ৰমণী গাভৰু
ৰমণী গাভৰু
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা
প্ৰাগজ্যোতিষ গ্ৰন্থশালা
ৰমণী গাভৰু
অসমৰ স্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজৰ কথা, আৰু মোগল
সম্ৰাট্ আওৰংজেব বাদশাহৰ পুত্ৰ চুলতান আজমতাৰাৰ
বেগম ৰমণী গাভৰুৰ জীৱন-বৃত্তান্ত।
ৰচোঁতা
শ্ৰী সূৰ্য্যকুমাৰ ভূঞা
প্ৰাগজ্যোতিষ গ্ৰন্থশালা,
গুৱাহাটী।
১৯৫১
বেচ খনে দেৰটকা
| Ramani Gabharu. |
Life-sketch of Princess Ramani Gabharu, daughter of King Jayadhwaj Singha of Assam, and consort of Padshahzada Sultan Azamtara, son of Emperor Aurangzeb. Compiled mainly from old Assamese Buranjis or chronicles and other contemporary sources, By Dr. S. K Bhuyan, M. A., B.L. (Cal ), Ph.D. (Lond.), Provincial Director of Historical and Antiquarian Studies in Assam, and lately Director of Public Instruction, Assam. |
Published by
Shri Bijaya Kumar Bhuyan, Pragjyotish Granthasala,
Company Bagan Road, Uzanbazar,
Gauhati, Assam.
First Edition, July 1951.
All Rights Reserved by the Author.
Printed by
Shri Bibhuti Bhushan Pal, at Dutt Printing Works,
24, Bagmari Road, Calcutta.
নিবেদন
অসমৰ জীয়ৰী মোগলৰ কুঁৱৰী ৰমণী গাভৰুৰ বিষয়ে সাম্প্ৰতিকে গোটাব পৰ| সকলোখিনি কথা একেলগ কৰি এই জীৱন-চৰিতখনি যুগুত কৰা হল। অসমীয়া ৰাইজে গাভৰুৰ নামহে শুনিছে, তেওঁৰ সম্পৰ্কে সাৱশেষ কথা অতি তাকৰ মানুহে জানে। আশা কৰো এই অভাৱ কিছুপৰিমাণে হলেও বৰ্ত্তমান পুথিয়ে পূৰাব পাৰিব।
সেই কালত অসম আৰু মোগলৰ মাজত হোৱা বিৰোধ-সংগ্ৰামৰ কথা অলপ নাজানিলে গাভৰুৰ জীৱন-বৃত্তান্ত অনুসৰণ কৰাটো টান, গতিকে সেই সংঘৰ্ষৰ বিষয়েও পুথিত কিছু আভাস দিয়া হৈছে। পঢ়ুৱৈসকলে সমসাময়িকতাৰ সৌৰভত তৃপ্তি পাব বুলি, পুৰণা কাহিনী বৰ্ণনা কৰোঁতে মাজে-মাজে বুৰঞ্জীৰ বচন এফাকি-দুফাকি উদ্ধৃত কৰি দিয়া হৈছে |
বৰ্ত্তমান গ্ৰন্থৰ সঁজুলি ঘাইকৈ পোৱা হৈছে পুৰণি সাঁচিপতীয়া অসমীয়া বুৰঞ্জীত; আৰু পাদশ্যাহজাদা চুলতান আজমতাৰাৰ কাহিনীবোৰ গোটোৱা হৈছে কৰ্ণেল চাল্চি, ষ্টুৱাৰ্ট, উইলিয়ম আৰভিন, হেন্ৰি ব্লকমেন, আৰু শ্ৰীযুত যদুনাথ সৰকাৰ মহোদয় আদিৰ দ্বাৰা সঙ্কলিত সম্ৰাট্ আওৰংজেব আৰু শ্যাহ-আলম বাহাদুৰশ্যাহৰ ৰাজত্বৰ বিৱৰণীৰ পৰা। ইংৰাজীলৈ অনূদিত হোৱা ফাৰ্ছী ভাষাত লিখা বুৰঞ্জী আৰু ইউৰোপীয় ভ্ৰমণকাৰীসকলৰ বিৱৰণৰ পৰাও কিছু কথা লোৱা হৈছে। সহায় লোৱা গ্ৰন্থৰ তালিকা এখনি ওপৰঞ্চি যুৰি দিয়া হল।
আজমতাৰাৰ লগত বিয়া হবৰে দিন ধৰি স্বামীৰ কৰ্ম্মময় জীৱনৰ ঘটনাৱলীয়েই হল বেগম ৰমণী গাভৰুৰ জীৱন-কাহিনী। ফাৰ্ছী ভাষাত লিখা ত্বাৰিখী বা বুৰঞ্জীবোৰত আজমতাৰাৰ কথা সিচৰতি হৈ পৰি আছে। সম্ৰৰাট্ আওৰংজেবৰে সৈতে আদান-প্ৰদান কৰা চিঠি-পত্ৰ; বিজাপুৰ, গোলকুন্দা, গুজৰাট, ৰাজপুতানা, মুলতান, বিহাৰ আৰু চুবে-বাঙ্গলাৰ সমসাময়িক বুৰঞ্জী আক কাকত-পত্ৰও আৰু ইউৰোপীয় ভ্ৰমণকাৰীসকলৰ বিৱৰণীৰ পৰাও পাদশ্যাহজাদা আজমতাৰাৰ বিষয়ে নানান কথা জানিব পাৰি। সেইবোৰ বিচাৰি-খোচাৰি অধ্যয়ন কৰি চালি-জাৰি চাই আজমতাৰাৰ বিষয়ে কোনোবাই এখনি গ্ৰন্থ লিখিলে তাৰ পৰা মোগল যুগৰ ভাৰত-বুৰঞ্জী অধ্যয়নত বিশেষ সহায় হব। তেতিয়াহে পাদশ্যাহজাদাৰ ভাৰ্যা ৰমণী গাভৰুৰ সম্পৰ্কে সকলো কথা ওলাই পৰিব। আজমতাৰা আৰু ৰমণী গাভৰুৰ সাঙ্গোপাঙ্গ বৃত্তান্ত উদ্ঘাটন কৰাত বৰ্ত্তমান পুথিয়ে কিছুপৰিমাণে সহায় কৰিলেও আমি কৃতাৰ্থ মানিম।
আনন্দৰ কথা যে ভাৰতীয় পণ্ডিতসকলে আজি-কালি অসমীয়া বুবঞ্জী-সাহিত্যৰ মূল্য উপলব্ধি কৰিবলৈ ধৰিছে; বিশেষকৈ, তেওঁলোকে বুজিব পাৰিছে যে অসমীয়া বুৰঞ্জীতো ভাৰতৰ ইতিহাস সংকলনৰ আহিলা-পাতি যথেষ্ট পোৱা যায়। ঢাকা বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত আৰু শীযুত যদুনাথ সৰকাৰ মহোদয়ৰ দ্বাৰা সম্পাদিত দ্বিতীয় খণ্ড “হিষ্টৰী অব্, বেঙ্গলৰ” অন্তৰ্গত চুলতান আজমতাৰাব বঙ্গচুবেদাৰিৰ অধিকাংশ কথা বৰ্ত্তমান লিখকৰ “এনেল্চ অব্ ডি দিল্লী বাদশ্যাহেইট্” বা অসমীয়া পাদশ্যাহ-বুৰঞ্জীৰ ইংৰাজী অনুবাদৰ পৰা লোৱা হৈছে। অসমীয়া “ত্ৰিপুৰা বুৰঞ্জীত” থকা নাটক আৰু উপস্যাসৰ সপ্ৰচূৰ উপাদানৰ বিষয়ে বঙ্গালী পাঠক-মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰি স্বৰ্গীয় ডাক্তাৰ নলিনীকান্ত ভট্টশালীদেৱে ১৯৪৬ খৃষ্টাব্দৰ পূজাসংখ্যা “আনন্দবাজাৰ পত্ৰিকাত” এটি দীঘলীয়া প্রৱন্ধ লিখে ৷ ইতিহাসবিদ্ পণ্ডিত ডাক্তাৰ তাৰাচান্দে ১৯৫০ চনৰ জুলাই মাহত গুৱাহাটীলৈ আহোঁতে অসমবুৰঞ্জী সম্পকীয় পুথি-পাজি চাই মন্তব্য কৰিছিল, বোলে,- “এইবোৰ গ্রন্থ ভালকৈ সম্পাদন কৰি উলিওৱা উচিত, কাৰণ তাৰ পৰা অকল অসমৰ ইতিহাসেই নহয়, সমগ্র ভাৰতৰ ইতিহাসতো পোহৰ পৰিব। ফাৰ্ছী ভাষাত লিখা আমাৰ মধ্য-যুগৰ বুৰঞ্জী অনেক পোৱা যায়, কিন্তু ভাৰতীয় ভাষাত তেনে বুৰঞ্জী অতি কমহে আছে। নিজদেশত উপজাত সজুলিৰ ভঁৰাল এটি ইয়াত পৰি আছে, তাক পণ্ডিতসকলৰ দৃষ্টিলৈ অনাটো আৱশ্যক”। আজি কেবাবছৰো ধৰি ভাৰত আৰু ইউৰোপৰ নানান এঁতিহাসিক আলোচনীতো অসমীয়া বুৰঞ্জী-সমূহৰ আদৰণী-মন্তব্য প্রকাশিত হৈছে। অসমীয়া বুৰঞ্জী পুথিবোৰ পোহৰলৈ ওলালে, অসমৰ উপৰিও সৰ্ব্ব-ভাৰতৰ ঐতিহ্য উদ্ঘাটনত যে সহায় হব তাক বৰ্ত্তমানে কোৱাৰ সকাম নাই।
স্বাধীনতা লাভৰ লগে-লগে নাটক ৰচনা ক্ষেত্ৰত অসমীয়াৰ জাতীয় চেতনা জাগ্রত হোৱা দেখা গৈছে। সেই অনুপ্ৰেৰণাত নাট্যকাৰসকলে নিজদেশৰ অতীত উপাখ্যান-কাহিনী বিচাৰি ফুৰিছে। কোনো নাট্যকাৰে ৰমণী গাভৰুক কেন্দ্ৰ কৰি, নতুন যুগৰ চিন্তাধাৰাৰ লগত খাপ-খোৱাকৈ, অথচ চিৰন্তন সত্যৰ প্ৰতিবিম্ব থকাকৈ মৌলিক নাটক লিখিবলৈ আগবাঢ়িলে বৰ্ত্তমান পুথিত থকা সন্বলৰ পবা তেওঁ সহায় পাব বুলি আশা কৰিলোঁ। নবাব মীৰজুমলাৰ অসম আক্ৰমণৰ দিনৰে পৰা মহাৰাজ গদাধৰসিংহ স্বৰ্গদেৱ সিংহাসনত বহালৈকে এই উনৈছ বছৰৰ বুৰঞ্জী বর্তমান লিখকৰ “আতন বুঢ়াগোহাই এণ্ড, হিজ, টাইম্চ", অর্থাৎ আতন বুঢ়াগোহাঁই আৰু তেওঁৰ যুগৰ কাহিনী, নামক ইংৰাজী গ্রন্থত বিস্তৃতভাৱে বৰ্ণোৱা হৈছে। সেই পুথি প্রকাশিত হলে তাৰ পৰাও নাটক-উপস্থাপনৰ সম্বল যথেস্ট পোৱা যাব।
ৰমণী গাভৰুৱে মোমায়েক লালুক বৰফুকনলৈ দিয়া মূল ফাৰ্ছী চিঠিৰ শুদ্ধ পাঠ আৰু তাৰ নতুন ভাঙ্গনি অতি আগ্রহ আৰু যত্নেৰে যুগুত কৰি দিয়াৰ বাবে, গুৱাহাটী কটন কলেজৰ আৰ্ব্বী আৰু ফাৰ্ছী সাহিত্যৰ অধ্যাপক স্নেহাস্পদ মৌলভী আবুল ফজল ছৈয়দ আহমদদেৱলৈ এইখিনিতে কৃতজ্ঞতা জনালো।
অপ্রকাশিত অৱস্থাত “ৰমণী গাভৰু” পঢ়ি গ্ৰীযুত বেণুধৰ শৰ্ম্মাদেৱে বিশেষ আনন্দ প্রকাশ কৰে। পুথিৰ আগকথা দু-আষাৰেক লিখিবলৈ অনুৰোধ কৰাত শৰ্ম্মাদেৱে অতি ৰঙ্গেৰে সেই অনুৰোধ ৰক্ষা কৰে, সেইবাবে তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিলোঁ। অসমৰ অতীতৰ বিষয়ে নকৈ ওলোৱা তথ্যৰ সম্ভেদত শৰ্ম্মাদেৱে যিদৰে সোৱাদ পায়, আৰু যি অধ্যবসায়েৰে সেই তথ্যৰ পম খেদাত আত্মনিয়োগ কৰে, তেনে সোৱাদ পোৱা আৰু অধ্যৱসায় থকা সমসাময়িক অসমীয়া অতি বিৰল। সাংসাৰিক নানান জঞ্জাল-আঁহুকালৰ মাজতো শৰ্ম্মাদেৱে যিদৰে অবিচলিত আৰু একনিষ্ঠভাৱে বুৰঞ্জী-অনুশীলন ব্ৰত পালন কৰিছে তালৈ চাই তেওঁ অসমীয়াৰ চিৰ-আদৰৰ পাত্ৰ। নকলেও হব, শৰ্ম্মাদেৱৰ বহুমূলীয়া আগকথাখিনিয়ে ৰমণী গাভকৰ স্মৃতিৰ সৌন্দৰ্য্য অনেকগুণে বৃদ্ধি কৰিছে।
১৫ এপ্ৰিল ১৯৫১ খৃঃ |
IPHIGENIA
Agamemnon to Clytemnestra: “Herein I crave thy pardon, daughter of Leda, if I showed excessive grief at the thought of resigning my daughter to Achilles; for though we are sending her to taste of bliss, still it wrings a parent’s heart, when he, the father who has toiled so hard for them, commits his children to the homes of strangers.”
★ ★ ★
Iphigenia to Clytemnestra: “My fame for setting Hellas free will be a happy one. Besides, I have no right to cling too fondly to my life; for thou didst not bear me for myself alone, but as a public blessing to all Hellas.”
★ ★ ★
—Euripides, Iphigenia at Aulis. translated by
E. 2, Coleridge, George Bell and Sons, London. মোৰ মাজিও পুত্ৰ
ভৱানীকুমাৰ ভূঞা বাপ৷
আৰু
মোৰ বোৱাৰী
কল্যাণীয়া
শ্ৰীমতী দেৱবালা আইদেওৰ
হাতত
দেউতাকৰ স্নেহৰ উপহাৰ।
১ বহাগ, ১৮৭৩ শক |
সূচীপত্ৰ
| গ্ৰন্থকাৰৰ নিবেদন | |||
| আগকথা, লিখক শ্ৰীযুত বেণুধৰ শৰ্ম্মা |
ৰমণী গাভৰু
| পিঠি | |||
| পিতৃ জয়ধ্বজ সিংহ স্বৰ্গদেৱ | … | … | ১ |
| মীৰজুমলাৰ হাতত ৰমণী গাভৰু সমৰ্পণ | … | … | ৯ |
| শৰাইঘাটৰ যুদ্ধ | … | … | ১৫ |
| আজমতাৰাৰ অন্দৰমহলত ৰমণী গাভৰু | … | … | ১৭ |
| আজমতাৰাৰ গুৱাহাটী লোৱা সংকল্প | … | … | ১৯ |
| লালুক বৰফুকনৰ গুৱাহাটী এৰা প্ৰস্তাৱ | … | … | ২৫ |
| চুবেদাৰৰ বন্দীশালত অসমৰ কটকী | … | … | ৩০ |
| লালুক বৰফুকনলৈ আজমতাৰাৰ চিঠি | … | … | ৩২ |
| মোমায়েক লালুকলৈ ৰমণী গাভৰুৰ চিঠি | … | … | ৩৪ |
| বিনাযুদ্ধে লালুকৰ গুৱাহাটী ত্যাগ | … | … | ৪৪ |
| আজমতাৰাৰ ঠাইলৈ স্বৰ্গদেৱৰ উপহাৰ | … | … | ৫০ |
| ঢাকাত আজমতাৰাৰ চুবেদাৰিৰ কাহিনী | … | … | ৫৬ |
| ৰমণী গাভৰুৰ মাক পাহী কুঁৱৰী | … | … | ৫৯ |
| আজমতাৰাৰ সম্ৰাট্পদ ঘোষণা আৰু মৃত্যু | … | … | ৬১ |
| সামৰণি | … | … | ৬২ |
ওপৰঞ্চি
| ১। | ঘিলাঝাৰি-ঘাটৰ সন্ধিৰ কাকত | … | … | ৬৮ |
| ২। | বাদুলিলৈ লালুকৰ চিঠি | … | … | ৬৯ |
| ৩। | ৰমণী গাভৰুৰ চিঠি | … | … | ৭১ |
| ৪। | ৰমণী গাভৰুৰ বিষয়ে কবিতা | … | … | ৮০ |
| ৫। | ৰমণী গাভৰুৰ দিনৰ ঘটনাপঞ্জী | … | … | ৮২ |
| ৬। | সহায় লোৱা পুথিৰ তালিকা | … | … | ৮৭ |
আগকথা
১৬৬২ খৃষ্টাব্দত, অসমৰ মাজ-কঁকালত যেতিয়া মীৰজুমলাৰ মোগল সৈন্যৰ গচক পৰিল আৰু মোগলে সোণাপুৰ হেন গড়গাওঁ নগৰখন লণ্ডভণ্ড কৰিলে, তেতিয়া বুঢ়াগোহাই-বৰগোহাঁই সমন্বিতে সকলো পাত্ৰমন্ত্ৰীৰে আলোচন হৈ “আইদেও এগৰাকীয়েই যাওক, তেও আমাৰ দেশখন ৰক্ষা পৰক” বুলি জয়ধ্বজসিংহ মহাৰাজে ছ-বছৰীয়া জীয়েক ৰমণী গাভৰুক ওলমালে সৈতে কান্দি-কাটি তিপামৰ ঘিলাঝাৰিঘাটত আওৰংজেব পাটশ্যাহৰ মহললৈ উলিয়াই দিয়ে। লগত দিয়ে বিস্তৰ অলঙ্কাৰ আৰু বিশ্বাসী লগুৱা মইনাক৷ কালক্ৰমত, ৰহমত বানু নাম লৈ ৰমণী গাভৰু মোগল পাটশ্যাহৰ অন্তেষপুৰত আওৰংজেবৰ পুত্র আজমতাৰাৰ আলাসৰ লাৰু হৈ পৰিলগৈ।
তাৰ পিছত অসমৰ অৱস্থাৰ বহুতো সালসলনি ঘটিল। ৰমণীক দিওঁতে যি সন্ধি হৈছিল, সেই সন্ধিমতে কাজলীৰপৰা ভাটীছোৱা অসম বঙ্গালৰ হাতলৈ যায়। ৰাজ্যৰ এই এফাল যোৱা শোকেই জয়ধ্বজসিংহৰ বুকুত এপাট শেল মৰা দি মাৰিলে। সেই শেলেই তেওঁৰ মৃত্যুৰ কাৰণ হ'ল। ইয়াৰ পিছত লাছিত বৰফুকনে হেৰোৱা ৰাজ্য উদ্ধাৰ কৰি জয়ধ্বজসিংহৰ মুত্যুশয্যাৰ আক্ষেপ পূৰ্ণ কৰিলে। বৰফুকন লাছিতৰ মৃত্যুৰ পাছত ককায়েক লালুকসোলা গুৱাহাটীৰ বৰফুকন হল।
লালুকসোলা আৰু বাদুলি ফুকন দুয়ো মোমাইতামূলী বৰবৰুৱাৰে পুত্ৰ। পুত্ৰ হলে কি হব? --ভাল আমৰ পুলিও বকৰাণিত গজে। লালুকৰ মনত দুর্বদ্ধিয়ে লগ ললেহি। লালুকে মন মেলিলে গুৱাহাটীখন মোগলক দি নিজে ৰজা হবলৈ। ৰাজ্যৰ পাত্ৰ-মন্ত্ৰীৰ আদেশ উলাই কৰি তেওঁ গুৱাহাটীত স্বয়ংকৈ প্রৱত্তিবলৈ ধৰিলে আৰু শৰাইঘটীয়া ফুকন-ৰাজখোৱাসকলকো গণিতা নকৰা হল। অসম দেশৰ ৰজা হবলৈ মন কৰি লালুকে বাদুলিলৈ লেখিলে, – “চাৰিলাখ টকা পালেই বিনাযুদ্ধে গুৱাহাটীখন মোগলক এৰি দিবলৈ সাজু আছো। আছোঁতেহে আছোঁ, মোক কিন্তু মোগলে অসম ৰাজ্যৰ ৰজা পাতিব লাগিব। ” ইফালে পাত্ৰ-মন্ত্ৰীক ভুৱা দিয়া উপায় এটাও সেই চিঠিতে লেখি পঠিয়ালে, —“পাণ্ডু শৰাইঘাটত মোগলৰ দুকুৰিখনমান নাও দেখা দিব, আৰু দুশমান আচোৱাৰী চিপাহীয়ে গা উলিয়াবহি। মোগলক যেন আগভেটা দিছোঁ, এনেহেন দেখুৱাই মই কেইজাইমান হিলৈ মৰোৱাম। তাৰ পাছতে মই গুৱাহাটী এৰি উজাই যাম। তেনে কৰিলেই, মোগলে বলেৰে গুৱাহাটী ললে বুলি সকলোৱে জানিব।”
কাৰ্য্যমতে নহল যদিও, পত্ৰমতে লালুকৰ অভিলাষ পূৰ্ণ হল। আজমতাৰাই পত্ৰৰ দ্বাৰা তেওঁক ৰজা পাতি অসমদেশ চলাবলৈ সম্পূৰ্ণ এক্তিয়াৰ দিলে। লালুকেও গুৱাহাটী এৰিবলৈ আয়োজন কৰিলে। লালুকৰ এই বিশ্বাসঘাতকতাৰ ফলত গুৱাহাটী আকৌ বিদেশী মোগলৰ হাতলৈ যায় যায়! এনে সন্ধিক্ষণত অসমৰ স্বাধীনতা ৰক্ষাৰ্থে, বলিৰূপে উৎসৰ্গিত হোৱা ৰমণী গাভৰুৰ বুকু হমহমাবলৈ ধৰিলে। তেতিয়া তেওঁৰ মনত যি ভাব খেলাইছিল তাক তেওঁৰ মনৰ ভিতৰলৈ সোমাই “ৰমণী গাভৰুৰ” গ্ৰন্থকাৰে কৈছে,—“এইখিনিতে গাভৰুৰ মনত দুটা বিৰোধী ভাবৰ সংঘৰ্ষৰ সৃষ্টি হল, — প্ৰথম, বঙ্গৰ চুবেদাৰৰ বেগমৰূপে মোগল সম্ৰাটৰ কাৰ্য্য-পদ্ধতিত সহানুভূতি দেখুৱাটো তেওঁৰ কৰ্ত্তব্য; আৰু দ্বিতীয়, মাতৃভূমি অসমৰ অমঙ্গল হবলৈ নিদিয়াটোও তেওঁৰ কৰ্ত্তব্য।”
এপিনে মালখাৱৈ এপিনে গজহস্তীৰ মাজত পৰি ৰমণী গাভৰুৱে লালুকলৈ এখন চিঠি লেখিলে, লগে-লগে স্থিৰ কৰিলে যে মইনা লিগিৰাক পঠিয়াই তাৰ মুখেৰে মোমায়েক লালুক বৰফুকনক কোৱাব, – “মোমাইদেও, তুমি মোগল-সাগৰত মজিছা। সাৱধান, মোগলী ফন্দীৰ তলানলাৰ সম্ভেদ মইহে পাওঁ। অসম-আইৰ বুকুৰ আগমঙ্গহ ডুখৰি বঙ্গালক দলিয়াই দিয়াৰ কথা সপোনতো নাভাবিবা। তাৰ পৰিণাম কালৈকো ভাল নহব। গোটেই দেশখন বঙ্গালৰ ধোবাৰ-পাট হব, আৰু আমাৰ পৰিয়ালৰ কুযশ এটা চিৰকাললৈ ৰৈ যাব।”
মোগলৰ গুৱাহাটী লোৱাৰ উদ্দেশ্য ব্যৰ্থ কৰিবলৈ মোমায়েক লালুকলৈ দিয়া চিঠিখন পোৱা হলে আজমতাৰাই বেগম ৰমণী গাভৰুৰ কাৰ্য্যৰ বিষয়ে কি ভাবিলেহেতেন তাক বুজাবৰ নিমিত্তে ভূঞাদেৱে এটি কাল্পনিক কথোপকথনৰ অৱতাৰণা কৰিছে। সেই অৱতাৰণাত গোটেই ঘটনাটোকে তেখেতে চমুকৈ অথচ চকচকীয়া ৰসালকৈ বর্ণাইছে। খণ্ড-নাটিকা হিচাপে এই অংশটি অতি মনোভিৰাম আক হৃদয়গ্ৰাহী হৈছে। ই পুথিখনৰ অকল জেউতিকে ছৰোৱা নাই, লিখকৰ চোকা অন্তৰ্দৃষ্টিও প্রকাশ কৰিছে। তাত মোগলৰ অন্দৰমহল, আৰু পাটশ্যাহজাদা আৰু তেওঁৰ বেগমৰ মনোভাব আৰু তেওঁলোকৰ স্নেহময় দাম্পত্য জীৱনৰ এটি নিখুঁট ছবিও ওলাই পৰিছে। চুলতান আৰু বেগমৰ প্ৰীতিৰ প্রতীকম্বৰূপে “পৃথিবীত বদি স্বৰ্গ আছে এয়ে স্বৰ্গ, এয়ে স্বৰ্গ, এয়ে স্বর্গ” এই ফাকি পদ তুলি দিয়াত এই ক্ষুদ্ৰ নাটিকাৰ এটি ৰসময় মনোমোহা পৰিণতি সংঘটিত হৈছে।
কুমাৰী অৱস্থাত যি গৰাকী আইদেও মোগলৰ হাতলৈ গল, যি গৰাকী আকৌ তাতে গাত কাপোৰ লৈ পাটগাভৰু হল, পাটগাভৰুৰ লগে-লগেই যৌবন শ্ৰীয়ে দেখা দিয়াত দস্তুৰমতে বিবাহকালত ইচলাম ধৰ্ম্ম গ্রহণ কৰিলে, আৰু বঙ্গৰ চুবেদাৰ আজমতাৰাৰ “দিলৰোবা বেগম” হৈ চুবেদাৰৰ “বাহু- লতাৰ” মেৰত আশ্রয় ললে, সেই গৰাকী আইদেও ৰমণী গাভৰুৱে যি কেইষাৰ বাক্য লেখি বিশ্বাসঘাতকী লালুকসোলা বৰফুকনক গুৱাহাটী এৰি দিয়াৰ পৰিণাম সঁকিয়াই দিছিল তেনে বাক্যস্ৰবী ৰমণী-চৰিত্র আন বুৰঞ্জীত পাবলৈ নাই। সচাসচিকৈয়ে ডাক্তৰ ভূঞাই কোৱাৰ দৰে, ৰমণী গাভৰু অসম-মোগলৰ লেনদেনত উদ্ভৱ হোৱা নন্দনবনৰ পাৰিজাত ফুল।
মোমায়েক লালুকলৈ দিয়া চিঠিখনত তেওঁক ভাই-ককাই ইষ্ট-মিত্ৰ আটায়ে পাহৰি ষোৱাত গাভৰুৱে বৰ বেজাৰ কৰিছে। ভূঞাদেৱে নিজ্ৰ ব্যাখ্যাৰে সেই,বেজাৰৰ সোঁত পাঠকৰ অন্তৰত বোৱাই দিব পাৰিছে। চিঠিখন অসমীয়া গন্ধীয়া-ভঁড়ালৰ এটি আপুৰুগীয়া সম্পত্তি। ইয়াতেই অসমীয়া ৰমণীৰ চৰিত্র আৰু ৰমণী গাভৰুৰ মনোভাব ফট্ফটীয়াকৈ ফুটি ওলাইছে।
সোণ খপাদি বুৰঞ্জীৰ তথ্যবোৰ খপি-খপি ডাক্তৰ ভূঞাই ৰমণী গাভৰুৰ আলমতে সেইকালৰ অসমীয়া ডা-ডাঙ্গবীয়াৰ স্বভাৱ-চৰিত্ৰ, স্বাৰ্থপৰতা আৰু উচ্চাকাঙ্খাৰ এখনি সুন্দৰ দাপোণ দাঙ্গি ধৰিছে । তাত প্রতিফলিত হৈছে জয়ধ্বজসিংহ মহাৰাজৰ পয়োভৰ-পৰাক্ৰম, লালুকৰ বিশ্বাসঘাতকতা, বাদুলিৰ আত্মচৈতন্য, সময়ৰ শৰ মৰাত আতন বুঢ়াগোহাঁইৰ আলম-বিলম, অসাৰ্মথ্য ৰজাই ৰাজ্যশাসন কৰাৰ বিষময় পৰিণাম, অসমীয়া আইদেও-কুঁৱৰীসকলে পৰিধান কৰা বস্তু-অলঙ্কাৰৰ ফৰ্দ্দ, চুবেদাৰ আজমতাৰাৰ কাহিনী, আৰু মোগল সাম্ৰাজ্যৰ সমসাময়িক ঘটনাৱলীৰ চমু আভাস, এইবোৰৰ বাহিৰেও নাটক-উপন্যাসৰ সমল আৰু ৰাজনীতি-সম্পর্কীয় টোপা-নীতিবে পুথিখন ভৰি আছে। বুৰঞ্জী শুকান জেওৰা; তাৰ ৰস উলিয়াই দিব পৰাটোৱেই ৰসগ্ৰাহী বৌৰঞ্জিকৰ কাম। এই কামত ডাক্তৰ ভূঞাদেৱ সম্পূৰ্ণ সফল হৈছে। আশা কৰোঁ, এই পুথিৰ অধ্যয়নে আমাৰ ডেকা-গাভৰু বুঢা-মেথা সকলোৰে চকু গজাব।
১৮৭২ শক।‘ ইং ১৪ এপ্ৰিল, ১৯৫১ | |
ৰমণী গাভৰু
পিতৃ জয়ধ্বজসিংহ স্বৰ্গদেৱ
অসম-মোগলৰ সংঘৰ্ষ-সুত্ৰে দুয়ো ৰাজ্যৰ মাজত যি লেনদেন হয় সেই লেনদেন-কাননৰ পৰিজাত ফুল হৈছে ৰমণী গাভৰু ।
অসমৰ স্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজ আছিল তেওঁৰ পিতৃদেৱতা, তেওঁৰ মাতৃ আছিল মোমাই-তামূলী বৰবৰুৱাৰ জীয়েক আৰু স্বৰ্গদেৱৰ তামুলী কুঁৱৰী পাহী গাভৰু, আৰু তেওঁৰ মোমায়েক আছিল শৰাইঘাট যুদ্ধৰ মহাৰথী বীৰ লাচিত বৰফুকন। ৰমণী গাভৰু পাচলৈ সম্রাট আগৰংজেবৰ তৃতীয় পুত্ৰ চুলতান আজমতাৰাৰ এগৰাকী প্রধানা মহিষী হয়গৈ। গাভৰুৰ জীয়াৰী কালৰ আৰু এটা নাম আছিল নাংচেন গাভক, আক আওৰংজেব বাদশ্যাহৰ বোৱাৰীয়েক হবৰ কালত তেওঁৰ নাম আছিল ৰহমত বানু বেগম ॥
ৰমণী গাভৰুৰ দেউতাক জয়ধ্বজসিংহ মহাৰাজ আছিল বুঢ়াৰজা প্রতাপসিংহ স্বৰ্গদেৱৰ নাতিয়েক। ১৬৪১ খৃষ্টাব্দত, একুৰি-ওঠৰ বছৰ ৰাজত্বৰ পাচত, তিনি-কম এশবছৰ বয়সত প্রতাপসিংহ স্বৰ্গদেৱৰ মৃত্যু ঘটে। বীৰ-বিক্ৰম, ৰাজ্য-সংগঠন শক্তি, প্রজাবাৎসল্য, স্থিৰ বিবেচনা, ক্ষমা, মহানুভবতা আদি বিবিধ গুণৰ কাৰণে প্রতাপসিংহ মহাৰাজ অসমৰ ৰজাসকলৰ মাজত: এজন আদর্শ নৃপতি বুলি পৰিগণিত হৈছিল। এনে কি তেতিয়াৰ মানুহৰ এইটোও বিশ্বাস আছিল যে প্রতাপসিংহ স্বৰ্গদেৱ সাক্ষাৎ শিৱ, তেওঁৰ অস্থি অসমত থাকেমানে ইদেশৰ স্বাধীনতাত কোনেও ব্যাঘাত জন্মাব নোৱাৰে। পঁচিছ বছৰ ব্যাপী দীঘলীয়া ৰণৰ পাচত, ১৬৩৯ খৃষ্টাব্দত, অসম আৰু মোগলৰ সীমা ধাৰ্য্য হল উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি। সেই বন্দোবস্তমতে গোটেই কামৰূপ ৰাজ্য মোগলৰ ছত্রাধীন হল। মোগল ফৌজাদাৰে গুৱাহাটী বা হাজোত ৰাজধানী পাতি কামৰূপ ৰাজ্য শাসন কৰিবলৈ ধৰিলে। অসমীয়াই নোৱাৰিহে এই বন্দোবস্তত সন্মত হৈছিল। কামৰূপ ৰাজ্য উদ্ধাৰ কৰিবৰ কাৰণে অসমীয়াই ছল বিচাৰি ফুৰিছিল। যুদ্ধ-বিগ্ৰহ আৰু ৰাজ্য-সংগঠন আদি কাৰ্য্যত প্রতাপসিংহ স্বৰ্গদেৱৰ সোঁ-হাত আছিল শুকুটি মোমাই-তামূলী বৰবৰুৱা |
প্রতাপসিংহ স্বৰ্গদেৱৰ পাচজনা পুতেক আছিল,-_প্ৰথম, বৰজনা গোহাঁই ; দ্বিতীয়, লাচিত গোহাঁই ; তৃতীয় ত্যাওঙ্গি গোহাঁই ; চতুৰ্থ ঠানুৱা গোহাঁই; আৰু পঞ্চম, সৰুগোহাই। স্বৰ্গদেৱৰ জীবিত অৱস্থাতে পোনৰ দুজনা কোঁৱৰৰ মৃত্যু হোৱাত, ত্যাওঙ্গি গোহাঁয়ে সিংহাননত বহি আহোমমতে নাম ললে চুৰমফা, আৰু হিন্দুমতে জয়াদিত্যসিংহ। এওঁৰ দুটা অপকৰ্মৰ নিমিত্তে প্রজাসকলে বিষম অপমান আৰু অসন্তোষ পাইছিল। এও লৰীমাকৰে সৈতে ঘৰবসতি কৰিছিল। এই কথা ডাঙ্গবীয়াসকলে সহিব নোৱাৰি এদিনা ৰজাদেৱ চৰাইদেও পৰ্ব্বতলৈ যাওঁতে তাৰ হাটৰ গছৰ ওপবত মানুহ তুলি তাহাঁতৰ হতুৱাই চৰায়ে মতাহেনকৈ মতোৱালে, বোলে,--"তই ৰজা হৈ অন্যায় কৰ, তোৰ শ্ৰী হত হব।” ইয়াকে শুনি ভয় খাই ৰজাদেৱে উলটি আহি লৰীমাকক এৰিলে আক ভঁৰালী চেটিয়াৰ ফৈদৰ পেটকামূৰীয়াৰ জীয়েকক বৰকুঁৱৰীকৈ ললে। কুঁৱৰীৰ কিঞ্চিত বচনো ৰজাদেৱে পেলাব নোৱাৰিছিল, আৰু কুঁৱৰীৰ, নিমিত্তে ৰাজচৰ্চ্চাকো কৰিব নোৱাৰিছিল। কুঁৱৰীয়ে আগৰজনা গিৰিয়েকৰ ককায়েকৰ লৰা এটিক পুত্ৰৱতে তুলিছিল, জয়াদিত্য ৰজায়ো সেই লৰাটিক পুত্ৰৱতে দয়া কৰি ৰজা পাতো বুলিছিল। কিছুদিনৰ পাচত লৰাটি ঢুকুৱাত কুঁৱৰীৰ কথামতে স্বৰ্গদেৱে ডাঙ্গৰীয়া-ফুকনৰ লৰা ন-টাক তোলনীয়া লৰাৰ লগত মৈদামত জীয়াই-জীয়াই থবলৈ দিহা কৰিছিল। ইয়াকে সহিব নোৱাৰি জয়াদিত্যক ৰজা ভাঙি ভায়েক ঠানুৱা গোহাঁইক সিংহাসনত বহুৱালে। জয়াদিত্য ৰজা ভগা-ৰজা বুলিহে প্ৰখ্যাত হৈছিল।
ঠানুৱা গোহাঁই ৰজা হৈ আহেমমতে নাম ললে চুত্যিংফা। এওঁ ৰুগীয়া-বেথীয়! মানুহ আছিল দেখি মানুহে এওঁক নৰিয়া ৰজা বুলিছিল। বুৰঞ্জীত এওঁৰ বিষয়ে আছে,--“পাচে ৰজাদেৱৰ ভৰণ-পাতি লওঁতে দৰব-জাতি খাওঁতে একপৰ হয়, গা ধোওঁতে এপৰ হয়, নিয়মৰ বেলিত মেল দিব নোৱাবে, কোনোদিনা ফুকনবোৰক ভাত মাতিলৈ নমাই দিব দিয়ে, সেই দিনৰপৰাহে মাটিমেল হল। নুৱৰীয়া নিমিত্তে কঙ্কাল হালি গল, এতেকেহে কেকোবা ৰজা নাম হল।” ৰজাই গা অসুস্থ হোৱাৰ কাৰণে ৰাজকাৰ্যলৈ মন দিব নোৱাৰাত মন্ত্ৰী আৰু কুঁৱৰীৰ হাতত তেওঁ পুতলাৰ নিচিনা হল, আৰু তেওঁলোকৰ ইচ্ছামতে কাম কৰিবলৈ ধৰিলে।
