হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত
হেমচন্দ্ৰ বৰুৱাৰ
জীৱন চৰিত
সৰ্বেশ্বৰ কটকী
অসম সাহিত্য সভা
১৯৮২
HEMCHANDRA BAROOAR JIBAN CHARIT : A life sketch of Hemchandra Barooah written by late Sarbeswar Kataki, reprinted and published by Sri Durgeswar Sarmah, General Secretary, Asam Sahitya Sabha, Chandrakanta Handique Bhavan, Jorhat, printed at the Joya Press, Kanwachal Road, Guwahati-781003, January, 1982, Price Rs. 10.00 only.
অসম সাহিত্য সভাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত
প্ৰকাশকঃ
শ্ৰীদুৰ্গেশ্বৰ শৰ্মা
প্ৰধান সম্পাদক,
অসম সাহিত্য সভা,
চন্দ্ৰকান্ত সন্দিকৈ ভৱন
যোৰহাট—১
প্ৰকাশকাল :
প্ৰথম পুনৰ্মুদ্ৰণ, জানুৱাৰী, ১৯৮২ চন
মূল্য : ১০.০০ টকা মাত্ৰ
কাকত :
অসম চৰকাৰৰদ্বাৰা অনুমোদিত সুলভ মূল্যৰ কাকতত
মুদ্ৰিত
মুদ্ৰণ :
জয়া প্ৰেছ,
কন্বাচল পথ, গুৱাহাটী-৭৮১০০৩
॥ প্ৰধান সম্পাদকৰ কথা॥
বিন্দুমাত্ৰ সন্দেহ আৰু শংকা নকৰাকৈ অসমীয়া সাহিত্যলৈ ৺সৰ্বেশ্বৰ কটকীৰ বৰঙণি ব্যাপক আৰু গভীৰ বুলি চিহ্নিত কৰিব পাৰি। অসম সাহিত্য সভাৰ ১৯৮১-৮২ চনৰ কাৰ্য্য-নিৰ্বাহক সমিতিয়ে তেখেতৰ সমগ্ৰ ৰচনা একত্ৰ কৰি প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু বৰ্তমান বছৰত সভাৰ সন্মুখত কেতবোৰ অসুবিধাই দেখা দিয়াত সৰ্বেশ্বৰ কটকী ৰচনাৱলী প্ৰকাশ নকৰি তেখেতৰ ৰচিত ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ প্ৰকাশ কৰা হল। যোৱা বছৰ সভাই তেখেতৰ ‘অসমীয়া প্ৰাচীন লিপি’ প্ৰকাশ কৰিছে। ভৱিষ্যতে সভাৰ পক্ষৰ পৰা তেখেতৰ ৰচনাৱলী নিশ্চয় প্ৰকাশ কৰিব পৰা হ’ব।
গ্ৰন্থখনিত পুনৰ-মুদ্ৰণ কৰোঁতে গ্ৰন্থকাৰৰ আখৰ জোটনিত আমি হাত দিয়া নাই। পুথিখনিৰ সমুদায় অসম সাহিত্য সভাক অৰ্পণ কৰাৰ বাবে ৺কটকীদেৱৰ পুত্ৰ শ্ৰীভুবনেশ্বৰ কটকী, শ্ৰীদুৰ্গেশ্বৰ কটকী, শ্ৰীতাৰকেশ্বৰ কটকী আৰু শ্ৰীবিশ্বেশ্বৰ কটকী সাহিত্য সভাৰ শলাগৰ পাত্ৰ।
প্ৰাক্তন সভাপতি শ্ৰীযতীন্দ্ৰ নাথ গোস্বামীদেৱে গ্ৰন্থখনিৰ এটি আগ কথা লেখি দিছে। তেখেতলৈ সভাৰ পক্ষৰ পৰা আন্তৰিক শলাগ জ্ঞাপন কৰিলোঁ। গ্ৰন্থখনিৰ প্ৰকাশনৰ কামত সহায় কৰা বাবে শ্ৰীনগেন শইকীয়া, শ্ৰীমতীন গোস্বামী, শ্ৰীসতীশচন্দ্ৰ চৌধুৰী আৰু শ্ৰীভগবান মৰল অসম সাহিত্য সভাৰ ধন্যবাদাৰ্হ।
১১০ এপ্ৰিল, ১৯৮২ চন |
প্ৰধান সম্পাদক, অসম সাহিত্য সভা |
॥ ভূমিকা॥
অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বকৰাব জীৱনটো হৈছে ঊনবিংশ শতিকাৰ নিবীড়িত, মুমূৰ্ষু আৰু পৰাজিত অসমীয়া জাতিয়ে নাজল-নাথল অৱস্থাৰ পৰা উদ্ধাৰ পাবৰ আৰু মাতৃভাষাক স্বীয় আসনত প্ৰতিষ্ঠাৰ হকে কৰা অহো পুৰুষাৰ্থৰ কাহিনী। সেই কালত “দেশাধিকাৰসকলৰ ভ্ৰমত ভাষাৰূপী গছজোপাত ৰঘুমলা পৰি ইয়াৰ বাঢ়ন ঠিহিবা মাৰিবলৈ ধৰোঁতেই আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি দেশাহিতৈষী লোকসকল আবিৰ্ভাৱ হৈ অতি কষ্টেৰে ৰঘুমলা আঁতৰাই গছ পুলিটিক লহপহকৈ বাঢ়িবলৈ সুযোগ কৰি দিলে”। আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল আৰু আনন্দৰামকে ধৰি কেইজনমান দেশপ্ৰাণ লোকৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলস্বৰূপে ১৮৭৩ চনত অসমৰ স্কুল-আদালতত অসমীয়া ভাষা পুনৰ প্ৰচলনৰ আদেশ হ’ল। মিছনেৰীসকলে আলোচনী আৰু পুথি প্ৰণয়ন কৰি যি গদ্যৰ আৰ্হি দেখুৱালে সি অসমীয়া ভাষাৰ চহা অৱস্থা নহয়, কিয়নো তেওঁলোকে উচ্চাৰণ অনুসৰিহে বৰ্ণ-বিন্যাস কৰিছিল। অসমৰ নৱজাগৰণৰ পুৰোধা আনন্দৰাম ঢেকিয়াল ফুকন আধুনিক অসমীয়া গদ্য-ৰীতিৰ এজন স্থপতি হলেও তেওঁৰ ৰচনাত ইংৰাজী বাক্য-ৰীতিৰ প্ৰভাৱ স্পষ্ট। এই গদ্যক সুন্দৰ আৰু সুঠাম ৰূপ দিবৰ কাৰণে হেমচন্দ্ৰ বৰুৱাৰ নিচিনা ভাষাৰ ওজা এজনৰ আৱশ্যক হৈছিল। তেওঁ অসমীয়া ভাষাক সাজ-অলঙ্কাৰ পিন্ধাই ধুনীয়া কবি সাহিত্য-সেৱকসকললৈ বাট মুকলি আৰু ফটফটীয়া কৰি গৈছে।
হেমচন্দ্ৰই পঢ়াশালিৰ কোনো মহলাত নুঠাকৈ নিজৰ প্ৰতিভা আৰু পুৰুষাৰ্থৰ বলত সংস্কৃত, ইংৰাজী, বঙালী আদি ভাষা আয়ত্ত কৰি চৰকাৰী চাকৰিত ব্যাপত থাকিও মাতৃভাষা চৰ্চাক জীৱনৰ ব্ৰতস্বৰূপে ব্যাকৰণ আৰু অভিধান ৰচনা কৰি তেওঁ অসমীয়া ভাষাৰ অধিনায়ক হ’ল। জীৱনীকাৰ সৰ্ব্বেশ্বৰ শৰ্মা কটকীৰ ভাষাৰে কব পাৰি, তেওঁ বীৰ আছিল কাপেৰে ৰণ কৰা; ৰাজ্য জয় কৰিছিন্ন ভাষা ক্ষেত্ৰত, শত্ৰু দমন কৰিছিল নিজ মাতৃভাষাৰ বিপক্ষীসকলক আৰু পতাকা উৰাইছিল স্বতন্ত্ৰ অসমীয়া ভাষাৰ” (পৃঃ ৫)।
