ৰাম-নবমী/দ্বিতীয় অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ৰাম-নবমী

প্ৰথম দৰ্শন[সম্পাদনা কৰক]

(প্ৰথমতঃ হৰনাথৰ বাটী, শেষত ফুলনীৰ সৰোবৰ)

ৰামঃ বন্ধো! আজি শিৱৰাত্ৰিৰ ব্ৰত! একো খোয়াও নাই। গাটো বৰ হেলেঙ্গ পেলেঙ্গ লগাইছে। একেই অসুখ গা, তাতে আকৌ আজি ব্ৰত হল।
কামঃ মোমাইয়েৰৰ ঘৰলৈ যাব নখুজিছিলা নগলানে?
ৰামঃ হয় নগলোঁ। দেউতায় হাক দিলে বোলে এতিয়া যাব নেলাগে একেলগে ফাঁকুয়াৰ সময়ত যাবি।
কামঃ গাটোনো আগতকৈ এফেৰিও সস্তা পোয়া নাইনে?
ৰামঃ এফেৰিও পোয়া নাই। দিনে দিনে বাঢ়িবহে লাগিচে।
কামঃ বন্ধো! বাৰু এটা কথা শোধোঁ সচাঁকৈ কবানে?
ৰামঃ বাৰু কম। কি কোয়া কোয়া?
কামঃ আগেয়ে সত্য কাঢ়া তেহে কম।
ৰামঃ বাৰু কাঢ়িলো, কোয়া।
কামঃ এতিয়া তোমাৰ যৌবন অৱস্থা তাতে বসন্ত কাল! কোনবা বন্ধুয়নীত চকু পৰিছেনে কি? সেই দেখিহে এনে হইছে।
ৰামঃ চিঃ ৰাম! ৰাম! তুমি এনে কথা নোকোয়া বুলিহে জানিছিলোঁ। মোৰ কেনে স্বভাব তুমি নেজানানে? তেও তুমি এনে কথা কোয়া ইয়াতেহে ময় মৰিছোঁ।
কামঃ বন্ধো ময় তোমাৰ স্বভাব জানো। তেও কালৰ গতি বুজিব নোয়াৰি। কিয়নো একেই যৌবন অতি বিষম কাল, তাতে বসন্ত কাল। ইয়াতেহে কওঁ।
ৰামঃ তেও মোৰ কথা নপতিয়ালানে? (১৫)
কামঃ ওহো হঠাত্ পতিয়াব নোৱাৰিলোঁ।
ৰামঃ বাৰু তেনেহলে চাবা। ময় যদি কোনোবা তিৰোতাৰ প্ৰতি আসকতি কৰোঁ তেতিয়া মোৰ নামে কুকুৰ পুহিবা। ছিঃ বন্ধো। ছিঃ মোক এনে পালানে? দেখিবা দেখিবা! তিৰোতাক কোনে বিশ্বাস কৰে। সাপৰ যেনে দুখন জীবা তিৰোতাৰো সেই ৰূপ। দলিবাৰী পচৰীয়াৰ গাখিৰৰ নিচিনা। গৰুয়ে যেনেকৈ প্ৰতিদিনে ন ন ঘাঁহ খাব খোজে সিহঁতো সেই ৰূপ। "বিৰলিয়ে যেনেকৈ পেট ভৰাই উঠি গামুৰী এটা দি দোখোজমান কাঢ়িলে আকৌ সেই দৰে খাবৰ ইচ্চা কৰে সিহঁতেও খাই উঠি এবেলি গামুৰী দি বাহিৰৰ পৰা আহিলে আকৌ সেইৰূপ ক্ষুধাৰ্ত্তা হয়। সিহঁত চঞ্চল প্ৰকৃতি, আৰু সন্ধিগ্ধচিত্তা। ৰাতিপুয়া এৰিধ, দুপৰীয়া এবিধ, গধূলী এবিধ, আৰু টোপনী আহিলে এবিধ। সিহঁতত বিশ্বাস নাই। এতেকে তুমি নিশ্চয় জানিবা ময় তিৰোতাৰ জন্য কেতিয়াও তেনে নহওঁ।"
কামঃ বাৰু তেনে থাকিলে ভাল। কিন্তু তোমাৰ দৰে পুথীত পঢ়া জ্ঞানৰ দ্বাৰাই কোনেও সংসাৰ নকৰি নোয়াৰে। এতিয়া ফুলনীৰ সৰোবৰ ফুৰি আহোঁগই বলা। তাৰপৰা আহি পূজা কৰি একেলগে সাৰে থাকিম। ঘিনাই, মুকুন্দ এওঁ বিলাকো আহিব খুজিছে চৌপট অথবা তাছ খেলিম।
ৰামঃ আহাঁ, কিন্তু মোৰ হলে একোতো ভাল নালাগে। যাবৰ মন নগলেও তুমি কিবা বোলা বুলি যাব লাগিব।

                                                                                                                                                                                                                                
এইবুলি ফুলনীলৈ গমন (১৬)


(বাদ্য ভাণ্ড) ফুলনীত উপস্থিত হই সৰোবৰ দেখি।
কামঃ বন্ধো! আহা! এই সৰোবৰটী কেনে সুন্দৰ। ইয়াৰ চাৰিওফালে কেনে সুৰেৰে চৰাই বিলাকে আৰাও কৰিব লাগিছে। কেনে চিকোনে ফুল বিলাক ফুটীছে, দেখোঁতেই মনত তৃপ্তি জন্মে।
ৰামঃ বন্ধো! সঁচা কৈছা। এতিয়াহে মোৰ মনটী অলপ ভাল লাগিছে।
কামঃ আহাঁ! সেই নাহৰ গছৰ তললৈ যাঁও তাতে বহি অলপ জীৰাও গঁই।

                                                                                                                                                                                                                           
(এইবুলি নাহৰ গছৰ তললৈ গল।)