নৰিয়া ৰজাৰ তিনি গৰাকী কুঁৱৰীৰ ফালৰ তিনিজন পুতেক আছিল,-_ প্ৰথম লাকো বৰপাত্ৰ গোহাঁইৰ জীয়েকৰ পুতেক লাপলুপ গোহাই; দ্বিতীয়, সৰিয়হ বুঢ়াগোহাইৰ ভনীয়েকৰ পুতেক কুকুৰেখোৱা গোহাই; আৰু তৃতীয়, সৰিয়হ বুঢ়াগোহাইৰ জীয়েকৰ পুতেক চাওচাম বা খহৱা গোহাই। ইয়াৰ ভিতৰত সৰিয়হ গোহাইৰ ভনীয়েক দাঁতিনী উগ্ৰস্বভাৱৰ তিৰোতা আছিল। লাপলুপ গোহাঁয়ে ককাদেউতাক লাকো বৰপাত্ৰেৰে যোত্ৰ হৈ দ্ৰোহ কৰিব খুজিছে বুলি এইজনা কুঁৱৰীয়ে ৰজাদেৱত কথা লগাই লাগলুপ গোহাঁই আৰু লাকো বৰপাত্ৰক সপুত্ৰ-বান্ধৱে বধ কৰালে। কুঁৱৰীয়ে এদিন খহুৱা গোহাঁইক ভাত খাবলৈ মাতি নি ভাতৰ পাতত বহোঁতে গালৈ শেল মাৰি পঠিয়াইছিল, কোঁৱৰ কথমপিহে ৰক্ষা পৰিল। কুঁৱৰীয়ে আৰু অনিষ্ট কৰে বুলি নৰিয়া ৰজাই পুতেক খহুৱা গোহাঁইক পোনতে হেমনবাৰীত থলে, পাচলৈ ভোগবাৰী গাৱঁত পাতিলেনি।
সৰিয়হ গোহাঁইৰ ভনীয়েক বৰকুঁৱৰীৰ প্ৰতিপত্তি বঢ়াত পুতেক কুকুৰেখোৱা গোহাঁয়ে কালৈকো কেৰেপ নকৰি মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে। —"গৰ্ভাৱতী স্ত্ৰীক দেখিলে ধৰি আনি কুকুৰৰ হতুৱাই গৰ্ভ ফলাই লৰা চাইছিলে। অন্য স্ত্ৰীক ধৰি আনি জাতি ভ্ৰষ্ট কৰিছিল। দঁতুৱা মানুহ দেখিলে কটাৰীৰ নাল দিব লাগে বুলি দাঁত কাটি লৈছিল। অন্য তিৰোতাৰ দেহৰ অংশ কাটি নি তেওঁৰ তিৰোতাক দিছিল। ফুকনবোৰৰ দোলাত কুকুৰ তুলি পহু নাৰিবলৈ গৈছিল। ফুকনবোৰে সাজ খাবলৈ গলে চৰাইলৈ বুলি গালৈ বাটলুগুটি মাৰিছিল।” কুকুৰেখোৰা গোহাইৰ অত্যাচাৰ অসহ্য হৈ পৰাত আৰু ৰজাদেৱে বৰকুঁৱৰীৰ ভয়ত একো হঁকাবঁধা নকৰাত ডাঙ্গৰীয়াসকলে নৰিয়া ৰজাক.ভাঙ্গি পুতেক খহুৱা গোহাইক ৰজা পাতিলে, আৰু বাপেক ভগাজনা ৰজাক পোনতে বনজখায আৰু পাচলৈ ৰমণীবজাৰত ৰোজবাজ দি থলে।
ৰজা হৈ খহুৱা গোহায়ে আহোম মতে নাম ললে চুতামলা, আৰু হিন্দুমতে নাম ললে জয়ধ্বজসিংহ। মাক আইকুঁৱৰীদেৱ নৰিয়া ৰজাৰ তালৈ অহা যোৱা কৰি আছিল। নৰিয়া ৰজাই আইকুঁৱৰীদেৱৰ মুখে পুতেক জয়ধ্বজসিংহলৈ উপদেশ দি পঠিয়াইছিল, বোলে,--“পুতেৰ ৰজা হৈছে ভালেই হৈছে, মোৰো এয়ে মনস্থ। কিন্তু মোৰ নিচিনাকৈ মন্ত্ৰীৰ বশ.নহব। পুৰণি খুটা কেইটা সলাই ললেহে দিনচাৰেক ৰজা হৈ ৰাজ্য খাব পাৰিব। আক ৰাজ্যক প্রতিপাল কৰিব, দুষ্ট লোকৰ কথা নলব, সামান্য মানুহক ভিতৰুৱালকৈ নলব, লৰা মানুহক বিষয়া নাপাতিব, গুণত পূজা, দোষত দণ্ড কৰিব।” ৰাজমাৱে দিনে-দিনে খুটা সলোৱা কথা পুতেক জয়ধ্বজসিংহক কোৱাত ডাঙ্গৰীয়াসকলে ন-জনা ৰজাৰে পৰামৰ্শ কৰি চাংমাইৰ হতুবাই নৰিয়া ৰজাক গৰল পান কৰাই মৰালে। এইদৰে পাতকৰ অভিসম্পাত শিৰত লৈ স্বৰ্গদেৱ জয়ধ্বজসিংহই ৰাজত্বৰ সূচনা কৰিলে।
ইয়াৰ পাচত স্বৰ্গদেৱৰ কাঁড়ী মানুহে শিঙ্গৰীঘৰৰ খুটাৰ কাৰণে গছ বিচাৰি ফুৰাত হাবুঙ্গত ব্ৰাহ্মণ এজনৰ বাৰীত এজোপা ডাঙ্গৰ কঠাল গছ কাটিব খুজিলে। বামুণে এৰি নিদিয়াত কাড়ীয়ে স্বৰ্গদেৱলৈ জনাই পঠিয়ালে। ৰজাই গছ কাটিবলৈ আদেশ দিয়াত কাঁড়ীয়ে কঠাল গছ কাটিবলৈ অহাত বামুণে গছ সাৱটি ধৰিলে। কাঁড়ীয়ে বামুণে সহিতে গছ কাটিলে। ৰজাই শুনি কাড়ীক দণ্ড কৰিলে। এইদৰে ব্ৰাহ্মণবধ পাতকো স্বৰ্গদেৱৰ সিদ্ধ হল।
কিছুদিনৰ পাচত সচঙ্গ লবৰ মনেৰে স্বৰ্গদেৱে কুৰুৱাবাহীৰ পৰা নিৰঞ্জন পাঠকক আনি তেওঁতে শৰণ লৈ ৰাজগুৰুৱে নাম-প্রসঙ্গ কৰিবৰ কাৰণে মাজুলিত থান পাতি আউনীআটী সত্ৰ নাম দিলে। স্বৰ্গদেৱ বৰকুঁৱৰী কুসুমী বেঙেনাআটিৰ সেৱকীয়া হল। স্বৰ্গদেৱে ভকতীয়া হৈ ভটীয়াপাৰত পুখুৰী খানি তাক হিন্দুমতে উছৰ্গা কৰিলে। এওঁৰ দিনৰপৰাই হেন্দুৱান আখৰেৰে সিংহ-পহুৰে আঠচুকীয়া কাপৰ মোহৰ প্রচলিত হল। জয়ধ্বজসিংহ মহাৰাজৰ দিনৰপবা আহোম ৰাজপৰিয়ালত হিন্দুধৰ্ম্মৰ প্রভাব বিশেষকৈ বন্ধমূল হল।
আইকুঁৱৰীদেৱৰ দেউতাক আছিল খামুন, আৰু বৰদেউতাক আছিল চেংমুন। এওঁলোক দুয়োজন আছিল নেওগ গোহাঁই বৰফুকনৰ পুতেক। খামুন পোনতে আছিল চাওদাঙ্গৰ বৰুৱা, পাচলৈ তেওঁ নাওবৈচা ফুকন আৰু ৰাজমন্ত্ৰী ফুকন হয়গৈ, বুৰঞ্জীত এওঁ গড়গঞা ৰজাশহুৰ বুলি প্ৰখ্যাত। ককায়েক চেংমুন নামনিয়াল ৰজাশহুৰ কলিয়াবৰত বৰফুকন হয়। কুহুমী বৰকুঁৱৰীৰ বায়েকক বিয়া কৰিছিল পুখুৰীপৰীয়া বুঢ়াগোহাঁই- ফৈদীয়া ডেকা হাতী-মাউত এজনে। আইদেৱে এদিন ভনীয়েকক চাবলৈ অহাত জয়ধ্বজ সিংহ ৰজাদেৱে দেখি তেওঁৰ ৰূপত মুগ্ধ হল, আৰু জেশাহুয়েকক ঘৰলৈ যাবলৈ নিদি লুকুৱাই ৰাখি তেওঁৰে সৈতে গোপনে সাক্ষাৎ কৰিবলৈ ধৰিলে। এই সময়ত, কাম-পীড়াত জৰ্জড়িত সাধাৰণ চেঙ্গেলীয়া ডেকা লৰাৰ আচৰণ আৰু স্বৰ্গদেৱৰ আচৰণৰ কোনো পাৰ্থক্য দেখা নগৈছিল। কুসুমী বৰকুঁৱৰীয়ে ৰজাদেৱক কলে,—“পৃথিবীৰ উপৰি স্বৰ্গদেৱ হৈছে, মোৰ বাই তোৰ জেশাহুৱেৰ, তেওৰে এনে কৰ্ম্ম কৰ, লাজ-কাজ ধৰ্ম্ম-মৰ্যাদা ক'ত থলি?” কথাষাৰ আৰু প্ৰজ্জ্বলিত হয় বুলি ভাবি গড়গঞা ৰজাশহুৰে বৰজনী জীয়েকক গিৰীয়েকৰ পৰা এৰুৱাই আনি স্বৰ্গদেৱৰ চাঙ্গত তুলিলেনি, স্বৰ্গদেৱে তেওঁক পৰ্ব্বতীয়া কুঁৱৰী পাতিলে। কিছুদিনৰ পাচত স্বৰ্গদেৱে চাওদাং পঠিয়াই পৰ্ব্বতীয়া কুঁৱৰীৰ প্ৰথমজনা গিৰীয়েকক বধ কৰালে। স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ ইয়ো এটা অকৰ্ম্ম হল।
এইদৰে পাপৰ বোজা গধুৰ হৈ পৰাত জয়ধ্বজসিংহই কলে,—“বুপাক মাৰি পিতৃবধী হলোঁ, বামুণ এটায়ো কঠালৰ গছ সাৱটি ধৰাত কাটিলে। মই যজ্ঞ কবি পাপ গুচাওঁ।” এই বুলি লুইতৰ উত্তৰপাৰে গালপোৰাঘাটত পণ্ডিত ব্ৰাহ্মণ আৰু ভাল মহন্ত চপাই সাদিন সাতৰাতি সবাহ কৰি তুলসী দুই লক্ষ দিয়াই ডাঙ্গৰকৈ যজ্ঞ পাতিলে।
এনে সময়ত মোগল সাম্ৰাজ্যত এটি নতুন পৰিস্থিতিয়ে দেখা দিলে। স্বৰ্গদেৱ জয়ধ্বজ সিংহই এই অৱস্থাৰ সুযোগ লৈ পৰাক্ৰম আৰু দক্ষতাৰে মাতৃভূমি অসমৰ গৌৰৱ-সম্মান ওভোতাই আনিলে, সেই কাৰণে তেওঁৰ দেশপ্ৰেম আৰু কাৰ্যকুশলতা অসমীয়াৰ আদৰণীয় হৈ থাকিব। অৱশ্যে, অন্যান্য কাৰ্য্যাৱলীৰ পৰা জয়ধ্বজ সিংহৰ এই সুখ্যাতি কিছু পৰিমাণে স্নান হৈ পৰিছিল।
১৬৫৭ খৃষ্টাব্দৰ চেপ্টেম্বৰ মাহত মোগল সম্ৰাট শাহজাহান বাদশাহৰ টান নৰিয়া হোৱাত তেওঁৰ চাৰিজনা পুতেকৰ মাজত দিল্লীৰ সিংহাসনৰ কাৰণে খোৱা-কামোৰা লাগিল। দ্বিতীয় পুত্ৰ চুলতান শাহ্-চূজা তেতিয়া বঙ্গ আৰু উৰিষ্যাৰ চুবেদাৰ হৈ ৰাজমহলত আছিল। চুজাই সীমান্তৰ থানাবিলাকৰ পৰা সৈন্য তুলি আনি এক বিৰাট বাহিনীৰে সৈতে আগ্ৰা অভিমুখে যাত্ৰা কৰিলে। তৃতীয় পুত্ৰ আওৰংজেবে ককায়েক দাৰা ছুকহ আৰু ভায়েক মুৰাদ বক্ছক পৰাস্ত কৰি দিল্লীৰ ৰাজপাটত বহিল, জুলাই ১৬৫৮। কেমাহমানৰ পাচত খাজোৱা নাদে ঠাইত আওৰংজেবৰ হাতত চুজা পৰাস্ত হল। আওৰংজেবৰ বন্ধু ধনকুবেৰ মহাচক্ৰী যোদ্ধা নবাব মীৰজুমলাই চুজাক খেদি ঢাকা পোৱালেনি, তাৰ পৰা চুজা আৰাকানলৈ পলাই গল, মেই ১৬৬০। চুজাৰ সলনি নবাব মীৰজুমলা বঙ্গৰ চুবেদাৰ নিযুক্ত হল। এই খিনিতে, অইন ঠাইত নোপোৱা এষাৰ কথা প্ৰাচীন অসম বুৰঞ্জীত পোৱা যায়, — মগৰ দেশ আৰাকানলৈ যোৱাৰ পূৰ্ব্বে চুজাই হাজোৰ গড়ুড়াচলৰ পোৱা-মক্কাত কিছুদিন আছিল। হাজোৰ এটা নাম আছিল চুজাবাদ। বুৰঞ্জীত আছে,— “আওৰং বাদশাহ যুদ্ধ জিকিলত চুজা দিল্লীত ৰক্ষা নাপাই উজাই আহি চুজা হাজোৰ গড়ুড়াচলত থাকি মোকাত মাটি-মানুহ দি মগত সোমালগৈ।”
ওপৰজনা চুহুংমুং দিহিঙ্গীয়া ৰজাৰ দিনত চনখান ঘৰসন্দিকৈ আৰু গড়গঞা ডেকাৰজাই কৰতোয়া নৈলৈকে গোটেইখন ৰাজ্য অসমৰ বশৱৰ্ত্তী কৰিছিল। ১৬৩৯ খৃষ্টাব্দৰ সন্ধিৰ মতে অসমৰ সীমা কোঁচ খাই বৰনদীত পৰাত ৰজা-প্ৰজা সবলোৱে দুখ পাইছিল। চুলতান চুজাৰ যুদ্ধত সীমান্তৰ থানাবোৰ এক প্ৰকাৰে ৰখীয়াবিহীন হোৱাত স্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজে ভাবিলে এই সুযোগ এৰা উচিত নহয়। দিল্লীৰ সিংহাসনৰ কাৰণে চাৰি ভায়েকৰ কন্দল লগাত স্বৰ্গদেৱে কলে, – “পূৰ্ব্বে কৰতীয়া-গঙ্গালৈকে আমাৰ গড়গঞা ৰজাদেৱে লৈ মঠ পুখুৰী সাজি চিন থৈ আহিল। পৰে বাদচাহে ললে। এতিয়া এই ছলতে আমি লব লাগে।”
এই বুলি স্বৰ্গদেৱে লাপেতি ফুকন, লাহন ফুকন, ফুলবৰুৱা ফুকন আৰু বাদুলি ফুকন, এই চাৰি সেনাপতিক সৈন্য-সামন্ত দি কামৰূপ ৰাজ্য মাৰিবলৈ পঠিয়ালে। তেওঁলোকেও কামৰূপ উদ্ধাৰ কৰি ঢাকাৰ সমীপবৰ্ত্তী হাতীচলা বৰীতলা পৰ্য্যন্ত ৰাজ্য মাৰি অসমৰ বশবৰ্ত্তী কৰিলে। গুৱাহাটীত থকা মোগলৰ ফৌজাদাৰ মীৰ লুৎফুল্লা ছিৰাজীয়ে নিজ থানা এৰি ঢাকালৈ পলাই গল, নভেম্বৰ ১৬৫৮। কোচৰ পৰা অহা সেনাপতি ভৱানাথ কাজিয়েও উপায় নাপাই ৰণ এৰি নিজ দেশলৈ গুচি গল। কামৰূপৰ কাৰণে সদাই বঙ্গালৰে সৈতে অসমৰ দ্বন্দ্ব-কন্দল নুগুচে বুলি মেধি আৰু দেৱলীয়াৰ বাহিৰে সৰুসোণকোহ পৰ্যন্তে সকলো প্ৰজা স্বৰ্গদেৱৰ আজ্ঞাৰে পিচাই চেটিয়াই উজনী অসমত পাতিলে, মাৰ্চ ১৬৫৯। ইয়াৰ ফলত ডেৰবছৰমান কামৰূপ ৰাজ্য হাবি হৈ আছিল। সেই দিনৰ পৰা সোণকোহ সীমা কৰি পৰীক্ষিতৰ ৰাজ্য অসমৰ স্বৰ্গদেৱৰ অধীনস্থ হল। ভাৰতৰ পূৰ্ব্ব-অঞ্চলত মোগলৰ শক্তি ক্ষীণ হৈ অহাত কৰতলীয়া কোচবেহাৰৰ ৰজা প্ৰাণনাৰায়ণেও স্বয়ংরুপে প্ৰৱৰ্তিবলৈ ধৰিলে।
দিল্লীৰ সিংহাসনত গজগজীয়াকৈ বহি আওৰংজেব বাদশ্যাহে পূৰ্ব্ব- ভাৰতত মোগলৰ লুপ্ত গৌৰৱ পুনৰ সংস্থাপিত কৰিবৰ কাৰণে বঙ্গৰ নতুন চুবেদাৰ নবাব মীৰজুমলাক আদেশ দিলে। মীৰজুমলাই ১২০০০ অশ্বাৰোহী, ৩০০০০ পদাতিক সৈন্য, আৰু ৩২৩ খন হিলৈচৰা ঘোৰাৰ নাও লৈ ১৬৬১ খৃষ্টাব্দৰ পহিলা নভেম্বৰৰ দিনা ঢাকাৰ সমীপবৰ্ত্তী খিজিৰপুৰ বন্দৰৰ পৰা কোচবেহাৰ আৰু অসমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰিলে। ১৯ ডিচেম্বৰৰ দিনা মীৰজুমলাই কোচবেহাৰৰ ৰাজধানী অধিকাৰ কৰিলে, প্ৰাণনাৰায়ণ ৰজাই নগৰ এৰি পলাই ভোটান্তত আশ্ৰয় ললেগৈ। তাৰ পাচত মীৰজুমলা সসৈন্যে অসম-অভিমুখে ৰাওনা হল।
মীৰজুমলাৰ হাতত ৰমণী গাভৰু সমৰ্পণ
১৬৬২ খৃষ্টাব্দৰ আদি ভাগত মোগলৰ সেনাপতি নবাব মীৰজুমলাই অসম আক্ৰমণ কৰে। নামনিৰ মানাহামুখ, পাঞ্চৰতন, পাণ্ডু, শৰাইঘাট, কাজলী আদি ঠাইত মোগলে বিশেষ প্ৰতিবন্ধক নাপালে। ইয়াৰ কাৰণ হৈছে, কায়স্থকুলীয়া মনথিৰ ভঁৰালী বৰুৱাক স্বৰ্গদেৱে পৰ্ব্বতীয়া ফুকন পাতি যুদ্ধৰ চৰ্দাৰ নিযুক্ত কৰিছিল। ইয়াতে অসন্তুষ্ট হৈ নামনিয়াল ৰজাশহুৰ বৰফুকন প্ৰমুখ্যে আহোম সেনাপতিসকলে যুদ্ধলৈ মন এৰিছিল। তাৰ পাচত ঘুটিঘুৰূৱা, শিমলুগড়, চামধৰা, কলিয়াবৰ, পোতাকলঙ্গ, কুকুৰাকটা আদি ঠাইত অসমীয়াই যুদ্ধ কৰি নোৱাৰাত মীৰজুমলা নবাবে ৰাজধানী গড়গাওঁ নগৰৰ পোনে আগবাঢ়িবলৈ ধৰিলে।
বিদেশী আহি ৰাজধানীৰ সমীপবৰ্ত্তী হোৱাত স্বৰ্গদেৱ জয়ধ্বজ সিংহই বৰকুঁৱৰীৰ হাতত ধৰি কান্দিবলৈ ধৰিলে। পাচে নগৰ এৰি নামৰূপৰ চৰাইখোৰোঙ্গত আশ্ৰয় ললেগৈ। বাটত যাওঁতে স্বৰ্গদেৱে বকতাত এদিন থাকে। সেই ৰাতি বতাহ বৰষুণ হোৱাত স্বৰ্গদেৱে কষ্ট পাই আইকুঁৱৰীদেৱক কৈছিল,--“মোক কামৰূপ ৰাজ্যৰ শাপে চুলে । তহঁতেও সকলোৱে উদগালি। যদি দুই-একে হাক দিলিহেতেন মইনেকি এনে কাম কৰোঁ ?” তাৰ পাচত বাইচা গাৱঁত থাকোঁতে ঘৰত জুই লগাত স্বৰ্গদেৱে কৈছিল,— “ফুকনে মোলৈ জনাই আছিল। বছৰি দুঠাইত একো চপৰা মাটি দিয়া হলে মোৰ এনে অৱস্থা কেলেই হবলৈ পায়।” দলৌগুৰি পাওঁতে পোহাৰীয়ে পলৰীয়া ৰজাক লগ পাই কলে,— "স্বৰ্গদেৱ, তুমি ৰং-আনন্দতহে মন দিলা! এই পোন্ধৰ বছৰে যদি দিব লগা ঠাইত পোন্ধৰ চপৰা মাটি দিলাহেতেন তোমাৰ কিয় এনে অৱস্থা হবলৈ পায়? আমাক কত এৰি থৈ যোৱা?” চৰাইদেও পাই দেৱতাক সেৱা কৰি ৰজাদেৱে কলে, “তুমি মোক ইবাৰ ৰক্ষা কৰি এই ঠাইলৈ আনিবা যদি তেবে ইয়াৰ বিচাৰ কৰাবা। যাক যাক ভাল খুৱালোঁ পিন্ধালোঁ তাৰ মুখত এই কথা নাপালোঁ, এতিয়া আপদ-কালত পোহাৰীৰ মুখতহে পালোঁ! নাজানো ইষ্টদেৱ, তুমি কেনে অৱস্থা কৰা!” ৰাজ্যৰ দুর্দিনত নগৰ এৰি পলাই যোৱাৰ নিমিত্তে মহাৰাজ জয়ধ্বজসিংহ স্বৰ্গদেৱ “ভগনীয়া ৰজা” নামে পাচত জনাজাত হয়।
১৭ মাৰ্চৰ দিনা মীৰজুমলা নবাবে গড়গাওঁ অধিকাৰ কৰি স্বৰ্গদেৱৰ কাৰেঙ্গত বাস কৰিবলৈ ধৰে। তাৰ পাচত গড়গাওঁ নগৰৰ ওচৰে-পাঁজৰে সকলো ঠাইতে থানা পাতি সৈন্য থৈ মীৰজুমলাই অসমত পাদশ্যাহী আমোল প্ৰৱৰ্ত্তাৱলৈ চেষ্টা কৰিলে। এইবাৰ অসমীয়াৰ দগা-যুদ্ধৰ সময় আহিল।
অসমীয়া প্ৰজা আৰু সৈন্যই মোগলক নানান প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ ধৰিলে, তেওঁলোকে মোগলৰ ৰচদ্-পাতি অহাৰ বাট-পথ ৰোধ কৰিলে, আৰু ধান-চাউলৰ গোলা-গঞ্জ পুৰি নষ্ট কৰি পেলালে। খোৱা বস্তুৰ অভাৱত মোগল সৈন্যই অশেষ লেকাত ভুঞ্জিবলৈ ধৰিলে। দগা দি ৰণ কৰি ফুৰা অসমীয়াৰ হাতত বিস্তৰ মোগল সেনা মৃত্যু-মুখত পৰিল, জ্বৰগ্ৰহণীতো বহুত মানুহ মৰিল। লগত অহা মোগল কাকতীয়ে লিখা বুৰঞ্জীৰ ভাষাৰে কবলৈ গলে, “আমীৰসকলে দিল্লীৰ পোনে হেপাহৰ চকুৰে চাই আছিল, আৰু সৈন্যসকলো লৰা-তিৰোতাৰ কাৰণে ব্যাকুল হৈ পৰিছিল।”
ইমান কষ্ট-যন্ত্ৰণা স্বত্বেও মোগলৰ বল ক্ষীণ নহল। সেই বিষয়ে অসমীয়া বুৰঞ্জীত আছে, – “অভয়পুৰ দিহিং আদি কৰি গুৱাহাটী পৰ্যন্তে বঙ্গাল ব্যাপি আছে। পাছে আহামৰ সেনাপতিসকল ওলাই নাৱে-তৰে যৱনক যতে পাই ততে দগা দি কাটিছিল। দক্ষিণকোলে উত্তৰকোলে বঙ্গালক অবিচ্ছেদ কাটে। এই মতে ন-মাস গল। তথাপি যৱন বিমুখ নহল।” সেই সময়ত মোমাই তামুলী বৰবৰুৱাৰ পুতেক বাদুলি ফুকন আৰু হৰিডেকাৰ পুতেক জগৎৰাম আদি কৰি কেবাজনো অসমীয়া সেনাপতিয়ে মীৰজুমলাৰে সৈতে মিত্ৰতা কৰি দেশবাসীৰ স্বাৰ্থ বিসৰ্জন দিছিল।
সোণৰ সঁফুৰা অসম ৰাজ্যৰ সোঁ-মাজত বিদেশীৰ পয়োভৰ সহিব নোৱাৰি পাত্ৰ-মন্ত্ৰী বিষয়াসকলে থিৰ কৰিলে, – “যি উপায়েৰে হওক, বঙ্গালক কৰ-ভাৰ পেচকচ দি সম্প্ৰতি নিজ দেশলৈ ওভোতাই পঠোৱা যাওক। পাচে পৰে সুবিধা বুজি বঙ্গালৰ পৰা স্বতন্ত্ৰ হবলৈ চেষ্টা কৰা যাব।” স্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজেও কৈ পঠিয়ালে, “সিবোৰে যেনেকৈ পাৰে কথাবাৰ্ত্তা হৈ বঙ্গালক ওভোতাই পঠাওক। যদি পঠিয়াব নোৱাৰে মই নৰালৈ যাম।” মোগলৰ সেনাপতি মীৰজুমলাই কলে,— “ই ৰাজ্য পাৎশাহী বৈয়ত হল। সিবোৰে মনে জানি এই ৰাজ্যত কতনা টকা উঠে আমাত বুজাই ৰাজ্য ৰাখক, তেহে ফিৰি যাওঁ। নহলে স্বৰ্গ- মহাৰাজা যেই ঠাইকে যায় সেই থাইকে হামু খেদি যাম।”
তাৰ পাচত দুয়ো পক্ষৰ কটকী চলাচল হবলৈ ধৰিলে। সাৱশেষত নবাব মীৰজুমলাই কলে, – “স্বৰ্গ-মহাৰাজাই পাৎশ্যাহলৈ তিনি লাখ টকা আৰু নব্বৈইটা হাতী পেচ্কচ্ দিয়ক, আৰু মহাৰাজাৰ জীয়েক এটি পাৎশ্যাহৰ বেটালৈ দিয়ক, ভেবে পাৎশ্যাহ খোচাল হৈব, আৰু সকলো কাৰ্য্য হাচিল হৈব।” এই প্ৰস্তাৱ শুনি স্বৰ্গদেৱে বৰ দুখ কৰি কলে, -- “নব্বৈ হাতী তিনি লাখ টকা দিও যে মোৰ জীক বঙ্গালত দিব লাগিল ইয়াতকৈ ডাঙ্গৰ সন্তাপৰ কথা আৰু কি হব পাৰে? ” ইয়াৰ উত্তৰত আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াই কলে,— “স্বৰ্গদেৱে ইয়াত আৰু একো অসন্তোষ কৰিব নালাগে। দেশস্থ প্রজা, গো-ব্রাহ্মণ, সাধু সকলো ৰক্ষা পৰক। স্বৰ্গদেৱতাৰ পুলিন-পুথাওৰ সোণীয়া-ৰূপীয়া ৰাজ্য ৰাখিবৰ কাৰণে এজনা আইদেৱক দি সকলোকে ৰক্ষা কৰা ভাল হেন দেখি।”
অৱস্থাৰ সোঁতত পৰি নিজ ৰাজ্যৰ মঙ্গলৰ নিমিত্তে ৰমণী গাভৰুক মোগল বাদশ্যাহৰ অন্দৰমহললৈ পঠিয়াবলৈ স্বৰ্গদেৱ জয়ধ্বজ সিংহ অগত্যা বাধ্য হল। স্বৰ্গদেৱে কলে,— "মোৰ জীক অলপ বস্তুৰে দিব নোৱাৰি । অলঙ্কাৰ এৰি মোৰ মনে সোণ কুৰি হেজাৰ, ৰূপ কুৰি হেজাৰ, হাতী একুৰি, বন্দী এশ, বেটী এশ, এই মান দিলেহে ভাল হব।” বঙ্গালৰ আধিপত্যৰ পৰা নিজ দেশ মুক্ত হোৱাৰ আগন্তুক দেখি বুঢ়াগোহাঁই ডাঙ্গৰীয়াই কলে, "স্বৰ্গদেৱ নৰেশ্বৰ ঈশ্বৰ, উদয়গিৰিৰ পাৎশ্যাহ, স্বৰ্গদেৱৰ জী দিল্লীৰ পাৎশ্যাহলৈ নিব, আমিও ৰাজ্য ৰক্ষা পৰিম, দেশ-দেশান্তৰ লোকেও শুনি সন্তোষ পাব, পাৎশ্যাহেও শুনি সন্তোষ পাব।”
১৫৮৪ শকৰ মাঘ মাহত তিপানৰ ঘিলাঝাৰী-ঘাটত অসম আৰু মোগলৰ সন্ধিৰ কাকত স্বাক্ষৰিত হয়। এই সন্ধিৰ চৰ্ত্তমতে অসমে তলত লিখা পেচ কচ বঙ্গালক সোধাবলৈ গাত লয়,—একুৰি হেজাৰ তোলা সোণ, ছ-কুৰি হেজাৰ চিকা ৰূপ, একুৰি হাতী, তাৰ লগত স্বৰ্গদেৱৰ জীয়েক আৰু তিপাম ৰজাৰ জীয়েক বাদশাহৰ মহললৈ দিব; এই সন্ধিৰ ফলত উত্তৰে ভড়বী দক্ষিণে কাজলী সীমা কৰি মানাহালৈকে এই গোটেইখন ৰাজ্য মোগলৰ খাচ দখলত থাকিব, আৰু মোগল ফৌজদাৰে গুৱাহাটীত থানা কৰি এই খণ্ড ৰাজ্য শাসন কৰিব। দেশ উবাৰ হোৱাত নব্বৈ হাতী আৰু তিন লাখ টকা তেতিয়া দিব নোৱাৰাত তাকে কিস্তি কৰি সেই মাঘৰ পৰা এবছৰৰ ভিতৰত চাৰিমাহৰ অন্তৰে অন্তৰে এক লাখ টকা আৰু ডেৰকুৰি হাতী সোধাবলৈ অসমে গাত ললে। নিৰ্দ্ধাৰিত পেচ্কচৰ টকা আৰু হাতী সম্পূৰ্ণকৈ নোসোধোৱালৈকে ওল স্বৰূপে বুঢ়াগোহাঁইৰ ভতিজাক; আৰু বৰগোহাঁই, বৰপাত্ৰ গোহাঁই আৰু ৰাজমন্ত্ৰীৰ পুতেক একোজন গুৱাহাটীত থকাৰ ব্যৱস্থা হল। কিছুদিনৰ পাচত অসম-মোগলৰ সীমা ধাৰ্য্য হল উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি। গাভৰুক উলিয়াই দিওঁতে চান্দৰায়, কমল আৰু গজলাই মীৰজুমলাৰ হাতত দিছিল পূৰ্ব্বৰ কবুলমতে সোণ ২০,০০০ তোলা আৰু ৰূপ ১২০,০০০ টকা।
মাঘৰ চাৰিদিন যাওঁতে শনিবাৰে ৰমণী গাভৰু আৰু তিপাম ৰজাৰ জীয়েকক স্বৰ্গদেৱে বাদশ্যাহৰ মহললৈ উলিয়াই দিলে। বুঢ়াগোহাঁই আৰু ৰজাশহুৰ ৰাজমন্ত্ৰীয়ে নিজে গৈ তিপামৰ পানীফাটত নবাব মীৰজুমলা আৰু দিলেৰ খাঁৰ হাতত গাভৰু দুগৰাকীক সমৰ্পণ কৰিলে। তেওঁলোকৰ লগত গৈছিল অসমৰ পক্ষৰ পৰা চান্দৰায়, গজলসুতীয়া আৰু কমল; আৰু বঙ্গালৰ পক্ষৰ পৰা গদাই আৰু ভবমল। লাখটকীয়াৰ শঙ্কৰ বৰাও অনেক ভাল মানুহ সৈতে লগত গৈছিল। গাভৰু দুগৰাকীক যথাযোগ্য সম্মানেৰে নবাব মীৰজুমলাই নিজৰ বাহৰুৰা অন্দৰমহলত ঠাই দিলে। সেই জানানামহলত মীৰজুমলাৰ বেগম প্ৰমুখ্যে পাচ-শ গৰাকী মহিলাই ঠাই পাইছিল। পেচ্কচৰ প্ৰথম অংশ টকা আৰু হাতী অসমৰ বিষয়াসকলে নিয়মমতে সোধোৱাত তেওঁলোকক নবাবে ধন্যবাদ দিলে। মীৰজুমলাই স্বৰ্গদেৱলৈ লিখিলে, – “আমি সসৈন্যে ভটীয়াই যাওঁ, তুমি ৰাজ্য ভোগ কবি আনন্দে থাকা।”
সেই মাঘ মাহতে নবাব মীৰজুমলাই দেৰগাওঁ এৰি লখৌগড়লৈ যাত্ৰা কৰিলে, তাতে নাও-নাৱৰা সমস্তে তৈয়াৰ হৈ আছিল। চাৰিদিনৰ মূৰত লখৌ এৰি নবাব গুৱাহাটী অভিমুখে ৰাওনা হল। গুৱাহাটীত ৰছিদ খাঁক ফৌজাদাৰ পাতি থৈ নবাব ঢাকালৈ ভটীয়াই যাবলৈ ধৰিলে। ঢাকা পোৱাৰ আগতে নৰিয়া পৰি খিজিৰপুৰৰ ওচৰত নাৱতে নবাব মীৰজুমলাৰ মৃত্যু হল। ইহতিচাম খাঁৰ তত্ত্বাৱধানত নবাবৰ সৈন্য-সামন্ত যৌতুক-উপায়ন আৰু অন্যান্য সা-সম্পত্তি যথাস্থানলৈ যাবলৈ ধৰিলে। মীৰজুমলাৰ ঠাইত দিলেৰ খাঁ বঙ্গৰ চুবেদাৰ নিযুক্ত হল। “বিয়াজুছ-চালাতিন” নামে বঙ্গদেশৰ ফাৰ্ছী ইতিহাসত লিখা আছে, বোলে, মীৰজুমলাৰ মৃত্যুৰ পাচত সীমান্তত থকা মোগল চকিবোৰৰ পৰা সৈন্য গুচি গল, কিন্তু অসম ৰজাৰ জীয়েক পেচ্কচৰ লগতে থাকিল, কাৰণ ৰজাই তেওঁক পুনৰ ঘৰলৈ ওভোতাই নিবলৈ মান্তি নহল।
গাভৰুৰ লগত অনুচৰ বন্দী-বেটীৰ উপৰিও মইনা নামে এজন বিশ্বাসী লগুৱা গৈছিল। স্বৰ্গদেৱৰ হৈ ভবানন্দ কটকীয়ে গাভৰুক ৰাজমহললৈকে আগবঢ়াই থৈছিল। যথাসময়ত ৰমনী গাভৰু আৰু তিপাম ৰজাৰ জীয়েক বাদশ্যাহৰ অন্দৰমহলভুক্ত হল। বিদেশৰ ৰাজজুমাৰী আহিলে তেওঁক বাদশ্যাহী হেৰেমৰ আদব-কায়দা মাত-কথা শিকোৱাৰ নিয়মীয়া ব্যৱস্থা আছিল। অসমৰ গাভৰু দুজনায়ো সেই শিক্ষা লাভ কৰিবলৈ ধৰিলে।
পিতৃ জয়ধ্বজ সিংহৰ ৰাজকাৰেং এৰি যাবৰ সময়ত গাভৰুৰ বয়স আছিল মাত্ৰ ছ-বছৰ। চেনেহৰ কুমলীয়া কন্যাক বিদেশলৈ পঠাব লগীয়া হোৱাত, নিজ ৰাজ্যৰ এছোৱা বঙ্গালৰ পোনপতীয়া আধিপত্যলৈ যোৱাত, আৰু গধুৰ চই-পেচ কচ, সোধোৱাৰ ভাৰ মূৰত পৰাত জয়ধ্বজ সিংহ স্বৰ্গদেৱে বিষম দুখ আৰু অপমান পাইছিল। গাভৰুৰ শোকত স্বৰ্গদেৱৰ নিৰন্তৰে চকুপানী বৈছিল। এই শোকতে গৈ স্বৰ্গদেৱৰ মুদ্গৰ ৰোগ হল, সেই ৰোগতে বকতাত স্বৰ্গদেৱৰ মৃত্যু হল, ১৫৮৫ শক, কাতিৰ ২৫ দিন যাওঁতে বুধবাৰে। মৃত্যুৰ পূৰ্ব্বে ডাঙ্গৰীয়া ফুকন, ৰাজখোৱা সকলোকে ওচৰলৈ মাতি আনি স্বৰ্গদেৱে কৈছিল,—“মোৰ গা বিধাৰণ, ভালকে পোৱা নাই। এতেকে মই তোমালোক সকলোতে কৈছোঁ, — ভগাৰাজখন যিৰূপে ৰক্ষা পৰিব তোমালোক সকলে যুক্তি হৈ একমতিয়ে প্ৰৱৰ্ত্তি এজনাক আগত লৈ প্ৰতিপালন কৰিবা। আৰু বঙ্গাল শত্ৰুৰ বুকৰ শাল উদ্ধাৰ কৰিব পাৰিলে ভাল হয়।”
শৰাইঘাটৰ যুদ্ধ
জয়ধ্বজসিংহৰ মৃত্যুৰ পাচত চাৰিং-ৰজা সিংহাসনত বহি চক্ৰধ্বজ সিংহ নাম ললে। পেচ্কচৰ বাকী ধন আৰু হাতী সোধাবৰ কাৰণে মোগলে স্বৰ্গদেৱলৈ টানি পত্ৰ লিখিলে, আৰু স্বৰ্গদেৱলৈ অপমানজনক প্ৰস্তাৱ পঠিয়ালে। আত্মমৰ্যাদা ক্ষুণ্ণ হোৱাত মহাৰাজ চক্ৰধ্বজ সিংহই পাত্ৰ-মন্ত্ৰী আৰু বিষয়াসকলক কলে, – “বঙ্গালৰ অধীন হৈ থাকিবতকৈ মৰণেসে যুগুত। মোৰ পূৰ্ব্বীয় ৰজাসকল কেতিয়াও পৰৰ অধীন হৈ থকা নাছিল, আৰু মই কৰতলীয়া হৈ থাকিব নোখোজোঁ। মই স্বৰ্গনাৰায়ণদেৱ মহাৰাজৰ সন্ততি, বিদেশী বঙ্গালক কৰ-ভাৰ দিম কেনেকৈ?”
