হৰ-গৌৰীৰ বিবাহ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


শ্ৰীশ্ৰীকৃষ্ণায় নমঃ

কালিকা পুৰাণ

বা

হৰগৌৰীৰ বিবাহ

নাৰায়ণং নমস্কৃত্য নৰঞ্চৈৱ নৰোত্তমং।
দেৱীং সৰস্বতীং ব্যাসং ততো জয়মুদীৰয়েত্॥

পদ

বৈশস্পায়ন কহে জন্মেজয়ৰ আগত।
হৰ-গৌৰী বিবাহৰ ভৈলা যেনমত॥
তাৰকাৰ হন্তে দেৱগণে ডৰ পাই।
ব্ৰহ্মাৰ আগত দুখ নিৱেদিলা যাই॥ ১
তাৰকাই অমৰাৱতী কৰিলেক নষ্ট।
বাৰে বাৰে আমাসাক দিয়া আছে কষ্ট॥
হেন জানি বিধি কৰিয়োক প্ৰতিকাৰ।
যাৱে নতু নষ্ট হোৱে সংসাৰ তোমাৰ॥ ২
ব্ৰহ্মায়ে বোলন্ত শুনিয়োক দেৱগণ।
সংসাৰত তাৰকাক মাৰে কোন জন॥
শিৱৰ বৰত বল বাঢ়িল অশেষ।
সেহিসে কাৰণে সৱে পাই আছো ক্লেশ॥ ৩
শিৱৰ পুত্ৰৰ হাতে আছয় মৰণ।
হেন জানি লৈয়ো সৱে শিৱত শৰণ॥
সমস্তে বৃত্তান্ত শিৱস্থানে কহিয়োক।
পুত্ৰ জন্ম হৌক শিৱে কন্যা বিবাহোক॥ ৪
তেৱেসে তাৰকা তান হাতে যাইবে মৰি।
এহিসে কহিলো মই নিষ্ঠে নিষ্ঠ কৰি॥
কহিলো সমস্তে কথা আৱে তোমাসাত।
শঘ্ৰে কহিয়োক যাই শিৱৰ আগত॥ ৫
হেন শুনি দেৱগণে শিৱত কহিলা।
তান বাক্য শুনি শিৱে বচন বুলিলা॥
শুনা দেৱগণ মই কন্যা কৈত পাম।
নাই ভাই বন্ধু মোৰ কাহাক পঠাম॥ ৬
হেন জানি মই এৰি আচো গৃহবাস।
নকৰো বিবাহ মই থাকিবো উদাস॥
হেন শুনি দেৱগণে বোলে স্তুতি বাণী।
ব্ৰহ্মাৰ আদেশে প্ৰভু আসি আছো আমি॥ ৭
ভাল চাই একগুটি কন্যা বিবাহোক।
তিনিয়ো লোকৰ অতি যশস্যা ৰহোক॥
ব্ৰহ্মাৰ বচন শুনি মনে ভাবি চাই।
বোলন্ত দিয়োক এক কন্যা ভাল চাই॥ ৮
কৈত আছে ভাল কন্যা সুধিবা ব্ৰহ্মাত।
সুধি পুছি খুজিবাহা কহিবা আমাত॥
দেৱগণে বোলে প্ৰভু শুনিয়ো সম্প্ৰতি।
হেমবন্তৰ ঘৰে কন্যা আছন্ত পাৰ্ব্বতী॥ ৯
ৰূপে গুণে অনিন্দিতা সিটো মহাধন্যা।
ব্ৰহ্মায়ে বোলন্ত বিবাহোক সেহি কন্যা॥
শুনি মহাদেৱ হাসি বুলিলন্ত বাণী।
বিবাহ কৰোহো তেন্তে সেহি কন্যা খানি॥ ১০
তাত হন্তে তেৱে মোৰ পুত্ৰ উপজিব।
তেবেসে তাৰকাসুৰ বিনাশ হুইব॥
শুনি ৰঙ্গে দেৱগণে কৰিলা বিদায়।
ব্ৰহ্মাৰ আগত সৱে কহিলন্ত যাই॥ ১১
শুনি ব্ৰহ্মা তেতিক্ষণে আনি নাৰদক।
সত্বৰে যয়োক বাপু হেমৱন্তৰ ঘৰক॥
সৱাৰো বচন ৰাখি তাহাৰ জীউক।
মহাৰঙ্গ মনে বিহা দিয়োক শিৱক॥ ১২
পিতৃৰ বচন শুনি নাৰদ গৈলন্ত।
আকাশ গমনে গই পালা হেমৱন্ত॥
ঘৰত ৰহিলা ঋষিৰাজে জান দিলা।
শুনি হেমৱন্তেক আসি আগবাঢ়ি নিলা॥ ১৩
আসনে বৈসায়া ৰাজা পাৱ ধুৱাইলন্ত।
সেহি পাদোদক ৰাজা শিৰত লৈলন্ত॥
গন্ধ পু্ষ্প ধূপ দিয়া ঋষিক পূজিলা।
হাসি হাসি গিৰিৰাজে ঋষিত পুছিলা॥ ১৪
কিবা প্ৰোজনে আসি আছা ঋষিৰাজ।
নাৰদে বোলন্ত শুনিয়োক গিৰিৰাজ॥
শুনিলো জন্মিল কন্যা তোমাৰ ঘৰত।
ব্ৰহ্মাদেৱে কহিবাক পঠাইল তোমাত॥ ১৫
বোলে যিটো কন্যা জন্মি আছয় ঘৰত।
সেহি কন্যা খানি বিহা দিয়োক শিৱত॥
সুনি হেমৱন্তে বুলিলন্ত ভাল ভাল।
শিৱ জগতৰ গুৰু জীৱ সৰ্ব্বকাল॥ ১৬
অলপ বয়স কন্যা আতি অল্পমতি।
তানে আতি শুচি মনে যাকে মানে পতি॥
যদি জীয়ে ভাল দেখে তাইৰ স্বামী ভাল।
ভস্ম অঙ্গে বিভূষিত গাৱ সৰ্ব্বকাল॥ ১৭
মাথাত আছয় জঁটা গলে মুণ্ডমাল।
ত্ৰিশূল ডম্বৰু হাতে পিন্ধে বাঘৰ ছাল॥
হেনয় লক্ষণ দেখি ভয় নকৰয়।
জানিবা শিৱত দিবো কহিলো নিশ্চয়॥ ১৮
হেন শুনি ঋষিৰাজে আশীৰ্ব্বাদ কৰি।
দেৱীৰ মন্দিৰে গৈলা তেতিক্ষণে চলি॥
বিৰল স্থানত গৈয়া দেৱীক দেখিলা।
কৰযোৰ কৰি ঋষিৰাজ প্ৰণামিলা॥ ১৯
শুনিয়োক জগত জননী মহামায়া॥
আমাসাক প্ৰতি কিছু কৰিয়োক দায়া॥
তুমি জগতৰ মাৱ জগত ঈশ্বৰী।
তুমি লক্ষ্মী সৰস্বতী তুমি জগন্ময়ী॥ ২০
তোমাৰ কটাক্ষে হোৱে জগত সংহাৰ।
এতেকে তোমাক কৰো শত নমস্কাৰ॥
ব্ৰহ্মাৰ আদেশে দেৱগণ আছে যত।
তোমাক বিবাহ দিবে হৰত সন্মত॥ ২১
হেন বাক্য শুনি দেৱী হাসি মুচুকাই।
ঋষিৰ আগত কথা কহিলা বুজাই॥
শুনা ঋষিৰাজ মই নোহো স্বতন্তৰী।
পিতৃৰ অধীন মই বালিকা কুমাৰী॥ ২২
পিতৃ যদি দিম বুলি কহিয়া আছয়।
ভজিবো শিৱক মই বুলিলো নিশ্চয়॥
ব্ৰহ্মাৰ আগত তুমি জান নিয়া যাই।
শিৱেসে মোহোৰ স্বামী জানিবা নিশ্চয়॥ ২৩
এহি বুলি মৌনভাৱ হুইয়া ৰহিল।
মহাৰঙ্গে ঋষিৰাজ তেখনে চলিল॥
ব্ৰহ্মাৰ আগত ঋষিৰাজে কহিলন্ত।
শুনিয়া ব্ৰহ্মাৰ মনে আনন্দ মিলন্ত॥ ২৪
পুনৰপি ব্ৰহ্মা বোলে শুনিয়ো পুতাই।
মহেশৰ আগে তুমি কহিয়োক যায়॥
শুনি ঋষিৰাজে তেতিক্ষণে চলি গৈলা।
মহেশৰ আগে সব বুজাই কহিলা॥ ২৫
ব্ৰহ্মাদেৱে তযু পাশে পাঠাইলন্ত মোক।
হেমৱন্তৰ কন্যা খানি বিবাহ কৰোক॥
ৰূপে লক্ষ্মী সৰস্বতী নোহে সমসৰ।
বদন প্ৰকাশে যেন পূৰ্ণ শশধৰ॥ ২৬
তোমাৰেসে মনোমত হৈবে সিটো জীয়া।
হেন জানি সেহি কন্যা কৰিয়োক বিায়॥
ভাল ভাল বুলি সৱে প্ৰশংসা কৰিলা।
নমস্কাৰ কৰি ঋষিৰাজ চলি গৈলা॥ ২৭
পাচে নন্দী ভৃঙ্গীক যে মাতিয়া আনিলা।
ঠগিত কৰিয়া গুৱা-পাণ আনি দিলা॥
বোলে চলিয়োক দূত হেমৱন্ত ঠাই।
তাহাৰ আগত কথা কহিয়োক যাই॥ ২৮
আমাক দিয়োক বিহা তাহান কন্যাক।
ব্ৰহ্মা আদি দেৱগণে প্ৰশংসয় যাক॥
শুনি নন্দী ভৃঙ্গী তেতিক্ষণে চলে গৈলা।
হেমৱন্তক দেখি দুয়ো প্ৰণাম কৰিলা॥ ২৯
গুৱা-পাণ ঠগি ঘান আগবঢ়াই দিলা।
মহাদেৱে কন্যা খুজে বুলিয়া কহিলা॥
হেমৱন্তে গুৱা-পাণ ভিতৰক নিলা।
মেনকাৰ আগে তাৰ কিছু আনি দিলা॥ ৩০
মেনকা বোলয় ইটো কৈৰ গুৱা-পাণ।
কোনে কন্যা খুজিবাক আসে মোৰ স্থান॥
বোলে গিৰিৰাজে কন্যা শিৱক দিলন্ত।
চাৰিদিন বাজে শিৱে বিহা কৰিবন্ত॥ ৩১
শুনিয়া মেনকা দেৱী শিহৰি উঠিল।
হেমৱন্তক নিন্দা বাণী বুলিবে লাগিল॥
নাজানানে তুমি মোক কেনে জনী মাক।
আছোক পাবাক ভাত নাপায় মাতক॥ ৩২
সমস্তে জানয় মই মাক নোহো ভাল।
তোমাৰ সহিতে নিতে লাগে খৰিয়াল॥
ঐ আই মই কিবা শুনিলোহো কাণে।
দৰিদ্ৰ গোটৰ সিটো ৰাখে গুৱা পাণে॥ ৩৩
ত্ৰিভুৱন মাজে সিটো জোঁৱাই নাপায়।
নঙ্গঠাক দেই জীক দুই চক্ষু খাই॥
এহি বুলি মেনকাই পিতিলা ধপলা।
চিৰাছিৰ হে গৈল কটিৰ মেখলা॥ ৩৪
শুনিয়ো কুটিয়া বুঢ়া কি কাজ কৰিলি।
পাৰ্ব্বতী জীক তই জুইত পুৰি খালি॥
নাই খেতি-বাতি সিটো সদা মাগি খায়।
শুনি আছো পগলাৰ ঘৰ-বাৰী নাই॥ ৩৫
চাউল ভাতৰ তাৰ নাই ব্যৱহাৰ।
সদায় কৰয় ভাঙ্গ ধতুৰা আহাৰ॥
নাহিকয় সোণ-ৰূপ বস্তু নাহি ভাল।
গলত মুণ্ডৰ মালা কটিত বাঘছাল॥ ৩৬
নাহিকে মনুষ্য সঙ্গ ভূত প্ৰেতগণ।
শ্মশানশালত নিতে কৰয় ভ্ৰমণ॥
নাহি তাম পিতল কাঁহৰ লোটা বাটি।
শুনিবাক নাহিকে তাহাৰ খাট পাটি॥ ৩৭
আসোক জোঁৱাই দেখিবাক মন ভৈল।
শুনি নন্দী ভৃঙ্গী তেতিক্ষণে চলি গৈল॥ ৪৯
কহিলা শিৱৰ আগে নমস্কাৰ কৰি।
চলিবাক লাগে প্ৰভু হেমৱন্ত পুৰী॥
দেখিবাক লাগি তাসম্বাৰ মন ভৈলা।
বিলম্ব নকৰি প্ৰভু তৈকে লাগি চলা॥ ৫০
শুনি মহাৰঙ্গে শিৱ উঠি তাৱক্ষণে।
ভাল ভাল বুলি মাথা জোকাৰয় ঘনে॥
বেতাল ভৈৰৱগণ আছয় যতেক।
বীৰ সাজে কাছি পাৰি সৱে চলিয়োক॥ ৫১
এহি বুলি শিৱে সমস্তকে আদেশিলা।
আপুনিও বীৰ কাছে কাছিবাক লৈলা॥
বিভূতি আনিয়ে মণ্ডিলন্ত শৰীৰত।
বোকণ্ডিৰ টোনাখান শোভয় গলত॥ ৫২
কটিৰ বাঘৰ ছাল বান্ধিলন্ত টানি।
তহিতে শোভন নৱ হস্তৰ কিঙ্কিণী॥
আপাদ লম্বিত গলে লৰে মুণ্ডমালা।
কঁকালত বান্ধে দীৰ্ঘ সৰ্পৰ মেখলা॥ ৫৩
গলত গুলিয়া শোভে ফেটী বাকৰাজ।
জণ্টাত তুলিয়া বান্ধিলন্ত নাগৰাজ॥
কৰ্ণত কুণ্ডল দিলা সৰ্প মনোনীত।
আউল জাউল সৰ্প কেশৰ মাজত॥ ৫৪
চিকা মৰলীয়া ভৈলা হাতৰ কঙ্কণ।
ইন্দ্ৰজিত সৰ্প ভৈলা হাতৰ ভূষণ॥
বনস্পতি সৰ্প ভৈলা কঁকালৰ জেঠি।
ললাট উপৰে স্থান দিলা মাটিফেটি॥ ৫৫
হাতৰ বলয়া ভৈলা ক্ষুদ্ৰ নাগগণ।
ৰুদ্ৰাক্ষ স্বৰূপ ভৈল সৰ্প অগণন॥
শকচুৰ ভৈল হাৰ হৃদয়ে সুন্দৰ।
শাকিনী নূপুৰ ভৈলা জানিবা পাৱৰ॥ ৫৬
এহি ৰূপে ভৈলা সব সৰ্প অলঙ্গাৰ।
ভস্মে বিভূষিত কায় আতি চমত্কাৰ॥
মাথে সুৰেশ্বৰী গঙ্গা কৰন্ত প্ৰকাশ।
কপালত অৰ্দ্ধচন্দ্ৰ কৰন্ত বিকাশ॥ ৫৭
ত্ৰিশূল ডম্বৰু শোভা কৰে চাৰি হাতে।
পিণাক ধনুক বৰাভয় যে তহিতে॥
স্ফটিক পৰ্ব্বত যেন কাজলৰ ফোঁট।
কণ্ঠত প্ৰকাশে বিষ নামে কালকূট॥ ৫৮
বৃষভক পিন্ধাইলা বহু অলঙ্কাৰ।
গলে শোভে সৰ্পময় মুকুতাৰ হাৰ॥
সুৱৰ্ণৰ ঘণ্টাচয় আৰিলা গলত।
ৰুণঝুন ৰাৱ কৰে নূপুৰ পাৱত॥ ৫৯
পিঠিত তুলিয়া তান গাদিক বান্ধিলা।
নানা অস্ত্ৰে-শস্ত্ৰে আনি তহিতে ৰাখিলা॥
এহিমতে বৃষভক সজাই আনি লৈলা।
আগে পাচে যাই ভূতে যোগান ধৰিলা॥ ৬০
আকাশত দেৱগণে পুষ্পবৃষ্টি কৰে।
মহা ভয়ঙ্কৰ বেশ ধৰিলা শঙ্কৰে॥
অনন্তৰে শিৱে পাইলা হেমৱন্ত ৰাজ্য।
আসিলন্ত জোঁৱাই জানিলন্ত গিৰিৰাজ॥ ৬১
পূজিলন্ত ৰাজা পাচে বিধি ব্যৱহাৰে।
পূজা অন্তে দণ্ডৱত ভৈলা বাৰে বাৰে॥
শুনা সভাসদ ইটো কিনো অদভুত।
জগতৰ গুৰু শিৱ তান হেন ৰূপ॥ ৬২
অভেদ শৰীৰ হোৱা ব্ৰহ্মা বিষ্ণু হৰ।
তথাপিও ভিন্ন ভাৱ কৰে অজ্ঞ নৰ॥
সৃজন পালন আৰো সংহাৰ কাৰণ।
ভিন্ন ৰূপে প্ৰকাশন্ত হুয়া ভিন্ন ভিন্ন॥ ৬৩
হেজ জানি সৰ্ব্বজনে অন্য কাৰ্য্য এৰি।
শিৱ বিষ্ণু বুলি সবে বোলা হৰি হৰি॥