ৰামঃ এই ঠাই ডুখৰী বৰ শীতল, মোৰ গাটো প্ৰথমে পুৰিব লাগিছিল! এতিয়াহে শীতল পাইছোঁ।
কামঃ তুমি ইয়াতে অলপ জীৰোয়া, ময় এহেজাৰ বেলপাত আৰু কিছুমান ভাল ফুল তুলি আনোগই। ৰাতি পূজা কৰিবলই লাগিব।
ৰামঃ বাৰু যোয়া সোনকালে আহা গই। (কামদেৱৰ প্ৰস্থান)
ৰামঃ (স্বগত) বন্ধুও গল। মোৰো টোপনী আহে যেন লাগিছে। এফেৰি বাগৰ দিও। ৰাতি সাৰে থাকিবও লাগিব। পিছে তেওঁ আহি জগাব। আহা! কেনে সুন্দৰ ঠাই! হে জগদীশ্বৰ তুমি সকলোতে তোমাৰ লীলা প্ৰকাশ কৰিছা। হে ঈশ্বৰ!

                                                                                                                                                                                                                                                
(ইতি নিদ্ৰা) (১৭)

দ্বিতীয় দৰ্শন[সম্পাদনা কৰক]

প্ৰথমে শিৱকান্তৰ বাটী। শেষে ফুলনীৰ সৰোবৰ।
নবমী, জয়ন্তী আৰু উৰ্ব্বশীৰ প্ৰবেশ।


নবমীঃ সখি। আজি ব্ৰত কৰিছানে?
জয়ন্তীঃ কৰা নকৰা দুইও হল। তেওঁ হলে ব্ৰত কৰিছে। ময় লুকাই কেইটামান আখই গুৰি খালোঁ। নেখালে টানিব নোয়াৰি। যিহে চত মহিয়া দিন।
নবমীঃ মোৰ হলে কৰিবৰ ইচা আছিল। আইয়েহে খুয়ালে। শৰুতে ময় প্ৰতি বছৰে কৰিছিলোঁ। তেও তোমালকে যদি আহাঁ, ৰাতি একেলগে সাৰে থাকিব পাৰিম। (উৰ্ব্বশীৰ প্ৰতি) লগ? তুমি ব্ৰত কৰিছানে?
উৰ্ব্বশীঃ এঃ আমাৰ বা কি? বাঁৰি হলোঁ যেতিয়াই খাঁৰি হলোঁ তেতিয়াই। আমি আৰু শিৱৰাত্ৰিৰ ব্ৰত নকৰো। শৰুৰে পৰা আজি ওঠৰ বছৰ বয়সলৈকে ব্ৰত কৰি যি ফল পালোঁ সেইয়ে সৰহ হল। আৰু আমাক নেলাগে। লগ! তোমাক দেখো আগতকই এতিয়া বৰ খিনোয়া দেখিছোঁ।
নবমীঃ ওঁতো! নোয়াই তোলনী হবৰ পিছবেলী নোয়াৰা হবৰে পৰা বৰকৈ গা যায় সেই দেখিহে হবলা?
উৰ্ব্বশীঃ (জয়ন্তীৰ প্ৰতি) সখী! শুনিছানে। শান্তিয়নি হোয়া হলে এনে নহলহেঁতেন। আইও দেহি ডুখুৰী একোকে নেজানে আমি তেও যমৰ আগত কবলৈ এবেলি পালোঁএই। এ ওক হে ঈশ্বৰে বঞ্চিলে। (১৮)
জয়ন্তীঃ যাৰ যি কঁপাল। সেইবোৰ এৰি পেলোয়া। এতিয়া আমি অলপ শোকতে আনন্দ কৰোঁ।
নবমীঃ লগ! বলা এবেলি ফুলনীৰ সৰোবৰ ফুৰি আহোংগই। পিছে আহিও ঘৰা ঘৰি যাবা।
উৰ্ব্বশীঃ কোন কোন যাবনো?
নবমীঃ কিয়? কিয়? তুমি, ময়, সখী আৰু সোণাফুলীক লগত নিম। আৰু লাগে যদি কুমলী আইটিকো নিব পাৰোঁ।
জয়ন্তীঃ তাই (কুমলীক) নিব নালাগে। তাই থাকিলে আমি একো হাঁহি মাতি দুঃখৰ কথা কব নোয়াৰিম। তাই পোনেই গই আইৰ আগত কই দিয়েগই। তত আকৌ যেনেহে কবৰ ঠাই নাই। মুখতে দন্দ। যাতো ময় দেখিহে। তেওঁ মোক আয়ে সইতে দন্দ কৰিবলৈ হাক দিছে। নিদিয়া হলে ময় পাৰিলোঁহেঁতেন।
উৰ্ব্বশীঃ এনেকেই যাব নোয়াৰো। আমাৰ সিদিকি এনেই দুৰ্যশস্যাৰ সীমা নাই তাতে আকৌ আজি সাঁজবেলীয়া ফুৰিবলৈ গলে আৰু ৰক্ষা পাম নে? "পচোয়া বতাহে দুয়াৰ মেলে, বৰলাৰ গাত দায়" লগা কথা। যদি পেলনী বাই যায় তেনেহলে যাব পাৰোঁ।
নবমীঃ বাৰু! হেৰ সোণাফুলী! সোণাফুলী অ! এঃ বাকলি এইজনীক দেখোঁ আমাৰ নিচিনা মানুহে মাতিলে মাতিও মাত নেপাওঁ। এই আজি কালি বৰ ৰসকি হইছে। হেৰ সোণাফুলী।

নেপথ্যৰ পৰা। আইদেও। গইছোঁ!


