সৰাপাত (প্ৰভাত হালৈ)/প্ৰশ্ন নং (১)
অৱয়ব
পঢ়াশালি (১)
| প্ৰশ্ন নং-১ | |||
| শিক্ষক | — | হাতৰ কিতাপবোৰ থোৱা। | |
| অসমীয়া কাক বোলে কোৱা॥ | |||
| ছাত্ৰ | — | ছাৰ, এলেহুৱা আতাইতকৈ। | |
| শুৱে সদায় দেৰি লৈ | |||
| শতকৰা নবৈটা মিচা কয়। | |||
| সচা কবলৈ কৰে ভয়॥ | |||
| কথাই কথাই কাজিয়া কৰে। | |||
| পৰৰ ভাল দেখি জ্বলি মৰে॥ | |||
| পিন্ধা উৰাত ভালতো লাগে। | |||
| জুৱা খেলাই দাগে দাগে॥ | |||
| আৰ্জি খোৱাৰ খুম নাই। | |||
| বাপেকৰ দিনৰ সম্পত্তি যায়॥ | |||
| কামৰ সময়ত গাত জ্বৰ। | |||
| খোৱাৰ সময়ত তিৰোতাক চৰ॥ | |||
| দোকানে দোকানে আদ্দা দিয়ে। | |||
| নিশা বাৰ বজাত ঘৰ সোমাই যিয়ে। | |||
| মদ, ভাং চিগাৰেত সকলো খাই। | |||
| নিটো নতুন ৰাষ্টাৰে যায়॥ | |||
| পৰৰ দুখত যাৰ কান্দে হিয়া |
| তাকে বোলে চাৰ অসমীয়া | |||
| শিক্ষক | — | বেচ বেচ অতি সুন্দৰ। | |
| সচাকৈ শুদ্ধ তোমাৰ উত্তৰ॥ |