স্বৰ্গদেৱে প্ৰস্তাৱ কৰিলে গুৱাহাটীৰ পৰা বঙ্গালক খেদি কামৰূপ ৰাজ্য উদ্ধাৰ কৰিব লাগে। স্বৰ্গদেৱৰ প্ৰস্তাৱত ডা-ডাঙ্গৰীয়া বৰুৱা-ফুকন সকলো মাস্তি হল, আৰু মোগলক আক্ৰমণ কৰিবৰ নিমিত্তে বিপুল আয়োজন চলিল। ১৫৮৯ শকৰ কাতি, অৰ্থাৎ ১৬৬৭ খৃষ্টাব্দৰ নবেম্বৰ মাহত, মোমাই তামুলী বৰবৰুবাৰ পুত্ৰ সেনাপতি লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁই ৰাজমন্ত্ৰী ডাঙ্গৰীয়াৰ নেতৃত্বত অসমীয়া সৈন্যই গুৱাহাটীৰ পৰা বঙ্গালক খেদি মানাহা সীমালৈকে গোটেই কামৰূপৰাজ্য পুনৰ স্বৰ্গদেৱৰ ছত্ৰাধীন কৰিলে। গুৱাহাটীৰ ফৌজাদাৰ ছৈয়দ ফিৰোজ খাঁ আৰু তেওঁৰ পুতেক ছৈয়দ চাল্লা মীৰবকছীকো অসমে ধৰি বন্দী কৰি থলে। মহাৰাজ চক্ৰধ্বজ সিংহই যুদ্ধজয়ৰ বাৰ্ত্তা পাই হৰ্ষযুক্ত হৈ কলে, – “এতিয়াহে মই সুখেৰে ভাত এগৰাহ খাওঁ।”
অসমে গুৱাহাটী লোৱা বাৰ্ত্তা পাই আওৰংজেব বাদশাহে অম্বৰাধিপতি মীৰ্জ্জা-ৰাজা জয়সিংহৰ পুত্ৰ ৰামসিংহক সেনাপতি পাতি অসমৰ বিৰুদ্ধে সৈন্য পঠিয়ালে। সেই সৈন্য আহি ১৬৬৯ খৃষ্টাব্দৰ জানুয়াৰী মাহব আৰম্ভণিত মোগল অসমৰ সীমান্তবৰ্তী ৰঙ্গামাটি থানাত থিত হলহি। কিছুদিনৰ পাচত ৰজা ৰামসিংহই ৰঙ্গামাটি এৰি অসম সোমাই হাজোৰ ওচৰত সৈন্য-সামন্ত লৈ বাহৰ কৰি থাকিল। তাৰেপৰা তেওঁ লাচিত বৰফুকনলৈ উকিল পঠিয়াই কোৱালে, – “পূৰ্ব্বে আহ্লায়াৰ খাঁ নবাব আৰু বৰফুকনৰ পিতৃ মোমাই তামূলী বৰবৰুৱাই উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি এই সীমা নিবন্ধ কৰি গৈছিল। এতিয়৷ আমাক সেই সীমনা ফিৰাই দিয়ক, আমি উভতি যাওঁ।” অসমে কলে,—“ঈশ্বৰে যাক ৰাজ্য দিয়ে সিহে পায়। সম্প্ৰতি ঈশ্বৰে আমাক কামৰূপ ৰাজ্য দিছে। আমি কেনেকৈ এৰি দিওঁ?” দুয়ো পক্ষৰ ভিতৰত কটকী গতাগত হবলৈ ধৰিলে, আৰু সময়ে সময়ে ৰণো লাগিল। তথাপি বঙ্গালে গুৱাহাটী সোমাব নোৱাৰিলে। ১৬৭১ খৃষ্টাব্দৰ এপ্ৰিল মাহত বঙ্গালে ব্ৰহ্মপুত্ৰইদি গুৱাহাটী সোমাবলৈ চেষ্টা কৰাত, অশ্বক্ৰান্ত, কামাখ্যা, আন্ধাৰুবালি আৰু শুক্লেশ্বৰ এইখিনিৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পানীত নাৱৰ যুদ্ধ হয়। শৰাইঘাটৰ যুদ্ধত বঙ্গাল বিভঙ্গ হৈ অসম এৰি ভটীয়াই গল। পুনৰ অসম আক্ৰমণ কৰাৰ ইচ্ছাৰে পাচ বছৰ কাল খাপ লৈ থাকি অৱশেহত বিফলমনোৰথ হৈ ৰজা ৰামসিংহই ১৬৭৬ খৃষ্টাব্দত ৰঙ্গামাটি এৰি দিল্লীলৈ উভতি গল।
আজমতাৰাৰ অন্দৰমহলত ৰমণী গাভৰু
অসম আৰু মোগলৰ মাজত বৈৰীভাব চলি থকা স্বত্বেও বাদশ্যাহৰ অন্দমহলত অসম জীয়ৰী ৰমণী গাভৰুৰ আদব-সন্মানৰ কোনোৰূপ ব্যতিক্ৰম নঘটিল। সেই সময়ত বাদশ্যাহী অন্দৰমহলৰ অধ্যক্ষা আছিল সম্ৰাটৰ বায়েক জাহানাৰা বেগম। যথানিয়মে শিক্ষা লাভ কৰি ৰমণী গাভৰু মোগলৰ খানদান আদব-কায়দা কথাবাৰ্ত্তাত পৈণত হৈ উঠিল, বয়সতো অলপ বুজান হল, আৰু তেওঁৰ শৰীৰতো যৌৱনশ্ৰীয়ে দেখা দিলে। এতিয়া স্থিৰ কৰা হল তেওঁক আৰু অকুমাৰী-অবিবাহিত অৱস্থাত ৰখাটো যুগুত নহব। সম্ৰাট আওৰংজেবৰ তৃতীয় পুত্ৰ চুলতান আজমশ্যাহ বা আজমতাৰাৰ লগত ৰমণী গাভৰুৰ বিবাহ স্থিৰ হল। ১৬৬৮ খৃষ্টাব্দৰ দুই মেই, হিজৰী ১০৭৮, জী-হজ্জ মাহৰ পহিলা তাৰিখে আজমতাৰাৰ লগত ৰমণী গাভৰুৰ বিবাহ সম্পন্ন হৈ গল। গাভৰুৰ নতুন নামাকৰণ হল ৰমণীৰ ঠাইত 'ৰহমত বানু'। মছলমানী বিবাহৰ নিয়মমতে ধাৰ্য কৰিব লগা মোহৰনাৰ পৰিমাণ নিৰূপিত হল একলক্ষ চাৰিকুৰি হেজাৰ টকা। ফাৰ্ছী ভাষাত লিখা আওৰংজেবৰ ৰাজত্বৰ ইতিহাস “মাছিৰ-ই-আলম- গিৰি” গ্ৰন্থত এই বিবাহৰ উল্লেখ আছে। ৰহমত বানু এই নতুন নামাকৰণৰ পৰা ঠাৱৰ কৰিব পাৰি যে বিয়াৰ পূৰ্ব্বে বা বিয়াৰ লগে-লগে ৰমণী গাভৰুক ইছলাম ধৰ্ম্মত দীক্ষিত কৰি লোৱা হৈছিল। এই বিবাহৰ আঠমাহৰ পাচত শাহজাহান বাদশ্যাহৰ প্ৰথম পুত্ৰ দাৰাছুকহৰ কন্যা জানি বেগম বা জাহানজেব বানুৰে সৈতে আজমতাৰাৰ বিবাহ সম্পাদিত হয়। তেতিয়া পাদশ্যাহজাদাৰ বয়স আছিল ষোল বছৰ। জানি বেগমৰ লগত বিয়াৰ উপলক্ষে সম্ৰাটে পুতেকক আজমতাৰা খিতাপ দিয়ে। ১৬৮১ চনৰ জুলাই মাহত বিজাপুৰৰ চুলতান আদিলাশ্যাহৰ বায়েক ছহৰ বানু বা পাদিশ্যাহ বিবিক আজমতাৰাই বিয়া কৰায়।
চুলতান আজমতাৰা এজন মহা উদ্যোগী তীক্ষ্ণবুদ্ধি-সম্পন্ন দিলদৰীয়া ৰাজকোঁৱৰ আছিল। তেওঁ লোকৰ ওচৰত পৰাভব মানিবলৈ বৰ টান পাইছিল, আৰু অতি অলপতে তেওঁৰ খং উঠিছিল, আৰু খং উঠিলে তেওঁ ছোলাৰ আস্তিন কোচাই লৈছিল। তেওঁৰ অহঙ্কাৰ আৰু উগ্ৰমতি সবাৰে জনাজাত আছিল। আওৰংজেবৰ পুত্ৰসকলৰ ভিতৰত চুলতান আজমতাৰাই মাত্ৰ কাৰাবাসলৈ নোযোৱাকৈ জীৱন অতিবাহিত কৰিছিল। সম্ৰাটৰ তেওঁ প্ৰিয়পাত্ৰ আছিল বুলিও কব পাবি। পিতৃ বাদশ্যাহলৈ আজমতাৰাই বৰ ভয় কৰিছিল। এবাৰ এটা জনৰব উঠিল যে ককায়েক মোৱাজ্জেনক বন্দীশালৰ পৰা মুক্তি দিয়াত আজমতাৰা ক্ষুণ্ণ হৈ স্বতন্ত্ৰ হবৰ কাৰণে চেষ্টা কৰিছে। সম্ৰাটে আজমতাৰা আৰু তেওঁৰ পুত্ৰবৰ্গক মাতি নি বৰ মৰম-সাদৰ দেখুৱালে, অৱশেহত সম্ৰাটে সঙ্কেত দিলে যে ইচ্ছা কৰিলে তেওঁলোককো মোৱাজ্জেমৰ দৰে বন্দী কৰি থব পাৰে। ইতিমধ্যে আজমতাৰাৰ বেগমসকল কান্দি-কাটি বাউলী হল, বোলে সম্ৰাটে এইবাৰ পুতেকক শুদাই নেৰে। সম্ৰাটে দিয়া ইঙ্গিতে আজমতাৰাৰ চকু মেল খুৱালে, তেতিয়াৰে পৰা তেওঁ সম্ৰাটৰ নাম শুনিলে বেচি ত্ৰস্ত হবলৈ ধৰিলে। সম্ৰাটৰ চিঠি খোলাৰ আগতে তেওঁৰ হাত-ভৰি কঁপিছিল; আৰু চিঠিৰ ভিতৰত কি কথা আছিল, ৰাজধানীত থকা তেওঁৰ প্ৰতিনিধি-বিষয়াৰ পৰা তাৰ অলপ আভাস পালেহে তেওঁ সম্ৰাটৰ চিঠি খুলি পঢ়িবলৈ সাহ কৰিছিল।
আওৰংজেব বাদশাহৰ দুগৰাকী প্ৰধানা বেগম আছিল, – পাৰস্য ৰাজবংশজাত শ্যাহ-নওয়াজ ছফভী মিৰ্জা-দখিণীৰ কন্যা দিলৰাছ বানু, আৰু কাশ্মীৰৰ অন্তৰ্গত ৰাজৌৰী নামে ঠাইৰ অধিপতিৰ কন্যা নবাব বাই বা ৰহমত-উন-নিছা। দিলৰাছ বানুৰ ফালৰ আওৰংজেবৰ সন্তান আছিল, —কবি আৰু পণ্ডিতা জেব-উন-নিছা, জিনত-উন-নিছা, জব্দত-উন-নিছা, মহম্মদ আজম বা আজমতাৰা, আৰু মহম্মদ আকবৰ। নবাব বাইৰ সন্তান আছিল মহম্মদ চুলতান, মহম্মদ মোৱাজ্জেম শ্যাহ আলম, আৰু বদৰ-উন্- নিছা। আৰু এগৰাকী ভাৰ্য্যা উদয়পুৰী বেগমৰ সন্তান আওৰংজেবৰ নুমলীয়া আৰু পঞ্চম পুত্ৰ মহম্মদ কাম বখ্চ। আন এগৰাকী ভাৰ্য্যা আওৰঙ্গাবাদী-মহলৰ সন্তান আছিল পঞ্চম কন্যা মিহিৰ-উন-নিছা।
আওৰংজেবৰ প্ৰথম পুত্ৰ মহম্মদ চুলতানৰ মৃত্যু হয় ১৬৭৬ খৃষ্টাব্দত; চতুৰ্থ পুত্ৰ আকবৰে সম্ৰাটৰ বিৰুদ্ধে বিদ্ৰোহ কৰি শিৱাজীৰ পুত্ৰ ৰাজা শম্ভাজীৰ চ'ৰাত আশ্ৰয় লয়গৈ, আৰু পাচলৈ পাৰস্থ দেশলৈ পলাই যায়। মোগল সিংহাসনৰ অধিকাৰী হোৱাৰ বাটত আজমতাৰাৰ প্ৰতিদ্বন্দী আছিল মাত্ৰ দুজন, ভাতৃ মহম্মদ মোৱাজ্জেম আৰু মহম্মদ কাম-বখ্ছ। আজমতাৰাৰ দৃঢ় বিশ্বাস আছিল যে তেওঁ আওৰংজেবৰ মৃত্যুৰ পাচত দিল্লীৰ অধীশ্বৰ হব, আৰু এই উদ্দেশ্য সাধনৰ বাবে ডেকা বয়সৰে পৰা তেওঁ যত্ন কৰিছিল। এই কাৰ্য্যত তেওঁক সকলো প্ৰকাৰে সহায় কৰিছিল তেওঁৰ সহোদৰা ভগ্নী চিৰকুমাৰী জিনত-উন-নিছাই।
আজমতাৰাৰ গুৱাহাটী লোৱা সংকল্প
ৰহমত বানু আৰু জাহানজেব বানুক বিয়া কৰাৰ সময়ত আজমতাৰা চম্ভাল বা ৰোহিলকুন্দৰ ফৌজাদাৰ আছিল। এই বিষয়ৰ যাবতীয় কাম- কাৰ্য্য পাদশ্যাহজাদাৰ সলনি এজন দুৱলীয়া বিষয়াই পৰিচালনা কৰিছিল। তাৰ পাচত আজমতাৰা কেবা ঠাইতো সম্ৰাটৰ প্ৰতিনিধিৰূপে শাসনকৰ্ত্তা নিযুক্ত হয়, আৰু অৱশেহত মুলতান আৰু পাচত বিহাৰ প্ৰদেশৰ চুবেদাৰ পদত অধিষ্ঠিত হয়। তেতিয়া চুবে বাঙ্গলাৰ শাসনকৰ্ত্তা আছিল সম্ৰাটৰ মোমায়েক আমিৰ-উল-উমৰাও নবাব ছায়িস্তা খাঁ। তেওঁ আগ্ৰাৰ শাসনকৰ্তা নিযুক্ত হোৱাত আজমতাৰাক বঙ্গৰ চুবেদাৰ পতা হৈছিল, কিন্তু তেওঁ শাসনভাৰ লোৱাত পলম কৰাত সম্প্ৰতিকলৈ সম্ৰাটৰ ধাইমাকৰ পুতেক ফিদেই-খাঁক নিযুক্ত কৰা হয়। ফিদেই-খাঁ কোকা বা আক্ৰোহী আৰু অত্যাচাৰী বিষয়া আছিল। বাদশ্যাহী কামত অযোগ্যতা প্ৰমাণ কৰাত সম্ৰাটে ফিদেই-খাঁক চুবেদাৰ পদৰ পৰা গুচাই আজমতাৰাক শীঘ্ৰে বঙ্গৰ শাসনভাৰ হাতত লবলৈ আদেশ দিলে, আৰু ফিদেই-খাঁক বিহাৰৰ শাসনকৰ্ত্তা নিযুক্ত কৰিলে। বিহাৰলৈ যোৱাত পলম হব বুলি ভাবি সম্ৰাটে ফিদেই-খাঁক আদেশ দিলে যে তেওঁ তুৰন্তে ঢাকা নগৰ এৰি তাৰ সমীপবৰ্তী খিজিৰপুৰত বাহৰ কৰি থাকিব।
বাশ্যোহী মহলত বঙ্গৰ চুবেদাৰী পদটো ইমান লোভনীয় বুলি বিবেচিত নহৈছিল, কাৰণ, বঙ্গদেশত মাছ-পাচলি গাখীৰ-পানী আদি থোৱা-বোৱাৰ যেনে সুবিধা তাৰ জেঙ্গা-জঞ্জালো আছিল বিষম অশান্তিদায়ক। ইপোনে ৰজা জমিদাৰৰ অসৈমান ভাব আৰু নৈ-ডকাইতৰ উপদ্ৰব, তাৰ উপৰি বঙ্গৰ ওচৰতে আছিল স্বাধীনতাপ্ৰিয় কোচবেহাৰ, অসম আৰু চট্টগ্ৰাম। কিন্তু চঞ্চিছ-বছৰীয়া ডেকা পাদশ্যাহজাদাৰ লোভ লাগিল বঙ্গদেশৰ হাবি- জংঘলত চৰাই-পহু চিকাৰৰ সুবিধাৰ কাৰণে। তথাপি তেওঁ দেউতাক সম্ৰাটৰ পৰা এই প্ৰতিশ্ৰুতি আদায় কৰিলে যে পূৰ্ব্বে বঙ্গৰ চুবেদাৰ পাদশ্যাহজাদা চুলতান চুজাই ভোগ কৰা সকলো সুবিধা আৰু মৰ্য্যাদা তেওঁক দিব লাগিব। বঙ্গৰ চুবেদাৰী পোৱাত আজমতাৰাই কৈছিল,— “বাবাই মোক চুজাৰ আমোল দিছে।”
পাটনা এৰি আজমতাৰা ঢাকা অভিমুখে যাত্ৰা কৰি কিছুদিন ৰাজমহলত বাহৰ কৰি আছিল। এই চহৰ গঙ্গানদীৰ পাৰত অৱস্থিত, আৰু ইয়াৰ আন দুটা নাম হৈছে আগমহল আৰু আকবৰনগৰ। অম্বৰৰ ৰজা মানসিংহই এই নগৰ স্থাপন কৰে। চুলতান চূজাই বঙ্গৰ চূবেদাৰ হৈ থকা কালত ঢাকা বা জাহাঙ্গিৰনগৰৰ পৰিবৰ্ত্তে ৰাজমহলত ৰাজধানী পাতে, আৰু তাত নানান মচ্জিদ, মকবৰা আৰু থকাঘৰ আদি সাজি আৰু হাট-বজাৰ বহুৱাই ৰাজমহলৰ সৌন্দৰ্য্য আৰু সমৃদ্ধি দিল্লীৰ সমকক্ষ কৰে। পোনতে দিল্লীলৈ যাওঁতে ৰমণী গাভৰুক স্বৰ্গদেৱৰ কটকী ভবানন্দই এই ৰাজমহললৈকে আগবঢ়াই থৈছিল। চুজাৰ পাচত মীৰজুমলা বঙ্গৰ চুবেদাৰ হল। ওচৰৰ কোচবেহাৰ, অসম আৰু চট্টগ্ৰামৰ বিৰুদ্ধে যুদ্ধৰ সুবিধাৰ কাৰণে মীৰজুমলাই আকৌ ঢাকালৈ ৰাজধানী তুলি আনে। মীৰজুমলাৰ পাচৰ জনা চুবেদাৰ নবাব ছায়িস্তা-খাঁয়ো ঢাকাতে ৰাজধানী পাতে, আৰু তাত নানান অট্টালিকা সাজি নগৰৰ সৌন্দৰ্য্য বুদ্ধি কৰে।
এই ছায়িস্তা-খাঁব চুবেদাৰী কালত ১৬৬৭ খৃষ্টাব্দত মোগলক খেদাই অসমে গুৱাহাটী উদ্ধাৰ কৰে, আৰু তাৰ চাৰিবছৰৰ পাচত গুৱাহাটী লবলৈ অহা ৰজা ৰামসিংহ শৰাইঘাটৰ যুদ্ধত পৰাজিত হয়। পাচবছৰ কাল ৰঙ্গামাটিত খাপ লৈ অসম আক্ৰমণৰ একো সুবিধা কৰিব নোৱাৰি সকলো আশা এৰি ১৬৭৬ চনত দিল্লীলৈ উভতি গৈ ৰজা ৰামসিংহই সম্ৰাট আৰংজেবক দেখা কৰে। সেইদেখি পুতেক আজমতাৰাক বঙ্গৰ চুবেদাৰ পাতি সম্ৰাটে বৰ টানকৈ আদেশ দিলে, “যি কোনো উপায়েৰে হওক তুমি গুৱাহাটী অধিকাৰ কৰি মোগলৰ লুপ্ত সন্মান পুনৰ ওভোতাই আনিব লাগিব।”
সম্ৰাটৰ কঠোৰ আদেশ পাই ৰাজমহলত থকা অৱস্থাতে আজমতাৰাই ছায়িস্তা খাঁ নবাবলৈ গুৱাহাটী লোৱা অভিপ্ৰায় ব্যক্ত কৰি এখন চিঠি দিয়ে। ছায়িস্তা খাৰ নিৰ্দ্দেশমতে তেওঁৰ পুতেক ৰঙ্গামাটিৰ থানাদাৰ আবু-নছৰ খাঁই পাদশ্যাহজাদাৰ অভিপ্ৰায় জনাই বৰফুকনলৈ গুৱাহাটি খুজি বঙ্গলা ভাষাৰে এখন চিঠি দিয়ে, লগতে আজমতাৰাৰ ফাৰ্ছী চিঠিখনো যুৰি দিয়ে।
আৰু-নছৰ খাঁৰ চিঠিৰ কথা এই, – “পাদশ্যাহজাদা চুলতান আজমতাৰাই এক লাখ ঘোৰা আৰু তিন-শ হাতী সহিতে ৰাজমহল সোমাইছোঁ বুলি মোলৈ বাৰ্ত্তা দিছে, আৰু তেওঁ মোমাশহুৰ বৰফুকনলৈ এযোৰ চিৰপাৱ আৰু এখন চিঠি দি কৈ পঠিয়াইছে, বোলে, অসমে পূৰ্ব্বৰ সীমনাত ৰব, আৰু আমিও পূৰ্ব্বৰ সীমনাত ৰম। তেনেহলে আগৰ দৰে দুয়োৰে মাজত নিৰ্বিবাদে প্ৰীতি চলি থাকিব। যদি এনে নহয়, তাৰ ফলত যদি গো-ব্ৰাহ্মণ হানি হয় সেই পৰিণামৰ ভাৰ বৰফুকনে পাব।”
১৫৯৯ শকৰ ভাদ মাহত লালুক বৰফুকনে এই চিঠি পায়। আবু-নছৰ খাৰ মানুহৰ লগত বাদুলিৰো মানুহ এটা আহিছিল। বৰফুকনে আবু-নছৰ খাৰ চিঠিখন চুডৈফা পৰ্ব্বতীয়া ৰজা আৰু ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়ালৈ কলীয়া কটকী আৰু ঘনশ্যামৰ হাতত পঠিয়াই দিলে। ১৫৯৯ শকৰ আহিনৰ ১৬ দিন যোৱাত এই চিঠি বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ হাতত পৰিল।
বিস্তৰ হাতী-ঘোৰা আদি যুদ্ধৰ চৰঞ্জাম লগত আহিছে বুলি ভয় দেখুৱাই মোগলে গুৱাহাটী লব, এই কথা অসমৰ পাত্ৰ-মন্ত্ৰীয়ে সহিব নোৱাৰিলে। তাহানি ৰামসিংহ ৰজাই এইদৰে গুৱাহাটী খোজাত অসমীয়াই উত্তৰ দিছিল,— "ঈশ্বৰে যাক ৰাজ্য দিয়ে সিহে পায়। ঈশ্বৰে এতিয়া আমাক কামৰূপ ৰাজ্য দিছে। আমি কেনেকৈ এৰি দিওঁ? সেই ঈশ্বৰে যেতিয়া আমাৰ ভাই-ৰজা দিল্লীশ্বৰক গুৱাহাটী দিবলৈ মন কৰিব তেতিয়াহে পাদশ্যাহে গুৱাহাটী লব পাৰিব, তাৰ আগেয়ে নহয়। আৰু ৰামসিংহই ৰজাই যে এঘঁৰি লেঢ়াই খুজি পঠিয়াইছে, তাৰ উত্তৰত আমি ইয়াকে কব খোজোঁ যে আমাৰ শৰীৰত এটোপা তেজ থকালৈকে আমি যুদ্ধ কৰিম। ” এইবাৰো অসমীয়াই সেইদৰে উত্তৰ দিবলৈ থিৰ কৰিলে।
১৫৯৯ শকৰ কাতি মাহত বুঢ়াগোহাঁই ডাঙ্গৰীয়াই আজমতাৰাৰ প্ৰস্তাবৰ উত্তৰত আবু-নছৰ খালৈ এইদৰে সমিধান দিবলৈ লালুক বৰফুকনলৈ আদেশ দি পঠালে, বোলে, – “ সীমনাৰ কথা যে কৈছে সীমনা তেওঁলোকৰ নহয়। ঈশ্বৰে যাক যেতিয়া দিয়ে তেওঁহে তেতিয়া ভোগ কৰে। পাদশ্যাহজাদাই মোৰ সীমনা বোলাটো অনুচিত, তেওঁ পাহৰিহে কৈছে। আৰু হাতী-ঘোৰা অনেক আহিছে বুলি দেখুৱাই যি লিখিছে, – তেওঁৰ ঘোৰা আমাৰ মানত পহু, কাৰণ সেই ঘোৰাই আপুনি তীৰ-বন্দুক চলাব নোৱাৰে, তাৰ কথা কিয় কব লাগিছে?” আবু-নছৰ খাৰ চিঠিত আজমতাৰাই সিয়া কাপোৰ অৰ্থাৎ চিৰপাৱ দিয়া কথা লিখা আছিল, এনে চিৰপাৱ তলতীয়া ৰজা বা বিষয়ালৈ দিয়া হয়, আৰু চিঠিত ছায়িস্তা-খাৰ নাম ওপৰত লিখি তলত বৰফুকনৰ নাম লিখা হৈছিল। এই দুই অনিয়মৰ প্ৰতি আঙ্গুলিয়াই বুঢ়াগোহাঁয়ে বৰফুকনলৈ লিখিলে, – “আগে-পিচে কেতিয়াও সিয়া কাপোৰ দিয়া নাই, এতিয়া নিয়ম এৰি সিয়া কাপোৰ আজমতাৰাই কিয় দিলে? বৰফুকন আৰু ছায়িস্তা খাৰ সমান পত্ৰহে দিব পায়। বৰফুকনৰ নাম তলত লিখি ছায়িস্তা-খাঁৰ নাম ওপৰত লিখিলে কিয়?” ওপৰত কোৱাৰ দৰে লালুকক চিঠি দিবলৈ কৈ বুঢ়াগোহায়ে বঙ্গালৰ কটকীক বিদায় দিব দিলে, আৰু বঙ্গালৰ পৰা অনা পত্ৰ-সন্দেশকো ওভোতাই দিলে। বাদুলিৰ মানুহটো গুৱাহাটীতে মৰিল।
ইয়াৰ পূৰ্ব্বে অসম আৰু মোগলৰ সীমান্তত সৰু-সুৰা যুদ্ধ চলি আছিল। ৰঙ্গামাটিৰ নবাবক অসমে এই কথা জনোৱাত তেওঁ মাথোন কলে,— “দুই ৰাজ্যৰ সীমাত এনে কাজিয়া লগা পূৰ্ব্বৰে দত্তৰ। তেনে কথাত কোনো গুৰুত্ব আৰোপণ কৰিব নালাগে।”
অসমৰ পাত্ৰ-মন্ত্ৰীৰ সমিধান থকা লালুক বৰফুকনৰ চিঠি আজমতাৰাৰ ঠাইলৈ নিছিল কৌপতীয়া মাধৱচৰণ আৰু গজপুৰীয়া যদুনন্দন কটকীয়ে। ১৫৯৯ শকত কাতি মাহত অসমৰ পৰা গৈ পুহ মাহমানত কটকী দুজনা ঢাকাৰ সমীপবৰ্ত্তী হয়গৈ। সেই সময়ত, ঢাকাৰ পৰা ন-মাইলমান উজনীত খিজিৰপুৰ নামে ঠাইত আজমতাৰাই বাহৰ কৰি আছিল। ঢাকাত থকা চুবেদাৰৰ হাউলী ফিদেই-খাঁই তেতিয়ালৈকে আজৰি কৰি দিয়া নাছিল, কাৰণ তেওঁৰ তেতিয়া নৰিয়া, আৰু সেই নৰিয়াতে ১৬০০ শকত জেঠ মাহৰ প্ৰথম পষত তেওঁৰ মৃত্যু ঘটে, দ্বিতীয় পষতহে গৈ আজমতাৰাই চুবেদাৰৰ হাউলীত প্ৰবেশ কৰিব পাৰে।
আজমতাৰাই বাহৰ কৰি থক| খিজিৰপুৰ আছিল এখন অতি প্ৰাচীন চহৰ; আৰু ইয়াৰ অৱস্থিতি আছিল গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু লখীয়া নদীৰ সঙ্গমত। বঙ্গৰ চুবেদাৰ হৈ থকা কালত মীৰজুমলা নবাবে খিজিৰপুৰত কেবাটাও দুৰ্গ নিৰ্ম্মাণ কৰে। এই খিজিৰপুৰৰ পৰাই মীৰজুমলাৰ সৈন্য-সামন্ত নাও-নাৱৰা কোচবেহাৰ আৰু অসমৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰে, আৰু এই ঠাইৰ ওচৰতে মীৰজুমলাৰ মৃত্যু ঘটে। মীৰজুমলাৰ মৃত্যুৰ পাচত চুবে-বাঙ্গলাৰ নবাবসকলৰ মাজত অৰিয়া-অৰি লগাত শাসনশক্তি সোলোক-ঢোলোক হৈ পৰে। ৰমজান মাহৰ অন্তত ঈদ-উল-ফিতৰ, পৰ্ব্ব উপলক্ষে ভগবৎ-প্ৰাৰ্থনা আৰু সম্ৰাটৰ নামে খুটবা পাঠ আদি কাৰ্য্য খিজিৰপুৰৰ তিনি ঠাইত অনুষ্ঠিত হৈছিল, — প্ৰথম, ইহ্তিছাম খাঁৰ দপ্তৰৰ ওচৰত; দ্বিতীয়, নবাব দিলেৰ খাঁৰ বাহৰত আৰু তৃতীয়, মনোৱৰ খাঁৰ ঘৰৰ কাষত। ইয়াৰ পূৰ্ব্বে, সদৌ মুচলিম ৰাইজে একেডোখৰ ঠাই ঈদগাহত সমবেত হৈ সেই পৰ্ব্বৰ দিনা নেমাজ পঢ়িছিল। এই খিজিৰপুৰত মোগল চৰকাৰৰ নৌ-বন্দৰ স্থাপিত হৈছিল। খিজিৰপুৰ আছিল ভাটী নামে ৰাজ্যখণ্ডৰ অন্তৰ্গত। সাধাৰণতে চুবে-বাঙ্গলাৰ পানী-তলযোৱা পূৰ্ব্ব-প্ৰান্তকে ভাটী বোলা হৈছিল। ইয়াৰ ভিতৰত আছিল ৰংপুৰ ঘোৰাঘাটৰ পৰা ব্ৰহ্মপুত্ৰ আৰু মেঘনাৰ পাৰত থকা সুন্দৰবন পৰ্য্যন্তে সমুদ্ৰলৈকে গোটেই ৰাজ্যখণ্ড। সম্ৰাট আকবৰৰ সমসাময়িক আফগান ইছা-খাঁ মছনদ-ই-আলিক পূৰ্ব্ববঙ্গৰ অধিপতি হিচাবে 'মৰ্জ্জবান-ই-ভাটী' আখ্যা দিয়া হৈছিল। তেওঁৰ ৰাজধানী আছিল খিজিৰপুৰৰ কাষতে, সেইদেখি তেওঁক 'খিজিৰপুৰৰ ইছা-খাঁ' আৰু “ভাটীৰ ইছা-খাঁ” বুলিও কোৱা হৈছিল। খিজিৰপুৰ নামে এখন পৰগণা ও আছিল, নাৰায়ণগঞ্জ আছিল এই পৰগণাৰ ভিতৰতে। মুঠতে, খিজিৰপুৰকে ভাটীৰ ৰাজধানী বুলি ধৰা হৈছিল, আৰু ভাটী বুলিলে খিজিৰপুৰকে বুজোৱা হৈছিল। খিজিৰপুৰ চহৰ চুবে বাঙ্গলাৰ উপ-ৰাজধানী ৰূপে ব্যৱহৃত হৈছিল বুলি কব পাৰি।
লালুক বৰফুকনৰ গুৱাহাটী এৰা প্ৰস্তাব
মোগল সম্ৰাট আওৰংজেব আৰু বঙ্গৰ চুবেদাৰ আজমতাৰাই বিচাৰিছিল গুৱাহাটী লবলৈ; অসমৰ পাত্ৰ-মন্ত্ৰীয়ে একবাক্যে কলে, – “আমি গুৱাহাটী এৰি নিদিও”। এই সন্ধিক্ষণত লালুক বৰফুকনৰ এটি অপূৰ্ব্ব সুযোগ মিলিল। বঙ্গালৰে মিত্ৰতা কৰি অসম ৰাজ্যত এজন পৰাক্ৰমী মুখিয়াল পুৰুষ হোৱা কামনা তেওঁ অন্তৰত পুহি আছিল। সেই অৰ্থে তেও এতিয়া বিনাযুদ্ধে মোগলক গুৱাহাটী এৰি দিবলৈ সাজু হল। মোগলৰ গুৱাহাটি বাঞ্ছা, গুৱাহাটী নেৰিবলৈ অসমৰ দৃঢ়প্ৰতিজ্ঞা, আৰু লালকুৰ গুৱাহাটী এৰা অভিসন্ধি, — এই তিনি সংকল্পৰ ত্ৰ্যহস্পৰ্শত অসমৰ ভাগ্য-ভাগীৰথী ওভত-সোঁতে ববলৈ ধৰিলে। কথাৰ গুৰি এই। —
শৰাইঘাটৰ নৌ-যুদ্ধত লাচিত বৰফুকনে নৰিয়া গাৰে সৈন্য পৰিচালনা কৰিব লগাত পৰিছিল। যুদ্ধৰ দিনদিয়েকৰ পাচতে লাচিতৰ মৃত্যু হোৱাত তেওঁৰ ককাইদেৱাক নিমাতী বা লালুকসোলা গুৱাহাটীৰ বৰফুকন পদত অধিষ্ঠিত হয়। শৰাইঘাটৰ যুদ্ধত হাৰি ৰামসিংহই মোগলৰ থানা ৰঙ্গাঘাটিত অসমক পুনৰ আক্ৰমণ কৰাৰ ছেগ চাই খাপ দি আছিল। সেই কাৰণে অসমৰ সুচতুৰ দেশপ্ৰেমিক বিষয়াসকল গুৱাহাটীত সাষ্টম হৈ থাকিব লগাত পৰিছিল। ইয়াৰে সুযোগ লৈ উজনীৰ ৰাজধানীত স্বাৰ্থান্ধ বিষয়াসকলে নানান অকাৰ্য্য কৰিবলৈ ধৰিলে। পোনতে, ডেবেৰাই উদয়াদিত্য সিংহ, ৰামধ্বজসিংহ, আৰু চামগুৰীয়া খামজঙ্গীয়া ৰজাক হত্যা কৰে, আৰু লগে-লগে অলেখ কোঁৱৰক অঙ্গক্ষত আৰু প্ৰাণান্ত কৰি নিজে স্বয়ভু-ঈশ্বৰ হৈ ৰাজ্য তল-ওপৰ কৰিবলৈ ধৰে। ইয়াকে সহিব নোৱাৰি লালুক বৰফুকনকে আদি কৰি শৰাইঘটীয়া বিষয়াসকলে আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াক তেওঁলোকৰ মুখিয়াল পাতি লৈ উজনীলৈ গৈ ডেবেৰাক বধ কৰে, আৰু দিহিঙ্গীয়া কোঁৱৰ অৰ্জ্জুনক সিংহাসনত বহুৱায়। ডেবেৰাৰ অপৰাধৰ বিচাৰক আছিল লালুকসোলা বৰফুকন। লালুকে সুধিলে,—“ডেবেৰা, তই কিয় এনে কাম কৰিলি?” ডেবেৰাই কলে, – “আমাৰ দুয়োৰে একে গতি। দশমৰ পদ মইহে কৰিছোঁ, তয়ো কৰিবি। মোক তই পুৰুষেহে মাৰিবি, তোক ঘৰৰ তিৰিয়ে মাৰিব।” ডেবেৰাৰ অভিশাপ পাচলৈ ফলিয়ালে।