নবমীঃ বেগতে আহ। বাইকো মাতি লৈ আহ। (১৯)

সোণাফুলী আৰু পেলনীৰ প্ৰবেশ।


নবমীঃ বাই বল! মোৰে শপত বল! ফুলনীৰ সৰোবৰ ফুৰি আহোঁগই সখী উৰুও যাব।
পেলনীঃ বল! তোৰ লগত ময় হেবাথৰী খালোঁ। আইত কইছিলিনে?
নবমীঃ কোয়া নাই। সোণাফুলী! আইত শুধি আহগই যা। হেনে আমি ফুলনীৰ সৰোবৰ ফুৰিবলৈ ওলাইছো। নেপথ্যেৰ পৰা। বাৰু।

                                                                                                                                                                                                                                               
(সোণাফুলীৰ প্ৰস্থান)

                                                                                                                                                                                                                                                 
সোণাফুলীৰ প্ৰবেশ।


সোণাফুলীঃ আইদেও আয়ে যাব দিছে।
নবমীঃ বাই চাচোঁ? এই আজিকালি বৰ উদণ্ড হইছে। অঃ সখী। বলা।
উৰ্ব্বশীঃ
জয়ন্তীঃ বাৰু বলা। ফুলনীলৈ গমন।

পেলনীঃ আই নবমী! তয় মাজত যা।
জয়ন্তীঃ বাই। সখীক কোনেও ধৰি নিনিয়ে, দে-দে-হওক দে, মাজত নিও।
পেলনীঃ নহয় আই! আমাৰ হইছে কঁপাল বেয়া, সেই দেখিহে কওঁ।
                                                                                        

(ফুলনীত উপস্থিত এবং চতুৰ্দ্দিক ভ্ৰমণ)


জয়ন্তীঃ সখি! চোয়াচোন কেনে সুন্দৰ ঠাই ইয়াতনো কাৰ মনত তৃপ্তি নজনমে। (২০)
উৰ্ব্বশীঃ ইয়াত এনে অনুভব হয় যেন স্বয়ং বসন্ত ৰাজত্ব কৰিছেহি! (এই বুলি এটিয়া এটি হই সকলোৰে ভ্ৰমণ)
নবমীঃ ঔ! সখি ধৰ। ঔ বাই ধৰ!
সকলোয়েঃ কি হল? কি হল, কি হল?
নবমীঃ এই ভোমোৰাটো মোৰ মুখৰ ওচৰলৈ আহি বৰকৈ ভোঁ ভোঁ কৰি উৰি গল। তেতিয়াৰে পৰা মোক সৰ্ব্বনাশ কৰিছে।
উৰ্ব্বশীঃ তোমাক নকৈ ফুটা পদ্ম হেন দেখি সেই দৰে কৰিছে। অইন একো নহয়।
জয়ন্তীঃ লগে যি কথা কইছে মিচা নাহয়। তুমি বাস্তকতে নকৈ ফুটা পদ্ম। তোমাৰ মধু আজিলৈকে কোনেও পান কৰিব পৰা নাই।
নবমীঃ তোমাৰ আকা?
জয়ন্তীঃ (হাঁহি হাঁহি) আমাৰ হলে মধু নাই। এতিয়া গুৰ হইছে। অভাবতহে। তেও ভালকৈ জন্যই চুহিলে মধু পাব। কিন্তু তোমাৰ দৰে নহয়। পানী মিহলোয়া যে পাব। মধ্যম ৰূপে জন্যই চুহিলে গুৰ পাব। অলপ জন্যই চুহিলে লালী গুৰ পাব। নজনাই হলে সিটাকো নেপায়।
নবমীঃ কিবা ঠাৰে ঠোৰে কোয়া বাকলি আমি বুজিব নোয়াৰোঁ।
উৰ্ব্বশীঃ (জয়ন্তী প্ৰতি) তেওঁক এইসকল ৰসিকালী কথা নকবা। কিমান দিন থাকে নজনাকৈয়ে থাওক। জানিলে জেনেহে চোয়ালী কিবা এটা হব।
জয়ন্তীঃ বাৰু?
নবমীঃ সখি! তোমালোকে ইয়াতে থাকা, ময় নাহৰ গছৰ (২১) পাত কেইটামান লই আহোঁগই। বিহুৰ দিনা "জৈমিনিশ্চ" লেখিব লাগিব।
উৰ্ব্বশীঃ আজি মুঠে শিবৰাত্ৰি, বিহুলে ভালে মান দিন আছে।
জয়ন্তীঃ বাৰু যোয়া? আমিও সিফালে যাও। (উৰ্ব্বশীৰ প্ৰতি) ফুৰক দেহি ডুখৰী। ফুৰিএই তেও মনৰ হাবিলাষ পলুয়াওক।
নেপথ্যৰ পৰাঃ সোণাফুলি! তয়ে আৰূ বাইএৰে বেগাই আহ। আইটীহঁতে তাতে থাওক। ঘূৰি আকৌ যাবি।
পেলনীঃ আই অ! ভিতৰত আয়ে মাতিছে আমি দুইও যাঁও। তয় সখীয়েৰ হতে সইতে উমলি থাক। ময় পিছে আহি লই যাম। মই নহাকৈ নেযাবি দেই। আই! দেই!
নবমীঃ মোৰে শপত বাই খৰকৈ আহিবি। মোৰ ইয়াত থাকিবৰ মন নেযায়। সখীউৰু নহা হলে নাহিলোঁহেতেন। হেৰ সোণাফুলি! সখীউৰু ঘৰলৈ যাব আৰু ৰাতিও সাৰে থাকিবলে আহিব। ময় তামোল চামোল কাটি যতনাই থ গই। আৰু কামিনীউৰুৰ তৰপৰা তাছ যোৰ লই আহ গই।
সোণাফুলিঃ বাৰু আইদেউ।

(সোণাফুলি আৰু পেলনীৰ প্ৰস্থান, উৰ্ব্বশী আৰু জয়ন্তীৰ অহাদিকে গমন এবং নবমীৰ ধীৰে ধীৰে নাগেশ্বৰ সমীপেৰে গমন (২২)।

তৃতীয় দৰ্শন[সম্পাদনা কৰক]

ফুলনীৰ সৰোবৰ।

                                        

(এইবিলাকৰ হাইত টোপনী ভাগী আৰূ চকু মেলি নবমীক দূৰৈৰ পৰা নিৰীক্ষণ কৰি- সূৰ্য্য উদয় হেন মনে ভাবি।)