হেমচন্দ্ৰই মিছনেৰীসকলৰ বৰ্ণবিন্যাস ৰীতি সমৰ্থন কৰা নাছিল আৰু তাৰ সংশোধনৰ অৰ্থে যত্ন কৰি তেওঁ কৃতকাৰ্য্যও হৈছিল। আমেৰিকান বেপ্ টিষ্ট মিছনেৰীসকলে ‘অৰুণোদয়’ কাকতৰ বৰ্ণবিন্যাস ৰীতি সলনি কৰা আৰু হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণ ( ১৭৮০ শক ) প্ৰকাশ কৰা কথাই তাৰ প্ৰমাণ। তেওঁৰ হেমকোষ কীৰ্তিস্তম্ভ। তেওঁ পঢ়াশলীয়া অভিধানৰ পাতনিত লিখিছে, “...যদিও শিৱসাগৰৰ মিস্যনেৰিবিলাকে এই ভাষাৰ এখনি অভিধান যুগুত কৰিবলৈ বিস্তৰ দিন যত্ন কৰি বহুত শব্দ গোটোৱাত ১৮৬৭ খ্ৰীষ্টিয়ান শকত পাদ্ৰি ব্ৰন্সন চাহাবে তাক সমস্ত কৰি ছপালে; কিন্তু তাৰ বৰ্ণবিন্যাস সমূলি অশুদ্ধ আৰু অৰ্থৰ কাৰ্য্যতো সি যেনে হব লাগে তেনে নোহোৱা হেতু অসমীয়া শিকোঁতাবিলাকৰ তাৰ পৰা একো হোৱা নাই, আৰু নহয়ো। এই অসূচল গুচাবৰ মনেৰে কিছু বছৰৰ আগেয়ে বৰ্ত্তমান লেখকে ‘হেমকোষ’ নাম, দি এখান ডাঙৰ অভিধান যুগুত কৰে।” তেওঁ ওৱেবষ্টাবৰ অভিধানৰ আৰ্হিত ‘অসমীয়া ভাষাৰ শব্দবিলাকৰ মুলযুক্ত ‘হেমকোষ’ ৰচনা কৰে। ই আমাৰ ভাষাৰ নিমিত্তে ‘সঞ্জীৱনী মন্ত্ৰ’। এই অভিধান প্ৰকাশ হোৱাৰ পিছত ‘অসমীয়া ভাষাক কাঠ-সংস্কাৰ কৰিবলৈ ওলোৱা’ যমদূতবিলাক নাইকিয়া হল।
হেমচন্দ্ৰ বৰুৱা বিৰচিত কানীয়াৰ কীৰ্তন (১৮৬১ চন) আৰু বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী (১৮৭৬ ) এই দুখন পুথিৰ ঐতিহাসিক মূল্য আছে। দুয়োখনতে সমসাময়িক অসমীয়া সমাজৰ প্ৰতিচ্ছবি পোৱা যায়। কানীয়াৰ কীৰ্তন প্ৰহসনত অসমৰ কানিখোলাৰ হুবহু চিত্ৰ পোৱা যায়। পদ্মপানি মহন্তই বিধুতি গাৰে বাৰিয়লীয়া কানি খাই পেটৰ কামোৰ দূৰ কৰা আৰু সেই গাৰে শিষ্যক শৰণ দিয়া, কানি খাই সৰ্বস্বান্ত হৈ মিছা সাক্ষী দি কীৰ্তিকান্তই জেলত ৰোগত মৃত্যু হোৱা ইত্যাদি কাৰ্য্যৰ জৰীয়তে ‘কেপা-কানি, বিহৰ শেষ’ বোলা হৈছে। ‘বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী’ কপটতা আৰু ভণ্ডামিক বিদ্ৰুপৰ শেলেৰে আঘাত কৰা হৈছে। গোবৰ্দ্ধন দেউ আতা, বীৰেন্দ্ৰ বৰুৱা আদি লোক প্ৰতীক মাথোন। ভণ্ডেশ্বৰ বৰুৱা, মৰ্কটেশ্বৰ ফুকন, নাঙ্গলৰাম, ড্ৰিঙ্কব্ৰেণ্ডি ঈটওৱেল্ আদি নামৰ কল্পনাতো ব্যঙ্গ নিহিত আছে। এই সামাজিক চিত্ৰ সম্বলিত পুথিত ‘চাৰকাজেম্’; ‘উইট্’ আৰু ‘হিউমাৰ্’ খাই আছে। এই পুথি ‘ভেৰাকুটীয়া’ বা ব্যঙ্গ সাহিত্যৰ নিদৰ্শন হলেও ইয়াৰ গদ্য-ৰীতি অভিনৱ আৰু শক্তিশালী। 'ইস্কুলে নিস্কুলং ভবেৎ’ হেডবাবুৱে অসমীয়া কবলৈ লাজ পাই ‘বঙালী কথাৰ লগত ইংৰাজী মিহলাই’ কথা কোৱা ইত্যাদি বিষয়ত কোৱা ভাতুৰীৰ কানীয়াৰ কীৰ্তনৰ লগত সাদৃশ্য আছে। এইবোৰ সেই সময়ৰ সামাজিক অৱস্থাৰে প্ৰতিফল বুলিব পাৰি।
