ৰত্নাকৰ
[ পৌৰাণিক নাটিকা ]
প্ৰথম অভিনয় = ৪|১ ০|১৯৪৬ = যোৰহাট থিয়েটাৰ।
শ্ৰীকৰুণাধৰ বৰুৱা
যোৰহাট, অসম।
সৰ্বসত্ত্ব সংৰক্ষিত।
প্ৰথম তাঙৰণ — ১৫৷৭৷১৯৪৭
প্ৰকাশক—শ্ৰীকৰুণাধৰ বৰুৱা, যোৰহাট, অসম।
মুল্য— ৸৴৹ তেৰ অনা
প্ৰিণ্টাৰ—শ্ৰীজীৱনচন্দ্ৰ দত্ত,
দি এচিয়াটিক প্ৰিন্টিং ৱৰ্কস্, যোৰহাট।
লিখকৰ নিবেদন ।
বাল্মীকিৰ কবিত্ব লাভ আৰু ৰামায়ণ ৰচনা কৰাৰ আখ্যানটো
লৈ এই সৰু নাটকখন ৰচনা কৰা হ'ল ।
যোৱা বছৰ শ্রীদুর্গাপূজ৷ আৰু শ্রীলক্ষ্মীপূজাত যোৰহাট
থিয়েটাৰে দুৰাতি এই নাটিকাখনিৰ অভিনয় কৰিছিল। সেইবাবে
যোৰহাট থিয়েটাৰৰ সভ্যসকললৈ আৰু সেই সময়ৰ মঞ্চাধ্যক্ষ ৰাজকুমাৰ
শ্রীযুক্ত নগেন্দ্ৰনাৰায়ণ সিংহ দেৱলৈ মোৰ আন্তৰিক শলাগ জনাইছোঁ ।
নিজৰ ৰচনা নিজে ভাল পোৱাটো স্বাভাবিক কথা; কিন্তু
তাৰ আচল বিচাৰক হৈছে পাঠক-পাঠিকাসকলহে । ইতি, যোৰহাট
১৫ | ৭| ১৯৪৭
নাটকৰ চৰিত্ৰাৱলী।।
শঙ্কৰ, ব্ৰহ্মা, নাৰদ
ৰত্নাকৰ
( পাচত বাল্মাকি )
ৰত্নাকৰৰ পিতা
নিধি, শ্ৰীমন্ত—(দুটা বাটৰুৱা)
দুটা গৰখীয়া ল’ৰা
ব্যাধ
সৰস্বতী, কবিতা
ৰত্নাকৰৰ মাতৃ
সুচেতা-ৰত্নাকৰৰ পত্নী।
শুধৰণী।
এই কিতাপৰ ৪।২০।২১।৩২।৫০।৫১ পিঠিত “— শুনিচনে, আটৈক, আটৈ, উভটি, উভটিব, স্তূপটো, স্তূপেই, বিভুতি, বিভুসিনী—” শব্দকিটা ক্ৰমে “—শুনিছনে, আতৈক, আতৈ, উভতি, উভতিব, স্তূপটো, স্তূপেই, বিভূতি, বিভূষিণী—” হ’ব। আৰু, ৪১ পৃঃ/১৪ শাৰীৰ—“সন্ন্যাসীটোৰে”—সন্ন্যাসীটোৱে বুলি
পঢ়িব।
ৰত্নাকৰ।
প্ৰথম অঙ্ক
প্ৰথম দৃশ্য - ব্ৰহ্মাৰ আলয়।
—( নাৰদৰ গীত )—
মই হৰষে শ্ৰীহৰি গুণ গাওঁ।
শ্ৰীপদে সুৰ-মানে প্ৰণতি জনাওঁ।
পঞ্চ সুৰ ধৰি গ্ৰাম গ্ৰাম চৰি
সাৰিগম তান খেলাওঁ,
বন্দো গীত গানে ভাব বিভোল মনে
শ্ৰীচৰণে চিত্ত মজাওঁ।
ভক্ত ধ্যানধন, নাৰদ দীনজন,
কেৱল তযু গুণ গাওঁ,
মাগোঁ বাণীপতি, কণ্ঠে যেন নিতি
শ্ৰীহৰি গুণ গীতি পাওঁ।৷
[ গীতৰ অন্তত ব্ৰহ্মাৰ প্ৰবেশ। ]
| নাৰদ—
|
পিতা, মোৰ দণ্ডৱৎ গ্ৰহণ কৰক। (সেৱা কৰে)
|
| ব্ৰহ্মা—
|
কল্যাণমস্তু। মই শ্ৰীহৰিৰ দৰ্শন কামনা কৰি বিষ্ণুলোকলৈ গৈছিলোঁ নাৰদ।
|
| নাৰদ—
|
হয় পিতা, মই এইখিনি পাইহে সেই কথা শুনিছোহি। পিচে ভকতবৎসলৰ দৰ্শন লাভ হ’লনে পিতা?
|
| ব্ৰহ্মা—
|
দৰ্শন লাভ হ’ল নাৰদ। কিন্তু—কিন্তু—( ৰয় )
|
| নাৰদ—
|
( ৰৈ ) কি ভাবিছে পিতা? আপোনাক দেখোন কিবা চিন্তা কৰা যেন দেখিছোঁ।
|
| ব্ৰহ্মা—
|
হয় নাৰদ। ( ৰৈ ) মই একো বুজিব নোৱাৰিলোঁ পুত্ৰ।
|
| নাৰদ—
|
( হাঁহি ) আপুনি বুজিব নোৱাৰিলে! কি কথা আপুনি বুজিব নোৱাৰিলে পিতা?
|
| ব্ৰহ্মা—
|
শ্ৰীহৰিৰ আজি এক নতুন লীলা দেখিলোঁ নাৰদ।
|
| নাৰদ—
|
নতুন লীলা! কি লীলা দেখিলে পিতা?
|
| ব্ৰহ্মা—
|
শ্ৰীহৰিয়ে শঙ্খ চক্ৰ গদা পদ্ম আৰু সেই ভক্তজন বাঞ্ছিত নয়নলোভন সুনীল বৰ্ণ পৰিহৰি, শ্যাম তনু ধনুধাৰী ৰাজৰাজেশ্বৰ বেশত আজি মোক দৰ্শন দিলে।
|
| নাৰদ—
|
শ্ৰীহৰিয়ে নতুন বেশ ধাৰণ কৰিলে পিতা!
|
| ব্ৰহ্মা—
|
হয়, শ্ৰীহৰিৰ নতুন বেশ—ৰাজবেশ। লীলাময়ৰ এই নতুন লীলা মই বুজিব নোৱাৰিলোঁ পুত্ৰ। সেই কথাকেহে মই এতিয়াও ভাবি আছোঁ। (ৰৈ) নাৰদ।
|
| ব্ৰহ্মা—
|
পুত্ৰ, তুমি জ্ঞানী—যোগী, তুমি ইয়াৰ কিবা ৰহস্যভেদ কৰিব পাৰানে, এবাৰ চিন্তা কৰি চোৱাচোন।
|
| নাৰদ—
|
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তা স্বয়ং ব্ৰহ্মাদেৱে যি কথা বুজিব নোৱাৰে, দীনাতিদীন এই নাৰদে তাৰ কি অৰ্থভেদ কৰিব!
|
| ব্ৰহ্মা—
|
আমি বুজিব নোৱাৰিলেও ইয়াত কিবা গভীৰ ৰহস্য আছে পুত্ৰ।
|
| নাৰদ—
|
হয় দেব, লীলাময়ে লীলাৰ মাজেৰেই কিবা এক নতুন ইঙ্গিত প্ৰকাশ কৰিছে। শ্ৰীহৰিৰ লীলা বিচিত্ৰ।
|
| ব্ৰহ্মা—
|
তেন্তে আমি দুয়ো দেবাদিদেব মহেশ্বৰৰ চৰণত প্ৰণিপাত জনাওঁগৈ ব’লা। সৰ্ববজ্ঞ শঙ্কৰে নিশ্চয় ইয়াৰ ৰহস্যভেদ কৰিব পাৰিব।
|
| নাৰদ—
|
হয় দেব, মহেশ্বৰ বিনে অন্য কোনেও এই লীলাৰ অৰ্থভেদ কৰিব নোৱাৰে।
|
| ব্ৰহ্মা—
|
আহা আমি তেন্তে কৈলাস-যাত্ৰাৰ আয়োজন কৰোঁগৈ।
|
২য় দৃশ্য – ৰত্নাকৰৰ ঘৰ।
[ ৰত্নাকৰ-পত্নী সুচেতাৰ প্ৰবেশ। ]
| সুচেতা —
|
বামুণৰ ল'ৰা বামুণীয়া ৰীতিত চলিব পায়।তাকে নকৰি তেওঁ কৰিছে কি— নিচা ভাং খাইচে, ডকা দিচে
মানুহ মাৰিছে। ভাল কথা কলেও নুশুনে; শুনক
ছাৰি তেওঁৰহে দেখোন খংটো চাব হয় — মাৰিবলৈকে
আহে। মানুহ মাৰিনো বাৰু কোনোবাই ঘৰ এখন
চলাই থাকিব পাৰেনে? আজি সাত দিন বোলে মাৰিবলৈ
মানুহ পোৱা নাই আৰু সেইবাবেই এতিয়া এই বান্দীৰ
দুসজীয়াকৈ আধাপেটী। আজি আকৌ আধাপেটী
হ'লেও ভালহে বুলিছো। একঠা চাউলেৰেনো বাৰু
কাক দিম? শহুৰ-শাহুকে দিমনে, গৃহস্থকে দিমনে, নাই
নিজলৈকে থম? যি হয় হ'ব পাচত, যাওঁ এতিয়া
শাক-পাত দুডালমান বিচাৰি আনি সেই চাউলকিটাকে
বহাই দিওঁগৈ। ( গৈ গৈ ) মোৰো আৰু ভাল কপাল
বুলিছোঁ। ( প্ৰস্থান )
|
[হাতত দুটা টোপোলা আৰু এডাল ডাঙৰ
লাঠি লৈ ৰত্নাকৰৰ প্ৰবেশ। ]
| ৰত্নাকৰ—
|
( টোপোলা লাঠি থৈ ) হে'ৰ
চাওঁ এবেলি আহি যা। ( ৰৈ ) বোলো শুনিচনে, আহি যা এবাৰ।
|
| সুচে―
|
( ভিতৰৰ পৰা ) ৰ'বা গৈছো।
|
| ৰত্না―
|
সোনকালে আহ। [ সুচেতাৰ প্ৰবেশ ]
|
| ৰত্না—
|
চাওঁ এইবোৰ লৈ যা, সামৰি থগৈ ৷
|
| সুচে―
|
( গহীনকৈ ) থম বাৰু ।
|
| ৰত্না –
|
বৰ গহীনাই কলি দেখোন । ( মুখলৈ চাই ) হে’ৰ, তোৰ হ'ল কি ? মুখখন দেখোন পাচি যেনকৈ ওলোমাই আছ ?
|
| সুচে—
|
দুসজীয়াকৈ আধাপেটীৰ পাচত কাৰো মুখ পূর্ণিমা জোনটোৰ নিচিনা হৈ নেথাকে ।
|
| ৰত্না—
|
আধাপেটী! কোনে তোক আধাপেটীকৈ থাকিবলৈ কৈছে ?
|
| মুচে―
|
মুখ ফালি হওতে কোনেও কোৱা নাই—কামেৰে
তুমিয়েই কৈছা ।
|
| সুচে―
|
হয়, তুমিয়েই কৈছা একৰকমে। পৰহি সেই চাউল-মাহকিটা আনি দিওতে কি কৈছিলা মনত আছেনে ?
তাৰে তিনি সাজ অঁটাব লাগিব বুলি কোৱা নাছিলানে ?
সেইকিটা চাউল-মাহেবেনো ৪টা মানুহৰ তিনি সাজ
কোনোবাই জোৰাব পাৰেনে ? তুমিয়েই কোৱাচোন
বাৰু জোৰেনে নোজোৰে ?
|
| ৰত্না—
|
কৈছো; নোজোৰে বাৰু৷ পিচে নুজুৰিলে নোজেৰে
বুলি ক'বলৈ তোৰ মুখ নাছিলনে, নাই কোনোবাই
|
|
|
তোৰ ওঁঠত শলা মাৰি থৈছিল। ( সুচেতা মনে মনে
থাকে ) মনে মনে ৰলি কিয় ? মোক ডকা দিবলৈ,
মানুহ মাৰিবলৈ হাক দিবৰ সময়ত
দেখোন পুথি-পাঁজীৰ
বচনেৰে মুখত আখৈ ফুটে, এতিয়া নেমাত কেলৈ ?
