ৰমণী গাভৰু
ৰমণী গাভৰু
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা
প্ৰাগ্জ্যোতিষ গ্ৰন্থশালা
ৰমণী গাভৰু
অসমৰ স্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজৰ কন্যা, আৰু মোগল
সম্ৰাট্ আওৰংজেব বাদশ্যাহৰ পুত্ৰ চুলতান আজমতাৰাৰ
বেগম ৰমণী গাভৰুৰ জীৱন-বৃত্তান্ত।
ৰচোঁতা
শ্ৰী সূৰ্য্যকুমাৰ ভূঞা
প্ৰাগজ্যোতিষ গ্ৰন্থশালা,
গুৱাহাটী।
১৯৫১
বেচ খনে দেৰটকা।
Published by
Shri Bijaya Kumar Bhuyan, Pragjyotish Granthasala,
Company Bagan Road, Uzanbazar,
Gauhati, Assam.
First Edition, July 1951.
All Rights Reserved by the Author.
Printed by
Shri Bibhuti Bhushan Pal, at Dutt Printing Works,
24, Bagmari Road, Calcutta.
নিবেদন
অসমৰ জীয়ৰী মোগলৰ কুঁৱৰী ৰমণী গাভৰুৰ বিষয়ে সাম্প্ৰতিকে গোটাব পৰা সকলোখিনি কথা একেলগ কৰি এই জীৱন-চৰিতখনি যুগুত কৰা হল। অসমীয়া ৰাইজে গাভৰুৰ নামহে শুনিছে, তেওঁৰ সম্পৰ্কে সাৱশেষ কথা অতি তাকৰ মানুহে জানে। আশা কৰো এই অভাৱ কিছুপৰিমাণে হলেও বৰ্ত্তমান পুথিয়ে পূৰাব পাৰিব।
সেই কালত অসম আৰু মোগলৰ মাজত হোৱা বিৰোধ-সংগ্ৰামৰ কথা অলপ নাজানিলে গাভৰুৰ জীৱন-বৃত্তান্ত অনুসৰণ কৰাটো টান, গতিকে সেই সংঘৰ্ষৰ বিষয়েও পুথিত কিছু আভাস দিয়া হৈছে। পঢ়ুৱৈসকলে সমসাময়িকতাৰ সৌৰভত তৃপ্তি পাব বুলি, পুৰণা কাহিনী বৰ্ণনা কৰোঁতে মাজে-মাজে বুৰঞ্জীৰ বচন এফাকি-দুফাকি উদ্ধৃত কৰি দিয়া হৈছে।
বৰ্ত্তমান গ্ৰন্থৰ সঁজুলি ঘাইকৈ পোৱা হৈছে পুৰণি সাঁচিপতীয়া অসমীয়া বুৰঞ্জীত; আৰু পাদশ্যাহজাদা চুলতান আজমতাৰাৰ কাহিনীবোৰ গোটোৱা হৈছে কৰ্ণেল চাৰ্ল্চ্, ষ্টূয়াৰ্ট্, উইলিয়ম আৰভিন, হেন্ৰি ব্লক্মেন, আৰু শ্ৰীযুত যদুনাথ সৰকাৰ মহোদয় আদিৰ দ্বাৰা সঙ্কলিত সম্ৰাট্ আওৰংজেব আৰু শ্যাহ-আলম বাহাদুৰশ্যাহৰ ৰাজত্বৰ বিৱৰণীৰ পৰা। ইংৰাজীলৈ অনূদিত হোৱা ফাৰ্ছী ভাষাত লিখা বুৰঞ্জী আৰু ইউৰোপীয় ভ্ৰমণকাৰীসকলৰ বিৱৰণৰ পৰাও কিছু কথা লোৱা হৈছে। সহায় লোৱা গ্ৰন্থৰ তালিকা এখনি ওপৰঞ্চি যুৰি দিয়া হল।
আজমতাৰাৰ লগত বিয়া হবৰে দিন ধৰি স্বামীৰ কৰ্ম্মময় জীৱনৰ ঘটনাৱলীয়েই হল বেগম ৰমণী গাভৰুৰ জীৱন-কাহিনী। ফাৰ্ছী ভাষাত লিখা ত্বাৰিখী বা বুৰঞ্জীবোৰত আজমতাৰাৰ কথা সিচৰতি হৈ পৰি আছে। সম্ৰাট্ আওৰংজেবৰে সৈতে আদান-প্ৰদান কৰা চিঠি-পত্ৰ; বিজাপুৰ, গোলকুন্দা, গুজৰাট, ৰাজপুতানা, মুলতান, বিহাৰ আৰু চুবে-বাঙ্গলাৰ সমসাময়িক বুৰঞ্জী আক কাকত-পত্ৰ; আৰু ইউৰোপীয় ভ্ৰমণকাৰীসকলৰ বিৱৰণীৰ পৰাও পাদশ্যাহজাদা আজমতাৰাৰ বিষয়ে নানান কথা জানিব পাৰি। সেইবোৰ বিচাৰি-খোচাৰি অধ্যয়ন কৰি চালি-জাৰি চাই আজমতাৰাৰ বিষয়ে কোনোবাই এখনি গ্ৰন্থ লিখিলে তাৰ পৰা মোগল যুগৰ ভাৰত-বুৰঞ্জী অধ্যয়নত বিশেষ সহায় হব। তেতিয়াহে পাদশ্যাহজাদাৰ ভাৰ্য্যা ৰমণী গাভৰুৰ সম্পৰ্কে সকলো কথা ওলাই পৰিব। আজমতাৰা আৰু ৰমণী গাভৰুৰ সাঙ্গোপাঙ্গ বৃত্তান্ত উদ্ঘাটন কৰাত বৰ্ত্তমান পুথিয়ে কিছুপৰিমাণে সহায় কৰিলেও আমি কৃতাৰ্থ মানিম।
আনন্দৰ কথা যে ভাৰতীয় পণ্ডিতসকলে আজি-কালি অসমীয়া বুবঞ্জী-সাহিত্যৰ মূল্য উপলব্ধি কৰিবলৈ ধৰিছে; বিশেষকৈ, তেওঁলোকে বুজিব পাৰিছে যে অসমীয়া বুৰঞ্জীতো ভাৰতৰ ইতিহাস সংকলনৰ আহিলা-পাতি যথেষ্ট পোৱা যায়। ঢাকা বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত আৰু শীযুত যদুনাথ সৰকাৰ মহোদয়ৰ দ্বাৰা সম্পাদিত দ্বিতীয় খণ্ড “হিষ্টৰী অব্ বেঙ্গলৰ” অন্তৰ্গত চুলতান আজমতাৰাৰ বঙ্গ-চুবেদাৰিৰ অধিকাংশ কথা বৰ্ত্তমান লিখকৰ “এনেল্চ্ অব্ ডি দিল্লী বাদশ্যাহেইট্” বা অসমীয়া পাদশ্যাহ-বুৰঞ্জীৰ ইংৰাজী অনুবাদৰ পৰা লোৱা হৈছে। অসমীয়া “ত্ৰিপুৰা বুৰঞ্জীত” থকা নাটক আৰু উপস্যাসৰ সুপ্ৰচুৰ উপাদানৰ বিষয়ে বঙ্গালী পাঠক-মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰি স্বৰ্গীয় ডাক্তাৰ নলিনীকান্ত ভট্টশালীদেৱে ১৯৪৬ খৃষ্টাব্দৰ পূজাসংখ্যা “আনন্দবাজাৰ পত্ৰিকাত” এটি দীঘলীয়া প্ৰৱন্ধ লিখে। ইতিহাসবিদ্ পণ্ডিত ডাক্তাৰ তাৰাচান্দে ১৯৫০ চনৰ জুলাই মাহত গুৱাহাটীলৈ আহোঁতে অসমবুৰঞ্জী সম্পৰ্কীয় পুথি-পাজি চাই মন্তব্য কৰিছিল, বোলে,—“এইবোৰ গ্ৰন্থ ভালকৈ সম্পাদন কৰি উলিওৱা উচিত, কাৰণ তাৰ পৰা অকল অসমৰ ইতিহাসেই নহয়, সমগ্ৰ ভাৰতৰ ইতিহাসতো পোহৰ পৰিব। ফাৰ্ছী ভাষাত লিখা আমাৰ মধ্য-যুগৰ বুৰঞ্জী অনেক পোৱা যায়, কিন্তু ভাৰতীয় ভাষাত তেনে বুৰঞ্জী অতি কমহে আছে। নিজদেশত উপজাত সজুলিৰ ভঁৰাল এটি ইয়াত পৰি আছে, তাক পণ্ডিতসকলৰ দৃষ্টিলৈ অনাটো আৱশ্যক”। আজি কেবাবছৰো ধৰি ভাৰত আৰু ইউৰোপৰ নানান ঐতিহাসিক আলোচনীতো অসমীয়া বুৰঞ্জী-সমূহৰ আদৰণী-মন্তব্য প্ৰকাশিত হৈছে। অসমীয়া বুৰঞ্জী পুথিবোৰ পোহৰলৈ ওলালে, অসমৰ উপৰিও সৰ্ব্ব-ভাৰতৰ ঐতিহ্য উদ্ঘাটনত যে সহায় হব তাক বৰ্ত্তমানে কোৱাৰ সকাম নাই।
স্বাধীনতা লাভৰ লগে-লগে নাটক ৰচনা ক্ষেত্ৰত অসমীয়াৰ জাতীয় চেতনা জাগ্ৰত হোৱা দেখা গৈছে। সেই অনুপ্ৰেৰণাত নাট্যকাৰসকলে নিজদেশৰ অতীত উপাখ্যান-কাহিনী বিচাৰি ফুৰিছে। কোনো নাট্যকাৰে ৰমণী গাভৰুক কেন্দ্ৰ কৰি, নতুন যুগৰ চিন্তাধাৰাৰ লগত খাপ-খোৱাকৈ, অথচ চিৰন্তন সত্যৰ প্ৰতিবিম্ব থকাকৈ মৌলিক নাটক লিখিবলৈ আগবাঢ়িলে বৰ্ত্তমান পুথিত থকা সন্বলৰ পবা তেওঁ সহায় পাব বুলি আশা কৰিলোঁ। নবাব মীৰজুমলাৰ অসম আক্ৰমণৰ দিনৰে পৰা মহাৰাজ গদাধৰসিংহ স্বৰ্গদেৱ সিংহাসনত বহালৈকে এই উনৈছ বছৰৰ বুৰঞ্জী বৰ্ত্তমান লিখকৰ “আতন বুঢ়াগোহাই এণ্ড্ হিজ্ টাইম্চ্”, অৰ্থাৎ আতন বুঢ়াগোহাঁই আৰু তেওঁৰ যুগৰ কাহিনী, নামক ইংৰাজী গ্ৰন্থত বিস্তৃতভাৱে বৰ্ণোৱা হৈছে। সেই পুথি প্ৰকাশিত হলে তাৰ পৰাও নাটক-উপস্থাপনৰ সম্বল যথেষ্ট পোৱা যাব।
ৰমণী গাভৰুৱে মোমায়েক লালুক বৰফুকনলৈ দিয়া মূল ফাৰ্ছী চিঠিৰ শুদ্ধ পাঠ আৰু তাৰ নতুন ভাঙ্গনি অতি আগ্ৰহ আৰু যত্নেৰে যুগুত কৰি দিয়াৰ বাবে, গুৱাহাটী কটন কলেজৰ আৰ্ব্বী আৰু ফাৰ্ছী সাহিত্যৰ অধ্যাপক স্নেহাস্পদ মৌলভী আবুল ফজল ছৈয়দ আহমদদেৱলৈ এইখিনিতে কৃতজ্ঞতা জনালো।
অপ্ৰকাশিত অৱস্থাত “ৰমণী গাভৰু” পঢ়ি শ্ৰীযুত বেণুধৰ শৰ্ম্মাদেৱে বিশেষ আনন্দ প্ৰকাশ কৰে। পুথিৰ আগকথ দু-আষাৰেক লিখিবলৈ অনুৰোধ কৰাত শৰ্ম্মাদেৱে অতি ৰঙ্গেৰে সেই অনুৰোধ ৰক্ষা কৰে, সেইবাবে তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিলোঁ। অসমৰ অতীতৰ বিষয়ে নকৈ ওলোৱা তথ্যৰ সম্ভেদত শৰ্ম্মাদেৱে যিদৰে সোৱাদ পায়, আৰু যি অধ্যবসায়েৰে সেই তথ্যৰ পম খেদাত আত্মনিয়োগ কৰে, তেনে সোৱাদ পোৱা আৰু অধ্যৱসায় থকা সমসাময়িক অসমীয়া অতি বিৰল। সাংসাৰিক নানান জঞ্জাল-আঁহুকালৰ মাজতো শৰ্ম্মাদেৱে যিদৰে অবিচলিত আৰু একনিষ্ঠভাৱে বুৰঞ্জী-অনুশীলন ব্ৰত পালন কৰিছে তালৈ চাই তেওঁ অসমীয়াৰ চিৰ-আদৰৰ পাত্ৰ। নকলেও হব, শৰ্ম্মাদেৱৰ বহুমূলীয়া আগকথাখিনিয়ে ৰমণী গাভকৰ স্মৃতিৰ সৌন্দৰ্য্য অনেকগুণে বৃদ্ধি কৰিছে।
১৫ এপ্ৰিল ১৯৫১ খৃঃ। |
IPHIGENIA
★ ★ ★
★ ★ ★
মোৰ মাজিও পুত্ৰ
শ্ৰীমান্ ভৱানীকুমাৰ ভূঞা বাপা
আৰু
মোৰ বোৱাৰী
কল্যাণীয়া
শ্ৰীমতী দেৱবালা আইদেওৰ
হাতত
দেউতাকৰ স্নেহৰ উপহাৰ।
১ বহাগ, ১৮৭৩ শক। |
সূচীপত্ৰ
| গ্ৰন্থকাৰৰ নিবেদন | |||
| আগকথা, লিখক শ্ৰীযুত বেণুধৰ শৰ্ম্মা |
ৰমণী গাভৰু
| পিঠি | |||
| পিতৃ জয়ধ্বজ সিংহ স্বৰ্গদেৱ | … | … | ১ |
| মীৰজুমলাৰ হাতত ৰমণী গাভৰু সমৰ্পণ | … | … | ৯ |
| শৰাইঘাটৰ যুদ্ধ | … | … | ১৫ |
| আজমতাৰাৰ অন্দৰমহলত ৰমণী গাভৰু | … | … | ১৭ |
| আজমতাৰাৰ গুৱাহাটী লোৱা সংকল্প | … | … | ১৯ |
| লালুক বৰফুকনৰ গুৱাহাটী এৰা প্ৰস্তাৱ | … | … | ২৫ |
| চুবেদাৰৰ বন্দীশালত অসমৰ কটকী | … | … | ৩০ |
| লালুক বৰফুকনলৈ আজমতাৰাৰ চিঠি | … | … | ৩২ |
| মোমায়েক লালুকলৈ ৰমণী গাভৰুৰ চিঠি | … | … | ৩৪ |
| বিনাযুদ্ধে লালুকৰ গুৱাহাটী ত্যাগ | … | … | ৪৪ |
| আজমতাৰাৰ ঠাইলৈ স্বৰ্গদেৱৰ উপহাৰ | … | … | ৫০ |
| ঢাকাত আজমতাৰাৰ চুবেদাৰিৰ কাহিনী | … | … | ৫৬ |
| ৰমণী গাভৰুৰ মাক পাহী কুঁৱৰী | … | … | ৫৯ |
| আজমতাৰাৰ সম্ৰাট্পদ ঘোষণা আৰু মৃত্যু | … | … | ৬১ |
| সামৰণি | … | … | ৬২ |
ওপৰঞ্চি
| ১। | ঘিলাঝাৰি-ঘাটৰ সন্ধিৰ কাকত | … | … | ৬৮ |
| ২। | বাদুলিলৈ লালুকৰ চিঠি | … | … | ৬৯ |
| ৩। | ৰমণী গাভৰুৰ চিঠি | … | … | ৭১ |
| ৪। | ৰমণী গাভৰুৰ বিষয়ে কবিতা | … | … | ৮০ |
| ৫। | ৰমণী গাভৰুৰ দিনৰ ঘটনাপঞ্জী | … | … | ৮২ |
| ৬। | সহায় লোৱা পুথিৰ তালিকা | … | … | ৮৭ |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )