সৰাপাত (প্ৰভাত হালৈ)/নিস্পেশিত ধান প্ৰজাতি
নিস্পেশিত ধান প্ৰজাতি
হে অসমৰ বৰ মানুহ হঁত
কিনো আছানো ভাবি।
হেৰোৱাবোৰ অতীতৰ বুকুত
আকৌ যানো ফিৰাই পাবি॥
লৰা-ছোৱালীক ইংৰাজী শিকাই
নিজৰ ভাষা অতৰাই থলি।
নিজৰ দেশত নিজেই দেখোন
বিদেশী সদৃশ হে হলি॥
কৃষি প্ৰধান অসম দেশৰ
কিমান যে প্ৰজাতিৰ ধান।
যিয়ে এদিন অসম দেশৰ
ৰক্ষা কৰিছিল মান॥
অতীতৰ বুকুত হেৰাই গ'ল
তহতৰ কান শাৰ নাই।
নিজৰ বোৰ পাহৰি গৈছা
আইজুং বাচমতীক পাই॥
কলি জহাপ্ৰসাদ ভোগ
আৰু সুন্দৰ কুনকুনি জহা।
তুলশী জহা খৰিকা জহা
কেনে গোন্ধ মনোমহা॥
বৰধান, মাগুৰী, বকা
ফুলগাজ, কলমদানী।
কলা বৰধানা, বৰ্ণি, ভোগজহা
ফুলপাখৰী, পানীশালী॥
কাজলী বা কাৱৈ মুৰী বা
বেটগুতি সোনমতী বা।
মইনা গিৰী শুৱাগমনী
কতনো এৰিলি চা॥
মনোহৰ শালী লটা মাগুৰী
কাতিশালী বৰাধান।
তাঙাগুৰী, টিংৰাই কলাবৰ্ণি
ৰাখিছিল কৃষকৰ মান॥
কেকোৱা বা জৰাবা, গেঠু
সোনকাটী বৰধান।
ইকৰা, ৰঙাবা, দুবিৰ চিঙা
আইজুং হবনে মানিকী মধুৰী সমান
ধান সমুহ
|
কলিজহা |
প্ৰসাদ ভোগ |
কুনকুনিজহা |
|
মাগুৰী
|
বকা
|
ফুলগাজ
|