অৰ্জ্জুন ৰজাই আনৰ উচটনিত বুঢ়াগোহাঁইক ধৰিব খোজাত শৰাইঘটীয়াসকলে তেওঁক সিংহাসনৰ পৰা গুচায়, আৰু লালুকৰ ভায়েক ভাতধৰাই ৰজাক হত্যা কৰে। তাৰ পাচত বুঢ়াগোহাঁয়ে পৰ্ব্বতীয়া চুডৈফা কোঁৱৰক সিংহাসনত বহুৱায়। সেই কালত সকলো কাৰ্য্যৰে নিয়ন্তা আছিল আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়া। তেওঁ আছিল এজন সুবিবেচক, ধৈৰ্যশীল, স্বাৰ্থহীন দেশপ্ৰেমিক পুৰুষ! বিষয়াসকলে তেওঁক ৰজা হবলৈ কেবাবাৰো 'অনুৰোধ কৰিছিল; বুঢ়াগোহাঁয়ে ৰাজ-মৰ্য্যাদা প্ৰত্যাখ্যান কৰি কৈছিল, বোলে,—“ৰজাৰ গোষ্টীয়েহে ৰজা হব পায়, সাধুৰ সন্তুতিহে সাধু হোৱা উচিত, মন্ত্ৰী ই ভাৰৰ অযোগ্য।” স্বাৰ্থত্যাগ, দেশপ্ৰেম আৰু সংগঠনশক্তিৰ বলত আতন বুঢ়াইগোহাঁই ডাঙ্গৰীয়াৰ ক্ষমতা বাঢ়ি অহাত তেওঁৰ প্ৰতি এদল মানুহৰ হিংসা-ভাব জন্মিল। বুঢ়াগোহাঁইৰ কাৰ্যৱলীত তেওঁলোকে অসৎ-অভিপ্ৰায় আৰোপণ কৰিবলৈ ধৰিলে। সেই সময়ত চুডৈফা পৰ্ব্বতীয়া ৰজাক এদিন ৰাতি চোৰে ঘৈৱালত সেই কাৰ্য্যত কেবাজনো ফুকন বিষয়া লিপ্ত আছে বুলি তেওঁ লোকক বিষয়ৰ পৰা গুচোৱা হল, আৰু কতোজনক আন প্ৰকাৰে শাস্তি দিয়া হল, আৰু তেওঁলোকৰ ঠাইত নতুন বিষয়া নিযুক্ত কৰা হল টুটকীয়া মানুহে বুঢ়াগোহাঁইৰ বিৰুদ্ধে গুৱাহাটীৰ ফুকনসকলৰ আগত তিলকে তাল কৰি অনেক কথা লগালে। ইয়াকে শুনি শৰাইঘটীয়া ফুকনসকলে গুৱাহাটীৰ দোপদৰত বহি প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিলে, তাতে ডেকাফুকনে কলে, – “ফুকনক স্বৰ্গদেৱেহে ভাঙ্গিব-পাতিব পাৰে! বুঢ়াগোহাঁই হৈছে এজন ডাঙ্গৰ ফুকন মাথোন। ফুকনে ফুকনক ভঙ্গা-পতা কৰা অতি অযোগ্য কথা। আজি মোক ভাঙ্গিছে, কাইলৈ তেমোলোককো ভাঙ্গিব। যিজনে ভাঙ্গে পাতে তেওঁনো কোন?” বুঢ়াগোহাঁইৰ কাৰ্য্য-কলাপৰ কথা শুনি লালুক বৰফুকনেও ভয় খাই কলে, —“ইমানদিনে বুঢ়াগোহাঁইতে ভৰসা কৰি আছিলোঁ, এতিয়া দেখিছোঁ তেওঁত ভৰসা কৰি থাকিলে সমূলঞ্চে তল যাওঁ। লোকত ভৰসা কৰি থাকিলে পাচলৈ ভয়ৰ কৰণ আছে, আপুনি শকত হৈ থাকিলে কালৈকো ভয় নাই।”
বুঢ়াগোহাঁই ডাঙ্গীয়াক ধ্বংস কৰি কিৰূপে নিজে শক্তিমন্ত হব পাৰি এই বিষয়ে লালুক বৰফুকনে ভায়েক ভাতধৰা আৰু মৰঙ্গিৰে গোপনে আলচি থিৰ কৰিলে যে, বঙ্গৰ নতুন চুবেদাৰ আজমতাৰাৰ সহায় লৈ বুঢ়াগোহাঁই আদি শত্ৰুক বধ কৰি নিজৰ ক্ষমতা নিষ্কণ্টক কৰিব লাগিব, আৰু এই সহায়ৰ প্ৰতিদানৰূপে আজমতাবাই বিচৰা মতে মোগলৰ হাতলৈ গুৱাহাটী এৰি দিব লাগিব। এই উদ্দেশ্য সিদ্ধিৰ কাৰণে লালুকৰ দুটা কথাত সুবিধা আছিল। মীৰজুমলাৰ লগত যোৱা মোগল-বন্ধু বাদুলি তেতিয়াও ঢাকাতে আছিল, তেওঁ আছিল লালুকৰ ককায়েক। জয়ধ্বজ সিংহ মহাৰাজে যেতিয়া কামৰূপ উদ্ধাৰ কৰি ঢাকাৰ সমীপবৰ্ত্তী মোগল ৰাজ্য আক্ৰমণ কৰে, তেতিয়া বাদুলি ফুকনে বিশেষ দক্ষতাৰে অসমৰ সৈন্য পৰিচালন৷ কৰে। লাপেতি ফুকন আৰু ফুল বৰুৱাৰ পুতেকৰে সৈতে বাদুলিয়ে হাতীচলা আৰু বৰীতলা মাৰি অসমৰ এজন বিচক্ষণ সেনাপতি বুলি সুখ্যাতি অৰ্জন কৰে। মীৰজুমলাই গড়গাওঁ অধিকাৰ কৰাত বাদুলিয়ে মোগলক কেবা ঠাইতো ভেটা দিছিল, কিন্তু পাচলৈ ৰজাশহুৰ ৰাজমন্ত্ৰী ফুকনৰে সৈতে দন কৰি মোগলৰ ৰুটি-পিঠা খাই কেকোৰাদোলাত উঠি মোগলৰ তৰফে অসমৰ ডেকা-ৰজা হয়। অসমৰ পৰা মীৰজুমলা উভতি যোৱাত বাদুলিও লগতে যায়, আৰু মোগলৰ পৰা মাটি-বৃত্তি লৈ ঢাকা নগৰতে বাদুলিয়ে বাস কৰিবলৈ ধৰে। মোগলে বাদুলিক আতৌ-পুতৌ কৰি ৰাখিছিল, কাৰণ তেওঁৰ পৰা মোগলে অসমৰ ভিতৰুৱা কথাৰ সম্ভেদ লব পাৰিছিল, আৰু সেইবোৰ কথা অসম আক্ৰমণৰ সময়ত মোগলৰ পক্ষে বিশেষ মূল্যবান হৈছিল। লালুক বৰফুকনে ককায়েক বাদুলিৰ সাহায্য পাম বুলি আশা কৰিলে। ইপোনে, চুলতান আজমতাৰাই গুৱাহাটী লবলৈ বিচাৰিছিল, তেওঁক গুৱাহাটী এৰি দিলে তেওঁ আনন্দ পাব, আৰু তাৰ প্ৰতিদানৰূপে লালুকৰ অভিসন্ধি চৰিতাৰ্থ কৰিব, লালুকে ইয়াকো আশা কৰিছিল। ইয়াৰ উপৰিও, আজমতাৰা আছিল লালুকৰ ভাগিন-জোঁৱাই, তেওঁ মোমাশহুৰক অসমৰ এজন বিশিষ্ট ক্ষমতাশালী পুৰুষ কৰিবলৈ স্বাভাবিকতে যত্নবান হব, লালুকৰ ইয়ো এটা আশা আছিল।
ইয়াকে ভাবি-চিন্তি লালুকে বাদুলিলৈ মানুহ পঠিয়াই নিজৰ অভিপ্ৰায়ৰ বিষয়ে সকলো কথা বিবৰি কোৱালে, বোলে, – “পাণ্ডু আৰু শৰাইঘাটত মোগলৰ দুকুৰিখনমান নাও আৰু দুশমান আচোৱাৰী সৈন্যই দেখা দিব। বঙ্গালৰ গতি ৰোধ কৰা বুলি দেখুৱাবলৈ মই কেজাইমান হিলৈ মৰোৱাম। তাৰ পাচত মই গুৱাহাটী এৰি উজাই যাম। এই ছেগতে মোগলৰ মানুহে আহি গুৱাহাটী লবহি। বিনাযুদ্ধে গুৱাহাটী এৰি দিয়াৰ কাৰণে মোগলে মোক চাৰিলাখ টকা ৰিচপত দিব লাগিব।” ইয়াৰ লগতে লালুকে কলে,—“মোক হলে মোগলে অসম ৰাজ্যৰ ৰজা পাতিব লাগিব।” বাদুলিয়ে সকলো কথা আজমতাৰাক কলে গৈ।
মোমাশহুৰ লালুক বৰফুকনৰ প্ৰস্তাব শুনি আজমতাৰা বিশেষৰূপে আনন্দিত হল। সম্ৰাটৰ আদেশ অনুসৰি পাদশ্যাহজাদাই নিজে বিচাৰিছিল গুৱাহাটী লবলৈ। তেওঁৰ বিশ্বাস আছিল, —পৰম সুচতুৰ সেনাপতি মীৰ্জ্জাৰাজা জয়সিংহৰ পুতেক ৰামসিংহই যি গুৱাহাটী লব নোৱাৰিলে এতিয়া যদি তেওঁ সৈন্য ক্ষয় নকৰাকৈ সেই গুৱাহাটীক মোগল সাম্ৰাজ্যৰ চামিল কৰিব পাৰে, তেন্তে তেওঁৰ কাৰ্য্যত আওৰংজেব বাদশ্যাহে সন্তোষ পাব, আৰু তাৰ পৰিণাম স্বৰূপে দিল্লীৰ সিংহাসনৰ ভাবী উত্তৰাধিকাৰী- ৰূপে তেওঁৰ দাবি আৰু গজগজীয়া হব। সেইদেখি আজমতাৰাই লালুকৰ প্ৰস্তাৱমতে কাম কৰিবলৈ সম্মতি জনাই বাদুলিক প্ৰতিশ্ৰুতি দিলে। আজমতাৰাই কলে,—“ভাল, মই কবুল কৰিলোঁ, মামুক মই অসম ৰাজ্যৰ অধিকাৰী কৰিম।” সেইমতে বাদুলিয়ে লালুকৰ মানুহৰ আগত সকলো কথা কৈ সিহঁতক অসমলৈ ওভোতাই পঠিয়ালে। লালুকে বাদুলিলৈ পোনতে পঠিয়াইছিল হাজোৰ কেদাৰ ব্ৰাহ্মণ, কোঁৱৰ ভাগৰ ৰাধা আৰু চামুৰীয়াৰ নজৰক। কিন্তু এওঁবিলাকক বাদুলিয়ে বিশ্বাস নকৰাত লালুকে আকৌ পঠিয়ালে বুৰুকৰ কলীয়া আৰু চেঙ্গয়া বঙ্গালক। এই দুজনাই বাদুলিৰ পৰা লালুকলৈ আজমতাৰাৰ সমিধান আনিছিল।
চুবেদাৰৰ বন্দীশালত অসমৰ কটকী
লালুকৰ পৰা উৎসাহপূৰ্ণ বাৰ্ত্তা পাই গুৱাহাটী-বিজয়ৰ কথা ভাবি পাদশ্যাহ্জাদা আজমতাৰা আনন্দত উৎফুল্ল হৈ আছিল। এনেতে অসমৰ কটকী মাধৱচৰণ আৰু যদুনন্দনে পাত্ৰ-মন্ত্ৰীৰ সমিধান থকা বৰফুকনৰ চিঠি লৈ খিজিৰপুৰত আজমতাৰাৰ ঠাই পালেগৈ। চিঠিৰ পদে-পদে আজমতাৰাক বিদ্ৰূপ কৰা হৈছিল। আজমতাৰাই কৈছিল,—“মোৰ লগত তিনি-শ হাতী আৰু একলাখ ঘোৰা আহিছে।” অসমে কৈছিল,— “ঘোৰা-হাতী তোমাৰ লগত বিস্তৰ আহিছে বুলি কৈ আমাক ভয় দেখুৱাইছা। কিন্তু তোমাৰ ঘোৰা আমাৰ মানত পহু। ঘোৰাই হিলৈ-কাঁড় মাৰিব নোৱাৰে, গতিকে তাৰ কথা কিয় কব লাগিছে?” এনেয়ে আজমতাৰা অলপতে-খং-উঠা বিধৰ মানুহ, অসমৰ বিদ্ৰূপপূৰ্ণ চিঠি পাই তেওঁৰ খং মূৰত উঠিল। অসমৰ কটকীক বন্দী কৰি থবলৈ তেওঁ আদেশ দিলে।
ৰমণী গাভৰুক মীৰজুমলাৰ হাতত গতাই দিওঁতে স্বৰ্গদেৱ জয়ধ্বজ সিংহই জীয়েকৰ লগত মইনা নামৰ এটা লিগিৰা দিছিল। গাভৰুৰ লগত ভাৰতৰ নানান ঠাই ভ্ৰমি-ফুৰি মইনাই তেওঁৰে সৈতে বঙ্গদেশলৈ আহি খিজিৰপুৰ বাহৰত চুবেদাৰ আজমতাৰাৰ টোলত লিগিৰা কাম কৰে। বহুত দিনৰ মূৰত অসমীয়া মানুহ দেখা পাই কটকী দুজনাই ক'ত যায় কি কৰে মইনা লিগিৰাই তাৰ গম-গতি লৈ আছিল। পাদশ্যাহজাদাই অসমৰ কটকী দুজনাক বন্দী কৰিবলৈ আদেশ দিয়াত মইনাৰ প্ৰাণে নসহিলে। বেগমসকল থকা অন্দৰমহলৈ গৈ মইনাই ৰমণী গাভৰুক কটকীৰ দুৰ্দশাৰ কথা ভাঙ্গি কলে। পাদশ্যাহজাদাৰ আদেশৰ কথা শুনি গাভৰুও বৰ মৰ্ম্মাহত হল। তেওঁ বুজিলে তেওঁৰ স্বামীয়ে খঙ্গৰ জালত বৰ লৰাধপৰাকৈ এই আদেশ দিছে। ইমান দিনৰ মুৰত অসমৰ দুজনা বিশিষ্ট মানুহ চুলতানৰ দৰবাৰলৈ আহিছে, তেওঁলোকৰ মুখে অসমৰ খা-খবৰ, আত্মীয়-স্বজন পৰিয়ালৰ কুশল- মঙ্গল সকলো কথা জানিবলৈ গাভৰুৰ স্বাভাবিকতে বৰ হেপাহ হল। বিশেষতঃ, পাদশ্যাহজাদাই তেওঁ থাকোতে অসমীয়া মানুহ দুজনাক, আৰু তাৰ দ্বাৰা গোটেই অসমকে এনেকৈ অপমান কৰিব, এই কথা সহিব নোৱাৰি ৰমণী গাভৰুৱে প্ৰতিকাৰৰ উপায় চিন্তিলে।
যেতে-তেনে প্ৰকাৰে কটকীক বন্দীশালৰ পৰা মোকলাবই লাগিব, — ইয়াকে ভাবি ৰহমত বানু বেগম স্বামী আজমতাৰাৰ আগত থিয় হলগৈ আৰু কটকীক মুকলি কৰি দিবৰ কাৰণে মিনতি কৰিলে। কটকী এনেয়ে নিৰ্দোষী, অপ্ৰিয় বাৰ্তা বহন কৰাৰ নিমিত্তে কোনো দেশতে কোনো কালতে দূতৰ গাত জগৰ নপৰে, তাতে আকৌ বেগমৰ সানুনয় অনুৰোধ, তাক উপেক্ষা কৰিব নোৱাৰি পাদশ্যাহজাদাই কটকীক বন্দীশালৰ পৰা মোকলাবলৈ আদেশ দিলে। সেই আদেশ মতে কটকীক মুকলি কৰি দিয়া হল।
ৰমণী গাভৰু ইয়াতে ক্ষান্ত হৈ নাথাকিল। তেওঁৰ নিজৰ দেশৰ মানুহ আহিছে বঙ্গৰ চুবেদাৰৰ চ'ৰালৈ, তেওঁ হৈছে পাদশ্যাহজাদাৰ পটেশ্বৰী, এনে স্থলত কটকীয়ে কোনো কথাত অসন্তোষ পাই গলে তেওঁৰহে দুৰ্যশ। সেইদেখি তেওঁ কটকীৰ খোৱোবোৱাৰ ভাল দিহা কৰি দিলে। গাভৰুৱে আজমতাৰাক কৈ কটকী দুজনাক দুখান থানা বা গাওঁ দিয়ালে, এই গাৱঁৰ পৰা কটকী দুজনা আৰু তেওঁলোকৰ লগত যোৱা মানুহৰ কাৰণে ৰচদপাতি যোগোৱা হৈছিল।
এই কটকীৰ জৰীয়তে লালুক বৰফুকনে ৰমণী গাভৰু আৰু আজমতাৰাৰ বৰবেগমৰ কাৰণে ভালেখিনি উপহাৰ পঠিয়াইছিল, আৰু গাভৰু আৰু বৰবেগমলৈ চাৰিটা হাতী সজ্জিত কৰি উপহাৰ দিছিল। বন্দীৰ পৰা মুক্তি পোৱাৰ আঠ দিনৰ মূৰত দুইজনা কটকীক চুবেদাৰৰ দৰবাৰলৈ নিয়া হল, অসমৰ সাজপাৰ গুচাই তেওঁলোকক বঙ্গলা পাগ-জেমা, মুকুতাৰ কণ্ঠভূষণ আৰু সোণৰ সূতাৰে গঁথা প্ৰৱাল-মণি পিন্ধাইছিল। দৰবাৰলৈ গৈ কটকীয়ে লগত নিয়া উপহাৰবোৰ ভেটিলেনি। এই উপহাৰ পাই গাভৰুৰ বৰ গৰ্ব্ব আৰু আনন্দ হল, আৰু গাভৰুলৈ এনেকৈ স্নেহ দেখুউৱাৰ কাৰণে আজমতাৰাৰ দৰবাৰৰ নবাবসকলে মোমায়েক লালুক বৰফুকনক প্ৰশংসা কৰিবলৈ ধৰিলে। এই উপহাৰ-বিভূতিৰ পৰা প্ৰমাণিত হল যে লালুক বৰফুকন অসমৰ এজন লেখত লবলগীয়া ঐশ্বৰ্য্যৱন্ত মানুহ, তেনে হেন পুৰুষৰ মান মৰ্য্যাদা আৰু ক্ষমতা বঢ়োৱাত বঙ্গৰ চুবেদাৰে সহায় কৰাটো সমীচীন হব।
লালুক বৰফুকনলৈ আজমতাৰাৰ চিঠি
ইতিমধ্যে বাদুলিৰ মুখৰ পৰা চুলতান আজমতাৰাই লালুকৰ গুৱাহাটী এৰা প্ৰস্তাৱ আৰু তাৰ চৰ্ত্তৰ বিষয়ে সকলো কথা শুনিছিল, হয়তো বাদুলিৰ জৰীয়তে বা মাধৱচৰণ কটকীৰ হাতে চুলতানে সেই বিষয়ে ৰহস্য-পত্ৰও পাইছিল।
ৰজাঘৰীয়া বিষয়ত ক্ষিপ্ৰভাৱে কাম কৰাই হৈছে সুদক্ষ কৰ্ম্মচাৰীৰ নিয়ম। সম্ৰাট আওৰংজেবৰ ইচ্ছা ফলৱতী কৰিবৰ নিমিত্তে বঙ্গৰ চুবেদাৰ পাদশ্যাহজাদা আজমতাৰাই নিজৰ হস্ত-পঞ্জাৰ চাব আৰু মোহৰ মাৰি লালুকক অসমৰ ৰজা পাতি এখন চিঠি দিলে। চিঠিৰ মৰ্ম্ম এই,—
“আমাৰ কৃপাযোগ্য আৰু দয়াপাত্ৰ শূৰসীমন্তক ৰজা বৰফুকন, ইয়াৰ দ্বাৰা তোমাক অসমৰ ৰাজ্য-ভাৰ আৰু ৰাজ্য দিলোঁ, ইয়াক তুমি সত্য কৰি জানিবা। সেই ৰাজ্য তোমাক দি, তোমাৰ ৰাজ্যভাৰ যাতে তোমাত অৰ্পিত হয় তাৰ নিমিত্তে ইয়াৰ পৰা মানুহ পঠিয়ালোঁ, আৰু চিঠিৰ উপৰতো হস্ত-পঞ্জা আৰু নিচান দিলোঁ। তুমি মাত্ৰ বুকু ডাঠ কৰি থাকিবা। যি লোকজন লাগে তাক ৰঙ্গামাটিৰ থানাদাৰ ইবন্-ই-হুছেইন খাঁৰ ঠাইৰ পৰা নিবা, আৰু তেৱোঁ তোমাৰ লগলৈ যাব। যি প্ৰকাৰে বুঢ়াগোহাঁই আৰু বৰগোহাঁইক খেদাব পাবা, আৰু তোমাৰ আমোল আৰু ৰাজ্য প্ৰৱৰ্ত্তিত হয়, তাকে কৰিবা।”
এই চিঠি সোনোৱালী পাতত লিখা হৈছিল। চিঠি আনোতে মাধৱচৰণ আৰু যদুনন্দনৰ লগত আজমতাৰাৰ কটকী গোবিন্দৰামো আহিছিল।
ওপৰৰ চিঠিৰ বাহিৰেও অন্যান্য কথাৰ পৰা আজমতাৰা-লালুকৰ লেনদেনৰ বিষয়ে জানিব পৰা যায়। সম্ৰাটৰ আদেশমতে গুৱাহাটী লবলৈ আজমতাৰাৰ দৃঢ় সংকল্প হল, একেবাৰে লব নোৱাৰিলেও কিছুদিনৰ কাৰণে লব পাৰিলেও তেওঁৰ মনোবাঞ্জা পূৰ্ণ হব। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনত অসমৰ কটকী ত্ৰিপুৰা ৰজাৰ ঠাইলৈ যাওঁতে ৰজাৰ দেৱানে অসম- মোগলৰ যুদ্ধৰ কথা সোধাত তেওঁলোকে অন্য কথাৰ মাজত কৈছিল, বোলে,—“পাচে পাচ্ছাৰ বেটা আজমতাৰাক বঙ্গালৰ চুবা পাতি পঠাই দিলে, বোলে,——তই আসামক উঠাবি।' ৰামসিংহক আজমেৰৰ যুদ্ধলৈ পাঁচিলে। পাচে আজমতাৰা আহি যুদ্ধত বিষম দেখি গুৱাহাটীৰ বৰফুকনেৰে প্ৰীতি কৰি খুজিলে, বোলে, — 'কতদিনলৈ মোক গুৱাহাটা এৰি দিয়ক, পাচে মই এৰি দিম, এখন পাচ্ছাৰ ঠাইত মোৰ নাম বহোক।” বস্তুজাতো অনেক দিলে।” গুৱাহাটী এৰা প্ৰস্তাবৰ সমিধান আজমতাৰাই দুই উপায়েৰে লালুকলৈ পঠিয়ালে,—লালুকে বাদুলিলৈ পঠোৱা কলীয়া বুৰুক আৰু চেঙ্গয়া বঙ্গালৰ যোগেদি, আৰু অসমৰ ৰজাঘৰীয়া কটকী মাধৱচৰণ আৰু যদুনন্দনৰ হাতত দিয়া চিঠিৰ যোগেদি। আমাৰ অনুমান হয়, ইয়াৰ বাহিৰেও অন্যান্য মানুহেও লালুক আৰু আজমতাৰাৰ মাজত গোপনে কথা-বাৰ্ত্তা অনা-নিয়া কৰিছিল। সেইবোৰ উদ্যমৰ কথা আনে গম নোপোৱাত তাক বুৰঞ্জীত সংৰক্ষিত কৰিব পৰা নহৈছিল।
মোমায়েক লালুকলৈ ৰমণী গাভৰুৰ চিঠি
মোমায়েক লালুকৰ ষড়যন্ত্ৰ আৰু আজমতাৰাৰ অঙ্গীকাৰ, আৰু এই বিষয়ে মানুহ চলাচল হোৱা সম্পৰ্কে ৰমণী গাভৰুৱে সকলো কথা জানিছিল। দেৱৰো-দুৰ্গম বিশ্বকৰ্ম্মা নিৰ্ম্মিত হেন গুৱাহাটীৰ গড় বঙ্গালে বিনাযুদ্ধে অধিকাৰ কৰিব, এই কথা স্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজৰ জীয়েক, মোমাই তামুলী বৰবৰুৱাৰ নাতিনীয়েক আৰু মহাবীৰ লাচিত বৰফুকনৰ ভাগিনীয়েক ৰমণী গাভৰুৱে সহিব নোৱাৰিলে। ইপোনে সম্ৰাট আওৰংজেব আৰু বঙ্গৰ চুবেদাৰ চুলতান আজমতাৰাই মোগল সাম্ৰাজ্যৰ মঙ্গলৰ কাৰণে গুৱাহাটী লোৱাটো অতি বাঞ্ছনীয় বুলি ভাবিছিল। এতিয়া কথা হল, চুবেদাৰৰ ভাৰ্য্যা ৰমণী গাভৰুৱে বাদশ্যাহী কাৰ্য্যপ্ৰণালীৰ প্ৰতিবাদ কৰি তাত হস্তক্ষেপ কৰে কেনেকৈ? প্ৰকাশ্যে সেই কাৰ্য্যত হকাবধা কৰিলে তেওঁৰ প্ৰচেষ্টা দোষণীয় বুলি পৰিগণিত হোৱা স্বাভাবিক। এইখিনিতে গাভৰুৰ মনত দুটা বিৰোধী ভাবৰ সংঘৰ্ষৰ সৃষ্টি হল, – প্ৰথম, বঙ্গৰ চুবেদাৰৰ বেগমৰূপে মোগল সম্ৰাটৰ কাৰ্য্য-পদ্ধতিত সহানুভূতি দেখুৱাটো তেওঁৰ কৰ্ত্তব্য; আৰু দ্বিতীয়, মাতৃভূমি অসমৰ অমঙ্গল হবলৈ নিদিৱাটোও তেওঁৰ কৰ্ত্তব্য।
অসমৰ স্বৰ্গদেৱৰ জীয়াৰী তেওঁ, তেওঁৰ ধমনীত মহা পৰাক্ৰমী দেশপ্ৰেমিক প্ৰতাপসিংহ মহাৰাজ আৰু মোমাই তামূলীৰ তেজ প্ৰৱাহিত হৈছিল। এওঁলোক দুজনাৰ বিষয়ে সেই কালৰ মানুহে কৈছিল,— “প্ৰতাপসিংহ ৰজা নহয়, সাক্ষাৎ মহাদেৱ; মোমাই তামূলী বৰুৱা নহয়, সাক্ষাৎ নন্দী; গড়গাওঁ নহয়, সাক্ষাৎ কৈলাস; এই দুই থাকেমানে অসম ৰাজ্যলৈ মুখ কৰিব নোৱাৰি।” মৰো-জীওঁ একোলৈকে ভ্ৰুক্ষেপ নকৰি অসমৰ স্বাধীনতা-মৰ্যাদা অক্ষুণ্ণ ৰখাটোকে গাভৰুৱে নিজৰ কৰ্ত্তব্যৰূপে সাৱটি ললে। অবশ্যে, প্ৰকাশ্যে নিজ কৰ্তব্য সমাধা কৰিবলৈ অনেক বিঘিনিৰ আশঙ্কা, সেইদেখি গাভৰুৱে এটি অভিনৱ উপায় উদ্ভাবন কৰি মোমায়েকৰ দেশদ্ৰোহী প্ৰস্তাৱ যাতে কাৰ্য্যত পৰিণত নহয় তাৰ কাৰণে চেষ্টা কৰিলে।
অকল চিঠিৰ দ্বাৰা নিষেধ কৰিলে মোমায়েকে যে তাক মানিব এইটো আশা কৰিব নোৱাৰি। বিশেষত, মোমায়েকক বুজাবলৈ গলে মোগলৰ ভিতৰুৱা কথা বহুত কব লাগিব, চিঠিত সেইবোৰ কথা লিখাটো অতি শঙ্কাজনক। গতিকে, গাভৰুৱে থিৰ কৰিলে যে মইনা লিগিৰাক অসমলৈ পঠিয়াই তাৰ মুখেৰে মোমায়েকক সকলো কথা বুজাই কোৱাব, বোলে, — “মোমাইদেও, তুমি মোগল-সাগৰত মজিছা। সাৱধান, মোগলী-ফন্দিৰ তলানলাৰ সম্ভেদ মইহে পাওঁ। অসম-আইৰ বুকুৰ আগ-মঙ্গহ ডুখৰি বঙ্গালক দলিয়াই দিয়াৰ কথা সপোনতো নাভাবিবা। তাৰ পৰিণাম কালৈকো ভাল নহব। গোটেই দেশখন বঙ্গালৰ ধোবাৰ-পাট হব, আৰু আমাৰ পৰিয়ালৰ কুযশ এটা চিৰকাললৈ ৰৈ যাব। ” মোমায়েকলৈ এখন চিঠি লিখি গাভৰুৱে নিজৰ মনোভাবৰ সঙ্কেত দিলে। নিজৰ কুশল-মঙ্গলৰ বাতৰি দিয়াৰ পাচত গাভৰুৱে মোমায়েকক অনুৰোধ কৰিলে যে যেনে তেনে উপায়েৰে মইনাক অসমলৈ নিব লাগে, তাৰ মুখে সকলো কথা শুনিহে যেন মোমায়েকে কাৰ্য্য-কামত হাত দিয়ে।
কিজানিবা মইনা লিগিৰাক অসমলৈ সোনকালে নিব পৰা নহয়, নিলেও কি জানিবা তাৰ কথা লালুকে বিশ্বাস নকৰে, আকৌ কি জানিবা ইতিমধ্যে লালুকে মোগলক গুৱাহাটী এৰিও দিয়ে, ইয়াকে ভাবি গাভৰুৱে চিঠিত সংকেত দি বুজালে যে এনে কাম অতি গৰ্হিত, অশান্তিমূলক আৰু নিন্দাজনক হব। গাভৰুৱে চিঠিত লিখিলে, — মইনা গৈ তোমাৰ ঠাই নাপায়মানে এনে অশোভনীয় কাম কদাচিতো নকৰিবা,—“তাকে মুঞিনা নজদে ছুমা নৰছদ, য়ি নাছায়িস্তা হৰগিজ নথাহদ কৰ্দ। ” ফাৰ্চ্ছী "না- ছায়িস্তা” শব্দৰ অৰ্থ অতি ব্যাপক, ইয়াত অযোগ্য, অসমীচীন, অশোভনীয়, অপ্ৰীতিকৰ, অশান্তিমূলক, অমঙ্গলজনক, নিন্দাজনক, এই সকলো ভাব নিহিত আছে।
চিঠিত, লালুকৰ প্ৰস্তাৱক নিন্দনীয় বুলি কোৱাৰ উপৰিও ৰমণী গাভৰুৱে মাধৱচৰণ কটকীৰ মুখে সকলো কথা জনাই পঠিয়াইছিল। কটকী হৈছে অসমৰ ৰজাঘৰীয়া বিষয়া, লালুকে গুৱাহাটী এৰিব খোজা ৰাজদ্ৰোহৰ কথা কটকীয়ে জানি-শুনিও ৰজাঘৰত নজনালে তেওঁ জগৰীয়া হব। মোমায়েকলৈ দিয়া চিঠিখন যথাস্থানত নপৰি স্বৰ্গদেৱৰ আন বিষয়াৰ হাততো পৰিব পাৰে, তেনেহলে কটকীৰ বিপদ হোৱাৰ সম্ভাৱনা। সেইদেখি কটকীয়ে যেন লালুকৰ প্ৰস্তাৱৰ বিষয়ে একো নাজানে তাকে বুজাবৰ কাৰণে গাভৰুৱে চিঠিত লিখিলে,—বাকী সমাচৰ, মাধো ব্ৰাহ্মণ যে ইঠাই আহিছিল, দেখি-শুনি গৈছে, সেই তোমাৰ ঠাই কহিবেক।” পাচলৈ যদি কোনোবাই কটকীক দায়গ্ৰস্ত কৰে তেতিয়া কটকীয়ে কব পাৰিব,—“লালুক বৰফুকনৰ ৰাজদ্ৰোহৰ কথা আমি কি জানো? গাভৰুৱে কেনেকৈ খাইছে-বৈছে, আৰু তেওঁৰ গৃহস্থীও বা কেনে, তাকে দেখি-শুনি যোৱাৰ কথাহে গাভৰুৱে চিঠিত লিখিছে, আন কথা নহয়। ” মাধৱচৰণ কটকী দায়ত নপৰাৰ এই সতৰ্ক ব্যৱস্থাৰ পৰা গাভৰুৰ সুবুদ্ধিৰ পৰিচয় পোৱা যায়। লালুকৰ প্ৰস্তাৱৰ কথা চিঠিত ক'তো উল্লিখিত হোৱা নাছিল, লালুকে কিন্তু সাংকেতিক সমাচাৰৰ ভিতৰুৱা অৰ্থ নিশ্চয় বুজিব পাৰিছিল।
মীৰজুমলাৰ হাতত সমৰ্পণ কৰাৰে দিন ধৰি এই চৈধ্য বছৰে অসমৰ কোনেও গাভৰুৰ ভু-বতৰা লোৱা নাছিল। পাদশ্যাহজাদা আজমতাৰাৰ লগত তেওঁ হিন্দুস্থানৰ কেবা ঠাইতো বাস কৰিছিল, আৰু স্বামীৰ বিচিত্ৰ জীৱনৰ সুখ-দুখ-আড়ম্বৰত অংশ গ্ৰহণ কৰিছিল। সসাগৰা মোগল সাম্ৰাজ্যৰ অধীশ্বৰ সম্ৰাট আওৰংজেবৰ বোৱাৰীয়েক তেওঁ, ঐশ্বৰ্য্য-বিভূতি ভোগ-বিলাস মান-সম্মান কোনো কথাতে তেওঁৰ ত্ৰুটি নাছিল। কিন্তু নিজৰ মানুহ আৰু জ্ঞাতি-কুটুম্বৰ মুখ নেদেখাত আৰু তেওঁলোকৰ কুশলাকুশল বাতৰি জানিবলৈ নোপোৱাত গাভৰুৱে বিষম বেজাৰ পাইছিল। তেওঁৰ স্বামী চুলতান আজমতাৰা বঙ্গৰ চুবেদাৰ হৈ ওচৰলৈ অহাত ৰহমত বানুলৈ জ্ঞাতি-কুটুম্বৰ মনত পৰিল, আৰু তেতিয়া তেওঁলোকে তঁই-হে-তঁই-মই-হে-মই কৰি তেওঁলোকৰ প্ৰতি গাভৰুৰ মৰম-চেনেহ আৰু সহানুভূতিৰ সোঁত বোৱাবলৈ ধৰিলে। সেইদেখি গাভৰুৱে চিঠিত বৰ বেজাৰেৰে লিখিছিল, — “মোক ছ-বছৰীয়া নাবালক অৱস্থাত মোগললৈ ভেঁটি কৰি দিলা, আজি মোৰ উনৈছ বছৰ বয়স হল, ইমান বছৰে তোমালোকৰ কোনেও এদিনলৈকে, বিদেশত মই দুখুনীৰ কি হৈছে নহৈছে, তাৰ ভু-বাতৰি নললা!”
