ৰাম-নবমী

ৱিকিউৎসৰ পৰা
ৰাম-নবমী
লেখক গুণাভিৰাম বৰুৱা
এখন ধৰ্মীয় নাটক
ৰাম-নবমী

প্ৰথম দৰ্শন[সম্পাদনা কৰক]

নাৰায়ণৰ বাটী।
নাৰায়ণ আৰু ধৰ্ম্মনাথৰ প্ৰৱেশ।


নাৰায়ণ: শুনিছেনে? হৰিভকত।
ধৰ্ম্মনাথ: কি?
নাৰাঃ কালি ৰাতি অধ্যাপকৰ জীএকে ক'লে, বোলে, তেওঁ হুনু কালি গধূলি বাৰিলৈ যোৱাত শিৱকান্ত হঁতৰ পেলনীক লগ পাইছিল, তাতে তাই ক'লে য়ে শিৱকান্তৰ নবমী বোলা জীএক জনিৰ গিৰিএক মৃত্যু হ'ল।
ধৰ্ম্মঃ সিহঁতেনো কেনেকৈ শুনিলে? তাৰপৰা মানুহ আহিছিলনে কি?
নাৰাঃ শিৱকান্ত গঙ্গাতীৰৰ পৰা আহোঁতে জোঁয়াইএকৰ ঘৰত সোমাইছিল। সেইদিনাই হুনু জোঁয়াইএক জহনীত পৰি মৰিল।
ধৰ্ম্মঃ অস! অস! বৰ শোকৰ কথা! সেই চোয়ালীটীত বাজে শিৱকান্তৰ আৰু ল'ৰা চোৱালী এটীও নাই। তাইএ যদি ভালে থাকিলহেঁতেন তেওঁ (১) তেওঁ বুৰাকালত সুখে থাকিল হেঁতেন। সিও গল যাৰ হয় তাৰ এনেহে হয়। উস! হৰি! হৰি!
নাৰাঃ এস! তাৰ তেনে দশা হবই পায়! ময় তেতিয়াই কওঁ এনে কথা নকৰিবা! আমাৰ হাক নুশুনিলে। কি কবাহে দেওহে এতিয়াৰ কালৰ মানুহৰ কথা।
ধৰ্ম্মঃ কি? তুমি কি কইছা, হৰিভকত? তাক তুমি আৰু হৰিএহে বুজিলে। আমাৰ বুঝিবৰ সাধ্য নহ'ল।
নাৰাঃ ময় কলোঁ কি? যেতিয়া শিৱকান্তৰ সেই ছোয়ালীটীৰ নামকৰণ কৰে তেতিয়া ময় কইছিলোঁ যে তিথীৰ নামে নাম ৰাখিব নেপায়, ৰাখিলে বাঁৰি হয় তাতে সি ক'লে বোলে তাৰ ঘইনিএকে হুনু সামাজিকত সেই নামটী পাইছে সেই নামেই পাইছে। এতিয়া কেনে। আমাৰ হাক নুশুনা; হৰিভকত, তুমি বহা। মই ক্ষুদ্ৰ শৌচ কৰি আহোঁ। (ইতি প্ৰস্তান)
ধৰ্ম্মঃ (মনে মনে) কেনে দেখোঁন। তাৰ জোঁয়াইএক মৰে ই আকৌ কেনে বচন বোলে। ইএ সইতে তাৰ কিবা আছে হবলা? তেনে নহলে এনে কথা কিয় কব? যি হওক শিৱকান্তৰ ঘৰলৈ যাওঁ। তীৰ্থৰ পৰা আহিছে সাক্ষাত্ কৰাও হব। বুজ লোয়াও হব। (স্পষ্টকৈ) হৰিভকত ময় এতিয়া বিদায় হলোঁ আবেলিকৈ আকৌ আহিম। নেপথ্যৰ পৰা--যায়নে, বাৰু। (ধৰ্ম্মনাথৰ প্ৰস্থান) (২)

দ্বিতীয় দৰ্শন[সম্পাদনা কৰক]

