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ.” শীৰ্ষক এখনি গ্ৰন্থ পঢ়ুৱৈ সমাজলৈ আগবঢ়াইছে। মই শুভকামনা যাচিলোঁ আৰু আশা ৰাখিছো গ্ৰন্থখনিয়ে সকলোৰে পৰা সমাদৰ লাভ কৰাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো NSS ৰ প্ৰতি আকৰ্ষিত কৰিব।
পুনৰ শুভেচ্ছাৰে—
সুজাতা ফুকন।
(ড° সুজাতা ফুকন)
প্ৰাক্তন অধ্যক্ষ
যোৰহাট মহাবিদ্যালয়
পাতনি
এক : যোৰহাট কলেজৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি :
১৯৯৬ চনত যোৰহাট মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক ড° প্ৰভাস কুমাৰ বৰাই ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি’ৰ (NSS) শুভাৰম্ভ কৰে। ড° প্ৰভাস কুমাৰ বৰাৰ নেতৃত্বত যোৰহাট জিলাৰ বহুত অঞ্চলৰ (বিশেষকৈ গ্ৰামাঞ্চলত) বিশেষ শিৱিৰৰ আয়োজন কৰা হৈছিল আৰু শিৱিৰবোৰৰ যোগেদি বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। বৰ্তমান মহাবিদ্যালয়ত থকা দুটা ‘চাউণ্ড বক্স’প্ৰভাস কুমাৰ বৰা ছাৰৰ দিনত NSS ৰ পুঁজিৰে ক্ৰয় কৰা হৈছিল বুলি জনা যায়। ২০০৭ চনৰ ১৮ জুন তাৰিখে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৱিত্ৰ প্ৰাণ গোস্বামী ছাৰে মোক ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি’ৰ ‘প্ৰগ্ৰেম অফিচাৰ’ৰ দায়িত্ব দিয়ে আৰু সেইদিনাৰ পৰা আজিলৈকে মই যথাসাধ্য দায়িত্ব পালন কৰি আহিছো।
দুই : Not me But you :
ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মূলমন্ত্ৰ হৈছে—Not me But you, অৰ্থাৎ “মোৰ বাবে নহয় আনৰ (তোমাৰ বাবে”। যাৰ জৰিয়তে এজন ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি’ৰ ‘ভলন্টিয়াৰ’বা ‘প্ৰগ্ৰেম অফিচাৰ’ক কিছুমান দায়িত্ব পালন কৰিবলৈ বাধ্য কৰায়। অনেক সময়ত ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি’ৰ স্বেচ্ছাসেৱকসকলে সমাজৰ বিভিন্ন জনকল্যাণমূলক কামত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা দেখা যায়। অসমৰ বহুতো মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱক বা প্ৰগ্ৰেম অফিচাৰে জনকল্যাণমূলক কাম কৰি ‘ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বঁটা’ (N.S.S.I.G. Award), শ্ৰেষ্ঠ প্ৰগ্ৰেম অফিচাৰ বঁটা আদি লাভ কৰা দেখা গৈছে। N.S.S. ৰ মূলমন্ত্ৰক হৃদয়ঙ্গম কৰিব পৰা লোকসকলে মানৱ কল্যাণৰ বাবে যথেষ্ট পৰিমাণে অৱদান আগবঢ়াবলৈ সক্ষম হৈছে।
তিনি : “ৰাষ্ট্ৰীয় সেৱা আঁচনি (N.S.S.) আৰু যোৰহাট কলেজ” :
“ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ. (N.S.S.)” শীৰ্ষক পুথিখনি প্ৰকাশৰ ক্ষেত্ৰত পোনপ্ৰথমেই মই ধন্যবাদ জ্ঞাপন কৰিছো যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পৱিত্ৰ প্ৰাণ গোস্বামী ছাৰ, প্ৰাক্তন অধ্যক্ষা ড° সুজাতা ফুকন বাইদেউ আৰু বৰ্তমানৰ অধ্যক্ষ ড° দেৱব্ৰত শৰ্মা ছাৰক। কিয়নো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ৰাষ্ট্ৰীয় সংহতি শিৱিৰ, ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ, ৰাষ্ট্ৰীয় মেগা শিৱিৰ, নৰ্থ ইষ্ট যুথ ফেষ্টিভেল আদিত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীস্থিত উত্তৰ-পূৱ কেন্দ্ৰৰ (NSS-NER) পৰা জনোৱা আহ্বানক সন্মানীয় অধ্যক্ষত্ৰয়ে সঁহাৰি জনোৱাৰ বাবেই মই আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলো। বিশেষকৈ অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ তত্ত্বাৱধায়ক তথা ৰাজ্যখনৰ Contingent Leader হিচাপে শিৱিৰসমূহত যোগদান কৰাৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছিলো। দ্বিতীয়তে যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী ড° এন. গোবিন্দ সিংহ ছাৰলৈকো মই এই আপাহতে কৃতজ্ঞতা জ্ঞাপন কৰিছো। গোবিন্দ সিংহ ছাৰে মহাবিদ্যালয়ৰ ভিতৰে বাহিৰে হোৱা বেছিভাগ N.S.S.ৰ কাৰ্যবোৰক সমৰ্থন কৰাৰ লগতে উপযুক্ত পৰামৰ্শও প্ৰদান কৰি আহিছিল। তদুপৰি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বৰ্তমানৰ মুৰব্বী ৰূপালী বৰা বাইদেউ, ইতিহাস বিভাগৰ সহযোগী অধ্যাপক তথা শৈক্ষিক উপাধ্যক্ষ উৎপল দত্ত ছাৰ, সমাজতত্ত্ব বিভাগৰ মুৰব্বী ড° দিগন্ত ফুকন ছাৰ, অসমীয়া বিভাগৰ সহকৰ্মী ড° জ্যোতিৰ্ময় বৰদলৈ, ইংৰাজী বিভাগৰ অধ্যাপক ক্ৰমে শুভ্ৰজ্যোতি ছন্দ, ড° গীতাৰ্থ গোস্বামী, যোৰহাট কলেজৰ IQAC ৰ সমন্বয়ক ড° সৌমিত্ৰ পূজাৰী ছাৰলৈকো এই ছেগতে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
পুথিখনিত ৰৈ যোৱা ভুল-ত্ৰুটিবোৰ পাঠক সমাজে আঙুলিয়াই দি পুথিখনি আদৰি ল’ব বুলি আশা কৰিলোঁ। পুথিখনি প্ৰকাশ কৰিবৰ বাবে দায়িত্ব লোৱা ‘মেগা প্ৰিন্ট’ৰ স্বত্বাধিকাৰী পৰাগ বৰুৱাকো এই চেগতে কৃতজ্ঞতা জনালোঁ।
| সূচীপত্ৰ | ||
| ✦ | ভূপালত জিলা সমন্বয়ক হিচাপে অংশগ্ৰহণ | ১৯-২৪ |
| ✦ | দিল্লীৰ মেগা শিবিৰ আৰু মানালিৰ এড্ভেন্সাৰ কেম্প | ২৫-৩৩ |
| ✦ | কৰ্ণাটকৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ | ৩৪-৪৫ |
| ✦ | উত্তৰ-পূৱ মহোৎসৱ, গুৱাহাটী | ৪৬-৪৯ |
| ✦ | বাঙ্গালোৰ বিশ্ববিদ্যালয়ৰ মেগা কেম্প | ৫০-৫৬ |
| ✦ | ৰাষ্ট্ৰীয় সংহতি শিবিৰ, কৰ্ণাটক বিশ্ববিদ্যালয় | ৫৭-৬১ |
| ✦ | উত্তৰ-পূৱ মহোৎসৱ, কোহিমা | ৬২-৬৪ |
| ✦ | ঊনবিংশতিতম্ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ | ৬৫-৭১ |
| ✦ | আহমেদাবাদৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ | ৭২-৮১ |
| ✦ | বিংশতম্ ৰাষ্টীয় যুৱ মহোৎসৱ, নিউ ৰায়পুৰ | ৮২-৮৬ |
| ✦ | দৈনিক বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ একাংশ | ৮৭ |
| ✦ | আলোকচিত্ৰ | |
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।