ৰামচন্দ্ৰঃ শ্ৰীগুৰো! শ্ৰীগুৰো! শ্ৰীগুৰো! সূৰ্য্য ৰাতি পুয়াল, সূৰ্য্য উদয় হল ময় ইয়াতে শুই থাকিলোঁ। শিব পূজা কৰাও নহল। পিতায় বা কি বোলে বন্ধুয়েও নেমাতিলে। (কাতি হই পশ্চিমৰ ফালে নিৰীক্ষণ কৰি সূৰ্য্যক চকা পাটত বহা দেখি) নে-নহয়। এটা সূৰ্য্য অস্ত আৰু এটা উদয় হব নোয়াৰে। এইটো চন্দ্ৰহে উদয় হব ধৰিছে। চন্দ্ৰই বা কেনেকৈ হব? আজি কৃষ্ণপক্ষৰ চতুৰ্দ্দশী শিবৰাত্ৰি। এনেইবা কিয় হব? সমাজিক দেখিছো নে কি? না সিও নহয়। বন্ধু আৰু অলপতে মুঠে ফুল তুলিবলৈ গইছে। এতিয়াই আহিব। চাও কি হল। (পিছত নবমী কিছু ওচৰলৈ অহাত মনুষ্যৰ আকাৰ হেন দৃষ্টি কৰি) আহা! ধন্য। ধন্য। এই জনা অপেস্বৰা স্বৰ্গৰ পেৰা নামি, এই সৰোবৰত ক্ৰীড়া কৰিবলৈ আহিছে। ময় ইয়াতে টোপনীৰ ভাও যুৰি থাকোঁ পিছত দেবতা নে, গন্ধৰ্ব্ব নে, মানুহ জনা যাব। (এইবুলি টোপনীৰ ভাও যুৰি ৰল।)
নবমীঃ এই জনানো কোন? নাগেশ্বৰৰ তলত ফুলনী পহৰ কৰি আছে মই কেনেকৈই ওচৰলৈ যাওঁ। (২৩) নাহৰ পাত আনিব লাগে। এওঁক মানুহহেন হে দেখিছোঁ কিন্তু সংসাৰত যিবিলাক মানুহ দেখোঁ সেই সকলোতকৈ এওঁক পৃথক যেন দেখোঁ। এওঁৰ শৰীলত দৈব শক্তি আছে। নতুবা এনে নহয়। তেওঁ শুই আছে এবেলি তেওঁৰ ওচৰেৰে গা মাৰি যাওঁ। তাতে ভালকৈ দেখিম। (এইবুলি ৰামচন্দ্ৰৰ ওচৰেৰে গা মাৰি গল। যাওঁতে মনে মনে) এওঁ অৱশ্যে মানুহ তাত কোনো সন্দেহ নাই।
ৰামঃ (তদ্ৰূপ) অঃ ছাঁ আছে। অবশ্যে মানুহ। কিন্তু এটা কথা। এওঁক যিৰূপ বয়সিয়াল দেখা গইছে সেই ৰূপ অলংকাৰাদি একো নাই। বোধহয় স্বামীহীনা হব পায়। অঃ অৱশ্যে হয়। কঁপালত সেন্দূৰ নাই হা। কিয় তেওঁৰ প্ৰতি স্নেহোদয় হইছে?
নবমীঃ (তদ্ৰূপ) হৃদয় ইমান চঞ্চল হইছা কিয়?
ৰামঃ (তদ্ৰূপ) এওঁৰ পৰিচয় লোয়া নিতান্ত আবশ্যক। কেনেকেই লওঁ। কোনো কথা আৰূ বন্ধু এতিয়াই আহিব। ময় যদি এওঁত উপযাচক হই আগবাঢ়ি গৈ শোধোঁ এওয়েইবা কি বুলিব? বন্ধুয়েইবা কি বুলিব?
নবমীঃ অইন দিনা যে ইমান চঞ্চল চিত্ত নহয় আজিনো হইছে কিয়? হৃদয় স্থিৰ হোয়া।
ৰামঃ (তদ্ৰূপ)উঠিব লাগিব। তেওঁ থিয় হৈ আছে। পৰিচয় লব লাগে। মন অতিশয় চঞ্চল হইছে। নুঠিলে নহয়। (স্পষ্টকৈ) নাৰায়ণ। নাৰায়ণ। ইমান বেলি শুলোঁ কোনেও নেমাতিলেও। সন্ধ্যা লাগিল। (২৪)
নবমীঃ (লজ্জায় নম্ৰমুখী হই ওৰণি টানি দি মনে মনে) কি আশ্চাৰ্য্য! আজি মোৰ কিয় এনে হইছে? মোৰ দেখোঁ এই অচিনাকি পুৰুষ জনে সইতে কথা বাৰ্ত্তা কবৰ ইচ্ছা হইছে? অধিক কি? তেওঁৰ কোলাত যেন বহিম গই।
ৰামঃ (তদ্ৰূপ) এওঁয়ে সইতে নো কি ছলেৰে কথা কওঁ! উঃ যেন কোলাত লম।
নবমীঃ (তদ্ৰূপ) সখীউৰুয়ে এতিয়াই মাতিব! মোৰ ইয়াত থকা উচিত নহয় কিন্তু এওঁক এৰি যাবৰো সত নেযায় সৰ্ব্বদা চকুৰ নিমিষ নমৰাকৈ যেন চাই থাকিম। তেও যেন তৃপ্তি নহয়! নহয়! যাবহে লাগে। নহয় নেযাও। যাবহে লাগে। (এইবুলি দুখোজমান কাঢ়ি পিছলি উভতি চাই) অঃ কিয় এনে হল? ইয়াৰ পৰা মুখ ঘূৰাই এখোজো যাবৰ মন নেযায়। (এইবুলি আকৌ দুখোজমান কাঢ়ি উভতি চালে।)
ৰামঃ ঈশ্বৰৰ কি ইচ্ছা। মোৰ যেনে অবস্থা বোধ হয়, সেই স্বৰ্গ সুন্দৰীৰো তেনে অৱস্থা। নতুবা এইদৰে গই গই উভতি কিয় চাব? আৰূ মোৰ চকুয়ে চকু পৰিলে সিফালে চায়। নপৰিলে মোৰ ফালে একেথৰে চায় থাকে।