ঝুনা

মেনকা আসিয়া জোঁৱাই দেখি।
বিস্ময় মানিয়া মুদিলা আখি॥
দেখিলো কিনো আতি অদভুত।
মনুষ্য আকাৰ পিশাচ গোট॥ ৬৪
এহি বুলি দেৱী ভিতৰে গৈলা।
জোঁৱাই শিৱক নিন্দিবে লৈলা॥
আইৰে আই মই কিবা দেখিলো।
জোঁৱাইকে দেখিয়া তবধ ভৈলো॥ ৬৫
যেন শুনিছিলো দেখোহো তেনে।
এনুৱাক জোঁৱাই বুলিব কোনে॥
আইৰে আই মই কি কাম কৰিলো।
পাৰ্ব্বতী জীক মই জুইত পুৰি খালো॥ ৬৬
কি কৰিবো মই কিবা উপায়।
ৰাক্ষসৰ সঙ্গে নাথাকো মই॥
এৰিলোহো ঘৰ এৰিলো গৈ।
ফুৰিবোহো মাত্ৰ বাতুল হুই॥ ৬৭
পৈ হন্তে মোৰ নাহিকে সুখ।
নেওচা কেওচা নাচাওঁ তাৰ মুখ॥
পাৰ্ব্বতী জীয়াৰ নভৈল ঘৰ।
বাপেকে আনিছে কুঠিয়া বৰ॥ ৬৮
এনে পিশাচৰে ঘৰ নহয়।
কিমতে থাকিব সাপসব লই॥
নাজানি ঘৰত নাই কাপোৰ।
সিহেতু লৱন্ত সাপৰে মেৰ॥ ৬৯
নাহিকে ঘৰে চুৰিয়া ভাল।
সি কাৰণে পিন্ধে বাঘৰ ছাল॥
নাহি একো ৰূপ সোণৰ মাল।
সিহেতু পিন্ধিছে মুণ্ডৰ মাল॥ ৭০
নাহিকে ঘোঁৰা হাতী একো যান।
বৃষভত উঠি আসে ই থান॥
দেখিয়েই চিনিলো দৰিদ্ৰৰ চিন।
স্বভাৱ দেখিয়া লাগয় ঘিণ॥ ৭১
কিমতে ওচৰ চাপিবে আই।
ফেটি সাপে জানো মাৰিবে খাই॥
শাকিনী সাপে মেলিবে ফেট।
ওচৰ চাপিলে মাৰিবে খোট॥ ৭২
কিমতে নাখাই থাকিব ভাত।
কিমতে লৈব বাঘছাল গাত॥
বাঘছাল নোমে গাত বিন্ধিব।
কিমতে গলত সৰ্প বান্ধিব॥ ৭৩
হেনয় দৰিদ্ৰক দিলে জীক।
কণা হেমৱন্ত জীৱন ধিক॥
হেমৱন্ত ৰাজা নামক কিক।
হেনয় জোঁৱাই পালা ধিক ধিক॥ ৭৪
এই ৰূপে বহু বিকৰ্থনা কৰি।
হেমৱন্তক ভত্সে মেনকা সুন্দৰী॥
বৰ্ণিবে লাগিল অনেক ভাৱে।
নকৈলা পদ বিস্তৰক ভয়ে॥ ৭৫
শুনা সৰ্ব্বজন শিৱৰ চৰিত্ৰ।
জগতকে যিটো কৰে পৱিত্ৰ॥
জানিবা কলিত নামেসে সাৰ।
হৰি হৰি বুলি তৰা সংসাৰ॥ ৭৬

দুলড়ী

হৰি হৰি বিধি        নকৰিলা সিদ্ধি
মোহোৰ মন বাঞ্ছিত।
পাৰ্ব্বতীৰ যোগ্য        বৰক নিদিলা
সপিলা কাল মুখত॥ ৭৭
ইটো মিছা বাপ        যেন ঢোৰা সাপ
নাহিকে মনত তাপ।
দশ মাস গৰ্ভে        ভাৰক বহিয়া
মই পাওঁ যত তাপ॥ ৭৮
অকাৰণে তোক        দুখ কৰি মই
তুলিলো পাৰ্ব্বতী আই।
ইসৱ দুখক        সুমৰন্তে মোৰ
শোকে প্ৰাণ ফুটি যাই॥ ৭৯
সুৱৰ্ণৰ খাটে        শুতি থাকা আই
দাসীয়ে চামৰ ধৰে।
সুৱৰ্ণ কঙ্কণ        হাতত জ্বলয়
কণ্ঠে সাতসৰি জ্বলে॥ ৮০
মকৰ কুণ্ডল        কৰে জলমল
পাৱত নূপুৰ জ্বলে।
দশ আঙ্গুলিত        সোণৰ আঙ্গুঠি
হীৰা গলপাতা গলে॥ ৮১
হেন সব দ্ৰব্য        পৰিহৰি আই
বহু দুখ পাবা তাত।
আন দ্ৰব্য তাৰ        নাহিকে গৃহত
বাঘছাল মাত্ৰ গাত॥ ৮২
নাহি ধন ধান        শুদা ঘৰ খান
ভাঙ্গ ধতুৰাৰ চাঙ্গ।
ভাঙ্গ জৰা চলা        আছে ডলা কুলা
আৰো ভাঙ্গ খুন্দা ডাঙ্গ॥ ৮৩
ভাঙ্গৰ সম্বল        মাত্ৰ আছে ঘৰে
অন্য কিছু বস্তু নাই।
খাইবাৰ হেতু        নাই চিৰা পিঠা
সদায়ে ভাঙ্গকে খাই॥ ৮৪
চাউল ভাতৰ        নাই ব্যৱহাৰ
ভাঙ্গকে ঘুটিয়া খায়।
ভাঙ্গ ঘুটিবাক        নপাৰয় যদি
মাৰিবে ডাঙ্গে কোবাই॥ ৮৫
ইসব দুখক        সুমৰিয়া মোৰ
শোকশেলে প্ৰাণ যায়।
বিলাপ কৰিয়া        কান্দন্তে কান্দন্তে
ভৈলন্ত বিশ্ৰুতি প্ৰায়॥ ৮৬
দেখি নৰ-নাৰী        সবে চাপি ধৰি
দাসীগণে আছে যত।
সবে নানা ভাৱে        অনেক প্ৰকাৰে
বুজাৱে মেনকাক॥ ৮৭
শুনিয়া মেনকা        মাৰিয়া জোকাৰা
সবাকো বুলিলা বাণী।
কাহাৰো কৃপাক        নুশুনয় দেৱী
নখাৱন্ত ভাত পানী। .৮৮
সবাৰো দুখক        দেখিয়া পাৰ্ব্বতী
মনত অসুখ আতি।
ভাবি চিন্তি মনে        মোহোৰ নিমিত্তে
আছে আই কান্দি-কাতি॥ ৮৯
এহিমতে ভাবি        আসিলন্ত চাপি
তেতিক্ষণে শীঘ্ৰ কৰি।
প্ৰাণাম কৰিয়া        কবিবে লাগিলা
দুই চৰণত ধৰি॥ ৯০

