সমললৈ যাওক

হাঁহিৰ জাউৰী/ভুচুং পহু।

ৱিকিউৎসৰ পৰা

ভূচুং পহু

 কোনো এখন দেশত এজন দুষ্ট ৰজা আছিল। তেৰওঁ স্বভাৱ বৰ বেয়া ধৰণৰ আছিল। সেই বাবে গোটেই ৰাজ্যৰ প্ৰজাবিলাকে তেওঁক ভাল নাপাইছিল। সেই ৰজাৰ মন্ত্ৰীজনৰ এটা বৰ ধুনীয়া বুদ্ধিমান ল’ৰা আছিল। তেওঁ অনেক দেশ ফুৰি-চাকি এজনী বুদ্ধিমতী আৰু সুন্দৰী ছোৱালী বিয়া কৰাই আনিলে। ৰজাই পৰস্পৰৰ মুখত শুনিবলৈ পালে যে মন্ত্ৰীৰ পুতেকে এজনী বৰ বুদ্ধিমতী আৰু সুন্দৰী ছোৱালী আনিছে। ৰজাই লোভ সামৰিব নোৱাৰি সেই ছোৱালীজনী আনিবলৈ এজনী বুঢ়ীক কূটনা লগালে। বুঢ়ী কূটনীয়ে ছোৱালী জনীক ৰাজৰাণী হৈ নানা সুখত থাকিবি বুলি কেইবা দিনো ফুচলাবলৈ ধৰিলে। কেইবাদিনো ছোৱালী জনীয়ে নানা প্ৰকাৰৰ মিনতি কৰি বুঢ়ীক এনে কথা নকবলৈ অনুৰোধ কৰিলে কূটনী বুঢ়ীয়ে ৰজাৰ তাগাদা আৰু পুৰস্কাৰৰ আশাত অনেক দিন আহিও মন ঘূৰাব নোৱাৰিলে। ৰজাৰ দিনে ৰাতিয়ে টোপনি নহা হ’ল ৷ এদিন ৰজাই মন্ত্ৰীৰ বাপেক পুতেকক মাতি আনি কলে, “মন্ত্ৰী! তোমাৰ বোৱাৰী বোলে বৰ বুদ্ধিমতী, এতেকে কালিলৈ আকাশত কিমান তৰা আছে তাক গণি মোক জনাব লাগিব। তাকে কৰিব নোৱাৰিলে তোমালোকৰ বাপ-পো দুইকো শালত দিম ”। কথা শুনি দুইৰো মূৰ ঘূৰাল। ঘৰলৈ আহি বৰ দুখ কৰি সেইকথা জনালে। বোৱাৰীয়েকে অভয় দি শান্ত্বনা কৰিলে। পিচ দিনা ৰাজ চৰালৈ যোৱাৰ সময়ত এটোপোলা বালি বান্ধি দি কলে, “এইয়া ম‍ই তৰা গণনা কৰি বান্ধি দিছো। ৰজাই লেখ বুজ কৰিলেই জানিব পাৰিব। মন্ত্ৰীয়ে গৈ তাকে কৈ বালিৰ টোপোলাটো ৰজাৰ আগত দিলে। ৰজাই ঠগখাই ভাবিলে এই কম বুদ্ধিমতী নহয়, যেনে তেনে এইক আনিবই লাগিব। পিচদিনা আকৌ মন্ত্ৰীক কলে, মন্ত্ৰী মই তৰাৰ লেখটো পালো। এতিয়া মোক আৰু এটা বস্তু আনি দিব লাগিব। তাকে কৰিব নোৱাৰিলে তোমালোক দুয়োকো শূলত দিম। মোক এটা শিলৰ ছোলা কৰি আনি দিব লাগিব। কথা শুনি মন্ত্ৰীৰ ধাতু উৰিল। ঘৰলৈ গৈ বৰ দুখেৰে সেই কথা প্ৰকাশ কৰিলে। বোৱাৰীয়েকে আকৌ অভয় দি শান্ত কৰি থলে। পিচদিনা ৰজাৰ ওচৰলৈ যোৱাৰ সময়ত মন্ত্ৰীক কলে “ৰজাৰ আগত কব শিলৰ কাপোৰ তৈয়াৰ হল, কিন্তু তাক সিয়াই চোলা কৰিব পৰা বেজীটো হঠাৎ ছিগিল। ৰজাই এটা বেজী দি পঠাব। লোৰ, বা আন ধাতুৰ বেজীৰে শিলৰ কাপোৰ, সিয়াব নোৱাৰি পানীৰ বেজীৰেহে সিয়াব পাৰি। বেজী দিব নোৱাৰিলে চোলা নেপাব। মন্ত্ৰীয়ে গৈ তাকে জনালত ৰজাই তাইৰ বুদ্ধি দেখি আচৰিত হল, আৰু তাইক লাভ কৰিবলৈ দুগুণ আকাঙ্ক্ষা কৰিলে। আনফালে কূটনী বুঢ়ী সদায় অহা যোৱা কৰিয়েই আছে। পানীৰ বেজী দিব নোৱাৰি সেই বিষয় নিমাত হল। ছোৱালী জনীয়ে ভাবিলে এই দুষ্ট ৰজাক ভাল দৰে ব্যৱহাৰ কৰিলে ই পিচ নেৰে। এতেকে ইয়াক ভাল দৰে এশিকনি দিয়াহে উচিত। ইয়াকে ভাবি কূটনী বুঢ়ীক কৈ পঠালে, ৰজাক কবাগৈ মই ৰজালৈ যাম; ৰজাই কালিলৈ মন্ত্ৰীৰ বাপেক পুতেক দুয়োকো ভুচুং পহু বিচাৰি আঁতৰাই পঠাওক। গধূলি ৰজা মোৰ ওচৰলৈ আহিব লাগিব। ইয়াতে খোৱা বোৱা কৰি দুয়ো যামগৈ। বুঢ়ীয়ে গৈ ৰজাক সেই কথা জনোৱা মাত্ৰেই ৰজাই যেন হাত মেলি স্বৰগ হে পালে। তেতিয়াই মন্ত্ৰীৰ বাপেক পুতেকক মতাই নি কলে, “মন্ত্ৰী! মই শুনিছো হাবিত হেনো ভুচুং নামে এবিধ পহু আছে। তোমালোক বাপ-পো দুয়ো কালিলৈ পুৱাই ওলাই যাবা আৰু সেই নামৰ পহু নোপোৱা মানে ৰাজ্যলৈ নাহিবা। সুদাহাতে আহিলে দুয়োৰো ডিঙিছেদ কৰিম। “দুয়ো কান্দি-কাতি ঘৰলৈ গৈ ছোৱালী জনীক জনালে। ছোৱালীয়ে আগৰ দৰে অভয় দি বুদ্ধি শিকাই দিলে। পিচ দিনা পুৱাই ৰজাৰ পৰা বিদায় লৈ দুয়ো যাত্ৰা কৰিলে। সেই দিনা দিনটো ৰজাৰ মনত নাযায় নুপুৱায় যেন লাগিল। বাৰে বাৰে বেলিটোলৈ চাই, সুবিধা পোৱা হলে সেই দিনাই বেলিৰ শেষ দশা ঘটালেহেঁতেন। গোটেই দিনটো কেনেকৈ আছে, কি কৰিছে, কি খাইছে তাক আৰু ৰজাই কব নোৱাৰে। যেন সজাত থকা পোহ নোলোৱা চৰাইহে। যেনে তেনে গধূলি হ’ল, ৰজাই কূটুনী বুঢ়ীক লগত লৈ ভেশ সলনি কৰি মন্ত্ৰীৰ ঘৰত গোপনে প্ৰবেশ কৰিলে। ছোৱালীজনীয়েও লাজ-কাজ কাটি কৰি দেখা দিলে। তাই শিকাই থোৱা মতে পালি পহৰীয়াও ঠিক হৈ আছিল। এটা সুন্দৰ পাত্ৰত কেতবোৰ চুৱামকৰা আৰু এটা সুন্দৰ তামোলৰ চোবা ভৰাই ঢাকি ঢুকি বৰ আদৰ আৰু সন্মান কৰি ৰজাক খাবলৈ দিলে। কূটুনী বুঢ়ীক আগতে বহুৱাই ৰাখিলে। ৰজাই ঢাকন উদঙাই চুৱাবোৰ দেখি আচৰিত হৈ কলে, “এইবোৰ দি মোৰ লগত কি ঠাট্টা ধেমালি কৰিছা? মোক ৰজা বুলি চিনা নাই নে?” ছোৱালীজনীয়ে আঠু কাঢ়ি কলে স্বৰ্গদেৱক চিনি নাপাবলৈ কি হৈছে। বেটীও তেনেকুৱা আনৰ চুৱা বা পেলোৱা চোবা নহয় জানো? সেই বাবে দয়াকৰি ইয়াৰে অলপ মান ভোজন কৰক, তেতিয়া হলে বেটীৰ আপত্তি কৰিবলৈ কোনো কাৰণ নাথাকিব। মূৰ্খ ৰজাই কথাৰ ভাৱ বুজিব নোৱাৰিলে। কূটনী বুঢ়ীয়েও কলে “মহাৰাজ ভোজনত বহি খিট্-বিখিট্ কৰি সময় নকটাব!সোনকালে সাৰি যোৱাই ভাল। ৰজাই অলপ পৰ ৰৈ যুক্তি-যুক্ত বিবেচনা কৰি অতি অৰুচি ভাবে এটি দুটিকৈ মুখত দিবলৈ ধৰিলে। ছোৱালীয়ে কলে “মহাৰাজ পলম নকৰিব ভোজন শেষ হলেই ওলাই যাম। ৰজাই এনে অভক্ষ্য ভোজন কৰে কেনেকৈ। নাখালেও ছোৱালী ঘৰৰ পৰা নোলাব, মহা শঙ্কটত পৰি ভাবা-গুণা কৰি থাকোঁতেই ক্ৰমে ৰাতি গহীন হৈ আহিল। পূৰ্ব্বৰ কথা মতে ইঙ্গিত দিয়াত মন্ত্ৰীৰ বাপেক পুতেক আহি নঙলা মুখত গলখেকাৰি মাৰিলে। ৰজাৰ চুলিৰ আগে জীৱ উৰিল। ছোৱালী জনীয়ে মাত লগাই কলে “ৰাতিৰ মানুহ ঘপ্‌কৰে ঘৰ সোমাব নাপায়। অলপ পৰ তাতে ৰৈ থাকক।” ৰজাক কলে “মহাৰাজ! ম‍ই আগেয়ে কৈছিলোঁ নহয় পলম নকৰিব বুলি। ” ৰজাই লাজ আৰু ভয়ত বিচুৰ্ত্তি খাই “মোক ৰক্ষা কৰা বুলি ছোৱালীজনীৰ ভৰিত ধৰি দীঘল দি পৰিল।ছোৱালীজনীয়ে আগেয়ে ভিতৰ ফালে আলকাটাৰা আৰু তুলা লগাই থোৱা এটা বাকচৰ ঢাকনি দাঙি ৰজাৰ গাৰ কাপোৰ বোৰ লৰা লৰিকৈ সোলোকাই উলঙ্গ কৰি তাতে সোমাবলৈ কলে। ৰজাই তৎভৎ নেপাই তাকেই কৰিলে। কূটুনী বুঢ়ীকো ৰজাৰ দৰে উলঙ্গ কৰি তাতে সোমোৱাই কলে—“মানুহ টোপনি গলে আটাইকিটা গুচি যাম, এতিয়া ইয়াতে থাকা।” পূৰ্ব্বে শিকাই থোৱা মতে মন্ত্ৰীৰ ঘৰত “পহু দুটা ধৰ ঔ, পহু দুটা বান্ধ ঔ” ইত্যাদি প্ৰকাৰে পালি পহৰীয়াই হাই কৰিবলৈ ধৰিলে। ওচৰ চুবুৰীয়াই জানিলে যে, মন্ত্ৰীৰ বাপেক পুতেকে ভুচুং পহু ধৰি আনিছে। চাৰিওফালৰ পৰা আহি মানুহে ভৰি পৰিলহি আৰু ভুচুং পহু দেখুৱাবলৈ মন্ত্ৰীক বৰকৈ খাটিবলৈ ধৰিলে। মন্ত্ৰীয়ে কলে “মই ৰজাৰ আদেশ মতে এজোৰা পহু অতি কষ্ট কৰি ধৰি আনিছোঁ। এই ৰাতিখন উলিয়ালে যদি লৰ মাৰে তহঁতে আমাৰ ডিঙি ৰাখিব পাৰিবি নে?” ভিতৰত গৈ তিনিও পৰামৰ্শ কৰিলে। হাজাৰ হওক ৰজা। তেওঁক দিনত উলিয়াই অপমান কৰাৰ কাম নাই, ইমানেই হৈছে। এতেকে ৰাতিৰ কথা ৰাতিয়েই মাৰ নিওৱা ভাল। ইয়াকে পৰামৰ্শ কৰি মানুহ এগাল মাতি নি ভিতৰৰ পৰা বাকচটো টানি ঘঁহি বগৰাই জিগৰাই বাহিৰলৈ আনিলে, আৰু মন্ত্ৰীয়ে কলে “বাকচটো মেলাৰ সময়ত কোনো মানুহ ওচৰলৈ নাহিবি, আৰু পিচত নেখেদিবি অথবা দলি ফৰমুতি আদিও নামাৰিবি!” মানুহে চাকি-বন্তিৰ পোহৰত দূৰৰ পৰা চাবলৈ ধৰিলে।

