সমললৈ যাওক

সৰাপাত (প্ৰভাত হালৈ)/লোকেল মাছৰ সভা

ৱিকিউৎসৰ পৰা

লোকেল মাছৰ সভা

 সচেতন কিছু লোকেল মাছে
 বহু ভাবি-চিন্তি চাই।
 মিটিং এখনৰ কথা ভাবিলে
 নহলে মাছ শেষ হৈ যায়॥
 বৰ বৰালী, চেঙেলীক মাতি
 আনিলে কাষলৈ।
সভা এখন পাতো সকলোৱে
 খবৰ দি আহো গৈ॥
গঙ্গাটোপে ঢোল পিতি
 সকলোকে দিলে জান।
কিছু মাছে প্ৰথমতে লগ হৈ

 পাতিলে কমিটি খন॥
বৰ বৰালী সভাপতি
 ভকুৱা হব সম্পাদক।
আৰি আৰু গাগল মিলি
 দুয়ো ললে ৰভাৰ ঠিকা॥
কাৱৈ, চেনী পুঠি সংস্কৃতিক বিভাগত
 ৰৌৰ ভাগত অভ্যৰ্থনা।
প্ৰচাৰ বিভাগত শোল থাকিব
 সকলোৱে জনা-শুনা॥
গঙ্গাটোপে ঢোলপিতি দি
 জনালে সভাৰ দিন।
সভালৈ সকলো ধাপলি মেলিলে
 নাই সৰুবৰ চিন॥
শিঙি আহিল, মাগুৰ আহিল
 আহিল শিঙৰা কাই।
নদীয়া-শিঙৰা, বৈদ্যা আহিল
 লগত চেলেকনী বাই॥
কাঞ্চন মতী ওলাই আহিল
 বেচা, চান্দাক লৈ।
কাতনী, বেচা, মোৱা আহিল
 জাকত জিলিকা হৈ॥

গৰৈ আহিল-খলিহনা আহিল
 মিৰগা আহিল লৰি
দৰিকনা আহিল ঘুনঘুনীক লৈ
 ৰং-ধেমালী কৰি॥
শোল আহিল চেনাৰ আহিল
 আহিল কাইছাতুৰি।
বৰতুৰি, বতিয়া ও আহিল
 বহু ঠাই ঘুৰি ঘুৰি॥
পাভ আহিল ভাঙনা আহিল
 আৰু আহিল নাৰা।
গৰকা আহিল ককিলা আহিল
 আহিল নিচলাৰ ধাৰা।
পানী মুতুৰা লৰি আহিল
 তৰে থৰ থৰিয়া গাৱ।
বোকাই পানী গচি আহিল
 মাছৰ সভালৈ যাওঁ
খৈৰা আহিল চিতল আহিল
 আহিল কান্দুলী মাহী
কুঢ়ি মাছৰ লৰ দেখা পাই
 কাছ, দুৰাৰ উঠিল হাঁহি
কাছ, দুৰা আমিয়ো দেখোন

 মাছৰে প্ৰজাতি হওঁ
আমাৰো দুখ দুৰ্গতিৰ কথা
 মাছৰ সভাতেই কওঁ॥

 

মাছ সমূহ

বৰবৰালী
ঘুঘুনী
ভকুৱা
কাইচাতুৰি
কাৱৈ
পাভ
শোল
গৰকা
শিঙৰা
পানী মুটুৰা
চেলকনী
চিতল
চান্দ
কাচ
গৰৈ
বাহপেটীয়া

দৰিকনা
গঙ্গাটোপ
চেনাৰ
গাগল
বতিয়া
ৰৌ
নাৰা
মাগুৰ
নদীয়া শিঙৰা
বৈদ্যা
খৈৰা
বেচা
কুঢ়ি
মোৱা
কুচিয়া
মিৰগা

চেঙেলী
শাল
আৰি
বৰতুৰি
চেনীপুঠি
ভাঙনা
শিঙি
ককিলা
নিচলা
গচি
কাঞ্চনমতী
কান্দুলী
কাতনিবেচা
দুৰা
খলিহা