ৰাম-নবমী/তৃতীয় অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ৰাম-নবমী

প্ৰথম দৰ্শন[সম্পাদনা কৰক]

                                                                                              হৰনাথৰ বাটী

                                                                             হৰনাথ, দেবদত্ত আৰু ৰঙ্গনাথৰ প্ৰবেশ।

হৰনাথঃ ককাই! মোমায়েকৰ ঘৰৰ পেৰা আহিবৰে পৰা লৰাটোৰ অবস্তাই নাই।
দেবদত্তঃ ওঁতো! দেখিছোঁ! সি হুনু আকৌ মোমায়েকৰ ঘৰলৈ যাব। কেইদিনমান থাওক। ফাঁকুয়া ৰাম-নবমী আৰু বিহু আহিছে। পিছে ও যাব।
ৰঙ্গনাথঃ ময়োতো ককাই তাকে কওঁ।
হবঃ মোৰো পঠিয়াবৰ ইচ্ছা নাই। মাকেও পঠাব নোখোজে। মোমাইয়েকৰ লৰা চোয়ালী নাই তাকে বৰ মৰম কৰে। এজনি চোয়ালীও খুজিছে। সি কেই মাহ মান থাওক।
দেবঃ লৰা পঢ়ি শুনি উঠিছে। কিবা কৰ্ম্ম কাষৰ চেষ্টা পাইছানে?
হবঃ এঃ ককাই তোমালোকৰ আশীৰ্ব্বাদে জীয়াই থাওক মাথোন। "চাকৰী" কৰিব নেলাগে? তোমালোকৰ ভৰিৰ ধুলীৰে এনেই খাই বই থাকিব পাৰিব।
দেবঃ নহয়। তেও এটা "কাম" থাকিলে ভাল। তেহে মানুহে জানে আৰূ ভয় কৰে। কাম নেথাকিলে (৩৭) অইন হেজাৰ হওক, মানুহে মানুহ হেন নেদেখে। বৰ সাহাবৰ তলৈ গলেই তোমাৰ পোঁয়াৰ কাম হব। সেই সাহাবৰ গুণৰ কথা কি কম। যিবিলাক সদগুণ মানুহৰ থকা উচিত সেই সকলো তেওঁৰ আছে।
ৰঙ্গঃ এতিয়া এনেহে দিন পৰিছে যে কাম নেথাকিলে হেজাৰ বৰ মানুহৰ কি সজৰ ঘৰৰ লৰা হওক, হাজৰ ধন থাওক, তেওঁ এখন দোলাত উঠিলে কি বৰজাপী এটা ধৰাই গলে কোনো কোনো চকুপোৰা মানুহে বোলে " এইডাল বা কোনে? কাম নাই কায নাই শুদা ভেম মাৰি ফুৰে" এই বিলাক মানুহৰ নো গিয়ান কাহিনি হব দেও?
হৰঃ এঃ কিবা কোয়া! সেই বিলাকৰ বিবেচনা নাই। সেই দেখিহে তেনেকেই কয়। কাম হলেই যে পৰৰ তত আপোনাৰ স্বাধীনতা স্বৰূপ ৰত্নে সইতে শৰীৰটী বিক্ৰিয় কৰিব লাগে তাক নেজানে। পিতৃ মাতৃ হই লৰাক যদি সেইদৰে শৰীৰটোকে বিক্ৰিয় কৰিবলৈ দিলোঁ তেন্তে ই সজ পিতৃ-মাতৃ আৰূ উপকাৰীৰ কৰ্ম্ম নহল। নোয়াৰা নোয়াৰাতহে চাকৰীলৈ মন দিব লাগে। ইয়াক মানুহে বিবেচনা নকৰে। এজনক আমাৰ ইয়াৰ এজনে "তোমাৰ অমুকৰ দৰে ভাল চাকৰী হওক' বুলি আশীৰ্ব্বাদ কৰিছিল। তাতে সেইজনে তাত তেনে প্ৰশ্ন কৰাত আশীৰ্ব্বাদক জনৰ খঙ্গত ঠাই নাই। দুৰ্ব্বাসাৰ দৰে হোয়া হলে সৰ্ব্বনাশ হলহেঁতেন। এৰি পেলোয়া দেও সেইবিলাক নেগুৰীয়া কথা। হেৰ নিগদতি বাপাক মাতচোন। (৩৮)