অসম-আইৰ স্বাধীনতা সম্মান অটুট ৰাখিবলৈ সীমাবদ্ধ সুবিধাৰ মাজতো ৰমণী গাভৰুৰ নিৰ্ভীক আৰু ঐকান্তিক চেষ্টা, আৰু পাদশ্যাহজাদাৰ অন্দৰ-মহলৰ লাহ-বিলাহ ইলাহী সুখ-সম্ভোগৰ মাজত থাকিও নিজৰ আত্মীয়স্বজন আৰু দেশবাসীৰ প্ৰতি অদম্য ধাউতি আৰু চেনেহ, এই দুই গুণৰ কাৰণে ৰমণী গাভৰুৰ নাম অসম জীয়ৰীসকলৰ মাজত অগ্ৰগণী হৈ থাকিব।
ৰমণী গাভৰুৱে মোমায়েকলৈ দিয়া চিঠিখনি নিখুঁত ফাৰ্ছী ভাষাত লিখা, ইয়াৰ মূল পাঠ অসমীয়া আখৰেৰে পুৰণা বুৰঞ্জী পুথিত সংৰক্ষিত হৈছে। বৰ্ত্তমান পাঠক-পাঠিকাসকলে বুজিব পৰাকৈ এই চিঠিৰ নকৈ কৰা অসমীয়া ভাঙ্গনি তলত তুলি দিয়া হল।-
“আপোনাৰ উদাৰ মহানুভৱতাৰ আশ্ৰয় থলিৰ উত্তম আসনৰ ওপৰত, পৰম দয়ালু ঈশ্বৰৰ কৃপাযুক্ত আশীৰ্ব্বাদ মূৰৰ চুলি পৰিমাণে সকলো সময়তে বৰ্ষিত হওক, আৰু আপোনাৰ সৌভাগ্যযুক্ত মনৰ সাধনাৰ পৰিতৃপ্তি ঘটক। ১॥
আপোনাৰ বংশৰ সন্তানসকলৰ ভিতৰত ময়েই আহি নিলগত পৰিছোঁ। [ মোক বোধ কৰোঁ পাহৰা নাই ]। মোৰ নামো কিজানি আপোনাৰ মনত আছে। ২॥
শতহেজাৰ প্ৰকাৰে আপোনাৰ অপৰিমিত নাম-গুণ কীৰ্ত্তন কৰি আৰু আপোনাৰ গুৰিত সেৱা জনাই, আপোনাৰ কুশল-বাৰ্তা পাবলৈ আশা পালি থাকিলোঁ। ৩॥
দ্বিতীয়তে, সমাচাৰ এই যে ঈশ্বৰৰ কৃপাত ইয়াত সকলোৰে মঙ্গল। ৪
কৰুণাময় ঈশ্বৰৰ গুৰিত ৰাতিয়ে-দিনে আপোনাৰ কুশল-মঙ্গল বাঞ্ছা কৰি থাকোঁ আৰু বিচাৰোঁ। ৫
বিশেষ এই যে, মোক ছবছৰ বয়সতে পিতৃ-মাতৃৰ পৰা কাঢ়ি নি মোগললৈ ভেটি কৰি দিলা। এতিয়া [ মোৰ বয়স ] ঊনৈছ বছৰ হলহি। তথাপিও আজি পৰ্যন্তে কেতিয়াও কোনো সময়তে আৰু কোনো প্ৰসঙ্গতে এই দুখুনীৰ বাৰ্ত্তা নিবিচাৰিলা। ৬॥
আৰু এই হিন্দুস্থানৰ ভিতৰত মোৰ কোন আছে নাই তাক আপুনি জানে। কিন্তু মই মোৰ ঊনৈছ বছৰ বয়সলৈকো [আপোনালোকৰ মানত] অচিনাকিৰ দৰে হৈ আছোঁ। [ আপুনি ] মোমাইদেৱে আপোনালোকৰ সঠিক বতৰা নিজ কটকীৰ জৰীয়তে হিন্দুস্থানলৈকো পঠিয়াই আছিল। যি কি নহওক, পৰম কৰুণাময় ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা জনাওঁ যে বৰ্তমানে হিন্দুস্থানৰ পৰা বঙ্গলাদেশ আহি পালোঁহি, কিন্তু তথাপিও আপোনাৰ পৰা আজিলৈকে একো বাৰ্ত্তা নাপালোঁ। ৭॥
ইতিমধ্যে দুজন কটকীও আপোনালোকৰ ঠাইৰ পৰা আহিছিল। সেই সত্যবাদী কটকী দুজনাৰ হাতত এই দুখুনীলৈ যি বয়-বস্তু উপহাৰ পঠিয়াইছিলে সেই সকলো দ্ৰব্য সম্ভাৰ অতি শুভ মুহূৰ্ত্তত আমাৰ হাতত আহি পৰিছিল, আৰু সেই কাৰণে হিন্দুস্থানৰ লোকসকলৰ মাজত আমাৰ যথেষ্ট গৌৰব বৃদ্ধি হৈছিল। ৮॥
বঙ্গলা মলুকৰ কিছিৰাবাদলৈ [খিজিৰাবাদ, খিজিৰপুৰ, ভাটী] অহা আমাৰ বৰ্ত্তমানে বছেৰেক হলহি। মোৰ কাৰণে আৰু বেগমৰ কাৰণে যি চাৰিটা সুসজ্জিত হাতী পঠিয়াইছিলা তাকো পালোঁ। ৯॥
আপোনাৰ আশীৰ্ব্বাদত এই ঠাইত আমাৰ কোনো বস্তুৰে অভাৱ-অনাটন হোৱা নাই। ১০॥
তথাপিও, আপোনাৰ পৰা পোৱা উল্লিখিত উপহাৰ সমূহৰ কাৰণে আপোনাৰ যশস্যা আৰু লগে-লগে মোৰ মান-সন্মান বহুগুণে প্ৰজ্জ্বলিত হৈছে। ১২॥
আকৌ, আপুনি মোৰ কাৰণে উপহাৰৰ ভাৰ-ভেটিৰ বাহিৰেও যি বস্তু [ৰহস্য-পত্ৰ?] মাধৱচৰণ ব্ৰাহ্মণ আদি কৰি কটকীৰ হাতে পঠিয়াইছিলে সেই বস্তু মোৰ হাতত নপৰিল। ১৩॥
সেই গতিকে, মই অনুৰোধ কৰোঁ যে, যদি এই দুখুনীৰ প্ৰতি দয়া ৰাখে, অনুগ্ৰহ কৰি মইনাক নিশ্চয় আপোনাৰ তালৈ নিয়াব। ১৪॥
সিয়েই মোৰ সকলো বাৰ্ত্তা স্বয়ং আপোনাক জনাব। ১৫॥
উল্লিখিত আপোনাৰ কটকী দুজনাক পাদশ্যাহজাদাই খঙ্গতে বন্দী কৰিছিল। কিন্তু সেই মইনাই অন্তেষপুৰলৈ আহি মোক জনোৱাত মই পাদ্শ্যাহজাদাক মিনতি কৰি বন্দী কটকী দুজনাক মুকলি কৰালোঁ৷ ১৬॥
পাদশ্যাহজাদাও তেওঁলোকৰ ওপৰত সন্তুষ্ট হোৱাত মই [পাদশ্যাহজাদাত কৈ] তেওঁলোকক দুখন থানা দিয়ালোঁ। আৰু আপোনাৰ বংশৰে জিয়াৰী এজনীয়ে এনে অৱস্থাত কি কৰিব পাৰে তাকে জনাই পঠিয়ালোঁ। সেই গতিকে, যেতিয়ালৈকে মইনা আপোনাৰ কাষ নাপায়গৈ তেতিয়ালৈকে আপুনি যেন কদাচিতো এই অশোভনীয় কাম নকৰে। ১৭॥
অন্যান্য ঘটনাসমূহ মাধৱ ব্ৰাহ্মণে নিজে আহি দেখি-শুনি গৈছে, তেৱেঁই সকলো সমাচাৰ আপোনাৰ আগত ব্যক্ত কৰিব। আপোনাৰ কুশল-বাৰ্ত্তা যেন সদায় পাই থাকোঁ। অধিক আৰু কি লিখিম? ১৮॥ ১৫৯৯॥ ”
ৰমণী গাভৰুৰ চিঠিখনি অসমীয়া বুৰঞ্জী সাহিত্য আৰু অসমীয়া নাৰী-সমাজৰ এটি আপুৰুগীয়া সম্পত্তি। ভিনধৰ্মী বিজেতাৰ হাতত অপমানিত আৰু লাঞ্ছিত হোৱাৰ ভয়ত ৰাজপুত ৰমণীয়ে নিজৰ সতীত্ব-সন্মান অটুট ৰাখিবলৈ জ্বলন্ত অগ্নিত জাপ দি মৃত্যুক বৰণ কৰাৰ কথা পোৱা যায়। কেবাগৰাকীও ৰাজপুত ৰাজকন্যাৰ লগত মোগল বাদশাহসকলৰ পৰিণয় ঘটে। কিন্তু, নিজৰ জন্মভূমিব স্বাৰ্থৰ বিৰোধী বাদশ্যাহী কাৰ্য্যপদ্ধতিত কোনো গৰাকীয়ে হস্তক্ষেপ কৰিছিল বুলি বুৰঞ্জীত পোৱা নাযায়। বাদশ্যাহী অন্দৰমহলত ৰাজপুত্ৰ-ৰমণীসকলে পিতৃধৰ্ম্ম ৰক্ষা কৰি মূৰ্ত্তি-পূজা অৰ্চ্চনা কৰিছিল। ৰমণী গাভৰু কিন্তু ইচলাম্-ধৰ্ম্মত দীক্ষিত হৈ মোগলৰ লগত সম্পূৰ্ণৰূপে জীন গৈছিল, তথাপি যে তেওঁ বাদশ্যাহী কাৰ্য-পন্থা ব্যৰ্থ কৰিবলৈ আগ বাঢ়িছিল, ইয়াৰ বাবে তেওঁৰ স্মৃতি অসমীয়া, এনে কি ভাৰতীয় নাৰীসমাজৰ মাজত চিৰকাল আদৰণীয় হৈ থাকিব। চুলতান আজমতাৰাই ৰমণী গাভৰুৰ এই প্ৰচেষ্টাৰ কথা গম পালে কি ভাবিলেহেতেন তাক এটি কাল্পনিক কথোপকথনৰ সহায়েৰে বুজাব পাৰি।—
| আজমতাৰা, | অন্দৰমহলত বহি,— অসম বেগম, তুমি মোমাশহুৰ লালুক বৰফুকনলৈ চিঠি দিছিলাঁ? |
| ৰমণী গাভৰু,— | দিছিলোঁ। |
| আজম,— | চিঠিত কি লিখিছিলা? |
| ৰমণী,— | লিখিছিলোঁ আমাৰ কুশল-মঙ্গলৰ কথা, আৰু মোৰ অন্তৰৰ দুখৰ কথা। |
| আজম,— | আৰু কি লিখিছিলা? |
ৰমণী গাভৰু নিমাত।
| আজম, — | নিমাত হলাঁ কিয় ? |
| ৰমণী, — | মোৰ আৰু কবলৈ একো নাই। |
| আজম,— | বেগম, তুমি জানানে, যিজন মুঞ্চীৰ হতুৱাই তুমি চিঠিখন লিখাইছিলা সেই মুঞ্চীয়ে মোক আহি সকলো কৈছে? |
| ৰমণী,— | তুমি জানিবা বুলি মই আগেয়ে ভাবিছিলোঁ । তোমাৰ কাম কাজৰ কথা গোপনে জনাই থাকিবলৈ জাহাঙ্গিৰনগৰত বাদশ্যাহে ওৱাকায়ানবিছ নিযুক্ত কৰি থৈছে। তোমাৰ অন্দৰমহলত যে চোৰাংচোৱা থাকিব সেইটো স্বাভাবিক। বাৰু, লিখিলোঁ জানিবা, কি হল? |
| আজম,— | তোমাৰ মামাই আমাৰ পৰা বক্চিচ লৈ গুৱাহাটী এৰি দিব খুজিছে। দিল্লীৰ পৰা বাবাচাহেৰে কৈ পঠিয়াইছে, বোলে, এই সুবিধাতে গুৱাহাটী লব লাগিব। তুমি মোৰ দিলৰোবা বেগম হৈ আৰু দিল্লীৰ সম্রাট বাবাচাহেবৰ বোৱাৰী হৈ মামালৈ লিখি পঠিয়াইছা, বোলে, — এনে না-ছায়িস্তা অশোভনীয় কাম |
| কেতিয়াও নকৰিবা। বাবাচাহেব আৰু মোৰ উদ্দেশ্যৰ বিৰুদ্ধে যোৱাটো জানো তোমাৰ উচিত? |
| ৰমণী,— | পাদশাহজাদা চাহেব, মোৰ ফুকলীয়া কালতে পিতৃ-মাতৃয়ে বাধ্য হৈ বাদশ্যাহৰ মহললৈ মোক সঁপি দিলে। এঘাৰ-বাৰ বছৰ বয়সত তোমালোকৰ ধৰ্ম্মত দীক্ষিত কৰি তুমি মোক নিকাহ কৰি ললা। তেতিয়াৰে পৰা দেহমন সকলো মই তোমাতে সমৰ্পণ কৰিছোঁ অসমীয়া তিৰোতাই পতিসেৱা ভালকৈ জানে, চাহেব। |
| আজম,— | সেইটো কথা কব নালাগে, বেগম। অসমীয়া মানুহ যেনে জবৰদস্ত আৰু লেঢ়াইবাজ জাতি, তাৰ তুলনাত তুমি এপাহি সুকোমল গন্ধময় গোলাপ। তোমাৰ ৰূপ-লাৱণ্য যেনে অপূৰ্ব্ব, তোমাৰ মাত-কথা চলন-ফুৰণ সেৱা-শুশ্ৰূষাও তেনে মৰম-লগা। নহলে মই তোমাক চিৰসঙ্গিনী কৰি নগৰে-নগৰে এনেকৈ বগলত বান্ধি লৈ ফুৰিলোঁহেতেন নে? |
| ৰমণী,— | হাঁহি এটি মাৰি,— মোলৈ যদি চাহেবৰ ইমানেই দৰদ, তেন্তে মোমাইদেওলৈ চিঠি দিয়াত বেয়া পাইছা কিয়, চাহেব? |
| আজম,— | চিঠি লিখাত মই বেয়া পাব নোৱাৰোঁ। কিন্তু, বাবা কেনে টান মানুহ্ তুমি জানা। গুৱাহাটী লবই লাগিব। বাবাই মোক কৈছে মই যেনেতেনে মই যদি লব নোৱাৰোঁ বাবা মোৰ ওপৰত খুব নাৰাজ হব। বাবাই মোক যেনেকৈ পিয়াৰ কৰে বাবাৰ পাচত ময়েই দিল্লীৰ তক্তত বহিম। এতিয়া বাবাক খুচী কৰি ৰখাই মোৰ কৰ্ত্তব্য। [মৰম কৰি], সিংহাসনত বহিলে তুমিওতো হবা মহম্মদ আজমখাহ বাদশাহ গাজীৰ বেগম দিল্লীশ্বৰী। |
| ৰমণী,— | চাহেবৰ মহব্বতেই মোৰ পক্ষে দিল্লীৰ ৰাজপাট। চাহেবৰ |
| মেহেৰবানিত মোৰ ভোগ-বিলাস মান-সন্মানত কোনো ত্ৰুটি হোৱা নাই। কিন্তু, সেইবুলি মই থাকোতে তুমি মোৰ জন্মভূমি অসমক ছল-ছন্দ কৰি পৰাধীন কৰিবা, সেই কথা মই অসম- জীয়ৰীয়ে সহিম কেনেকৈ? |
| আজম,— | কিন্তু, তুমিতো এতিয়া অসম-জীয়াৰী নোহোৱা, বেগম। তুমি এতিয়া বাঙ্গলা মছনদৰ চুবেদাৰ পাদশ্যাহজাদাৰ মাছুক—বুলবুল। তেওঁৰ স্বাৰ্থই তোমাৰ স্বাৰ্থ। |
| ৰমণী,— | কিন্তু, মই শুনিছোঁ, আমাৰ অসমীয়া মানুহে আজিকালি কোৱা-মেলা কৰে, বোলে, দেশতকৈ মোমাই ডাঙ্গৰ নহয়। মোৰ সৰুজনা মোমাইদেও লাচিত বৰফুকনে নিৰ্দিষ্ট সময়ৰ ভিতৰত গড় এটা বান্ধিব নোৱাৰাৰ কাৰণে মোমায়েকক নিজহাতে দুটুকুৰাকৈ কাটিছিল। মই সেই লাচিতৰে ভাগিনীয়েক। |
| আজম,— | বুজিলো। তুমি অসমৰ স্বৰ্গ-মহাৰাজাৰ কন্যা। সেই ৰজাই কাৰো ওচৰত কেতিয়াও মূৰ দোওঁৱা নাই। বিশ্ব-বিজেতা সেনাপতি শ্যাহবাজসকলে সেই অসম মলুক আক্ৰমণ কৰিবলৈ গৈ বিফলমনোৰথ হৈ উভতি আহিছে। ময়ে৷ টৈমুৰৰ বংশধৰ আলমগীৰ বাদশ্যাহ আৰু পাৰস্য ৰাজবংশৰ জীয়াৰী দিলৰাছ বানুৰ পুত্ৰ। আজাদি কেনে মিঠা বস্তু মই তাৰ সোৱাদ বুজোঁ, বেগম। সেইদেখি তোমাৰ দেশপ্ৰেমৰ খোচনাম নকৰি মই নোৱাৰিলোঁ। |
| ৰমণী,— | পাদশ্যাহজাদা, চেলামত। মজনুতকৈয়ো মাতোয়াৰা, ফৰহাদতকৈয়ো একনিষ্ঠ, ইউছুফতকৈয়ো সুন্দৰ মোৰ চাহেব তুমি। আহা, মোৰ কি সৌভাগ্য! |
| আজম,— | লয়লা মোৰ, চিৰীণ মোৰ, জুলেখা মোৰ, বেজাৰ নাপাবা, বেগম। বাৰু, যি হল হল, এইটো কথা মহলত কাৰো আগত |
| নকবা। কাইলৈ পুৱা মই সুন্দৰবন জংঘললৈ যাম, বাঘ চিকাৰ কৰিবলৈ। যাবানে তুমি? |
| ৰমণী, – | নিশ্চয়, নিশ্চয় যাম। তুমি হাতীৰ ওপৰত হাওদাত বহি আৰামে গুলি কৰিবা, মই মাটিত খোজ কাঢ়ি বাঘ মাৰিম। যদি গুলিত বাঘ নমৰে, তেস্তে যাঠিৰে খুচি তাৰ প্ৰাণ অস্ত কৰিম। মই মৰা বাঘৰ ছালখন কিন্তু শুকুৱাই কোমল কৰি ৰং দি দিল্লীৰ ৰংমহলৰ বেৰত আৰি থব লাগিব। [চুলতানৰ ফালে চাই, হাঁহি এটি মাৰি], তেতিয়া সকলোৱে বুজিব যে পাদশ্যাহজাদা আজমশ্যাহৰ অসম বেগম ৰহমত বানুৱে সুন্দৰবনৰ বাঘকো জব্দ কৰিব পাৰে। |
| আজম,— | জব্দ কৰিব পাৰে, ঠিকেই কৈছা। ৰংমহলৰ দেৱালৰ গাত
এচুকত দেখিব তোমাৰ বাঘ-বিজয়ৰ কীৰ্ত্তি-স্তম্ভ সেই কুটুবমিনাৰখন। [বেগমক কাষলৈ টানি], আন এচুকত দেখিব সোণৰ অক্ষৰেৰে লিখা— পৃথিবীত যদি স্বৰ্গ আছে, এয়ে স্বৰ্গ, এয়ে স্বৰ্গ, এয়ে স্বৰ্গ,—“আগৰ ফিৰ্দুছ বঞ্চয়েই জমিন আস্ত, হামিন আস্ত, ওৰা হামিন আস্ত, ওৱা হামিন আস্ত।” |
বিনাযুদ্ধে লালুকৰ গুৱাহাটী ত্যাগ
চুলতান আজমতাৰা আৰু ৰমণী গাভৰুৰ চিঠি আনি অসমৰ কটকী মাধৱচৰণ আৰু যদুনন্দন, আৰু বঙ্গালৰ কটকী গোবিন্দৰামে ১৬০০ শকৰ আষাৰ মাহত লালুকৰ হাতত দিলেহি। কলীয়া বুৰুক আৰু ছেঙ্গয়া বঙ্গালেও আহি বাদুলিৰ পৰা অনা সমাচাৰ লালুকক কলেহি, বোলে,— “সকলো কাৰ্য্য সিদ্ধ হৈছে, বাদুলিৰ সহিতে লোকজন পাচতে আহিব।” আজমতাৰা আৰু বাদুলিৰ পৰা উৎসাহজনক সমিধান পাই লালুকে গুৱাহাটী এৰাৰ আয়োজন কৰিবলৈ ধৰিলে। লালুকৰ ষড়যন্ত্ৰৰ কথা শৰাইঘটীয়া ফুকনসকলে অলপ জানিলেও তাক প্রকাশ্যে প্ৰতিবাদ কৰা তেওঁলোকৰ পক্ষে সম্ভৱপৰ হৈ নুঠিল, কাৰণ লালুক আছিল একা-চেকা ধৰ্ম্মজ্ঞান নথকা দুৰ্দান্ত মানুহ, তেওঁৰ সংকল্পৰ বিৰুদ্ধে থিয় হোৱা মানে নিজৰ ধ্বংস নিজে নিমন্ত্ৰণ কৰি অনা, তাৰ উপৰিও মোগলৰ সৈন্যশক্তি লালুকৰ সপক্ষে সজ্জিত হৈ আছিল । ৰমণী গাভৰুৰ হাক-বচনেও লালুকৰ সংকল্পৰ একো সালসলনি ঘটাব নোৱাৰিলে ।
লালুকৰ দেশদ্রোহী সংকল্প যেতিয়া কাৰ্য্যকৰী হোৱাৰ বাটত কিছু পৰিমাণে আগ বাঢ়িল, তেতিয়া গুৱাহাটীৰ মিৰি-সন্দিকৈ ফুকন আৰু মৰঙ্গি পানীফুকনে বুঢ়াগোঁহাই ডাঙ্গৰীয়ালৈ সবিশেষ কথা জনাই পঠিয়ালে। লালুকৰ ষড়যন্ত্ৰৰ কথা জনাজাত হলে দোৰ্ঘোৰ বিপত্তি হব পাৰে, এই বুলি বুঢ়াগোঁহাই ডাঙ্গৰীয়াই তাক নজনা ভাৱ লৈ থাকিল, আৰু মনৰ কথা লুকুৱাই ৰাখি বাহিৰত এনেকৈ কলে, বোলে, – “শুনা কথা সকলো মিছা; বৰফুকন এজন জানন্তা মানুহ, তেওঁ এনে কাম কিয় কৰিব ?”
তেতিয়া মানুহৰ মতি-গতি ইমান স্থিৰ নাছিল। শাসন-ক্ষমতা লংঘন কৰি নিজৰ স্বাৰ্থ পুৰোৱাটোৱেই আছিল ভালেমান বিষয়াৰ কাৰ্য্যাৱলীৰ উদ্দেশ্য। বুঢ়াগোহাঁই ডাঙ্গৰীয়াই কোনোমতে উপায়-বুদ্ধি কৰি তেওঁলোকক দমাই ৰাজ্য ৰাজ-ক্ষমতা ভাঙ্গি-পচি নোযোৱাকৈ ৰক্ষা কৰি আছিল । এতিয়া যদি লালুক বৰফুকনৰ স্বতন্ত্ৰালিৰ কথা প্ৰচাৰিত হয় তেন্তে বিদ্ৰোহলৈ ঢালখোৱা বিষয়াসকলে বৰফুকনক কেন্দ্ৰ কৰি এটি বিপ্লবী দল সৃষ্টি কৰাৰ সুবিধা পাব । ওচৰতে মোগলে খাপ লৈ আছে অসম লবলৈ, এনেস্থলত এনে ভাব দেখুৱাব লাগিব যে, – “আমি অসমীয়া সকলোটি একেগোট একেমত হৈ শত্ৰুৰ সন্মুখে থিয় হৈ আছোঁ, আমাৰ ভিতৰত বিভেদ-বিচ্ছেদ নাই।” অসমৰ ভিতৰত দলাদলিৰ কথা গম পালে মোগলৰ কাৰ্য্যসিদ্ধিৰ দুৰ্গম পথ সুগম হৈ পৰিব। গড়গঞা বিষয়াসকলে লালুক বৰফুকনক ধৰিবলৈ কোৱাত বুঢ়াগোহাঁয়ে সেইদেখি উত্তৰ দিলে,—“আমাৰ ভিতৰত লাগে যেইকি নহওক, ঠাইতে বঙ্গাল শত্ৰু আছে, আমি খেদি ধৰা কথা ভাল নহয়, শত্ৰুৰ উৎসাহ বাঢ়ে। খেদি গৈ দৈবযোগে ঘাতি খাবলৈকো আছে।”
লালুক বৰফুকনৰ স্বতন্ত্ৰৰীয়া প্ৰচেষ্টাৰ কথা শুনি বুঢ়াগোহাঁই ডাঙ্গৰীয়া বহি নাথাকিল। মীৰজুমলাৰ দিনত, মোগল সৈন্যই গুৱাহাটী আৰু চামধৰা অধিকাৰ কৰি একে-চোচাই গড়গাওঁ পালেগৈ। চামধৰা আৰু গড়গাৱঁত অসমৰ ভাল গড়-প্ৰাঞ্চি নথকাত মোগলৰ গতি ৰোধ কৰিব পৰা নগল। “লালুকৰ এইবোৰ ষড়যন্ত্ৰৰ কথা শুনিছোঁ, মোগলে আকৌ অসম আক্ৰমণ কৰিব পাৰে, গুৱাহাটী চামধৰা এই দুই ঠাইত হাত-ভৰি পিছলিলে বহিবৰ ঠাই নেদেখোঁ, সেইদেখি গড়গাওঁ অঞ্চল ৰক্ষা কৰিবলৈ ওচৰতে গড় এটা নিৰ্ম্মাণ কৰা উচিত,” ইয়াকে ভাবি স্বৰ্গদেৱ চুডৈফা পৰ্ব্বতীয়া ৰজাক কৈ দোৱাল মানুহ তুলি বুঢ়াগোহাঁয়ে জাজিৰ কোখৰত, গাভৰু পৰ্ব্বতৰ পৰা মূৰকটালৈকে লগাই, এটা গড় বন্ধাবলৈ ধৰিলে, গড়ৰ নাম হল চিন্তামণিগড়।
লালুক বৰফুকনলৈ দিয়া চিঠি আৰু বাদুলিৰ যোগেদি দিয়া সমিধান অনুসৰি আজমতাৰাই গুৱাহাটী লোৱাৰ কাৰণে আয়োজন কৰিবলৈ ধৰিলে। ১৬০০ শকৰ জেঠৰ ১৭ তাৰিখে ঢাকাৰ চুবেদাৰৰ প্ৰাসাদত ফিদেই-খাঁ কোকাৰ মৃত্যু হয়। তাৰ আঠ দিনৰ পাচত আজমতাৰাই ঢাকা চুবেদাৰৰ হাউলী প্ৰবেশ কবি বঙ্গৰ শাসনকাৰ্য্য চলাবলৈ আৰম্ভ কৰে। ঢাকালৈ আহিয়েই তেওঁ অসমলৈ সৈন্য পঠোৱা কামত ব্যস্ত হৈ পৰিল। এনেকি, ঢাকাত থকা ইংৰাজ আৰু ওলন্দাজ গোলাবিলাকৰ মালিকহঁতক অসম-অভিযানৰ কাৰণে কিছুমান হিলৈ মাৰিব জনা গোড়া চিপাহি দিবলৈ আজমতাৰাই টানি ধৰিলে। আঘোণ-পুহ মাহত সৈন্য-সেনা আৰু আহিলা-পাতি তৈয়াৰ হোৱাত, আজমনতাৰাই নবাব মনচুৰ-খাঁক সেনাপতি পাতি গুৱাহাটী লবলৈ আদেশ দিলে।
মনচুৰ-খাঁই কামৰূপ সোমাই লাহে-লাহে গুৱাহাটীৰ পোনে যাবলৈ ধৰিলে। লালুক বৰফুকনে আগৰে পৰা এনে বন্দোৱস্ত কৰি থৈছিল যাতে ভাটীৰ কোঠবিলাকত মোগলৰ সৈন্যই একো বাধা নাপায়, সেই বন্দোৱন্ত মতে ভাটীৰ চকিয়ালহঁতেও গুৱাহাটীত বাৰ্ত্তা নিদিলে। অবশেষত মনচুৰ-খা সসৈন্যে আহি আগিয়াঠুঠি পালেহি। বুঢ়াগোহাঁয়ে মোগল অহা বাৰ্ত্তা পাই আছিল, তেওঁ মাথোন কৈছিল,—“ যদিহে কথা সঁচা হয়, আমিও গুৱাহাটীলৈকে যাম। পাৎছাৰ বেটাই আহক বা পাৎছাই আহক, আমি কিয় এৰিম?” এই বুলি নিশ্চয় বুজিবৰ কাৰণে বুঢ়াগোহাঁয়ে গুৱাহাটীলৈ মানুহ পঠিয়ালে।
যোগল আহি আগিয়াঠুঠি পোৱাত গুৱাহাটীৰ ফুকন ৰাজখোৱাসকলে লালুক বৰফুকনক কলে, – “তুমি সকলোৰে অধিকাৰ, তুমি যি বোলা তাকে কৰিব লাগে।” বৰফুকনে কলে, – গুৱাহাটীৰ কোঠ-গড়ো যুদ্ধৰ কাৰণে যুগুত হৈ থকা নাই, কলিয়াবৰলৈ হুঁহকি গৈ তাৰ পৰা মোগলক ধৰিম।” কথাৰ বিসঙ্গতি দেখি মিৰি-সন্দিকৈ ফুকন আৰু পানীফুকনে বুঢ়াগোহাঁইলৈ জনালে বোলে, – “ আমি ব্যবস্থাৰ কওঁ, আমাৰ কথা কোৱে নপতিয়ায়, এতিয়া বাদুলি আহি পালেহি, কি পাৰে কৰক।”
এনেতে, অৰ্থাৎ বুঢ়াগোহাঁইৰ ঠাইৰ পৰা সৈন্য আহি পোৱাৰ আগতে, লালুক বৰফুকনে গুৱাহাটী এৰি কলিয়াৰলৈ উজাবলৈ ধৰিলে। সেই দিনা ১৬০০ শঙ্কৰ ফাগুনৰ ১৫ তাৰিখ। গুৱাহাটী এৰাৰ পূৰ্ব্বতে লালুকে এই শ্লোক শাৰী মাতিছিল, – “ জানামি সীতাং জনকপ্ৰস্থতাং, জানামি ৰামং মধুসুদনক,” অৰ্থাৎ, মই জনক-জীয়াৰী সীতাক জানো, আৰু মধুদানবক বধ কৰোতা ৰামক জানো। অনুমান হয়, সেই অশুভ ক্ষণত লালুক বৰফুকনৰ মনত এনে ভাবৰ উৎপত্তি হোৱাত ভাষাৰ ৰূপ ধৰি শ্লোক শাৰী মুখব পৰা নিৰ্গত হৈছিল,— “বিনাযুদ্ধে, মোগলৰ কাৰণে গুৱাহাটীৰ গড় উদংকৈ এৰি মই আজি, চুকাফাৰ দিনৰে পৰা এতিয়ালৈকে কোনেও নকৰা কাম কৰিলোঁ। ইয়াৰ পৰিণাম যে ভয়ঙ্কৰ তাক মোৰ বিবেকে কৈছে। সেই পৰিণামৰ পৰা মোক উদ্ধাৰ কৰোঁতা মাথোন দুজন,—জয়ধ্বজ জীয়াৰী ৰমণী গাভৰু, আৰু আওৰংজেব বাদশাহৰ প্ৰিয়তম পুত্ৰ আজমতাৰা। ৰাৱণ-দৈত্য আৰু মধু-দানবৰ দৰে মোৰ শত্ৰুবোৰক ধ্বংস কৰি সকলো বিপদৰ পৰা মোক ৰক্ষা কৰিব মোৰ ভাগিনী আৰু ভাগিন-জোঁৱাই এওঁলোক দুজনাই।” মনচুৰ-খাঁই উদং গুৱাহাটী নগৰত সোমাবলৈ শঙ্কা কৰিছিল, কিজানিবা অসমে পাহাৰত লুকাই থাকি কিবা ছল কৰে। বুৰুকৰ কলীয়া আৰু লালুকৰ ভায়েক মৰঙ্গিয়ে বুজাই-বঢ়াইহে মনচুৰ-খাঁক সৈন্যসহিতে গুৱাহাটীৰ ভিতৰলৈ আনিব পাৰিছিল। এইদৰে, পূৰ্ব্বে লাচিত বৰফুকন আদি অসমীয়া বীৰসকলে প্ৰাণ-পৰিশ্ৰমে উদ্ধাৰ কৰা গুৱাহাটী গড় মনচুৰ-খাঁই তৰোৱাল ৰাঙ্গলী নকৰাকৈ অধিকাৰ কৰি তাত থানা পাতি বহিল।
লালুকে গুৱাহাটী এৰাৰ সময়ত বঙ্গালৰ লগত ককায়েক বাদুলিও আহিছিল। লালুকৰ অদূৰদৰ্শিতাৰ দৃষ্টান্ত দেখা পাই বাদুলিয়ে দুখ কৰি কলে,— “তহঁতে কি কৰ্ম্ম কৰিলি? এই শৰাইঘাটৰ গড় দেৱৰো দুৰ্ল্লভ, কি বুলি এৰিলি? আপোনাৰ মান-মৰ্য্যাদা আপুনি হৰুৱালি! বঙ্গালে যি চাৰি লাখ টকা দিম বুলিছিলে তাকো নললি! কিছু নহল!” এই ৰূপে অসন্তোষ কৰি লালুকৰ লগত এৰাতি মাথোন থাকি বাদুলি ভটীয়াই গল। চুডৈফা ৰজায়ো কৈছিল, – “কামৰূপ হেন ৰাজ্যখন মোৰ অনেক যত্ন কৰি লোৱা হৈছে, তেনেখন ৰাজ্যক ইহঁতে কাৰ কথাৰে এৰি দি আহে?” ৰাজপুত যোদ্ধা ৰজা ৰামসিংহই ইমান পৰিশ্ৰমে যুজিও সম্পন্ন কৰিব নোৱাৰা কাম এটা ইমান সহজে সম্পন্ন কৰাত বাদশ্যাহী মহলত চুলতান আজমতাৰাৰ খ্যাতি চৰিবলৈ ধৰিলে। “মাছিৰ-ই-আলমগীৰি” নামে ফাৰ্চ্ছী গ্ৰন্থমতে, গুৱাহাটী অধিকাৰৰ শুভবাৰ্ত্তা বহন কৰা দূত শাহৰুখক সম্ৰাট আওৰংজেবে এহেজাৰ টকা বঁটা দিলে, আৰু পুৰস্কাৰৰূপে আজমতাৰালৈ পঠিয়ালে দুই লাখ টকা মূল্যৰ চাৰিকুৰি এঘাৰটা বাখৰ পতোৱা এধাৰি কণ্ঠহাৰ, আৰু পাগুৰিত মৰা পচিছ হাজাৰ টকা মূল্যব এটী টুৰা।
ইতিমধ্যে, মনচুৰ-খাঁই সৈন্য সহিতে কিয় কামৰূপ সোমাইছে তাকে নিৰ্ণয় কৰিবলৈ বুঢ়াগোহাঁয়ে প্ৰথমে পঠিয়াইছিল খনিকৰ বৰুৱাক, আৰু পাচৰ বাৰ কলীয়া কটকীক। তেওঁলোকে আহি মোগলক দেখিলে, কিন্তু মোগলৰ উদ্দেশ্য কি তাক নিশ্চয় কৰি জানিব নোৱাৰিলে। তৃতীয়বাৰ অহা গজপুৰীয়া বুঢ়া হাতীবৰুৱাই চাই-চিতি স্বৰ্গদেৱত জনালে, বোলে, — "স্বৰ্গদেৱ, বঙ্গালক দেখিলোঁ, ঘৰ-বঙ্গাল কি পৰ-বঙ্গাল ইয়াক নিৰ্ণয় কৰিব নোৱাৰিলোঁ। আমাৰো নাও-নাৱাৰাখন আহিলা-পাতি একো তিয়াৰ নেদেখিলোঁ, ফুকনবিলাকৰ নাওদুনিখন ভৰাখোৱা হৈ উজনীমুখ কৰি আছে।”
হাতীবৰুৱাৰ কথা শুনি স্বৰ্গদেৱে বুঢ়াগোহাঁই ডাঙ্গৰীয়া, তেওঁৰ ককায়েক নাওবৈচা ফুকন, আৰু অন্যান্য ফুকনক লোকজন দি গুৱাহাটীৰ পোনে পঠিয়ালে। সেই সময়ত লালুক বৰফুকনে গুৱাহাটী এৰি কলিয়াবৰ পাইছিলহি। উজাই গৈ বুঢ়াগোহাঁইক ধৰিবৰ কাৰণে লালুক বৰফুকনে বাদুলিয়ে দিয়া ফৈদচাৰেক সৈন্যৰে সৈতে কেজনমান ফুকনক পঠিয়ালে। তেতিয়া বুঢ়াগোহাঁই গাভৰু লুইতৰ মুখ পাইছিলহি। লালুকৰ সৈন্যই বুঢ়াগোহাঁইৰ লগৰ ফুকন আৰু অন্যান্য মানুহ ধৰিলে। ইয়াকে দেখি বুঢ়াগোহাঁয়ে জকাইচুক সোমাল, তাৰ পৰা কৌপাতীলৈ গল, তাৰ পৰা সাতশৈয়াই দি নগা পৰ্ব্বতলৈ যাবলৈ ধৰোঁতে লালুকৰ মানুহে ধৰি আনি কলিয়াবৰত ককায়েকৰে সৈতে বন্দী কৰি থলে। তেতিয়াৰে পৰা লালুকে স্বয়ংৰূপে প্ৰৱৰ্ত্তি নিজৰ ইচ্ছামতে ফুকন বিষয়া আদি ভঙ্গা-পতা কবিবলৈ ধৰিলে।
আজমতাৰাৰ ঠাইলৈ স্বৰ্গদেৱৰ উপহাৰ
কলিয়াবৰত কিছুদিন থাকি লালুকে উজনীলৈ মানুহ পঠিয়াই স্বৰ্গদেৱৰ মন-ভাও বুজিবলৈ ধৰিলে। তাৰ পাচত নিজে গড়গাৱলৈ গৈ স্বৰ্গদেৱক সেৱা কৰি সকলো কথা বুজালে, বোলে, – “আমাৰ গাত অকণো দোষ নাই, যত অনিষ্টৰ মূল বুঢ়াগোহাঁই। স্বৰ্গদেৱক কোনে ঘৈয়ালে তাৰো একো বিচাৰ নহল, আৰু ৰাইজক কষ্ট দি মাজৰাজ্যখনত গড় বন্ধোৱাৰো কোনো সকাম নাছিল।” এই বুলি পৰম উপকাৰী হেন দেখুৱাই লালুকে চুডৈফা ৰজাক নিজৰ অধীনস্থ কৰি ললে, আৰু ৰজাক সাক্ষী মাত্ৰ কৰি ৰাখি নিজৰ ইচ্ছামতে বিষয়া ভঙ্গা-পতা আৰু কটা মৰা কৰিবলৈ ধৰিলে। ৰজাঘৰীয়া সকলো কাৰ্য্য-কামৰ নিয়ন্তা হৈ লালুকে মন্ত্ৰী-ফুকন খিতাপ ললে, মানুহে কিন্তু তেওঁক বুঢ়া-ফুকন বুলিহে কবলৈ ধৰিলে।
