ৰঙ্গিলী/চতুচত্বাবিংশ অধ্যায়
চতুচত্বাবিংশ অধ্যায়
ৰঙ্গিলী
নামৰূপত মানৰ ৰণত আহত হোৱা অসমীয়া সৈন্যক শুশ্ৰূষা কৰিবলৈ, ৰণৰ গতিবিধি চাবলৈ, ৰঙ্গিলীকে প্ৰমুখ্য কৰি প্ৰায় দুকুৰি আঢ়ৈ কুৰিজনী গাভৰু আৰু চাওডাং মানুহ গৈছিল। ৰণ হৈ যোৱাৰ পিছত মানহঁত আগবাঢ়ি ৰংপুৰৰ ফাললৈ যোৱাত গাৱত লুকাই থকা এইবিলাক ডেকা-গাভৰুৱে নিশা পূৰ্ণিমাৰ জোনৰ পোহৰত আহত হোৱা অসমীয়া ৰনুৱাবিলাকক চাই ফুৰিছিল। ৰঙ্গিলীয়ে চাই ফুৰোতে ফুৰোত সৎৰামৰ শৱটো দেখিলে। চিনি পালে। সেই মুহুৰ্ত্তেই এইজনী, প্ৰেমৰ পুতলীয়ে পাৰেমানে কান্দিলে। বাপেকৰো মৃত শৱটো দেখিলে। এইবিলাক দেখি তেওঁৰ মনটো সংসাৰলৈ একেবাৰে উদাশ হল। যদিও শোকত বিহ্বলা তথাপিও অলপ আঁতৰত শৰ মাজৰপৰা ৰঙ্গিলীয়ে এজন সৈন্যৰ “কোন কত আছ। এটুপি পানী দিয়া, এটুপি পানী দিয়া” এনেকুৱা এটা কৰুণ কাতৰ মাত শুনি সেই ফাললৈ গল। ওচৰ পাই দেখে যে সেইজনা তেওঁৰ চিনাকি একে গাৱঁৰে, তাইব লগৰীয়া শান্তিৰাম। ৰঙ্গিলীয়ে লোটাৰপৰা শান্তিৰামৰ মুখত পানী এটুপি দিলে। শান্তিৰামে সেই পানী ঢোক গিলি অলপ সৰ্থি কলে :--“উঃ ৰাম?” ইয়াৰ পিছতে ৰঙ্গিলীৰ আৰু এফেৰা শুশ্ৰূষা আৰু যত্নত শান্তিৰাম উঠি বহিল। ৰঙ্গিলীয়ে দেখিলে যে শান্তিৰামৰ সোঁ কাষলতিৰ তলত এপাত কাঁড় লাগি আছে। ৰঙ্গিলীয়ে তৎক্ষনাৎ আন আন চাওডাংবিলাকক মাতি আনি শান্তিৰামক আৰু আন আন কেজনমান আহত সৈন্যক আলফুল কৰি দাঙি গাঁৱলৈ নিয়ালে। তালৈ নি আহতসকলক অলপ অলপ ফটিকা, আৰু কুকুৰাৰ কণী খুৱাই সবল কৰি লৈ সিহঁতৰ ক্ষত ঠাইবিলাকত দৰব-জাতি লগালে। শান্তিৰামৰ কাঁড়পাত বৰ যতনেৰে কাঢ়ি উলিয়ালে। তেজ বৰকৈ ববলৈ নৌ পাওঁতেই তৎক্ষণাৎ বটা বন-দৰব বান্ধি তেজ ৰাখিলে। ৰঙ্গিলী আৰু আন আন গাভৰুসকলৰ যতনত প্ৰায়বিলাকেই আৰোগ্য হল। শান্তিৰামে প্ৰায় কুৰি দিনমানৰ মূৰত উঠি-মেলি ফুৰিব পৰা হলত ৰংপুৰৰ ফালে গল। তাত বৰফুকনক দেখা