নেপথ্যৰ পৰা- আই অ! আইয়ে মাতিছে।
নবমীঃ (মনে মনে) অঃ বাইয়ে মাতিছে ময়নো আজি কেনেকেই যাওঁ। ইয়াৰ পৰা যোয়াতকৈ দেখোঁ পৰি মৰাই ভাল।
ৰামঃ (তদ্ৰূপ) কোনোবাই এই কন্যাক মাতিছে। ময় অলপ আঁতৰ হই, চঁপা ফুলৰ তললৈ যাওঁ। (এইবুলি চঁপা ফুলৰ তললৈ গল। (২৫)

                                                                                                                                                                                                         
পেলনীৰ প্ৰবেশ।


পেলনীঃ আই অঃ খৰকৈ আহ।
নবমীঃ (মনে মনে) সেই পুৰুষ জনো আঁতৰলৈ গল! আঃ সেইজন গছৰ তলত থিয় হই আছে। হাঁ গোসাই! মই কেনেকেই এওঁক নেদেখি থাকিম? (স্পষ্টকৈ) বাই সখীউৰু আহিল নে। নাই যদি মাতি আন। সৌ সিফালে গইছে।

                                                                                                                                                                                                                                                                                                                    
জয়ন্তী আৰু উৰ্ব্বশীৰ প্ৰবেশ।


পেলনীঃ আইটী আহ। সখীয়েৰহঁত আহিল। যাওঁ আহ।
নবমীঃ (মনে মনে) অইন দিনা বাইৰ কথা শুনিলে কাণত মধু হেন লাগে আজিনো এনে কাঠ হেন লাগিছে কিয়? (স্পষ্টকৈ) বাৰু বল। (এইবুলি দোখোজ মান কাঢ়ি) বাই ময় যাব নোয়াৰোঁ মোৰ ভৰিত কাঁইটে ফুটিছে। এই বুলি চাপৰি ভৰি চাবৰ নাম কৰি ৰামৰ ফালে দৃষ্টি কৰি, বাই! মোৰে শপত আহ। কাঁইটটো উলিয়াহি।
পেলনীঃ এঃ তোৰ আকৌ ভৰিত কাঁইট ফুটিল। মোৰ জানো চকু আছে, তোৰ কাঁইট উলিয়াব। জয়ন্তী আইটী! সখীয়েৰৰ ভৰিত হুনু কাঁইট ফুটিছে উলিয়াহি।
ৰামঃ (মনে মনে) এই চোয়ালীটীৰ অবশ্যে মোৰ প্ৰতি কিবা স্নেহ হইছে, নতুবা এনে বাগতি কিয় কৰিব? দেখা চোন? কেনেকেই সময়ে সময়ে মোৰ ফালে চাইছে।
জয়ন্তীঃ সখি চাওঁ কত কাঁইট ফুটিছে। (এই বুলি ভৰি চাই কাঁইট নেদেখি) কতা কাঁইট নাই ওলাই পৰিল হবলা। (২৬)
উৰ্ব্বশীঃ (ৰামচন্দ্ৰৰ প্ৰতি দৃষ্টি কৰি মনে মনে) অঃ বুজিলোঁ। এওঁৰ কাঁইট ফুটা মিচা। এই পুৰুষ জনৰ প্ৰতি প্ৰেমৰ ইচ্ছা স্বৰূপ কাঁইটেহে এওঁৰ গতি ৰোধ কৰিছে। কিবাহে কথা দেই। (স্পষ্টকৈ) সখি। কাঁইট নাই বলা।
নবমীঃ (মনে মনে) কি আপদ। (স্পষ্টকৈ) বাৰু সখি বলা (পথত মনে মনে) কেনে কেইনো যাওঁ? আহা! মোৰ কি দুৰ্ভাগ্য। যে এনে ঠাইৰ পৰা আহিব লাগিব। যি থাকে কঁপালত সেই হব। ময়নো কেনেকেই এই পুৰুষ জনক পাম, যে তেওঁয়ে সইতে দুআষাৰ মান কথা কই তৃপ্তি হম। ময় দেখোঁ বিধবা। ময়তো আৰু অইন পুৰুষৰ মুখ চাব নেপাওঁ, কিয়নো নেপাওঁ ময়তো বিধবা হইছো। হয়। তেও ময় কেতিয়াও ঈশ্বৰৰ নিয়ম পেলাব নোৱাৰোঁ। ৰিপুৰ অবশ কেতিয়াও হব নোয়াৰোঁ। এই এই নহয় তাৰ প্ৰমাণ। এতেকে অবশ্যে পুৰুষ সম্ভাষ কৰিব পায়। বিবাহৰ মুখ্য তাত্পৰ্য্য যি সি যাৰ দ্বাৰা সিদ্ধি হয় সেই এই স্বামী। ময় এওঁক ভজনা কৰি অন্যৰ প্ৰতি মন নকৰি থাকো মাত্ৰ তেনেহলে মোৰ পতিসেৱা হল। এজন পতি মৰিলেই যে অইন পতি হব নোয়াৰে ই কোনো কোনো শাস্ত্ৰত আছে। থাকিলে কি হয়? শাস্ত্ৰনো কি? ঈশ্বৰৰ নিয়মৰ ওপৰত কোনো শাস্ত্ৰ হব নোয়াৰে। আৰু তিৰোতাই যে এবাৰ স্বামী মৰিলে বিয়া কৰাব নেপায় পুৰুষেনো কি আকৌ পায়? ইয়াতে থাকি জনা গইছে, সে পক্ষাপাত আছে। সেই পক্ষপাত সত্যকালত চলিছিল। এতিয়া আৰু চলিব নোয়াৰে। (২৭) তাৰ প্ৰমাণ, পৰা হলে এনে নহল হেঁতেন। আৰু আমাৰ মনেতেইবা অন্য পুৰুষলৈ প্ৰেম কিয় জন্মিব? এওঁক ভজনা কৰিলে লোকে অসতী বুলিব? সি নহয়। কিয়নো এওঁক ভজনা কৰি যদি প্ৰথম বিবাহিতা স্বামীৰ দৰে এওঁতে পতিব্ৰতা ধৰ্ম্মৰ পালন কৰোঁ তেনে হলেই সতিত্ব ৰল। যাৰ স্বামী আছে তাই যদি অন্য পুৰুষত আষক্তা হয়, তাই জানো সতী? এনে কেতিয়াও নহয়। এতেকে মোৰ মনত দৃঢ় বিশ্বাস হইছে। ময় এওঁক ভজনা কৰি পতিব্ৰতা ধৰ্ম্ম পালন কৰিলে কেতিয়াও ধৰ্ম্মৰ ওচৰত পতিত নহওঁ। ৰাম। ৰাম! কি কথা ভাবিছোঁ। (স্পষ্টকৈ)ৰাম! আজি গাটো বৰকৈ পুৰিছে। নাহৰৰ পাতো আনিব নোয়াৰিলোঁ।