হেমচন্দ্ৰই ঘৰতে ইংৰাজী শিকি সেই ভাষাত যি নিপুণতা লাভ কৰিছিল তাৰ নিদৰ্শন হল বিদেশী লোকক অসমীয়া বিয়াৰ ধাৰণা দিবৰ কাৰণে তেওঁ ৰচনা কৰা ইংৰাজী পুথিখন ( নটচ্ অন্ ডি মেৰেইজ্ চিষ্টেম্চ অব্ ডি পিপল্চ অব্ আসাম, ১৮৯২)। ইয়াৰ উপৰি তেওঁ ইংৰাজীত দুটামান টোকা লিখি যুগুত কৰিব লগীয়া হৈছিল।
তেওঁ অসমীয়া লৰাৰ আদি পাঠ ( আগছোৱা, মাজছোৱা আৰু শেহছোৱা, অসমীয়া লৰাৰ ব্যাকৰণ আৰু পাঠমালা ৰচনা কৰি আৰু স্বাস্থ্য ৰক্ষা নামৰ পুথি অনুবাদ কৰি সেই সময়ৰ এটা প্ৰয়োজনীয় অভাৱ পুৰণ কৰে। ‘ৱ’ আখৰটো প্ৰচলনৰ কাৰণেও তেওঁ সেই সময়ৰ স্কুল পৰিদৰ্শক মাৰ্তিনৰ যুক্তি খণ্ডন কৰি নিজ মত প্ৰতিপন্ন কৰে।
তেওঁৰ সম্পাদনাত গুৱাহাটীৰ বৰুৱা ফুকন ব্ৰাদাৰ্চৰ পৰা ওলোৱা ইংৰাজী অসমীয়া সাদিনীয়া বাতৰি কাকত ‘আসাম নিউচ’ৰ ( ১৮৮২-৮৫ খ্ৰীঃ ) ঐতিহাসিক মূল্য আছে। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলগীয়া স্থানীয় অভাৱ-অভিযে৷গ, সম্পাদকীয় আদি অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাতে লিখা হৈছিল; আৰু চৰকাৰেও সেই কাকতৰ মতৰ ওপৰত গুৰুত্ব দিছিল। চৰকাৰৰ ৰাজহ নীতি, অসমীয়া ভাষা-নীতি আৰু ইংৰাজ কৰ্মচাৰীসকলৰ অসৎ আচৰণ বিষয়ক সম্পাদকৰ কথাবোৰ ‘দেৰদেৰীয়া চোকা’ আছিল। এই কাকতৰ পুথিব সমালোচনাই কোনো কোনো লোকক থকা-সৰকা কৰিছিল। আসাম নিউচ্ মৰিল যদিও নিউজ পেপাৰৰ প্ৰতিশব্দ বাতৰি কাকত আজিও চলি আছে। এই কাকতে আধুনিক অসমীয়া গদ্যৰ আৰ্হি দেখুৱালে।
চমুকৈ কবলৈ গলে হেমচন্দ্ৰ বৰুৱাই ‘হেমৰ কোষেৰে ওখ দল বান্ধি’ অসমীয়া ভাষা লেখাৰ ‘বৈজ্ঞানিক নিয়ম বান্ধি দিয়াৰ পিছৰে পৰা’ অসমীয়া গদ্যৰ আউল ভাগি গল আৰু প্ৰায় অৰ্দ্ধ শতিকাৰ ওপৰকাল এই গদ্য অনেকৰ কাৰণে আৰ্হি হৈ থাকিল।
ঊনবিংশ শতিকাৰ প্ৰায় দ্বিতীয়াৰ্দ্ধৰ পৰাই অসমীয়া সাহিত্যত আধুনিকতাৰ সূচনা হয়। পাশ্চাত্য শিক্ষা-দীক্ষা, ভাৱাদৰ্শ আৰু সংস্কৃতিৰ সংঘাতত যি নৱ-জাগৰণৰ সূত্ৰপাত হয়, সমসাময়িক অসমীয়া সমাজ, সাহিত্য আৰু সংস্কৃতি সকলোতে তাৰ প্ৰতিফলন দেখা যায়। উদাৰপন্থী আৰু সংস্কাৰকামী হেমচন্দ্ৰৰ চিন্তা-চৰ্চা আৰু জীৱনাদৰ্শৰ মাজত এই নৱতম চেতনাৰ বিকাশ অনুভূত হয়।
অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ অধিবেশনৰ বুৰঞ্জী শাখাৰ সভাপতি সৰ্বেশ্বৰ শৰ্মা কটকীয়ে হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে পোৱা সমলেৰে ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ ৰচনা কৰে; আৰু এই পুথি অসম ছাত্ৰ সম্মিলনে ১৯২৭ চনত প্ৰকাশ কৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি স্থায়ী কৰিলে। এই ১২৬ পিঠিৰ জীৱনীখনৰ প্ৰথম আধ্যাত লেখকে হেমচন্দ্ৰ বৰুৱাৰ বংশাৱলী, জন্ম, শিক্ষা, চাকৰি আদি বিভিন্ন কথাৰ বিৱৰণ দিছে; দ্বিতীয় আধ্যাত তেওঁৰ প্ৰকাশিত আৰু অপ্ৰকাশিত পুথিৰ চমু আলোচনা কৰিছে; তৃতীয় আধ্যাত বিবিধ বিষয়ৰ আলোচনা আছে আৰু চতুৰ্থ আধ্যাত পুথিখনৰ সামৰণি। লেখকে সামৰণিৰ আধ্যাত কৈছে যে ‘অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠাতা’ হেমচন্দ্ৰ বৰুৱাৰ “জীৱনৰ সকলো কথাবোৰ বিশদভাবে লিখিলে এখন বৃহৎ গ্ৰন্থ হব পাৰে। আমি ইয়াত কেৱল মুঠ কথাবোৰ আলোচনা কৰি এখন উপদেশপূৰ্ণ নাটৰ যেনিবা প্ৰস্তাৱনাহে কৰিলোঁ।” সেইফালৰ পৰা এই জীৱনীৰ আধাৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এখন বহল জীৱনী লিখিব পাৰি। শৰ্মা কটকীয়ে অনেক তথ্যপাতি সংগ্ৰহ কৰি জীৱনী প্ৰস্তুত কৰিছে যদিও ই আদৰ্শ জীৱনী নহয়।
অসম সাহিত্য সভাই এই পুথিৰ দ্বিতীয় তাঙৰণ প্ৰকাশ কৰি ভাষাৰ অধিনায়ক হেমচন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৰ্ম সোঁৱৰণ কৰাৰ সুবিধা দিলে। তেওঁৰ ভৌতিক দেহা পঞ্চভূতত লীন হবৰ আজি ৮৬ বছৰ হল যদিও জনমানসত আজিও জীয়াই জিলিকি আছে। কীৰ্তিমান লোক জীয়াই থাকে। আধুনিক যুগৰ অসমীয়া ভাষাৰ ওজা হিচাবে হেমচন্দ্ৰ বৰুৱাৰ নাম অসমীয়া সাহিত্যৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।
অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহকে ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ৰ পাতনি লিখাৰ দায়িত্ব দিয়াৰ কাৰণে সভাপতি প্ৰমুখ্যে কাৰ্যনিৰ্বাহকৰ সদস্যসকলক ধন্যবাদ জনালোঁ।
নতুন পাৰা, যোৰহাট-১ ১৫৷২৮২ |
প্ৰাক্তন সভাপতি অসম সাহিত্য সভা |
⸻
সূচী
প্ৰথম আধ্যা
| বিষয় | পিঠি | ||
| আৰম্ভণ | |||
| হেমচন্দ্ৰ বৰুৱাৰ বংশাৱলী | .... | .... | ১৪ |
| হেমচন্দ্ৰ বৰুৱাৰ আঁতি গুৰি | .... | .... | ১৫ |
| হেমচন্দ্ৰ বৰুৱাৰ আত্ম-জীৱন চৰিত | .... | .... | ২০ |
| গুৱাহাটীত নিবাস আৰু মৃত্যু | .... | .... | ৩১ |
দ্বিতীয় আধ্যা
| হেমচন্দ্ৰ বৰুৱাৰ গ্ৰন্থ-বিবৰণী | .... | .... | ৩৫ |
| অসমীয়া ব্যাকৰণ | .... | .... | ৩৫ |
| হেমকোষ | .... | .... | ৩৭ |
| পঢ়াশলীয়া অভিধান | .... | .... | ৫৪ |
| কানীয়াৰ কীৰ্ত্তন | .... | .... | ৫৫ |
| বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী | .... | .... | ৫৭ |
| পাঠমালা | .... | .... | ৫৯ |
| আদি পাঠ | .... | .... | ৬০ |
| স্বাস্থ্য-ৰক্ষা বা গা ভালে ৰাখিবৰ উপায় | .... | .... | ৬০ |
| বিবাহ পদ্ধতি | .... | .... | ৬১ |
| তুলনামূলক ব্যাকৰণ কামৰূপৰ তন্ত্ৰ আসাম নিউচ |
(অপ্ৰকাশিত) .... .... |
৬১ ৬২ ৬৬ |
তৃতীয় আধ্যা
বিবিধ বিষয়
| বিষয় | পিঠি | ||
| হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা প্ৰচলন | .... | ৭০ | |
| হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া "ৱ" আখৰ | .... | ৭১ | |
| হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা | .... | ৭৮ | |
| হেমচন্দ্ৰ বৰুৱা আৰু বৰ্ণবিন্যাস | .... | ৮০ | |
| হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ৰচনা | .... | ৮২ | |
| হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া লিখাৰু | .... | ৮৪ | |
| হেমচন্দ্ৰ বৰুৱা আৰু সংস্কত চৰ্চ্চা | .... | ৮৫ | |
| হেমচন্দ্ৰ বৰুৱা আৰু ধৰ্ম্মমত | .... | ৮৬ | |
| হেমচন্দ্ৰ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱা | .... | ৮৭ | |
| হেমচন্দ্ৰ বৰুৱা আৰু তেওঁৰ লগৰীয়া | .... | ৮৮ | |
| হেমচন্দ্ৰ বৰুৱা আৰু ৰাষ্ট্ৰকাৰ্য্য | .... | ৮৯ | |
| হেমচন্দ্ৰ বৰুৱা আৰু বিধৱা-বিবাহ | .... | ৯০ |
চতুৰ্থ আধ্যা
বিবিধ বিষয়
| ১। সামৰণি | .... | ৯৩ | |
| ২। ওপৰঞ্চি— | .... | ||
| নং ১ আসাম নিউচত সমালোচনা কৰা সম্পৰ্কে টোকা | .... | ১০০ | |
| নং ২ পঢ়াশলীয়া অভিধান ছপা সম্পৰ্কে টোকা | .... | ১০৩ | |
| নং ৩ বঙ্গালী ভাষাৰ চৰিতাভিধানত হেমচন্দ্ৰ সম্পৰ্কে টোকা | .... | ১০৩ | |
| বিষয় | পিঠি | ||
| নং ৪ হেমচন্দ্ৰ বৰুৱাৰ উইল বা ইচ্ছাপত্ৰ | .... | ১০৫ | |
| নং ৫ নিষ্পিখেৰাজ মাটি সম্পৰ্কে টোকা | .... | ১০৮ | |
| নং ৬ নেটিভ চিভিলিয়ান সম্পৰ্কে টোকা | .... | ১১১ |
| নং ৭ সাহিত্যিক পেন্সনাৰ দ্বাৰা ৰচিত হেমচন্দ্ৰ বিষয়ে কবিতা | .... | ১১৪ | |
| হেমচন্দ্ৰ বিষয়ক গীত | .... | .... | ১১৫ |
