সমললৈ যাওক

ৰঙ্গিলী/সামৰণি

ৱিকিউৎসৰ পৰা

সামৰণি
:*:

 পাঠক! আজি ভালেমান বছৰ হল বৃন্দাবনৰপৰা তীৰ্থ কৰি অহা এজন বুঢ়া ভগীয়া অসমীয়া বৈষ্ণৱৰ মুখে শুনিছিলো বৃন্দাবনত হেনো প্ৰায় চাৰিকুৰি বছৰীয়া এজন অসমীয়া বৈষ্ণবী আছে। যেই সেই মানুহে হেনো হঠাতে সেই বৈষ্ণবীজনীক লগ নাপায়। তেওঁ আগৰ কৰ মানুহ, কি কথা, কি বতৰা একোকে নকয়। তেওঁ চাৰিকুৰি বছৰ বয়সীয়া হলেও দেখাত হেনো তেওঁক দুকুৰি বছৰীয়া এজনা তেজঃপুঞ্জ কলেবৰৰ মাইকী যেনহে দেখি। তেওঁ বৃন্দাবনত এক নিভুত কুঞ্জৰ মাজত এটি হেনো কুটীৰ নিৰ্ম্মান কৰি আছিল। কিন্তু তেওঁ হেনো সদায় সেই কুটীৰতো নেথাকিছিল। বৃন্দাবনলৈ যোৱা আতুৰত পৰা যাত্ৰীক হেনো বেমাৰ-আজাৰে সেই বৈষবীজনাই শুশ্ৰূষা কৰি ফুৰিছিল। নিতৌ মদনমোহনৰ মন্দিৰলৈ আহিছিল, তাত প্ৰায় দুপৰমান বেলিলৈকে চকু মুদি নিবিষ্ট মনেৰে ধ্যানত থাকিছিল। খোৱাৰ বিষয়ত নিজে কেতিয়াও চাউল সিজাই নেখাইছিল; মনমোহনৰ ভোগৰ যি পাইছিল তাকে মাজে মাজে খাই প্ৰাণ ধাৰণ কৰিছিল। আনকি অনেক সময়ত তেওঁ নিৰালম্ব ব্ৰতেৰে অনাহাৰেও আছিল। তেওঁ নিজৰ কুটীৰতো এটি সুন্দৰ কৃষ্ণমূৰ্ত্তি সাজি তাতে প্ৰায় সততে ধ্যানাবিষ্ট হৈ ৰৈছিল। মানুহ-দুনুহ গলেও কথা-বতৰা নাপাতিছিল, কিন্তু অতুৰত পৰি কোনোবা তেওঁৰ কাষলৈ গলেই তেওঁৰ তৎক্ষনাৎ ধ্যান ভাঙিছিল আৰু তেওঁ সেই আতুৰক যথাসম্ভৱ শুশ্ৰূষা কৰিছিল। ৰোগীৰ ৰোগ চিকিৎসা কৰি ৰোৰ্গীক ভাল কৰিছিল। অনেকেই হেনো বৃন্দাবনত এ বৈষ্ণৱীজনাক প্ৰেমময়ী বাবাৰ অৱতাৰ যেন ভাবি ভক্তিও কৰিছিল। বৃন্দাবনৰ পাণ্ডাসকলে আন কি দূৰ-দূৰান্তৰপৰা বৃন্দাবনলৈ অহা ডাঙৰ ডাঙৰ যোগী ঋষিসকলেও এওঁক শ্ৰদ্ধাভক্তি কৰিছিল। আমাৰ অসমীয়া তীৰ্থযাত্ৰী বৈষ্ণৱজনে হেনো এই মহাবৈষ্ণবীৰ গুণ আৰু কথা শুনি বিচবি বিচাৰি এওঁৰ কুটীৰলৈ গৈছিল আৰু নিজকে অসমীয়া বুলি কৈ হেনো বৈষ্ণবী মাতৃৰে সৈতে কথা-বতৰা পাতিছিল। বৈষ্ণবজনাই হেনো মানৰ প্ৰথম আক্ৰমণ আৰু সন্ধি হবৰেপৰা অসমত কি কি ঘটনা হৈছিল সমস্ত সুধি পুচি লৈছিল। শেহত হেনো বৈষ্ণৱজনৰ কাতৰ উক্তি এৰাব নোৱাৰি তেওঁ পৰিচয় দিছিল যে তেওঁ আগৰ অসমীয়া মানুহেই। তেওঁৰ সব ৰংপুৰত********** তেওঁৰ হেনো পিতৃ-মাতৃয়ে দিয়া****************************** হেনো সুধিছিল—“মা**************************************** এইদৰে কেলেই**************************************** অসমত মোৰ****************************************