                                                                                                                                                                                                           
শিবকান্তৰ পদুলী পাই


উৰ্ব্বশীঃ সখী! আমি এইপিনে যাওঁ। তুমিও ঘৰলৈ যোৱা। ৰাতিকৈ আকৈ আহিম।
নবমীঃ বাৰু সখি। (নবমী আৰু পেলনীৰ প্ৰস্থান)
উৰ্ব্বশীঃ নবমী লগৰ কিবাহে কথা। ফুলনী বাৰীৰ বাওঁফালে চঁপা ফুলৰ তলত কোনে থিয় হই আছিল দেখিছানে?
জয়ন্তীঃ দেখিছো। তেওঁ মোৰ এক সম্বন্ধে দেওৰ হয়। তেওঁৰ মোমায়েকৰ পুতেক। তেওঁতেইনে বাৰু?
উৰ্ব্বশীঃ এতিয়া আমাৰ অইন একো প্ৰকাশ কৰিবৰ আবশ্যক নাই। নহলেনো লৰা মানুহ হাঁহি হেন দিন কেনেকেই খেদাব। গাতে গম নে পাইছা। (২৮)
জয়ন্তীঃ কব নেলাগে। ইয়াৰ আজি বুজ লম। এওঁয়ে সইতে আগেয়ে তেওঁৰ সাক্ষাত্ নাই মুঠে আজিহে হব পায়। হলেও মুটে সাক্ষাত্ মাত্ৰহে। হঠাত্ কেনেকেইনো অইন হব। নবমীৰ যেতিয়া আগবিয়া হোয়া নাই, তেতিয়াই তেওঁ মোমাইএকৰ ঘৰলৈ গইছিল, আজি কেইবা বছৰ মানৰ মূৰতহে আহিছে। অইন একো হোয়া নাই। পূৰ্ব্বৰ পৰা যে চিনাকী আছে সিও মনে নধৰে। কিয়নো থাকিলে নবমী সেই বিষয়ত এনে আজলা নেথাকিলহেঁতেন। দেখা নাইনে একোকে নেজানে।
উৰ্ব্বশীঃ মোৰটো সেইটো মনে ধৰিছে। বাৰু এতিয়া ঘৰলৈ যাওঁ। কতো ই কথা ফাচ নকৰিবা। হয়েই কি নহয়েই। সখি! যাওঁ দেই। ৰাতিকে একেলগে নবমী লগউৰুৰ ঘৰলৈ জাম। (ইতি ক্ৰমে ক্ৰমে নিষ্ক্ৰান্তঃ)

চতুৰ্থ দৰ্শন[সম্পাদনা কৰক]

হৰনাথৰ বাটী


হৰনাথ আৰু নিগদতিৰ প্ৰবেশ।


হৰনাথঃ হেৰ নিগদতি!
নিগদতিঃ দেউতা।
হৰঃ বপাৰনো কি হইছে অ?
নিগঃ জানো দেউতা কব নোয়াৰো। কালি কামদেউ বপাৰে সইতে ফুৰিবলৈ গইছিল। তাৰপৰা আহি (২৯) লৰা লৰিকৈ শিব পূজা কৰি, অইন বেলি সাৰে থাকে ই বেলি সাৰেও নেথাকিল, তেনেই শুলে। জানো দেউতা কি হল। কাকো ওচৰলৈ যাব নিদিয়ে। মাজে মাজে একো একোটা বৰ হুমুনিয়াহ কাঢ়ে।
হৰঃ কিনো হল বাকলি? লৰাটৰ এটানে এটা লগৰ পৰা নগুচেই। মই এই পিনে ফুৰি আহোঁগই। তই ইয়াতে থাক, হেঁকোটো আৰূ কাঠটো আছে।

(ইতি প্ৰস্থান।)


কামদেৱৰ প্ৰবেশ।


কামদেবঃ নিগদতি। বন্ধু কত আছে!
নিগঃ বাপা! তেওঁৰ কালিৰে পৰা গা বেয়া।
কামঃ বাৰু মোৰ কথা কগই যা।
নিগঃ বাৰু বপাঁ! (ইতি প্ৰস্থান)
নেপথ্যৰ পৰাঃ বপা বঁহা! বন্ধুয়েৰ যাবলৈ ধৰিছে?