পদ

বৈশস্পায়ন বদতি শুনিয়ো জন্মেজয়।
মাৱৰ চৰণ ধৰি পাৰ্ব্বতী বোলয়॥
শুনিয়োক মাৱ তুমি সবাতো বিদিত।
মোহোৰ নিমিত্তে শোক কৰা অনুচিত॥ ৯১
কন্যা ভৈলে দিব লাগে চাই যোগ্য বৰ।
পুত্ৰ ভৈলে পৰকন্যা আনিবেক ঘৰ॥
অৱশ্যে আমাক পিতা পৰে দিবে দান।
বেদৰ নিয়ম এই বিধিৰ নিৰ্ম্মাণ॥ ৯২
হেন জানি আই তুমি পৰিহৰা শোক।
যৈতে পিতা দিব খোজে তৈতে দিয়া মোক॥
যিটো পূৰ্ব্বে লিখা আছে মোৰ কপালত।
সেহি হৈব যদি পিতা বাধয়ো তাহাত॥ ৯৩
হেন জানি আই তুমি নকৰিবা শোক।
যাক মোৰ ভাগ্য আছে পাইবো তাহাক॥
মোহোৰ নিমিত্তে আই শোক পৰিহৰা।
হেন জানি আই তুমি মন কষ্ট এৰা॥ ৯৪
পাৰ্ব্বতীৰ কথা শুনি মেনকা সুন্দৰী।
সমস্ত শৰীৰ তান আসিল শিয়ৰি॥
জানিলোহো আই তোৰ মনৰ বাঞ্ছিত।
দৰা দেখি আই তোৰ উত্ৰাৱল চিত্ত॥ ৯৫
বাৰু তই যাইবি দেখিবোহো তাৰ সুখ।
ভাঙ্গ খুন্দা টাঙ্গোনেৰে ভাঙ্গিবেক মুখ॥
মাসেকত এক সাজ নপাইবি ভাত।
সাপক পিন্ধিবি বাঘছাল লৈবি গাত॥ ৯৬
মই হিয়া ধাকুৰোহো সবে অকাৰণ।
পাগলাক দেখিয়া তোৰ বৰ গৈছে মন॥
ভাঙ্গুৱাক দেখিয়া তোহোৰ গৈছে ইচ্ছা।
মই যে বেজাৰ কৰো সবে কথা মিছা॥ ৯৭
হেন বাক্য যেতিক্ষণে পাৰ্ব্বতী শুনিল।
লাজ পাই তেতিক্ষণে ভিতৰ পশিল॥
ভিতৰৰ কথা আৱে এহিমানে থওঁ।
বাহিৰৰ কথা যত শুনা তাকে কওঁ॥ ৯৮
পাদ অৰ্ঘ্য দিয়া ৰাজা শিৱক তুষিলা।
ৰাজাৰ ভক্তিত শিৱ আনন্দিত ভৈলা॥
হাসি হাসি শিৱে পাছে ৰাজাত পুছিলা।
বিবাহৰ দিন বাৰ কিবা স্থিৰ কৈলা॥ ৯৯
আৰো কিবা দ্ৰব্য লাগিবেক বিবাহত।
তাহাৰ স্থিৰতা কৰি কহিয়ো আমাত॥
হেমৱন্তে বোলে প্ৰভু নাহিকে উপায়।
আছন্ত মেনকা দেৱী শোকতে শুকাই॥ ১০০
তোমাৰ ৰূপক দেখি আছন্ত ভয়ত।
মাতিলেও মোক ভাল মুখে নেদে মাত॥
হেন জানি আজি প্ৰভু ৰহিয়ো ইঠাই।
মেনকাক চাওঁ মই বঢ়াই বুজাই॥ ১০১
বিবাহ দিৱয় যদি মেনকাই জীক।
তেতিয়া কৰিয়া দিন বস্তু-বাৰি ঠিক॥
এহি বুলি পাচে ৰাজা উঠি সমাজৰ।
মনে গুণি চিন্তি গই পশিলা ভিতৰ॥ ১০২
ওচৰ চাপিয়া ৰাজা লগাইলেক মাত।
মেনকাৰ গাৱে পৰে যেন বজ্ৰপাত॥
জানিয়াছো বাপে জীয়ে যিবা লাগে কৰা।
হেন বুলি হেমৱন্তক মাৰিলা জোকাৰা॥ ১০৩
তুমিও পাইলা খুজি পাগলা জোঁৱাই।
জীয়েও যাবৰ মনে আছে বাট চাই॥
বাপে জীয়ে আলচিয়া কৰা যেন ইচ্ছা।
মই হিয়া ধাকুৰোহো অকাৰণে মিছা॥ ১০৪
হেমৱন্তে বোলে সতী কোৱা অকাৰণ।
ঈশ্বৰক কৰা তুমি মনুষ্যৰ জ্ঞান॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি অৱতাৰ।
হৰিবাক লাগি পৃথিৱীৰ মহাভাৰ॥ ১০৫
ব্ৰহ্মাই সৃজন কৰে বিষ্ণৱে পালয়।
ৰুদ্ৰ ৰূপ ধৰি শিৱে সংহাৰ কৰয়॥
হেন ঈশ্বৰক কৰা মনুষ্যৰ জ্ঞান।
নাহিকয় দুষ্টা তিৰী তোমাৰ সমান॥ ১০৬
এহিৰূপে হেমৱন্ত অনেক বুলিলা।
শুনি তান বাক্যে মেনকাৰ জ্ঞান ভৈলা॥
বুলিলাহা যদি স্বামী কহিলা স্বৰূপ।
দেখিবাক ইচ্ছা তান কোন নিজৰথ॥ ১০৭
যদিহে আমাক নিজৰূপ দৰশাই।
তেৱে দিবো মোৰ কন্যা কহিলো নিশ্চয়॥
শুনি হেমৱন্তে শিৱ পাশে চলি যাই।
মেনকাৰ কথাসব কহিলা বুজাই॥ ১০৮
বুলিলন্ত হৰে শাশু আসোক ইঠাই।
নিজৰূপ মোৰ তেবে দিবোহো দেখাই॥
শুনি হেমৱন্ত ৰাজা গৈয়া বাহিৰক।
ধীৰে ধীৰে উপস্থিত হৰৰ পাশক॥ ১০৯
কহিলন্ত ৰাজা গৈয়া সমস্তৰে আগে।
ধৰিয়োক নিজৰূপ দেখিবাক লাগে॥
শুনি চলি গৈলা যত ভিতৰৰ শোক।
মেনকাও চলি যান্ত প্ৰবোধি মনক॥ ১১০
বুলিয়া আছয় আগে কুবাচ্য বচন।
ভয় লাজে সঙ্কুচিয়া কৰন্ত গমন॥
সেহি সময়তে হৰে পূৰ্ব্বৰূপ এৰি।
ভৈলা তেতিক্ষণে চতুৰ্ভুজ ৰূপধাৰী॥ ১১১
শঙ্খ চক্ৰ গদা পদ্ম হাতে চাৰি অস্ত্ৰ।
কিৰীটি কুণ্ডল হাৰ গাৱে পীতবস্ত্ৰ॥
আজানুলম্বিত বনমালা জ্বলে গলে।
জ্বলে পান্তি শ্ৰীবত্স বহল বক্ষস্থলে॥ ১১২
হেনয় ৰূপক দেখিলন্ত চমত্কাৰ।
বিস্ময় লাগিল মনে দেখি মেনকাৰ॥
সুনন্দ কুমুদ নন্দ গোপ আদি কৰি।
হেন পাৰিষদগণে আছয় আৱৰি॥ ১১৩
ভৃঙ্গাৰ ধৰিয়া লক্ষ্মী ধুৱাৱন্ত পাৱ॥
ৰাজা মেনকাৰ দেখি শিহৰিল গাৱ॥
আনন্দতে নেত্ৰহন্ত্ৰে বহি যায় পানী।
কণ্ঠৰ নোলান্ত মাত গদ গদ বাণী॥ ১১৪
পৰম ভকতি স্তুতি কৰি মহাভাগে।
কৃতাঞ্জলি স্তুতি কৰি পৰিলন্ত আগে॥
ৰূপ দেখি তধা লাগি দুয়ো আছে চাই।
পূৰ্ব্বৰ ৰূপক প্ৰভু ধৰিয়া দুনাই॥ ১১৫
হেন দেখি মেনকাই মাতে কৰযোৰি।
শুনিয়োক প্ৰভু মই ভৈলো অথন্তৰী॥
নিচিনি নাজানি প্ৰভু বাক্য আছো বুলি।
এতেকে ক্ষমিয়ো প্ৰভু দাসীক সমুলি॥ ১১৬
হৰে বোলে বাক্য শুনি আছো ৰঙ্গ পাই।
হোহোৰ ঘৰত মনুষ্যৰ সঁচ নাই॥
ভূত প্ৰেত পিশাচৰ মই অধিকাৰী।
এতেকেসে খুজি আছো তোমাৰ জীয়ৰী॥ ১১৭
এহি বুলি সদাশিৱে ৰাজত সুধিলা।
বিবাহৰ ঠিকনাক কোন দিন দিলা॥
আৰো দ্ৰব্য বস্তু যত লাগে বিবাহত।
তাহাৰ ঠিকনা আৱে কহিয়ো আমাত॥ ১১৮
শুনি ৰাজা তেতিক্ষণে পুৰোহিত আনি।
কৰিলন্ত বিবাহৰ দিন বাৰ গণি॥
আঘোণ মাসৰ দ্বাদশী তিথি বাৰ।
ক্ষণ যোগে নক্ষত্ৰও হোৱে ভাল আৰ॥ ১১৯
এহি বুলি দিন বাৰ গণিয়া কহিলা।
বস্তুৰ ঠিকনা ৰাজা কহিবে লাগিলা॥
বোলে মই কত কৈবো যত বস্তু লাগে।
তথাপিতো অল্প কৰি কহিবাক লাগে॥ ২২০
প্ৰথমতে তামোল লাগয় দুই লক্ষ।
পাণক লাগিবে আৰু গুচি চাৰি লক্ষ॥
গাখীৰ লাগিবে আৰু পাঞ্চ শত ঘট।
চুৰা লাগিবেক তাৰ অৰ্দ্ধ যত ঘট॥ ১২১
চাউল লাগিবে মাত্ৰ দুই লক্ষ মোন।
তাহাৰ লগত লাগিবেক অনুপান॥
পিঠা ছিৰা আখৈ লাৰু আৰু ভাল চেনি।
সন্দেহ বাতাসা লাগিবেক জেল্পী ফেনী॥ ১২২
আৰো কন্যাদান বাবে ভোজ লাগিবেক।
তাহাৰ ঠিকনা মই কহিবো কতেক॥
চাউল লাগিবে তিনি লক্ষ মোন মান।
দালি লাগিবেক ভাল তাৰ অৰ্দ্ধখান॥ ১২৩
সেই চাউল জোখাৰে লাগিবে মাছ কাছ।
হৰিণ বৰাহ হংস আৰো ছাগ মাংস॥
তেল লোণ মছলা লাগিবে দধি দুধ।
লাগিবেক বিবাহে সকলো বিধে বিধ॥ ১২৪
আৰো লাগিবেক ভাল বস্ত্ৰ অলঙ্কাৰ।
বিবাহত আসিব অনেক পৰিবাৰ॥
যদিবা বিবাহে সিটো নপাৱয় মান।
অৱশ্যে লাগিবে তাসম্বাৰ অপমান॥ ১২৫
দ্ৰব্য যত লাগে আমি কহিলো বুজাই।
নিদিলে তেতিয়া হুইবে সমাজে বেজাৰ॥
এহিমতে হেমৱন্তে কহিলা বুজাই।
শুনি শলাগিয়া হৰে কৰিলা বিদায়॥ ১১৬
হৰে গৈয়া কৈলাসত ৰহিলন্ত যায়।
হেমৱন্তে বিবাহৰ কৰিলা উপায়॥
পৰ্ব্বন্ত কন্দৰে দূত পাঞ্চিলা অনেক।
বংশ পৰিয়াল তাৰ আছিল যতেক॥ ১২৭
সবাকো আনিলা ৰাজা কৰি নিমন্ত্ৰণ।
দূতমুখে শুনি আসিলন্ত সৰ্ব্বজন॥
পৰ্ব্বতৰ বিশ্বকৰ্ম্মা আৰু শিল্পীগণ।
বিবাহৰ সভাখান কৰিলা নিৰ্ম্মাণ॥ ১২৮
দীৰ্ঘে প্ৰস্থে এক যোজনৰ সভাখান।
খাল বাম সম কৰি কৰিলা নিৰ্ম্মাণ॥
ঘাট বাট পদূলিক সাৰি মাজি আতি।
পদূলি পদূলি দিব্য ঘট থৈলা পাটি॥ ১২৯
মাটি খানি আনিয়া ৰভাৰ ভেটি পাটি।
শাৰী শাৰী স্ফটিকৰ স্তম্ভ আনি পুতি॥
মাৰলি সাজিয়া দেই শুদ্ধ সুৱৰ্ণৰ।
শাৰী শাৰী ৰুৱা কামি ৰত্ন মাণিকৰ॥ ১৩০
সুৱৰ্ণৰ গুণা টানি চাল গাঠিয়াই।
নিৰ্ম্মাণ কৰিলা শুক্ল চামৰে বিচাই॥
স্ফটিকে নিৰ্ম্মাণ কৰি কৰিলেক ঘৰ।
ইন্দ্ৰকান্ত ৰত্নে দিলা থানে থানে দ্বাৰ॥ ১৩১
উপৰত দিলা লক্ষ সুৱৰ্ণ ঘটক।
প্ৰকাশ কৰন্ত চন্দ্ৰ সূৰ্যতো অধিক॥
এহিমতে সভাখান নিৰ্ম্মাণ কৰিলা।
তাহাৰ মাজত হোম ঘৰক সাজিলা॥ ১৩২
প্ৰাৱলৰ স্তম্ভ দিলা মাণিকে ৰচিত।
শুদ্ধ সুৱৰ্ণৰ চাল সূৰ্য্যসম জ্যোতি॥
সুৱৰ্ণ মুকুতা মণি আঁৰিলা চৌপাশে।
জিলি মিলি কৰে যেন হীৰাৰ প্ৰকাশে॥ ১৩৩
এহিমতে সভাখান কৰিলা নিৰ্ম্মণ।
স্থানে স্থানে স্থাপিলন্ত সুৱৰ্ণ আসন॥
যাক যেনমতে লাগে বসিবাৰ স্থান।
ভাগে ভাগে থৈলন্ত কৰিয়া অনুমান॥ ১৩৪
তাতা পাছে সাজিলন্ত নোৱনী ঘৰক।
তাৰ পটন্তৰ দিবে আমি অপাৰগ॥
চাৰি খুৰা বান্ধি আছে পোৱাল বাখৰে।
নিৰ্ম্ম্িলাহা দুই চাল শুদ্ধ সুৱৰ্ণৰে॥ ১৩৫
মাণিকৰ ৰুৱা কামি ৰজতৰ চৌতি।
প্ৰকাশ কৰন্ত হেন আদিত্যৰ জ্যোতি॥
চিত্ৰ বিচিত্ৰ যে চন্দ্ৰতাপ আছে আঁৰি।
চাৰিফালে ইন্দ্ৰজালে আছন্ত আৱৰি॥ ১৩৬
সুৱৰ্ণ কদলী ৰুইলন্ত চাৰিপাশে।
ৰত্নময় পিৰা পাৰি ৰাখিলন্ত মাজে॥
এহিমতে সভাখান কৰিয়া সম্পূৰ্ণ।
যাক যিবা কৰিবাক লাগয় অৰ্চ্চন॥ ১৩৭
যোগ্য অনুসাৰে তাক বিধি ব্যৱহাৰে।
যাতো লোকচাৰে যিটো নিজ ব্যৱহাৰে॥
কৰিয়া আছন্ত ৰাজা বিবাহৰ কৰ্ম্ম।
শাস্ত্ৰ অনুসাৰে সিটো কন্যাদান ধৰ্ম্ম। ১৩৮
তাত অনন্তৰে শুনিয়োক সভাসদ।
দূতমুখে বাৰ্ত্তা পাই যতেক পৰ্ব্বত॥
যুৱা বাল্য বৃদ্ধ আদি আসিল সমস্ত।
কোনে লেখা কৰিবেক আসিলেক যত॥ ১৩৯
তথাপিতো অল্প কৰি কহো কিছুমান।
শুনিয়োক তাসম্বাৰ মুখ্য মুখ্য নাম॥
হিমাদ্ৰি কৈলাস আদি যত গিৰিবৰ।
হেমকূট হেমগিৰি সুমেৰু মন্দৰ॥ ১৪০
নামগিৰি চিত্ৰকূট গোবৰ্দ্ধন গিৰি।
চিত্ৰাচল চিত্ৰগিৰি আৰু গন্ধগিৰি॥
ঋষ্যশৃঙ্গ মদ্ৰশৃঙ্গ মহেন্দ্ৰ ধৱল।
ৰৈবতক জয়গিৰি গিৰি সুনিৰ্ম্মল॥ ১৪১
কুণ্ঢগিৰি কামগিৰি মাজগিৰি নীল।
জটাগিৰি বাৰ্ত্তা পায়া আসিল সকল॥
লক্ষ লক্ষ পৰ্ব্বত মনুষ্য ৰূপ ধৰি।
নাতাকিল বাকী আসিলন্ত মেৰুগিৰি॥ ১৪২
ব্ৰহ্মাণ্ড ভিতৰে যত আছিল পৰ্ব্বত।
বিবাহ দেখিতে লাগি আসিল সমস্ত॥
লাখুটি ধৰিয়া আসিলন্ত বুঢ়া-বুঢ়ী।
জুৰিল আসিয়া সৱে হেমৱন্তপুৰী॥ ১৪৩
সবেও বসিলা পাৰ্ব্বতীৰ সমীপত।
তাত পাচে আসিন্ত কন্যাগণ যত॥
সৱে কন্যাগণ পাচে হুয়া এক ঠাই।
পাৰ্ব্বতীক নোৱাইলন্ত মঙ্গল কৰাই॥ ১৪৪
সুৱৰ্ণৰ গৃহে পাৰি ৰত্নৰ পিৰাক।
বসুৱাইলা নিয়া তাত আনন্দে দেৱীক॥
আয়তীসকলে আশীৰ্ব্বাদ তৈল দিয়া।
মঙ্গলৰ ধ্বনি আৰু উৰুলি পাৰিলা॥ ১৪৫
সেহি সময়তে হেমৱন্ত পুৰীখান।
টলবল ভৈল আতি প্ৰজাৰ নিদান॥
উৰুলি জোকাৰ আৰু উচ্চধ্বনি শুনি।
ধ্যান ভঙ্গ ভৈল অৰণ্যৰ ঋষি মুনি॥ ১৪৬
হেন মহোত্সৱ ভৈল হেমৱন্ত ঘৰে।
নুহিব নুহিব আৰো সংসাৰ ভিতৰে॥
এহিমতে আনন্দিত নাৰীগণ যত যত।
মেনকাও বসে গৈয়া সৱাৰো মাজত॥ ১৪৭
লক্ষ লক্ষ বাদ্য বাজে সেহি সময়ত।
মেনকা সুন্দৰী ধৰে সুৱৰ্ণৰ ঘট॥
পৰ্ব্বতীয়া বাজনা বাজৱে ঠাৱে ঠাৱে।
নাৰীগণে নাম গাৱে বাজানাৰ ছেৱে॥ ১৪৮
পৰ্ব্বতীয়া নাচনীয়ে নাচে ঘূৰি ঘূৰি।
হাতত কাচুটি ধৰি নাচিলন্ত বুঢ়ী॥
আনিলন্ত আকাশী গঙ্গাৰ জল ভৰি।
নোৱনী ঘৰত সুৱৰ্ণৰ পিৰা পাৰি॥ ১৪৯
এহিমতে বুড়ী-নাৰী কৰন্ত ধেমালি।
পাৰ্ব্বতীক স্নানকৰাইলন্ত জল ঢালি॥
নোৱাই ধুৱাই নিয়া নবীন আসনে।
সুমঙ্গল কৰি বসুৱাইলা নাৰীগণে॥ ১৫০
বসুৱাই হাতে ফল-কটাৰীক দিলা।
পাৰ্ব্বতীয়া নাৰীগণে সেন্দুৰ পিন্ধাইলা॥
উৰুলি মঙ্গল কৰি আনন্দ কৰন্ত।
ঋষিপত্নগণে বেঢ়ি সুমঙ্গল গান্ত॥ ১৫১
ভিতৰৰ কথা আৱে এহিমানে থওঁ।
বাহিৰত যেন ভৈলা তাৰ কথা কওঁ॥
বিৱাহক লাগি সৱে পৰ্ব্বত আসিলা।
লেখিতে নপাৰি সৱে পৃথিৱী ভৰিলা॥ ১৫২
তাসম্বাক সমাদৰ কৈলা বিধিমতে।
বসিবাক থান দিলা সবাৰ মাজতে॥
চৰ্ব্ব্য চোষ্য লেহ্য পেয় আনিয়া দিলন্ত।
খাই দাই ৰঙ্গমনে সৱে বসিলন্ত॥
একাদশ দিন মধ্যে বিবাহ পাতিছে।
এহি দিন মধ্য়ে দ্ৰব্য যত আনি আছে॥
লাগে একগুণ দিয়ে দশ দশ গুণ।
আনন্দ ভৈলেক যত পৰ্ব্বতীয়া জন॥ ১৫৪
বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
আত অনন্তৰে কথা শুনা আতপৰ॥
বিবাহৰ ব্যৱস্থাক সমস্তে কহিলা।
শুনি মহাদেৱে বুলিলন্ত ভাল ভাগ॥ ১৫৫
শুনি হৰে তেতিক্ষণে ঘৰে চলি যায়।
দেখিলা ঘৰত আৰো একো বস্তু নাই॥
কি কৰিবো কি মেলিবো মনে উত্পাত।
ভাবিয়া বহুত চিন্তা লাগিল মনত॥ ১৫৬
দেখা সৰ্ব্বজন কেনে ঈশ্বৰৰ দুখ।
সামান্য নৰৰ তেৱে কেনে হৈব সুখ॥
জগতৰ গুৰু শিৱ জগতৰ কাৰণ।
তেওঁ চিন্তা সাগৰত হোৱন্ত মগন॥ ১৫৭
হেন জানি সৰ্ব্বজনে এৰা আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥

ঝুনা

শুনা সৰ্ব্বজন শিৱৰ ঝুনা।
আপোনাক চাই কৰিছে ঘৃণা॥
কি দিবো মই কৰো কিনো কৰ্ম্ম।
গাৱত বস্ত্ৰ সিয়ো ব্যাঘ্ৰচৰ্ম্ম॥ ১৫৮
হাতে লৈয়া ফুৰো শূল ডম্বৰু।
ঘৰে বাজে মোৰ একেটি গৰু॥
সৰ্পৰ কিঙ্কিনী সৰ্পৰ হাৰ।
সৰ্ব্ব শৰীৰত সৰ্প অলঙ্কাৰ॥ ১৫৯
কপালে জ্বলে অৰ্দ্ধচন্দ্ৰ কলা।
মনুষ্যৰ মুণ্ডে গাণ্ঠিছো মালা॥
ভূষণ্ডিত আছে ভস্মৰ ধূলি।
তাক দিলে লঘু হৈবো সমূলি॥ ১৬০
ইহাৰ বাজে বস্তু নাহি আন।
ধতুৰা ভাঙ্গ আছে কিছুমান॥
সিয়ো জানে লোকে সোভৰ আযুধি।
কিবা কৰো আৱে কোনবা বুদ্ধি॥ ১৬১
কোনে দিব বস্তু কৈতবা পাম।
কাৰ ঘে মই খুজিবে যাম॥
যদি কোনমতে ধাৰ কৰিম।
পাচে কেনমতে ধাৰ সুজিম॥ ১৬২
নিদিলে বস্তুক পাইবো লাজ।
কেনমতে য়াইবো সভাৰ মাজ॥
জানিলো মোহোৰ নভৈল কাজ।
কনাৰ খুজিয়া পাইলো লাজ॥ ১৬৩
এৰিবোহো মই হেমন্ত জীক।
যাকে দিব খোজে দিয়োক তাক॥
হেন দেখি কন্যা নোখোজো মই।
ব্ৰহ্মা বাক্য নাৰদে খুজিলা গৈ॥ ১৬৪
কহিলন্ত আৰো দেৱতাগণে।
ব্ৰহ্মায়ে লঘু কৰিবাক মনে॥
ভৈলোহো লঘু তাসম্বাৰ বোলে।
ধনহীন নাহি মোহোত পৰে॥ ১৬৫
মই বৰ দিয়া কৰো অচলা।
তথাপিতো মই হওঁ নিচলা॥
ধন লাগে বুলি মনত নাই।
ভাঙ্গ খাই ফুৰো ৰাগি বঢ়াই॥ ১৬৬
এতিয়াহে জানো ধনেহে বল।
ধন নভৈলে জীৱন নিস্ফল॥
শুনা সৰ্ব্বজন শিৱৰ ঝুনা।
সমস্তে লোকে কাণ পাতি শুনা॥ ১৬৭
জগতৰ গুৰু শিৱ ঈশ্বৰ।
দেখা ধনহীন কেন লোকৰ॥
আন সামান্য কৰি কৈবো লেখা।
ধনহীন ভৈলে জীৱন বৃথা॥ ১৬৮
হেন জানি নৰ ধন আৰ্জ্জিবা।
তেবেসে কন্যাক বিহা কৰিবা॥
যদিহে নোৱাৰা ঘটিবে ধন।
গৃহবাসে সুখে নেদিবা মন॥ ১৬৯
সন্ন্যাসীৰ ভাৱ ধৰি ফুৰিবা।
ঈশ্বৰ চিন্তি তৰিয়া যাইবা॥
এহিমানে থওঁ শিৱৰ ঝুনা।
হৰি হৰি বুলি সমস্তে শুনা॥ ১৭০