লালুক বুঢ়াফুকন সকলো ৰাজ-ক্ষমতাৰ অধিকাৰী হল সঁচা, কিন্তু অসমৰ ৰজা হোৱা অভিলাষটো তেওঁ তেতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাছিল। চুলতান আজমতাৰাৰে প্ৰীতি কৰি মোগল সৈন্যৰ সহায় লৈ তেওঁ সিংহাসনত নবহিলে আন কোনো উপায় নাছিল। গুৱাহাটীত বৰফুকন হৈ থকাত তেওঁ যেনেকৈ গোপনে আজমতাৰাৰ ঠাইলৈ চিঠি-পত্ৰ দিব পাৰিছিল, উজনীৰ পৰা তেনেকৈ লেনদেন কৰাৰ কোনো সুবিধা নাছিল, কাৰণ, তেওঁৰ কাৰ্য্যাৱলীৰ ওপৰত সহস্ৰ চকু। স্বৰ্গদেৱৰ পৰা পত্ৰ-উপহাৰ লৈ গলে আজমতাৰাই বৰ ৰং পাব, আৰু তেওঁ বুজিব যে মোমাশহুৰ লালুকৰ যত্নতহে স্বৰ্গদেৱে পত্ৰ-উপহাৰ পঠিয়াইছে, আৰু অসমৰ ৰজাঘৰীয়া কটকীৰ জৰীয়তে লালুকেও আজমতাৰালৈ গোপন বাৰ্তা পঠিয়াব পাৰিব। এইদৰে সাত-পাঁচ ভাবি লালুকে চুডৈফা স্বৰ্গদেৱক কলে, – “স্বৰ্গদেৱৰ জোঁৱাই ৰজা-জীয়ে সহিতে ঢাকালৈ আহিছে হেন শুনিছোঁ, ইয়াকে চাই বঙ্গালৰ মগলী-ফন্দী নুবুজি। স্বৰ্গদেৱৰ স্নেহ-প্ৰীতিক দৰ্শাই ভাল-মন্দ কথা বুজিবৰ নিমিত্তে কটকী গোটাদুয়েক পঠাই দিয়ক।” লালুকে প্ৰস্তাব কবিলে যে আগৰে পৰা মোগলৰ ঠাইলৈ অহাযোৱা কৰা চলাৰ মাধৱচৰণ আৰু গজপুৰীয়া যদুনন্দনকে আজমতাৰাৰ ঠাইলৈ পঠিয়াব লাগে। ইয়াৰ পৰা বুজা যায়, এওঁলোক দুজন লালুকৰ বিশেষ আপ্ত আৰু ভিতৰ-বিশ্বাসী আছিল।
লালুকৰ প্ৰস্তাৱ মতে স্বৰ্গদেৱে মাধৱচৰণ আৰু যদুনন্দন কটকীৰ হাতত সোনৰ অলঙ্কাৰ, হাতীদাঁত, পানীৰ তলযোৱা কাঠ, গান্ধ, চামৰ ফুলাম কাপোৰ আদি উপহাৰ আৰু পত্ৰ-সন্দেশ দি ঢাকালৈ পঠিয়ালে। বেচি মূল্যবান উপহাৰ পঠোৱা হৈছিল আজমতাৰা, চুজাৰ জীয়েক আৰু ৰহমত বানু বেগমলৈ। এওঁলোকৰ বাহিৰে তলত লিখা সকলোলৈকো উপহাৰ পঠোৱা হৈছিল, – বেগম, তেওঁৰ নাম নাই; মগলিনী, তেওঁৰ নাম নাই; তিপাম ৰজাৰ জীয়েক; মনোৱৰ খাঁ; ছৈয়দমল নবাব; ঢাকাৰ অন্যান্য নবাব; লালুকৰ, ককায়েক বাদুলি; আৰু গুৱাহাটীৰ মোগল ফৌজাদাৰ নবাব মনচুৰ-খাঁ। ৰজাঘৰীয়া পত্ৰ-সন্দেশৰ লগত লালুকেও কটকীৰ মুখে ভিতৰুৱাকৈ আজমতাৰালৈ বাৰ্ত্তা দি পঠিয়াইছিল, বোলে,— “পূৰ্ব্বৰ অঙ্গীকাৰ ৰক্ষা কৰি মোক অসম ৰাজ্যৰ ৰজা পাতিব লাগে।” আজমতাৰাৰ ঠাইলৈ পঠোৱা উপহাৰৰ সম্ভাৰৰ পৰা সেই কালৰ অসমৰ ঐশ্বৰ্য-সম্পদ আৰু উৎপন্ন বস্তু, আৰু বিশেষকৈ উচ্চ সম্ভ্ৰান্ত পৰিয়ালৰ মানুহে ব্যাৱহাৰ কৰা বস্ত্ৰ-অলঙ্কাৰৰ বিষয়ে ভাল আভাস পাব পাৰি। উপহাৰৰ তালিকা এই।—
চুলতান আজমতাৰালৈ দিয়া উপহাৰ। —সোনৰ বটা এটা, জোখত চলিছ টকা; সোনৰ টেমি এটা, জোখত আঠ তোলা; সোনৰ ডাবেৰে কটাৰী চাৰিখন, জোখত বাৰ তোলা; সৰ্ব্বাঙ্গ গান্ধ দুটা; গোটা গান্ধ সত্তৰটা; শুকুলা চামৰ একুৰি; কলীয়া চামৰ একুৰি; এহতীয়া খৰগ দহটা; তলযোৱা কাঠ ছসেৰ; গৰকি ন; পকাকাঠ বাইছ; গাঁঠিয়ন এমোনা, জোখত দুসেৰ; নৰা কাপোৰ বাৰখন; মখমল দুখন; কিৰ্মিজি সাতখন; কতিপা চাৰিখন; দাঁতৰ খুৰাৰে সোনৰ পীৰা দুখন, তাত সোন লগাইছে চাৰি তোলা; হাতীদাত ওঠৰটা; চৰালগা কটাৰী আঠখন; ই কটাৰী চল্লিছখন।
ৰমণী গাভৰুলৈ দিয়া উপহাৰ।– সোনৰ কংকালি এগছ, জোখত সাতচল্লিছ তোলা; সোনৰ কলি এজোৰ, জোখত চাব্বিছ তোলা; সোনৰ খাৰু এজোৰ, জোখত বাইছ তোলা; সোনৰ আঙ্গঠি দহজোৰ, জোখত আঠাইছ ৰতি; সোনৰ উঝটি দহজোৰ, জোখত আঠ তোলা; যুবমলা এমলা; সোনৰ ডাবেৰে কাকৈ দুখান, জোখত ন-তোলা; সোনৰ ডাবেৰে কটাৰী দুখন, জোখত ছ-তোলা; সোনে-পোৱালে ডিঙ্গিব মণি সাতধৰীয়া এছেৱ; সোনে-পোৱালে হাতৰ মণি চৈধ্যধৰীয়৷ এছেৱ; সোনে-পোৱালে ভৰিৰ মণি দুধৰীয়া দুধাৰ; সোনৰ ডাউ-বৰৈয়েৰে ফুলাম বৰকাপোৰ দুজোৰ, ইয়াত বৰৈ আছে এঘাৰ গণ্ডা, সৰুবৰৈ আঠ-দহ গণ্ডা, ডাউ আঠ গণ্ডা, সোনৰ ফুল বাৰ গণ্ডা, সোনৰ ডাউয়েৰে মেখেলা এজোৰ, ডাউ খনে সাত গণ্ডা; সোনা-ৰূপা ডাউয়েৰে মেখেল৷ এজোৰ, সোনৰ ডাউ খাইছিল চৈধ্যটা, ৰূপৰ ডাউ এঘাৰ গণ্ডা; সোনৰ ডাউ-বৰৈ দিয়া ৰিহা এখন; সোনৰ ডাউবৰৈ দিয়া টঙ্গালি দুগছ; উকা টঙ্গালি দুগছ; ফুলাম বৰকাপোৰ ছ-জোৰ; আঁচল ফুলাম বৰকাপোৰ দুজোৰ; আঁচুৱলী বৰকাপোৰ তিনিজোৰ; উকা বৰকাপোৰ দহজোৰ; মেখেলা একুৰি জোৰ; ৰিহা দুকুৰি জোৰ; সোনে-বন্ধোৱা খড়গ ছটা; সোনে-বন্ধোৱা খড়্গৰ তৰ্পণ এটা, তাত সোন তিনি তোলা; কটাৰী একুৰিখন; গান্ধ দহটা; তামোল এটা, তাত সোন তিনি তোলা।
চুজাৰ জীয়েকলৈ দিয়া উপহাৰ। —সোনৰ কংকালি এগছ, জোখত সাতচল্লিছ তোলা; সোনৰ কংকনী এজোৰ, জোখত চাব্বিছ তোলা; সোনৰ ৰুলি এজোৰ; সোনৰ খাৰু এজোৰ, জোখত বাইছ তোলা; সোনব আঙ্গঠি দহজোৰ, জোখত ছতোলা; সোনৰ উঝটি দহজোৰ, জোখত আঠ তোলা; সোনৰ যুৰমলা এগছ, জোখত চাব্বিছ তোলা; সোনৰ ভাবেৰে কটাৰী দুখন; সোনৰ ভাবেৰে কাকৈ দুখন, জোখত ন-তোলা; সোনে-পোৱালে ডিঙ্গিৰ মণি চাৰিধৰীয়া এছেৱ; সোনে-পোৱালে হাতৰ মণি সাতধৰীয়া এছেৱ, জোখত এতোলা; সোনে-পোৱালে ঘুগুৰাৰে ভৰিৰ মণি দুধৰীয়া দুধাৰ; সোনৰ ডাউ বৰৈলগা ফুলাম বৰকাপোৰ দুজোৰ, ইয়াত বৰবৰৈ এঘাৰ গণ্ডা; সৰুবৰৈ দহ গণ্ডা, ডাউ আঠ তাত সোনৰ ফুল বাৰ গণ্ডা; সোনৰ ডাউ বৰৈলগা ৰিহা দুখান, সোনৰ বৰবৰৈ আঠ গণ্ডা, সোনৰ সৰুবৰৈ এপোণ; সোনৰ ডাউয়েৰে মেখেলা এজোৰ, আত ডাউ সাত গণ্ডা; সোনৰ-ৰূপৰ ডাউয়েৰে মেখেলা এজোৰ, তাত সোনৰ ডাউ চৈধ্যটা, ৰূপৰ ডাউ এঘাৰটা; সোনৰ ডাউ বৰৈদিয়া টঙ্গালি ছগছ; উকা টঙ্গালি দুগছ; ফুলাম বৰকাপোৰ পাঁচজোৰ; আঁচল ফুলাম বৰকাপোৰ দুজোৰ; আঁচুৱলী বৰকাপোৰ তিনিজোৰ; উকা বৰকাপোৰ দহজোৰ উকা মেখেলা একুৰি জোৰ; ৰিহা একুৰি জোৰ; কটাৰী একুৰিখন।
তিপাম ৰজাৰ জীয়েকলৈ দিয়া উপহাৰ। — বৰকাপোৰ দুজোৰ; আঁচুৱলী বৰকাপোৰ তিনি জোৰ; মেখেলা দুজোৰ; ৰিহা দুখন; টঙ্গালি দুগছ; কটাৰী তিনিখন। বেগমলৈ দিয়া উপহাৰ। — সোনৰ আঙ্গঠি ছজোৰ; সোনৰ হাৰ এগছ, জোখত তিনি তোলা; আঁচুৱলীয়া বৰকাপোৰ তিনি জোৰ; মেখেলা দুজোৰ; ৰিহা দুখন; টঙ্গালি তিনি গছ; কটাৰী তিনিখন।
মগলিনীলৈ দিয়া উপহাৰ।– সোনৰ হাৰ এগছ, জোখত তিনি তোলা; ফুলাম বৰকাপোৰ তিনিখন; ৰিহা এখন; মেখেলা এজোৰ; টঙ্গালি এগছ।
ঢাকাৰ নবাব কেগৰাকীলৈ মুঠতে দিয়া উপহাৰ। — হাতীদাত চৈধ্যটা; কস্তুৰী সাতাইছটা; কলীয়া চামৰ একুৰিটা; মৰিচ ডেৰমোণ; খৰগ ছটা; সোনেৰে মলমা কৰা কটাৰী দুখন; উকা কটাৰী এখন কম তিনিকুৰিখন
গুৱাহাটীৰ মনচুৰ-খাঁলৈ কণ্ঠভূষণ কটকীৰ হাতত দিয়া উপহাৰ।— কিৰ্মিজ এখন; আতলচ দুখন; টাটবন্ধ দুখন; এলঞ্চা তিনিখন; তপ্তা এখন; কস্তুৰী ছটা; হাতীদাঁত দুটা; দাঁতৰ ডাবেৰে কটাৰী আঠখন; ৰোপন কৰা কটাৰী চাৰিখন; শিঙ্গৰ ডাবেৰে কটাৰী আঠখন; মৰিচ পঞ্চাছ সেৰ।
ছৈয়দমললৈ দিয়া উপহাৰ।— আতলচ দহখন; কামছিটি এখন; কস্তুৰী দুটা; দাতৰ ডাবেৰে কটাৰী দুখন; শিঙ্গৰ ভাবেবে কটাৰী দুখন; মৰিচ দহসেৰ।
মনোৱাৰ খাঁলৈ দিয়া উপহাৰ। খাহি চাৰিটা; বিচনী দুখন; জালুক দহসেৰ; তামোল এপোণ; হাতীদাঁত দুটা; পান একুৰিটা; ফুলাম বৰকাপোৰ দুখন; ঘিউ ছসেৰ, লোণ এটা; তেল চাৰি হাড়ী; টেঙ্গা আঠ খাং; চিকন চাউল দুকুৰি হাড়ী।
বাদুলিলৈ দিয়া উপহাৰ। — খাহি দুটা; কুনমিন এটা, সোন একুৰি তোলা; কুনথা এটা; লোণ এটা; ঘিঁউ আঠ সেৰ; ফুলাম বৰকাপোৰ এজোৰ; কুকুৰা ৮; চেলেং এখন; হাঁচটি এখন; তামোল বটা এখন; জালী চোলা এটা; তামোল, পান। ইয়াৰ লগতে বৰফুকনে দিয়ে দীঘল কেৰু এজোৰ। ইতিমধ্যে দাক্ষিণাত্য আৰু ৰাজপুতনাত আউল লগাত সম্ৰাট আওৰংজেবে আজমতাৰাক ৰাজপুতনালৈ যাবলৈ আদেশ দিলে। ১৬৭৯ খৃষ্টাব্দৰ আগষ্ট মাহৰ ১৪ তাৰিখে আজমতাৰাই ঢাকা এৰি অতি কম সময়ৰ ভিতৰতে কাশী, আগ্ৰা আৰু আজমীৰেদি গৈ ৰাজপুতনাৰ যোধপুৰ পায়গৈ, আৰু ডিচেম্বৰ ১৬ তাৰিখে মেৱাৰত সম্ৰাটৰ সৈতে সাক্ষাৎ কৰেগৈ।
আজমতাৰাই ঢাকা এৰিবৰ দিনাখনেই অসমৰ কটকী গৈ সেই ঠাই পালেগৈ, আৰু স্বৰ্গদেৱ পৰ্ব্বতীয়া ৰজাৰ পৰা নিয়া পত্ৰ-সন্দেশ নতুন চুবেদাৰ ছায়িস্তা-খাঁক দিলে। লালুক বৰফুকনে দিয়া ৰহস্য-পত্ৰও ছায়িস্তা খাঁকে দিয়া হল। উত্তৰত ছায়িস্তা-খাঁই বঙ্গালৰ কটকী গোবিন্দৰামৰ জৰীয়তে কৈ পঠিয়ালে বোলে, – “পূৰ্ব্বৰ কবুল মতে আমি লালুক বৰফুকন নবাবক ৰাজ্য দিলোঁ। ছৈয়দ পিৰোজৰ বেটা এতিয়াও অসমত বন্দী হৈ আছে। তেওঁকো আৰু বৰফুকনৰ শত্ৰু সকলকো গোবিন্দৰামৰ লগত পঠিয়াই দিব, তেহে বাদশ্যাহ খুচী হব।”
গোবিন্দৰাম অসম পোৱাৰ আগতে, লালুকৰ নানান অকাৰ্য্যৰ কাৰণে চুডৈফা পৰ্ব্বতীয়া ৰজাই তেওঁক ধৰিবলৈ মন কৰিলে। লালুকে ইয়াৰ সহাঁৰি পাই পৰ্ব্বতীয়া ৰজাক গুচাই চৈধ্য বছৰীয়া চামগুৰীয়া কোঁৱৰক আনি ৰজা পাতিলে। ৰজা হৈ এওঁ নাম ললে চুলিকফা ৰত্নধ্বজ সিংহ, কিন্তু লৰাৰজা নামেতে প্ৰখ্যাত হল।
ছায়িস্তা-খাঁৰ পৰা স্বৰ্গদেৱলৈ প্ৰকাশ্য পত্ৰ আৰু লালুকলৈ ৰহস্য-বাৰ্ত্তা লৈ এনেতে বঙ্গালৰ কটকী গোবিন্দৰাম আহি পালেহি। লালুক বৰফুকনে ৰজাৰ সাজ-পাৰ কীৰিটি পিন্ধি শাকবাৰী নাওশালত বৰ আড়ম্বৰেৰে সভা পাতি গোবিন্দৰামক তুলিলে। তাৰ পাচত লালুকে মানুহ পঠিয়াই কলিয়াবৰত আতন বুঢ়াগোহাঁই আৰু ককায়েকক মাৰিলে, আৰু তুংখুঙ্গীয়া কোঁৱৰা গদাপাণিক নাপাই তেওঁৰ সগৰ্ভা ভাৰ্য্যা জয়মতীক লালুকৰ মানুহে বধ কৰিলে। লালুকৰ দুষ্কৰ্ম্মৰ প্ৰকোপ ক্ৰমাৎ বাঢ়ি অহাত ভোটাই ডেকা প্ৰমুখ্যে কেজনমান মানুহে এদিনা ৰাতি তেওঁক ঘৰতে খুচি মাৰিলে। “অসামৰ্থ ৰজাই ৰাজ্য ৰক্ষা কৰিব কেনেকৈ?” — ইয়াকে ভাবি ডাঙ্গৰীয়া-ফুকন সকলে কলিয়াবৰত গোট খাই শক্তিমত্ত কোঁৱৰ বিচাৰি গদাপাণিক পাই তেওঁকে ৰজা পাতিলে। সিংহাসনত উঠি গদাপাণিয়ে নাম ললে গদাধৰ সিংহ, ১৬০৩ শক ২৪ শাওণ। বছেৰেকৰ পাচত স্বৰ্গদেৱে সৈন্য-সেনাপতি পঠিয়াই মনচুৰ-খাঁক গুৱাহাটীৰ পৰা খেদি মানাহালৈ কামৰূপ ৰাজ্য পুনৰ অধিকাৰ কৰিলে। এয়ে অসম-মোগলৰ শেষ ৰণ।
ঢাকাত আজমতাৰাৰ চুবেদাৰিৰ কাহিনী
চুলতান আজমতাৰা বঙ্গৰ চুবেদাৰ হৈ থকা কালৰ বিষয়ে অসমীয়া গ্ৰন্থ “পাদশ্যাহ-বুৰঞ্জীত” এটি সমসাময়িক বিৱৰণ পোৱা যায়। কেনেকুৱা স্বামীৰ লগত আৰু কি আৱহাৱাৰ মাজত অসম-জীয়ৰী ৰহমত বানু বেগমে কাল কটাব লগাত পৰিছিল তাৰ পৰা কিছুপৰিমাণে জানিব পৰা যাব বুলি “পাদশ্যাহ-বুৰঞ্জীৰ” সেই অংশ তলত তুলি দিয়া হল।—
“ছাস্তা-খাঁৰ সলনি অৰঙ্গজেবৰ ধাই-পুতেক ফেদে-খাঁ কোঁকা ছয়-হাজাৰী জাহাঙ্গিৰনগৰক আহিল।
" পাচে অৰঙ্গজেবৰ পুত্ৰ আজমতাৰা লোকৰ মুখে শুনিলে বঙ্গলা মাছ-পশুৰ চিকাৰৰ ঠাই, আগৰ কস্তুৰী ভাল, অপূৰ্ব্ব বস্তু উৎপন্ন হয়, উত্তম স্থান। পাচে বাপেকত কলে, — 'মঞি বঙ্গলাক যাব খোজোঁ, পূৰ্ব্বে চূজাও গৈছিল। পাচে ফেদে-খাঁক খেদাই আজমতাৰা আহিল। ছাস্তাখাঁৰ হাউলী ভাঙ্গি পেলাই আপোনাৰ বাহৰ কৰিলে। আৰু এখান দলদপি নদী এৰা জায়গা আছিল। তাক চাৰি-কুৰি হাজাৰ ৰূপৰ কাঠ-বাঁহ কিনি পুতি ইটা-শিলে বান্ধি বজাৰু-দোকানী পহাৰী পতিলে। আৰু এক লাখ বাৱন হেজাৰ ৰূপোৰ লোণ বংশনদীৰ কাখৰত ঠাই ঠাই থৈছিল, ছাস্তা খাঁই নিব নোৱাৰিলে। আৰু নগদ যি নিজাৰ এটা মঞ্চবদাৰ খাঁক দি গল। সেই লোণৰ কথা চহৰৰ কটোৱালে পাহাৰ পোঁৱাকত কলে বোলে, — 'লোণ আনি চৰকাৰত থওঁ, জায়গা মুকলি হয়, লোণে বিস্তৰ ঠাই আগুৰি আছে, তেবে হাট-বজাৰ পাতিৰ ঠাই হয়।
'আজমতাৰা বোলে, — 'ছাস্তা খাঁ বন্দী আমাৰ। তাৰ বস্তু আনিম, বয়া কথা। আনে শুনিলেক মন্দৰ বুলিব। বেচিম বিলাম সিও নিকৃষ্টজনৰ কথা। নদীত লোণ কাটি পেলাই দে।' কটোৱালে কাটি বংশনদীত পেলাই হাট-বজাৰ পাতিলে।
“পাচে পাদশ্যাজাদা মীৰ-মওঁল্লাক দেৱান পাতি, মলুকচন্দ হজুৰ-নবিছক তাৰ লগত দি পাদ্শ্যায়ী কাজ-কামৰ অধিকাৰ কৰি আপোনে চিকাৰ-চোৱাৰ কৰি ফুৰে। আৰু মহম্মদ মকিম নাম সাত-শ দি মঞ্চবদাৰ এটাক ছিদ্ৰ লগাই ঘৰ-সৰ্ব্বস্ব লুটি নি তাক দুইশ দি মঞ্চব দি থলে। এই প্ৰকাৰে ঢাকাত এক বস্বৰ আছিল।
"পাচে গুৱাহাটীত বৰফুকনে মনস্বৰ খাঁৰ ঠাই বাদুলী ঠাই কৈ পঠালে বোলে,—“গড় এৰোঁ। মনশ্বৰ খাঁ আহোক।' এই কথাক পাদৃশ্যাজাদাক লিখিলে। পাদশ্যাজাদাই ৰাতাৰাতি মনশ্বৰ খাঁক নি বুলিলে বোলে, — ‘গুৱাহাটীক যা।” মনস্বৰ খাঁ বোলে, – “তোমাৰ বুঢ়া বন্ধী যুদ্ধ কৰি মৰিবাকে খোজোঁ। কিন্তু মীৰ্জ্জা জাহিনা, মাজুম খাঁ, ৰাজা ৰামসিংহ, এইসকল যি সামানে গুৱাহাটীৰ মহিমক গৈছিল, সেই সামানে পঠোৱা তেও যাওঁ। নুই একলা গাৱে যাব বোলা তথাচো যাওঁ, মোৰ কি ওজৰ আছে?'
“পাদশ্যাজাদাই বোলে, — ৰামসিংহৰ সামানে দিম তোক। তঞি আগ হও।' পাচে শ্যাহজী ওগঁয়ৰহ মন্চবদাৰ লগত দিলে। মনস্বৰ খাঁ গুৱাহাটীত শুদা গঁড় পালেহি।
“পাচে একদিন আজমতাৰা চিকাৰক গল। হৰিণক একলাই ঘোৰাত চৰি খেদি গল। সৈন্যৰ লগ এৰি হৰিণপহু কাটি ফিৰি আহিল। মূৰত লাখ ৰূপৰ কলী আছিল, কতবা পৰিল থিত নহল। দেৱানে দেখা দি সুধিলে,—‘মূৰৰ কলী কি হল?” মূৰ সেপিয়াই বিচাৰি নাপাই ঘৰক আহিল। পাচে যি জমীদাৰৰ মাটীত হৰাল, তাক আনি কলে,—'তোৰ মাটীত হৰাল, বিচাৰি দে।' সিও বিচাৰি নেপালে। পাচে তাত সেই কলীৰ মোল এক লাখ টকা দাড়ি ললে। পাচে সি জমীদাৰৰ এটা মানুহে পাই গুজৰাত মুলুকক পলাই গল। জমীদাৰে বাৰ্ত্তা পাই আনি পাদশ্যাজাদাক দিলে। পাদশ্যাজাদাই কলীও ৰাখিলে, লাখ ৰূপকো ফিৰাই নিদিলে।
“এই সকল কথা,— পাদশ্যায়ী কাজ-কামত মন নেদে, চিকাৰ-চোৱাৰ কৰি ফুৰে। কলী হৰাবৰ কথা প্ৰপঞ্চি ওৱাকায়ানবিছে পাদ্শ্যাক লিখিলে। পাদ্শ্যাই শুনি ক্ৰোধ হৈ জাহাঙ্গিৰনগৰৰ পৰা তুলি নিলে। আজমতাৰাই ওৱাকায়ানবিছক এক হাজাৰ ৰূপৰ জিন-পঞ্জাল সহিতে এটা ঘোৰা দিলে, বোলে, — 'নেলেখিবি। সি বোলে, – 'পাদ্শ্যাৰ লোণ হাৰাম কৰিব নোৱাৰোঁ।' সি লিখিলে।
“পাচে ছাস্তা খাঁৰ খেজমতগাৰে কলে বোলে, – 'এক-লাখ-বাৱন হাজাৰ ৰূপৰ লোণ ঢকাত আছিল, আজমতাৰা নদীত পেলালে। তুমি পাদ্শ্যাত কোৱা।” ছাস্তা-খাঁই শুনি তাক খঙ্গিলে বোলে, – “কোন বস্তু, তাৰে কথা ক'ম পাদ্শ্যাত? একদিন আজমতাৰা পাদ্শ্যা হলে মোৰ লৌবালুৰীক বয়া।'
“পাচে ছাস্তা-খাঁই বৰবেগমত উজীৰত খাটনি ধৰিলে। আপনেও পাদ্শ্যাত কলে বোলে, — 'বুঢ়া হলো, পাহাৰ আগত থিয়া দি থাকিব নোৱাৰোঁ। আৰু ঢকাত মৰিব লাগি প্ৰবন্ধে এটা গোৰ অতাইছোঁ। এতেকে ঢকাত থাকিব খোজোঁ।' পাচে আজমতাৰাৰ সলনি ছাস্তা খাঁ ফিৰি ঢকাক আহিল।”
আজমতাৰা ঢাকাত চুবেদাৰ হৈ থকা কালত চুবে-বাঙ্গলাৰ ৰাজস্ব পৰিচালনাত প্ৰতাৰণাৰ অভিলাযত মলুকচান্দ হজুৰ-নবিছক কয়েদ কৰি থোৱা হৈছিল। আজমতাৰাই মধ্যস্থ হৈ মলুকচান্দক কয়েদৰ পৰা মোকোলাই দিছিল। আজমতাৰাই চুবেদাৰৰ বাসস্থান আৰু দুৰ্গৰ কাৰণে লাল-বাঘ নামে এটা প্ৰকাণ্ড আৰু সুৰম্য অট্টালিকা আৰু প্ৰাচীৰ সাজিবলৈ আৰম্ভ কৰে। নিৰ্মাণৰ কাম শেষ হোৱাৰ আগতে তেওঁ ঢাকা এৰিব লগাত পৰে। ছায়িস্তা খাই সেই অট্টালিকা আৰু দুৰ্গ বহু পৰিমাণে বৰ্দ্ধিত কৰিছিল, আৰু তেওঁৰ সতিসন্ততিসকলে বহুদিনলৈকে তাৰ মালিকী স্বত্ব ভোগ কৰি আছিল।
ৰমণী গাভৰুৰ মাক পাহী কুঁৱৰী
উদয়াদিত্যসিংহৰ দিনৰে পৰা লৰাৰজাৰ দিনলৈকে মন্ত্ৰীসকলে শাসন-শক্তি হস্তগত কৰাত অসমত যি বিপ্লব হয় তাৰ ফলত জয়ধ্বজ সিংহ মহাৰাজৰ তামুলী কুঁৱৰী আৰু ৰমণী গাভৰুৰ মাতৃ পাহী বা পাখী গাভৰুৱে প্ৰাণ হেৰুৱাব লগাত পৰে। চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে তেওঁক বৰকুঁৱৰী পাতে। এদিনা স্বৰ্গদেৱে মৰং ঘৰত সোমাই ঠাইসাৰী এজনীৰে সৈতে দুহামতা কৰা দেখা পাই আইকুঁৱৰীদেৱে খেকাৰ পেলোৱা ছলেৰে "চিহ” বুলি খেকাৰ পেলালে। ৰজাদেৱে “মোকহে থুই পেলালে” এই বুলি খং কৰি পাখৰীক বৰকুঁৱৰী ভাঙ্গি পৰ্ব্বতীয়া কুঁৱৰী পাতিলে | এই ৰজাৰ দিনতে, ১৫৮৫ শকৰ চতৰ ৩০ দিন যাওঁতে, জয়ধ্বজসিংহ ৰজাৰ জীয়েকৰ লগত চেংধৰা বৰবৰুৱাৰ পুতেকৰ বিয়া হয়। জয়ধ্বজসিংহৰ পুত্র-সন্তান নথকাত কলীয়া ভিতৰুৱাল গোহাইক স্বৰ্গদেৱে পুত্রবোধে তুলি লৈছিল।
চক্ৰধ্বজ সিংহৰ পাচত উদয়াদিত্য, তাৰ পাচত ৰামধ্বজ সিংহ। তাৰ পাচত চামগুৰীয়া খামজাং কোঁৱৰক ডেবেৰা বৰবৰুৱাই ৰজা পাতিলে, আৰু পাথী গাভৰুক খামজাং ৰজাৰ বৰকুঁৱৰী পাতি ৰজাক নীতি-নিয়ম দৰ-দস্তুৰ শিকাবলৈ পৰামৰ্শ দিলে। ৰজাক নামমাত্ৰ কৰি ডেবেৰাই সকলো কাৰ্য্য-কামৰ নিয়ন্তা হোৱাত আইকুঁৱৰীদেৱে খামজাং ৰজাক কলে, – “ডেবেৰাই যদি এনেকৈ থাকিব লাগিল, তুমিনো কিহৰ ৰজা ?” কুঁৱৰীৰ কথামতে ৰজাই ডেবেৰাক ধৰিবলৈ মন্ত্ৰণা কৰাত ডেবেৰাই কুঁৱৰীক কলে, বোলে, — 'জয়ধ্বজ ভগনীয়া ৰজাৰ তামূলী কুঁৱৰী আছিলি তই, তোক আনি মই বৰকুঁৱৰী পাতিলোঁ, গিৰীয়েৰৰে সৈতে মোক ধৰিবলৈ আলচ কৰ তই, বাৰু, গিৰীয়েৰৰে সৈতে ৰাজ খোৱাঁগৈ।” এই বুলি পাখৰী বৰকুঁৱৰীক চেপি মাৰি জয়ধ্বজ সিংহৰ মৈদামত স্বৰ্গদেৱৰ ঠেঙ্গব তলত থৈ পুতিলেনি, বহাগ ১৫৯৭ শক ।
আৰু একমতে, ৰামধ্বজ সিংহ স্বৰ্গদেৱক মাৰি ডেবেৰাই পাহী কুঁৱৰীক কলে, বোলে, “তুমি মোৰ ঘৰতে থাকা।” একালৰ সামান্য মানুহ ডেবেৰা, তেওঁ এইদৰে কুঁৱৰীৰে সৈতে ঘৰ-বসতি কৰিবলৈ প্ৰস্তাৱ কৰাত, পাহী কুঁৱৰীয়ে বিষয় অপমান পাই কলে, – “বন্দী, তোৰ ইমান সাহ, নিশ্চয় তোক কাটিম।” এই কথাতে ডেবেৰাই পাহী কুঁৱৰীক মাৰি জয়ধ্বজ সিংহৰ ঠেঙ্গৰ তলত পুতিলেনি ।
এইদৰে বিপ্লবৰ ধুমুহাত ৰহমত বানু বেগমৰ মাক, আজমতাৰাৰ শাহুয়েক পাখী গাভৰুৰ জীৱন-বন্তি নুমাল ।
আজমতাৰাৰ সম্ৰাট-পদ ঘোষণা আৰু মৃত্যু
আওৰংজেব বাদশ্যাহৰ ৰাজত্বৰ শেহছোৱা কাল মহাৰাষ্ট্ৰ, ৰাজপুতনা, বিজাপুৰ আদিৰে সৈতে যুদ্ধ-বিগ্ৰহতে অতিবাহিত হয়, আৰু সম্ৰাটে নিজে দাক্ষিণাত্যত থাকি সেই সংগ্ৰাম পৰিচালনা কৰে। চুলতান আজমতাৰাই বাদশ্যাহক নানান কামত সহায় কৰাত বাদশ্যাহে সন্তোষ পাই তেওঁক শ্যাহ-ই-আলি-ঝা উপাধি দিয়ে, আৰু পাচলৈ বহুত উপহাৰ-বস্তু দান কৰে। ১৬৯৩ খৃষ্টাব্দত আজযতাৰাৰ টান নৰীয়া হোৱাত দেউতাক আওৰংজেবে বিশেষ যত্নেৰে ৰোগীক শুশ্ৰূষা কৰিছিল। ১৭০৫ চনত আজমতাৰাৰ বৰবেগম জাহানজেব বানুৰ মৃত্যু হয়।
১৭০৭ খৃষ্টাব্দৰ ৭ মাৰ্চ তাৰিখে আহমদনগৰ চহৰত সম্ৰাট আৰংজেবৰ মৃত্যু ঘটে। সেই সময়ত আজমতাৰা মালোৱাৰ শাসনকৰ্ত্তা নিযুক্ত হৈ ৰাজপুতানা অভিমুখে যাত্ৰাপথত আহমদনগৰৰ পৰা দুকুৰি মাইল আঁতৰত গোদাবৰীৰ পাৰত বাহৰ কৰি আছিল। সম্ৰাটৰ মৃত্যুৰ বাতৰি পাই দ্বিতীয় দিনা ৰাতি আজমতাৰা আহি আহমদনগৰ পায়হি। নিৰাশ্ৰয় দুখীয়া মানুহে পিতৃ-বিয়োগত কন্দাৰ দৰে আজমতাৰাই মৃতদেহ দেখা পাই বিনাবলৈ ধৰিলে। দৌলতাবাদৰ সমীপবৰ্ত্তী খুলদাবাদ নামে গাৱঁত সমাধি-যাত্ৰাত আজমতাৰাই নিজে মৃতদেহৰ চাঙ্গি কান্ধত লৈছিল। আওৰংজেবৰ মৃত্যুৰ সাতদিনৰ পাচত উজীৰ-উমৰাওসকলে চুলতান আজমতাৰাক আহমদনগৰত যথানিয়মে দিল্লীৰ সিংহাসনত বহুৱালে, আৰু নতুন সম্ৰাট হৈ তেওঁ নাম পলে,— "আবুল-ফৈয়াজ কুটুবদ্দিন মহম্মদ আজমশ্যাহ গাজী।”
তাৰ পাচত সিংহাসনৰ কাৰণে ভাতৃৰণ আৰম্ভ হল। আজমতাৰাই আহমদনগৰ এৰি আগ্ৰা অভিমুখে যাত্ৰা কৰিলে। পৰিয়ালবৰ্গক দুমাহৰ খোৰাকিৰ জোখাই ধন-বিত দি দৌলতাবাদত থৈ যাবৰ নিমিত্তে জলফিকৰ খাঁই নতুন সম্ৰাটক উপদেশ দিছিল, কিন্তু আজমতাৰাই সেই উপদেশ নেমানি সপৰিয়ালে আগ্ৰালৈ যাবলৈ ধৰিলে।
আগ্ৰাৰ সমীপবৰ্ত্তী জজৌ নামে ঠাইত ককায়েক মোৱাজ্জেম বা বাহাদুৰশ্যাহৰ লগত আজমতাৰাৰ যুদ্ধ হয়। সেই যুদ্ধত সম্ৰাট আজমশ্যাহ নিহত হয়, ২০ জুন ১৭০৭ চন। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল পাঁচপন্ন বছৰ সাত মাহ ছদিন। সেই যুদ্ধত আজমতাৰা আৰু জানিবেগমৰ পুতেক বিদাৰ বখ্টো নিহত হয়।
বাহাদুৰশ্যাহ সম্ৰাট হৈ ভায়েকৰ ভাৰ্য্যা আৰু পৰিয়ালবৰ্গৰ প্ৰতি বিশেষভাৱে মৰম-দয়া দেখুৱাইছিল, আৰু সকলো সঙ্কটৰ পৰা ৰক্ষা কৰি বুলি তেওঁলোকক অভয়দান দিছিল।
সেই সন্তপ্ত পৰিয়ালৰ ভিতৰত ভূতপূৰ্ব্ব দিল্লীশ্বৰী অসম-জীয়ৰী ৰমণী গাভৰু আছিলনে নাই তাৰ সমিধান উত্তৰোত্তৰ বুৰঞ্জী-গৱেষণাইহে দিব।
সামৰণি
আমি এইখিনিতে ৰমণী গাভৰুৰ কাহিনীৰ সামৰণি মাৰিব লগাত পৰিলোঁ। অসম-জীয়ৰীয়ে দূৰ-বিদেশত অচিনাকি মানুহৰ সমাজত নিজৰ সজগুণৰ সৌৰভ বিলাই দহজনক মুগ্ধ কৰিব পাৰিছিল, আৰু দেশবৈৰী বিদেশীৰ মাজত থাকিও নিৰ্ভীকভাৱে স্বজাতিৰ মঙ্গল কামনা কৰিব পাৰিছিল, ইয়াৰ এক অনুপম দৃষ্টান্ত দিছিল ৰমণী গাভৰুৱে। কিন্তু দুখৰ কথা তেওঁৰ বিষয়ে আৰু সৰহ কথা গোটাৰ পৰা নগল। অসম-মোগলৰ সন্ধিসূত্ৰে গাভৰুক দিল্লীৰ পাদশ্যাহৰ অন্দৰমহললৈ পঠোৱা হৈছিল, আৰু লালুক বৰফুকনে চুলতান আজমতাৰালৈ ভিতৰি কথা দি বিনাযুদ্ধে গুৱাহাটী ত্যাগ কৰিছিল,—এই দুই ঘটনাৰ সংস্ৰবত মাথোন পুৰণি অসম বুৰঞ্জীত ৰমণী গাভৰুৰ উল্লেখ পোৱা যায়। পাৰশ্য ভাষাত লিখা বুৰঞ্জীত গাভৰুৰ বিয়াৰ কথাও উল্লেখ আছে।
সেই সময়ত অসম আৰু মোগলৰ মাজত বৈৰী ভাব, গতিকে গাভৰুৱ লগত আদান-প্ৰদানৰ অসুবিধা আছিল। বিশেষতঃ, তেওঁ স্বামী আজমতাৰাৰ লগত দাক্ষিণাত্য, ৰাজপুতানা আৰু হিন্দুস্থানৰ নানা ঠাইত ভ্ৰমিব লগাত পৰিছিল। অসমৰ ভিতৰতে দোৰ্ঘোৰ বিপ্লৱ, এনেস্থলত গাভৰুৰ মাকৰ ফালৰ লুখুৰাখন ফৈদৰ জ্ঞাতি-কুটুম্ব আৰু পিতৃদেৱতাৰ ফালৰ ৰাজ-পৰিয়ালৰ বৈ-বঙ্গহে তেওঁৰ গতি-বিধিৰ ভু-বাতৰি লবলৈ সুবিধা পোৱা নাছিল। আজমতাৰাৰ লগত বঙ্গদেশলৈ অহাত, আৰু মোমায়েক লালুক বৰফুকনৰ স্বাৰ্থসিদ্ধিৰ কাৰণে প্ৰয়োজন হোৱাত অসমীয়া মানুহে গাভৰুৰ খা-খবৰ লবলৈ ধৰিলে।