                                                            
ৰামচন্দ্ৰৰ প্ৰবেশ।


ৰামচন্দ্ৰঃ বন্ধো আহাঁ!
কামঃ গা বেয়া বোলে। কিনো হইছে?
ৰামঃ মোৰ নৰীয়াটো তুমি জনাই।
কামঃ নহয় তেও ভালকৈ কোয়া চোন?
ৰামঃ বন্ধু! তুমি যদি ভাল কৰা তেহে ভাল, নতুবা মৰণ।
কামঃ বাৰু! কোয়া। মোৰ যত্নত ক্ৰটি নহয়।
ৰামঃ বোলা বন্ধো! হেকান নেপাৰা আৰু নোসোমঁৰাও। (৩০)
কামঃ বাৰু!
ৰামঃ কালি সন্ধ্যা বেলিয়া মোক ফুলনীৰ বাৰিৰ নাহৰ গছৰ তলত থই তুমি ফুল তুলিবলৈ গলা। মোৰ টোপনীয়ে ধৰিলে দেখি তাতে অলপ শুলোঁ। তাতে কেইজনি মান তিৰোতাৰ হাইত মোৰ টোপনী ভাগিল। সাৰ পায় দেখোঁ এটী অতী ৰূপৱতী স্বৰ্গৰ অপেস্বৰা যেন চোয়ালী, মোৰ ইফালে য়েন আহিছে। তেওঁৰ সধবাৰ লক্ষণ নাই। তেওঁৰ দেখিবৰ পৰা মোৰ মন অস্থিৰ হইছে। তেওঁক নেপালে বন্ধু ময় নিশ্চয় মৰিম। তেওঁৰো মোৰ প্ৰতি মন ধাবমান হোয়া প্ৰমাণ পাইছো। কথা-বাৰ্তা হবলৈ নোয়াৰিলোঁ। বন্ধু! তুমি যদি ৰক্ষা নকৰা, তেন্তে মোৰ মৰণ জানিবা।
কামঃ বন্ধো! কোনটীনো? তিনিটী চোয়ালী আছিল দুটী বিধবা এটী সাধবা।
কামঃ এই দুটীৰ এটী।
কামঃ কোনটী?
ৰামঃ ময় নিচিনো তেওঁ যিটী বয়সিয়াল আৰূ দীঘলিকৈ সিটী নহয়।
কামঃ অঃ বুজিলো । নবমী? শিবকান্তৰ জীএক?
ৰামঃ নবমীনে? হাঁ নবমী! মহানবমী! যদি তুমি উদ্ধাৰ নকৰা, মোৰ দশমী দশা উপস্থিত।
(স্বগত) হাঁ প্ৰিয়ে নবমী!
কামঃ বন্ধো! তুমি বলীয়া হলানে কি? এনে নহবা! স্থিৰ হই থাকা। ময় ইয়াৰ প্ৰতি বিহিত যত্ন কৰিম। (৩১)
ৰামঃ কি কম! বন্ধো! কালি তুমিয়ে সইতে ফুলনীৰ পেৰা আহোঁতে বাটত কি কলোঁ কি মিলিলোঁ একো মনত নাই। ঘৰত শিব পূজা কৰিবলৈ বহিলোঁ। কিন্তু ধ্যান কৰাত সেই সুন্দৰীৰেইহে মনত পৰিছিল। তেওঁৰ ৰূপ লাবণ্যহে মোৰ নয়নৰ পথত পথিক হই আছে। বন্ধো! তোমাৰ ওপৰতে সৰ্ব্বভৰসা!
কামঃ ঈশ্বৰে কৰিলেহে কৰা।
ৰামঃ সাৱধান! যেন প্ৰকাশ নহয়।
কামঃ মোৰ আগত কব নেলাগে। এতিয়া ময় যাওঁ তুমি ভিতৰলৈ যোৱা। অস্থিৰ কৰ্ম্ম নহয়। অস্থিৰ নহবা। (ৰামচন্দ্ৰৰ প্ৰস্থান)।
কামঃ নবমীৰ সইতে বন্ধুৰ তেনে সংঘটন হোয়া অতি অনুচিত। বিধবা ছোয়ালী, শাস্ত্ৰৰ নিষিদ্ধ কথা। এতেকে তেওঁৰ মন পালটাব লাগিব।

(ইতি প্ৰস্থান।)

পঞ্চম দৰ্শন[সম্পাদনা কৰক]

শিবকান্তৰ বাটী


ফুলেশ্বৰী আৰু সয়ন্দ্ৰীৰ প্ৰবেশ।


সয়ন্দ্ৰীঃ আই! জীয়াৰ বোলে কিবা নৰীয়া হইছে।
ফুলেশ্বৰীঃ হয় হে আই! তোমাৰ জেনে কঁপাল তাক কি কম? সিদিনা মাথোন চোয়ালী জনি নৰীয়াৰ পৰা উঠিছে, তেতিয়াৰে পৰা খিনাই যাব লাগিছে। তেও কালি (৩২) গোধূলী ফুলনীৰ ফালে ফুৰিবলৈ গইছিল। তাৰ পৰা আহি একো খোয়াও নাই বোয়াও নাই তেনেই আছে। গাভৰু চোয়ালী সুখ মুখ লাগিছে হবলা।
সয়ন্দ্ৰীঃ তোমাৰ জীয়াক দেখিলে মনত বেজাৰ ধৰে।
ফুলেঃ বেজাৰৰ কথা কি কম আই! গঙ্গাতীৰৰ পেৰা অহাত চুৰি, ঢেৰী জুমুকা আৰূ এনে কেতবিলাক ৰূপৰ ভাল ভাল অলঙ্কাৰ তাইলৈকে অধিকাৰে আনিছিল। এতিয়া কোনে পিন্ধিব? সেইবোৰ দেখি তেওঁ কান্দে ময়ো কান্দো। আৰু আই! সিদিনা মিতিনিউৰুৰ তৰ পেৰা এটা ৰৌ মাচ দি পঠাইছিল। চোয়ালী জনিয়ে নেখায় দেখি এটাইকে দিলোঁ ময় নেখালোঁ। এতিয়া তাইৰ নিমিতেই আমাৰ ঘৰত এটাই বিলাক নিৰামূৰীয়া আঞ্জাহে। মাচৰ আঞ্জা প্ৰায় নহলেই।
সয়ন্দ্ৰীঃ নৰীয়াটোনো কি? তোমালোকে নে জানানে?
ফুলেঃ আমাৰ আগত ন কয়। কালি জয়ন্তী আইটীৰ মুখেহে শুনিলোঁ হুনু নোয়াই তোলনী হব পিছ বেলি নোয়াৰা হবৰে পেৰা বৰকৈ গা যায়। লৰা মানুহ বুজিব নোয়াৰে। জান যদি আই হে চোয়ালী জনিৰ মুখটোকে ভাঙ্গি দেগই যায়।
সয়ন্দ্ৰীঃ বাৰু আই! ময় সাজ বেলীয়া আহিম। (সয়ন্দ্ৰীৰ প্ৰস্থান)