( ৰৈ ) শুন, এই বেলিৰ পৰা এনেকৈ খেপ ধৰি
আধাপেটীকৈ থকা বুলি কেতিয়াবা গম পাবলৈ হ'লে,
গলধনত একা তোৰ মূৰ নেথাকিব । ( ৰৈ ) চাওঁ খোল
এই টোপোলাটো । ( সুচেতাই খোলে ) কি কি কাপোৰ
আছে চা।
|
| সুচে—
|
( চাই চাই ) এখন চুৰিয়া — এখন চাদৰ—এ, তেজ,
তেজ দেখোন এইবোৰ ।
|
| ৰত্না–
|
হয়, তেজৰ ডাগ সেইবোৰ । ( দূৰত শিঙা বাজে )
সেয়া শিঙা বাজিছে কোনোবা মানুহ আহিছে হ’ব পায়।
সৌ সিটো টোপোলাতে চাউল-মাহ আছে । মই এতিয়া
যাওঁ, ঘূৰোতে মোৰ বেলি হ'ব পাৰে ; মোলৈ নৰবি,
তহঁতে ভাত খাবি । ( যাব খুজি) অ' আৰু এটা
কথা, ভাত খাই উঠি নৈত গৈ এই কাপোৰ কিখন
তেজৰ ডাগ নথকাকৈ ভালকৈ ধুই থবি।
|
| ৰত্না—
|
তই ধুব নোৱাৰ ? কোনে ধুব, মই ধুম নে ?
|
| সুচে—
|
তেহেলৈ যেয়ে ধোৱক মোক কেলৈ লাগিছে ।
মৰা মানুহৰ তেজ লগা কাপোৰ মই ধুব নোৱাৰোঁ ।
|
( আকৌ শিঙা বাজে )
| ৰত্না –
|
ধুবলৈ কৈছো ধুই থবি।
|
| সুচে—
|
কৈছো নহয়, মই নোধোওঁ বুলি ।
|
সুচে— নোধোওঁ মই ।
| ৰত্না –
|
নোধোৱ তই, হয়নে, নোধোৱ ? (চৰ মাৰি)
ধুবিনে, ধুবিনে এতিয়া ? ( ৰৈ ) বান্ধ, আকৌ টোপোলা
বান্ধ । ( সুচেতা ৰৈ থাকে ) নেবান্ধিলিনে ? লাগেনেকি
আকৌ এপাট ? ( সুচেতাই বান্ধে ) এতিয়া লৈ যা
দুইটা টোপোলা। (সুচেতা নেযায় ) নিনিলিনে ?
(সুচেতাই টোপোলা দুটা লৈ খঙেৰে গুচি যায়।—
বত্নাকৰে ভিতৰলৈ চাই ) মই ঘূৰি আহোগৈ, ঘূৰি
আহি ধোৱা কাপোৰ নেদেখিবলৈ হ'লে গম পাবি
কেনেটোলৈ পৰিছ !
|
[ লাঠি লৈ বেগৰে প্ৰস্থান । ]
⸻ ৩য় দৃশ্য – কৈলাস।
[ শঙ্কৰ, ব্ৰহ্মা আৰু নাৰদ । ]
— ( নাৰদৰ গীত )—
জয় শিৱ শঙ্কৰ শম্ভু সুৰেশ্বৰ
গিৰীশ গিৰিজা গীত পতি,
চন্দ্ৰশেখৰ ঈশ ৰূদ্ৰ আশুতোষ
ত্রিগুণ নির্গুণ গুণ জ্যোতি।
তুহু বিবিধ বেদ প্ৰথম পৰম বোধ
ত্রিভূবনজন তুহু গতি,
বিভূতি ভূষণ ভৱ আদি অনাদি দেব
শ্ৰীচৰণে সদা দেহুঁ মতি ।
শঙ্কৰ— ( গীতৰ অন্তত )
সৃষ্টিপতি ব্রহ্মাদেব, নাৰদ সুমতি,
পৰম সন্তুষ্ট মই
দৰশন লভি উভয়কে ।
আৰু দেব, তুষ্ট হ'লোঁ-
সুললিত সুগীতি স্তুতিত ।
আসন গ্রহণ কৰি
প্ৰকাশ কৰক দেৱ,
কিবা হেতু দুয়োজনে
কৃতাৰ্থ কৰিলে আহি দীন শঙ্কৰক।
ব্ৰহ্মা— আপুনি সৰ্বজ্ঞ প্ৰভু, পূৰ্ণ প্ৰজ্ঞাময়
সৰ্ব্বশক্তি বিভূতি আধাৰ,
জ্ঞানৰ অধীন তব
ত্ৰিলোকৰ সকলো ৰহস্য।
নিবেদন এয়ে প্ৰভু,
বিদূৰিত কৰি কৌতূহল
বিবৰক দয়া কৰি
শ্ৰীহৰিয়ে ধৰে কিয় ৰাজেশ্বৰ বেশ?
শঙ্কৰ— সুধিলে যেতিয়া দেব,
কৰক শ্ৰবণ দুয়ো
পৰম পবিত্ৰময় হৰিৰ মহিমা।
শুনক বিৰিঞ্চিদেব, শুনক নাৰদ,
জগতত শীঘ্ৰে হ'ব
শ্ৰীহৰিৰ ৰাম-অবতাৰ -
তাৰ সেয়ে মূল সূত্ৰপাত।
যি দেখিলে ব্ৰহ্মাদেব,
ৰাজেশ্বৰ কান্তিযুক্ত
শ্ৰীহৰিৰ নবীন মুৰুতি
সেই ঘনশ্যাম ৰূপ শ্ৰীৰামৰ ৰূপ।
ব্ৰহ্মাদেব, ভাগ্যবান অতিকে আপুনি,
সুৰ-নৰে বাঞ্ছা কৰা সেই ৰামপদ
দেখা পালে আপুনি প্ৰথমে।
নাৰদ— পাৰোনে জানিব প্ৰভু,
লীলাময়ে কিবা হেতু
ধৰিব খুজিছে এই নব অৱতাৰ
কিবা প্ৰভু, গূঢ় অৰ্থ তাৰ?
শঙ্কৰ — অতীব বিচিত্ৰময়
হ'ব নৰ ৰূপ এই নব অৱতাৰ।
ৰাম অৱতাৰ ধৰি মঙ্গল আলয়ে
দেখুৱাব জগতক
নৰ চৰিত্ৰৰ এক মহান আদৰ্শ।
নাৰায়ণে নৰ হই
সত্য ত্যাগ ধৰ্ম্ম প্ৰতিষ্ঠিব
ভূ-ভাৰ হৰিব, পাপীক তাৰিব,
ৰাম অৱতাৰ হ'ব
পূৰ্ণৰূপে জগতত মোক্ষ অৱতাৰ।
ব্ৰহ্মাদেৱ আৰু মুনি
যক দুয়োজন, আৰু দুয়ো,
ধৰাত প্ৰচাৰ কৰি ৰামৰ মহিমা
সুযোগ্য। কৰক গই ধৰিত্ৰীদেবীক
শ্ৰীৰামৰ পদ পৰশৰ
ব্রহ্মা—— মাগোঁ উপদেশ প্রভু,
কিবা ৰূপে জগতত
পালন কৰিম এই আজ্ঞা শ্ৰীমুখৰ ।
শঙ্কৰ — সাবধানে কৰক শ্ৰৱণ-
ৰত্নাকৰ নামে দস্যু আছে পৃথিবীত,
দ্বিজৰ সন্তান হৈয়ো
মহামূর্খ পাপাশয় দুৰন্ত প্রকৃতি ।
দুয়ো গই, উপযুক্ত কাল বুজি
ৰাম-মন্ত্ৰ দিব সেই মহা পাতকীক।
ৰাম নাম মহিমাৰে
সৰ্ব্ব পাপ মুক্ত হই
ৰত্নাকৰ ৰত্ন হ’ব— আদি কাব্যকাৰ,
শ্ৰীৰাম মাধুৰী ভাষি
পাতকীক পথ দিব
সেই দস্যু বন্ধু হ'ব অন্ধ আতমাৰ ।
যক দেব, যক মুনি
সমাপক যোগ্য আয়োজন
শীঘ্ৰে হ'ব ৰাম অৱতাৰ ৷
প্রথম অঙ্ক সমাপ্ত ।
⸻x⸻ দ্বিতীয় অঙ্ক
১ম দৃশ্য – মানস সৰোবৰৰ সমীপ।
– ( কবিতাৰ গীত )—
আজিও ধৰাত কবিতা নাই ।
নিজৰি নিজৰি মোৰ চকু ভৰি,
দুধাৰি চকুলোঁ বাগৰি যায় ।
কি হ'ব তৰাৰ দীপালী জ্বলিলে
কাননে কাননে কুসুম ফুলিলে
ধৰণী বুকুত মালতী পাহীত
কবিতা যেতিয়া জিলিকা নাই ।
ডাৱৰে ভাৱবে কবিতা লহৰি
তটিনী ধাৰাব কবিতা মাধুৰী
সন্ধিয়া উষাৰ মোহন ৰ'দালি
কোনেও কবিতা নোবোলে হায়,
ধৰণীখনিৰো জীবন কবিতা
কবিতা নেপায়ে মৰহি যায়।
[ গীতৰ অন্তত সৰস্বতীৰ প্ৰবেশ। ]
সৰস্বতী—আকৌ তুমি বেজাৰ মনেৰে গীত গাইছাহি কবিতা ?
| কবিতা—
|
নাই দেবী, বেজাৰ কৰিম আৰু কিটো, এনেয়েহে গীত এট৷ গাইছিলোঁ।
|
| সৰ—
|
মোৰ আগত লুকাব নেলাগে কবিতা, মই বুজিছোঁ।
পৃথিবীত এতিয়ালৈকে কবিতাৰ প্ৰচাৰ হোৱা নাই দেখি
তুমি নিতৌ এনেকৈ বেজাৰ কৰি কৰি গীত গাই থাকা।
|
| কবি—
|
আপোনাৰ আগত নুলুকাওঁ দেবী, পৃথিবীখনিৰ বাবে
সচাকৈয়ে মোৰ বৰ দুখ লাগে। তাৰ মানুহবোৰে দেহি
এতিয়ালৈকে কবিতাৰ মাধুৰীৰ কথা বুজ পোৱা নাই।
আৰু, কেতিয়াকৈনো পাৰ তাকনো কোনে জানে?
|
| সৰ-
|
সকলো কথাৰে এটা সময় আছে কবিতা। সেই সময়
আহিলে পৃথিবীয়েও কবিতা পাব।( ৰৈ ) তুমি যে
নিতৌ এনেকৈ বেজাৰ কৰি থাকা,শুন৷ বাৰু তোমাক
কথা এটা কওঁ। পৃথিবীয়ে কবিতা পোৱাৰ সময় ওচৰ
চাপি আহিছে, তুমি সোনকালে পৃথিবীলৈ যাব লাগিব
কবিতা।
|
| কবি –
|
( ৰঙেৰে ) সচাকৈয়েনে দেবী?
|
| সৰ—
|
সচাকৈয়ে কবিতা। এই বিষয়ে তোমাৰ লগত পৰামৰ্শ
কৰিবলৈ ব্ৰহ্মাদেব আৰু নাৰদ মুনি অপেক্ষা কৰি আছেহি।
আহাঁ, তুমি তেখেতসকলক প্ৰণাম জনোৱাঁহি।
|
| কবি—
|
বলক দেবী,— আপুনি আগ বাঢ়ক।
|
⸻ ২য় দৃশ্য - অৰণ্য।
[ ৰত্নাকৰৰ প্ৰবেশ । ]
| ৰত্নাকৰ —
|
আজি মানুহবোৰ মৰি ঢুকালনেকি ? অতপৰ খাপ
দিলে! তেও মানুহৰ নামে কণামাকৰি এটাকে নেদেখিলোঁ ।
মানুহ এটা নাহিলে আৰু তাকে টঙনিয়াই মাৰি গা
লুককি যি পাওঁ তাকে নি বেচি কিনি বয়-বস্তু নানিলে,
আই-বোপাই ল'ৰা-তিৰোতাৰে সৈতে এই ঘৰখন চলাওঁ
কেনেকৈ ? ( দূৰত শিঙা বাজে ) আহিছে, আহিছে হ'বলা
কোনোবা,—মই লুকাওঁ । ( প্ৰস্থান )
[ সন্ন্যাসী বেশেৰে ব্ৰহ্মা আৰু নাৰদৰ প্ৰবেশ । ]
|
— ( নাৰদৰ গীত ) -
তুমি জগতৰ পতি,
ত্ৰিতাপ বাৰক বোধ বিধায়ক
তুমিহে পৰম গতি ।
শতেক অলীক ভাবে মোহে ধৰি
ৰাখে অবিৰত অন্তৰ আবৰি
নুবুজে অবুজ মনে প্ৰভু মোৰ
সৰল ভকতি ৰতি ।
মায়া মৰীচিকা এই মায়া জাল,
অহমিকা দূৰ কৰাহে কৃপাল
দিয়া দয়া কৰি অভয় শৰণ
ৰাতুল চৰণ দুটি ।
দূৰত ৰত্নাকৰ—হেই মানুহকিটা, ৰ সেইখিনিতে।
| ব্ৰহ্মা—
|
সেয়া ৰত্নাকৰ আহিছে, অলপ সাবধান হোৱা তাক
আমাৰ পৰিচয় নিদিওঁ; সন্ন্যাসী বুলি ক'ম ।
|
| নাৰদ —
|
ভাল দেব। [ ৰত্নাকৰৰ প্রবেশ ]
|
| ৰত্না—
|
ব সেইখিনিতে থিৰ হৈ ; এই টাঙোনডাল দেখিছনে ?
