ৰঙ্গিলী/একচত্বাবিংশৎ অধ্যায়
একচত্বাবিংশৎ অধ্যায়
⸻:ᐤ:⸻
মানৰ ৰণ
বুঢ়াগোহাঁয়ে ভূতৰ পুতেকৰ খবৰ দমন কৰি ভাবিছিল তেওঁ নিষ্কণ্টক হল। কিন্তু মহেশ্বৰ পৰ্ব্বতীয়া ফুকনে বদনক নাপাই এনেয়ে উলটি অহা দেখি অলপ শঙ্কিতো হৈছিল। যদিও তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ দিনৰেপৰা বৰ পৰিশ্ৰম কৰি আৰু এতিয়া ভূতৰ পুতেক সত্ৰাৰ খবৰ দমন কৰি ভৰি আছিল, আৰু তাৰ বাবে গা অলপ অসুস্থও আছিল, তথাপি তেওঁ কৰ্তব্যৰ অনুৰোধত শৃঙ্খলা আৰু শান্তিস্থাপন কৰিবলৈ আহো-পুৰুষাৰ্থ কৰিছিল। তেওঁ সপোনতে ভবা নাছিল যে বদনে ইমান ঘূৰি-পকি আজি আঠ মাহৰ মূৰত আকৌ এটা ধুমুহা সৃজন কৰিব। তেওঁ যেতিয়া শুনিলো যে বদন বৰফুকনে অসংখ্য মান সৈন্য লৈ নামৰূপ পালেহি, তেতিয়া তেওঁৰ মূৰত আকাশ ভাগি চৰগ পৰাৰ দৰে হল। মান অহা বাতৰি পাই তেওঁ লৰালৰিকৈ তেওঁৰ হাউলিৰ চাৰিওফালে এটা কোঠ মৰালে আৰু সেই কোঠৰ ভিতৰত তেওঁৰ ফৈদৰ লৰা তিৰোতা প্ৰায় সকলেটিকে সুমাই ললে। তোলন কাকতিৰ পৰিবাৰ আদিকো তাতে স্থান দিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ নিবিঘ্নে নিজৰ কাৰেঙতে সোমাই ৰল। লৰা-তিৰোতা এইদৰে থৈ বুঢ়াগোহাঁয়ে পুতেকসকলৰ সহায়ত ওচৰ-সামৰৰ যিমান ডেকা আৰু আদহীয়া বয়সৰ মানুহ পালে সেই সকলোকে গোটালে। সেইসকলৰ ভিতৰত তোলন কাকতী, জয়ৰাম, মনাই, নৰহৰি ইত্যাদি আমাৰ জনাজাত সকলোটি আছিল। সিফালে ৰঙ্গিলীকে আদি কৰি প্ৰায় ডেৰকুৰি দুকুৰি গাভৰুও যুজত আহত হোৱা সকলক পতিপাল কৰিবলৈ দলবদ্ধ হল। বুঢ়াগোহাঁয়ে এই অলপ সময়ৰ ভিতৰতে এইদৰে চাৰি জোৰ মাথোন ৰণুৱা গোটাই সেইসকলৰ ওপৰত তেওঁৰ বৰপুত্ৰ ৰুচিনাথ গোহাইদেউক সেনাপতি পাতি মানেৰে সৈতে নাম ৰূপতে যুজ দিবলৈ পঠিয়াই দি ইফালে আৰু সৈন্য গোটোৱাৰ চেষ্টাত ৰল। উত্তৰ ফালৰ গাওঁবিলাকলৈ যিমান পাৰে মানুহ গোটাবলৈ চাওদাং পঠিয়ালে।
সিফালে মানৰ দলত বদন বৰফুকন আৰু মান সেনাপতি মিঙ্গিমাহা তিলোৱাই সৈন্য চলাইছিল। সৎৰাম আৰু শান্তিৰামে তেওঁলোকক সহায় কৰিছিল। নামৰূপ আৰু ৰংপুৰৰ মাজতে তয়া-ময়া ৰণ লাগিল। ৰুচিনাথ গোহাঁইদেউৰ সৈন্য যদিও মান সৈন্যৰ তুলনাত নিচেই তাকৰ (তেওঁৰ ৪০০০ মানৰ ১৮০০০) তথাপি গোহাঁইদেৱে প্ৰবল পৰাক্ৰমৰে এদিন যুজিলে। গোহাঁইদেৱে নিজে ঘোৰাৰ ওপৰত উঠি মুকলি তৰোৱাল হাতত লৈ যিমান পাৰে মান সেনা বধিলে। তেওঁ অতি পুৰুষাৰ্থ কৰি কোনো ৰকমে এটা বৰটোপ টনাই নিয়াইছিল। সেইটোৰ দ্বাৰাই আহোম হিলৈদাৰীসকলে ভালেমান মান সৈন্য বধিলে। কিন্তু লৰালৰিকৈ আনিবলগীয়া হোৱাত আৰু আগৰেপৰা সাজু হৈ থাকিব নোৱাৰা বাবে হিলৈৰ খাৰ ঢুকাল। পাঁচ, ছয় জাই মৰাৰ পিছতেই হিলৈ বন্ধ হল। দুয়ো দলৰে প্ৰধান অস্ত্ৰ আছিল ধেনু, কাড়, বৰ্ষা, ষাঠি, জোঙ আৰু তাৰোৱাল।
যুজি থাকোতে থাকোতে ৰুচিনাথ গোহাইদেৱ আৰু সৎৰাম সমুখা-সমুখি হল, উভয়ৰে তৰোৱালে তৰোৱালে তয়াময় ৰণ লাগিল। গোহাঁইদেৱে ঘোৰাৰ পিঠিত, সৎৰাম মাটিত। তথাপি সৎৰাম পিছ নুহুহকিল। সৎৰামৰ অন্তৰত ৰুচিনাথলৈ ভয়ানক ক্ৰোধ। সংৰামে কেবাবেলি ও গোহাঁইদেউৰ ঠেঙত তৰোৱালৰ কোব মাৰিছিল; কিন্তু গোহাঁইদেৱে সু-কৌশলে তৰোৱল পাতি সেই কোব আগুৰিছিল। অৱশেহত আন আন মান সৈন্যে গোহাঁইদেউক খেদি আহি বেঢ়ি ধৰিবলৈ অহাৰ আগেয়ে গোহাঁইদেৱে নিজৰ পিতৃ-পিতামহৰ বীৰত্বলে সুৱৰি সৎৰামক একে কোবে দোচোৱা কৰি সেই ঠাইৰপৰা ঘোৰা মেলাই দিলে। সেইদৰে শান্তিৰামৰ গাতো কাড় এপাত লাগি বেচেৰা শান্তিৰাম ৰণ-থলিত পৰি গল। ইফালে অসমীয়াৰ দলতো নৰহৰি, তোলনকে আদি কৰি প্ৰায় ৩৫০০ ৰণুৱা মৰিল। মানৰ প্ৰায় ৫৬ হেজাৰ সৈন্য মৰিল। অসমীয়াৰ জয়ৰাম, মনাইকে আদি কৰি মুঠেই পাঁচ 'শ সৈন্য ৰল। মানে যেতিয়া উঠানি মাৰি সেই সকললৈ খেদি আহিল, তেতিয়া আৰু ঠাৱৰিব নোৱাৰি সেই চাৰি পাঁচ শ অসমীয়া যেয়ে যিফালে পালে পলাল। ৰুচিনাথ গোহাইদেৱে যদিও সৎৰামৰ লগত যুজ কৰোতে ভৰিত দুঠাইত আঘাত পাইছিল তথাপি ঘৰমুখে ঘোৰা চেকুৰাই গল। মানে ৰংপুৰৰ ফাললৈ প্ৰায় তিনি চাৰি মাইল মান গৈ সেই দিনা তাতে ৰল। তাৰ পিছদিনা ১৫ মাইল বাট খোজ কাঢ়ি গৈ ৰংপুৰ নগৰৰ সীমাত, জয়সাগৰ পুখুৰীৰ কাষত কোঠ মাৰি বহি তাৰ পিছ দিনা বদনে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱলৈ কটকী পঠিয়াই জনালে যে স্বৰ্গদেৱে কোনো ভয় কৰিব নালাগে। মাত্ৰ বুঢ়াগোহাঁইক সপৰিবাৰে তেওঁৰ ওচৰত সমৰ্পণ কৰিলেই সকলো লেঠা ছিগিব। ৰজাই কিংকৰ্তব্যবিমূঢ় হৈ কটকীক এই মাত্ৰ কৈ পঠিয়ালে যে তেওঁ একো কৰিব নোৱাৰে। তেওঁ এই ৰাজ্যত নামমাত্ৰহে ৰজা বৰফুকনেই বুঢ়াগোহাঁইৰ সম্পৰ্কে যি ইচ্ছা তাকে কৰক। ইফালে সৈন্য-সামন্ত গোটোৱা পৰিশ্ৰমত আৰু নানা চিন্তাত মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ গা অসুখ হল। আগেৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়তে দেশৰ অনেক বলী বলী ৰণুৱা নষ্ট হৈছল। তাতে আকৌ ভূতৰ পুতেকৰ খবৰতে কিছু মানুহ নষ্ট হল। এইবিলাক কাৰণতে আৰু আগৰেপৰা মান আহি দেশ আক্ৰমণ কৰি এনেকুৱা কোনো কথা নজনাৰ বাবে বুঢ়াগোহঁয়ে মানে সৈতে ভালকৈ যুজিবলৈ সৈন্য গোটাব নোৱাৰিলে। মনৰ দুখত তেওঁৰ শৰীৰ আৰু অসুস্থ হল।