                                                     
জয়ন্তীৰ প্ৰবেশ।


জয়ন্তীঃ আমই! সখীৰ কেনে কৰিছে।
ফুলেঃ এঃ কেনে কৰিব? আমি শুধিলে জানো সখীয়েৰে কিবা কয়। ময় মাতি দিও তয় শোধ। আই (৩৩) নবমী আইটী। অ আইটী-কলবালৈ গল, শুলে হবলা? হেৰ সোণাফুলি। আইদেয়েৰক মাতি দে হেনে জয়ন্তী আইটী আহিছে।
নেপথ্যৰ পৰাঃ আই গইছো। সখি! বহাঁ! সোণফুলী! তামোলৰ বটাটো লই আহ।

                                                     
নবমীৰ প্ৰবেশ।


ফুলেঃ (জয়ন্তীৰ প্ৰতি) মাই! ময় যাও দেই। (নবমীৰ প্ৰতি) তয় সখীয়েৰৰ সইতে ধেমালী কৰি থাক।
উভয়েঃ বাৰু আই যোয়া। (ফুলেশ্বৰীৰ প্ৰস্থান)
জয়ন্তীঃ সখি! তোমাৰে নো কি হইছে?
নবমীঃ সখি! মৰিবলৈ ওলাইছোঁ।
জয়ন্তীঃ ছিঃ শত্ৰুৰ মূৰে নেওচন কেঁওচন যাওক। এনে কথা কব নেপায়?
নবমীঃ আৰ সখি! আমাৰ মৰাই ভাল।
জয়ন্তীঃ কি কোয়া চোন?
নবমীঃ ৰহস্যে ৰাখিবা আৰূ মোৰ উপকাৰলৈ যতন কৰিবা। শপত খোয়া?

                                                    
বটা সহিত সোণাফুলীৰ প্ৰবেশ।


জয়ন্তীঃ বাৰু! খালোঁ।
নবমীঃ ন হয় ভালকৈ খোয়া। সোণাফুলী তাতে বটাটো থই তয় যা।

                                                   
(সোণাফুলীৰ প্ৰস্থান।) (৩৪)


জয়ন্তীঃ বাৰু সখি! তোমাৰ শপত! তেওঁৰ শপত, আইৰ শপত, বাইৰ শপত, এতিয়া কোয়া।
নবমীঃ সখি! কালি ভৰিত কাঁইট পাইছিলানে?
জয়ন্তীঃ নাই! কিবা শৰু কাঁইট ফুটিছিল হবলা। আপুনি ওলাই পৰিল।
নবমীঃ মোৰে শপত সখি সঁচাকৈ কবা। কিয় ফুটিছিল জনা নাইনে?
জয়ন্তীঃ তোমাৰ শপত জনা নাই।
নবমীঃ ময় থিয় হই থকা ঠাইৰ পশ্চিমে ফুলনী বাৰীৰ বাঁও ফালে চঁপা ফুলৰ পোনে চোয়া নাইনে?
জয়ন্তীঃ তেনেকেই নাই। কিয়নো?
নবমীঃ তাত এজন আছিল! সেইজনক দেখিবৰ পেৰা সখি! অস্থিৰ হইছোঁ। দিনে ৰাতিয়ে তেওঁকে ভাবি আছোঁ। কালি বাটত কি কথা হলোঁ নহলোঁ একো মনত নাই আৰূ সখি চোয়া চোন সপোনতো তেওঁকহে দেখো। তেওঁকহে যদি নেপাও ডিঙ্গীত কটাৰি দি মৰিম।
জয়ন্তীঃ (মনে মনে) উৰ্ব্বশী লগে যি কিথা কইছিল সঁচা হল। (স্পষ্টকৈ) তুমি তেওঁক চিনানে?
নবমীঃ সখি। নিচিনো।
জয়ন্তীঃ (মনে মনে) উৰ্ব্বশীৰ সকলো কথা সঁচা। (স্পষ্টকৈ) সেই ফুলনীলৈ যি জন গইছিল সেইজন মোৰ এক সম্বন্ধে দেওৰ হয়। তেওঁৰ মোমায়েকৰ পুতেক। তেওঁৰ নাম ৰামচন্দ্ৰ, মাতোতে ৰাম বুলি মাতে।
নবমীঃ হা ৰাম! ৰাম! ৰাম। সখি মোক এতিয়া জা কৰা।
জয়ন্তীঃ বাৰু সখি! ময় যতন কৰিম। তুমি অস্থিৰ (৩৫) নহবা। ময় তেওঁক মাতি নি বুজাই পৰাই তোমাক দিয়াম।
নবমীঃ সখি! বুজাব নেলাগিব। তেওঁৰো মোলৈ মন থকা প্ৰমাণ পাইছোঁ।
জয়ন্তীঃ বাৰু সখি। তেনে হলে নেভাবিবা। স্থিৰ হই থাকা এতিয়া মই আহিলো।
নবমীঃ বাৰু! ময়ো এতিয়া ভিতৰলৈ যাওঁ। সখি যেতিয়ালৈকে তোমাৰ সম্বাদ নেপাওঁ, তেতিয়ালৈকে মৰি থাকিম। (ইতি নিষ্ক্ৰান্তাঃ)

দ্বিতীয় অঙ্ক সমাপ্ত (৩৬)


[Nuvola apps download manager3.png ওপৰলৈ যাওক]