পদ

বৈশম্পায়ন বদতি শুনিয়ো ৰাজা পাছে।
এহিমতে মহাদেৱে চিন্তা কৰি আছে॥
পাছে গুণি মহাদেৱে কৰিলা উপায়।
ব্ৰহ্মাৰ পাশক দূত দিলন্ত পঠাই॥ ১৭১
নালাগে কন্যাক মোক মন মোৰ নাই।
কেনমতে কৈত ধন পাম মই যাই॥
কহিয়োক নন্দী যাই ব্ৰহ্মাৰ পাশক।
আসিয়োক ব্ৰহ্মা শীঘ্ৰে আমাৰ কাষক॥ ১৭২
তাত গৈয়া কহিবাক তুমি বিষ্ণু আগে।
বিবাহক লাগি শীঘ্ৰে আসিবাক লাগে॥
ভৃঙ্গী চলি যোৱা তুমি দশদিকপাল।
মাতা যাই মোক লাগি আসোক সকল॥ ১৭৩
সেই পথে যাইবা তুমি পাতালপুৰক।
সৰ্পৰাজ বাসুকীয়ো আসোক বিহাক॥
এহিমতে দূত পাঞ্চি দিলা ভাগে বাগে।
কহিলন্ত দূতে গৈয়া তাসম্বাৰ আগে॥ ১৭৪
প্ৰথমতে ব্ৰহ্মা গৈয়া পাইল শিৱপুৰী।
দেখে শিৱ বসি আছে অসন্তোষ কৰি॥
ব্ৰহ্মা বোলে আজিৰ সময়ে কিবা দুখ।
আনন্দ সময়ে কিবা দেখো অসন্তোষ॥ ১৭৫
মহাদেৱে বোলে ব্ৰহ্মা শুনা অভিপ্ৰায়।
তোমাৰ নিমিত্তে মোৰ এনুৱা বিলায়॥
খুজিলাহা কন্যা তুমি যেহি লাগে কৰা।
হেনয় অৱস্থা মোৰ ভৈল তাৰ পৰা॥ ১৭৬
তোমাৰ কথাত হেমৱন্ত ঘৰে যাই।
কি কহিবো হেন মই আছো লাজ পাই॥
যিহোক সিহোক তাৰ এৰি আছো দায়।
যত বস্তু খুজি আছে মোৰ ঘৰে নাই॥ ১৭৭
নিদিলেও বস্তু মোৰ লাগিবেক লাজ।
হেন জানি ছোৱালীৰ এৰি আছো কাজ॥
ব্ৰহ্মা বোলে স্ৰজি আছো ব্ৰহ্মাণ্ড চৈধ্যয়।
ইটো কোন ক্ষুদ্ৰ দ্ৰব্য বিবাহে লাগয়॥ ১৭৮
হেমৱন্তে বস্তু খুজি আচে যত গুণ।
দিবোহো তাহাত কৰি আৰু দশ গুণ॥
তাক লাগি খেদ তুমি নকৰা মনত।
এতিক্ষণে আনি দিবো বস্তু লাগে যত॥ ১৭৯
এহি বুলি ব্ৰহ্মাদেৱে কহিলা হৰত।
তেবেসে সন্তোষ ভৈল হৰৰ মনত॥
আসিলন্ত দেৱগণে নিমন্ত্ৰণ পাই।
বিষ্ণু সমন্বিতে আসি ভৈলা এক ঠাই॥ ১৮০
ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্নি কুবেৰ বৰুণ।
দশদিগপাল যম আসিল তেখন॥
যক্ষ ৰক্ষ পিসাচ দানৱ ভূত প্ৰেত।
পাতালৰ নাগগণ আৰো সৰ্প যত॥ ১৮১
বিভীষণ আসিলন্ত ৰাক্ষসৰ ৰাজা।
লগে লৈয়া ৰক্ষ লক্ষ লক্ষ কোটি প্ৰজা॥
যেই মনুষ্যক পাইলে ৰাক্ষসে খাৱয়।
সেহি মনুষ্যৰ সঙ্গে ভৈলা এক ঠাই॥ ১৮২
এহিমতে সবে আসি একস্থান ভৈল।
সবাকো সম্বোধি ব্ৰহ্মা বুলিবে লাগিল॥
সবে দেৱগণে বিবাহৰ বস্তু দিয়া।
তেবেসে হইবেক জানা মহেশৰ বিয়া॥ ১৮৩
শুনি তেতিক্ষণে দেৱগণে আজ়্া পাই।
আনিলা বস্তুক সবে দূতক পঠাই॥
প্ৰথমতে বিষ্ণুৱে দিলন্ত গুৱা-পাণ।
ব্ৰহ্মা দান কৰিলন্ত চাউল লক্ষ মোন॥ ১৮৪
ইন্দ্ৰে দিলা দধি দুগ্ধ আৰো ঘৃত চিনি।
যতেক লাগিল গুৰ চন্দ্ৰে দিলা আনি॥
সূৰ্য্যে দিলা চিৰা পিঠা সন্দেহ কড়াই।
আউৰ সম্ভাৰ দিলা অনেক দমাই॥ ১৮৫
কুবেৰ দিলেক কিছু সুৱৰ্ণ ৰতন।
মাছ কাছ পহু আদি দিলেক বৰুণ॥
সৰ্পৰাজে দিলে আনি বস্ত্ৰ অলঙ্কাৰ।
বিভীষণে দিলে বহু প্ৰৱালৰ ভাৰ॥ ১৮৬
যমৰাজে দিলে মুণ্ডমালা সাত ধাৰ।
বিশ্বকৰ্মাই বিচাৰিয়া দিলে বাঘছাল॥
এহিমতে গাৱে গাৱে দিলা আগে যাই।
যতেক দিলেক বস্তু লেখন নাযায়॥ ১৮৭
হেমৱন্তে বস্তু খুজি আছে যতমান।
শিৱৰ প্ৰসাদ বলে ভৈল শতগুণ॥
হাতী ঘোঁৰা ৰথ আদি আনিলন্ত যাই।
তাহাত তুলিয়া বস্তু দিলেক পঠাই॥ ১৮৮
বস্তুক সজাই লগে দিলেক বায়ুক।
বোলন্ত গটাই তুমি দিবাহা ৰাজাক॥
শুনি বায়ু সেহি বস্তু সঙ্গে চলি গৈলা।
সব দ্ৰব্য হেমৱন্তক গটাইয়া দিলা॥ ১৮৯
ভৰিল হেমৱন্ত পুৰি দেখিয়া বিস্ময়।
জোৱাৰৰ জল যেন দেখি লাগে ভয়॥
পথতে চলিছে কতো ৰথত তুলিছে।
দমাই দমাই দ্ৰব্য আনিব লাগিছে॥ ১৯০
হিমালয় পৰ্ব্বতত হেমৱন্ত পুৰী।
তহিলৈকে লানি যেন পৰুৱাৰ শাৰী॥
যেন নদী স্ৰোত বহে নাহিকয় ছেদ।
সেহিমতে নাহিকয় ৰাতি দিন ভেদ॥ ১৯১
হেমৱন্তে বোলে বস্তু থৈবে নাহি ঠাই।
বাকী যত আছে মানে নিয়ো ওলোটাই॥
এহিমতে হেমৱন্তে আমনিক পাই।
যাৰ মনে যেই কৰে উলটি নাচাই॥ ১৯২
এহিমতে বিবাহৰ বস্তু দিয়া আছে।
আত অনন্তৰে কহো যেন ভৈল পাচে॥
ব্ৰহ্মাদেৱে বোলে বায়ু বচন শুনিয়ো।
খোৱা লোৱা দ্ৰব্য বস্তু সম্ভাৰ আনিয়ো॥ ১৯৩
যিবা যত আসিয়াছে ভাল মন্দ লোক।
সমস্তকে নিয়া আৱে ভোজন কৰোক॥
সম্প্ৰতি আসন্ত বিভীষণ মহাৰাজ।
লগত আসয় তান বহু লক্ষ প্ৰজা॥ ১৯৪
জানিবাহা তাসম্বাৰ যিবা কিছু লক্ষ্য।
হেন জানি ৰাক্ষসক দিয়া কিছু ভক্ষ্য॥
বৰাহ হৰিণ ছাগ কাছ মাছ মাংস।
ইসবক ভুঞ্জি তাৰা পাওক সন্তোষ॥ ১৯৫
সৰ্পৰাজ অনন্তও আছন্ত আসিয়া।
সন্তোষ কৰিয়ো তাসম্বাক ভক্ষ্য দিয়া॥
ৰাজৰ্ষি ব্ৰহ্মাৰ্ষি আৰো মুনি আছে যত।
দিয়া সমস্তকে দধি দুগ্ধ মধু ঘৃত॥ ১৯৬
শুনি বায়ু তেতিক্ষণে দ্ৰব্য বস্তু আনি।
যাৰ যেন যোগ্য তাঙ্ক দিলা ভিন্নে ভিন্নি।
ৰাক্ষস পিশাচ ভূত প্ৰেত আদি কৰি।
কাই বই সবাৰো নচলে হাত ভৰি॥ ১৯৭
এহিমতে সমস্তকে ভুঢ্জাইয়া আণ্টাইল।
তাত পাছে ঋষিপত্নীগণ খুৱাইল॥
তাত পাছে সমস্তকে গুৱা পাণ দিলা।
এহিমতে ভোজনক সমাপন কৈলা॥ ১৯৮
পানী তুলিবাক পাচে উদ্যোগ কৰিলা।
যতেক আছিল নাৰী সবেও লৰিলা॥
ষাঠি লক্ষ বাজনাক নিয়োজন কৰি।
ঢাক ঢোল মৃদঙ্গ গোমুখ শঙ্খ ভেৰী॥ ১৯৯
বীণা বেণু ডবা কাঁহ তবলা মন্দিৰা।
তানপুৰা ক্ষেমা আদি বাদ্য সুধাধাৰ॥
স্বৰ্গ মৰ্ত্ত্য পৃথিৱীত যতেক আছয়।
সমস্তকে একঠাই কৰিয়া বজায়॥ ২০০
ঋষি মুনি-পত্নী আৰো অপেস্বৰা যত।
গন্ধৰ্ব্ব ৰাক্ষস অসুৰৰ ভাৰ্য্যা যত॥
লক্ষ্মী সৰস্বতী দুয়ো গৈলন্ত মধ্যত।
লক্ষ্মীদেৱী লৈলা কাষে সুৱৰ্ণৰ ঘট॥ ২০১
ডুনৰীক লৈলা মাথে দেৱী সৰস্বতী।
ধূপ দীপ লগান্ত সুগন্ধি তৈল বাতি॥
এহিমতে সবে যেৱে এক থান কৰি।
উৰুলি জোকাৰ দিলা হৰিধ্বনি পাৰি॥ ২০২
বজাইলন্ত বাদ্য ভাণ্ড ভৈলন্ত তৰাস।
টলবল ভৈল শব্দে পুৰিল আকাশ॥
এহিমতে বাদ্য ভাণ্ড সুমঙ্গল গাই।
আকাশী গঙ্গাৰ জল আনিলন্ত যাই॥ ২০৩
নাৰী সমস্তৰ আনন্দৰ সীমা নাই।
কতো হাততালি বাই কতো নাচি যাই॥
হাতত কাচুটি ধৰি নাচি যান্ত বুঢ়ী।
কতো পিশাচৰ নাৰী নাচে ঘূৰি ঘূৰি॥ ২০৪
সুৱৰ্ণৰ পিৰা পাৰে নোৱনী ঘৰত।
মহেশক বহুৱাইলা সেহিসে পিৰাত॥
মাথে তেল পানী দিলা সৰস্বতী আই।
সুৱৰ্ণৰ ফনি লৈয়া কেশক মেলাই॥ ২০৫
নাৰীগণে বেঢ়ি সুমঙ্গল নাম গাই।
সুমঙ্গল গীত গাই জলক ঢালয়॥
উৰুলি দিলেক বেঢ়ি সুন্দৰীসকল।
নানা বাদ্য শব্দে বসুমতী টলবল॥ ২০৬
বাহু বাদ্য বজাৱয় গন্ধৰ্ব্ব কিন্নৰ।
ঘূৰি ঘূৰি নাচে আৰু অপ্সৰী অপ্সৰ॥
বাদ্যৰ শৱদে পূৰিলন্ত দশো দিশ।
নানা ভাৱ ভঙ্গী কৰি কৰ হৰিষ॥ ২০৭
স্নান অৱসান কৰি বস্ত্ৰ আনি দিলা।
দেৱ যোগ্য অলঙ্কাৰ যোগান ধৰিলা॥
সেহি বস্ত্ৰ অলঙ্কাৰ দৰাক পিন্ধাইলা।
বিচিত্ৰ আসন পাতি তাতে বসুৱাইলা॥ ২০৮
মহেশৰ হাতে ফলকটাৰীক দিলা।
তাত পাচে বাদ্য ভাণ্ড অনেক বজাইলা।
একাদশ দিন সেহিমতে সুমঙ্গল॥
মহামহোত্সৱ কৰি ঢালয় জল॥ ২০৯
নোৱাই ধুৱাই কৰ্ম্ম কৰি সমাপতি।
নান্দীমুখ শ্ৰাদ্ধ আদি পাতিলা সম্প্ৰতি॥
পিতৃ মাতৃ আদি যত বিষ্ণু চৰণত।
সবাকো অৰ্পণ কৰি দিলা বিধিমত॥ ২১০
সবাকো সন্তুষ্ট কৰিলন্ত ব্ৰহ্মাদেৱে।
চৰণত পৰি সেৱা কৰিলন্ত শিৱে॥
সবাকো সন্তুষ্ট কৰিলন্ত ব্ৰহ্মাৱে।
চৰণত পৰি সেৱা কৰিলন শিৱে॥
এহিমতে শিৱে কৰ্ম্ম কৰি সমাপন।
সবাকো আনিয়া কৰাইলন্ত জলপান॥ ২২১
কতো কতো ৰন্ধন কতোহো পৰমান্ন।
কতো ফলাহাৰ কতো কৰয় ভোজন॥
এহিমতে খোৱা দাৱা কৰি সমাপন।
যাইবাক লাগি সবে কৰিলা যতন॥ ২১২
শুনা সৰ্ব্বজন ইটো লীলা শঙ্কৰৰ।
জগত ঈশ্বৰে কৰে কৰ্ম্ম মনুষ্যৰ॥
হেন জানি বুদ্ধ জন এৰা আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ২১৩

দুলড়ী

আত অনন্তৰে শুনা জন্মেজয়
পাচে যেন কথা ভৈলা।
যত দৈত দেৱ হুয়া এক সাজু
সবেও কাছিবে লৈলা॥ ২১৪
ভাল ভালবস্ত্ৰ হাত ধৰি অস্ত্ৰ
সবে সাজু হৈয়া ৰৈলা।
তাত পাচে হৰ বৰৰ সাজক
কাছিবাক আৰম্ভিলা॥ ২১৫
সৰ্পৰাজ যিটো অলঙ্কাৰ দিলা
তাহাক কণ্ঠে পিন্ধিলা।
নানা বৰণৰ সৰ্পগণ যত
সুৱৰ্ণ জটে আঁৰিলা॥ ২১৬
কতো কতো সৰ্প দেখি মনোহৰ
মাণিকৰ জ্বলে কান্তি।
কতো ৰক্তবৰ্ণ হিঙ্গুল সদৃশ
নীলকান্তৰ কতো কান্তি॥ ২১৭
কতো শ্যামবৰ্ণ কতোহো হৰিদ্ৰা
কতো হোৱে গৌৰবৰ্ণ।
সুৱৰ্ণৰ কতো বৰণ ধৰয়
কতো মাণিকৰ বৰ্ণ॥ ২১৮
পোৱাল বাখৰ মুকুতাৰ হাৰ
কতো বৰ্ণ ফটিকৰ।
হেন সৰ্পগণ অলঙ্কাৰ কৰি
পিন্ধাইলন্ত দুই কৰ॥ ২১৯
শিৰত কিৰীটি কৰ্ণত কুণ্ডল
গলপাতা দিলা গলে।
কেয়ুৰ কঙ্কণ কৰে সুশোভন
হৃদয়ত হাৰ জ্বলে॥ ২২০
দশো আঙ্গুলিত আঙ্গুঠি পিন্ধিলা
নূপুৰ পিন্ধিলা তাঙ্কি।
পিন্ধিলন্ত ঢাকি নাথাকিল বাকী
দেখি আতি চিকিমিকি॥ ২২১
শৰীৰৰ কান্তি প্ৰকাশয় আতি
যেহেন সূৰ্য্যৰ জ্যোতি।
নাহি সৰিবৰি দেখিতে সুন্দৰ
যেহেন মণিৰ জ্যোতি॥ ২২২
আয়োজন কৰি বিশ্বৰ্কমা গঢ়ি
দিলা এক বাঘছাল।
চাৰিও কাষৰে পোৱাল বাখৰে
দেখিবাক আতি ভাল॥ ২২৩
সেহি ছাল খানি বান্ধিলন্ত আনি
আপোনা শৰীৰে ধৰি।
দেখিতে সুন্দৰ আতি মনোহৰ
পিন্ধিলা আনন্দ কৰি॥ ২২৪
এহিমতে কাছি সাজি পাৰি হৰে
পৰম আনন্দ ভৈলা।
তাহাৰ বাহন বৃষভক আনি
যাতেক সজাইবে লৈলা॥ ২২৫
সুৱৰ্ণৰ ঘণ্টা গলত আঁৰিলা
পাৱত নূপুৰ জ্বলে।
কপালত দিলা মাণিকৰ ফোঁট
গলত গলপাতা জ্বলে॥ ২২৬
সুৱৰ্ণ কিঙ্কিণী কৰে ৰুণ ঝুন
গাদিক বান্ধিলা টানি।
সৰ্ব্বাঙ্গ সুন্দৰে সজায় পৰায়া
আগতে দিলন্ত আনি॥ ২২৭
শুনা সৰ্ব্বজন থিৰ কৰি মন
শিৱ-পাৰ্ব্বতীৰ কথা।
ঈশ্বৰ ঈশ্বৰী হুয়া অৱতাৰ
ধৰন্ত মনুষ্য প্ৰথা॥ ২২৮
পাতিলন্ত বিয়া ৰাখিলন্ত চিয়া
কৰিলা গুণ প্ৰকাশ।
ইহাক যিসৱে একচিত্তে শুনে
পাৱে শিৱলোকে বাস॥ ২২৯
হেন জানি নৰ একচিত্ত ধৰ
আন সব কাম এৰি।
আপুনিৰো তৰা পুৰুষ উদ্ধাৰা
ডাকি বোলা হৰি হৰি। ২৩০

পদ

বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
কছি পাৰি সাজু যেৱে ভৈলা মহেশ্বৰ॥
নিশান কোবাই জান দিলা সমস্তকে।
শুনি কাছি পাৰি লাগ লৈলা সৰ্ব্বলোকে॥ ২৩১
ৰথে গাজ সম্ভাৰক তুলিলা যোগাই।
আগ কৰি পঠাই দিলা হেমৱন্তৰ ঠাই॥
পাছতে লৰিলা শুভক্ষণে যাত্ৰা কৰি।
যত দেৱ মহেশক চলিলা আৱৰি॥ ২৩২
যক্ষ ৰক্ষ পিশাচ আছয় যতমান।
চলিবে লাগিলা সবে নিজ নিজ স্থান॥
গৰুড়ৰ স্কন্ধে বিষ্ণু ব্ৰহ্মা হংসযানে।
ঐৰাৱত স্কন্ধে ইন্দ্ৰদেৱে বিদ্যমানে॥ ২৩৩
পাৰাৱতে লক্ষ্মী চেলা যানে সৰস্বতী।
পুষ্পক ৰথত চড়ি যান্ত শচী সতী॥
শশা স্কন্ধে চন্দ্ৰ যায় মহানন্দ কৰি।
হৰিণ স্কন্ধত যায় বায়ুৰাজ চড়ি॥ ২৩৪
ছাগলত অগ্নি যায় বৰুণ মগৰে।
মহিষত যম যায় মনুষ্যে কুবেৰে॥
এহিমতে নিজ নিজ যানে দেৱ যত।
ৰাক্ষস অসুৰ যাই শুনা যেন মত॥ ২৩৫
দশগোট দন্তালে বহয় ৰথখান।
সেহি ৰথে চলি যায় ৰাজা বিভীষণ॥
তান লাগে আছে মুখ্য সেনাপতি যত.
কতো জন যায় বৰাহৰ ওপৰত॥ ২৩৬
বিড়ালত যেৱে কতো কতো নেউলত॥
কেৰ্কেটুৱাৰ স্কন্ধে যায় কতোজন।
চিলা ফেঁচা শগুণত কৰয় গমন॥ ২৩৭
কাউৰীত যায় কতো কতো বগলীত।
তেলিয়া সাৰেঙ্গে যাই কতো বাদুলিত॥
উইচিৰিঙাত কতো কতো ফৰিঙত।
পশু পক্ষী কীট পতঙ্গত চড়ে কত॥ ২৩৮
এহিমতে সৰ্ব্বলোকে হুয়া একঠাই।
চলিবে কৰিলা যুক্তি শুভক্ষণ চাই॥
বৃষভত উঠি শিৱে কৰিলন্ত যাত্ৰা।
লক্ষ লক্ষ গীত গাই বজাইলেক ঘণ্টা॥ ২৩৯
সেহি শব্দ শুনি আতি গজ থমকিলা।
টলবল কৰি কিছু মন্দৰ লৰিলা॥
কতো কতো লোকে বোলে ভূমিকম্প যায়।
ধ্যান ভাঙ্গি যোগী ঋষি চকু মেলি চাই॥ ২৪০
কেহো বোলে কৈত বা পৰিল বজ্ৰপাত।
কেহো বোলে পৃথিৱীত মেলিলন্ত ফাট॥
এহি বুলি সবেও কৰিলন্ত গলাগপা।
কাণ ফাটে বুলি কেহো কাণে লন্ত সোপা॥ ২৪১
এহিমতে গাই বাই হৰ চলি যায়।
কত প্ৰজা চলে তাৰ কোনে অন্ত পায়॥
দীৰ্ঘে দশক্ৰোশ পথালি পঞ্চক্ৰোশ।
কোনে কহিবাক পাৰে প্ৰজাৰ যে ঘোষ॥ ২৪২
অনেক বছৰ লেখি কোনে অন্ত পাই।
গায়ন বায়ন সাত লক্ষ যোৰা যাই॥
নট ভাট নৰ্ত্তক নৰ্ত্তকী অপৰ্য্যন্ত।
ভূত প্ৰেত পিশাচেও নাচি বাগী যান্ত॥ ২৪৩
বাদ্যৰ শৱদে ধৰা কৰে টলবল।
তাহান শৱদে মেৰু মন্দৰ লৰিল॥
সীমা সংখ্যা নাহি সঙ্গে চলে যত ঘোঁৰা।
যত গজ পদাতিক নাহিকয় ওৰা॥ ২৪৪
কৰ্ণে তাল লাগে গজঘণ্টাৰ আস্ফাল।
প্ৰজাৰ ভিতৰ যেন যায় ভূমি চাল॥
এহিমতে পাইলা যায় হেমৱন্ত পুৰী।
শৱদ শুনিয়া লগাইলেক হুৰাহুৰি॥ ২৪৫
গলাগপা কৰে সবে কৰে উসমিস।
কি কহিবো কৈক যাইবো নাহি পান্ত দিশ॥
নাৰীসকলৰ শুনি পৰম উত্সৱ।
জোঁৱাই সাজেৰে আজি দেখিবোহো শিৱ॥ ২৪৬
যোগীগণে ধ্য়ান কৰি নপাৱয় যাক।
সাক্ষাতে দেখিবো আজি হেন মহেশক॥
এহিমতে পৰ্ব্বতীয়া নাৰীগণ যত।
বাৰ্ত্তা শুনি সবেও ভৈলেক উনমত॥ ২৪৭
আসা আই বাই সবে পদূলিক যাওঁ।
শিৱ বিষ্ণু আসি আছে নেত্ৰভৰি চাওঁ॥
কৃষ্ণক দেখিবে সবে আকুল স্বভাৱে।
লৰালৰি কৰি সবে কৃহৰ বজাৱে॥ ২৪৮
পিন্ধিলা অঞ্জন মাত্ৰ এগোটা নয়নে।
নূপুৰ আঁৰিলা নিয়া এগোটা চৰণে॥
আঁৰেসাতসৰী হাৰ দিয়া কঙ্গালত।
হাতৰ ভূষণ নিয়া বান্ধয় মূৰত॥ ২৪৯
কণ্ঠৰ ভূষণ নিয়া কৰ্ণত আঁৰিলা।
বৰক দেখিবে লাগি আথেবেথে গৈলা॥
পিন্ধিবাক লাগি বস্ত্ৰ আনে উলিয়াই।
গাৱৰ বস্ত্ৰক পিন্ধি থৱে সোলোকাই॥ ২৫০
এহিমতে অন্যো অন্যে শুনি যায় কথা।
উল্লাসিত হুয়া সবে লৰিলন্ত তথা॥
কতোজনী সুখে গৈয়া শুতিয়া আছিলা।
খক মক কৰি উঠি লৱৰিয়া গৈলা॥ ২৫১
হল ফল কৰে স্তন চুলিও মুকলি।
কঙ্কালৰ বস্ত্ৰ পৰে বাটতে সুলকি॥
এহিমতে উলাহতে আনন্দিত গাৱ।
কৈত শিৱ বুলি সবে আনন্দিত ভাৱ॥ ২৫২
কেহোজনী দেখাৱে আঙ্গুলি থিয় কৰি।
দেখিয়ো আসিছে সিটো গৰুড়ত চৰি॥
দেখিয়োক আই কেনে নয়নৰ সুখ।
পূৰ্ণিমাৰ চন্দ্ৰ যেন হাসো হাসো মুখ॥ ২৫৩
ভালেতো মোহিলে গোকুলৰ গোপীগণ।
ইহাঙ্ক দেখিয়া কোনে তাপৰিবে মন॥
কৃষ্ণৰ কথাক পূৰ্ব্বে কৰ্ণে আছো শুনি।
হেন মাধৱক আজি দেখোহো আপুনি॥ ২৫৪
কৃষ্ণৰ কটাক্ষ হাস্যে বৰিষে অমৃত।
আঙ্ক পাই নাৰীসবে ভৈলন্ত তৃপিত॥
মহেশৰ ৰূপক দেখিয়ো আই বাই।
এনুৱা ৰূপক আমি কৈতো দেখা নাই॥ ২৫৫
হেমৱন্ত ৰাজাৰ দুই চক্ষু খাই।
জীয়েকক দিলা ৰাজা ভাল দৰা চাই॥
কৃষ্ণ যেৱে জোঁৱাই হুই পৰ্ব্বতৰ জায়া।
ইহাঙ্ক নিদিয়া দিয়ে মহেশক বিয়া॥ ২৫৬
আপোনাৰ চক্ষু থাকি কণা হেন হই।
নেদেখয় বাট পথ ফুৰে খেপিয়াই॥
হেনয় লিখিত কপালত পাৰ্ব্বতীৰ।
নিচিনি নজানি স্থিৰ কৰিলেক বৰ॥ ২৫৭
এহিমতে গলাগলি কৰে নাৰীগণ।
গাই বাই চলি যায় সবে দেৱগণ॥
পথৰ ব্যৱস্থা আছে এহিমানে থওঁ।
হেমৱন্তৰ কাহিনীক কিছুমান কওঁ॥ ২৫৮
শিৱ বিষ্ণু আসিবাক শুনি হেমৱন্ত।
উগুল থুগুল চিত্ত নাহিকয় শান্ত॥
কি কৰিবো কৈক যাইবো নপাৱন্ত দিশ।
হেমৱন্ত পুৰীগোট ভৈল উসমিশ॥ ২৫৯
ব্ৰহ্মা বিষ্ণু হৰ আসিয়াছে যে ৰথত।
আগবঢ়াইবাক লাগি কৰিলা যুগুত॥
বাহিৰৰ কথা আৱে এহিমানে থওঁ।
ভিতৰৰ কথা শুনা কিছুমান কওঁ॥ ২৬০
সেহিবেলা মেনকা ৰাজাৰ মহাদই।
কিঙ্কৰীসবক আৱে মাতিয়া আনয়॥
পাৰ্ব্বতীৰ গাৱত ঘঁসিয়ো তেলকুল।
আনিয়ো পঞ্চাশ ঘট সুবিমল জল॥ ২৬১
সুৱৰ্ণৰ ভৃঙ্গাৰ ধৰি সাধৱা সকলে।
পাৰ্ব্বতীক নোৱাইলন্ত অতি কৌতূহলে॥
গাৱ মচি দিব্য পীত বস্ত্ৰ দিলা আনি।
প্ৰবন্দে পিন্ধিলা তাক আপুনি গোসাঁনী॥ ২৬২
ৰত্নৰ মেখলা তাক বান্ধিলা কঁকালে।
মুঠিত লুকাই যেন বতাহত হালে॥
আপুনি বান্ধিলা দেৱী উচ্চ কৰি খোপা।
মালতী ফুলৰ ভিতৰত দিলা থোপা॥ ২৬৩
শিৰত সিন্দুৰ আগৰুৰ দিলা ফোঁট।
কৰ্ণত কুণ্ডল মাথে পিন্ধিলা মুকুট॥
ৰত্ন চাকিশলা জ্বলে ওপৰ কৰ্ণত।
ৰত্নময় গলপাতা জ্বলয় গলত॥ ২৬৪
হৃদয়ত জ্বলে জিলিমিলি পেচন্দৰ।
বাহুত সুৱৰ্ণ বাজু কঁকালত হাৰ॥
কপালে মাণিক জ্বলে আতিশয় জ্যোতি।
দশো আঙ্গুলিত জ্বলে ৰত্নৰ আঙঠি॥ ২৬৫
ৰত্নৰ নূপুৰ পাৱে ৰুণ ঝুন বাজে।
প্ৰয়াণক লাগি যেন কামদেৱে সাজে॥
এহি্মতে দেৱীত সাজায়া ৰঙ্গমনে।
অনেক মঙ্গল গীত গাইলা নাৰীগণে॥ ২৬৬
তাত পাচে সূৰ্য্য অস্ত হুইয়া গইলা।
হৰ বিষ্ণু আহি কলা গুৰিত ৰহিলা॥
বিধিৰ নিয়ম মান ধৰিবাক পাই।
সেহি হেতু তহিতে আছয় বাট চাই॥ ২৬৭
শুনি হেমৱন্তে পাদ্য অৰ্ঘ্য ধূপ দিলা।
বস্ত্ৰ অলঙ্কাৰ সবে যুগুত কৰিলা॥
চলি যান্ত হেমৱন্ত দৰা আদৰিবাক।
লগতে চলিয়া যান্ত পৰ্ব্বত যতেক॥ ২৬৮
পাৰ্ব্বতীৰ বাদ্যক বজাৱে শত শত।
সীমা সংখ্যা নাহি তাৰ বাদ্য বাজে কত॥
পাইলা গৈয়া পাচে শিৱৰ সমীপক।
বিষ্ণুক কৰিলা পূজা ৰাজা প্ৰথমত॥ ২৬৯
আত অনন্তৰে পূজা কৰিলা শিৱক।
পাচে ব্ৰহ্মা আদি কৰি সমস্তদেৱক॥
এহিমতে পূজা কৰিলন্ত হেমৱন্ত।
তাত পাচে মেনকায়ো আদৰিলন্ত॥ ২৭০
মন সতকাৰ সবে কৰিলন্ত য়াই।
বসিলন্ত শিৱ বিষ্ণু সভাঘৰ পাই॥
বসিবাক লাগি সবাকো আসন দিয়াছে।
যথাযোগ্য আসনত বসিলন্ত পাচে॥ ২৭১
পূৰ্ব্বদিশে ব্ৰহ্মা বিষ্ণু আদি দেৱ যত।
পশ্চিমত বসিলন্ত যতেক পৰ্ব্বত॥
উত্তৰত বসিলন্ত যত ৰাজা প্ৰজা।
দক্ষিণত বসিলন্ত বিভীষণ ৰাজা॥ ২৭২
ব্ৰহ্মাৰ্ষি বসিলা আৰু ৰাজৰ্ষি যত যত।
সকলে বসিলা পাৰ্ব্বতীৰ ওচৰত॥
লক্ষ্মী সৰস্বতী বসে পাৰ্ব্বতীৰ সঙ্গে।
কথা পাতিবাক লৈলা মনে আতি ৰঙ্গে॥ ২৭৩
হাসে হসুৱাই কতোজনী নচুৱাই।
পাৰ্ব্বতীৰ মুখ চাই ওৰণি গুচাই॥
যোৰা নাম গাই শিৱ পাৰ্ব্বতীক যুৰি।
কৰতালি বাই নচুৱাই যত বুঢ়ী॥ ২৭৪
এহিমতে নানা ভাৱে কৰিয়া হৰিষ।
নাৰীগণে নাম গাই কৰিয়া বিশেষ॥
ভিতৰৰ কথা আৱে এহিমানে থওঁ।
আত অনন্তৰে বাহিৰৰ কথা কওঁ॥ ২৭৫
বিবাহৰ কৰ্ম্ম ব্ৰহ্মাদেৱে কৰিলন্ত।
বিবাহৰ মণ্ডপক পাতিয়া থৈলন্ত॥
তাহাতে পাতিলা আনি গণপতি ঘট।
তাহাতে লগাইলা আনি ধূপ দীপ যত॥ ২৭৬
গৰ্গমুনি আসিলন্ত হাতে বিধি লই।
ব্ৰহ্মাদেৱে কুশাঙ্গুষ্ঠি আপুনি পিন্ধিলা।
পাদ্য অৰ্ঘ্যে মধুপৰ্কে কৃষ্ণক পূজিলা॥ ২৭৭
হেমৱন্ত গৈয়া কুশ হস্তত পিন্ধিলা।
আচমন কৰি বিষ্ণু স্মৰি শুদ্ধ ভৈলা॥
ব্ৰহ্মা মন্ত্ৰ পঢ়ি শিৱ হাতে পাদ্য দিলা।
মধুপৰ্ক দিয়া পাচে হৰক বৰিলা॥ ২৭৮
ব্ৰহ্মায়ে বোলন্ত আৱে মেনকা শুনিয়ো।
শীঘ্ৰে কৰি যোৱা তুমি কন্যাক আনিয়ো॥
শুনিয়া মেনকা তেতিক্ষণে চলি য়াই।
কন্যাক আনিলা গৈয়া বিবাহৰ ঠাই॥ ২৭৯
সেহি সময়ত বৰ শৱদ উঠিল।
বাদ্যৰ শৱদ গৈয়া আকাশ চুইল॥
অসংখ্য নটুৱা নাচে আৰু অপেশ্বৰী।
হৰিধ্বনি দেন্ত সৱে আৰম্ভ উৰুলি॥ ২৮০
বীণা বাদ্য বাজে কতো নাহি লেখা জোখা।
একেবাৰে উঠে সবে লক্ষ লক্ষ ওজা॥
কতো স্থানে গাৱে সবে কৃষ্ণৰ কীৰ্ত্তন।
শিৱ নাম কতো স্থানে পৰশে গগন॥ ২৮১
যতেক আসয় আৰু পৰ্ব্বতীয়াসকল।
আপোনাৰ সবে মিলি গাৱে সুমঙ্গল॥
ভূত প্ৰেত পিশাচেও নাচে আনন্দত।
অপ্সৰা কিন্নৰো মত্ত সবে উল্লাসিত॥ ২৮২
বৈশম্পায়ন বদতি শুনিয়ো নৰপতি।
সভাত প্ৰৱেশ যেৱে ভৈলন্ত পাৰ্ব্বতী॥
বেদ বিধিমতে নিয়া মাতে ফুল দেন্ত।
আনিয়া পিতৃৰ সমীপত বসাইলন্ত॥ ২৮৩
ব্ৰহ্মায়ে বোলন্ত শুনা শিৱ মোৰ বাক।
আত অনন্তৰে শুনিয়োক সভাৰাজ॥
হেন কথা ভৈলে যেৱে সভাৰ মাজত।
তেতিক্ষণে আনি বসুৱাইলা পাৰ্ব্বতীক॥ ২৮৪
পাৰ্ব্বতীৰ ৰূপে শোভা কৰে চতুৰ্দিশি।
শৰত কালত যেন পূৰ্ণিমাৰ শশী॥
ঋষি মুনি তপস্বী আছিল মানে যত।
দেৱীৰ ৰূপক দেখি ভৈলা চমকিত॥ ২৮৫
বিষ্ণু মুগ্ধ ভৈলা আন কাৰেই বা লেখা।
দেখা সভাজনৰ ভৈল যিমত অৱস্থা॥
কাম লোভ সাৰিবাৰ নাহিকে শকতি।
সবেও ভৈলন্ত যেন নৰাৰ প্ৰত্তুতি॥ ২৮৬
হেন জানি কাম ক্ৰোধ আদি পৰিহৰি।
সমস্ত সমাজে ডাকি বোলা হৰি হৰি॥ ২৮৭

ঝুমুৰা

পাৰ্ব্বতীৰ ৰূপ দেখি।
বিস্ময় ভৈলেক আখি॥
হৰিলোক শ্ৰুতি জ্ঞান।
বাতুলৰ যেন থান॥ ২৮৮
এৰিলেক লাজ যত।
কতো ভৈল উনমত্ত॥
কতো চাৱে চক্ষু ঠাৰে।
জানো মোত দৃষ্টি পৰে॥ ২৮৯
কতো বোলে দেখো মুখ।
নলাগয় স্বৰ্গ সুখ॥
কতো চাৱে ভৰিলৈকে।
জানো দেখো আঙ্গুলিকে॥ ২৯০
আক দেখি প্ৰাণ পাইবো।
নেদেখিলে মৰি যাইবো॥
দাস কৰি লৈছে মোক।
দূৰ হৌক দুখ শোক॥ ২৯১
এহিমতে সভাখান
ভৈল আতি অন্তৰ্ধান॥
সৰ্পসব জৰ্জ্জৰিত।
সবে তুলিলেক ফেট॥ ২৯২
ৰাক্ষস পিশাচ যত।
সিও ভৈল উনমত্ত॥
যোগী মুনি ঋষি যত।
সবেও এৰিলে তত্ত্ব॥ ২৯৩
কামবাণ লাগি গাত।
গাৱে কৰে জাত জাত॥
লাজ জ্ঞান ভৈল বাজ।
এৰিলেক লাজ-কাজ॥ ২৯৪
কপিঙ্গ গৈলেক খসি।
ৰৈলা মনে বিমৰিষি॥
ব্ৰহ্মাও গৈলেক ভোল।
এৰিলেক মাত বোল॥ ২৯৫
এৰিলেক স্ৰুৱ স্ৰুচ।
কামবাণে মুচ কুচ॥
কথমপি ধৈৰ্য্য ধৰি।
স্ৰুৱ লৈলা বিষ্ণু স্মৰি॥ ২৯৬
শুনিয়োক সভাসদ।
দেখা কেনে অদভুত॥
ঈশ্বৰ ঈশ্বৰী হুই।
আসি আছে সাজু হুই॥ ২৯৭
তাহাৰ পাতিছে বিয়া।
সংসাৰে ৰাখিছে চিয়া॥
পৰবস্তু পৰধন।
তাহাতে যাহাৰ মন॥ ২৯৮
ইহলোকে দুখ পায়।
মৰিলে নৰকে যায়॥
হেন জানি বুধজন।
তাহাত নিদিবা মন॥ ২৯৯
এৰিয়োক পৰ আশা।
নামত লৈয়োক বাস॥
তৰিবাৰ কৰা কাম।
ডাকি বোলা ৰাম ৰাম॥ ৩০০

পদ

ঋষিয়ে বোলন্ত ৰাজা শুনা সাৱধানে।
হৰ-গৌৰী দুহান্তক কৰি এক থানে॥
উৰুলিক দিয়া লগ্নগ্ৰন্থি বান্ধিলন্ত।
সেহিবেলা ব্ৰহ্মা হেমৱন্তক পুছিলন্ত॥ ৩০১
তোমাৰ কহিবে লাগে যদি কথা থাকে।
এহি সময়ত তাক কহিবাক লাগে॥
শুনি হেমৱন্তে কতা কহিলন্ত পাছে।
মোৰ বংশ পৰিবাৰ যত আসি আছে॥ ৩০২
সমস্তকে লাগে মান দান ধৰিবাক।
এহি কথা পূৰ্ব্বে মই কহিলো হৰক॥
শুনি ব্ৰহ্মা তেতিক্ষণে বায়ুত কহিলা।
বস্ত্ৰ অলঙ্কাৰ আনি সমস্তকে দিলা॥ ৩০৩
হেমৱন্ত পুনৰপি ব্ৰহ্মাক বদতি।
শুনিয়োক ব্ৰহ্মাদেৱ মোহোৰ মিনতি॥
আমাৰ মেনকা ভাৰ্য্যা অতি কুপ্ৰকৃতি।
শিৱৰ ৰূপক দেখি হইছে বিচূৰ্ত্তি॥ ৩০৪
অনেক প্ৰকাৰে বুজাই কৰিলোহো শান্ত।
তথাপি তাহাৰ মনে নভৈলেক ক্ষান্ত॥
এতেকে ভাৰষা মই কৰিলো তোমাত।
ভালকৈ বুজোৱা যেন তুমিও শিৱক॥ ৩০৫
অল্প বছৰীয়া মোৰ পাৰ্ব্বতী জীয়াই।
নাজানে নুশুনে একো দেখাওতা নাই॥
এহি বুলি ব্ৰহ্মা আগে কহিলা বুজাই।
শুনিয়া মেনকা মাতিলন্ত থেহেৰাই॥ ৩০৬
জীয়েকক পালিৱন্ত শিৱক বুজাই।
যদি ফেটী সাপে খোঁট মাৰিয়া নেখাই॥
সুৱৰ্ণ মাণিক মণি তেজিয়া পোৱাল।
সিসবক এৰি লৈল সৰ্প বাঘছাল॥ ৩০৭
ঈশ্বৰ বুলিয়া ভাষ ধৰি ফুৰে হৰে।
ভাঙ্গ খুন্দা খাই ঈশ্বৰৰ লীলা কৰে॥
হৰে যে এনুৱা ভাষ ধৰিয়া ফুৰয়।
ব্ৰহ্মা বিষ্ণু দুয়োজনে কিয় নধৰয়॥ ৩০৮
মায়াৰূপ দৰশাই মোক ভাণ্ডিলেক।
শুনি তেতিক্ষণে সৰ্পে খোঁট মাৰিলেক।
বিনাই কান্দন্ত দেৱী সমাজত পৰি।
দেখি সভাসদে বোলে হৰ বিষ্ণু হৰি॥ ৩০৯

লেছাৰি

মহেশক নিন্দা কৰিলেক সৰ্পে আসি খোট মাৰিলেক
বিষে জৰ্জৰিত চেতন নাহিকে গাত।
গাৱে একো তত্ত্ব নাহিকয় মেনকা সুন্দৰী বিনায়
ধৰিলন্ত আসি জোঁৱাই শাহুৰ মান॥ ৩১০
দেখা সৰ্ব্বলোক কি কৰিলে সৰ্প মেলি খুৱাই মোক মাৰিলে
অকাৰণে শিৱে বধিলে মোৰ পৰাণ।
মাতিয়া জোঁৱাই আনিলোহো বিস্ময় মানিয়া বুলিলোহো
সেহি বচনক পেটে লোৱা কোপ কৰি॥ ৩১১
নেদেখিলো অলঙ্কাৰ ভাল গলে মুণ্ডমালা বাঘছাল
ৰূপ দেখি বুলিলোহো নিন্দা কৰি।
ভূত প্ৰেত সঙ্গৰ শিৱক নিদিও বোলা কন্যা হেন বাক
বুলিলোহো হেনয় বচন শিৱ আগে॥ ৩১২
হেন বচনক ধৰি মনে কৰিলে কপট অকাৰণে
সেহিসে কাৰণে মোক খুৱাইলেক সাপে।
শুনা সৰ্বজন একমনে হেনয় কথাক নকয় কোনে
মায়া বদ্ধ কৰি বিবাহক কৰে জীক॥ ৩১৩
হেনয় কৰিয়া কৰে বিয়া সংসাৰ জুৰিয়া ৰাখে চিয়া
শিৱক প্ৰশংসা কৰিবেক সৰ্ব্বলোক।
যিহোক সিহোক কপালত বিধিয়ে লিখিলে যেনমত
পাৰ্ব্বতী জীৰ গতি কি হৈবে পাছে॥ ৩১৪
আই হেৰ পাৰ্ব্বতী সুচৰিতা দেখা ইটো কেনে বিপৰীত
সমস্ত সমাজে চাহি আছে নেত্ৰ ভৰি।
হেন মোৰ আই সৰ্পে খাই বিষে কণ্ঠপ্ৰাণে ধাতু যায়
জানিলোহো মই চলি যাওঁ যমপুৰী॥ ৩১৫
আহা মোৰ আই কোলে লওঁ হৃদয়ৰ জুই পলুৱাওঁ
কেতিক্ষণে জানো মই যাইবোহো মৰি।
বিষ দুখে কান্দে মেনকাই পাৰ্ব্বতীক স্মৰি কৰে হাই
দেখি গৌৰী মনে অনেক দুখ কৰি॥ ৩১৬

পদ

বৈশম্পায়ন বদতি শুনিয়ো ৰাজা পাছে।
সৰ্পবিষে মেনকায়ো কান্দি কান্দি আছে॥
শুনিয়া পাৰ্ব্বতী দেৱী মনে পাই ত্ৰাস।
লাজত থাকিয়া দেৱী নকৰে প্ৰকাশ। .৩১৭
তথাপি মনত কৰি আছয় বিবাদ।
ব্ৰহ্মাদেৱ জানিলন্ত পাৰ্ব্বতী বিষাদ॥
ধন্বন্তৰি পাঞ্চিলন্ত মেনকাৰ ঠাই।
তাক দেখা মাত্ৰে বিষ দূৰে চলি যাই॥ ৩১৮
ব্ৰহ্মায়ো বোলন্ত মেনকা শুনিয়োক।
যাৰ যিবা লাগে মানে তাক বুলিয়োক॥
শিৱ পাৰ্ব্বতীৰ আৱে লাগি আছে যোৰা।
অকাৰণে কিয় তাত হকা বাধা কৰা॥ ৩১৯
সেহিসে কাৰণে তুমি পাইলা এত দুখ।
ক্ষমিয়োক জোঁৱাইৰ বঢ়া টুটা দোষ॥
বিধিৰ লিখন আছে পূৰ্ব্বে কপালত।
অৱশ্যে তোমাৰ কন্যা পৰিবে হৰত॥ ৩২০
মেনকা বোলয় প্ৰভু তুমিয়েসে বিধি।
তোমাৰ নিমিত্তে হোৱা সৰ্ব্ব কাৰ্য্য সিদ্ধি॥
তোমাৰ বুদ্ধিয়ে ভুলাইলেক হেমৱন্তক।
তোমাৰ বুদ্ধিয়ে হৰে পাইলে পাৰ্ব্বতীক॥ ৩২১
তোমাৰ বুদ্ধিয়ে হৰ-সৰ্পে মোক খাই।
তোমাৰ বুদ্ধিয়ে গৌৰী মনে দুখ পাই॥
ইসব গুণিয়া ব্ৰহ্মা নেদন্ত সিদ্ধান্ত।
পুনঃ পুনঃ বোলে তুমি হুয়োক মন শান্ত॥ ৩২২
সৰ্ব্বসিদ্ধি ভৈল গৌৰীৰ শিৱ ভৈলা বৰ।
তোমাৰেসে জী-জোঁৱাই তোমাৰেসে ঘৰ॥
অনেক বুজায়া ব্ৰহ্মা মৌন হুয়া ৰৈলা।
হোম দিবে লাগি তান সাৰোগত ভৈলা॥ ৩২৩
গৰ্গমুনি পুছিলন্ত সম্প্ৰদান কালে।
পিতৃপিতামহ নাম কোৱা বাছা ভালে॥
শুনি ব্ৰহ্মা বুলিলন্ত শুনা মুনিবৰ।
শঙ্কৰ পিতাৰ নাম পিতামহ হৰ॥ ৩২৪
প্ৰপিতামহৰ নাম দেৱ পুৰন্দৰ।
শিৱগোত্ৰে কন্যাদান কৰা গিৰিবৰ॥
এহি কথা শুনি শিৱ আনন্দিত মন।
হেমৱন্তে পাৰ্ব্বতীক কৰে সমৰ্পণ॥ ৩১৫
দুইজনৰ কথাত দিলন্ত দূৰ্ব্বাক্ষত।
নাৰীগণে হুৰাহুৰি দেন্ত উৰুলিক॥
কন্যা সম্প্ৰদান কৰি লগ্নগাণ্ঠি দিলা।
মন্ত্ৰ অভিষেক কৰি ঘৃতক ঢালিলা॥ ৩২৬
যৌতুকৰ বস্তু আনি দিলা হেমৱন্তে।
সবাকো উছৰ্গি দিলা কন্যাৰ লগতে॥
বিষ্ণুৱে উছৰ্গে দুই সাজ অলঙ্কাৰ।
কিঙ্কিণী বলয়া আদি আৰু হেমহাৰ॥ ৩২৭
উছৰ্গিলা ব্ৰহ্মায়ে কপিলা দশগোট।
সবাৰো কপালে জ্বলে মাণিকৰ ফোঁট॥
ইন্দ্ৰে উছৰ্গিলা পাছে কুণ্ডল সুৱৰ্ণ।
শশী উছৰ্গিলা আনি দেৱাঙ্গ ভূষণ। .৩২৮
চন্দ্ৰে উছৰ্গিলা শিলা সাতোখান হীৰা।
বসিবাক শুতিবাক দিলা ছালপিৰা॥
সূৰ্য্য উছৰ্গিলা আৰু মণি সূৰ্য্যপট।
সূৰ্য্যসম জ্বলে আনি দেখি ফটফট॥ ৩২৯
একগোট মণি আছে নেলাগে অগনি।
মাগিলে সুৱৰ্ণ বৰিষয় একমণি॥
আউৰ মণি আছয় ৰাত্ৰক দিন কৰে।
আউৰ মণিগোটে ক্ষুধা পিপাসাক হৰে॥ ৩৩০
আউৰ মণিগোট কৰে সংগ্ৰামত জয়।
আউৰ মণি লৈলা নাহি কৈতো হন্তে ভয়॥
এহিমতে মণি সূৰ্যে উছৰ্গিয়া দিলা।
যত আছে ভাগে ভাগে সবে উছৰ্গিলা॥ ৩৩১
বায়ুৰাজে উছৰ্গিয়া দিলা ভস্মধূলা।
সৰ্পৰাজে ৰত্নহাৰ উছৰ্গিয়া দিলা॥
বিভীষণে উছৰ্গিলা সুৱৰ্ণৰ হাৰ।
বৰুণে উছৰ্গি দিলে মুকুতাৰ হাৰ॥ ৩৩২
আন আন দেৱগণে সবে উছৰ্গিলা।
যাৰ মনে যিবা ধৰে তাকে উছৰ্গিলা॥
ৰাক্ষস পিশাচ ভূত প্ৰেত আদি কৰি।
উছৰ্গে সবেও নিজ শক্তি অনুসৰি॥ ৩৩৩
লক্ষ লক্ষ উছৰ্গিয়া দিলা হাতী ঘোঁৰা।
মহিষ মেথোন গঁড় নাহিকয় ওৰা॥
দৌল দৌল হুয়া বস্তু সব পৰি ৰৈল।
হেমৱন্ত পুৰীখান ৰত্নময় ভৈল॥ ৩৩৪
কতো জনে উছৰ্গিলা সুৱৰ্ণ সঁফুৰা।
কতোজনে উছৰ্গিলা আৰো ভাঙ্গ যে ধতুৰা।
কতো কতো জনে উছৰ্গিলা আনি ভাঙ্গ।
কতোজনে উছৰ্গিলা ভাঙ্গ খুন্দা দাঙ্গ॥ ৩৩৫
পাছে ব্ৰহ্মাদেৱে হোম অগনিত দিলা।
আখৈ পিঠা আছে যত অগ্নিত অৰ্পিলা॥
বিবাহৰ অন্ত ভৈলে দক্ষিণাক দেই।
পূৰ্ণাহুতি কৰে ব্ৰহ্মা বিধিখান চাই॥ ৩৩৬
অনন্তৰে বৰ-কন্যা ভিতৰক যান্ত।
বাতি ভৰা পৰমান্ন ভোজন কৰন্ত॥
এহিমতে ব্ৰহ্মা কৰিলন্ত বিধিমত।
হৰ-গৌৰী বিবাহক যেন সমাপত॥ ৩৩৭
এহিমতে হৰ-গৌৰী বিয়া কৰি পাছে।
গৃহক চলিবে লাগি কাছি পাৰি আছে॥
শাহুৰী শহুৰে পাছে মেলানি মাগিয়া।
গৃহে চলি গৈলা পাৰিষদ সঙ্গে লৈয়া॥ ৩৩৮
অনন্তৰে পাইলা গৈয়া কৈলাস শিখৰ।
মহানন্দে গৌৰী সঙ্গে থাকে দেৱ হৰ।
পাতক নাশক ইটো ঈশ্বৰৰ লীলা।
শ্ৰৱণ কীৰ্ত্তন কৰি বৈকুণ্ঠক চলা॥ ৩৩৯
হৰ-গৌৰী স্মৰণত জীৱ ধন্য হয়।
অশেষ আপদ তৰি দিব্য গতি হয়॥
হেন জানি নিৰন্তৰে আন কাম এৰি।
পাতক ছাৰোক ডাকি শিৱ শিৱ স্মৰি॥ ৩৪০

(প্ৰকাশক শ্ৰীজ্যোতীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, প্ৰথম প্ৰকাশঃ ১৯৫০, নতুন সংস্কৰণঃ ২০১২, দত্তবৰুৱা পাবলিছিং কোঃ প্ৰাঃ লিঃ, পাণবজাৰ, গুৱাহাটী-১। মুদ্ৰণঃ মাত- অফছেট প্ৰেছ, হেদায়েত্পুৰ, গুৱাহাটী-৩, ) ISBN=81-7372-092-3