ৰাম-নবমী/ষষ্ঠ অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ৰাম-নবমী

প্ৰথম দৰ্শন[সম্পাদনা কৰক]

মহাজনৰ বাহৰ।
মহাজন আৰু তদসঙ্গি ভকত আৰু কুলনাথ

মহাঃ বাপু! তোোমালোকৰ ফালে ৰাতি হুয়া ৰুয়া শুনিছিলোঁ আৰু ৰাতিপুয়া এই পিনে হুনু দাৰোগাও গইছিল। কিনো?
কুলঃ প্ৰভু! কালি ৰাতি ছয় দম্ড মান যোয়াত শিবকান্তৰ জীয়েক নবমী ডিঙ্গীত কটাৰি দি মৰি। ৰাতি পুয়া আকৌ হৰনাথৰ পুতেক ৰামকো গলত ফাঁহি দি মৰি থকা দেখা গল। তাতেহে দাৰোগা আহিছিল। সিহঁত আপুনি মৰা প্ৰমাণ পায় দাৰোগাই ৰিপোট লই গইছে।
মহাঃ কাৰোতো একো নহয়। মই কালি শিবকান্তৰ দায় বুলিছিলোঁ, মোৰ জানো একো নহয়?
কুলঃ প্ৰভু! নহব পায়।(৮১)
মহাঃ বাপু! কাৰনো সইতে নবমীৰ সংঘটন হইছিল কব পাৰানেঁ? ইয়াৰ কিবা জানানে?
কুলঃ প্ৰভু! বন্দীয়ে একো নেজানে। বোধহয় ৰামচন্দ্ৰে সইতে নবমীৰ লটঘট আছিল। আৰু বৰ বাপাৰ ঘইনিয়েকে তাক জানিছিল চাগেই। তাতেহে বৰকৈ জনা জনি হোয়াত তিনিও আত্মঘাতি হল।
মহাঃ বাপু! তুমি এই কথাটী কলা মোৰ মনে ধৰিছে। ময় আজি ৰাতি এটা স্বপ্ন দেখিছোঁ।
কুলঃ প্ৰভু কওক চোন? সংস্বপ্ন।
মহাঃ ময় যেন আমাৰ ঘৰত বহি আছোঁ। তাতে এটি অতি বঢ়াবামুন, গায়ে গতিয়ে চুটী চাপৰকৈ, আদ বসিয়া বঙ্গালি বামুন এটী লগত লই আহি মোক কলে বোলে "গোঁসাই মোৰ গাত এই বিলাক খোঁচ দেখা নাইনে? তেও আকৌ তুমি নকই এটা খোঁচ মাৰিলা। ময় ভালক প্ৰতি এই কালৰ মানুহৰ ভালৰ নিমিত্তে সাধাৰণ বিধিৰ বাহিৰে এটা বিশেষ যুক্তি সিদ্ধ বিধি দিলোঁ। অইনৰ হলে বিশেষ বিধি মানে। মোৰ নেমানে। ময়েই সঁচাকৈ এই কালৰ বিধি দিয়া। চোয়া চোন এই বোৰ মোৰ গাত ঘা কৰিছে। এই মানুহটীয়েহে মোৰ ঘা বিলাক গুচাবলৈ যতন কৰিছে। নবমী তোমালোকে ভবাৰ দৰে অসতী নহয়। তাই পতিব্ৰতা নবমীয়ে সইতে যাৰ হঁহা মাতা আছে সেইজন তাইৰ ধৰ্ম্ম প্ৰমাণ স্বামী আৰু তাইৰ সখিয়েকেও সত্কৰ্ম্ম কৰিছে"। তাতে ময় কলোঁ বাপু আপুনিনো কোন ময় নিচিনো? তেওঁ কলে বোলে " মই কুঁয়লি কৰিছোঁ।" এনেতে ৰাতি পুয়াল সাৰ পালোঁ। (৮২)
কুলঃ প্ৰভু বন্দীয়ে ইয়াৰ অৰ্থ বুজিব নোয়াৰিলোঁ। প্ৰভু শিবকান্তৰ দায় ভাঙ্গক। তাৰ সৰহ হইছে।
মহাঃ বাৰু! কথা শুনাই দিবা। এতিয়াহে জানিলো নবমী সতী সাধ্বী? ময় কি কুকৰ্ম্ম কৰিলোঁ। ময়েই ইহঁতৰ বধৰ ভাগি হলোঁ। প্ৰভো! মোক দোষ নধৰিবা যেনে দেশাচাৰ তেনে কৰিছোঁ। আৰু নবমীৰ দৰে পতিব্ৰতা হলে হানি নাই। অইন হলেহে বিধবা সধবা এটাইৰে দোষ। আমি আৰু এই গাওঁত নেথাকোঁ। বাপু! তিথীৰ সময় এটাইকে সত্ৰলৈ যাবলৈ কবা। তেতিয়াই শৰণ ভজন দিম। মোৰ আজি ৰাতি সমাজিক দেখিবৰ পৰা মনত বৰ ভাবনা হইছে।
কুলঃ ময়োঁতো তাকে বোলোঁ। প্ৰভু! অইন ৰূপে দুষ্কৰ্ম্ম কৰি অনেকক সৰ্ব্বনাশ কৰাতকৈ পৰাশৰৰ বিশেষ বিধি লোয়া ভাল। (মহাজন আৰূ সঙ্গীসকলৰ প্ৰস্থান।)
কুলঃ (সভাসদ সকলৰ প্ৰতি) আপোনা সকলে শুদ্ধ মনে বিচাৰ কৰি চাওক। ময় এতিয়া ঘৰলৈ যাওঁ। লৰালৰিকৈ পূজাটো কৰি কেইটামান ভাত খাওঁ গই, বৰ ভোক লাগিছে।--

পূজাৰীৰ উক্তি।


লেচাৰী
শুনিবাহা সভাসদ জন,       ৰাম-নবমীৰ বিবৰণ,
ইহাঙ্ক অসত্য নামানিবা কদাচিত।
অচৰু অন্নৰ এটা চাই,       সমস্তৰে যেন বাৰ্ত্তা পাই,
সেহি পটন্তৰ পাইবাহা আত নিশ্চিত।।
এনে দুৰ্ঘটনা ঠাই ঠাই       সৰ্ব্বকালে নিষ্টে পোয়া যাই, (৮৩)
তথাপিতো তাক দেখি নেদেখাহা কেনে?
নৰনাৰী এই দুই প্ৰাণি,       মিলিয়া মনুষ্য হয় জানি;
তথাপিতো কেনে ভিন্নভাব মনে মনে।।
যদি তাক জনা সত্য কৰি,       পুৰুষ মৰিলে কনে নাৰী,
বিবাহৰ বিধি নেদেহা কমন কৰি?
বিধবা নাৰীৰ পতি সঙ্গ,       ঈশ্বৰৰ ইচ্ছা নোহে যদি,
কামভাব তাৰ নথাকিত অঙ্গ ভৰি।।
যি কাৰণে সিটো নোহে নাশ,       স্বভাবৰ গতি অপ্ৰয়াস,
সুযোগত হয় প্ৰকাশ অজস্ৰ মতে।
কলি শাস্ত্ৰ কৰ্ত্তা পৰাশৰে,       কহিছে স্মৃতিত উচ্চৈঃস্বৰে।।
বিধবা নাৰীৰ পৰিৰন্যো বিধিয়তে।।
হেনক শাস্ত্ৰক পৰিহৰি,       মিচা আছাৰক সত্য কৰি।
কিনো অযুগুত আচৰিছা দৃঢ় কৰি।
দেশাচাৰ যাক ভাবি আছা,       তাৰ পৰিবৰ্ত জানা সঁচা,
তথাপিতো তাক স্থিৰ বুলি আছা ধৰি।।
ভ্ৰুণহত্যা ব্যভিচাৰ দোষ,       গুপুত প্ৰেমৰ অসন্তোষ,
আৰু নানা পাপ সকলো হইব নিঃশেষ।
প্ৰীতিত তুলনা ভয়ে যদি,       ইহাত নিদিয়া দৃঢ়মতি,
সিও কতা যোগ্য নহন্ত অতি বিশেষ।।
দেশাচাৰ সঁচা থোয়া সাঁচি,       পৰমাৰ্থ তত্ব লোয়া বাচি,
শাস্ত্ৰ যুক্তিমতে সদা কৰা আচৰণ।
শাস্ত্ৰ যুক্তিতেসে দিয়া চিত্ত,       গোয়া হৰি গুণ, নাম গীত,
সকল শাস্ত্ৰৰ এহিসে সাৰ বচন।।
(ইতি নিষ্ক্ৰান্তাঃ)
যবনিকা পতন।


ৰাম-নবমী নাটক সম্পূৰ্ণ। (৮৪)


[Nuvola apps download manager3.png ওপৰলৈ যাওক]