|
| ব্ৰহ্মা-
|
নাৰ হয় দেখিছোঁ।
|
| ৰত্না—
|
তেনে মৰিব নোখোজ যদি তহঁতৰ কি আছে মোক
দে; মই ডকাইত ।
|
| ব্ৰহ্মা —
|
আমি দুখীয়া সন্ন্যাসী, আমাৰ কিটো আছে— একো নাই ।
|
| ৰত্না—
|
নাই ও ? টঙনিয়াই জীৱ দুটা গাৰ পৰা বাজ কৰি ল'লে
নাই নুবুলিবি হ'বলা। উলিয়া ভালে ভালে কি আছে ৷
|
| নাৰ—
|
ডকাইতেই হোৱা বা যেয়ে হোৱা আমাৰ একোটো
নাই। একো নহলে আমি কিটো উলিয়াম !
|
| ৰত্না—
|
কি-টো উলিয়াবি ? মূৰকিটা ভাঙি লওঁনেকি আগধৰি !
|
| নাৰ—
|
তোমাৰ হাতত পৰিছোহি যেতিয়া হওতে মাৰিব পাৰিবা
আমাক ; কিন্তু মাৰিলেও পাপৰ বাহিৰে তোমাৰ অন্য
একো লাভ নহব । একো নোপোৱ৷ আমাক মাৰি ।
|
| ৰত্না—
|
পাপেৰেই হ'ব বাৰু । চাওঁ, উলিয়া কি পাপ আনিছ ।
|
| নাৰ—
|
( ব্ৰহ্মাক ) দেব, পাপ-পুণ্যৰো ধাৰণা নাই ।
|
| ৰত্না—
|
কি পাঙিছ ? নোৱাৰ সাৰিব। উলিয়া বুলিছোঁ নহয়।
|
| ব্ৰহ্মা—
|
হে’ৰা, পাপ পুণ্য বুলি যে
দুটা বস্তু আছে তাৰ
কথা তুমি আগেয়ে শুনিছানে, জানানে তুমি ?
|
| ৰত্না –
|
নাই শুনা, নেজানো। পিচে কি হ'ল তোৰ সেইবাবে?
|
| ব্ৰহ্মা —
|
মানুহে যে মৰাৰ পাচত পাপৰ বাবে কষ্ট পায় আৰু
পুণাৰ বাবে সুখ পায় সেই কথাও তেনেহলে তুমি
শুনা নাই আগেয়ে, নেজানা?
|
| ৰত্না—
|
মনে মনে থাক। এতিয়াহে বুজিছো; মৰা জীয়া,
পাপ নে ফাপ এইবোৰৰ কথা উলিয়াই তহঁতে মোক
ভুৱা দিব খুজিছ। ৰত্নাকৰ মই,নোৱাৰিবি।
|
| ব্ৰহ্মা —
|
আমি তোমাক ভুৱা দিব খোজা নাই। শুনা, আমাক
মাৰিলে তোমাৰ পাপ হ'ব আৰু তাৰ বাবে, পাচত তুমি
কষ্ট ভোগ কৰিব লাগিব। আমি সচা কথাহে কৈছো।
|
| ৰত্না—
|
ক বৰু ক, শগুণৰ শাওত বুঢ়া গৰু নমৰে; তহঁতে
কলেই মোৰ পাপ নহয়।
|
| ব্ৰহ্মা—
|
পাপ নহয় বুলি মুখেৰে কলেই তুমি সাৰিব নোৱাৰিবা।
|
| নাৰ—
|
পাপ হ'ব। আৰু তাৰ ফলে৷ তুমি ভোগ কৰিবা।
|
| ৰত্না—
|
হলেও হ'ব, ভুগিলেও ভুগিম। মানুহ মাৰিয়েই এখন
ঘৰ চলাই আছো, ঘৰত এঘোৰোৱাল মানুহ আছে, হলেও
পাপৰ এভাগহে মোলৈ আহিব; সেইকণ পাপলৈ মই
কেৰেপ কৰা মানুহ নহওঁ।
|
| নাৰ—
|
কি কৈছা তুমি! মানুহৰ পাপ-পুণ্যৰ ভাগ বটাবটি
নহয়। পাপ হ’লে অকল তোমাৰেহে হ'ব।
|
| ৰত্না—
|
কেলৈ অকল মোৰে হ'ব – কেতিয়াও নহয়।
|
-
| ব্ৰহ্মা—
|
হ’ব; আৰু সেই পাপৰ নিকাৰো তুমি — অকল
তুমিয়েইহে ভোগ কৰিব লাগিব।
|
| ৰত্না—
|
নেলাগে, কেতিয়াও নেলাগে ।
|
| নাৰ —
|
লাগিব — কোনেও তোমাৰ পাপৰ ভাগ নলয় ।
|
| ৰত্না—
|
কেলৈ নলব ! মোৰ আই আছে, বোপাই আছে, নিজৰ
তিৰোতা আছে, সিহঁতে মোৰ পাপৰ ভাগ নল'বনে ?
ল'বই ল'ব ।
|
| নাৰ-
|
মিছা কথা; কোনেও নলয় ।
|
| ৰত্না—
|
হে’ৰ, তহঁতৰ পৰা এতিয়া মোৰ ঘৰখনৰ কথা ন-কৈ
শিকিবলগীয়া হ'লনে? মোৰ নিজৰ ঘৰখনৰ কথা মই
নেজানো বুলি ভাবিছনে ?
|
| ব্রহ্মা—
|
নেজানা; এই সংসাৰত কোনেও কাৰো কথা নেজানে ।
তোমাৰ পাপৰ ভাগ কোনেও নলয় । অইনকি, তোমাৰ
নিজৰ ল'ৰা তিৰোতায়ো নলয় ।
|
| ৰত্না—
|
বৰ ক’লি বুলিলো ! মোৰ তিৰোতাজনীয়েও নলয়,
হয়নে ?
|
| ব্রহ্মা —
|
হয়। তুমি যদি আমাৰ কথা বিশ্বাস কৰিব পৰা নাই,
তেন্তে তুমি এবাৰ নিজে সুধি আহাঁগৈ ।
|
| ৰত্না—
|
ৱাৰুটো অ’, মোক ভাল বুদ্ধিটো দিছ !
|
| নাৰ–
|
হয়, এওঁ ভাল কথা কৈছে। আমি ইয়াতে ৰওঁ,
তুমি এবাৰ সুধি আহাঁগৈ ; একেবাৰে তোমাৰ মনৰ পৰা
সন্দেহটো আঁতৰ হওক ।
|
| ৰত্না—
|
ৰ-বি তহঁত ও ? মই পিঠি দিলেই ভিটিং, নহয়নে ?
মোক কেচুৱা ল'ৰা বুলি ভাবিছ !
|
| ব্ৰহ্মা—
|
আমি মিছা কথা নকওঁ । যোৱা তুমি সুধি আহাঁগৈ ।
(হাঁহি ) আমাৰ কাৰ্য্য হ'লেহে আমি ইয়াৰ পৰা যাম ।
|
| ৰত্না—
|
তহঁতে যে একেটা কথাতে এনেকৈ পেৰেত লগা দৰে
লাগি আছ, মই বাৰু এবাৰ সুধি আহোঁগৈ। কিন্তু,
ভহঁতক হ'লে ইয়াত এৰি থৈ নেযাওঁ । আহ তহঁতো
মোৰ লগতে ।
|
| ব্ৰহ্মা–
|
ব’লা, যাবলৈ আমাৰ একো আপত্তি নাই।
|
| ৰত্না—
|
ৰ, আৰু এটা কথা আছে। কথা এটা আগতে তহঁতৰ
সৈতে পকা-পকি কৰি লওঁ । শুন—মই বাৰু ঘৰত
সুধিমগৈ, কিন্তু, তহঁত হাৰিবলৈ হ'লে একা মোক অবাবত
এনেকৈ ঘূৰাই ফুৰোৱাৰ বাবে, দুইটাকে—তহঁতৰ দুইটাকে,
মই ছেও ছেওকৈ কাটি কাটিছে মাৰিম । বুজিছনে ?
|
| ব্ৰহ্মা—
|
বুজিছোঁ, আমি মান্তি হৈছো তাত ৷
|
| ৰত্না –
|
( নাৰদক ) তই একা ?
|
| নাৰ—
|
মোৰো একে কথা; ব’লা এতিয়া ।
|
| ৰত্না—
|
আগ হ তহঁত । এই বাটেদি পোনে পোনে গৈ থাক ।
পলাবলৈ নেচাবি একা, পাচৰ পৰা একে টাঙোনে
বগৰাই পেলাম । ব'ল ।
|
[ যথাক্রমে ব্ৰহ্মা, নাৰদ আৰু ৰত্নাকৰৰ প্ৰস্থান ]
⸻ ৩য় দৃশ্য – হাবি- কাষৰীয়া বাট।
[ পাচলৈ চাই চাই ভয়ে ভয়ে ১ম বাটৰুৱা নিধিৰ প্ৰবেশ ।]
| নিধি—
|
ৰতন ডকাইতৰ হাতৰ পৰা জীৱটো আজি ভাল
সৰুৱাই আনিলা প্ৰভু । ওৰ বাটে মোৰ গাত জীৱ নাই
ঈশ্বৰ, এভিয়৷ মানুহৰ বসতিৰ কাষ পাইছে জীৱটো
আকৌ ঘূৰি আহি গাত সোমোৱ৷ যেন পাইছোঁ । বাটে
বাটে আগকৰি আহিছোঁ, ঘৰ পায়েই এগছি ঘিউৰ শলিতা
দিম প্ৰভু । ( দূৰত কোনোবাই নাম গোৱা শুনি ) সেইটে।
আকৌ কোন আহিছে এই ফালে । নামৰ কোবত
দেখোন বসুমতী ছিটা-ছিট কৰি আহিছে— মৰিবৰ মন
গৈছে হ’বলা ।
|
[ নাম গাই গাই ২য় বাটৰুৱা শ্ৰীমন্তৰ প্ৰবেশ । ]
- ( নাম ) -
হৰি মোৰ মাধব, হৰি মোৰ বান্ধৱ
হৰি মোৰ গোৱিন্দ ৰাই,
সংসাৰ সাগৰত তুমি নতৰালে
অন্য তাৰোতা নাই ।
| নিধি –
|
( নাম নৌ শেষ হওতেই ) হে’ৰা ভকত,
বোলো
এখস্তক নাম সামৰি কোৱাচোন — তুমি ক'ৰ মানুহ,
আহিছ৷ ক'ৰ পৰা আৰু যাবা কলৈ ?
|
| শ্রীমন্ত—
|
বোলো মোকে সুধিছানে ?
|
| নিধি—
|
তোমাকে নুসুধিনো আৰু কাক সুধিছোঁ বুলিছা?
নাই, মই নিজকে নিজে সুধিছোঁ বুলি ভাবিছা?
|
| শ্ৰীম—
|
হেঃ হেঃ, আটেক দেখোন বৰ ৰসাল পুৰুষ যেন
লাগিছে। বোলো কি সুধিছিলা, মই ক'ৰ পৰা আহিছোঁ
হয়নে? মই আটে বহুত দূৰৰ পৰা আহিছোঁ— একেবাৰে
এই ৰাজ্যৰ সিমূৰৰ পৰা।
|
| নিধি—
|
বাৰু। পিচে যাবা কলৈ?
|
| শ্ৰীম—
|
যাওঁ বুলি তেনেকৈ কলৈকো যাবলৈ অহা নাই।
কথাটো হৈছে কি, আমি বেপাৰী মানুহ -মোৰ লগত আৰু
এজন আছে। এনেকৈ এই বেহা বেপাৰ কৰি কৰি
আমি ঠায়ে ঠায়ে ঘূৰি ফুৰো। কালি গধূলি পৰত আহি
( অহা ফালে দেখুৱাই ) সৌ গাওঁখন পাই তাতে এঘৰত
দুয়ো আলহী ৰ’লোহক। পিচে আজি ৰাতি পুৱাৰ পৰা
দেখোন মোৰ লগৰজন নাই। ৰাতি পুৱা বোলে তেওঁক
এই ফালে অহা কোনো কোনোৱে দেখিছিলে। বাট
চাই চাই এতিয়ালৈকে তেওঁক নুঘূৰা দেখি ময়ে বিচাৰি
যাওঁ বুলি ওলাই আহিছোঁ।
|
| নিধি—
|
তাকো বুজিলো বাৰু। পিচে ওৰ বাটে এনেকৈ টেটু
ফালি আহিছ৷ কিয়? জীয়াই থাকি আমনি লাগিছেনেকি?
|
| শ্ৰীম—
|
( অলপ বেয়া পাই) কি আটৈ, কি ক'লা?
|
{{Playscript|gap=4|নিধি—|ক'ম আৰু কিটো! যদি দিনচেৰেক জীয়াই থাকিবহে
খুজিছা, তেনেহলে এই থিনিৰে পৰা উভটি ব’লা।]]
| শ্ৰীম—
|
উভটিব লাগে! কিয় কিয় উভটি যাব লাগে?
|
| নিধি—
|
( নিজে অহা ফাললৈ দেখুৱাই ) স-উ হাবিখন দেখিছানে?
|
| শ্ৰীম―
|
( চাই ) দেখিছোঁ, পিচে কি হ'ল?