                                                                                          নিগদতিৰ প্ৰবেশ।

নিগঃ দৌতা বাপা বৰ বপাৰ ঘৰলৈ গইছে, ভিতৰৰ হুনু কিবা কিবি কেঁয়া পটীৰ পেৰা আনি দিব লাগে।
হৰঃ বৰবপা জানো ঘৰত নাই?
নিগঃ আজি প্ৰত্যুষে ৰাজকাৰ্য্যত পৰগণালৈ গল। একো কিনি বিকি ঘৰত দিবও নোয়াৰিলে। সেই দেখিহে মাৰ বাপক কই গইছে। তেওঁ অলপতে মাথোন গইছে।
হৰঃ ককাই, মুক্তিয়াৰৰ ঘৰলৈ যাও বলা। তাতে দুঢাল মান চৌপট খেলি আহোঁগৈ। দিনটো নেযায় নুপুৰাই দেও! (ইতি নিষ্ক্ৰান্তাঃ)


                                                                                       দ্বিতীয় দৰ্শন
 
                                                                                         শিৱকান্তৰ বাটী

                                                                                 নবমী আৰু জয়ন্তীৰ প্ৰবেশ।

নবমীঃ সখি! তুমি যাবৰে পেৰা ময় যেনেকেই সময় খেদাইছো তাক কবাৰ ঠাই নাই। নিমিষকে বচৰ যেন দেখিছিলোঁ।
জয়ন্তীঃ এনেৰ এনেই কথা। ভূকুতে কলটো পকাব পাৰিনে? তোমাৰ যে কাৰ্য্য সিদ্ধি হবৰ লক্ষণ হইছে।
নবমীঃ সখী! মোৰে শপত, বধলাগে। কোয়া কি হল? কি বুলিলে, মোৰে শপত, সোনকালে?
জয়ন্তীঃ তুমি মন দি শুনা কি কি হল। তেওঁ পৰগানালৈ গল। ততাতৈয়াকৈ যোয়াত ব্সতু বেহানি কিনি বিকি (৩৯) দিব নোঁয়াৰিলে, তোমাৰ তেওঁৰ আগত (নবমীৰ দীৰ্ঘ নিশ্বাস) কই গইছিল। তাতে তোমাৰ তেওঁ (পুনৰ্ব্বাৰ দীৰ্ঘ নিশ্বাস) বস্তু বেহানি কিনি দিবলৈ আহিছিল সেই ছলতে মই কলোঁ। হেনে সখীয়ে তোমাক চাব খুজিছে তাতে তেওঁ মান্তি হইছে আৰূ তোমালৈ মৰমেৰে হাতৰ আঙ্গঠীটী দি পঠাইছে। (এই বুলি আঙ্গঠীটী দিলে)।
নবমীঃ (আঙ্গঠীটী চুম্বন কৰি) সখি! তোমাৰ প্ৰতি ময় যে কিমান সন্তুষ্ট হইছো কব নোয়াৰোঁ। যিমান দিন জীয়াই থাকিম সিমান দিন বাধিত হম। তুমি পিতৃ মাতৃৰ কাৰ্য্য কৰিলা। সখি কতনো? কেনেকেই?
জয়ন্তীঃ আজি আমাৰ ঘৰলৈ তোমাক শুবলৈ মাতিম। আমইয়ে এৰি দিব। তাতে সখি? ময় এতিয়া আমইত তোমাৰ যাবৰ কথা কও গই।
নবমীঃ সখি! যেতিয়ালৈকে তুমি মোক নিবলৈ নাহা তেতিয়ালৈকে ময় বাট চাই থাকিম। (জয়ন্তীৰ প্ৰস্থান)
নবমীঃ (মনে মনে) হে জগদীশ্বৰ মোৰ প্ৰতি প্ৰসন্ন হোয়া। আজি যেন কাৰ্য্যটী সিদ্ধি হয়। হে কামদেব! নাথ সম্ভাষণৰ নিয়ম শিকাই দিয়া। (ইতি প্ৰস্থান) (৪০)

                                                                                         তৃতীয় দৰ্শন

                                                                                             ৰাজআলী

                                                                                           মঙ্গলুৰ প্ৰবেশ।

মঙ্গলুঃ হেঁই আই! কুসলনো কাৰ নাম। তাকে ভাবি চিন্তি উলিয়াব নোয়াৰিলোঁ। কোননো হল? চোয়ালী জনি বৰ দুষ্ট। তেও তাইৰ মোলৈ মন থকা জনা যায়। বাৰু ঈশ্বৰে যি কৰে। ময় যতন নকৰোঁ। বণিয়া কুকুৰৰ পুতেকে কামসেন্দূৰ নিদিলে। বোলে হেনে নাই। পোয়া হলে কথাই আছিল।

                                                                                         হৰিপ্ৰিয়াৰ প্ৰবেশ।

হৰিপ্ৰিয়াঃ নবমী আইটীৰ গা বেয়া আছিল বোলে। বাৰু হইছেনে?
মঙ্গলুঃ অলপ কৰিছে হেন দেখিছোঁ আই।
হৰিঃ আইৰ আগত কবি কেইখনমান শৰু সুতাৰ চেলেঙ্গ লগাইছো কিনে যদি কিনিব।
মঙ্গলুঃ বাৰু আই! কম। (হৰিপ্ৰিয়াৰ প্ৰস্থান।)
মঙ্গলুঃ কি যুতিয়েৰেনো এই কথা সম্ভেদটো লওঁ। ময় কোন ৰূপে পাওঁ।

                                                                                         নিগদতিৰ প্ৰবেশ।

নিগদতিঃ হেৰ তই কোন অ। এইদৰে বাটে বাটে বলকি যাব ধৰিছ? (৪১)
মঙ্গলুঃ কিয় দেখা নাইনে? মানুহ। দুখন হাত, দুখন ভৰি, দুখন কাণ, এটা নাক, দুটা চকু আছে। দেখা নাইনে। এই মানুহটী বাৰু। দেখিও নেদেখে!
নিগঃ বোলোঁ তয় কত থাক!
মঙ্গলুঃ কিয় মাটীৰ ওপৰত, আকাশৰ তলত, খুটাৰ কাণত কেতিয়াবা বা ঘৰৰ ভিতৰত, কেতিয়াবা বাহিৰত।
নিগঃ তোৰ ঘৰ কত!
মঙ্গলুঃ মাটীৰ ওপৰত। আগৈয়ে কনা বুলিহে জানিছিলোঁ! এতিয়া জানিলো তই কলাও! এতিয়াই দেখোঁ কলোঁ নুশুনিলিনে? কটা ইও এটা মানুহ। খাইনে চাই।
নিগঃ কাৰ ঘৰত থাক?
তাকে নকয় কিয়? শিবকান্তৰ ডাঙ্গৰীয়াৰ ঘৰত।
নিগঃ তয় কাৰ পুতেক?
মঙ্গলুঃ আইৰ।
নিগঃ আইৰ পুতেক! ই কি?
মঙ্গলুঃ ইয়াকে বুজিব নোয়াৰিলি। মোৰ জানো বোপাইৰ ঠিকনা আছে? কাৰ নামনো কম?
নিগঃ তয় তেনেহলে জহৰা?
মঙ্গলুঃ তয় হে জহৰা, সাপেহে সাপৰ ভৰি দেখে। তয় জহৰা সেই দেখি মোকো জহৰা হেন দেখিছ।
নিগঃ কটা! ই মানুহটো বৰ দুষ্ট।

                                                                                                                হৰনাথৰ প্ৰবেশ।

হৰনাথঃ নিগদতি তয় ঘৰলৈ যা। ঘৰত কোনো নাই। ময় এই ফালৰ পেৰা আহোঁ। (ইতি প্ৰস্থান।) (৪২)
মঙ্গলুঃ ভাল সাৰিলি যা বাপেকে। এই কথাটোৰ সম্ভেদ নললে নহয়। কাত শোধোঁ কি কৰোঁ যা। ঘৰলৈকে যাওঁ। (ইতি প্ৰস্থান)

                                                                                         চতুৰ্থ দৰ্শন

                                                                                      জয়ন্তীৰ শয়নাগাৰ।

                                                                      জয়ন্তী আৰূ হাতত জপা সহিতে নবমীৰ প্ৰবেশ।

নবমীঃ সখি! কেতিয়ানো?
জয়ন্তীঃ সখি! ব্যস্ত হোয়ানো কিয়? অলপ ধৈৰ্য্য ধৰা।
নবমীঃ সখি মোৰ আজি পিন্ধিব উৰিবলৈ বৰ ইচ্ছা গইচে হেন পাইচোঁ।
জয়ন্তীঃ সখি! আহাঁ! তেনেহলে তোমাক আয়তিৰ দৰে কাপোৰ চাপোৰ পিন্ধাই দিও গই।
নবমীঃ ময় মোৰ সকলো অলঙ্কাৰ লগত লই আহিছোঁ। তুমি মোক পিন্ধাই দিয়া মুঠে।
জয়ন্তীঃ বাৰু তোনেহলে মূৰ মেলোয়া। ময় সাজটো লই আছোঁ। (জয়ন্তীৰ প্ৰস্থান।)
নবমীঃ আজি মোৰ এনে আশা হইছে! ইমান দিন চুলি কেডাল ভেকুৰা পৰি আছিল। হাত কাণ শুদা (৪৩) আছিল; আজিহে এনে ইচ্ছা হল। আহা! সম্ভোগ কেনে সুখভোগ। এনেৰ পৰা যি আমাক বঞ্চিত কৰিব খোজে তাৰ সৰ্ব্বনাশ হওক। (অলঙ্কাৰৰ প্ৰতি ক্ৰমে ক্ৰমে দৃষ্টি কৰি) এই খাৰু! এই মণি! এই মাদলী! এই বাজু! এই সিতিপাতী! এই জুনুৰ! এই থুৰীয়া! আহা! দেউতায় অনা এই চুৰী! এই নথ! এই চন্দ্ৰহাৰ! এই বিলাক তেনেই পৰি থাকিলহেঁতেন। মোৰ নিমিত্ত এই মনুষ্য জন্ম বিশেষকৈ এই গাভৰু কাল বৃথা হলহেঁতেন। ইয়াক পিন্ধাত জানো মোৰ পাপ হয়।--কেতিয়াও নহয়।

                                                                                       জয়ন্তীৰ প্ৰবেশ।

জয়ন্তীঃ আহাঁ! অলঙ্কাৰ আৰূ কাপোৰ পিন্ধাও! এই বুলি আয়তি সাজ পিন্ধালে।
জয়ন্তীঃ (পিন্ধাই উঠি) আই অ মোৰ সোনাই কেনে সুন্দৰ দেখি! সখি ! চুমা এটী দিয়া। (চুম্বন)
নবমীঃ সখি! ময় কেনেকেই সম্ভাষণ কৰিব লাগে নেজানো শিকাই দিয়া?
জয়ন্তীঃ সকলে কৰ্ম্মত গুৰুমুখ নহলে শিকা নেযায়। কিন্তু ইয়াত তাক নেলাগে। স্বভাবে আপুনি শিকাই। বাৰু ! মন কৰা চোন ফুলনীৰ বাৰিত কোনবাই তোমাৰ কিবা শিকাই দিছিল নে? সখি! আজি তোমাৰ আকৌ বিয়া চাম।
নবমীঃ (দীৰ্ঘনিশ্বাস) সখি! যি কৰা কৰিবা। ৰাতি অনেক হল। টোপনীয়ে ধৰিছে। (৪৪)
জয়ন্তীঃ আহেহে লাগে। ৰাতি সৰহ হোয়া নাই। আৰু পিছে চাম কেনে টোপনীয়ে ধৰে।
নেপথ্যৰ পৰাঃ বৌ! দুয়াৰ মেলা। সোনকালে এটা কথা কি যাওঁ।
নবমীঃ সখি! আকৌ যাব বোলে।
জয়ন্তীঃ বাৰু ইয়াৰ প্ৰমাণ পাবা। কয়হে এনেকেই। ময় দুয়াৰ মেলি দিওঁ তুমি ইয়াতে ভালকৈ বহা! (কপাটোদঘাটন)

                                                                                      ৰামচন্দ্ৰৰ প্ৰবেশ।

ৰামচন্দ্ৰঃ (নবমীক আয়তিৰ বেশে নিৰীক্ষণ কৰি চিনিব নোয়াৰি) বৌ! এটা কথা আছিল-- এওঁনো কোন?
জয়ন্তীঃ তুমি শোধা।
নবমীঃ (নবমী লজ্জায় নম্ৰুখী) সখি! তামোল কেইখনমান কাটা; বপাকো দিয়া, তুমিও খোয়া, থাকে যদি মোক দিয়া।
ৰামঃ বৌ! এওঁনো কোন?
জয়ন্তীঃ যাক তুমি ফুলনীত কটাক্ষ স্বৰূপ অস্ত্ৰপ্ৰহাৰ কৰিছিলা, সেই অস্ত্ৰাঘাতত জৰ্জ্জৰিতা, হৰিণীটীক ময় কত যত্নে ৰাখিছোঁ। ব্যাধে ঔষধ নিদিলে তাৰ ঔষধ কোনে দিব?
নবমীঃ সখি! কটাৰি নাই কিহৰেনো কাটো। জীকাফুলীক মাতা কটাৰি খন লই আহক।
জয়ন্তীঃ সখি! বুৰি হলানে কি?
নবমীঃ কেনে?
জয়ন্তীঃ দাঁতেৰে কাটি দিয়া।
নবমীঃ অকল তোমাক পাৰো। (৪৫)
ৰামঃ অনুগ্ৰহ কৰি দিলে আমিও সেই মুখামৃত পাবৰ অভিলাষ কৰোঁ। তেও নহলে--এই কটাৰি আছে--নিয়া। এইখন তেওৰ তামোল কটাৰ বেচ! মোলৈ এজন বন্ধুয়ে অনেক দূৰৈৰ পেৰা পঠাই দিছিল।
জয়ন্তীঃ সখি! হাত মেলি কটাৰিখন লোয়া।
নবমীঃ তুমি লোয়া।
জয়ন্তীঃ ময় তোমাৰ বস্তু কি লম? যোয়া সখি ! যোয়া ছিঃ (নবমীৰ কম্পন) ছিঃ সখি যোয়া। (টানি পঠিওয়াত নবমী অগত্যা গই কটাৰিখন ললে)।
নবমীঃ (লওঁতে স্পৰ্শ সুখ অনুভব কৰি) ধন্য এনে সুখ কত আছে। এই সুখ চিৰকাল যেন থাকে। হে ঈশ্বৰ! (তদনন্তৰ তামোল কাটি) সখি নিয়া।
জয়ন্তীঃ তুমি দিায়। ময় হে দিব পাওঁ তুমি নেপোয়া নে? মোৰ হে ঘৰনে ই তোমাৰ ঘৰ নহয়নে? মোৰ হে আলহিনে?
নবমীঃ (অগত্যা তামোল দি) সখি! ময় এতিয়া যাওঁ। এবাৰ বাহিৰলৈ নগলে নহয়। মোৰ বৰকৈ গা পুৰিছে।
জয়ন্তীঃ (ৰামচন্দ্ৰৰ প্ৰতি) বপা! ময় তোমাক মোৰ এই সখি নবমীক গতাই দিলো। তুমি এওঁয়ে সইতে কথা বাৰ্ত্তা কোয়া। কিন্তু দুইতো কইছোঁ দুইতো দুইৰো যেন প্ৰেম প্ৰীতি থাকে। অন্যৰূপ যেন নহয়, মানুহে যি কয় কওক। যদি অন্যহে হয় তেন্তে ধৰ্ম্মৰ আগত তিনিৰো পতিত হব লাগিব। সৰহ নকওঁ, তোমালোকে এতিয়া দুইও দুইত মন সমৰ্পণ কৰা তেনে হলেই হল। উভয়ে (মনে মনে) বাৰু--(নবমীক ৰামচন্দ্ৰৰ হাতত দিলে)। (৪৬)
জয়ন্তীঃ বপা! সখি তোমাৰ আজিৰ পৰা ধৰ্ম্ম পত্নী হল। বপা থাকা! সখি থাকা! ময় এতিয়া যাওঁ। বপা ময় যেনে, সখিকো সেই দৰে মৰম কৰিবা। তুমিএ তেওঁৰ সৰ্ব্বস্ব হলা। (জয়ন্তীৰ প্ৰস্থান)
নবমীঃ সখি! ময়ো যাওঁ, (নবমীৰ প্ৰস্থাননোদ্যোগ)।
ৰামঃ (নবমীৰ হাতত ধৰি) ময় তোমাক এৰি দিব নোয়াৰোঁ। সখিয়াই গতাই দি গইছে। ময় কেনেকেই তোমাক এই এন্ধাৰত ৰাতি এৰি দিও। (নবমীৰ সৰ্ব্বশৰীৰ কম্পন অথচ বল প্ৰকাশ)
ৰামঃ ময় কেতিয়াও নিদিওঁ। সখীয়েৰে বেয়া বুলিব! বাৰু বৌ আহক তেতিয়া যাবা। তেও যদি নেথাকা, মোৰ যে বস্তু নিলা তাক দিয়া?
নবমীঃ (কটাৰিখন দি) যাওঁ।
ৰামঃ কটাৰি তোমাক দিছো। মোৰ মন যে নিছা সেইটী দিয়া?
নবমীঃ এতিয়া এনে দিন কালেই হইছে। চোৰে আকৌ গিৰিহঁকে চোৰ বোলে। মোৰ ফুলনীত যি অবস্থা হইছিল আৰূ এতিয়া হইছে, তাকে ময়হে জানিছোঁ।
ৰামঃ সঁচা। বাৰু ময় চোৰ আৰূ দুঋখ দিওঁতাও তুমি যি ইচ্ছা সেই দণ্ড কৰা। (এই বুলি দুইও বহিল)
নবমীঃ ময় অবলা! মোৰ প্ৰতি বল প্ৰকাশ নকৰিবা।
ৰামঃ কি বল ? ময় নীচেই বল হীন হইছোঁ, ময় কি বল প্ৰকাশ কৰিম? যাদু! ময় মোত নাই।--মোৰ য়াবদীয় অঙ্গ শৰীৰ মন সকলো বিলাক তোমাৰ ৰূপ লাবণ্যক কৰ্ত্তৃক পৰাভূত হইছে, আৰু চুম্বকে যেনেকৈই লোক (৪৭) আকৰ্ষণ কৰে সেই ৰূপে আকৃষ্ট হইছে! ময় কৰোঁ বুলি একো কৰি নোয়াৰোঁ। মোৰ শক্তি নাই। হে প্ৰিয়ে! তুমি মোৰ শক্তি।
নবমীঃ (স্বগত) পুৰুষ বিলাকে কনে সুন্দৰে কথা কয় আহা! এনে কাৰ কঠিন প্ৰাণ আছে যে, আৰ্দ্ৰ নহব? (প্ৰকাশ্যে) কিন্তু ময় দুৰ্ব্বলা আৰু অনাথিনী, আৰূ ছাত্ৰ হীনা।
ৰামঃ হে প্ৰিয়ে। মোৰ প্ৰতি প্ৰসন্ন হোয়া! মোৰ কায় বাক্য মন সকলো তোমাত সমৰ্পিলো। আৰু ময় সৰ্ব্ব তোমাৰ সহায়তা ভজিম। হে চন্দ্ৰমুখী! মোক গ্ৰহণ কৰা। নতুবা সত্যে! সত্যে! ময় মৰিম।। মোৰ প্ৰাণ কণ্ঠাগত! মোক এটোপা পানী দিয়া। বৰ পীয়াহ লাগিছে।
নবমীঃ (স্বগত) আহা! কেনে কৌশলেৰে আপোনাৰ ভাব প্ৰকাশ কৰিছে। (প্ৰকাশ্যে) শপথ নেখাবা! কিয়নো লোকে কয় বোলে মৰমৰ মিচা কথাত চিত্ৰগুপ্ত হাঁহে। (ওচৰতে গিলাশেৰে পানী আছিল তাকে দিলে)
ৰামঃ (বৰ আগ্ৰহে পানী গোটাই গিলাশ খায়) যাদু! মোৰ কিঞ্চিত্ তৃপ্তি হল। কিন্তু মোৰ গা বৰকৈ ঘামিছে আৰু গৰমি লাগিছে। যাদু ! মোৰ সম্বন্ধি অনুগ্ৰহ প্ৰকাশ কৰা! ময় তোমাৰ অক্ৰীত দাস।
নবমীঃ প্ৰভো! ময় তোমাৰ দাসী! মোক কৃপা কৰা! মোৰ সকলো তোমাত সমৰ্পিলো! ময় (দীৰ্ঘনিশ্বাস) বিধবা পৰাধীন! মোৰ প্ৰতি আপুনি কিয়া ইমান আকুল হইছে। ময় আপোনাক কেনেকেই আপোনাৰ ইচ্ছা সম্পূৰ্ণ কৰি "হাউস" মিটাই সুশ্ৰুসা কৰিম? বহু বাধকতা আছে ময় পাপীয়সীৰ পৰা আপোনাৰ বহু অনৰ্থ হব। (৪৮)
ৰামঃ যাদু ! তুমি মোক গ্ৰহণ কৰা। তোমাৰ নিমিত্ত ময় হেজাৰ বাৰ কটা যাম। যাদু! তোমাৰ পৰা মোৰ একো অনৰ্থ নহয়। আৰূ যি তাক স্বীকাৰ কৰিলোঁ। প্ৰাণ! প্ৰাণ যায়।
নবমীঃ স্থিৰ হওক! গাটী বৰকৈ ঘামিচে ময় অলপ মান বিছো। আপুনি বাগৰ দিয়ক। (এইবুলি বিছিবলৈ ধৰিলে আৰু ৰাম বিচনাতে বাগৰ দিলে)।
ৰামঃ (নবমীৰ দুইওটী হাত বুকুত লই) হে ঈশ্বৰ! তুমি সাক্ষী! হে ধৰ্ম্ম! তুমি সাক্ষী! হে পৰমাত্মন! তুমি সাক্ষী! আজিৰ পৰা এই নবমীক ময় পত্নী স্বীকাৰ কৰিলো। আৰূ মোৰ সাংসাৰিক সহায় কাৰিণী স্বীকাৰ কৰিলো। মোৰ কায় বাক্য মন শক্তি সকলো এওঁতে সমৰ্পিলো। আৰু এওঁ মোৰ অস্থি মাংসৰ মাংস আৰূ চালৰ চাল হল। হে ঈশ্বৰ! হে প্ৰাণ! (এইবুলি নবমীক বাঁও হাতেৰে গালৈ টানি টানি অৰ্দ্ধ শৰীৰ গাত লগায় সোঁও হাতেৰে নবমীৰ মুখৰ ঘাম মচি মুখ খনি লাৰিবলৈ ধৰিলে)।
নবমীঃ (তদগত চিত্তে) হে ঈশ্বৰ! হে ধৰ্ম্ম! তুমি সাক্ষী! ময় ইমান বুজালো তেওঁ নুবুজিলে ময়ও প্ৰথমতঃ মনৰ বেগ সম্ভালিব নোয়াৰিলোঁ। ময় অনাথিনীৰ প্ৰতি ব্যাকুল হই এওঁ একাগ্ৰ চিত্তে প্ৰাণ সমৰ্পিলে! হে ধৰ্ম্ম! ময় আজিৰ পৰা এই পুৰুষ এই ৰামক স্বীকাৰ কৰিলোঁ। হে পৰমাত্মন! আমাৰ এই প্ৰতিজ্ঞা দৃঢ়তৰ হওক আৰু তুমি কৰা। "হৃদিস্থিতি হুয়া তুমি, যেন কাৰোৰাহা স্বামী হৃষিকেষ কৰিবো তেনয়"। (ৰামৰ প্ৰতি) "নেৰিবা বান্ধব স্বামী জীৱনে মৰণে, সত্যে সত্যে প্ৰাণনাথ পশিলোঁ শৰণে। " (৪৯)
ৰামঃ হে ঈশ্বৰ! হে প্ৰাণেশ্বৰী! তোমাৰ ইচ্ছা ঈশ্বৰে সম্পূৰ্ণ কৰাওক। হে যাদু!! (এই বুলি স্নেহপ্ৰকাশ)।
নবমীঃ তোমাৰ নামটী--জনোবা সীতাৰ দৰে কৰা।
ৰামঃ তেনেহলে মোৰ নাম নবমীবল্লভ।
নবমীঃ না! না! নামে কি কৰে? গোলাপক যদি গোলাপ নুবুলি পলাশ বোলা যায় তেও সুগন্ধ পোঁয়া নেযাবনে? ও? মন চোৰ!
ৰামঃ চাওঁ কোন মুখেৰেনো মোক চোৰ বুলিলে। (ওৰণি গুচাই) অঃ এইখন মুখ (চুম্বন)।

(সাত্বিক ভাবৰ আবিৰ্ভাব)*

নবমীঃ মোৰ আজি গাটোও বৰকৈ পুৰিছে। চাকি গছো বৰকৈ জ্বলিচে।
ৰামঃ বাৰু। শীতল কৰোঁ। (প্ৰদীপ নিৰ্ব্বাণ)। বাদ্যাদি। (ইতি নিষ্ক্ৰান্তাঃ)।


                                                                                         পঞ্চম দৰ্শন

                                                                                           জয়ন্তীৰ বাটী

                                                                                (নবমী আৰু জয়ন্তীৰ প্ৰবেশ)

জয়ন্তীঃ সখি! কেনে?
নবমীঃ (লজ্জায় নম্ৰমুখী)। যেনে দেখিছা।
জয়ন্তীঃ তাকেতো! একে দিনতে এনে আলু থালু হলা। চুলি বোৰ কেনে আউল জাউল হইছে? মু খন কেনে উভহাঁ উভহি দিছে? চকু দুটা কেনেকেই উখহিছে। কিমান ৰাতিলৈ সাৰে আছিলা।
নবমীঃ তোমালোকৰ ইয়াত যেনেহে মহ টোপনী নাহে। ৰাতিপুয়াহে শুইছোঁ।
জয়ন্তীঃ হয়তো এতিয়া---বাৰু সখি! তুমি অকল সৰে এটা ঘৰত শোয়া নহয়।
নবমীঃ হয়।
জয়ন্তীঃ তাতে আজিৰ পেৰা শুবা। ময় বুধি কৰি দিম।
নবমীঃ তুমি যি কৰা সেই।
জয়ন্তীঃ বাৰু তেনেহলে ময় আমাইত কওঁগই বোলোঁ সখিৰ তৰুণ কাল ইয়াত শুব নেলাগে, আমাৰ ইয়ালৈ সৰ্ব্বদাই খেল চেল খেদিবলৈ মানুহ আহি থাকে।
নবমীঃ বাৰু সখি! তোমাত আৰু কি কম?
জয়ন্তীঃ ই কথা প্ৰকাশ নকৰিবা।
নবমীঃ এতিয়া মই ঘৰলৈ যাওঁ। (প্ৰস্থানোদ্যোগ)
জয়ন্তীঃ সখি! সেন্দূৰ অলঙ্কাৰ।
নবমীঃ (দীৰ্ঘ নিশ্বাস পেলাই) তেনে হলে খহোয়া।
জয়ন্তীঃ মোৰ সত নেযায়। তুমি আপুনি খহোয়া। আৰূ ময় চায় থাকিব নোয়াৰিম। সিঘৰলৈ যাওঁ। তুমি আপুনি যি কৰা কৰা। (জয়ন্তীৰ প্ৰস্থান) (৫১)
নবমীঃ (মনে মনে) আমাৰ কালি যথাৰ্থ বিবাহ সিদ্ধি হইছেই। এতিয়া থাকিলেও হানি নাই। তথাপি দাৰুণ দেশাচাৰৰ মূৰত নেওচন কেওচন দি খহাও। হে জগদীশ্বৰ! এওঁতে যেন প্ৰতিব্ৰতা ধৰ্ম্ম প্ৰতিপালন কৰিব পাৰোঁ। (অলঙ্কাৰাদি খহাই) এই হতভাগিনীৰ এই বাঞ্চা। (ইতি প্ৰস্থান।)

                                                  
তৃতীয় অঙ্ক সমাপ্ত (৫২) </cenetr>


[Nuvola apps download manager3.png ওপৰলৈ যাওক]