কৰি পদুমীৰ কথা সুধিলে। সত্য কথা কোৱাৰ ধনুৰ্দ্ধৰ বৰফুকনে শান্তিৰামক কলে যে পদুমী মৰিছে। যদিও বৰফুকনে এই বুজনি দিলে তথাপি শান্তিৰাৰ মনে কলে “পদুমী মৰা নাই।” শান্তিৰামে গাঁৱলৈ গৈ দেখিলে গাওঁ প্ৰায় শূন্য। নিজৰ ঘৰলৈ গৈ দেখিলে তাতে নিজৰ শূন্য ঘৰ পৰি আছে। বাপেকৰ বিষয়ে আৰ-তাৰ মুখে শুনিলে তেওঁ হেনো আউনিআটী সত্ৰৰ ওচৰতে মাজুলীত আছেগৈ। শান্তিৰামে বাপেকক দেখা কৰিবলৈ কোনোৰকমে ব্ৰহ্মপুত্ৰ পাৰ হৈ আউনীআটী পালেগৈ। তাত গৈ শুনিলে যে তেওঁৰ পিতৃ জহনি বেমাৰত, আজি দুমাহ হৈছে, পৰলোকলৈ গৈছে। মাহীয়েকক দেখিলে যে মাহীয়েক স্বামী শোকত সিমান কাতৰ নহৈ তেওঁৰ স্বামীৰ বন্ধু দুই চাৰিজন উদাসীন ভকতৰ যত্নত ধান-চাউল, কাপোৰ-কানি পাই অন্নবস্তুৰ দুখ নোহোৱাকৈ খাই-বই আছে। সংসাৰত চাৰিউপিনে শূন্য দেখি “দেশ এৰি যতে পাওঁ ততে মৰোগৈ” বুলি শান্তিৰামে উত্তৰ পাৰে পাৰে নাৰায়ণপুৰৰ বাটেদি খুজি-মাগি খাই বৰপেটা পালেগৈ। তাত মহাপুৰুষ গুৰুৰ ধৰ্ম্মত শৰণ লৈ বৃন্দাবনলৈ বুলি ধীৰে ধীৰে খোজ লওঁতে বৰনগৰ পাই সেই কালৰ সেই অঞ্চলৰ বুজৰবৰুৱা চণ্ডীবৰ বৰুৱাক দেখা কৰিলে। চণ্ডী বৰুৱাই শান্তিৰামৰ বুদ্ধি ব্যৱহাৰ আৰু গীত গাব পৰা শক্তি মোহিত হৈ তেওঁক বৃন্দাবনলৈ কিছু কালৰ নিমিত্তে যাবলৈ নিদি নিজৰ লগতে বৰ আদৰ-যত্ন কৰি ৰাখিলে। শান্তিৰামেও প্ৰায় পাচ বছৰ কাল চণ্ডীবৰুৱাৰ আশ্ৰয়ত সুখেৰে কটালে। এনেতে মান শেহ বাৰ আহি বৰনগৰ আৰু চণ্ডীবৰুৱাক কি কৰিলে, শান্তিৰামৰ কি পৰিণাম হল এই সমস্ত পাঠক-পাঠিকাসকলে আমাৰ মনোমতী উপন্যাসত পাব।
কিন্তু ইফালে ৰঙ্গিলীৰ কি হল? পাঠক! শান্তিৰাম ভাল হৈ গুচি যোৱাৰ প্ৰায় এসপ্তাহ মানৰ মূৰত যেতিয়া প্ৰায় সকলোবিলাক আহত হোৱা অসমীয়া মানুহে আৰোগ্য লভিলে⸺তেতিয়া ৰঙ্গিলীৰ পতিপ্ৰাণা মাতৃও সেই গাৱঁতে বৈকুণ্ঠী হোৱাৰ পিছত ৰঙ্গিলী গাভৰু যে কলৈ গল⸺কি কৰিলে কেৱে কব নোৱাৰিলে।