ৰাজনৈতিক পাকচক্ৰত পৰি পিতৃ-স্বৰ্গদেৱে এধানমানি ছোৱালী এজনীক আও-আচহুৱা মোগললৈ পঠিয়াব লগাত পৰিছিল। গাভৰুৱে মাক-বাপেকক এৰি যাবৰ সময়ত নিশ্চয় কান্দি গছৰ পাত সৰাইছিল। তিপামৰ পানীফাটত ৰৈ থকা মোগলৰ নবাব মীৰজুমলাৰ নাৱত সালঙ্কৃতা সুসজ্জিতা ৰাজকুমাৰী অসম-জীয়ৰী ৰমণী গাভৰুৱে ভৰি দিয়াৰ দৃশ্যটো কল্পনা কৰিলে চকুপানী নোলাই নোৱাৰে। বিদেশীৰ মাজত তেওঁ ডাঙ্গৰ-দীঘল হল। তেওঁৰ বিয়াৰ বছৰত, অৰ্থাৎ ১৬৬৮ খৃষ্টাব্দত, অসম-মোগলৰ বিৰোধ চূড়ান্ত অৱস্থাত উপনীত হৈছিল। সেই সময়ত সম্ৰাট আওৰংজেবে ৰামসিংহ ৰজাক হুকুম দিছিল,- “যি প্ৰকাৰে হওক তই গুৱাহাটী লবই লাগিব, নোৱাৰিলে তোৰ গৰ্জন মাৰিম।” ইফালে অসমীয়াই একবাক্যে কৈছিল,—“আমি গুৱাহাটী এৰি নিদিওঁ।” বিয়াৰ আড়ম্বৰত হয়তো যোগ দিছিল পোন্ধৰ বছৰীয়া দৰাৰ জেঠায়েক জাহানাৰা বেগমে আৰু বায়েক সুকবি জেবিউন্নিছাই। কিন্তু তাত কইনাৰ বংশ-পৰিয়ালৰ মানুহ কোনো নাছিল।
পাদশ্যাহজাদা আজমতাৰাৰ বেগম হোৱাৰ পাচতো কোনেও গাভৰুৰ ভু লোৱা নাছিল। এনেস্থলত, বহুবছৰৰ মূৰত মোমায়েকৰ উপহাৰ গৈ চুলতানৰ দৰবাৰ পোৱাত গাভৰু গৌৰাৱান্বিত হল, আৰু তেওঁৰ অতীতৰ শোকলগা কাহিনীও এটি-এটিকৈ মনত পৰিবলৈ ধৰিলে। গাভৰুৱে লিখিলে,—“মোৰ ছয় বৎসৰত পিতৃ-মাতৃৰ পৰা পৃথক কৰি মোগলৰ ভেটি কৰি দিলা। এতিয়া মোৰ উনৈছ বছৰ বয়স হল। মঞি দুখুনীৰ কিছু বাৰ্ত্তা কোনো দিন কোনো কালত কোনো মাসত নলৈছা!” এই আষাৰ কথাত অন্তৰৰ কিমান গভীৰ বেদনা লুকাই আছে তাক সহজে অনুমান কৰিব পাৰি।
বাই-ভনী আত্মীয়-স্বজন দেশবাসীৰ প্ৰতি অপৰিসীম স্নেহেই হৈছে গাভৰুৰ চৰিত্ৰৰ সাতশৰী কণ্ঠহাৰ, কিন্তু তাতোকৈ মূল্যবান দেবাঙ্গভূষণ হৈছে গাভৰুৰ নিৰ্ভীকতা। বিদেশত পৰৰ সমাজত আনৰ মৰম আৰু সদ্ভাবৰ মুখাপেক্ষী হৈ গাভৰুৱে দিন কটাইছিল। তেনে অৱস্থাত, সম্ৰাট আওৰংজেব আৰু তেওঁৰ পুতেক বঙ্গব চুবেদাৰ আজমতাৰাই বিচাৰিছিল লালুক বৰফুকনেৰে সৈতে চক্ৰান্ত কৰি গুৱাহাটী লবলৈ। গাভৰুৱে মোমায়েকলৈ লিখি পঠিয়ালে, – “সাৱধান, এনে নিন্দনীয় কাম কেতিয়াও নকৰিবা।” ৰমণী গাভৰুৰ এই নিৰ্ভীক প্ৰচেষ্টাৰ দৃষ্টান্ত অসমীয়া পুৰুষ-ৰমণী সকলোৰে যাউতিযুগীয়া আদৰ্শ হৈ থাকিব।
ৰমণী গাভৰুৰ কথা কবলৈ যাওঁতে আমি আৰু এগৰাকী অসম-জিয়ৰীৰ কথা পাহৰিব নালাগে। স্বৰ্গদেৱৰ জীয়েকৰ লগত তিপাম ৰজাৰ জীয়েককো মোগললৈ ভেটি কৰি দিয়া হৈছিল। আজমতাৰা বঙ্গদেশলৈ আহোঁতে তেৱোঁ পাদশ্যাহজাদাৰ অন্তেষপুৰ-বাসিনী আছিল, আৰু তেওঁলৈকে৷ অসমৰ পৰা উপহাৰ-বস্তু পঠোৱা হৈছিল, কিন্তু সেই উপহাৰ-বস্তু আছিল অতি লাপিলুপা ধৰণৰ, তাত সোনৰ অলঙ্কাৰ এপদো নাছিল। অবিবাহিত অৱস্থাত তেওঁ চুলতানৰ অন্দৰমহলত ঠাই পাইছিলনে, নাইবা চুলতানৰ লগত শাস্ত্ৰমতে তেওঁৰ পৰিণয় সম্পন্ন হৈছিল, আৰু পাচলৈ বা তেওঁৰ কি হল, সেই বিষয়ে বুৰঞ্জী নিমাত। জনক-জীয়াৰী উৰ্ম্মিলা, শকুন্তলা-সঙ্গিনী অনসুয়া আৰু প্ৰিয়ম্বদা যেনেকৈ কাব্যৰ উপেক্ষিতা, অসম-জীয়ৰী তিপাম ৰজাৰ কন্যাৰ কথাও তেনেকৈ বুৰঞ্জীৰ উপেক্ষিতা।
গুৱাহাটীৰ বৰফুকনে বুঢ়াগোহাঁইৰ ক্ষমতা খৰ্ব্ব কৰিবলৈ বিদেশীৰ সহায় লৈছিল, এই ঘটনাৰ পুনৰ অভিনয় হৈছিল ১৮১৫ খৃষ্টাব্দত। পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙ্গৰীয়াই ৰাজক্ষমতা গ্ৰাস কৰিছে, তেওঁক ধ্বংস নকৰিলে অসমদেশ ৰসাতললৈ যাব, ইয়াকে কৈ ভাটীৰ বৰফুকন বদনচন্দ্ৰই বঙ্গৰ ইংৰাজ চৰকাৰৰ পৰা সৈন্য-সহায় খুজিছিল, তাত বিফলমনোৰথ হৈ মানদেশৰ পৰা সৈন্য আনি নিজৰ উদ্দেশ্য সিদ্ধি কৰিছিল। বিদেশী সৈন্যক অসমত সুমুৱাই সকলে৷ ৰজাঘৰীয়া কাৰ্য্যৰ নিয়ন্তা হৈ বদনচন্দ্ৰই মন্ত্ৰী-ফুকন খিতাপ ললে, সেইদৰে লালুকেও মন্ত্ৰী-ফুকন খিতাপ | লৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙ্গৰীয়াই নৰীয়া পৰি বা হীৰা চেলেকি প্ৰাণত্যাগ কৰিছিল; আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ মৃত্যু ঘটিছিল লালুকৰ ষৰযন্ত্ৰত চাওদাঙ্গৰ অস্ত্ৰৰ আঘাতত। বদনচন্দ্ৰৰ মনত আশঙ্কাৰ সৃষ্টি কৰিছিল ৰহস্য-পত্ৰৰ দ্বাৰা জীয়েক পিজৌ গাভৰুৱে; অৱশ্যে গাভৰুৱে বিচৰা নাছিল যে দেউতাকে বিদেশৰ পৰা সৈন্য আনি দেশত কণিবিহৰ সঁচ মেলিব। সেই দৰে ভাগিনীয়েক ৰমণী গাভৰু চুবেদাৰৰ বেগম স্বৰূপে অসমৰ গাত লগা বঙ্গদেশত থিত হোৱাত লালুকে স্বাৰ্থসিদ্ধিৰ কাৰণে উৎসাহ পাইছিল। মোমায়েকৰ অদূৰদৰ্শী বিশ্বাসঘাতকী কামত যে ভাগিনীয়েকৰ সহানুভূতি নাছিল, গাভৰুৰ চিঠিতে তাৰ যথেষ্ট সঙ্কেত পোৱা যায়। লালুক মন্ত্ৰী-ফুকনক খুচি মাৰিছিল ৰাতি ঘৰতে ভোটাই ডেকা, মাধৱ তামুলী, আৰু আঘোণা কছাৰীয়ে। বদনচন্দ্ৰ মন্ত্ৰীফুকনক বধ কৰিছিল মাটী-পানী লওঁতে ৰূপচিং চুবেদাৰ আৰু ৰহমন খাঁ জামাদাৰে।
লালুকৰ ষড়যন্ত্ৰৰ ফলত বিদেশী মোগল আহি কামৰূপৰ অধীশ্বৰ হৈ বহাত, আৰু অসমৰ বাকী ছোৱাতো মোগলৰ প্ৰভাব বিস্তৃত হবৰ আগন্তুক হোৱাত, অসমৰ দেশ-প্ৰেমিক ডা-ডাঙ্গৰীয়া বৰুৱা ফুকন সকলে কলিয়াবৰত গোট খাই স্থিৰচিতেৰে দেশ-ৰাজ্যৰ কথা আলোচনা কৰি সিদ্ধান্ত কৰিলে, – “অসামৰ্থ ৰজাই ৰাজ্য ৰক্ষা কৰিব কেনেকৈ?” ইয়াকে ভাবি তেওঁলোকে গদাপাণি কোঁৱৰক সিংহাসনত বহুৱালে। তেতিয়াৰে পৰা আত্মকন্দলৰ ওৰ পৰিল, অসমীয়াৰ সমবেত শক্তিয়ে গুৱাহাটীৰ পৰা মোগলক খেদাই কামৰূপ ৰাজ্য পুনৰ উদ্ধাৰ কৰিলে। মানৰ দিনত, চন্দ্ৰকান্তসিংহই কলে,— “মই ৰজা হওঁ।” ইপোনে পুৰন্দৰসিংহই কলে, “নহয়, মইহে ৰজা হওঁ।” ৰুচিনাথ বুঢ়াগোহাঁয়ে কলিকতালৈ গৈ কোম্পানীৰ চাহাবক কলেগৈ, – “অসম ৰাজ্যৰ সৰ্ব্বনিয়ন্তা হৈছোঁ মই — বুঢ়াগোহাঁই।” মালভোগ বৰগোহাঁয়েও চাহাবক কলে, – “বুঢ়াগোহাঁই যদি সৰ্ব্বনিয়ন্তা হল, তেনেহলে আমি দুজনা — অৰ্থাৎ বৰপাত্ৰগোহাঁই আৰু বৰগোহাঁইৰাজ্যৰ অধিকাৰী হব নোৱাৰিম কিয়?”
দুই মহৰ যুজ লাগিল, তাৰ ফলত উলু-বিৰিণাৰ মৰণ মিলিল। স্বৰ্গদেৱ ডাঙ্গৰীয়া ফুকন বৰুৱাসকলৰ মাজত হল হিংসা-খৰিয়াল অৰিয়া-অৰি থকা-খুন্দা, তাৰ ফলত হল অসমত মানৰ প্ৰতিপত্তি, আৰু পৰিণামত অসমীয়া নিমাখিত প্ৰজা মুনিহ-তিৰোতা জীয়াৰী-বোৱাৰীৰ পানীত-হাহেঁ- নচৰা বিলাই-বিপত্তি। লালুকৰ যুগৰ বিপ্লৱৰ ডাৱৰৰ মাজত দেখা দিছিল এডালি ৰূপালি ৰেখাই, সেয়ে হৈছে অসমীয়াৰ সজমতি, স্থিতপ্ৰজ্ঞা, দূৰদৰ্শিতা আৰু আত্মবিলোপনকাৰী সম্মিলিত কাৰ্য্যশক্তিৰ ওভোতনি। মানৰ দিনত অসমীয়াৰ আত্মকন্দল-যজ্ঞত ঘৃতাহুতি দিছিল,— অৱস্থা বুজি ব্যৱস্থা কৰাৰ প্ৰতি অৱহেলা আৰু নিজ স্বার্থ ত্যাগ কৰি একগোট হৈ দেশৰক্ষাৰ উপায় অৱলম্বনৰ শক্তিহীনতাই।
এই শক্তিহীনতাৰ ফলত অসমীয়াই পিন্ধিছিল এশ-পচিছ বছৰ ধৰি পৰাধীনতাৰ লোৱৰ শিকলি। এই শিক্ষা যেন অসমীয়াই যুগে-যুগেও নাপাহৰে।
ওপৰঞ্চি
প্ৰথম ওপৰঞ্চি
ঘিলাঝাৰি-ঘাটৰ সন্ধিৰ কাকত
মীৰজুমলাই অসম মাৰোঁতে অসম আৰু মোগলৰ মাজত তিপামৰ ঘিলাঝাৰি ঘাটত যি সন্ধি নিবন্ধ হয় তাৰ কাকত এই।—
“শ্ৰীশ্ৰীডিল্লিশ্বৰ পাৎসাহৰ দসখত মোহৰ। শ্ৰীশ্ৰী ৰাজা জয়ধ্বজ সিংহ॥
সকলম স্বকাৰতে, ৯ মাঘ, সন ১০৭২, বঙ্গলাদেব-সক ১৫৮৪ সাল।
লিখিতং শ্ৰীশ্ৰীৰাজাজয়ধ্বজসিংহ ও শ্ৰীবড়গোহাঞি ও শ্ৰীবুঁঢ়াগোহাঞি
ও শ্ৰীবড়পাত্ৰ ও শ্ৰীৰাজমন্তৃ, বিলায়ত আসামকস্য।
আগে আমি শুলতান সুজাৰ ওঁক্তে বেআদ। পিজৰিয়া ৺[পাদশাহী] থানা গুয়াহাটি লুটিলোঁ। ৺ৰায়ত উঠাই আনি আপনাৰ মলুকত বসাইলু। এই নিমিত্তে শ্ৰীযুত নবাব খানখানা [মীৰজুমলা] ৺লস্কৰ লৈয়া আমাৰ মলুক মাৰিলেক। আমি পলাই আসিয়া নামৰূপেৰ পাহাৰত চড়িলোঁ।
তাহাত আমাৰ জীউ ওঁ মলুক ৰাখিবাৰ কাৰণ শ্ৰীজুত নবাব দলেৰ খাঁক জামিন দৰমিয়ান দিয়া ২০০০ বিসহাজাৰ তোলা সোনা ও ১২০০০০ একলাখ [আৰু বিস] হাজাৰ ৰুপা ওঁ নবৈ হাতি সমেত দিয়া আমাৰ ৰাজা জয়ধ্বজ সিংহৰ বেটি আৰু তিপাম ৰাজাৰ বেটি ৺খেজমতেওঁ দিবাৰ কবুল কৰিলোঁ।
আৰু উত্তৰকোলেৰ ভৰড়ী নদী সিমা কৰি দৰঙ্গ পৰঙ্গনা, দক্ষিণকোলে কলঙ্গ নদী সিমা কৰি দুমৰিয়া ওঁ কাজালি ও বেলতলি, এহি চাৰি পৰঙ্গনা মোৰ বেটিৰ লগত জৌতুক দিলোঁ। ২০০০০ [[বিস] হাজাৰ তোলা সোনা আৰ ৪০০০০ [ চল্লিছ ] হাজাৰ তোলা ৰুপা আৰ ৯০ নবৈ হাতি এখন দিলোঁ।
বাকি ৮০০০০ আসি হাজাৰ তোলা ৰুপা বেবাক কৰি নাদিমানে বড়গোহাঞি ওঁ বুঢ়াগোহাঞি ও বড়পাত্ৰ ওঁ ৰাজমন্তৃ, এই চাৰি পাত্ৰৰ চাৰি বেটা গুয়াহাটাত ওঁল ৰহিব।
আৰ মোৰ এক বড় আদমি উকিল কতনেক পাইক সহিতে গুয়াহাটাত জে ফৌদাৰ ৰহে তাৰ সাতে ইমেচা খেজমতেত হাৰি [ হাজিৰ ] ৰহিব।
আৰ হৰবৰিস ২০ বিস হাতি ৺ লালবন্দি কবুল কৰিলোঁ। ইহাক হৰসাল বিনা ওজৰ গুয়াহাটি থানাত পহুচাই দিবো।
এহি কৰাবে আমৰা আপনা দসখত ও মোহৰ কৰিয়া তমসুক লিখিয়া দিলুঁ।
মকাম তিপামৰ ঘিলাঝাৰিঘাট, তেৰিখ সন॥
দসখত মোহৰ — শ্ৰীবড়গোহাঞি।
দসখত মোহৰ — শ্ৰী বুঢ়াগোহাঞি।
দসখত মোহৰ — শ্ৰীবড়পাত্ৰ গোহাঞি।
দসখত মোহৰ — শ্ৰীৰাজমন্তৃ
দ্বিতীয় ওপৰঞ্চি
বাদুলিলৈ লালুকৰ চিঠি
অসমৰ ৰজা হবৰ অভিপ্ৰায়ে লালুক বৰফুকনে বিনাযুদ্ধে গুৱাহাটী এৰি দিয়াৰ পাচত লালুকে আজমতাৰালৈ গোপন-পত্ৰ লিখে। আজমতাৰ ঢাকা এৰি যোৱাত লালুকৰ পত্ৰৰ উত্তৰ দিয়ে ছায়িস্তা খাঁ নবাবে। লালুকক অসমৰ ৰজা পাতি, ১৬৬৭ খৃষ্টাব্দত অসমে বন্দী কৰা ছৈয়দ ফিৰোজৰ পুতেক ছৈয়দ চাল্লা মীৰবকছিক মোকলাই দিবৰ কাৰণে ছায়িষ্টা-খাঁই অনুৰোধ কৰে। আজমতাৰায়ো ঢাকাত থকা বাদুলিৰ জৰীয়তে ছৈয়দ চাল্লাক অসমৰ বন্দীশালৰ পৰা মুক্তি দিবৰ কাৰণে লালুকক অনুৰোধ কৰিছিল। সেই সময়ত বাদুলিয়ে অসমলৈ উভতি আহিব খোজাত লালুকে নিজৰ তামূলী মোহনক পঠিয়াই বাদুলিক মনা কৰি চিঠি দিলে। তামুলীৰ হাতত লালুকে বাদুলিলৈ অনেক উপহাৰো পঠিয়াইছিল। চিঠিখন এই।—
“স্বস্তি। সকলমঙ্গলালয় পৰম-সুপ্ৰতিস্থিত শ্ৰীযুত ভাই বাদুলি ফুকন প্ৰতি। সস্নেহ-পূৰ্ব্বক লেখনং প্ৰয়োজনঞ্চ।—
“আৰ তুমি লেখিছা ছৈদ পিৰোজ-খাঁৰ বেটা ছৈদ চাল্লা খাঁ ও গয়ৰস লোকজনৰ বিদায়ৰ কাৰণ তোমাক লাগি পাৎসাজাদা নিশান ঘোৰা শিৰপাও আমাক ভেজিছে। আৰ মঞিও সিহঁতক আগেই দিবৰ ইচ্ছা কৰিছোঁ। অনেকদিন আমি দুই চক্ষুয়ে দেখাদেখি হলোঁ। দুইখান ৰাজ্যৰ গো-ব্ৰাহ্মণ নৰনাৰী প্ৰজা যেমনে ৰহিব, পাৎসাই লোকেৰে যেমনে একলাস প্ৰীতিগোট হৈব, এই কথাবাৰ্ত্তা আখাৰহে হলোঁ। ইহাত যে তোমাৰ দুখগোট শুনিলোঁ।
“এখন যদি পাৎসাৰ বেটায়ে মোকলৈ বঁটা-বকসিচ দিছে, মোকলৈ লেখিছে, তোমাৰ এক ভাল মানুহ মাধৱচৰণ যদুনন্দনৰ লগত দি পঠাবা, মঞিও সিহঁতৰ আগত আমাৰ যিখন হয় বুলিম।
“আৰু এখেত যে আমাৰ দোষমন কৰিব খুজিছিলে তাকো মাৰি-কাটি গুচালোঁ। তোমাৰ আমাৰ বংশ পৰিয়াৰ সকলে কুশল হৈল। আৰু তুমি আমাৰ ইখানক যে আসিব খোজা, – কিন্তু তুমি সি ঠাইত আছা নিমিত্তে দুই-তিনিবাৰ ইমান উখাতমুখাত আমাক ৰাজ্যে ৰক্ষা কৰিলে। এতিয়া তিনি ভাই এঠাই হলেনেকি আমাক শুদায়ে এৰিব? “কিন্তু আমাৰ আশীৰ্ব্বাদে তুমি চিৰঞ্জীৱে থাকিবা, তোমাৰ আশীৰ্ব্বাদে আমি কুশলে থাকিম। পিতৃ-পিতামহৰো যশস্যাগোট যেমনে বহিব, গো-ব্ৰাহ্মণ কুশলে থাকিব তেমন কৰিবা।”
ইয়াৰ উত্তৰত বাদুলিয়ে লালুকলৈ লিখিলে,—“ইঠাইতে আছিলোঁ নিমিত্তে ঈশ্বৰে ৰাখিলে। সিঠাইত থকা হলে সৰ্ব্বনাশ হলোঁ যদি। মূৰৰ চুলি যিমান সিমান পৰমায়ু হৈ থাকা। তোমাৰ আশীৰ্ব্বাদে আমিও এই ঠাইতে কুশলে থাকিম। আৰু আমাক কি লাগে? চক্ষুৱে যি যাওঁতে চোলা-কাপৰ সাজ যি পিন্ধিলোঁ সেয়ে মোৰ সকলো। এখনে ইঠাইত থাকনহে ভাল, সি ঠাইক যাৱন ভাল নহে।”
তৃতীয় ওপৰঞ্চি
ৰমণী গাভৰুৰ চিঠি
মোমায়েক লালুক বৰফুকনলৈ দিয়া চিঠিখনি ৰমণী গাভৰুৰ আত্ম-কাহিনী বুলি ধৰিব পাৰি। চিঠিখনি সংক্ষিপ্ত, কিন্তু ইয়াত গাভৰুৰ বৈচিত্ৰ্যময় জীবন আৰু শোকেভৰা অন্তৰৰ সুস্পষ্ট আভাস আৰু সঙ্কেত পাব পাৰি। আমি জনাত, এনে এখনি চিঠি ভাৰত-ইতিহাসৰ পত্ৰ-সাহিত্যত ক'তো পাবলৈ নাই।
খিজিৰপুৰৰ পৰা অহা মূল চিঠিখনি অসমৰ ৰাষ্ট্ৰ-বিপ্লৱত কেতিয়াবাই নষ্ট হল। কিন্তু তাৰ মূল ফাৰ্ছী পাঠ আৰু তাৰ সমসাময়িক অসমীয়া ভাঙ্গনি সাঁচিপতীয়া অসম বুৰঞ্জীত সংৰক্ষিত হৈছিল। স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামী ডাঙ্গৰীয়াৰ পুত্ৰ শ্ৰীমান্ শৰতচন্দ্ৰ গোস্বামীদেৱৰ পৰা তেনে এখনি বুৰঞ্জী আজি কিছু বছৰৰ আগতে পোৱা হৈছিল। সেই পুথি এতিয়া অসমৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ পুথিভঁৰালত আছে।
আচহুৱা ফাৰ্ছী পাঠটো ইখন বুৰঞ্জীৰ পৰা সিখন বুৰঞ্জীত নকল কৰাত তাৰ শব্দাৱলী সামান্যভাৱে হেনাহুচা হৈ পৰিছে। তাৰে এটি শুদ্ধ পাঠ, অসমীয়া প্ৰাচীন দেৱান পৰিয়ালৰ বংশধৰ অধ্যাপক মৌলভী আবুল ফজল ছৈয়দ আহমদদেৱে যুগুত কৰি দিছে। তাৰ নকল তলত তুলি দিয়া হল।
“[ স্বৰ্গদেৱৰ ] ঝিএ দিয়া পাৰ্সি। আজমতাৰাৰ ঠাইপৰা এই পত্ৰ।—
ৰফায়াতে ওয়ালি-পনাহ দৰ, হব, ওৱক্ত্ বদাদে দৈয়াৰে কৰিম কাৰচঞ্জ বৰ মছনদে চৱাচাৰত খোচ আয়তে ছাদ কাম চৰ-আনজাম দেহ চালাত বাদ। ১॥
আজ জানিবে ফজল কে বছৰ-ওফ,তাদাহ কে ইচ্ম্ মালুমস্ত॥ ২॥
বাদ জে বন্দগী ও দোওৱায়ে ফৰাওৱান বচদহাজাৰ সপিয়া কমতানেওঁ নিয়াজমন্দান যে দাৰদ। ৩॥
চানিয়ন আঁকে আহ্ৱালে খবৰে মা থ্ৰি হুদুদ আজ তৱাজ্জুয়ে ব্ব লউলা বুদ বখইৰস্ত। ৪॥
খইৰিয়াতে আঁকে আজ জাতে চিফাতে ছবোৰোজ খাহান ও মতলুব দাৰদ। ৫॥
তওকা কে বউমৰে চচ চালগী আজ মাদৰ ও পিদৰ জুদা ছুদা বইছকে হদিয়া মগলান দাদা। ইমৰোজ নওজদা চালস্ত কে হেচ্ খবৰে য়িঁ বেকছ কে গাহে নগিৰিফতন্দ। ৬০॥
কে কছে আজ জানিবে মা দৰ হিন্দুস্থান হস্ত য়া নে। লেকিন তা নওজদাহ চাল গৰীব [ হস্তম্ ]। মামু চুঁকে মুঞিনা খবৰে চুমা হামেছা অন্দৰে হিন্দুস্থান আজ দত্তে কাচেদ খোদ যে ফিৰিস্তাদাহ। আলহামদু লিল্লাহে হালাঁকে আজ হিন্দুস্থান দৰ বঙ্গালা ৰছিদ তা নিজ চিজে খবৰ নিয়াফ্তম। ৭॥
হমদঁৰি আছনা দো ওকিলানে ৰিকায়ত পনাহ দঁৰিছা আমদা বুদ। আজ জবানে ৰাস্ত গোয়ান খবৰে চিজহায়ে বৰায়ে য়িঁ বেকছ ফিৰিস্তাৱা বুদে। ইজা যাফতা খোচ ওৱক্ত্ ও চৰবুলন্দি দৰমিয়ানে মৰদমিয়ানে হিন্দুস্থান হাচিল গৰদিদ। ৮॥
ইনৰোজ একচাল কিছিৰাবাদ [ খিজিবাবাদ, খিজিৰপুৰ ] কে দৰ বঙ্গালা ৰছিদম। বৰায়ে মা ও বেগম, চাহাৰ জঞ্জীৰে ফিলান ফিৰিস্তাদা ছুদ, ৰছিদ। ৯॥
আজ দোও্ৱায়ে চুমা চিজে কমি নেস্ত। ১০॥
লেকিন দৰ ফেৰিস্তাদনে একবালে মজকুৰ ইচমে চুমা চৰবুলন্দি মা বদৰজা ৰৌছন গৰদিদ। ১২॥
দিগৰ, চুমা কে বৰায়ে মা চিজহা যে ফিৰিস্তন্দ ছেয়াএ আজনাছ ওকিলান বইচমে মাধচৰণ জেনেওদাৰ ওগইবাহ হেচ চিজ নৰছিদ | ১৩॥
বনাবৰে য়িঁ ইলতেমাছ যে দাৰম আগৰ বৰায়ে বেকছ মেহেৰবানী মে দাৰদ মুইনা বা বৰআঁজা জৰুৰ পেছ খোদ তলবিনদ। ১৪॥
ও হামা হকিকত বমন ওৱাকেয়া এত্তেলা আঁজা জানিবে খোদ কৰ্দ। ১৫॥
ওকিলানে ৰিফায়ত-পনাহ মজকুৰ চাহেব কএদন ছুদাহ। মুইনা মজকুৰ দৰাদুৰু ন আনদাহ বৰি ইজাৰ কদহ, চাহেবে আজ ৰছাঁ, ওকিলানে মজকুৰ বা খালাচ কুনানিদ। ১৬॥
দো থানেৰা [ আজ ] ঞা ৰিফায়ত-পনাহ্ দেহানিদেম ও মৰফুয়া ছুদ.। কে দোখতৰে ফৰজন্দ খোদবা দঁৰিজা খাহন্দ কৰ্দ ফিৰিস্তাদ, তাকে মুইনা নজদে চুমা নৰছদ, যি নাছায়িস্তা হৰগিজ নখাহদ কৰ্দ। ১৭॥
বাকী হকায়েক মাধো জেনেওদাৰ কে আমদা বুদ ও দিদাহ ও ছুনিদা আস্ত, জাহিৰ খাহদ চাখতে। খয়েৰ খবৰ ছলাহে চুমা মে য়াফতা বাছম। জিয়াদ চে নবিছম। ১৮॥ ভাতি চন ১৫৯৯॥"
ৰমণী গাভৰুৰ ফাৰ্ছী চিঠিৰ ছেদে-ছেদে দিয়া অসমীয়া ভাঙ্গনি পুৰণি বুৰঞ্জীত পোৱাৰ দৰে তলত তুলি দিয়া হল। —
"বড় বিস্তাৰিত উছ স্বৰুপ তোমাৰ জে জসস্যাৰ ছায়া সমস্তদিনে ইশ্বৰৰ কৃপাত হওঁক। ইস্বৰৰ কুপাযুক্ত ছায়াএ জুক্ত হৈ উত্তম বিছানাৰ উপৰত সন্তোস হুই সমস্তকাল সিৰব কেশ পাক পৰ্যন্তে কুশল হুই থাকা। ১॥
ইঠাইৰ মধ্যত মঞি বালক দুৰত পড়িচোঁ, মোৰ নামক আপোনে জানা। ২॥
তাৰ পাচত নমস্কাৰ প্ৰাৰ্থনা স্বৰুপ অপৰিমিত শত হাজাৰ আশিৰ্ব্বাদ তোমাৰ কুশলক পড়ি সদাএ বাঞ্চি থাকো। ৩॥
দুতিয় সমাচাৰ ইশ্বৰৰ কৃপাত ইঠাই সমস্তৰে কুশল। ৪॥
তোমাৰ শৰিৰে সহিতে সদ-জসস্যাৰ কুশল ৰাতৃদিনে বাঞ্চোঁ, আসাওঁ কৰোঁ। ৫॥
আৰু মোৰ এই মনৰ আস। মোৰ চয় বৎসৰত পিতৃ-মাতৃৰ পৰা প্ৰীথক কবি মগলৰ ভেটি কৰি দিলা। এতিয়া দিবৰ উনৈস বৎসৰ হল। মঞি দুখুনিৰ কিছু বাৰ্ত্তা কোনো দিন কোনো কালত কোনো মাসত নলৈছা। ৬॥
আৰু ইঠাই হিন্দুস্থানৰ মধ্যত মোৰ কোন আচে নাই তাক
আপুনি জানা। কিন্তু এইজন ছ বৎসৰত তুমি দুখিয়া মমাইৰ বাৰ্ত্তা মুঞিনাই মোত হিন্দুস্থানৰ মধ্যত আদমৰ হাতত কি পঠাইচিল। খোদাঁইৰ ইচ্ছাএ যেতিয়া হিন্দুস্থানৰ পৰা বঙ্গাল পাইছো আহি তোমাৰ কিছো সন্দেস যুক্ত বাৰ্ত্তা নাপাইলো।৭॥
এতিয়া লিখা কটকিএঞো সাহেবৰ ঠাই আহি পাইছে। উত্তম বাৰ্ত্তা কৰা উকিলত কৰি আমাৰ নিমিত্তে জি দ্ৰব্য সকল দিছিলা আপোনাৰো জে কুশল বাৰ্তা কইছিলা উত্তম প্ৰস্তাবত য়ামাত্যবৰ্গৰ মধ্যত পাইলোঁ। সেই বাৰ্তাএ হিন্দুস্থানি মনুষ্যৰ মধ্যত য়ানন্দ জন্মাইলেক।৮॥
এতিয়া এক বৎসৰ বঙ্গলা ছহৰৰ কিছিৰাবাদৰ [ খিজিৰাবাদ, খিজিৰপুৰ ] মধ্যত আছোঁ।
আমাৰ নিমিত্তে আৰু বেগমৰ কাৰণ সজোয়াএ সহিতে ছাৰিটা হস্তি জি দি পঠাইছিলা তাক পালোঁ।৯॥
তোমাৰ আষিৰ্ব্বাদে কোনো বস্তুৰ কমি নাই।১০॥
কিন্তু কোনো জে বস্তুসকল দি পঠয়া তাৰ পৰা তোমাৰ নাম জসস্যা আমাৰ প্ৰসংসা সমস্ত ঠাই প্ৰকাশ কৰে। ১২॥
আৰু তোমাৰ নিমিত্তে জিনিহৰ বাহীৰে জি বস্তু দি পঠাইচিলোঁ মাধচৰণ আদি কৰি কটকি হাতত সি বস্তু বোলে তোমাৰ ঠাই নপড়িল। ১৩॥
এই নিমিত্তে আপোনাত নিবেদন কৰোঁ জদি মোত দয়া আছে মুইনাক কোনো প্ৰকাৰে ইঠাইৰ পৰা আপোনাৰ ঠাই নিয়াইবা। ১৪॥
সে সমস্ত মোৰ সমাছাৰ ইঠাইৰ বেক্ত কৰিবেক। ১৫॥
তোমাৰ জে উকিলসকল আহিছিল পাছাজাদা ক্ৰোধ কৰি বন্দি কৰিছিল। সেই মুইনাএ অভ্যন্তৰৰ মধ্যত আহি মোত জনালে।
মঞি পাৎসাজাদাত নিবেদন কৰি মুকল কৰালোঁ।১৬॥
পাসাজাদাৎ কৈ তেমৰাক দুখান থানা দিয়াইলোঁ। পাৎসাজাদা ও তামৰাত সন্তোস হল। আৰু তোমাৰ বেটিৰ বেটাক ইঠাইক পঠাইবা। জাবত মুঞিনা তোমাৰ ঠাই না পাইগৈ-মানে প্ৰাকৃত জুগুতি কদাছিতো নকৰিবা। জদি তোমাৰ ঠাই পাইলেকগৈ সে মঞিনা তাৰ মুখে সমাছাৰ স্থনি কৰ্ম্ম কৰিবা।১৭॥
বাকী সমাছাৰ মাধো ব্ৰাহ্মণ জে ইঠাই আহিছিল দেখি শুনি গৈছে, সেই তোমাৰ ঠাই কহিবেক। তোমাৰ কুশল বাৰ্ত্তা জেন সদাই
পাই থাকেঁ৷ ইহা কৰিবা। অধিক কি লেখিম।১৮ || ১৫৯৯।"
এই ওপৰঞ্চিত দিয়া মূল ফাৰ্ছী পাঠৰ লগত ওপৰত দিয়া সমসাময়িক
অসমীয়া ভাঙ্গনি মিলাই চালে ঠায়ে ঠায়ে ভুল অনুবাদৰ প্ৰমাণ পোৱা যায়।
অধ্যাপক আবুল ফজল ছৈয়দ আহমদদেৱে ফাৰ্ছী চিঠিখন অতি যত্নেৰে
পুংখানুপুংখকৈ আৰু বৈজ্ঞানিকভাৱে অধ্যয়ন কৰি তাৰ এটি বিশুদ্ধ অসমীয়া
ভাঙ্গনি যুগুত কৰি দিছে। তাকে বৰ্ত্তমান আখ্যানত যথাস্থানত, অৰ্থাৎ
৩৮-৪০ পিঠিত, তুলি দিয়া হৈছে। পুথিত থকা সমসাময়িক ভাঙ্গনি আৰু
আহমদদেৱৰ ন-ভাঙ্গনি, এই দুয়োকে পৰীক্ষা কৰিলে প্ৰথম ভাঙ্গনিৰ
ভুলবোৰ আপোনা-আপুনি ওলাই পৰিব। আগলৈ হয়তো গাভৰুৰ চিঠিৰ
আন এটি ফাৰ্ছী পাঠ কোনোবা বুৰঞ্জীত পোৱা যাব পাৰে, তেতিয়া
ভাঙ্গনিও লৰচৰ হব পাৰে। তেনে বুৰঞ্জী নোপোৱালৈকে আহমদদেৱৰ
ভাঙ্গনিকে গাভৰুৰ চিঠিৰ অসমীয়া পাঠ বুলি ধৰি লব লাগিব।
আজমতাৰা আৰু ৰমণী গাভৰুৱে লালুকলৈ দিয়া চিঠিৰ কথা বহুতদিনলৈকে অসমীয়া মানুহে একো নাজানিছিল। লালুকক ভোটাই ডেকাইতে হত্যা কৰাৰ পাচত তেওঁৰ ঘৰ লুৰাতহে আজমতাৰাৰ চিঠিখন পোৱা যায়। গাভৰুৰ চিঠিখনো তাৰ লগতে নিশ্চয় আছিল, কাৰণ এইখন চিঠিকো “ঝিএ দিয়া পাৰ্সি, আজমতাৰাৰ ঠাইপৰা এই পত্ৰ” বুলি কোৱা হৈছে। আজমতাৰাৰ চিঠিৰ নকল তুলি দিয়াৰ আগতে বুৰঞ্জী-লিখকে এই বুলি তাৰ পাতনি দিছে, “সক ১৬০০ আসাৰত কলিয়াবৰত বৃুঢ়াফুকনলৈ পাৎসাৰ বেটাএ দিয়! লেখা ৷ আমাৰ কটকী চলাৰ মাধছৰণ জদুনন্দন বঙ্গালৰ পৰা গুবিন্দৰাম কটকীয়ে অনা পত্র এহি। ১৬০৩ সক কাৰ্ত্তিক মাহত বুঢ়াফুকনক মাৰিলত গদাধৰসিংহ মহাৰাজাএ চেটিয়া ফুকনলৈ দি পঠালে ঘৰ লুড়াত পাই ৰামকন্দলি কটকিতকৈ। পাচে ৰামকন্দলিএ গৰগ্রামলৈ নিলে, তাৰে নকল এই ৷--"
আজমতাৰাৰ চিঠিখন ৰজাৰ ভঁৰালৰ পৰা হঠাতে নাইকিয়া হোৱাত গদাধৰসিংহ স্বৰ্গদেৱে শাস্তি দিম বুলি মাধৱচৰণ কটকিক ভয় দেখুৱাইছিল। তাৰ পাচত, লালুকৰ ঘৰ লুৰি অনা বস্তুৰ লগত এটা টোপালাত এই চিঠিখন মাধৱচৰণে বিচাৰি উলিয়াই দিয়াত স্বৰ্গদেৱে সন্তুষ্ট হৈ কটকীক বঁটা-পুৰস্কাৰ দিছিল। বুৰঞ্জীত এই বিষয়ে আছে ।—
শ্রীগদাধৰসিংহ মহাৰাজাএ কলিয়াবৰৰ পৰা বুঢ়াফুকনৰ ঘৰ
লুড়ি আনিলত পাৎসাৰ বেটাএ বুঢ়াফুকনলৈ দিয়া হস্ত-পঞ্জা কাকত বিছাৰত নাপাই মউৰ মজুন্দাৰক চাঙ্গলৈ নি চলাৰ মাধচৰণ কটকিক ৺-তাএ [স্বৰ্গদেৱতায়ে ] বোলে,--কাকত বিচাৰি দে, নিদিলে সুদাএ নেড়িম। কটকিএ বোলে,—৺-তাৰ ঠাইতহে কাকত আছে, বন্দিএ কত পাম? ৺-তাএ বোলে,-লগুনত ধৰি মোৰ আঠুত হাত দি ধৰি সপত কৰি ক। পাছে ৺-তাৰ আজ্ঞাএ লগুনত এক হাতে ধৰি ৺-তাৰ আঠুত হাত দি সিংহাসনৰ ওছৰত আঠু পাৰি সপত কৰি বোলে, ৺-দেবৰ বিছাৰতহে পাবলৈ আছে। মঞি বন্দিএ জানি যদি নকম ৺-তা ইস্বৰৰ দণ্ডে নাটিবনে কি? এহি কথাত বড়ফুকনৰ জি বস্তু লুড়িঅনা আছিল সকলকো চাঙ্গত আগলৈ নি চালে, তাত একগছ পটুকাত টোপোলা দেখি মজুন্দাৰে মেলি চালে, তাতে কাকত পাই
৺-তাএ বোলে,__মোৰ কটকিএ হয়, মিছা কথা জে নকলে !