চিত্ৰ সূচী
| ১। হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিকৃতি আৰু চহী | |||
| ২। হেমকোষৰ চানেকী | |||
| ৩। হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি ফলক |
গ্ৰন্থকাৰৰ নিবেদন[১]
“অসমীয়া সাহিত্যৰ খ্যাতনামা অধিনায়ক” হেমকোষ ৰচোঁতা হেমচন্দ্ৰ বৰুৱাৰ জীৱনচৰিত বহলাই লিখিলে এখন ডাঙ্গৰ গ্ৰন্থ হব পাৰে। সম্প্ৰতি এইজন মহাপুৰুষৰ জীৱনৰ মুঠ মুঠ কথাখিনিহে উল্লেখ কৰি এই জীৱনচৰিত যুগুত কৰা হ’ল। বৰ্ত্তমান সাহিত্য ক্ষেত্ৰৰ সুপ্ৰসিদ্ধ লিখক শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা, শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী, ৰায়চাহেব পদ্মনাথ গোহাঁই বৰুৱা, ৰায় বাহাদুৰ কনকলাল বৰুৱা আৰু স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱাই লিখি থোৱা সম্বল খিনিয়ে জীৱন চৰিত খনিৰ কেইটিমান পৱিত্ৰ পৃষ্ঠা অলঙ্কৃত কৰিছে। এই লিখকৰ দুৰ্ব্বল লেখনীয়ে হেমচন্দ্ৰ পুৰুষৰ প্ৰকৃত মূৰ্ত্তি অঙ্কিত কৰি প্ৰাণপ্ৰতিষ্ঠা কৰিব পাৰিছেনে নাই—সি পাঠকৰ বিচাৰ্য্য।
হেমচন্দ্ৰ বৰুৱাৰ জীৱনচৰিতৰ কথা আমাৰ দেশৰ সকলো লোকে জনা একান্ত আৱশ্যক—বিশেষকৈ দেশৰ ভবিষ্যৎ ভাৰসা স্থল ছাত্ৰ সমাজে। সেইবাবে কৰ্তৃ্পক্ষলৈ আমাৰ এয়ে সৰল গোহাৰি যেন ই পাঠ্য পুথি স্বৰূপে উপযুক্ত স্থানত ব্যবহৃত হয়। এই জীৱনচৰিত যাতে আগলৈ সম্পূৰ্ণকৈ আৰু বিস্তাৰিত ভাবে উলিয়াব পৰা হয়, তাৰ নিমিত্তে মনত প্রবল ইচ্ছা থাকিল।
আসাম ছাত্র সম্মিলনে পুথি খনি প্রকাশ কৰি অৱশ্যে আমাৰ শলাগৰ পাত্ৰ হৈছে । শ্ৰীযুত সোনাৰাম চৌধুৰীয়ে ইয়াৰ প্ৰুফ চাই দি আমাক পৰম বাধিত কৰিছে। ইতি—
| আঘোণ ১৮৪৯ শক। |
গুৱাহাটী |
Life of Hemchandra Barua—By Sarbeswar Sarma Kataki of the Assam Subordinate Educational Service, author of "Muroli" "Tribeni" "Tatwa" & Tathaya" and a Handbook of translation from Assamese into English.
হেমচন্দ্ৰ বৰুৱাৰ
জীৱন চৰিত
All rights reserved.
- ↑ ১৯২৬-২৭ চনত আসাম ছাত্ৰ সন্মিলনেৰ হেমচন্দ্ৰ সোঁৱৰণী সমিতিয়ে ছপা কৰি উলিৱা (১ম সংস্কৰণ) ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ত প্ৰকাশিত গ্ৰন্থকাৰ কটকীদেৱৰ ‘গ্ৰন্থকাৰৰ নিবেদন’ পুনৰ্মুদ্ৰনতো একেদৰেই সন্নিৱিষ্ট কৰা হ’ল।
—প্ৰধান সম্পাদক, অসম সাহিত্য সভা