|
| নিধি—
|
হোৱাকৈ হওতে একো হোৱা নাই। পিচে সেই
হাবিখনেই ৰতন ডকাইতৰ চোং। এবাৰ সেইখিনি পালেগৈ,
জীৱটো লৈ আকৌ ঘূৰি আহিব পাৰিম বুলি নেভাৱিবাঁ।
|
| নিধি -
|
সচা-মিছাৰ যদি প্ৰমাণ লাগে তেনেহলেচোন দোখোজ-
মান আগবাঢ়ি নিজেই চাই আহাগৈ। সৰহদূৰ যাবও
নেলাগিব কিজেনি, বাটে বাটে যিদৰে ডেডাউৰিয়াই
আহিছা, শুনি লাগে ডকাইত খাপদি আছেহিয়েই।
|
| শ্ৰীম—
|
ডকাইত! আচল ডকাইতনে? তেনেহলে তেনেহলে
মোৰ মোৰ লগৰ জনৰ — —?
|
| নিধি—
|
তাকেহে কব খুজিছো।
তোমাৰ লগৰজন যদি
এইফালে গৈছিলহে, তেনেহ'লে তেওঁক আৰু ৰতন
ডকাইভে অতপৰলৈকে জী থাকিবলৈ দিয়া নাই। এতিয়া-
মানে জীৱ চাগৈ যমপুৰী পালেগৈ।
|
| শ্ৰীম—
|
তেনেহলে—মই—মই কি কৰো? কি কৰে৷ এতিয়া?
|
| নিধি—
|
অতপৰেনো তেনেহলে শুনিলা কি? বোলো জীয়াই
থাকিব খুজিছা যদি ঘূৰি ব'লা। আৰু যদি মৰিবৰহে
মন তেনেহলে গৈ থাকা পোনে পোনে।
|
| শ্ৰীম—
|
পিচে—পিচে মই এতিয়া ঘূৰি যাওঁ কেনেকৈ?
|
| নিধি—
|
কেলৈ ? দুডালকৈনো ঠেং তেনেহলে লগত বান্ধি
ফুৰিছা কিহলৈ, তাতে চোন ভৰ দি ব'লা ।
|
| শ্ৰীম —
|
নোৱাৰো—মই যাৱ নোৱাৰে। ভয় লাগিছে, মোৰ
বৰ ভয় লাগিছে— ভৰি নচলে । হে'ৰা, হে’ৰা, মোৰ—
মোৰ কিবা এটা হ'ল ! ( ভয়ত বহি পৰে ) মোক ধৰি
লৈ যোৱাঁ—ধৰিলৈ যোৱা মোক, এৰি থৈ নেযাবাঁ ।
|
| নিধি —
|
নিম, নিম, নিনিম কেলৈ । নিওঁ বাৰু, ৰ'বা এখন্তক
(অলপ আঁতৰি গৈ, বাহিৰলৈ চাই চিঞৰি চিঞৰি )
হে'ৰা ৰতন, হে'ৰা ৰতন, আহাঁ আহাঁ, এটা বেপাৰী
ধৰিছো—বেগাই আহাঁ—বেগাই আহাঁ।
|
| শ্ৰীম—
|
আঔ মোক ধৰিলে ঔ, মোক মাৰিলে ঔ । ( উঠি, অহা
ফালে লৰ মাৰে । )
|
| নিধি —
|
( অলপ পৰ শ্ৰীমন্ত যোৱ৷ ফালে চাই হাঁহি ) ধৰি
নিব লাগে, নৰীয়া নিয়াদি নিব লাগে! এতিয়া দেখোন
ঘোঁৰা চেকুৰাদি চেকুৰিছ । মোক কেচুৱা ল'ৰা বুলি
ভাৱিছিলি, বুজিলিনে এতিয়া৷ ।
|
⸻ ৪র্থ দৃশ্য – ৰত্নাকৰৰ ঘৰ।
[ ৰত্নাকৰ, ৰত্নাকৰৰ পিতা-মাতা, ব্ৰহ্মা আৰু নাৰদ । ]
| ৰত্না—
|
তুমি ইয়াকেহে ক'লা আই !
|
| ৰ-মাতা—
|
তাকে নকৈনো আৰু কি ক'ম ? দহমাহ গর্ভভ
ধৰি ভোক জনম দিলো, তোৰ মাৰ মই ;
এতিয়া বুঢ়ী
হ'লো, বুঢ়ীমাৰক এতিয়া তই কি উপায়েৰে পোহ-পাল
দিয় সেইটে। তোৰ নিজৰ কথা । তাৰ কাৰণে যদি তই
পুণ্য কৰিছ সিৱোঁ তোৰে আৰু যদি পাপহে কৰিছ
সিৱোঁ ভোৰে। মোক তোৰ পুণ্যৰ ভাগো নেলাগে আৰু
পাপৰ ভাগে৷ মই নলওঁ ।
পাপ-পুণ্য সকলো তোলৈ
থাকিব, সকলো তোৰ নিজৰ।
|
| ৰত্না—
|
(হুমুনীয়া ছাৰি ) বুজিলোঁ, সকলো বুজিলোঁ! ( ৰৈ )
পিতা, তুমি কি কোৱাঁ, তুমি ভাগ ল'ৱা নহয়নে ?
|
| ৰ-পিতা-
|
তোৰ পাপৰ ভাগ লবলৈ মই যাম কিয় ? কেচুৱা
হৈ থাকোতে, সৰু হৈ থাকোতে আমি তোক লালন-
পালন কৰিলোঁ । বুঢ়া হৈছোঁ, এতিয়া তই আমাক
লালন-পালন কৰিবি, এয়ে মুঠ কথা। তোৰ পাপ-
পুণ্যৰ কথাত আমি নাই ।
|
| ৰত্না—
|
তুমি যে তেনেকৈ কৈছা, কেলৈ তোমালোকৰ বাবেহে
মই এইবোৰ কাম কৰিছোঁ ; তোমালোকে জানো নেজানা ?
|
| ৰ-পি-
|
এইবোৰ জনা নজনাৰ কথা নহয় আৰু তর্কাতর্কিৰো
কথা নহয় বোপাই। তয়ে বাৰু কচোন, আমি তোক
মানুহ মাৰিবলৈকে কৈছোঁনে নাই ডকাইত হ'বলৈকে
কৈছোঁ ৷ সৰুৰে পৰা ইমান যত্ন কৰিলোঁ, ইমান পৰিশ্ৰম
কৰিলোঁ তেও তোক সজ কথা এটা শিকাব নোৱাৰিলোঁ,
নিশিকিলি। এতিয়া অসৎ ভাবে থাকি পাপ আজ্জিছ
তাৰ ফল তই ভোগ কৰিবি, আমি বুঢ়া-বুঢ়ীহালে তোৰ
পাপৰ ভাগ ল'ব নোৱাৰোঁ।
|
| ৰত্না—
|
তোমাৰ এয়ে খাটাং কথানে ? সেইবাবে মোৰ কিবা
এটা বেয়া হ'লেও তোমালোকে ভাগ, নোলোৱানে ?
|
| ৰ-পি–
|
যি ক'ব লাগে মই একেবাৰতে কৈছো বোপাই,
মোৰ নতুনকৈ কৱলগীয়া আৰু একো নাই।
|
| ৰত্না –
|
( বেজাৰেৰে ) নাই যদি বাৰু নেলাগে ক'ব।
|
| ব্ৰহ্মা—
|
আমি কোৱা নাছিলোনে আগতে ?
|
| ৰত্না—
|
( ৰৈ ) ৰ, মোৰ তিৰোতাজনীক সোধো। আই-বোপায়ে
নল'লেও, মোৰ তিৰোতা যেতিয়া, তাই লবই ল'ব।
( ভিতৰলৈ ডাঙৰকৈ ) হে'ৰ চাওঁ, এই পিনে আহ,
কথা এটা শুনি যাহি ।
|
| নাৰদ –
|
সোধা বাৰু, তেৱোঁ সেই একে কথাকেহে ক'ব।
|
[ সুচেতাৰ প্ৰবেশ ]
| সুচেতা—
|
কি ক'বলৈ মাতিছিলা ?
|
| ৰত্না—
|
এটা কথা, মই যে তহঁতক পোহ-পাল দিবলৈ বুলি
|
|
|
এনেকৈ মানুহ-দুনুহ মাবো, ডকা-হকা দিওঁ, সেইবোৰৰ
বাবে কিবা পাপ হ'লে তই সেই পাপৰ এভাগ ল'বিনে ?
|
| সুচে—
|
কেলৈ ল'ম, নলওঁ মই ।
|
| সুচে—
|
নলওঁতোন, পাপৰ ভাগ ল'বলৈ মই যাম কিয়!
|
| ৰত্না—
|
ল'ব লাগিব । তোক মই বিয়া কৰাই আনিছোঁ, তই
মোৰ তিৰোতা; মোৰ পাপৰ ভাগ তই ল'বই লাগিব ।
|
| সুচে—
|
নলওঁ মই । পাপৰ ভাগ ল'বলৈ বুলি মোক তুমি
বিয়া কৰাই আনিছিল'নে ?
|
| ৰত্না—
|
টপ্ নটপাবি মোৰ আগত, বুজি বাজি কথা ক'বি ।
নহ'লে টাঙোনৰ আগত মূৰ উফৰি যাব ।
ক, নিজৰ
বাবে মই কৰিছোনে নাই তহঁতক খুৱাব পিন্ধাবলৈ বুলি
এই পাপ কামবোৰ কৰি ফুৰিছোঁ ।
|
| সুচে—
|
তিৰোতাক গিৰিহঁতে খুৱায়েই। তুমি তেহেলৈ যেনেকৈয়ে
খুউৱা আমাক কেলৈ লাগিছে । মই তোমাৰ পাপৰ ভাগ
ল'ব নোৱাৰো । —চাও মোৰ বন আছে মই যাওঁ। (প্রস্থান)
|
| নাৰ-
|
শুনিলা নহয় কি ক'লে । আমি দেখোন আগতে
কৈছিলোঁ এইবোৰ কথা ।
|
| ব্রহ্মা—
|
( ৰৈ ) মনে মনে ৰ’লা দেখোন । এতিয়া কি কৰা ?
|
| ৰত্না –
|
(বেজাৰেৰে ) কি ক'ম, কি কৰিম – ক'বলৈ কৰিবলৈ
একো নাই । মিছাতে ইহঁতৰ ওপৰত ইমান আশা
কৰিছিলোঁ। নাই নাই, মোৰ উপায় নাই, মই মৰিলোঁ
|
|
|
নিগমে মৰিলোঁ; অত পাপৰ পৰা মোক কোনে নিস্তাৰিব,
কোনে তৰাব! উঃ উঃ মই কি কৰো, কি কৰো এতিয়া মই!
|
| ব্ৰহ্মা—
|
হে’ৰা, সেইবোৰ কথা এৰি এবাৰ এই ফালে মন
কৰাচোন। তুমি যদি আমাৰ কথা মতে চলো বোলা,
তোনে এই পাপৰ পৰা উদ্ধাৰ পোৱাব উপায়ো আছে
আৰু তোমাক ভাৰণ কৰিবলৈ ভাবোতাও আছে।
|
| ৰত্না—
|
( আগ্ৰহেৰে ) আছেনে, আছেনে? মই ভৰিব পাৰিমনে?
কোৱাচোন কোৱা, মোক ভালকৈ কোৱা।
|
| ব্ৰহ্মা—
|
সেই কথা আমি গোপনেহে ক'ব পাৰিম।
|
| ৰত্না—
|
পিতা, আই, তোমালোক অলপ আতৰাচোন, শুনিছা
নহয় এওঁলোকে কি কৈছে।
|
| ৰ-পিতা—
|
আশীৰ্ব্বাদ কৰিছোঁ, তোৰ সজ মতি হওক বাচা।
এওঁলোকৰ দয়াতে যেন তই তোৰ তাৰোতা জনক
চিনি পাৱ। ( ৰ-মাতাক ) আহাঁ আমি যাওঁ।
|
| ৰ-মাতা—
|
ময়ো আশীৰ্ব্বাদ কৰিছোঁ, তোৰ ভাল হওঁক বোপাই।
|
[ ৰত্নাকৰৰ পিতা-মাতাৰ প্ৰস্থান ]
| ৰত্না—
|
কি ক'ব খুজিছা কোৱা এতিয়া।
|
| ব্ৰহ্মা—
|
শুনা, আমি তোমাক ৰাম-নাম মন্ত্ৰ দি যাওঁ। এই মন্ত্ৰ
তুমি কায়মনবাক্যে নিতৌ জপ কৰি থাকিবাঁ। ৰাম-নামেই
তোমাক সকলো পাপৰ পৰা উদ্ধাৰ কৰিব। পাৰিবানে তুমি?
|
| ৰত্না—
|
মোৰ ভাল হ'ব বুলিছানে তোমালোকে?
|
| ব্ৰহ্মা,নাৰ-
|
নিশ্চয় হ'ব।
|
| ৰত্না—
|
সচাকৈয়ে কৈছানে তোমালোকে ?