শিৱকান্তৰ বাটী।
ফুলেশ্বৰী, পেলনী এবং অন্যান্য গৃহ পৰিজনৰ প্ৰৱেশ।


ফুলেশ্বৰী: (কান্দি-কান্দি) হাঁ গোঁসাই, এনেহে কঁপালত আছিল। হাঁ গোঁসাই! অ-মোৰ-আইটী-ঔ! ময় তোক কেনেকৈ চাই থাকিম ঔ! অ-মোৰ সোনাই ঔ (ক্ৰন্দন)
পলনীঃ আই! উঠক! কান্দিলে আৰু কি হব? আমাৰ কঁপালত যি আছিল সেই হ'ল। অ! মোৰ সোনাই তোকনো এই গাভৰু কালত খাৰুমণি নিপিন্ধা দেখি কেনেকেই জীম ঔ! অ মোৰ আইটী ঔ?

(গৃহপৰিজন সমস্তৰে ক্ৰন্দন)
শিৱকান্তৰ প্ৰৱেশ।

শিৱকান্তঃ আইটীৰ মাক। কিয়নো এনে বিয়াকুল হলা? আৰু বিয়াকুল হলেনো কি হব? নেকান্দিবা। নেকান্দিবা। শোক এৰি এতিয়া যাতে জাতি-কুল লাজ কায ৰয় তালৈ মন কৰা। পিছত যাৰ যি কপালত আছে সেই হব।
ফুলেঃ অ! মোৰ আইটী ঔ এনে মাৰ বাপেৰ তোৰ কপালত পাইছিলি ঔ! তোক জনমাই আমি একো সুখ দিব নোয়াৰিলোঁ। অ মোৰ আইটী ঔ। (৩)
শিৱঃ আইটীৰ মাক! মোৰ শপত নেকান্দিবা। কান্দিলোনো কঁপালৰ লেখা খণ্ডাব পাৰিবানে? যদি পাৰা তেন্তে এবচৰ কান্দা। যদিহে নোয়াৰা তেন্তে কান্দিনো শৰীলটোক দুখঃ দিবৰ কি সকাম।
ফুলেঃ অ! মোৰ সোাই ঔ! (স্বামীৰ প্ৰতি) হয়! একেৰবাকি? এখেত গঙ্গা, গয়া, কাশী, প্ৰয়াগ, কৰি ফুৰক, ঘৰত থকা কেইটা দিনো ইঘৰ সিঘৰকৈ খেদাওক ময় জ্বলা জুই কুৰা আগত লই পুৰি মৰো। (এইবুলি হিয়া ভুকুয়াই কান্দিবলৈ ধৰিলে)।
শিৱঃ কোন আছ হঁক ধৰ। মানুহ জনি একেবাৰে বিয়াকুল হইছে, ভিতৰলৈ নে? (ফুলেশ্বৰীক সকলোয়ে ধৰাধৰিকৈ ভিতৰলৈ নিলে)
(পেলনী ব্যতিৰেকে সকলৰে প্ৰস্থান)
পেলনীঃ (মনে মনে) অস! গোঁসাই! আমাৰ কঁপালত কনা বিধাতাই ইয়াকেহে লিখিছিল। আপোনাৰ লৰা ছোৱালী একো নাইএই। গিৰিহঁতৰ এই জনিকে তুলিতালি ডাঙৰ কৰিলো, এইৰ মুখ চাই এইৰ লগতে দিন খেদাম। তাকো ঈশ্বৰে বঞ্চিলে। আমাৰ আঠ আঙুলীয়া কঁপালত কনা বিধাতাই ইয়াকেহে লেখিলে। অস! হৰি! হৰি! গোঁসাই!
 

হৰিপ্ৰিয়াৰ প্ৰৱেশ।


হৰিপ্ৰিয়াঃ আই কি হল কিয়নো কান্দিছ?
পেলনীঃ আমাৰ কথা আৰু কি শোধা আই! এতিয়া আমাৰ মাৰিলেই ভাল। (৪)
হৰিঃ এ! আই! কি কম! আই! আমাৰ কিবা কৰিবৰ শক্তি আছেনে?
পেলনীঃ দুঃখৰ কথা কি কম! আই! সিদিনা খোন চোয়ালী জনিৰ নোয়াই তোলনী হল। ময়েই সেই কাল শত্ৰুৰ ঘৰত জননি দি আহিলোঁ। এতিয়াহে এনে হবলৈ পালে। এটী লৰা চোয়ালী এৰি যদি তাৰ তেনে হল হেঁতেন-সিও নহল। কাউৰি খোয়া গণকে দেখোঁ পাজী পুথী চাই কলে বোলে নবমীয়ে সুভগা যোগ পাইছে।
হৰিঃ এতিয়াৰ গণকে মুঠে খাবহে জানে। গণিব পিটিব নোয়াৰে। এই দৰে ফাঁকি ফুঁকাকৈ পেট প্ৰবৰ্ত্তাই থাকে মাথোন। ভাল চোয়ালী জনী, দেহি! কেনে অৱস্থা হল। এতিয়া জেনেহে দিনকাল হইছে ভালে থকাই বৰ কঠিন।
পেলনীঃ আশীৰ্ব্বাদ কৰা আই! ভালে থাওক।

শিৱৰ প্ৰৱেশ।


পেলনীঃ (মনে মনে) মৰ! এই জনিবা কেলেই আহিচে? কাৰ কত কি হল, কাৰ কত কি নহল এই বিলাক বুজ লবলৈ আৰু দন্দ কৰিবলৈ আহিছেনে কি?
শিৱঃ হেৰ! পেলনী! সিদিনা খোনৰে পেৰা কেই বেলি তোৰ এখেলৈ আহোঁ। তোক লগকে নেপাওঁ। পয়সা কেইটা দিব লগা আচিল হে কি কৰিলি?
পেলনীঃ বাৰু! আই! দেখিছাই গিৰিহঁতৰ এই বিপত্তি হইছে। কেই দিনমান থাকা পিছে পয়সা পাবা। তোমাৰ পইসা কেইটা লই আমি হেৰাই নেযাওঁ। (৫)
শিৱঃ তোৰে দেখো বৰ বৰ কথা। ময় আকৌ ভালক প্ৰতি সুধিলোঁ তাই আকৌ বৰ বৰ মাত মাতে। কটাৰজী বেটী! বান্দী! বৰ সাহ পাই গলিনে?
হৰিঃ থাকা! আজি একো বুলিব নেলাগে। পিছে যি হয় হব। আহাঁ। বাই সাঁজ লাগিল। ঘৰলৈ যাঁও লৰা চোয়ালীয়ে কান্দিব।
শিৱঃ তোৰ লৰা চোয়ালী আছে কান্দিব। তয় যা। মই এতিয়া নাযাওঁ। এবেলি ইঘৰ সিঘৰকৈ ফুৰি আহোঁগই। (শিৱৰ প্ৰস্থান)
পেলনীঃ এই জনিৰ সাঁজ লাগিলেহে ফুৰিবৰ সময় হয়। জানো আই। এইৰ কথা সকলো জানো।
হৰিঃ এই পেলোয়া আই। যি যিমানলৈ নামে, সি সিমানলৈ তিতিব।

(ইতি নিষ্ক্ৰান্তাঃ।)

তৃতীয় দৰ্শন[সম্পাদনা কৰক]

কামদেবৰ বাটী। কামদেব আৰু ৰামচন্দ্ৰ প্ৰৱেশ।

কামদেবঃ বন্ধো। আঁহা। এইখিনি দিন তোমাক নেদেখি মন বৰ ভাবনাত আছিল। আজি হে আনন্দ।
ৰামচন্দ্ৰঃ বন্ধো। ইমান দিন মোমাইঅৰুৰ ঘৰত সকলো সুখ (৬) পাইছিলোঁ। কিন্তু তোমাতে বাজে অইন কোন লগ সমৰিয়া সকলৰ কাকত নেপায় বৰ ভাবনা কৰিছিলোঁ। ময় যে এওঁ বিলাকলৈ কাকত লিখিছিলোঁ এওঁ বিলাকে পাইছিল নে?
কামঃ মোৰ কেইখন হলে পাইছিলোঁ। এতিয়া ডাকত ৰসীদ নাই। নাপাওঁ বুলিলেই হল। নকবাহে বন্ধো। ইয়াৰ মানুহ বিলাকে দূৰদেশৰ বন্ধুয়ে সইতে কেনেকৈ প্ৰীতি ৰাখিব লাগে নেজানে। কাকত নেলেখে মিচাই কয় লেখিছো। মুখত হে ককাই। ভিতৰলৈ যোৱা যদি "একো নাই বুপাই।"
ৰামঃ তাকেতো বন্ধো। ময় মনত বৰ বেজাৰ পাইছো।
কামঃ সি কথা এৰি পেলোৱা। কেইদিনমান তোমাৰ সৈতে থাকি মনৰ হাবিলাষ পলুয়াঁও।
ৰামঃ মোৰ এই মাহৰ পেৰা মনতো বৰ উদ্বিগ্ন হইচে একোতো সুখ নেলাগে। সৰ্বদাই হাঁহি মাতি থাকিবলৈ ইচ্ছা যায় কিন্তু তেনে কৰিলেও অলপতে বেজাৰ ধৰে। তাৰ পৰা আকৌ অকল সৰিয়া হই থাকোঁ গই। তাতো সুখ নাপাওঁ। যত ততে বৰ অসুখেই হে কাল যাই।
কামঃ তুমিনো ইয়াৰ কিবা কাৰণ অনুভৱ কৰিব পাৰিছানে?
ৰামঃ নাই একোকে কব নোয়াৰোঁ।
কামঃ মই এটা অনুভৱ কৰিছোঁ। বোধহয় সেইটো অবশ্যে হব। নতুবা জ্বৰ-নৰীয়া একো নাই শুদাই এনে কিয় হল।
ৰামঃ কোয়া চোন! মোৰে শপত কি?
কামঃ এতিয়া তোমাৰ যৌবনকাল উপস্থিত। বিশেষতঃ (৭) বসন্তকাল! যি সময়, পথ্য নহলে নৰীয়া পৰিবৰ আতি সম্ভৱ।
ৰামঃ কিনো? নুবুজিলোঁ ভালকৈ কোয়া চোন?
কামঃ এঃ তাকে নুবুজিলা। পঢ়া নাইনে?
কামঃ "বসন্তে ভ্ৰমণং পথ্যং অথবা অগ্নি সেবনং।
           অথবা যুবতী নাৰী অথবা নীম্ব ভোজনং।।"
           তুমি যি কালত ভৰি দিছা ই সকলোতকৈ বিষম। লগত যুবতী ভাৰ্য্যা নহলে একোকে ভাল নেলাগে। যি যুবাৰ যুবতী আছে তালৈ চাবাচোন। তাৰ অইন হেজাৰ অসুখতো সুখ। নতুবা অন্য প্ৰকাৰে সুখ দিবপৰা বস্তু থকাতো অসুখ পোৱা যায়।
ৰামঃ মোক ভেঙুচালি কৰিচানে কি?
কামঃ নহয়! ই ভেঙুচালি কৰা কথা নহয়। তুমি ন মানুহ বুজা নাই। থাকা পিছে বুজিবা।
ৰামঃ তেনে হলেও মোক তেনে নেভাবিবা। অ! বন্ধো! শিৱৰাত্ৰিলৈ কেইদিনমান আছে?
কামঃ আজি সপ্তমী। আৰু সাতদিন আছে কেলেইনো?
ৰামঃ অই সকাম একোনাই মোমাইঅৰুৰ ঘৰলৈ যাম।
কামঃ বাৰু যাবা! এতিয়া একেলগে লুইতত গা ধুই আহোঁগই বলা। আজি অনেক দিন তুমিয়ে সইতে এক লগে গা ধোয়া নাই।
ৰামঃ বাৰু বলা। (ইতি নিষ্ক্ৰান্তাঃ) (৮)

চতুৰ্থ দৰ্শন[সম্পাদনা কৰক]

ৰাজআলী। মঙ্গলুৰ প্ৰৱেশ।

মঙ্গলুঃ (স্বগত) গিৰিহঁতৰ ঘৰত খাটোঁতে খাটোঁতে দিন গ'ল। আপোনাৰ একো বনকে কৰিবৰ আহৰি নেপাওঁ। এনেকৈ কেনেকৈ থাকিম। ইমানদিন কৰি খুয়ালোঁ হেঁতেন যাতো আয়ে সোণাফুলী বিয়া দিব খুজিছে দেখিহে। কথাতে "গোলাম হে গোলাম, গোলাম হে গোলাম।" কি বৰ গোলাম পাইছে? এতিয়া সি দিন আছেনে? "যেতিয়াৰ দিন তেতিয়াই গ'ল। চুমা খোয়া ঠাই**।" সোণাফুলী চোয়ালীজনী দেখিবলৈ সুয়নী আৰু বন বাৰীত কাযি। আয়ে বুলিবৰে পেৰাতাই মোক দেখিলে মূৰত কাপোৰ লয়। গৰিহঁতৰ জীএক আই দেওয়েও মোক দেখিলে ধেমালিকৈ সোণাফুলীৰ কথা শোধে। আৰু তাইৰ আগতো মোৰ কথা শোধে। যদি তাইক হে পাঁও থাকিম, নহলে যি হয় হব।

সয়ন্দ্ৰীৰ প্ৰৱেশ।


(তাইক দেখি) ৰঃ এই আহিছে! এই দেখোঁ এটাইকে তিৰী-তিৰোতা আনা দৰব দি ফুৰে। এইত শোধাচোঁন। লগত এটা বা এজনি নহলে নচলে (প্ৰকাশ্যে) কলৈ গৈছিলা আই?
সয়ন্দ্ৰীঃ এ! কি শোধ? বুপাহে বজাৰলৈ গইছিলোঁ, বস্তু বেহানী জুই চাই মৰগ। (৯)
মঙ্গলুঃ কিনো কিনিবলৈ গইছিলা?
সয়ন্দ্ৰীঃ বণিয়াৰ দোকানলৈ এটা দৰব কিনিবলৈ গইছিলোঁ। তাতে সি যি ফেৰাহে দিলে। তাক দেখিলেই খঙ্গ উঠে। সি আকৌ "ক'লে বোলে এই বেলি হুনু সেই বস্তুৰ" "এমদানী" অহা নাই।
মঙ্গলুঃ কি বস্তুনো, আই! আমি শুনিব নেপাওঁনে?
সয়ন্দ্ৰীঃ তোৰনো শুনিলে কি হব। মোৰ কিমান বস্তু লাগে নে জাননে?
মঙ্গলুঃ ময় তোমাক জানো। তেওঁ আই কালৈনো? কি বস্তু?
সয়ন্দ্ৰীঃ তাকনো তই কিয় শোধ? আজি কালি মোৰ ঠেঙ্গত শৰণ লোয়া মানুহৰহে একাল লাগিছে।
মঙ্গলুঃ তেওঁ আই! কোয়া চোন কিনো? কালৈ?
সয়ন্দ্ৰীঃ কাম সেন্দুৰ।
মঙ্গলুঃ ইয়াৰেনো কি হয়?
সয়ন্দ্ৰীঃ পৰৰ তিৰোতা আৰু পৰ মুনিহ দুইকো লগ লগাব পাৰি।
মঙ্গলুঃ কালৈনো আই! মোৰ বধে চুব কোয়া?
সয়ন্দ্ৰীঃঐ! আই! কি মানুহ অ এইটো? তয় কাৰো আগত নক যদি কব পাৰোঁ।
মঙ্গলুঃ বাৰু ! গুৰুৰ শপত খাইছো নকওঁ। কোয়া আই!
সয়ন্দ্ৰীঃ ৰাম! ৰাম! এনে শপত খাব পায় নে ! বাৰু কওঁ শুন, তহঁতৰ ঘৰত যে সোণাফুলী বুলি নবমী আইটীৰ বেটী চোয়ালিটী আচে তাইলইকে। তাই হুনু এটা মানুৰক খুয়াব।
মঙ্গলুঃ কানো খুয়াব? অ! তাইৰ স্বাভাবটী ভাল নহয়! (১০) অধ্যাপকৰ পুতেকক? বৰাৰ পুতেকক? ইহঁত দুইকো হলে ময় তাইৰ গীদে গীদে ফুৰা দেখিছোঁ।
সয়ন্দ্ৰীঃ সিও হব পাৰে! এতিয়াৰ ভাল মানুহৰ লৰাই বান্দী বেটী লৈহে চকু দিবলৈ ধৰিছে। তেওঁ তাই হলে দৰব কৰিবলৈ দিওঁতে তাৰ নাম কুশল বুলি কইছে। তয় যা ময় এই পিনে হাজৰিকীয়াৰ পদুলীয়ে সোমাও।
মঙ্গলুঃ (স্বগত) এইত বাপেকে সোধোঁ ৰ! কাম সেন্দুৰনো কেনে? ক'ত পাই, কিমান দৰ। (স্পষ্টকৈ) আই! কাম সেন্দূৰনো কেনে? ক'ত পায়? কি দৰনো?
সয়ন্দ্ৰীঃএ বোপাই তাৰ ৰং কাম চৰাইৰ গাৰ নিচিনা। দিনত ফোংট লই আকাশলৈ চালে তৰা দেখি। দৰ মৰ মৰগ। টকাত এৰতি। যাকে তাকে বনিয়াই নিদিএ। চিনা মানুহকহে দিয়ে। তহঁত গলে মিচা মিচিকৈ এইবিধ দিব তাৰে গুণ নকৰে। বাৰু ময় এতিয়া যাওঁ। (প্ৰস্থান)
মঙ্গলুঃ (স্বগত) হেঁই আই! তাইনো কাক দৰব কৰিব খুইছে! আমাক দেখোন এনেই পায়। বহ বুলিলে সোঁও। এনে টোকনো দৰব কৰিব লাগে কিয়? অইন কোনো ভাল মানুহৰ লৰাক হে? কুশনো কাৰ নাও। ভাবিগুণি ময় ইয়াকে জনা নাই। তাই চাগৈ মিচাই এটা নাও কইছে। তাকেইনো কব কিয়? দৰব কৰাত জানো মিচা নামত হয়? কেতিয়াও নহয়। এইহে মোক ভূৰুকিয়ালে। ইয়াৰ বুজ লওঁ। যদিহে বুজ পাঁও তেন্তে এটাইকে শিকাম বাপেকে। যদি তাক নোয়াৰো তেন্তে তাইকতো এবেলি পাম। মণিয়া (১১) দোকানত কাম সেন্দূৰৰ বুজ লওঁ। এতিয়া যাঁও। পলম হলে আকৌ গালি পাৰিব? (ইতি প্ৰস্থান)

পঞ্চম দৰ্শন[সম্পাদনা কৰক]

শিৱকান্তৰ বাটী।
ফুলেশ্বৰী জয়ন্তী এবং নবমীৰ প্ৰৱেশ।


জয়ন্তীঃ আমই! সোণাফুলিয়ে কইছিল গই বোলে তুমি হুনু মোক মাতিছিলা?
ফুলেঃ হয় মাতিছিলোঁ। সখিয়েৰে অকলে থাকে। তহঁত আহিলে তেওঁ হাঁহিয়ে মাতে ভালে থাকে। তাছ চাছ খেলিবও পাৰ আৰু তাইক পঢ়িবলৈ শিকালেও শিকাব পাৰ।
নবমীঃ আই! ময় পঢ়িবলৈ শিকিছোঁ। শৰু শৰু পুথী চুথী পঢ়িব পাৰো। সখিয়ে মোক শিকাইছে।
ফুলেঃ (জয়ন্তীৰ প্ৰতি) চোয়ালীজনিৰ কপাঁলত হে নাটিলে কাপোৰ চাপোৰ সুন্দৰকৈ বব পাৰে, ফুলতীও বাৰু হইছে। এতিয়া আকৌ তয় পঢ়িবলৈকো শিকাইছ।
জয়ন্তীঃ ময় সখীৰ ফুল দেখিছোঁ। সি বছৰত মোৰ ননন্দ কুমলী আইটীৰ বিয়াৰ সময়ত এখন শৰু সূতাৰ চেলেঙ্গ লগাইছিলোঁ, তাতে সখীয়েহে ফুল দিছিল।
ফুলেঃ কিবা ভাল ভাল পুথী তহঁতৰ আছেনে? (১২)
জয়ন্তীঃ এটাই আছে। অন্নদামঙ্গল, বিদ্যাসুন্দৰ, কামিনীকুমাৰ, ভূগোল, পুৰাবৃত্তসাৰ, পদাৰ্থবিদ্যা, মহাভাৰত, ৰামায়ণ, শকুন্তলা আৰু কাদম্বৰী সকলো আছে। সখীয়ে সকলো পঢ়া নাই। এতিয়া মুঠে ৰামায়ণৰ আদিকাণ্ডহে পঢ়িবলৈ ধৰিছে।
ফুলেঃ নহলে মোত কবি ময় কিনিবলৈ পয়সা দিম।
জয়ন্তীঃ বাৰু।
ফুলেঃ অসমীয়া পুথী পঢ়িছনে কিবা?
জয়ন্তীঃ ময় কেইখনমান পঢ়িছো। সখীয়ে হলে হাতে লেখা পঢ়িব নোয়াৰে। "অসমীয়া লৰাৰ মিত্ৰ" আৰু মাজে মাজে "অৰুণোদয়ো" পঢ়ে। তাত অনেক ভাল ভাল কথা আছে।
নবমীঃ আই! সখীয়ে নাম দিবও পাৰে। মাতোটীও ভাল। পদো সৰহ জানে? আৰু কুমলী আইটীৰ বিয়াৰ দিনা এনেহে যোৰানাম দিছিল দৰাঘৰীয়া বিলাক কান্দি গল।
ফুলেঃ অসমীয়া পুথী পঢ়িলেহে পদ শিকিব পাৰি। আই নবমী! তয়ও পঢ়িবি।
নবমীঃ ছাপা নহলে ময় পঢ়িব নোয়াৰোঁ।
ফুলেঃ আমাৰ গুয়াহাটীতো হুনু ছাপা আনিবলৈ কিবা যতন কৰিছিল। সিদিনা বৰবপায় কইছিল। আই জয়ন্তী! তই শুনিছনে কি হ'ল?
জয়ন্তীঃ আমই! ময় সিদিনা শুনিলো বোলে তাকে কৰিবলৈ কিবা হুনু এখন সভা পাতিছিল, তালৈ বৰ বৰ দৰ্মহা খোয়া মানুহ তিনটী কি চাইটীত বাজে কোনো নগল। কাৰো হুনু জাৰকালী বৰ ৰদ হল। কাৰো হুনু মূৰ বিষালে এই দৰেই নগল। পিছে (১৩) সেই সভা তেনেই তললৈ গল। আমাৰ ইয়াৰ মানুহে জানো তেনে কথালৈ মন দিয়ে?
ফুলেঃ তাকেতো আইহে! কাৰ কত কি হল, তাকে সৰহ ভাগে খোজে। আৰু হলা গছ পালেই বাগি কুঠাৰ মাৰে।
নবমীঃ আই! উৰ্ব্বশী সখীক নমতালী?
ফুলেঃ মতাইছিলোঁ। তাই হুনু আজি নোয়াৰা হইছে। (জয়ন্তীৰ প্ৰতি) আইটী তয় আৰু উৰ্ব্বশী দুইও আহি ইয়াতে পঢ়ি শুনি উমলি থাকিবি।
জয়ন্তীঃ বাৰু আমই আহিম। ময় নাহিলে জীকাফুলীক পঠাই দিম। সখীকে পঠাই দিবা। আৰু আমই সখীক এনে দেখিব নোয়াৰোঁ। সদাই পাটৰ কাপোৰ পিন্ধিব, আৰু সূৰো মেলাব, অলঙ্গাৰো পিন্ধিব। মুঠে সেন্দূৰহে পিন্ধিব নেলাগে।
ফুলেঃ বাৰু দে দোষ নাই।
নবমীঃ আই! আজি ময় সখীউৰুৰ তালৈ যাওঁ। আজি এমাহমান যোৱা নাই। কুমলী আইটীও আহিছে হুনু চাই আহিম। আৰু সেই পোনে উৰ্ব্বসী সখীৰো বুজ লই আহিম।
ফুলেঃ বাৰু যা।
জয়ন্তীঃ তেনেহলে সখী যাওঁ বলা। (ইতি সৰ্ব্বে নিষ্ক্ৰান্তঃ)

প্ৰথম অঙ্ক সমাপ্ত। (১৪)
[Nuvola apps download manager3.png ওপৰলৈ যাওক]

[Gtk-go-forward-ltr.svg পৰৱৰ্তী অঙ্ক পঢ়ক]