 “যদি পহু পলায় তেন্তে তহঁতে কালিলৈ ৰজাৰ আগত কৈ আমাৰ ডিঙি ৰাখিব লাগিব বুলি মন্ত্ৰীৰ বাপেক পুতেক আঁতৰ হ’ল। মন্ত্ৰীৰ বোৱাৰীয়েকে অলপকৈ বাকচটো খুলি লাহেকৈ কলে “হাবিলৈ লৰ দিবা; নহলে সৰ্ববনাশ হব।” পিচত “ভুচুং পহু চাহঁকঔ” বুলি তেনেই উদঙাই দিলে।” লালি আৰু তুলাৰে গোটেই গা লেট্‌-পেট্ হোৱাত কোনেও চিনি নোপোৱা হ’ল। লৰালৰিকৈ বাকচৰ পৰা জাপ মাৰি পৰি অগা-পিচা কৈ দুয়ো হাবিলৈ লৰ দিলে। দৰ্শক বিলাকে দেখি আচৰিত হল আৰু কথাটোৰ তত ধৰিবও নোৱাৰিলে। ৰজাই সেই দিনাৰ পৰা শান্ত মূৰ্ত্তি ধাৰণ কৰিলে।

–(দুৰাকাঙ্ক্ষী মানুহ অতুল ক্ষমতাশালী হলেও বিপদৰ হাত সাৰিব নোৱাৰে)