|
| ব্রহ্মা—
|
সত্য কথা, দেবাদিদেবৰ বাক্য। সেই বাক্য কেতিয়াও
বিফল হ'ব নোৱাৰে ।
|
| ৰত্না—
|
কাৰ বাইক তাৰ গুৰি-গছ মোক নেলাগে। সচাকৈয়ে
যদি মোৰ ভাল হয়, পাপৰ পৰা যদি তৰিব পাৰো,
পাৰিম মই । কি বুলিলা মন্ত্ৰটো ? আম, নহয়নে ?
|
| ব্রহ্মা—
|
আম নহয়, ৰামহে – ৰাম ।
|
| ৰত্না —
|
ময়ো তাকেহে কৈছো – আম, আম ; হৈছেনে ?
|
| ব্ৰহ্মা—
|
কৰিছোঁ ; সাধনাৰ প্ৰয়োজন হ'ব ।
|
| ৰত্না-
|
কি কৈছা তোমালোকে ?
|
| ব্রহ্মা—
|
আমি কিবা অন্য কথাহে কৈছোঁ । পিচে তুমি যদি
মন্ত্ৰ ল'ব খোজা, তেনে আহাঁ আমাৰ লগতে । সৌ
নৈতে স্নান কৰিবা আৰু ভাতে জপব পদ্ধতি দেখুৱাই
তোমাক নিয়ম মতে মন্ত্ৰ দান কৰিম । ( ৰৈ ) কি কোৱাঁ,
ল'বানে মন্ত্র ?
|
| ৰত্না –
|
( বিৰক্তিৰে ) ভয়ত মোৰ চূৰ্ত্তি নাই, ঘনেপতি কি
একেডাল কথাকে পেঘেনিয়াই থাকাছে! কৈছোঁ নহয়
ল'ম বুলি ; এবেলি ক'লে নহয়নেকি ? ( ৰৈ ) চাওঁ,
তোমালোক আগবাঢ়া, মই তিয়নিখন লৈ পাচতে গৈছোঁ ৷
|
দ্বিতীয় অঙ্ক সমাপ্ত।
⸻X⸻ তৃতীয় অঙ্ক
১ম দৃশ্য – নৈৰ পাৰৰ মুকলি ঠাই।
[ দুটা ল'ৰাই গৰু চৰাই আছে । দূৰত এটা উঁই হাফলু । ]
| ১ম ল'ৰা
|
—( বাহিৰলৈ চাই, ডাঙৰকৈ ) হেৰৌ ক'লা, ঘূৰ ঘূৰ, নুঘূৰনে মুঘূৰনে—ঘূৰ— ঘূৰ –( লৰি ওলাই যায়।)
|
| ২য় ল'ৰা
|
—এই গৰু চৰোৱাৰ সমান আৰু দুখ নাই। কিবা পাপ কৰিলেহে মানুহে গৰু চৰাবলৈ পায় হ'বলা।
( ১ম আহে; ২য়ই বাহিৰলৈ চাই ডাঙৰকৈ ) দেখিছাঁ,
দেখিছাঁ বাৰু এই খাৰীজনীলৈ — নৈত পৰিব খুজিছেনে ?
|
| ১ম―
|
( বাহিৰলৈ চাই ) মাৰ, মাৰ,কাণত মাৰ কাণত মাৰ,
তেহে শিকিব আগলৈ। ( ঘূৰি) এই গৰুবোৰকনো ঈশ্বৰে
সব্জিলে কিয় ক'ব নোৱাৰোঁ।এনেয়ে গৰু, বুদ্ধিটোও
গৰু। ( ২য় আছে )
|
| ২য়—
|
গৰুৰ পাচে পাচে ল'ৰি ল'ৰি আৰু তিতা লাগিছেগৈ ।
হে’ৰ, এটা গীতকে গাচোন, মনটো তেও অলপ ভাল
লাগক ।
|
| ১ম—
|
কি গাবি অ', গৰু চৰাওতে জানে৷ গীত-মাত গাই কিবা
সুখ আছে। ধৰিলেই লাগে লৰ মাৰিব লাগিব আকৌ ।
|
| ২য় —
|
লাগিলে আৰু লাগিব, তেও বাৰু এটা ধৰচোন। তোৰ
মাতটো বৰ ভাল, শুনি বৰ ভাল লাগে।
|
– ( ১ম ল'ৰাৰ গীত )—
ডাৱৰে সাজিছে নাও,
আকাশী দেৱতা তাতে উঠি বোলে
দূৰণি দেশলৈ যাওঁ ।
নাৱৰে মাজতে দেৱতাসকলে
ল’লেকি এবেলি চাওঁ,
দুকুৰি দোমোনা দেখো ভোটা তৰা
আঙুলি মূৰতে পাওঁ।
মহাদেউ পারতে জোনে গৈ কান্দিলে
শুনি সদাশিবে বতাহক পাচিলে,
পচোৱা বতাহে গই খেদা মাৰি
বাটতে ধৰিলে নাও,
ছই ব’ঠা মাৰি গ'ল উৰি উৰি
মাজতে ভাগিলে নাও ।
| ২য়—
|
এৰা, এইটোহে গীত, শুনি থাকিবৰ মন যায় নহয় ।
|
| ১ম—
|
সেইবোৰ বাৰু থ, এতিয়া তই এটা গাচোন ।
|
| ২য়—
|
মই বাৰু অলপ পাচত গাম। এইখিনিত ঘাঁহ কমিছে
গৰুকিটা আগলৈ নিওঁ ব'ল, তাতে মই গাম ।
|
| ১ম–
|
ব’ল'বাৰু । ( যাব খুজি ) তোক সোধে, সোধোঁ বুলি
ভাবি আছোঁ—এইখিনিত এইটো কিহে মাতি আছে অ' ?
|
| ২য়—
|
কিটো শুনিলি ? ক’তা দেখোন একো নাই ।
|
| ১ম –
|
সেয়া শুনচোন “মৰাম— মৰাম” কৰিছে।
|
| ২য়—
|
অ’, এই মাতটোৰ কথা কৈছ। মৰাম-মৰাম নহয়,
ৰাম ৰাম হে ।
|
| ১ম—
|
কিহৰনো মাত এইটো, কিহে মাতিছে ?
|
| ২য়—
|
এ, তই হ'বলা ক'ব নোৱাৰ, মই জানহে বুলিছিলোঁ ।
শুন বাৰু কওঁ।— আমি ওপজাৰো বহুত দিনৰ আগতে
বোলে আমাৰ ইয়াত ৰতন বাপু নামেৰে ডকাইত
এটা আছিল।
|
| ২য়—
|
পিচে, এদিন হেনো ক'ৰবাৰ পৰা সন্ন্যাসী দুটা আহি,
কিবা মন্ত্ৰ বলেৰে তাক বোলে উঠির নোৱাৰা কৰি এই
খিনিতে এৰি থৈ গুচি গ'ল।
|
| ২য়-
|
পিচে আৰু কিটো ? মানুহ মৰা ডকাইত, কোনে মৰম
কৰিব, কোনে খাবলৈ দিব,
খাবলৈ নেপাই শুকাই-খীণাই এদিন মৰি থাকিল।
শুনিছোঁ, পপীয়া মানুহৰ
বোলে হাড়ে মাতে। তাৰ হাড়বোৰেই এতিয়ালৈকে
এনেকৈ ৰাম ৰামকৈ চিঞৰি থাকে; তাৰে মাত এইটো ।
|
| ১ম—
|
ডকাইত, মানুহ মৰা ডকাইত ?
|
| ২য় —
|
অঁ, সেই বুলিয়েইহে শুনিছোঁ।
|
[ দূৰত নাৰদৰ গীত শুনা যায়—ক্রমে কাষ চাপে । ]
| ১ম–
|
(ভয়েৰে) ভেন্তে ব'ল যাওঁগৈ এইখিনিৰ পৰা । (যাব খুজি)
হে'ৰ, চাচোন সৌফালে — সৌদুটা সন্ন্যাসী নহয় নে ?
|
| ২য়—
|
( চাই ) হয়, হয় সন্ন্যাসী-দুট।। (ৰৈ) এটা দেখোন ব'ল—
ইটো আহি আছে এইফালে।
|
| ১ম –
|
( ভয়েৰে ) হে'ৰ, ব'ল যাওঁগৈ—আহ, গুচি আহ ।
|
| ২য় –
|
( ১মক চাই ) কি হ'ল তোৰ, এনেকুৱা কৰিছ কিয় ?
|
| ১ম–
|
কি হ'ল আকৌ সুধিছহে ! এনেকুৱা ডকাইতৰ হাড়ে মতা
ঠাই, তাতে আকৌ দুটাকৈ সন্ন্যাসী আহিছে—মই যাওঁ ।
|
| ২য়—
|
ৰ, ৰ ময়ে৷ গৈছে!। হে’ৰ, লৰ মাৰ্ছি কিয় ? ৰ,ৰ,
ময়ো গৈছো। ( প্রস্থান )
|
[ গীত গাই গাই সন্ন্যাসী বেশেৰে নাৰদৰ প্ৰবেশ ]
— ( নাৰদৰ গীত )—
আজি মোৰ বীণা বাজে মধুৰ মধুৰ।
অভিৰাম ৰাম ৰাম মধুৰ মধুৰ ।
বীণা বাজে গুণু গুণ
ৰাম নাম গান গুণ,
শ্ৰীৰাম বন্ধনা গায় মধুৰ মধুৰ,
শুনি ভাবে ভৰে হিয়া মধুৰ মধুৰ।
মনে তাৰ তালে তালে
ৰাম ৰাম ৰাম বোলে
নয়নে মুকতি দেখে মধুৰ মধুৰ
কাণে পদ-ধ্বনি শুনে মধুৰ মধুৰ।
[ গীতৰ অন্তত সন্ন্যাসী বেশেৰে ব্ৰহ্মাৰ প্ৰবেশ। ]
| ব্ৰহ্মা—
|
এয়ে সেই স্থান নহয়নে নাৰদ? ( কেউফালে চায় )
|
| নাৰদ —
|
হয় দেৱ, ইয়াতে ৰত্নাকৰে মন্ত্ৰ গ্ৰহণ কৰিছিল।
কিন্তু, ৰত্নাকৰ দেখোন নাই ইয়াত, কলৈ গ'ল!
|
| ব্ৰহ্মা –
|
( হাঁহি ) আছে, আছে নাৰদ, কলৈকো যোৱা নাই।
সৌ বল্মীক স্তুপটো দেখিছানে?
|
| ব্ৰহ্মা—
|
তাৰ পৰা কিবা শব্দ আহিছেনে, এবাৰ ওচৰৰ পৰা
শুনাগৈচোন।
|
| নাৰ―
|
( গৈ, শুনি ) হয় দেৱ, আহিছে। ভিতৰৰ পৰা মৃদু
মৃদুকৈ ৰাম নাম ধ্বনি উঠিছে। ( ঘূৰি আহে )
|
| ব্ৰহ্মা—
|
সেই বল্মীক স্তূপেই, ৰত্নাকৰ নাৰদ, ৰত্নাকৰ বা
ৰত্ন-আকৰ বাল্মীকি।
|
| নাৰ—
|
ৰত্নাকৰৰ নতুন নামাকৰণ কৰিলে পিতা?
|
| ব্ৰহ্মা—
|
হয় নাৰদ, ৰত্নাকৰ আজিৰ পৰা বাল্মীকি হ'ল। আৰু,
সাধনাত সিদ্ধ-কাম হোৱা গুণে বাল্মীকিক ঋষিত্ব অৰ্পণ
কৰিলোঁ। এতিয়াৰ পৰা ৰত্নাকৰ বাল্মীকি ঋষি বুলি
|
{Playscript|gap=4| ৷পৰিচিত হ'ব। ( ৰৈ ) আহাঁ এতিয়া, এই সমাধিস্থ
মহাযোগীৰ দেহত আমি সংজ্ঞা সঞ্চাৰ কৰোঁ।}}
[ দুয়ো উঁই হাফলুৰ ওচৰ চাপি— ]
| ব্ৰহ্মা—
|
হে বল্মীক বিদাৰিত হোৱাঁ।
|
(হাফলু ভাগে;
ভিতৰত এটা কঙ্কাল দেখা যায়। )
|
|
হে সমাধিস্থ মহাযোগী, তুমি যোগী-সুলভ তনু লাভ
কৰা। ( কঙ্কালে বাল্মীকিৰ ৰূপ পায়। )
হে সিদ্ধকাম, তোমাৰ নিবৃত্ত-চেতন দেহত, প্ৰাণাদি পঞ্চ-
প্ৰাণদ বায়ু সঞ্চালিত হওক। তুমি চেতনা-যুক্ত হোৱাঁ।
|
| বাল্মীকি-
|
ৰাম — ৰাম – ৰাম – ৰাম॥
ওঁ তৎসৎ–ওঁ তৎসৎ- ওঁ তৎসৎ॥
ওঁ শ্ৰীগুৰবে নমঃ, ওঁ গুৰুপাদপদ্মায় নমঃ।
|
| ব্ৰহ্মা—
|
হে বাল্মীকি, হে ঋষি, আমাৰ প্ৰীতি আলিঙ্গন গ্ৰহণ কৰা। ( আলিঙ্গন দিয়ে )
|
⸻
২য় দৃশ্য – ৰত্নাকৰৰ আগৰ ঘৰ।
[ সুচেতাৰ প্ৰবেশ। ] *
| সুচেতা —
|
( বাহিৰলৈ ) কোন? (ৰৈ) নিধিনেকি? আহ,
সোমাই আহ।
|
[ নিধিৰ প্ৰবেশ। ] *
| নিধি—
|
কি কৰিছে আই? ভালে আছেনে?
|
| সুচে—
|
আমাৰনো কি ভাল বেয়া বোপাই, আছে৷ আৰু।
পিচে, আজি দেখোন বহুত দিন তোক দেখাই নাই।
বহ, থিয় হৈ ৰলি কিয়? ( দুয়ো বহে )
|
| নিধি —
|
আজি ভালে দিন মই ঘৰত নাছিলোৱেই আই,
কালি ৰাতিহে ঘৰ পাইছোহি।
|
| সুচে—
|
এ মই আকৌ ক'ব নোৱাৰো। পিচে আহিলি ক’লৈ?
|
| নিধি—
|
বৰ ডাঙৰ কথা এটা শুনি আহিলোঁ; ঘৰত হে গম
পাইছোহি। পিচে, হয়নে আই?
|
| সুচে—
|
কি কথা সুধিছ, অলপ ভাঙি কচোন। ইমাননো
ঠাবে চিয়াৰে সুধিছ কিয়?
|
| নিধি—
|
তেনেকৈ বিস্তাৰি সুধিবলৈকো ভয় লাগে; এতিয়াও
ভয় মাৰ যোৱা নাই আই। ( ভয়েৰে লাহে লাহে ) ৰতন
বাপুক বোলে সন্ন্যাসীয়ে আকোঁ ঘূৰাই আনিলে, হয়নে?
|
| সুচে—
|
হয় বোপাই, ঈশ্বৰে তেওঁ সেইফেৰি দয়া কৰিলে।
|
| নিধি —
|
( ঘপহ কৰে উঠি ) তেন্তে মই বিদায় কৰিলোঁ আই।
|
* সুচেতা আৰু নিধিৰ বয়সৰ অনেক পৰিবৰ্ত্তন হ'ব।
| সুচে—
|
হে'ৰ লৰ মাৰিব খুজিছ কিয় ? বহ, তামোল-চালি খাই যা ।
|
| নিধি—
|
নহয় আই, মই আছোঁ ৷ আপোনাৰ আগত নুলুকাওঁ
মাতৃ, হেজাৰ হওক প্ৰাণটোলৈ মায়া এটা আছে।
|
| সুচে―
|
(হাঁহি ) অ' এইটো কথা। নেযাবি, নেযাবি একো
ভয় নাই। সকলো কথা ওই শুনা নাই হব'লা, সেই
বাবেহে ভয় কৰিছ। শুন মই কওঁ। বহ তই, নকৈছোঁ
একো ভয় নাই ।
|
| নিধি—
|
এতিয়া বাৰু বাপু ঘৰত আছেনে নাই ? আছে যদি
নবহোঁ আই, মোক নধৰিব ।
|
| সুচে—
|
নাই ঘৰত । আশ্রম পাতিছে, তাতহে থাকে। বহ
তই, মই কৈছোঁ নহয় ।
|
| নিধি—
|
ভাল বাৰু । ( বহি ) আশ্ৰমৰ কথা কি কৈছিলে আই ?
|
| সুচে—
|
আশ্ৰমৰ কথা তই শুনা নাইনেকি ? শুন বাৰু তোক
গোটেইখিনি কথা কওঁ। আগৰ কথাবোৰ জানই নহয় ।
|
| নিধি—
|
জানো, জানে৷ আই । সেই কিবা বুলিছেনে সন্ন্যাসীয়ে
বাপুক লৈ গৈ মন্ত্ৰ দিলে – পাচত উঁয়ে মাটি তুলি বাপুক
পুতি পেলালে—মানুহে তাকে দেখি বাপু হানি হ'ল
বুলি ঢক ফুটালে—সেই বেজাৰতে বুঢ়া দেউ আৰু আই
ঢুকাল—সেইখিনি সোপাকে জানো । পিচে এতিয়াৰ
খিনি কওকচোন, এইখিনিহে শুনা নাই ।
|
| সুচে—
|
কওঁ শুন। দেৱেৰ ঘৰৰ পৰা যাবৰ কিমান দিন হ'ল
তোৰ মনত আছে নহয় ?
|
| নিধি—
|
কেলৈ নাই ? কিজেনি দুযুগমান হ'ব পায়। দুযুগ
নহলেও এযুগৰ কম হ'বই নোৱাৰে ।
|
| সুচে—
|
এতিয়া, ইমান দিনৰ পাচত সিদিন। সেই সন্ন্যাসী দুজন
হঠাতে ক'ৰবাৰ পৰা আহি, হাফলু খানি দেৱেৰক
উলিয়াই থৈ আকৌ ক'ৰবালৈ গুচি গ'ল। ( ৰৈ ) কত কথা
ওলাল, কত কথা শুনিলোঁ, তাৰ আদি অন্ত নাই; এতিয়া
দেখিছে৷ মানুহজনৰ গাত পোটোক৷ এটাকে পৰা নাই ।
|
| নিধি —
|
পিচে, বাপুৰ বাৰু আগতকৈ কিবা সলনি হৈছেনে ?
আপুনি দেখিছে নহয় ।
|
| সুচে—
|
অঁ, দেৱেৰ ওলোৱা বুলি শুনি ময়েহে সকলোতকৈ
আগেয়ে গৈছোঁ ; এতিয়াও মাজে মাজে আহি গৈ থাকো ।
তই মিছাতেহে ভয় কৰিছ বোপাই, দেখিলে বুজিবি,
দেৱেৰ আৰু আগৰটো মানুহ হৈ থকা নাই ৷
|
| সুচে—
|
মইনো আৰু তোক মিছা কথা কৈছোঁ বুলিছনে ?
মুঠতে কৈছোঁ দেৱেৰৰ এতিয়াৰ দা-দস্তুৰ দেখি নিজকে
নিজে মই ভাগ্যৱতী বুলিহে ভাবিছোঁ। মোকো দেৱেৰে
আশ্ৰমতে থাকিবলৈ মাতিছে।
|
| নিধি—
|
আপুনি তেনেহলে যাবনেকি তালৈকে ?
|
| সুচে—
|
মই বোপাই একো ঠিক কৰিব পৰা নাই। আজি
দেৱেৰ এবাৰ অহাৰ কথা আছে; আছে যদি কথা বতৰা
হৈ কৰিলে আজিহে কিবা এটা ঠিক কৰিম বুলি ভাবিছোঁ ।
|
|
|
এ, ময়ো আৰু, ভালজনী! কথা ওলালত পাহৰিলোৱেই,
তোক অতপৰলৈকে তামোল এখনকে দিয়া নাই নহয়।
বেয়া নেপাবি বোপাই, মই আনোগৈ । ( উঠে )
|
| নিধি—
|
নেলাগে, নেলাগে দিগ কৰিব আই, এনেয়েই হৈছে ;
তাতে, ময়ো আৰু উঠিবহে খুজিছোঁ।
|
| সুচে-
|
খাই যা তামোল এখন। কিমাননো বেলি হ'ব
তামোল এখন কাটি আনোতে ।
|
( প্রস্থান )
| নিধি—
|
( ৰৈ ) ক’ৰবাত ৰতন বাপু ঘপহ কৰে ওলাইহি বুলি
মোৰ ধাতু নাই, কি তামোল খাবা ! ( ৰৈ ) মোৰ
দেখোন এই কথাবোৰ পতিয়াবৰ মন যোৱা নাই ।
ৰতন বাপু যে সলনি হ'ব,
আগৰ ‘চভাব’ এৰিব, সেইটো
বৰ ‘অপুতঘাট’ কথা। কয়ে নহয় কথাতে বোলে—
চোৰে নেৰে চোৰ পৰকিতি, কুকুৰে নেৰে ছাই, যাৰ
যি পৰকিতি মৰিলেও লগত যায়।—বাপুৰ এইটি
কিবা নতুন ফন্দী যেনহে পাইছোঁ ।
|
| সুচে-
|
( ভিতৰৰ পৰা মুখ উলিয়াই ) এখন্তক বহ বোপাই,
তামোল কেউটা বেয়া
ওলাল ; মই ভাল চাই এটা
বিচাৰি কাটি আনো ।
( ভিতৰ সোমায় )
|
| নিধি—
|
মই আজি নহা হ'লেহে ভাল আছিল । কেলৈ জানো
এবেলালৈ বন্দী হ'বলৈ আহিছিলোঁ ক'ব নোৱাৰো ।
|
[ ৰাম ৰাম কৈ বাল্মীকি সোমাই আহে ]
| বাল্মীকি-
|
আছেনে ঘৰত ? ( মৃদু স্বৰে ৰাম ৰাম কৰি থাকে )
|
| নিধি —
|
হয় আছে। এখন্তক ৰওক, আই আহিব এতিয়া ?
(নিজে নিজে ) এইজন বা কোন, আহিছে বা ক'ৰ পৰা ?
দেখাত অলপ গধুৰ যেনেই দেখিছোঁ দেখোন । হাতখনকে
এবেলি দেখুৱাওনেকি ? ( ৰৈ—গলহে কাহি মাৰি ) পিচে,
সন্ন্যাসী বাবা, ক'ৰ পৰা বা অহা হৈছে ? ঘৰ বা ক'ত ?
|
| বাল্মী—
|
মই এই ওচৰৰ পৰাই আহিছোঁ। ওচৰতে এডুপৰি
আশ্রয় মিলিছে তাতে পৰি থাকোঁ ।
|
| নিধি—
|
পিচে, দোষ নধৰে৷ বুলিলে এটি কথা সোধো।
|
| বাল্মী—
|
দোষ ! ভগবানৰ সৃষ্টিত তেওঁৰ বাহিৰে কোনে দোষ
ধৰিব পাৰে—মই কোন! একো কথা নাই, সোধা
কি সুধিব খুজিছাঁ।
|
| নিধি—
|
( ইতস্ততঃ কৰি ) আপুনি — কিবা বুলিছেনে, আপুনি—
হাত চাব পাৰেনে বাবা ?
|
| বাল্মী –
|
নোৱাৰাঁ,
নোৱাৰোঁ বাচা । ভগৱানে সেইটি গুণ
মোক দিয়া নাই; মই নেজানো।
|
| নিধি—
|
এই, এই ঔষধ-পত্র একা ? তাৰো, তাৰো বা কিবা?
|
| নিধি—
|
হয় বাবা ঔষধ। ( নিজে নিজে ) জানে হ'বলা।
|
| বাল্মী—
|
মই ঔষধো নেজানো। কিন্তু, এটি মন্ত্র আছে।
|
| নিধি —
|
মন্ত্ৰ ? কিহৰ মন্ত্ৰ বাবা ? কিবা বিষ-কোপৰ নে, নাই
সেই নাম কাঢ়িব নোপোৱা দীঘলজনৰ ?
|
| বাল্মী—
|
সেই মন্ত্ৰ সকলোতে খাটে। ভক্তি ভাবে পালন কৰিব
|
|}
[ তামোল লৈ সুচেতাৰ প্ৰবেশ — বাল্মীকিক দেখি ]
| সুচে—
|
কেতিয়া আহিলে আপুনি? মোক মতা নাই কিয়?
|
| বাল্মী—
|
মই অহাৰ এই অলপ সময়হে হৈছে।
|
| নিধি—
|
হয়, এই পাইছেহিহে আই, মোৰ লগতে কথা-বতৰা পাতিছে; —বহিবলৈ কিবা এডুখৰি আনি দিয়ক আই।
|
| চে—
|
বাৰু, মই কিবা এটা আনোগৈ — হো, তই তামোল খা নিধি। ( তামোল দিয়ে )
|
| নিধি—
|
এখেত কোন আই? আগেয়ে দেখা নাই হ’বলা।
|
| সুচে—
|
( হাঁহি ) হে’ৰ তই হ’বলা চিনিবকে পৰা নাই! মই আকৌ পাৰিছহে বুলিছিলোঁ। কেলৈ তহঁতৰ দেৱেৰ নহয়।
|
| নিধি—
|
( ঘপহকৰে উঠি ) বাপু!! এৱেনে!! মই ভালটোৰ হতুৱাই হাত চোৱাব খুজিছিলোঁ ঐ!! ( লৰ মাৰে — সুচেতাই হাঁহে )
|
| বাল্মী—
|
কি হ’ল, কি হ’ল এই মানুহটোৰ! লৰ মাৰিলে কিয়!
|
| সুচে—
|
এ বহুত কথা! ক’ম বাৰু। ভিতৰলৈকে বলক, তাতে সকলো কথা ক’ম। বলক।
|
⸻
৩য় দৃশ্য – মানস সৰোবৰৰ সমীপ ।
[ কবিতাই গীত গাই গাই সোমাই আহে ]
— ( কবিতাৰ গীত ) —
নীল মানস জল কৰে তলমল,
তপন কিৰণ মণি জ্বলে জ্বলমল ।
উৰি আছে মলয়া অগৰুৰ অমিয়া
সুদূৰৰ বন-বেণু লহৰি চপল,
সুৰত নিজৰি জৰে কবিতা কোমল ।
দিশে দিশে কবিতা ৰূপ ৰেখা ললিতা
জলে থলে কবিতাৰ বৰণ বিমল
নয়নে নিৰিখে আজি কবিতা কেৱল ।
[ গীতৰ শেষত সৰস্বতীৰ প্রবেশ ]
| সৰস্বতী-
|
কবিতা, পৃথিবীয়ে কবিতা পোৱাৰ শুভক্ষণ মিলিছে,
তুমি আহাঁ ।
|
| কবিতা—
|
( আনন্দত মাতিব নোৱাৰা হৈ ) দেবী –
|
| সৰস্বতী-
|
সোনকালে আহাঁ, পলম হ'লে সেইক্ষণ উকলি যাব ।
|
| কবিতা –
|
( আনন্দত ) মোৰ প্ৰণাম গ্ৰহণ কৰক দেবী, ব’লক ।
|
⸻
৪র্থ দৃশ্য – বাল্মীকিৰ আশ্ৰমৰ সমীপ।
[ গীত গাই গাই এটা
ব্যাধৰ প্ৰবেশ । ]
– ( ব্যাধৰ গীত ) -
( মোৰ ) কাঁড় যায় পোনে পোনে যাঠি যায়, উৰি
বাঘ ঘোং বড়া পহু মাৰো ধৰি ধৰি ।
বাঘ পালে বিহু কাড়
ঘোঙে পাই মাধ মাৰ
পহু পালে মনে মনে থও জাল তৰি,
বড়াক কাষৰ কাটি মাৰো যাঠি মাৰি ।
বৰ বগ বালীঘোৰা
দেখিলে শৰালি পৰা
বাটলু গুটিৰে ধৰি থও সাং কৰি,
মাৰি আনি ঘৰ পাই খাও পুৰি পুৰি ।
| ব্যাধ—
|
এই সন্ন্যাসীটোৰে কিবা ভেলেকি জানে হব পায়। গোটেই দেশখনৰ চৰাই-চিৰিকতিবোৰ দেখোন আশ্ৰম নে ফাশ্ৰম এইখনৰ ওচৰতহে গোট খালেহি। আজি দুদিন
হাবিয়ে হাবিয়ে ঘূৰি চৰাইৰ নামে অইন নেলাগে টিপচি
এটাকে মাৰিব পৰা নাই।পাৰিবা কেনেকৈ, অইনত
থাকিলেহে মাৰিব পাৰিবা; সন্ন্যাসীয়ে ভেলেকি মাৰি
|
|
|
ইয়াত বান্ধি থৈছেহি। (ৰৈ ) বুজিছো, এতিয়াহে বুজিছোঁ ।
মানুহক দেখুৱাই এওঁ ফল-মূল চোৱাই থাকে, ইফালে
লুকাই লুকাই আমাৰ এওঁ জটীয়া মহাদেৱে চৰাই-
চিৰিকতি একো একোটি মাৰি আনি ভাবে মুহুদি কৰে ।
( ৰৈ ) এই মন্ত্ৰটো জনা হ'লে মোক আৰু কটা কোনে
পায় । গোটেইখন পৃথপীৰ চৰাই-চিৰিকতি, জা-জন্তু
সোপাকে আনি নিজৰ ঘৰত বান্ধি থ'লোহেঁতেন নহয় ।
তাৰে পৰা নিতৌ, মৰিলোহেঁতেন খালোহেঁতেন—খালো-
হেঁতেন মাৰিলোহেঁতেন – আকৌ মাৰিলোহেঁতেন আকৌ
খালোহেঁতেন—মাৰি থাকিলোহেঁতেন খাই থাকিলোহেঁতেন
আ হাঃ হাঃ হাঃ কেনে মৌজ, কেনে মৌজ হ'লহেঁতেন।
(ৰৈ ) কি হ'ব সেইবোৰ ভাবিলে! এতিয়া সৌখিনিতে
চোপ লৈ থাকোগৈ, তেহেলৈ লাগে যেনেকৈয়ে হওক চৰাই
দুটামান আজি মাৰিব লাগিবই লাগিব । ( আগৰ গীতটোৰ
কলি এটা গাই গাই প্রস্থান )
|
পট পৰিবৰ্ত্তন - আশ্ৰমৰ পঞ্চৱচী ।
[ বাল্মীকি আৰু আশ্রমবাসিনীৰ উপযুক্ত সাজেৰে
সুচেতাৰ প্ৰবেশ। ]
| বাল্মীকি-
|
তোমাৰ সকলো সুবিধা হৈছেনে ?
|
| সুচে–
|
হয় হৈছে, মই একো অসুবিধা পোৱা নাই ৷ পিচে,
|
|
|
এতিয়া মই কি কৰিব লাগে তাৰ দিহা দিয়ক ;
এনেকৈয়ে দেখে এই কিদিন মিছাতে গ'ল নহয় ।
|
| বাল্মী—
|
বৰ্ত্তমান কিছুদিন তোমাৰ কৰিবলগীয়া একো নাই ।
আশ্ৰমৰ জীবন আৰু গৃহীৰ জীবনৰ ভিতৰত অনেক
পার্থক্য আছে। প্ৰথমতে সেইবাবে তুমি আশ্ৰমৰ জীৱন-
যাত্ৰাৰ প্ৰণালীত অভ্যস্ত হৈ লোৱা। তাৰ পাচত,
যথা সময়ত তোমাক মন্ত্ৰ দিয়াৰ ব্যৱস্থা কৰিম
|
| সুচে—
|
ভাল বাৰু, এই নিয়মেই মই চলোঁ এতিয়া ।
|
| বাল্মীকি-
|
আৰু শুনা, এই সময়তে—এতিয়াৰ পৰাই, তুমি
নিজৰ চিত্ত সংযত আৰু চিত্ত দমন কৰিবলৈ লাহে
লাহে অভ্যাস কৰা । প্ৰকৃত সাধনাৰ প্ৰথম কথা হৈছে
চিত্ত-সাধনা ৷ চিত্ত জয় কৰিব নোৱাৰিলে সাধনাত
কৃতকাৰ্য্য হ'ব নোৱাৰি।
|
| সুচে—
|
এইবোৰ কথা দেখোন মই আগেয়ে কেতিয়াও শুনা
নাই। এইবোৰৰ মই একোকে নেজানো, কেনেকৈ কৰিম ?
পোনতে আপুনি মোক মোৰটো ধৰাই দিয়ক, তেহে
লাহে লাহে পাৰিমগৈ।
|
| বাল্মীকি-
|
( হাঁহি ) আবশ্যক মতে যি কৰিব লাগে তাৰ
সকলো কথা মই তোমাক কৈ থাকিম। কিন্তু, মোৰ
সহায় নহলেও সময়ত তুমি নিজেই সকলো পাৰিবাঁ।
মোৰ তাৰণকৰ্ত্তাই যেতিয়া তোমাক এই পথৰ নিৰ্দ্দেশ
দিছে, তেৱেঁই হৃদয়ত স্থিতি হৈ তোমাক সকলো কথাৰে
|
|
|
ইঙ্গিত দি থাকিব। ( ৰৈ) তুমি বাৰু এতিয়া যোৱাঁ কাইলৈ
উষা উপাসনাৰ পাচত মোক এবাৰ সাক্ষাত কৰিবাঁ ।
তেতিয়া, আৰু কিছু কথাৰ বিষয়ে মই তোমাক উপদেশ দিম।
|
| সুচে—
|
ভাল বাৰু । মই তেনে এতিয়া যাওঁ । ( প্রস্থান )
|
| বাল্মী -
|
(চাৰিও ফালে চাই লাহে লাহে ভাবাবেশত )
হে মোৰ ইষ্ট দেৱতা, তোমাৰ বিচিত্ৰ লীলাৰ মৰ্ম্ম এই
অভাজনে কেনেকৈ বুজিব প্রভু। কেনেকৈ বুজিব, কি
ৰহস্যেৰে আবৃত কৰি বাল্মীকিক কিয় তুমি এক নতুন পথেৰে
পৰিচালিত কৰিছা। — ব্ৰাহ্মণৰ সন্তান হৈয়ো আছিলো
এক নিষ্ঠুৰ নৰ-ঘাটক, দয়াহীন মায়াহীন দুর্দান্ত দস্যু।
সেই মহাপাতকীৰ নয়নত এক অপূর্ব্ব আলোক সম্পাত
কৰি, হৃদয়ত এক অভিনব নবীন ঝঙ্কাৰ তুলি, কোৱাঁ
প্রভু, কোনফালে, কোন অজানিত লক্ষব গতি পথেৰে
এই দাসক ধীৰে ধীৰে লৈ গৈছা। কোৱাঁ, কোৱাঁ প্ৰভু,
কোৱাঁ মোক ! হে মোৰ নয়ন-ৰঞ্জন, হে মোৰ হৃদয়
বিনোদ, জানা তুমি এই সেৱকৰ সকলো তোমাৰ চৰণতে
অর্পিত হৈ আছে—ৱাল্মীকি তোমাৰেই । তোমাৰে
উদ্দেশ্য পূৰণ কৰি, হে মোৰ জীৱন সৰ্ববস্ব, লৈ যোৱাঁ—
লৈ যোৱাঁ, তোমাৰ ৰাজীব চৰণৰ ফালে এই দীন
সেৱকক লৈ যোৱা মোৰ কৰুণাময়।
|
[ বাল্মীকি তন্ময় হৈ ৰৈ থাকে আৰু এনেতে কাঁড়-
মৰা ক্রৌঞ্চ চৰাই এটা তেওঁৰ আগত পৰেহি। ]
| বাল্মী—
|
( তাকে দেখি, চৰাইটোৰ ওচৰলৈ গৈ অতি বেজাৰেৰে )
হায় হায়, কোন—কোন নিষ্ঠুৰে এই পখীটিক এনে
নির্দ্দয় ভাবে বধ কৰিলে ! কাৰ হৃদয় এনে দয়াহীন,
মমতাহীন! হায় হায় !
|
[ ব্যাধৰ প্রবেশ । ]
| ব্যাধ—
|
সেইটে। চৰাই মই মাৰিছোঁ, চাওঁ মোক দিয়া। ( বাল্মীকি
শোকত অভিভূত হৈ থাকে; একোকে ক'ব নোৱাৰে । )
বোলোঁ, শুনিছানে, চৰাইটো দিয়া, সেইটে৷ মই মৰা চৰাই৷
|
| বাল্মী―
|
(চকু তুলি ব্যাধৰ ফালে চায় আৰু অলৰ দৃষ্টিৰে
অলপ সময় চাই থাকি, সেই অভিভূত অৱস্থাতে লাহে
লাহে থিয় হৈ হাত ডাঙি)
|
— মা নিষাদ প্রতিষ্ঠাং ত্বমগম শাশ্বতী সমাঃ
যৎ ক্রৌঞ্চমিথুনাদে কমবধিঃ কামমোহিতম্ ॥
হে’ৰ ব্যাধ, হে'ৰ ব্যাধ, কি কাৰ্য্য কৰিলি,
কামত মোহিত হই
থাকোতে বিভোলে ৰই
দুটি ক্রৌঞ্চ, তাৰে কিয় এটিক বধিলি !
শুন হে’ৰ, শুন ব্যাধ, নিষ্ঠুৰ নিৰ্দ্দয়,
অভগন যশ-কীৰ্ত্তি
নাম নতু গুণ স্মৃতি
জগতত তোৰ একো নৰ'ব নিশ্চয় ৷৷
|
|
(হঠাতে চেতনা পোৱা দৰে ) ই কি ! হঠাতে কি
ক'লোঁ, কি ক'লোঁ মই ? মোৰ মুখৰ পৰা ই কি ধৰণৰ
বচন ওলাল! এনে মনোহৰ শব্দ, এনে সুন্দৰ বাক্য
যোজনা, এনে সুললিত বচন ভঙ্গিমা কেনেকৈ ক'ব
পাৰিলোঁ, কেনেকৈ সম্ভব হ'ল ! মই একো বুজিব পৰা
নাই। কোনে, কোনে মোক কৈ দিব ? ( ভাবে )
বুজিছোঁ, বুজিছোঁ, মোৰ ইষ্টদেবতাৰে ইয়ো কিবা এক
নতুন লীলা ।
হে মোৰ চিৰ-আৰাধ্যজন, কোৱাঁ, কোৱাঁ,
এই অপূৰ্ব্ব বচনেৰে কি ইঙ্গিত কৰিছাঁ, কোৱা প্ৰভু,
কোৱাঁ মোক ৷
|
|
|
[ এই বচন কৈ কৈ বাল্মীকি লাহে লাহে আঁতৰি
যায়। ব্যাধে প্রথমতে ভয়ত কুচি-মুচি থাকি বাল্মীকি
আঁতৰা দেখিয়েই সাউৎকৰে চৰাইটো লৈ প্ৰস্থান কৰে,
আৰু অলপ পাচত সুচেতাৰ প্ৰবেশ। ]
|
| সুচেতা—
|
সেই সন্ন্যাসী দুজন অহা দেখিছোঁ, আহিলে ক’ত বহিবলৈ দিম ?
|
| বাল্মী—
|
আহিছে ? আহিছেনে ? মোৰ গুৰুদেৱ আহিছে !
ইয়াতে আসন দিয়া। গুৰুদেব, গুৰুদেৱ — (বেগেৰে প্ৰস্থান)
|
| সুচেতা—
|
কি হ'ল ? এনেকৈ গুচি গ'ল কিয় ? আজিকালি
এওঁৰ দেখোন একো একোবোৰ কথা মই বুজিবই
নোৱাৰোঁ, কিবা সাঁথৰ সাঁথৰ যেন লাগে। যাওঁ, আসন
কিখন আনি পাৰি দিওঁহি ৷ ( প্রস্থান )
|
[ গীত গাই গাই কবিতাৰ প্ৰবেশ। ]
– ( কবিতাৰ গীত ) -
(আজি) মোৰ মন-মালঞ্চত
ফুলিলে ফুলৰ কলি আহিলে ৰঙেৰে অলি
গুণু গুণু গুণু বুলি গায় হৰিৰ্ষত ।
চঞ্চল মেঘমালা নিলিমা শুবায়,
অন্তৰ কঁপে মোৰ মধুৰ আশাই—
ছায়া মায়া আলোকৰ
সোণোৱালী সপোনৰ
কিনো গীতি মনোহৰ বাজিলে বীণত,
(আজি) কবিতা কবিতাময় নিখিল জগত ।
[ গীত গাই গাইয়ে কবিতা প্রস্থান কৰে ।
পাচত আসন লৈ সুচেতা প্ৰৱেশ কৰি আসন পাৰি দি
পুনৰ প্ৰস্থান কৰে । সুচেতা যোৱাৰ লগে লগেই কথা
পাতি পাতি ব্ৰহ্মা, নাৰদ আৰু বাল্মীকিৰ প্ৰবেশ, আৰু,
কথাৰ লগে লগে আসন গ্রহণ কৰে । ]</poem>}}
| ব্ৰহ্মা –
|
( হাঁহি) 'কিন্তু' নহয় বাল্মীকি, সেয়ে কবিতা ।
|
| বাল্মী—
|
কবিতা ! কি ক'লে গুৰুদেব, কবিতা ? সেই কথা
|
|
|
কেনেকৈ সম্ভব হ'ব ! - মূর্খ গই, কেনেকৈ মই কবিতা
ৰচনা কৰিম ! মোক পৰিহাস নকৰিব গুৰুদেব।
|
| ব্ৰহ্মা—
|
পৰিহাস নহয় ঋষি, সত্য কথা। শুন্য বাল্মীকি,
তোমাৰ অতীত, বৰ্ত্তমান আৰু ভবিষ্যত ভিনিউটি পৃথক
পৃথক ;
এটিৰো আনটিৰ লগত সাদৃশ্য নাই। নিজে
তুমি নুবুজিব পাৰা, তথাপি, তুমি যি বাক্য উচ্চাৰণ
কৰিলা, সি কবিতা আৰু সেয়ে পৃথিবীৰ প্ৰথম কবিতা ।
পৃথিবীৰ আদি কাব্যকাৰ হে বাল্মীকি, আমাৰ সাধুবাদ
গ্ৰহণ কৰা ।
|
| নাৰদ—
|
আমাৰ আশীবাদে৷ গ্ৰহণ কৰিবাঁ কবি।
|
| বাল্মী—
|
গুৰুদেব, গুৰুদেব, আপোনাসকলৰ কৰুণাৰ ঋণ কেনেকৈ পৰিশোধ কৰিম !
|
| ব্ৰহ্মা—
|
সেই কথা থাওক বাক বাল্মীকি। আমি যে সিদিনা
কৈছিলোঁ সেই বিষয়ে কি স্থিৰ কৰিলা তুমি ?
|
| বাল্মী—
|
স্থিৰ কৰিবলৈ আৰু তাত কি আছে গুৰুদেব। সেই
কাৰ্য্য মোৰ ক্ষমতাৰ অতীত; মই কেনেকৈ কৰিম ?
|
| ব্ৰহ্মা —
|
তুমি পাৰিবা, পাৰিবা বাল্মীকি। তোমাৰ শক্তিৰ
পৰিমাণ আমি জানো বাবেহে তোমাক সেই অনুৰোধ
কৰিছোঁ। তুমি কাৰ্য্যত প্ৰবৃত্ত হোৱাঁ, সাধনাৰ পুণ্য
প্রভাই তোমাৰ সকলো কাৰ্য্য জয়যুক্ত কৰিব
|
| বাল্মী—
|
গুৰুদেব, আপোনাসকলৰ আদেশ এই দাসৰ সদায়
শিৰোধাৰ্য্য। কিন্তু, মহামূর্খ মই ; ব্ৰহ্মাক্ষৰৰ পৰিচয়
|
|
|
হীনজনে কেনেকৈ মোৰ তাৰক ৰামৰ চৰিত্ৰাৱলী ছন্দবদ্ধ
ভাষাৰে এই জগতত প্ৰচাৰ কৰিব ! ৰামায়ণ গ্ৰন্থ ৰচনা
কৰা এই দীনৰ পক্ষে সম্ভব নহ'ব প্ৰভু ।
|
| ব্রহ্মা –
|
বাল্মীকি, তুমি কবি, কবিতা তোমাৰ আয়ত্বৰ
ভিতৰত। তুমি পাবিবা, নিশ্চয় পাৰিবা ।
|
| ব্রহ্মা—
|
শুন। বাল্মীকি, কার্যত তুমি ব্ৰতী হোৱা, সা-কাৰা
বিদ্যাই তোমাক পুত্রবৎ স্নেহ কৰিব আৰু, বিবিধ ছন্দ
তোমাৰ ইচ্ছানুৱৰ্ত্তী হ'ব। তোমাৰ সকলো সম্ভব হ'ব ;
ই সয়ম্ভূৰ অমোঘ বাণী ।
|
| বাল্মী -
|
( নিজে নিজে ) কি ? সয়ম্ভূৰ অমোঘ বাণী ? তেন্তে
এওঁলোক, এওঁলোকেই – ( ফুটাই ) প্ৰভু প্রভু, দাসৰ
প্রতি যদি ইমান কৰুণা, কওক আপোনালোক কোন,
পৰিচয় দিয়ক।
|
| ব্ৰহ্মা—
|
( হাঁহি ) আমি সন্ন্যাসী; আমাৰ আৰু কি পৰিচয় আছে বাল্মীকি।
|
| বাল্মী
|
নহয় প্রভু, নহয়, মই অনুমান কৰিব পাৰিছোঁ
আপোনালোক সন্ন্যাসী নহয় । মোক ছলনা নকৰিব,
দয়া কৰি পৰিচয় দিয়ক ।
|
| ব্ৰহ্মা—
|
আমাৰ কথাত প্রত্যয় কৰা বাল্মীকি । তুমি সন্দেহ
নকৰিবাঁ, আমি যথার্থতে সন্ন্যাসী –সামান্য সন্ন্যাসী।
|
| বাল্মী-
|
আপোনালোক সামান্য সন্ন্যাসী নহয়, মই বুজিব
|
|
|
পাৰিছোঁ। সামান্য সন্ন্যাসীৰ নয়নত এনে স্বর্গীয় দীপ্তি,
দেহত এনে দিব্য কান্তি, বচনত এনে পবিত্ৰ প্ৰেৰণা
আৰু সান্নিধ্যত এনে বিনন্দ অনুভূতি থাকিব নোৱাৰে
প্রভু। দাসক কৃপা কৰক ।
|
| ব্রহ্মা—
|
সন্ন্যাসীত বাজে ৱৰ্ত্তমান আমাৰ আৰু অন্য পৰিচয় নাই বাল্মীকি।
|
| ৱাল্মী—
|
( ৰৈ ) মোৰ অপৰাধ নল'ব প্ৰভু । যদি আপোনালোকে দয়া নকৰে, তেন্তে ঋষিত্ব, কবিত্ব আৰু বাল্মীকিৰ
অস্তিত্ব সকলো পুনৰ আপোনাসকলৰ চৰণতে নিবেদন
কৰিলোঁ। গুৰু-পৰিচয়হীন ৰত্নাকৰৰ বিমল বিভুতিৰো
প্রয়োজন নাই।
|
| ব্ৰহ্মা—
|
বুজিছোঁ পুত্ৰ । শুনা বাল্মীকি, শ্ৰীৰামৰ আগন্তুক অৱতাৰৰ কাৰণে ধৰণীক পুণ্যৱতী কৰি তুলিবৰ
আয়োজন কৰিবলৈ আমি মহেশ্বৰৰ পৰা আদেশ
পাইছিলোঁ৷ তেওঁৰে বাক্য, যে এই কাৰ্য্যৰ কাৰণে
তুমিয়েই অতি উপযুক্ত পাত্র। সেই বাবেই তোমাক
ৰাম-নাম প্রভাবেৰে অভিষিক্ত কৰি, সেই কাৰ্য্যত
ব্ৰতী কৰাবৰ উদ্দেশ্যেই তোমাৰ ওচৰলৈ আমাৰ
আগমন। তুমি এতিয়া সকলো প্ৰকাৰে দীপ্ত ; মহেশ্বৰৰ
অভিপ্ৰায় অনুযায়ী এতিয়া কাৰ্য্যত অগ্ৰসৰ হোৱাঁ।
|
| বাল্মী-
|
কিন্তু আপোনালোকৰ পৰিচয় —?
|
| ব্ৰহ্মা—
|
আমাৰ পৰিচয় ? শুনা বাল্মীকি, এওঁ মোৰ পুত্ৰ
নাৰদ, আৰু মই শ্ৰীহৰিৰ দাসানুদাস ব্ৰহ্মা ।
|
| বাল্মী—
|
প্রভু—প্রভু—প্রভু– ( দণ্ডবৎ কৰে )
|
| নাৰদ —
|
বাল্মীকি,
ৰামায়ণৰ মূল-সূত্র শ্রবণ কৰা—
দশৰথ তনয় শ্ৰীৰামচন্দ্ৰ — ৰামানুজ ভৰত লক্ষ্মণ শত্রুঘ্ন—
বাম বল্লভা, বিচিত্র ভাগ্যৱতী, জনক নন্দিনী সীতা—
লঙ্কাপতি ৰাৱণ — অযোধ্যাপুৰী আৰু পঞ্চৱটী বন—।
বাল্মীকি তুমি প্রতিষ্ঠা লাভ কৰা ।
|
| ব্রহ্মা —
|
তথাস্তু । ( দুয়ো অন্তৰ্ধান হয় )
|
| বাল্মী—
|
প্রভু প্রভু, দেখা দিয়া প্রভু।
দৃষ্টিৰ অন্তৰাল নহৱা। দেখা দিয়া, দেখা দিয়া প্ৰভু ।
|
[ সুমধুৰ সঙ্গীতৰ ধ্বনি হয় ]
| বাল্মী―
|
( শুনি চাৰিউ ফালে আচৰিত হৈ চাই) ক'ৰ পৰা
এনে সুমধুৰ সঙ্গীত-ধ্বনি আহি প্ৰাণ-মন এক সুৰময়
মধুময় প্রাণময় কল্পনা ৰাজ্যলৈ টানি নিছে। ই কি ?
বাস্তব নে কল্পনা, নাই কিবা এক মধুৰ মায়াৰ খেলা ?
|
[ সৰস্বতীৰ আবির্ভাব হয়। ]
| বাল্মীকি-
|
হে শত-পঙ্কজ-ৰাগ- ৰঞ্জিত-চৰণা, হে সত্ত্ব-শুদ্ধ-জ্ঞান-
ৰূপ শুক্লবাস বিভুসিনী, হে বোধ-বিদ্যা-বুদ্ধি-স্বৰূপ কাস্তি-
ধাৰিণী, 'এই দীনৰ প্ৰণতি গ্ৰহণ কৰা। সন্তানক পৰিচয়
দিয়া জননী ।
|
| সৰ—
|
হে পুত্ৰ, তোমাৰ জননী বাক্-বিদ্যাৰ অধিষ্ঠাত্ৰী দেবী; বীণাপাণি মই। মোৰ আশীৰ্বাদ গ্ৰহণ কৰা আৰু তুমি কাৰ্য্যত ব্ৰতী হোৱাঁ পুত্ৰ।
|
[ সৰস্বতী অন্তৰ্ধান হয় আৰু ক্ৰমে সঙ্গীত মাৰ যায় ]
| বাল্মীকি—
|
হে মোৰ জননী, জ্যোৰ্তিময় জ্ঞানলোকৰ পৰাই পুনৰ মোৰ প্ৰণতি গ্ৰহণ কৰা। হে বিবিধ–বিদ্যাবিধায়িনী, হে মাতৃ, সন্তানক শক্তি দিয়া। (ৰৈ ) ওঁ–
|
ওঁ তৎসৎ শ্ৰীৰামচন্দ্ৰায় নমঃ॥
ৰামং লক্ষণ-পূৰ্ব্বজং ৰঘুবৰং সীতাপতি সুন্দৰং
কাকুৎস্থং কৰুণাময়ং গুণনিধিং বিপ্ৰপ্ৰিয়ং ধাৰ্ম্মিকং
ৰাজেন্দ্ৰং সত্যসন্ধ্যং দশৰথ-তনয়ং শ্যামলং শান্তমূৰ্ত্তিং
বন্দে লোকাভিৰামং ৰঘুকুলতিলকং ৰাঘবং ৰাৱণাৰিম্।
X X X X
X X X X
যবনিকা।