এহিৰূপে প্রসংসা কৰি চলাৰ মাধছৰণক সোণৰ লগুণ দি কলিয়া কটকিৰ ঝিএকক বিবাহ দিয়ালে বুঢ়াপাচনিৰ দ্বাৰাএ -৺ [স্বৰ্গদেৱে] ৷”
আজমতাৰাৰ চিঠি, মাধৱচৰণে কাকত বিচাৰি দিয়াৰ কথা, আজমতাৰা আৰু ৰমণী গাভৰু আদিলৈ পঠোৱা উপহাৰৰ তালিকা, ৰমণী গাভৰুৰ ফাৰ্ছী চিঠি আৰু তাৰ অসমীয়া ভাঙ্গনি,--এই এটাইখিনি কথা পুথিৰ পাচখিলা পাতত ক্ৰমান্বয়ে একেলগে আছে।
এতিয়া কথা হৈছে,--ফাৰ্ছী চিঠিত আছে “তাকে মুঞিনা নজদে চুমা নৰছদ য়ি নাছায়িস্তা হৰগিজ নখাহদ কৰ্দ।” ইয়াৰ অসমীয়া ভাঙ্গনি হব,— “মইনা গৈ তোমাৰ ঠাই নাপায়মানে এনে অশোভনীয় কাম কদাচিতো নকৰিবা।” কিন্তু পুথিত ইয়াৰ ভাঙ্গনি এইদৰেহে দিয়া আছে, - “জাবত মুঞিনা তোমাৰ ঠাই নাপায়মানে প্ৰাকৃত জুগুতি কদাচিতো নকৰিবা। অদি তোমাৰ ঠাই পাইলেকগৈ সে মুঞিনা তাৰ মুখে সমাছাৰ শুনি কৰ্ম কৰিবা।” ইয়াৰ পৰা দেখা গল,-“নাছায়িস্তা” শব্দত নিহিত থকা অশোভনীয় আৰু গৰ্হিত ভাবটো অনুবাদকে অসমীয়া ভাঙ্গনিত স্পষ্টকৈ ফুটাই তোলা নাই; আৰু “জদি তোমাৰ ঠাই-.....শুনি কৰ্ম্ম কৰিবা”, এইখিনি কথা মূল ফাৰ্ছীত নোহোৱা স্বত্বেও অনুবাদকে অসমীয়া ভাঙ্গনিত সুমুৱাই দিছে। ইয়াৰ কাৰণ কি?
আমাৰ মনেৰে, আজমতাৰাৰ চিঠি অনা মাধৱচৰণ কটকীক স্বৰ্গদেৱ গদাধৰসিংহই কৈছিল,—“আমি ফাৰ্ছী দোৱান বুজি নাপাওঁ, চিঠিখন অসমীয়ালৈ ভাঙ্গিব লাগে।” কাকত হেৰুউৱা বুলি মাধৱচৰণ কটকীৰ ওপৰত স্বৰ্গদেৱৰ খং উঠিছিল। নাছায়িস্তা কাম, অর্থাৎ লালুকৰ গুৱাহাটী এৰা অভিপ্ৰায়ৰ কথা জানি-শুনিও ৰজাঘৰৰ বিষয়ববীয়া কটকীয়ে কিয় সেই চিঠি আনিছিল, আনিও সেই কথা স্বৰ্গদেৱ আক পাত্ৰ-মন্ত্ৰীক নজনালে কিয়, এই অপৰাধত কটকী দণ্ডনীয় হব পাৰে, সেই দেখি "নাছায়িস্তা” শব্দৰ আচল অর্থ গোপনে ৰাখি কটকীয়ে তাক “প্ৰকৃত জুগুতি” বুলি অনুবাদ কৰিলে। “নাছায়িস্তা” শব্দৰ চোকা অর্থ অসমীয়া ভাঙ্গনিত কোমল আৰু সেৰেপা হৈ পৰাত কটকীয়ে “জদি তোমাৰ ঠাই.... শুনি কৰ্ম্ম কৰিবা” এই প্ৰক্ষিপ্ত বাক্যৰে তাৰ ক্ষতিপূৰণৰ চেষ্ট৷ কৰিলে।
হিন্দু আৰু মুচলিম কৃষ্টি আৰু সাহিত্যৰ সমন্বয়ৰ বুৰঞ্জী লিখক আৰ্ব্বী আৰু ফাৰ্ছী ভাষাত সুপণ্ডিত, আৰু ভাৰত গৱৰ্ণমেণ্টৰ শিক্ষাবিভাগৰ চেক্ৰেটেৰী ডাক্তাৰ তাৰাচান্দদেৱৰ লগত ইংৰাজী ২৮৷৭৷১৯৫০ তাৰিখে গুৱাহাটীত এই বিষয়ে আলোচনা কৰিছিলোঁ। তেখেতৰ মতে, ভুলকৈ ভাঙ্গনি কৰিছে বুলি অনুবাদকক দোষাৰোপ কৰিব নোৱাৰি। “নাছায়িস্তা” শব্দৰ ভাঙ্গনি একপ্রকাৰে "প্ৰাকৃত জুগুতি” বুলি দিব পাৰি। “ছায়িস্তা” শব্দৰ অর্থ হৈছে,--পৰিমাৰ্জ্জিত, ৰুচিসম্মত, সংযত, সংস্কৃত; ইয়াৰ ওলোটাটো হব,--অ-পৰিমাৰ্জ্জিত, ৰুচি-বিগৰ্হিত, অ-সংযত, অ-সংস্কৃত অৰ্থাৎ প্ৰাকৃত। ইয়াত “প্রাকৃত” শব্দৰ অর্থ হৈছে,—আগ-পাচ নাভাবি কাম কৰা আবেগ বা হুতাহক, বিবেচনা স্থিৰবুদ্ধি দূৰৰৰ্শিতা আৰু সজমতিৰ দ্বাৰা সংশোধিত নকৰি, তাক প্রাথমিক মূল বা প্রকৃত অৱস্থাতে ৰখা ৷
দায়ৰ পৰা মুক্তি পাবৰ নিমিত্তে অনুবাদকে এই “প্রাকৃত জুগুতি” শব্দৰ অৱতাৰণা কৰাৰ কাৰণে তেওঁৰ সুচতুৰ বুদ্ধি আৰু সতর্কতাৰ প্ৰশংসা কৰিব লগীয়া।
চতুৰ্থ ওপৰঞ্চি
ৰমণী গাভৰু
আচম্বিতে কি শুনিলোঁ দুখৰ বাতৰি,
উতলা কৰিছে হিয়াখনি,
ঘনে ঘনে কত ভাবে হিয়াৰ মাজত
মাৰিছেহি লুকা-ভুমুকনি।
আক্রমিব অসমক ছলে-বলে-কলে,
পঠিয়ালে যৱন সেনানী,
অজলা প্রজাৰ, হায়, মিলিব অপায়,
লাগিব ৰণৰ খলকনি ।
বহুদিন হল আজি পাহৰিলোঁ মই
অসমৰ ৰীতি-নীতি, হাঁয়,
পিতৃ-মাতৃ বাই-ভনী সখী আদি কৰি
পাহৰিলোঁ, কোনো এটি নাই ।
নুশুনো নুশুনো আৰু অসমীয়া কথা,
অসমীয়া মাত মৰমৰ,
শুনিছো মাথোন আজি কঠুৱা সকলো
অবুজন কঠুৱা কণ্ঠৰ।
নাই সেই অসমৰ পৰ্ব্বতৰ শাৰী,
মধুৰতা পবিত্র শোভাৰ,
ব্ৰহ্মপুত্ৰ নদ নাই, নাই তৰুৰাজি
নাই সেই সেউজী পথাৰ।
যদিও দেখিছোঁ মই অট্টালিকাৰাশি
মনোহৰ দিল্লী নগৰৰ,
প্রাচীন দুৱাৰ আদি অলেখ অলেখ,
দেখো যেন ইন্দ্র ভবনৰ,
তথাপিতো উদাসিনী হৃদয় আতুৰ,
কিবা যেন নাইকিয়া, হাঁয়,
ছাই যেন দেখোঁ আজি অট্টালিকাৰাশি,
হৃদয়ত কিবা এটি নাই !
যিমানেই ভাবোঁ মই অসম কাহিনী
প্ৰেমময় দেখিছোঁ মাথোন,
উতলা সকলো, হাঁয়, বিহ্বল অন্তৰ,
অসুখীয়া দেহ-প্রাণ-মন।
আছে মোৰ দেহাখনি দিল্লী চহৰত,
মন-প্ৰাণ আছে অসমত,
সন্ন্যাপিনী বেশ ধৰি অকলে-অকলে
প্রৱেশিম যেন সি দেশত।
লিখক- শ্ৰীজ্ঞাননাথ বৰা
পঞ্চম ওপৰঞ্চি
ৰমণী গাভৰুৰ দিনৰ ঘটনাপঞ্জী
১৫৬০ শক ফাগুন, অসম-মোগলৰ সীমা-নিৰ্দ্ধাৰণ, উত্তৰ বৰনদী দক্ষিণে অসুৰৰ আলি, ইয়াৰ পশ্চিম খণ্ড মোগলৰ অধীনে থাকিব, আৰু পূব খণ্ড অসমৰ হব।
১৫৭৫ শক ২৪ আষাৰ, ইং ৯ জুলাই ১৬৫৩ খৃষ্টাব্দ--সম্ৰাট
আওৰংজেবৰ তৃতীয় পুত্র আজমশ্যাহৰ জন্ম। পাচলৈ এওঁ আজমতাৰা
বুলিও জনাজাত হয়।
১৫৮০ শক ৯ জেঠ, ইং ২ মেই ১৬৫৮,--আওৰংজেবৰ ৰাজত্বৰ প্রথম বছৰৰ আৰম্ভণি।
১৫৮০ শক ফাগুন, স্বৰ্গদেৱ জয়ধ্বজসিংহৰ সৈন্যই পাণ্ডু শৰাইঘাট আৰু গুৱাহাটী অধিকাৰ কৰে।
১৫৮২ শক বহাগ, বাদুলি ফুকন আদিয়ে স্বৰ্গদেৱৰ আজ্ঞাৰে হাতীচলা-বৰীতলা মাৰে, আৰু সৰুসোনকোহ পৰ্যন্তে কামৰূপৰ প্রজা আনি উজনীত পাতে, মেধী-দেৱলীয়া সকলক মাত্র এৰিলে।
১৫৮৩ শক ১৯ পুহ, ইং ৪ জানুয়াৰী ১৬৬২, -মীৰজুমলাই কোচবিহাৰ এৰি সসৈন্যে অসম অভিমুখে যাত্রা কৰে।
১৫৮৩ শক ১১ চ'ত,--মোগলৰ সৈন্য গড়গাৱঁৰ ওচৰ চপাত জয়ধ্বজ- সিংহ স্বৰ্গদেৱে নগৰ এৰি নামৰূপৰ পোনে যায়।
১৫৮৩ শক ৩ চ’ত, ইং ১৭ মাৰ্চ্চ ১৬৬২, -মীৰজুমলাই সসৈন্যে গড়গাওঁ প্রবেশ কৰে। ১৫৮৪ শক ৪ মাঘ,--তিপামৰ পানীফাটত মীৰজুমলাৰ : হাতত ৰমণী গাভৰু আৰু তিপাম ৰজাৰ জীয়েকক গতাই দিয়া হয়।
১৫৮৪ শক ৯ মাঘ,--তিপামৰ ঘিলাঝাৰিঘাটত অসম-মোগলৰ সন্ধি- পত্র দুয়োপক্ষে চহি কৰে।
১৫৮৪ শক ১০ ফাগুন, ইং ২২ ফেব্রুয়াৰী ১৬৬৩,--মীৰজুমলাই গুৱাহাটী এৰে৷
১৮৮৪ শক ১৬ চ’ত, ইং ৩০ মাৰ্চ ১৬৬৩,--ঢাকা নৌ পাওঁতে খিজিৰপুৰৰ ওচৰত নবাব মীৰজুমলাৰ মৃত্যু । খেনোৰ মতে ১২ এপ্রিল।
১৫৮৫ শক ২৫ কাতি,-জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু । চক্ৰধ্বজসিংহ ৰজা হয়।
১৫৮৫ শক ৩০ চ’ত,-চেংধৰা বৰবৰুৱাৰ পুতেকৰ লগত জয়ধ্বজসিংহ ৰজাৰ বৰজীয়েকৰ বিয়া।
১৫৮৬-৯৯ শক, ইং ১৬৬৪--৭৭,--ঢাকাত চুবেদাৰ নবাব ছায়িস্তা-খা প্রথম বাৰ।
১৫৮৯ শক ৩ ভাদ,--গুৱাহাটীৰ মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ অধীনে অসমৰ সৈন্য-যাত্ৰা।
১৫৮৯ শক ১৭ কাতি বৃহস্পতিবাৰ,--অসমৰ সৈন্যই মোগপক খেদি গুৱাহাটী উদ্ধাৰ কৰে।
১৫৯০ শক ১৯ বহাগ, ইং ২ মেই ১৬৬৮,-পাদশ্যাহজাদা আজমশ্যাহৰ লগত ৰমণী গাভৰু বা ৰহমত বানুৰ বিয়া।
১৫৯০ শক ১২ শাওন, ইং ২৮ জুলাই ১৬৬৮, -- দাৰা-ছুখৰ কন্যা জাহানজেব বা জানী বেগমৰ লগত আজমশ্যাহৰ বিয়া। এই উপলক্ষে সমাটে পাদশ্যাহজাদাক “আজমতাৰা" খিতাপ দিয়ে।
১৫৯০ শক ২১ চ’ত,--গুৱাহাটী লবৰ মনেৰে মোগল সেনাপতি ৰামসিংহ ৰজা সসৈন্যে আগিয়াঠুঠি পায়হি। ১৫৯২ শক ১৫ বহাগ,—চক্ৰধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু। উদয়াদিত্যসিংহ ৰজা হয়।
১৯৯২ শক ২৩ চ’ত,—শৰাইঘাটৰ যুদ্ধত পৰাস্ত হৈ ৰজা ৰামসিংহই গুৱাহাটীৰ ওচৰৰ পৰা সসৈন্যে ভটীয়াই ৰঙ্গামাটি অভিমুখে যাত্ৰা কৰে।
১৫৯৪ শক ১ আঘোন,—ৰামধ্বজসিংহক ডেবেৰাই ৰজা পাতে।
১৫৯৬ শক ৩ আঘোন,—চামগুৰীয়া খামজাং কোঁৱৰক ডেবেৰা বৰবৰুৱাই ৰজা পাতে।
১৫৯৬ শক ১৮ পুহ,—তুংখুঙ্গীয়া গোবৰ কোঁৱৰক ডেবেৰাই ৰজা পাতে।
১৫৯৬ শক ৮ মাঘ,—দিহিঙ্গীয়া অৰ্জ্জুন কোঁৱৰ ৰজা হয়, নাম লয় চুজিনফা।
১৫৯৮ শক ৯ আষাৰ, ইং ২৪ জুন ১৬৭৬,—ৰজা ৰামসিংহই ৰঙ্গামাটি এৰি গৈ দিল্লীত সম্ৰাট আওৰংজেবক ওলগ জনায়।
১৫৯৮ শক ১৫ শাওন,—পৰ্ব্বতীয়া কোঁৱৰ ৰজা হয়, নাম লয় চুডৈফা।
১৫৯৯ শক, ১৬ আহিন,—ৰাজমহল বাহৰৰ পৰা আজমতাৰাই গুৱাহাটী খুজি লালুক বৰফুকনলৈ দিওৱা চিঠি কলীয়া আৰু ঘনশ্যাম কটকীয়ে আনি বুঢ়াগোহাঁইক দিয়ে।
১৫৯৯ শক কাতি,—আজমতাৰাই গুৱাহাটী বিচৰাত অসমৰ পাত্ৰ-মন্ত্ৰীৰ সমিধান।
১৫৯৯ শক, মাহ আৰু তাৰিখ নাই, সম্ভৱতঃ ফাগুন কি চ’ত মাহ,— লালুক বৰফুকনলৈ ভাগিনীয়কে ৰমণী গাভৰুৰ চিঠি।
১৬০০ শক ২৫ জেঠ, ইং ৮ জুন ১৬৭৮,—আজমতাৰা চুবেদাৰ হৈ ঢাকা পায়হি। খেনোৰ মতে ৩০ জুন, আৰু ২৯ জুলাই।
১৬০০ শক আষাৰ মাহ,— মোমাশহুৰ লালুক বৰফুকনলৈ আজমতাৰাৰ চিঠি। ১৬০০ শক ৯ মাঘ,--চিন্তামণিগড় সজোৱা হয়।
১৬০০ শক ১৫ ফাগুন,--লালুক বৰফুকনে বিনাযুদ্ধে মোগলক গুৱাহাটী এৰি দিয়ে।
৯৬০১ শক ১৯ জেঠ,—চুডৈফা ৰজাই লালুকৰ পৰামৰ্শমতে আজমতাৰা, ৰমণী গাভৰু আদিলৈ উপহাৰ পঠিয়ায়।
১৬০১ শক ২৯ শাওণ, ইং ১৪ আগষ্ট ১৬৭৯,— আজমতাৰাই ঢাকা এৰি ৰাজপুতানা অভিমুখে যাত্রা কৰে । খেনোৰ মতে ১২ অক্তোবৰ।
১৬০১-১১ শক, ইং ১৬৭৯-৮৯, -ঢাকাত চুবেদাৰ নবাব ছায়িস্তা-খাঁ, দ্বিতীয় বাৰ।
১৬০১ শক ৫ আঘোণ,--লৰাৰজা ৰত্নধ্বজসিংহ সিংহাসনত বহে। পৰ্ব্বতীয়া ৰজা বধ।
১৬০১ শক আঘোণৰ শুক্লা দ্বিতীয়া,_কলিয়াবৰত আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ হত্যা।
১৬০১ শক আঘোণ,_ঢাকাৰ পৰা অসমৰ কটকী মাধৱচৰণ আৰু যদু উভতি আহে, লগত আহে ছায়িস্তা-খাঁৰ কটকী গোবিন্দৰাম দাস।
১৬০২ শক বহাগ-আহিন,--লালুক বুঢ়াফুকনে ৰাজমুকুট পিন্ধি ৰজাৰ আড়ম্বৰেৰে গোবিন্দৰাম কটকীক তোলে।
৯৬০২ শক ১০ আঘোণ,--ভোটাই ডেকা আদিয়ে লালুক বুঢ়াফুকনক বধ কৰে।
১৬০৩ শক ২৪ শাওণ,—গদাধৰসিংহ ৰজা হয়।
১৬০৪ শক ১ ভাদ,--মোগলক খেদি অসমে গুৱাহাটী অধিকাৰ কৰে। অসম-মোগলৰ যুদ্ধৰ সামৰণি।
১৬১৭ শক ১৪ ফাগুন,-ৰুদ্রসিংহ স্বৰ্গদেৱ সিংহাসনত বহে।
১৬২৬ শক মাঘ-ফাগুন, ইং ফেব্ৰুৱাৰী ১৭০৫,—আহমদাবাদত জাহানজেব বেগমৰ মৃত্যু । ১৬২৮ শক ১৯ ফাগুন, ইং ৩ মার্চ ১৭০৭,-- আহমদনগৰত সম্রাট আওৰংজেবৰ মৃত্যু।
১৬২৮ শক ৩০ ফাগুন, ইং ১৪ মাৰ্চ ১৭০৭,—পাদশ্যাহজাদা আজমতাৰা দিল্লীশ্বৰ বুলি ঘোষিত হয়।
১৬২৯ শক ৫ আহাৰ, ইং ২ জুন ১৭০৭,--জজৌ যুদ্ধত দিল্লীশ্বৰ আজমশ্যাহ বাদশ্যাহে প্ৰাণত্যাগ কৰে।
১৬৩৬ শক ১৪ ভাদ,--গুৱাহাটীৰ ৰজাদুৱাৰ বাহৰত ৰুদ্রসিংহ মহাৰাজৰ মৃত্যু।
টোকা।—ওপৰত দিয়া প্রায় আটাইবোৰ তাৰিখ পুৰণি অসম বুৰঞ্জী
পুথিত পোৱা হৈছে। গোটাচেৰেক তাৰিখ ইংৰাজী গ্রন্থৰ পৰা লোৱা
হৈছে। ইংৰাজী তাৰিখ অসমীয়া তাৰিখলৈ ৰূপান্তৰ কৰাত দুই-এক দিনৰ
ইফাল-সিফালো হব পাৰে। যথা, আজমতাৰাৰ জন্ম-তাৰিখ ইংৰাজী মতে
৯ জুলাই ১৬৫৩ চন; বর্তমানে চলি থকা ১৮৭২ শকত সেই ইংৰাজী
তাৰিখ পৰিব ২৪ আষাৰত; ১৫৭৫ শকত সেই ইংৰাজী তাৰিখ ২৪
আষাৰত পৰিবও পাৰে, নাইবা ২৩ বা ২৫ আযাৰতো পৰিব পাৰে।
ষষ্ঠ ওপৰঞ্চি
সহায় লোৱা পুথিৰ তালিকা
BIBLIOGRAPHY
BERNIER, FRANCOIS. Travels in the Mughal ire. Edited by Archibald Constable. Second Edition, Oxford University Press, London, 1916.
BEVERIDGE, H., and BAINI PRASHAD. English Translation of Maasir-ul-Umara of Shah Nawaj Khan and Abdul Havy. Vol. I, Royal Asiatic Society of Bengal, Calcutta, 1911-41.
BHUYAN, S. K. Assam Buranji, 1228-1826 A. D., by Harakanta Barua Sadar-Amin. Department of Historical and Antiquarian Studies in Assam, Gauhati, 1930.
Kamrupar Buranji, an Assamese chronicle of the Assam-Mogul conflicts. D.H.A.S., 1930.
Padshah-Buranji, an Assamese chronicle of the Muslim Rulers of Delhi. Kamarupa Anusan- han Samiti, Gauhati, 1935.
Tripura-Buranji, a chronic of the Tripura 10105. D.H.A-S., 1988.
Assam Buranji, from the earliest times to 1694. From a manuscript obtained in the family of Sukumar Mahanta. D.H.A.S., 1945. Mir Jumla and Ram Singha in Assam. Journal of Indian History, Madras, December, 1926.
Nawab Mir Jumlar Asam Abhijan. Awahon, Calcutta, Vols. VII and 8811,
Mir Jumla’s Invasion of Assam. Chiefly based on Assamese sources. Ready for the Press
Atan Buragohain and His Times, 1662-1679, Ready for the Press.
Nagayon Saikia Bhotai Deka. Akan, Vol. III. Inchaded in Buranjir Vani.
Lachit Barphukan and His Times, 1667-1671. D.H.A.S., 1947.
Annals of the Delhi Badshahate. English Translation of Padshah-Buranji, with Introduction, Appendices and Notes, D.H.A.S., 1947-50.
Buranjir Vani, a collection of historical essays. 1951.
BLOCHMANN, HENRY. Kuch Bihar and Asam. J.A.S.B., 1872. Part I, No. 1.
BURANJIS, OR OLD ASSAMESE CHRONICLES. Enumerated in Dr. S. K. Bhuyan's Lachit Barphukan and His Times, pp. 217-21; and Annals of the Delhi Badshahate, pp. 202-208. Cam-
BURN, SIR RICHARD, edited by. The Cambridge History of India, Vol. IV. Mughul Period. bridge University Press, London, 1937.
GAIT, SIR EDWARD. A History of Assam. Calcutta. 1906, 1926.
HODIVALA S. H. Studies in Indo-Muslim History, Bombay, 1939. IRVINE, WILLIAM. Later Mughuls, 1707-1739. Calcutta, 1912.
MANUCCI. NICCOLAO. Storia do Mogor. English translation by William Irvine. London, 1907.
SALIM, GHULAM HUSAIN. Riazu-s-Salation, translated by Abdus Salam. A.S.B., Calcutta, 1904.
SARKAR. JADUNATH. History of Aurangzeb, Vol. III. Calcutta, 1916.
Assam and the Ahoms in 1660. Journal of the Bihar and Orissa Research Society, Patna, Vol. I, Part II, 1915.
Mir Jumla's Invasion of Assam, being the relevant portion of Glanius's Dutch chronicle. Bengal: Past and Present, Calcutta, Vol. XXIX, Part I, January-March, 1925.
History of Bengal, Vol. II, Muslim Period. Dacca University, 1948.
SHARMA, SRI RAM. The Religious Policy of the Mughal Empire. O. U. P., London and Calcutta, 1940.
STEWART, CHARLES. The History of Bengal. Second edition, Calcutta, 1910.
TALISH, SHIHABUDDIN AHMAD. Fathiyya-i- ibriyya. A diary of Mir Jumla's invasion of Cooch Behar and Assam, 1661-63. Abridged in English by Blochmann in J.A.S.B, 1872; two sections translated by J. N. Sarkar in J.B.O.R.S., 1915.
TAMULI-PUKHAN, KASINATH, and RADHA- NATH BARBARUA. Assam Buranji Puthi. First edition, Sibsagar, 1844; second edition, Calcutta, 1906. VANSITTART, HENRY. A Description of Assam from the Alamgir-nama of Mirza Muhammad Kazim. Asiatick Researches, Vol. II, London, 1807.
WADE, JOHN PETER. Account of Assam. Wdited by Srijut Benudhar Sharma. SibSagar, 1927.
সমাপ্ত
ভুল শুধৰণি
| পিঠি | শাৰী | ভুল | শুদ্ধ |
| ১ | ২ | পৰিজাত | পাৰিজাত |
| ৩ | ১২ | আহেন মতে | আহোম মতে |
| ৩ | ২৪ | খহৱা | খহুৱা |
| ৫ | ১৭ | স্বৰ্গদেৱ | স্বৰ্গদেৱৰ |
| ৬ | ১০ | হৈছে | হৈছে |
| ৭ | ১০ | নাদে | নামে |
| ১১ | ২৩ | থাইকে | ঠাইকে |
| ১২ | ২৫ | ফৌজদাৰে | ফৌজাদাৰে |
| ১৪ | ১১ | পাভৰুৰ | গাভৰুৰ |
| ১৪ | ১৩ | ৰমনী | ৰমণী |
| ১৪ | ১৪ | ৰাজজুমাৰ | ৰাজকুমাৰী |
| ১৫ | ৩ | "শত্ৰুৰ” অৰ্থে | “শত্ৰুৱে দিয়া” বুজাইছে |
| ১৬ | ৯ | মোগল অসমৰ | মোগল আৰু অসমৰ |
| ২২ | ১০ | কটকা | কটকী |
| ২৬ | ২২ | বিসয়াসকলে | বিষয়াসকলে |
| ২৭ | ১৫ | থাই | খাই |
| ২৭ | ১৮ | কৰণ | কাৰণ |
| ৩০ | ২০ | অন্দৰমহলৈ | অন্দৰমহললৈ |
| ৩১ | ৩ | আছিহে | আহিছে |
| ৩১ | ৮ | যেতে তেনে | যেনে-তেনে |
| ৩৫ | ১০ | ভ্ৰুক্ষেপ | ভ্ৰূক্ষেপ |
| পিঠি | শাৰী | ভুল | শুদ্ধ |
| ৩৬ | ২২ | সমাচৰ | সমাচাৰ |
| ৩৭ | ১০ | সামাজ্যৰ | সাম্ৰাজ্যৰ |
| ৪০ | ২২ | বমণী | ৰমণী |
| ৪২ | ১৪ | কুৰিলোহেতেন | ফুৰিলোঁহেতেন |
| ৪৫ | ২৩ | কেন্দ | কেন্দ্র |
| ৪৬ | ১১ | গড়গাৱঁত | গড়গাৱঁৰ মাজত |
| ৪৬ | ২২ | আজতাৰাই | আজমতাৰাই |
| ৪৮ | ১ | “বধকৰোতাব” পাচত | “বিষ্ণুৰ অংশ” থাকিলে |
| অর্থ পৰিষ্কাৰ হব। | |||
| ৫৫ | ২৩ | কোঁৱৰা | কোঁৱৰ |
| ৬৫ | ৫ | অবি বাহিত | অবিবাহিত |
| ৬৮ | ১২ | ২০০০ | ২০,০০০ |
| ৭৪ | ৭ | চিঠিব | চিঠিৰ |
শ্ৰীযুত সূৰ্য্যকুমাৰ ভূঞা প্ৰণীত গ্ৰন্থাৱলী
—প্ৰকাশিত—
১। গোপালকৃষ্ণ গোখলে। ১ম তাঙ্গবণ, ১৯১৬ খৃষ্টাব্দ।
২। নিৰ্ম্মালি। কবিতাৰ শৰাই, ১৯১৮; ১৯৫১।
৩। আহোমৰ দিন। ১৯১৮।
৪। জয়মতী উপাখ্যান। ১৯২০
৫। আনন্দৰাম বৰুৱা। ১৯২; ১৯২৪।
৬। ৰবীন্দ্ৰনাথ ঠাকুৰ। ১৯২০।
৭। বৰফুকনৰ গীত। ১৯২৪; ১৯৫°; ১৯৫১।
৮। পঞ্চমী। ১৯২৭; ১৯৫০ |
৯। জোনাকী। ১৯২৮; ১৯৩৮।
১০। চানেকি। ১৯২৮।
১১। অসম জীয়ৰী। ১৯৩৫।
১২। কোঁৱৰ বিদ্ৰোহ। ১৯৪৮।
১৩। ৰমণী গাভৰু। ১৯৫১।
১৪। বুৰঞ্জীৰ বাণী।
১৫। An Assamese Nur Jahan, 1926.
১৬। Bibliography of the Works of Dr. S. K. Bhuyan, 1951.
—অলপতে ওলাব লগীয়া—
অসমীয়া গ্ৰন্থ
১। মহাৰাজ ৰাজেশ্বৰসিংহ স্বৰ্গদেৱ।
২। বুৰঞ্জীৰ কথা।
৩। বুৰঞ্জীৰ আলোচনা।
৪। বৰ্ত্তমান অসমীয়া সাহিত্য।
৫। নৱ-নিৰ্ম্মালি। নতুন কবিতাৰ শৰাই।
৬। অনাদৰী। ‘নিৰ্ম্মালি'ত ঠাই-নোপোৱা কবিতাৱলী।
৭। অবদান লৌহিত্য।
ইংৰাজী গ্ৰন্থ
1. Atan Buragohain and His Times.
2. An Assamese Miscellany.
3. Assam in the Eighteenth Century.
4. Studies in Assamese Literature.
5. Inscriptions of Assam.
6. The Military System of the Assamese People.
7. Notes on Assamese Language and Literature.
8. Mir Jumla's Invasion of Assam.
9. Report on the Assamese Manuscripts found in
1925 in the godown of the American Baptist
Mission at Gauhati..
10. Academic Verses..
11. Occasionals and Abstracts.
12. Quintessence of Experience.
কিছুমান প্ৰকাশিত গ্ৰন্থৰ আগৰ তাঙ্গৰণৰ কিতাপ শেষ হৈ যোৱাত তাৰ নতুন তাঙ্গৰণ ছপাই উলিয়াবলৈ দিহা কৰা হৈছে। অপ্ৰকাশিত গ্ৰন্থাৱলীও এখন এখনকৈ উলিওৱাৰ কাম হাতত লোৱা হৈছে।
প্ৰাগজ্যোতিষ গ্ৰন্থশালা
কোম্পানী বাগান ৰোড, উজানবজাৰ,
গুৱাহাটী, অসম।
শ্ৰীযুত সূৰ্য্যকুমাৰ ভূঞাৰ দ্বাৰা
সম্পাদিত, অনূদিত, সঙ্কলিত আৰু প্ৰণীত গ্ৰন্থাৱলী
(ক) অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ
দ্বাৰা প্ৰকাশিত-
১। অসম বুৰঞ্জী। হৰকান্ত বৰুৱা সঙ্কলিত। ১ম তাঙ্গৰণ, ১৯৩০ খৃঃ।
২। কামৰূপৰ বুৰঞ্জী। ১৯৩০।
৩। দেওধাই অসম বুৰঞ্জী। ১৯৩২।
৪। অসমৰ পদ্য-বুৰঞ্জী। ১৯৩৩।
৫। তুংথুঙ্গীয়া বুৰঞ্জী। অসমীয়। মূলপাঠ। ১৯৩২।
৬। কছাৰী বুৰঞ্জী। ১৯৩৬; ১৯৫১।
৭। জয়ন্তীয়া বুৰঞ্জী। ১৯৩৭।
৮। ত্ৰিপুৰা বুৰঞ্জী। ১৯৩৮।
৯। অসম বুৰঞ্জী। সুকুমাৰ মহন্তৰ ঘৰৰ পৰা পোৱা। ১৯৪৫।
১১। Bulletin I of the Department of Historical and
Antiquarian Studies in Assam, 1982.
১১। Bulletin II of the D.H.A.S., 1934.
১২। Bulletin III of the D.H.A.S., 1936.
১৩। Tungkhungia Buranji. English Translation, 1933.
১৪। An Account of Assam, by Dr. Francis Hamiltion, 1940.
১৫। Annals of the Delhi Badshahate, 1947.
১৭। Anglo-Assamese Relations. Thesis approved for the Ph.D, degree of London University. Published in 1950.
(খ) কামৰূপ অনুসন্ধান সমিতিৰ দ্বাৰা
প্ৰকাশিত-
১। Report and Conspectus of the Kamarupa Anusandhan Samiti, or the Assam Research Society, 1927
২। পাদশ্যাহ বুৰঞ্জী। ১৯৩৫।
(গ) অসম গৱৰ্ণমেণ্টৰ দ্বাৰা প্ৰকাশিত বা মুদ্ৰিত—
১। Early British Relations with Assam. 1928.
২। Preliminary Report on the Old Records of the
Assam Secretariat. First Printed in Assam
Secretariat Office File, 1931. Published in
January 1951.
৩। Assamese Literature : Ancient and Modern.
Printed in Assam Secretariat Office File, 1936.
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )