ৰাম-নবমী/পঞ্চম অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ৰাম-নবমী

প্ৰথম দৰ্শন[সম্পাদনা কৰক]

শিবকান্তৰ বাটী


উৰ্ব্বশী, জয়ন্তী আৰু ফুলেশ্বৰীৰ প্ৰবেশ।


উৰ্ব্বশীঃ আমই! লগক এতিয়া আগতকৈ এফেৰি বাৰু যেন দেখিছোঁ।
ফুলেশ্বৰীঃ আশীৰ্ব্বাদ কৰা আই! যমৰ আগত কবলৈ সেই ফেৰাই জীয়াই থাওক। তঁহতে বহ ময় সখিয়েৰক মাতি দিও তাই শুইচে। (ফুলেশ্বৰীৰ প্ৰস্থান)
উৰ্ব্বশীঃ লগ! শুনিছানে মানুহে দেখো কিবা গলা গোপা কৰে। নবমী লগে হুনু আজি ৪ মাহ মান গা ধোয়া নাইঁ?
জয়ন্তীঃ (মনে মনে) সৰ্ব্বনাশ! এতিয়াহে! (স্পষ্টকৈ) সঁচানে? এতিয়া যেনেহে মানুহ খিয়ালত কয় হেন হে মনে ধৰে। আৰু তাইৰ আগেয়ে সৰহকৈ গা গইছিল। এতিয়া সেইটো কমিছে। তাতে দুবাৰ এবাৰ খঁতিৰা লৰিলেও লৰিব পাৰে।
উৰ্ব্বশীঃ নহব লগ মাঘৰ বিহুৰ দিনা চাইছিলোঁ। বুকুত কলা শীৰ উঠিছে। পীয়াহৰ আগ কলা পৰিছে আৰু অইন অইন ভালে মান চিন পাইছো। গোঁসাই গাওঁ ফুৰিবলৈ আহিবৰ সময় হইছে! কি হয় কি নহয় কব নোয়াৰোঁ। (৬৫)
                                                                                            

                                                   
শিবকান্তৰ প্ৰবেশ।


জয়ন্তীঃ তাঔই আহিছে। সখি! যাওঁ বলা।
উৰ্ব্বশীঃ বাৰু বলা।
শিবঃ আইটীহঁত যা দেখোঁ!
উভয়েঃ আকৌ আহিম। সখি শুইছে। (ইতি প্ৰস্থান)
শিবঃ আইটীৰ মাক এই পিনে আহা চোন।
নেপথ্যৰ পৰাঃ গইছোঁ।

                                                      
ফুলেশ্বৰীৰ প্ৰবেশ।


শিবঃ সৰ্ব্বনাশ! কি কথা হল দেখোঁ।
ফুলেঃ কিনো!
শিবঃ নবমীয়ে হুনু আজি ৪ মাহ গা ধোয়া নাই! নাৰায়ণৰ ঘইনিয়েক আৰু পৈয়েকে একেবাৰে গাওঁতে খলক লগাই দিছে। তুমি জানো শুনা নাই? তাতে গোঁসাই আহিবৰ সময় হইছে।
ফুলেঃ কি কয়?
শিবঃ তুমি দেখা শুনা, জানা নাইনে?
ফুলেঃ বলিয়া হলা নে কি?
শিবঃ আইটীনো কত আছে?
ফুলেঃ শুই আছে।
শিবঃ খৰকৈ এি ছলতে চাই আহাঁগই যোয়া।
ফুলেঃ সৰ্ব্বনাশিয়ে খালেহে এই পিনে। (ইতি প্ৰস্থান)
শিবঃ (স্বাগত)। খালেহে। কেনে কেইনো লৰা মানুহ গাভৰু কালত থাকিব? তেও যদি ইটো নহলহেঁতেন সিও (৬৬) এটা কথা আছিল। এনেকেই কাৰ ঘৰতনো নাই। শত্ৰুয়ে প্ৰকাশ নকৰা হওকেই চোন তাৰ উপায় পালোহেঁতেন। এনেতেই সৰ্ব্বনাশ!

                                             
ফুলেশ্বৰীৰ প্ৰবেশ।


শিবঃ কি দেখিলা?
ফুলেঃ হয় বাকলি সঁচা। সম্পূৰ্ণ লক্ষণ। কোনে নো কেনেকেই কি কৰিলে একো কব নোয়াৰোঁ।
শিবঃ মই মুনিহ মানুহ অইন কাৰ্য্যত ব্যস্ত থাকোঁ। তুমি ঘৰৰ ঘইনি হই এইবোৰৰ বুজ নোলোয়া। বিশেষই এদিনৰ কথা নহয়। অনেক দিনৰ পৰা সংঘটন নহলে কেতিয়াও হব নোয়াৰে।
ফুলেঃ ময়নো কেনেকেই জানিম? ময় জানো তাই নৰীয়াহে। পিছত লাহে লাহে গাটী অলপ ভাল হই আহিল ইটো হইহে যে সিটো হল কোনে জানে।
শিবঃ জাতি কুল মান মৰ্য্যাদা সকলো দেখোঁ এতিয়া যায়।
ফুলেঃ কিনো কৰিব দিয়া? কেনেকেইনো থাকিবই লৰা মানুহ। কোনোবাই সইতে কিবা কৰিলে হবলা? এনে দেশত যেন বিধবা চোয়ালীৰ মাক বাপেক কোনো নহয় ৰাম! ৰাম!
শিবঃ গোঁসাই আহিবৰ সময় হইছে। এই পূৰ্ণিমা মানলৈ পাবহি। হেৰি কৰিব পাৰিলে ভাল হয় কোনেও নেজানেনে?
ফুলে সয়ন্দ্ৰী বুলি এজনী আছে তাই এই বিলাক কৰে।
শিবঃ বাৰু মতোয়া যি লাগে তাকে দিম। গোঁসাই অহাৰ পূৰ্ব্ব হলে ভাল। ময় এই পিনে বৰাউৰুৰ তাৰ পৰা আহোঁ। (ইতি প্ৰস্থান) (৬৭)
ফুলেঃ (স্বগত) ময় তেতিয়াই কও বোলোঁ কিবা এটা হব। অইন এবিধ নকৰিলে নহয়। কলিকতাত হুনু কোনোবা ঈশ্বৰ বিদ্যাসাগৰে কিবা এবিধ মত উলিয়াইছে, আৰু তাক দেখি হুনু আমাৰ ইয়াতে কোনো কোনো মানুহে সেই মত চলাবলৈ যতন কৰিছে। তাকে কৰা হলেনো এনে কেলেই হব। হায়ঁ হাঁয়। কপাল! হেৰ পেলনী! আইটীক এই পিনে মাতি আন চোন কিমান শোয়ে। এই জ্বলা জুই কুৰা লই যেনিবা মোৰ পূৰি মৰিব লগীয়াহে হল।

                                                                                                                                                                                                                                           পেলনী আৰু নবমীৰ প্ৰবেশ।

ফুলেঃ আইটী এই পিনে আহ চোন।
নবমীঃ আই কি?
ফুলেঃ তয় চোন একেবাৰে খালি?
নবমীঃ কি আই? মোৰ শপত কচোন আই?
ফুলেঃ (মনে মনে) অ্যই অ! লৰা মানুহ যে লৰা মানুহ এই খিনি দিলে একো বুজাকে নাই (স্পষ্টকৈ) চাওঁ মোৰ ওচৰলৈ আহচোন। (নবমীৰ নিকটে আগমন এবং ফুলেশ্বৰীৰ নবমীৰ হৃদয়স্থ শীৰাদি দৰ্শন)
ফুলেঃ ম! কি চাইচোঁ তয় বুজিছনে? নবমী।
নবমীঃ অলপ গা ধৰিছে দেখি মৰমতে চাইছ।
পেলনীঃ কেনে দেখোঁ আই একেবাৰে ব্ৰহ্মটাঙোন মাৰিলি। অঃ অঃ কি সতেৰেনো এতিয়া অইন এটা কৰাব। আই অ! এতিয়া মানে চাগে পাঁচ মাহ মানত সোমাল।
নবমীঃ মোৰে শপত আই ক? ময় একো বুজিবকে পৰা নাই। তহঁতেনো কি কইছ? মোৰ আগতকৈ গাটীত অলপ শ্ৰীহই কিন্তু আই! সৰ্ব্বদাই শুই (৬৮) থাকিবৰ মন যায়। একোকে কৰিবৰ ইচ্ছা নাই। আৰু ন ন বস্তু খাবৰ ইচ্ছা হয় আৰু খাবলৈ গলেও ইচ্ছা নোহোৱা হয়। অঃ আই! সীকৰ আছেনে? মোৰ বৰ খাবৰ মন গইছে।
ফুলেঃ আই! মোৰ শপত সঁচাকৈ কবি দেই। তয় আজি কেই মাহ মান গা ধোয়া নাই? (নবমী ঈঙ্গিত বুজিব পাৰি লজ্জায় অধোমুখী) বাঁৰি মানুহ দেখি ময়ো মন নকৰিছিলোঁ। ওপৰত এটা থাকিলেহে সৰ্ব্বদায় মন হয়।
পেলনীঃ আই ! মোৰে শপত ক তাৰ এটা বিহিত কৰা যাব। এনেনো কাৰ নহয়। সকলোৰে হয়দে (নবমীৰ ক্ৰন্দন)
ফুলেঃ তাইনো আৰু কি বুলিম হয় আৰু! পেলনী! সয়ন্দ্ৰীক মাতি আন। গোপনে মাতিবি যেন কতো প্ৰকাশ নহয়। (পেলনীৰ প্ৰস্থান)
ফুলেঃ আই তয়ও যা শুই থাক গই! যি হবৰ হল। আই ঔ দেহি। মোৰ আয়ে চাগেই পেটত এটি ৰত্ন ধৰিছে। তাক ময় নষ্ট কৰিবলৈহে দিব লগীয়া হলোঁ। হাঁ কঁপাল! আই যা যি হবৰ হল। কাৰো ঘৰলৈ কেইদিনমান ফুৰিবলৈ নেযাবি ঘৰতে শুই বহি থাকিবি। মানুহ আহিলে আগতো ওলাব নালাগে। সখিয়েৰহঁতে সইতে ঘৰৰ ভিতৰতে উমলিবি। সিহঁতে যদি কিবা শোধে একো নেমানিবি। (ফুলেশ্বৰীৰ প্ৰস্থান) (৬৯)
নবমীঃ (স্বগত) গুপ্ত প্ৰেমৰ এই শেষ দশা। প্ৰথমত স্বভাবৰ শক্তি অতিক্ৰম কৰিব নোয়াৰিলোঁ। এতিয়া আকৌ সেই হল। হা জগদীশ্বৰ! মোৰনো কঁপালত কি লেখিচা। নোয়াৰা হলেই যে এইটো হয় ময় পূৰ্ব্বে নেজানিছিলোঁ। মই আজি পাঁচ মাহ নোয়াৰা হোয়া নাই সঁচা। আহিন মহিয়া কোজাগৰৰ দিনা নোয়াৰা হইছিলোঁ। সখিউৰু খেল খেলিবলৈ অহাত খেদিবলৈ নোয়াৰিলোঁ। কোন লাজেৰেনো মানুহৰ আগত কম? ভালেতোহে কালি আহি পাই এই মোৰ বুকুৰ কলাশীৰ দেখি তেওঁ হুমুনিয়াহ কাঢ়ি তেনেই শুই থাকিল। জয়ন্তী সখিয়ে বা জানিছে নাই? কি কৰিম কি নকৰিম! বিবুদ্ধি হলোঁ। সয়ন্দ্ৰীকো মাতিবলৈ পঠাইছে। যাঃ যি তাকে কঁপালত সেয়ে হব। ময় হতভাগিনীৰ লগত মোৰ পিতৃ মাতৃ প্ৰাণৰ সখি আৰু তেওঁৰ যে সৰ্ব্বনাশ হল ইহে শোকৰ কথা। এইটোহে নমৰো মানে মনত থাকিব। (ইতি প্ৰস্থান)

দ্বিতীয় দৰ্শন


ৰাজআলী

দতো আৰু সীহুৰামৰ প্ৰবেশ।


সীহুৰামঃ কাকা কিয় আহলি এই?
দতোঃ কি শোধাহ! বাপহে! মোৰ কাঁপালৰ কথা। এই মকত্তমা কৰবা আহছোঁ।
সীহুঃ কিনো হচি?
দতোঃ পুতখা চধৰী এইবাৰ গেই আৰু সৰ্ব্বনাশ কৰ্বা ধৰ্চি (৭০) আমাৰ ঠেমা মানুহ আৰ থাকাৰ যোএই গুচিল। পুতখা গুহেটীৰূপে গেই সিকী আধলী কৰি মাগান কৰ্চি। নেদিলি আৰু ৰক্ষা নাই। এই পুহ মাঘ মেহিয়া ৰাতি পানীত পেলেই কুন্দাত মাৰি থও এই তাৰ বাপাকাৰ--। পুতখা? ঘৰৰ তিৰী চৰ্লি আদি কৰি শাস্তি কৰেই। ময় পাক ঘৰৰ পিনি আশা এৰি দি আহছোঁ। পুতখা যি কৰে কৰক। এখান দৰ্কস দিবা লাগেই। বাপা আতেইনে কোন ভাল উকীল আছেই জানাহ না।
সীহুঃ এনাই কৰ্চিনা? মোক সি নগুৰ বিৰ্ত্তন্ত কৰ্চিদে। তাত থাকি হে আহিছোঁ। চ দুইও একেলগেই থাকি বুধিৰ টিপা উকীলক ধৰি কেলাপটৰীত এখান, ফৌদাৰীত এখান, দেওনীত এখান, বৰ সাহাবৰ তত এখান দৰ্কস দেও দে। পুতখায় যেনি সূৰ্ত্তীকে নাপে। মাল্পাক বাপা পুতখাৰ পূতাক চধৰী খালাক। আহনি যেন কৰাওতে হেঁকা ওলাল।
দতোঃ তেহণতক নো কি কৰিবি। তেঁহতে আমলা আৰূ উকীলহঁতক ভেঁটী দি মকত্তামাত জিকবো।
সীহুঃ নৰেই দে আমাৰ সাহাব ভাল। নাজনাহনা এই পাক সাহাব মফসলক যাওঁতে কেনেই চিকানে মকত্তমা শুনিছিল। ৰায়াতক এওঁ সাহাবে বৰ মৰম কৰেই।
দতোঃ যাঁও চল্

(বাদ্য ভাণ্ড)

সীহুঃ শুনচাহ না কাকা। এই ঠাইক গঁহে আহিছিল।
দতোঃ কত নো।
সীহুঃ নুশুনাহনা সেই গাইন বাইন গাইছি। হেৰ সাজ তোলা (৭১) কেনেই ভেম মাৰি আহবা লাগছি। তাৰ লগতে যাঁও দে সাজতোলা, নাৰায়ণ আৰূ অইন অইন শিষ্য প্ৰশিষ্য ডোম ডাইনী আৰূ দৰ্শক সকলৰ প্ৰবেশ।

(তন্মধ্যে দতো এবং সীহুৰাম স্থিতা)

সাজতোলাঃ (নামঘৰ পাই চতুৰ্দ্দিকে দৃষ্টি কৰি খোঁজৰ ওপৰত খোঁজ দি) অধিকাৰী গোঁসাই আহিব লাগিছে। ডোম ডাইনী শিষ্য প্ৰশিষ্য এটাই নিজম দি খেলে খেলে বহ। আৰূ কাৰ কত কি দিব থৱৰ আছে যতনাই থ। অইন মানুহ বিলাক এফলিয়া হই আঠু কাঢ়ি থাক। (গোঁসাইক দৃষ্টি কৰি হেৰ! সোঁসাই আহিব লাগিছে সকলোয়ে সাবধান থাক। হেৰ আহি পালেহি সকলোৰে হৰিধনী দে।
সকলোয়েঃ জয় কৃষ্ণ বুলি হৰিবোল, হৰিবোল, হৰিবোল,--আৰূ বাৰে হৰিবোল, হৰিবোল, হৰিবোল।
তিৰোতা সকলোয়েঃ জয় ৰাম বোলা, জয় হৰিবোলা। জয় ৰাম বোলা। (তিৰোতা বিলাকে উৰুলী আৰূ খোজ কৰতাল ইত্যাদি বাদ্য ভাণ্ড)

নামঘৰত গোঁসাই এবং ভকতসকলৰ প্ৰবেশ।

খাটনিয়াৰঃ প্ৰভু জগন্নাথ! সকলোয়ে প্ৰভুৰ দুখানি চৰণ সেৱা কৰিছে।
মহাজনঃ খাটনিয়াৰ এটাইকে কোয়া যাৰ যত শৰণ ভজন হবৰ আছে পশুই হব। যাৰ যি দিবৰ আছে তাক বৰ বৰ আলধৰাক লব দিয়া। আৰূ দায় টায় যাৰ যি আছে আনিব দিয়া। (৭২)
খাটনিঃ ভাল প্ৰভু-ঈশ্বৰ দুখানি চৰণে যি আজ্ঞা কৰিছে। হেৰ! সকলোয়ে শুনিবি। দুখানি চৰণে আজ্ঞা শুনাব দিছে বোলে যাৰ যত শৰণ ভজন হবৰ আছে সি পশুই দিনা হব। যাৰ যত দিব থব লাগিয়া আছে তাকে বৰ আলধাৰাৰ হাতত গতাই দিয়া। বৰ আলধৰা। যেয়া লোয়া গই। (বৰ আলধৰাৰ প্ৰস্থান)। আৰূ যাৰ যত দায় টায় আছে তাক আজিয়ে ভাগিব লাগে।
সাজঃ আতে। খাটনিয়াৰ আতে! দুখানি চৰণত জনাওক, সকলো খেলকে দুখানি চৰণে কুশলে ৰাখিছো। আজি যেয়ে পাউনি থউনি আনিছে তাক আলধৰাই লব। আৰূ কেইখন মান খেলৰ মানুহে একো দিয়াও নাই থোয়াও নাই। প্ৰভুৰ কথা কই বন্দীৰ আজ্ঞা শুনালো। তেও সিহঁতে নেমানিলে ময় কি কৰিম।
মহাঃ তেন্তে নিদিয়া সকলকে নীতিমতে দণ্ড কৰা।

(নানা প্ৰকাৰ দণ্ড)

সীহুঃ (এফলিয়া হই) কাকা। দেখছাহনা। চধৰী হলি দৰকস দি সাৰবা পাৰি। আতসোঁ পুংখা আকো দিহা নাই।
দতো) (তদ্ৰুপ) তাকেই তো।
সাজঃ আতে! দুখানি চৰণত জনাওক। ৰঘু বুলিবৰ ডোমে ৰহমতী বুলিবৰ ডুমুনীত চোৰ পৰিছে। বন্দীয়ে বিধিমতে ঘাটপানী এলাগ কৰিছো এতিয়া যি আজ্ঞা হয়।
মহাঃ খাটনিয়াৰ! গোচৰ বিলাক তুমি শোধা।
খাটনিঃ প্ৰভু ঈশ্বৰ--। হেৰ ৰহমতী! সাজ তোলাই যি কথা কইছে সঁচানে? (৭৩)
ৰহঃ আতে! সাজতোলাই যি কইছে তাতে থাকি যদি দুখানি চৰণে বেটীকে কাটে কাটীব পাৰে। বেটী বোলোতেই পোধ নোহোয়া তিৰোতা। অপ্ৰেশ কিন্তু সাজ তোলাৰ কথা সঁচা নহয়।
খাজনিঃ তেন্তে দুমুনী কচোন!
ৰহঃ আতে। সাজতোলা আতাইয়ে এদিন সাজবেলিয়া বেটীৰ ঘৰলৈ গই থাকিব খুজিছিল। বেটীয়ে মান্তি নোহোয়াত এনে কৰিছে। আৰূ বেটীয়ে দুখানি চৰণলৈ আঠোটা কণী, দুটকা ৰূপ, এটা পান, ৮ পোন তামোল দিছো তাকো দেখোঁ। এটাইয়েৰে বস্তু দিয়াত নুশুনিলোঁ।
খাটনিঃ তায় শপত খাব পাৰনে?
ৰহঃ বেটীয়ে এতিয়াই বেটীৰ দুখানি চৰণত ধৰি শপত খাব পাৰোঁ।
খাটনিঃ বাৰু তয় থাক। হেৰ ডোম কচোন!
ৰঘুঃ কি কম খাটনিয়াৰ?
খাটনিঃ অঃ কটা এনে সাহ! হেৰ ইয়াক ধৰি একুৰী চমটা মাৰ। (প্ৰহাৰ)
ৰঘুঃ কিবা জনাইছে মোত আতে?
খাটনিঃ কটা ডোমৰ কথাই সেই। কচোন কি জান?
ৰঘুঃ আতে! বন্দী বোলোতে ডোম! অপ্ৰেশ। সাজতোলায় মিচা কথা কইছে। বন্দীয়ে শপত খাব পাৰো।
খাটনিঃ সাজতোলাৰ গোচৰ পিছে হব এতিয়া নাৰায়ণৰ কথা শুনো। কোয়া চোন?
নাৰায়ণঃ কি কম? শিবকান্তৰ বাঁৰি জীয়েক জনীয়ে আজি পাঁচ মাহ মান গা ধোয়া নাই।
খাটনিঃ কোনে জানে? (৭৪)
নাৰায়ণঃ সয়ন্দ্ৰীক হেৰি কৰিবলৈ মাতিছিল। তাই জানে আৰূ আমাৰ ঘইনিয়ে জানে।
খাটনিঃ (মনে মনে) ময় সিবেলী কৰ সাধিবলৈ আহাত নকৰিবৰ চকৰী কৰিছিল। (প্ৰকাশ্যে) বাৰু পাঁচনি যোয়া। সয়ন্দ্ৰী আৰূ এওঁৰ ঘনিয়েক দুইকো ইয়ালৈ লই আহা। নানিলে ভাল নেপাবা। (পাঁচনীৰ প্ৰস্থান)
নাৰায়ণঃ( মনে মনে) অপৰৰ অপকাৰ কৰিলে আপোনাৰ অপকাৰ হয় সঁচা।
সয়ন্দ্ৰী আৰু শিবাৰ সহিত পাঁচনীৰ পুনঃ প্ৰবেশ।
খাটনিঃ হেৰ মানুহ দুজনি। শিবকান্তৰ জিয়েকৰ কথা কি জান কচোন?
সয়ন্দ্ৰীঃ হয় আতে! মোক হেৰি কৰিবলৈ শিবকান্তৰ ঘইনিয়েকে মাতিছিল। ময় চাই আহিছোঁ পাঁচ মাহমান হইছে।
শিৱাঃ হয় আতে! ময় অইন লক্ষণ দেখিছোঁ।
খাটনিঃ কোন নো চোৰ কোনোবাই কব পৰা হঁকনে? (সকলোয়ে নিস্তব্ধ)
খাটনিঃ কোনেও নোয়াৰিলে বাৰু।
মহাঃ তেনেহলে শিবকান্তৰ ঘৰত চাট মাৰা ঘাট পানী এলাগ। পাঁচশ টকা দিলেহে দায় ভাগিব।
সীহুঃ (এফলিয়া হই) কাকা আক টাকা দিলি হবো পাপ খণ্ডিব? পুত্খা সকলোতেই টকাহি।
দতোঃ (এফলিয়া হই) এখান টকাৰ হে দিন হচি দে।
মহাঃ এতিয়া বাহৰলৈ যোয়া যাওক কাইলৈ আকৌ বঁহা যাব। (ইতি নিষ্ক্ৰান্তাঃ) (৭৫)

তৃতীয় দৰ্শন


নবমীৰ শয়নাগাৰ

নবমীৰ প্ৰবেশ।


নবমীঃ (একাকিনী) এই হতভাগিনীৰ আৰু কি হবৰ আছে। গোঁসাইয়ে আহি চাট মাৰি গইছে! যি পিতৃ মাতৃয়ে জন্ম দিলে, লালন কৰি মানুহ কৰিলে সেই পিতৃ মাতৃয়ে মোৰ পৰা সু পোয়া দূৰৈত থাওক কষ্টহে পাইছে। প্ৰথমে বিয়া দিছিল তেওঁৰ মৃত্যু জন্য মোৰ যি ক্লেশ তাৰ কষ্ট স্বভাবৰ অতিক্ৰম কৰিব নোয়াৰি ময় কৰা কৰ্ম্মৰ কষ্ট, লোকত লজ্জা, ভয় আৰু অপমান। আহা! মোৰ নিমিত্ত পিতৃ মাতৃৰ ক্লেশৰ সীমা নোহায় হল। আৰু যাৰ যত্ন পৰিশ্ৰম আৰু বুদ্ধি পৰামৰ্শ নহলে মোৰ ইমান দিন জীয়াই থকাই নহল হেঁতেন তেনে প্ৰাণৰ সখীৰ লজ্জা অপমান আৰু ক্লেশ। আৰু মোৰ গৰ্ভত থকা সন্তান যদি ভূমিষ্ঠ হয় তাৰ লজ্জা, অপমান আৰু ক্লেশৰ কাৰণ ময়। এনেতে মোৰ জীবন কি আবশ্যক? মৰিলেনো এইসকল কলঙ্কৰ পৰা মুক্ত হব নে? নহয়। চন্দ্ৰ দিবাকৰ থাকে মানে এই কথা থাকিব। আহা মোতকৈনো হতভাগিনী আৰু কোন আচে এতেকে মোৰ মৃত্যুই ভাল। ৰঃ! ময়নো মৰোঁ কিয়? ওপৰত যি কাৰণ কইছোঁ তাৰ জন্য। তাৰনো কাৰণ কি? আহা! মোৰ বৈধব্য দশা। ময়েই যদি বিধবা নহম এনে হব কিয়। মতো এই প্ৰাণনাতে সইতে সংঘটন হবৰ পৰা বিধবা নহওঁ। কিয়নো তেওঁৰ পৰা বিবাহৰ যি (৭৬) মুখ্য অভিপ্ৰায় সেই সিদ্ধি হইছে। তেন্তে এনে হল কিয়। আহা। দাৰুন দেশাচাৰ! হা! দেশাচাৰ! তোৰ এনে পৰাক্ৰম! তয় মোৰ নিচিনা কিমান হতভাগিনী আৰু তাঁহাতৰ জ্ঞাতি পৰিজন বন্ধু বৰ্গৰ লজ্জা অপমান আৰু ক্লেশৰ কাৰণ হইছে! ময় কেতিয়াও কুকৰ্ম্ম কৰা নাই জগদ্বীশ্বৰ সাক্ষী! এই জনতে ময় প্ৰথমে বিবাহ কাৰোয়া জনৰ দৰে প্ৰাণ মন সমৰ্পণ কৰি দিছোঁ। তেওঁৰ বিনে মোৰ অন্য আৰু কোনো ভাবনা নাই। তেওঁয়েই সকলো। বিবাহৰ প্ৰধান যি তাত্পৰ্য্য সেইটী ইয়াত হে ঘটিল প্ৰথমটিত নঘটীল ন ঘটীল। মোক অসতী বুলিব। ঈশ্বৰে জানে ময় যদি পতিব্ৰতা হই থকা নাই, ঈশ্বৰে ইয়াৰ যন্ত্ৰণা দিব। শাস্ত্ৰতো বিশেষ বিধি আছে, এনে অবস্থাত আমাৰ স্বামী লব পাই। তথাপি যে এনে হইছে ই কোন দাৰূণ দেশাচাৰ! যি দেশত এনে দেশাচাৰ তাত যেন মানুহ জন্ম নধৰে। জনম হলেও যেন তিৰোতা নহয়। তিৰোতা হলেও যেন বিধবা নহয়। বিধবা হলেও যেন প্ৰথম অবস্থাত নহয়। ময় ইমান ক্লেশৰ ভাগী হলোঁ। (গৰ্ভস্থ সন্তানৰ প্ৰতি) হে জিব! তুমি মোৰ উদৰত উত্পত্তি হই সংসাৰ নেদেখিলাই? কিমান মানুহে সন্তানৰ জন্য যাগ যজ্ঞ তপ জপ কৰিছে, ময় সেই সন্তান ধৰ্ম্মতঃ আৰু ন্যায় পক্ষে পাইও নষ্ট কৰিব লগিয়া হলোঁ। আহা! দেশাচাৰৰ কেনে দাৰূণ শাসন। হে গৰ্ভস্থ সন্তা! তুমি মোৰ ইয়ালৈ আহি কেবল জঠৰ যন্ত্ৰণা হে পালা। সেই যন্ত্ৰণা অধিক কাল ভোগ কৰিব নেলাগে। আৰু জন্ম হলে তুমি সংসাৰত এনে দেশাচাৰ ৰজাৰ দাৰূণ শাসনত (৭৭) সুখে থাকিব নোয়াৰা। এতেকে ময় তোমাৰ গৰ্ভধাৰিণী হই এই মানহে কৰিব পাৰোঁ যে ময় স্বয়ং মৃত্যু হই তোমাক যন্ত্ৰণাৰ পৰা শীঘ্ৰে মুক্ত কৰোঁ। তেহে তুমি শীঘ্ৰে আকৌ অইন এঠাইত জন্ম লই সুখ ভোগ কৰিব পাৰিবা। হেধৰ্ম্ম! তুমি সাক্ষী ময় কেতিয়াও ব্যভিচাৰিণী নহয়। ওঁত বাজে যদি ময় অইন কাতো মন দিছোঁ তেন্তে মোক বিহীত শাস্তি দিবা ময় যে এতিয়া মৰিবলৈ ওলাইছোঁ তাৰো তুমি সাক্ষী-- মোৰ এই জীৱনৰ কায নাই। কি উপায়েনো মৰোঁ! ৰ! প্ৰাণনাথে প্ৰথম সম্ভাষণৰ দিন যি কটাৰিখন দিছিল সেইখনেই মোৰ মৃত্যুৰ কাৰণ হওক। হে অস্ত্ৰ! ময় যে তেওঁত বাজে অন্যক কেতিয়াও মন দিয়া নাই, ইয়াৰ তুমি সাক্ষী দিবা। হে অস্ত্ৰ! মোৰ প্ৰাণটী নিবা--(এই বুলি ডিঙ্গীত এক ৰেপ দিয়াত এটা টেটু কাটিল) হা! এই পৰ্য্যন্ত এই প্ৰাণ যোয়া নাই। দাৰূণ দেশাচাৰৰ শাসনত এই পুণ্য তুমি একেবাৰে মোৰ নিচিনা কিমান তিৰোতাৰ গৰ্ভস্থ আৰূ মানুহৰ তেজেৰে তল যাব লাগিছে। সেই দেখিহে এই দেশত অন্য প্ৰকাৰ সকলো সুখৰ কাৰণ থকাতো যিমান দিনলৈকে মোৰ নিচিনা দ্বিতীয় পতি বৰণ ঘৃণিত বুলিব, তিমান দিনলৈকে এই দেশত সুখ নহয়। হে প্ৰাণনাথ! ময় তোমাত বাজে কাতো মন দিয়া নাই। তথাপি মোৰ এনে দুৰ্দ্দশা। এতেকে এই জীবনত সকাম নাই - সকাম নাই- সকাম নাই (এই বুলি ভালকৈ ৰেপা মৰাত আৰূ অধিক তেজ যোয়াত থাকি ঢাঁসকৰে বিছনাত পৰিল)-(৭৮)

                                                                              
জয়ন্তীৰ প্ৰবেশ।

 
জয়ন্তীঃ সখি! কি কৰিছা?
নবমীঃ খি! অপৰাধ ক্ষমা কৰা। ময় ডিঙ্গিত কটাৰী দিলো। আৰূ অলপতে মৰিম। মোৰ জীৱনত আৰু কাম নাই।
জয়ন্তীঃ ঔ সখি! ঔ আই! ঔ আমই! ঔ বাই! ঔ তাঔই! ঔ সখি! মোক এৰি কলৈ যোয়া।
নবমীঃ দেওৰেৰত মোৰ সেবা জানাবা ময় তেওঁত বাজে কাতো মন দিয়া নাই। মোৰ জন্য তেওঁৰ অপমান হব। সেই দোষ যে মাৰ্জ্জনা কৰে আৰূ যেন নেপাহৰে! শিবকান্ত, ফুলেশ্বৰী, পেলনী এবং অন্যান্য গৃহ পৰিজনৰ প্ৰবেশ।
নবমীঃ পিতাদেউ! মোক ক্ষমা কৰা! আই ! মোক ক্ষমা কৰা! বাই মোক ক্ষমা কৰা! নেপাহৰিবা! ময় তোমালোকৰ সকলোৰে অসুখৰ কাৰণ! সেই দেখি ময় এই জীবন পৰিত্যাগ কৰিলোঁ। মোৰ নিমিত্তে আৰূ তোমালোকৰ ক্লেশ পাব নেলাগিব। আই! মোৰ মাতিবৰ শক্তি আৰু নাই। হে ৰাম। ৰাম! ৰা-ম-ম (মৃত্যু) (সকলোৰে ক্ৰন্দন) (জয়ন্তী কান্দি কান্দি প্ৰস্থান)
শিবঃ আমাৰ কঁপালত যি আছিল সেই হল! কান্দিলে কি হব! তাইক বা দোষ দিলে কি হব। ই আমাৰ (৭৯) কৰ্ম্ম দোষ আৰু দেশৰ দোষ। এতিয়া এই শৱটোৰ সত্কাৰৰ এটা উপায় কৰা যাওক।
ফুলেঃ ঔ মোৰ আইটী! হাঁ কঁপাল--(ইতি নিষ্ক্ৰান্তাঃ।)

চতুৰ্থ দৰ্শন


হৰনাথৰ বাটী

ৰামচন্দ্ৰৰ শয়নাগাৰ


ৰামচন্দ্ৰঃ হেৰ নিগদতি! বৌউৰুৰ ভাল হুয়া ৰুয়া শুনিছোঁ দেখোঁ। যাচোন এবাৰ বুজ লই আহগই। (নিগদতিৰ প্ৰস্থান)
ৰামঃ তত গৰ্ভ হোয়া গোঁসাইৰ তত ৰাষ্ট্ৰ হোয়াত চাট মাৰি গৈছে। কিবা হল কিবা নহল।

নিগদতিৰ পুনঃ প্ৰবেশ।

ৰামঃ শুনিলি?
নিগঃ বৌৰাৰ সখিয়েক ডিঙ্গীত কটাৰি দি মৰিল। সেই দেখি বৌৰাও কটাৰী দি মৰিল। তাতহে ইমান হুয়া ৰুয়া লাগিছে। আৰূ ডেকাদেও আপোনাক বৰ আইয়ে মাতিছে।
ৰামঃ বাৰু যাওঁ যা, তয় আগ হই যা। (নিগদতিৰ প্ৰস্থান)
ৰামঃ হে প্ৰাণেশ্বৰি! তুমি মোক এৰি গলা! মোৰ নিমিত্তে তোমাৰ আৰু তোমাৰ সখিয়েৰৰ আৰু তোমালোকৰ (৮৮) অন্যান্য সকলৰ এনে দশা হল। মোৰ এই জীৱনত কাম নাই। মই কেতিয়াও কুকৰ্ম্ম কৰা নাই! ধৰ্ম্মে জানে। হে প্ৰাণপ্ৰিয়া মই যদি তোমাত বাজে অইন কতো মন দিছোঁ তেন্তে মোক ধৰ্ম্মে শাস্তি দিব। মোৰ এই জীৱনত কাম নাই। --(এই বুলি জৰি আনি চতীত জৰি লগাই ডিঙ্গীত ফাঁহি দি)-- হে ধৰ্ম্ম! তুমি সাক্ষী! --এই দাৰূণ দেশাচাৰৰ শাসনত এনে হল। হে প্ৰিয়ে নবমী! হা নবমী! হে জগদীশ্বৰ! (মৃত্যু)--(ইতি নিষ্ক্ৰান্তাঃ)

[Nuvola apps download manager3.png ওপৰলৈ যাওক]